উদ্যোগী হওঁ আহাঁ । Udyagi hou aaha

-দেৱজিৎ ভূঞা ।


1. নাৰায়ণ মূৰ্ত্তীৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ- কৰ্ণাটকৰ এক নিম্ন মধ্যবৃত্ত পৰিয়ালত।


2. ‘Softronics’ নামৰ প্ৰতিষ্ঠানটো কোনে প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ- নাৰায়ণ মূৰ্ত্তীয়ে।


3. ষ্টিফ জবছৰ মতে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজত ব্যৱধান কি?

উত্তৰঃ- ধৈর্য্যশীলতা।


4. Downtown Hospitalৰ স্বত্বাধিকাৰী কোন? 

উত্তৰঃ- Downtown Hospitalৰ স্বত্বাধিকাৰী নৰেন্দ্ৰ নাথ দত্ত। 


5. দেৱজিৎ ভূঞাই কোন চনত অৱসৰ গ্ৰহণ কৰে? 

উত্তৰঃ- দেৱজিৎ ভূঞাই ২০২১ চনত অৱসৰ গ্ৰহণ কৰে। 


6. দেৱজিৎ ভূঞাই কিমানখন ইংৰাজী গ্ৰন্থ ৰচনা কৰে? 

উত্তৰঃ- দেৱজিৎ ভূঞাই ৪০ খন ইংৰাজী গ্ৰন্থ ৰচনা কৰে। 


7. সমার্থক শব্দ লিখা :

প্রভাত- ৰাতিপুৱা 

কঠিন- টান

এলেহুৱা– সোৰোপা

ডাঙৰ- বৃহৎ

চেষ্টা- যত্ন, 

লগৰীয়া- সংগী

লক্ষ্য- উদ্দেশ্য

নিৰবিচ্ছিন্ন- নিৰন্তৰ

হাবিয়াস– হেপাহ

সপোন- স্বপ্ন।


8. বিপৰীতার্থক শব্দ লিখা :

নতুন- পুৰণি

ক্ষুদ্র- বৃহৎ

সফল- বিফল

কর্মহীন- কৰ্মদক্ষ

এলেহুৱা– কর্মী

সহজ– কঠিন

সপোন- দিঠক 

সুবিধা- অসুবিধা

আৰম্ভ- শেষ

জন্ম- মৃত্যু

সমান- অসমান। 


9. শব্দ অর্থ লিখা :

একাগ্রতা- একাগ্র ব্যক্তিৰ গুণ বা স্বভাৱ, একান্ত আগ্রহ। 

নিয়মানুবর্তিতা- নিৰ্দিষ্ট নিয়মাৱলী মানি চলা অভ্যাস। 

আত্মবিশ্বাস- আত্মপ্রত্যয়। 

সৃজনশীল- সৃজন গুণৰ সংযোগ।


10. লিংগ পৰিৱৰ্তন কৰা :

শিক্ষক- শিক্ষয়িত্ৰী, 

ছাৰ- বাইদেউ, 

ছাত্র– ছাত্ৰী, 

পুৰুষ- মহিলা, 

বন্ধু- বান্ধবী


11. তলত দিয়া যুৰীয়া শব্দবোৰেৰে বাক্য সাজাঃ

ল’ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীৱিকা, পা-পইচা।

ল’ৰা-ছোৱালী : বেচেৰী বিধৱা মানুহজনীয়ে আনৰ ঘৰত কাম কৰি হ’লেও ল’ৰা-ছোৱালী কেইটাক অন্তত শিক্ষাখিনি দিছে। 

হাত-ভৰি : অঞ্জনে হাত-ভৰি ধুই থাপনাত চাকি জ্বলাই দি কিতাপ লৈ বহিছে।

খুৱাহ-বুৱাই : মাকে ল’ৰা-ছোৱালী দুটাক খুৱাই-বুৱাই বিদ্যালয়লৈ পঠিয়ালে।

জীৱন-জীৱিকা : বৰ্তমান চৰকাৰে জীৱন-জীৱিকা চলাবলৈ মহিলাসকলক বহুতো আঁচনি খুলি দিছে।

পা-পইচা : ঘৰত পা-পইচা এটাও নাই তোক মই কেনেকৈ বাইক এখন কিনি দিম।


12. পিটাৰ ড্ৰাকাৰে উদ্যোগীৰ বিষয়ে কি কৈছে? 

উত্তৰঃ- “জ্ঞান ভিত্তিক অর্থনীতিত সেই সকল লোকেই কৃতকার্যতা লাভ কৰিব, যি নিজকে বুজি পায়, নিজৰ শক্তি আৰু মূল্য জানি সর্বোত্তম পৰিৱেশন কৰে।”


13. এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি?

উত্তৰঃ- এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ’ল— এলাহ।


14. দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্রেণী-শিক্ষক গৰাকীৰ নাম কি?

উত্তৰঃ- দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ’ল— প্রকাশ গোস্বামী।


15. ‘উদ্যোগী হওঁ আহাঁ’ পাঠটোৰ মূল উদ্দেশ্য কি? 

উত্তৰঃ- এগৰাকী সফল উদ্যোগী হ’বলৈ সৰুৰে পৰা কেনে হ’ব লাগিব, সেই বিষয়ে শিক্ষার্থীক ধাৰণা দিয়াই এই পাঠটোৰ মূল উদ্দেশ্য।


16. শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?

উত্তৰঃ- শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল— এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে।


17. এজন সফল উদ্যোগী হ’বলৈ কি কি গুণৰ প্রয়োজন?

উত্তৰঃ- এজন সফল উদ্যোগী হ’বলৈ ধৈর্য্য, এটা সৃজনশীল মন, একাগ্রতা, সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা আৰু আত্মবিশ্বাস আদি গুণসমূহৰ প্ৰয়োজন।


18. নাৰায়ণ মূৰ্ত্তী কোন?

উত্তৰঃ- নাৰায়ণ মূৰ্ত্তীদেৱ ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক তথা ভাৰতবৰ্ষৰে নহয় বিশ্বৰ এজন সফল নামজ্বলা উদ্যোগী বা আণ্ট্ৰাপিনিওৰ।


19. দেৱজিৎ ভূঞাৰ জন্ম কেতিয়া, ক’ত হৈছিল? 

উত্তৰঃ- ১৯৬১ চনৰ ২৪ এপ্ৰিলত তেজপুৰ মিছন চাৰিআলিৰ ওচৰৰ কেতেকী বাৰীত দেৱজিৎ ভূঞাৰ জন্ম হৈছিল। 


20. দেৱজিৎ ভূঞাৰ ২খন অসমীয়া আৰু ২খন ইংৰাজী গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ- অসমীয়া গ্ৰন্থ ২খন— সফল যাযাবৰ, কবিতাৰ আকাশ। ইংৰাজী গ্ৰন্থ ২খন— Butterfly, Me too.


21. অসমৰ তিনিজন বিখ্যাত উদ্যোগীৰ নাম লিখা। 

উত্তৰঃ- (i) বিখ্যাত কণ্ঠশিল্পী- জুবিন গাৰ্গ,

(ii) GNRC হস্পিতালৰ স্বত্বাধিকাৰী শ্ৰী নোমল বৰা, 

(iii) গৃহ নিৰ্মাণকাৰী (বিল্ডাৰ) শ্ৰী জে. এন. খাটনিয়াৰ। 


22. থমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?

উত্তৰঃ- বিখ্যাত বৈজ্ঞানিক থমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰোতে বাৰে বাৰে বিফল হৈ তেওঁ কৈছিল যে মই বিফল হোৱা নাই মাত্ৰ বুজিলো ই দহ হাজাৰ ধৰণে কাম নকৰে।


23. বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল? 

উত্তৰঃ- বিজিতে ছাৰক উদ্যোগী সম্পর্কে কোৱা কথাষাৰ হ’ল- এজন উদ্যোগী ব্যক্তিয়ে নিজে উদ্যোগ আৰম্ভ কৰি নিজৰ বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্ম-সংস্থাপন দিবলৈ সক্ষম হয়।


24. ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?

উত্তৰঃ- ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাষাৰ হ’ল— ‘Eat cricket, sleep cricket, dream cricket, drink cricket’. এই বিজ্ঞাপনটো এজন উদ্যোগীৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ভাৱাৰ্থ হ’ল- খাওঁতে, শোওতে, উঠোতে, বহোতে নিজৰ সপোন সাৰ্থক কৰিবলৈ নিৰবিচ্ছন্নভাৱে কাম কৰিব লাগিব।


25. উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয়? 

উত্তৰঃ- যিসকল ব্যক্তি খাওঁতে, শোওতে, উঠোতে, বহোতে অনবৰতে নিজৰ লক্ষ্য বা সপোন সাৰ্থক কৰিবৰ বাবে নিৰৱিচ্ছিন্নভাবে পৰিৱেশ পৰিস্থিতিৰ লগত এক সৃজনশীল মনেৰে কাম কৰি যায় তেনে লোকক উদ্যোগী কোৱা হয়। উদ্যোগীয়ে কৰ্মনিষ্ঠাৰে নিজৰ কৰ্ম কৰি নিজৰ লগতে অন্য দহজনকো কর্মসংস্থান দিয়ে।


26. এজন উদ্যোগী হ’বলৈ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন আছেনে?

উত্তৰঃ- উদ্যোগী বিভিন্ন প্ৰকাৰৰ থাকিব পাৰে। সকলো ধৰণৰ উদ্যোগীক বিশেষ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহয়। যেনে- শাক-পাচলিৰ দোকান এখন খুলিবলৈ বিশেষ কোনো প্রশিক্ষণ বা শিক্ষা নালাগে। আনহাতে, গাড়ী বা মোবাইল ৰিপেয়াৰিঙৰ দোকান এখন খুলিবলৈ বিচৰাজনক সেই বিষয়ৰ শিক্ষাৰ প্ৰয়োজন হয়। চিকিৎসা, কাৰিকৰী বিজ্ঞান আদিৰ প্ৰয়োগৰ দ্বাৰা উদ্যোগী হ’বলৈ বিচৰাজনক সেই নিৰ্দিষ্ট বিষয়ৰ শিক্ষা লোৱাৰ প্ৰয়োজন হয়।


27. প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব?

উত্তৰঃ- নিজকে উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ হ’লে ব্যক্তি এজনৰ মাজত আত্মবিশ্বাস, ইচ্ছাশক্তি, আগ্রহ, দক্ষতা আৰু এটা সৃজনশীল মন থকাৰ আৱশ্যক। উদ্যোগী এজনে প্ৰথমাৱস্থাত নানান ঘাত-প্রতিঘাতৰ সন্মুখীন হ’বলগীয়াত পৰে। যিদৰে এজন ন-শিকাৰুৱে চাইকেল শিকোতে বাৰে বাৰে দুখ পায়, অথচ সেই আঘাতবোৰত বিচলিত নহৈ বাৰে বাৰে চেষ্টা কৰি থাকিলেহে এদিন চাইকেল চলাবগৈ পৰা হয়। ঠিক সেইদৰেই উদ্যোগী এজনেও প্রথমাৱস্থাত বাৰে বাৰে বিফল হ’লেও চেষ্টা এৰি নিদি আগুৱাই যোৱাৰ প্ৰয়াস কৰিব লাগে।


28. ‘উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।’— শিক্ষকগৰাকীয়ে কিয় এইদৰে ক’লে বুজাই লিখা।

উত্তৰঃ- অসমীয়াত এষাৰ কথা আছে— উদ্যোগী পুৰুষ সিংহৰ সমান আৰু এলেহুৱা কাপুৰুষৰ নিচান। এজন উদ্যোগী বা আন্ট্রাপিনিওৰ হ’বৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। অৱশ্যে কি ব্যৱসায় আৰম্ভ কৰিব সেইটোৰ ওপৰতহে শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰে। যেনে— গেলামালৰ দোকান খুলিবলৈ বুদ্ধি আৰু সাধাৰণ জ্ঞান থাকিলেই হ’ল। যিকোনো বিষয়ত ব্যৱসায় কৰিবলৈ হ’লে ধৈর্যশীল আৰু কৰ্মী হ’ব লাগিব। কিয়নো এলেহুৱা লোকে কেতিয়াও সফল উদ্যোগী হ’ব নোৱাৰে। সেয়েহে ধৈৰ্য্য, একাগ্রতা, সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণে সফল উদ্যোগী গঢ়ি তোলে। 


29. সফল উদ্যোগী হ’বলৈ কিয় কঠিন?

উত্তৰঃ- সফল উদ্যোগী এজনৰ গাত থাকিবলগা গুণবোৰ হৈছে- ধৈৰ্য্য, একাগ্রতা, নিয়মানুবর্তিতা, সমানুবর্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। কিন্তু এই সকলোবোৰ গুণ এজন উদ্যোগীৰ গাত সমানে নাথাকিবও পাৰে। যিজন এই গুণৰ অধিকাৰী তেওঁহে সফল উদ্যোগী। থমাচ আলভা এডিচনে ইলেকট্রিক বাল্ব বনাওতে বাৰে বাৰে বিফল হৈছিল যদিও মনৰ বল এৰি দিয়া নাছিল বাবে শেষত তেওঁ ইলেকট্ৰনিক বাল্ব তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল। আত্মবিশ্বাসৰ ফলতেই আজি সকলোৰে মাজত তেওঁ জীয়াই আছে। সেয়েহে সফল উদ্যোগী হোৱাটো কঠিন বুলি লেখকে কৈছে।


30. এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা।

উত্তৰঃ- এজন উদ্যোগী হ’বলৈ ‘যোৱাটো চাইকেল চলাবলৈ শিকা প্ৰচেষ্টাৰ লগত লিখকে তুলনা কৰিছে। মানুহে চাইকেল চলাবলৈ শিকোতে প্রথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়, কাৰোবাৰ হয়তো হাত-ভৰিও ভাঙে। এইবোৰৰ ভয়ত পুনৰ শিকিবলৈ যিসকলে চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কেতিয়াও চাইকেল চলাব নোৱাৰে। ছাল-বাকলি এৰোৱাৰ পাছতে যিসকলে চেষ্টা কৰি যায় তেওঁলোকেহে চাইকেল চলাব পাৰে। প্ৰথমতে হাফ পেডেল তাৰ পিছত জাপমাৰি ওপৰত উঠি ফুল পেডেল মাৰি লাহে লাহে প্রতিযোগিতাত অংশ লোৱাত অৱতীৰ্ণ হয়। যিকোনো কাম এবাৰ বিফল হৈ এৰি নিদি লাগি থাকিলে এদিন সফল উদ্যোগী নিশ্চয় হ’ব পাৰিব। সেয়েহে কোৱা হয় চেষ্টাৰ অসাধ্য একোৱেই নাই। 


31. “ছাৰ, এজন উদ্যোগী হ’বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ’ব লাগিব?”— এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।

উত্তৰঃ- উক্ত বাক্যশাৰী প্ৰীতম নামৰ ছাত্ৰজনে শ্ৰেণী শিক্ষক প্রকাশ গোস্বামীক সুধিছিল। প্রীতমৰ প্ৰশ্নৰ উত্তৰ শিক্ষকজনে এইদৰে কৈছিল— যিটো দিশত উদ্যোগী হ’বলৈ বাঞ্ছা কৰা হয় তাৰ ওপৰত প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। কিছুমান ব্যৱসায় কৰি স্বাৱলম্বী হ’বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহয় মাথো বুদ্ধি আৰু সাধাৰণ জ্ঞান থাকিলেই হয়। আকৌ মবাইল ফ’নৰ দোকান খুলিবলৈ নিজৰ কামৰ কৌশল (Skill) থকাটো প্রয়োজন। আনৰ ওপৰত নিৰ্ভৰ কৰি এনে ব্যৱসায়ত কৃতকাৰ্য হ’ব নোৱাৰে। তথ্য প্ৰযুক্তিৰ লগত জড়িত উদ্যোগ খুলিবলৈ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেকট্রনিক্স ইঞ্জিনিয়াৰ বা MBA ডিগ্ৰীধাৰী হ’লেহে কৃতকাৰ্য হ’ব পাৰে। আকৌ নাছিং হোম খোলাৰ বাবে MBBS ডিগ্ৰীধাৰী হ’ব লাগে।


32. ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।

উত্তৰঃ- নাৰায়ণ মূৰ্ত্তী ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক। তেওঁ এজন সফল উদ্যোগী বা আণ্ট্ৰাপিনিওৰ।

নাৰায়ণ মূৰ্ত্তীৰ কৰ্ণাটকৰ এটা নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল। তেওঁ সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ দুৰ্বাৰ হেঁপাহ আছিল। অভিযান্ত্রিক শিক্ষা সমাপ্ত কৰি তেওঁ কিছুদিন চাকৰি কৰাৰ পাছত চাকৰি এৰি চফটৰোণিক্স (Softronics) নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰিছিল যদিও ডেৰবছৰ পিছত দেউলীয়া হৈ কোম্পানীটো বন্ধ হয়। তাৰ পাছত নাৰায়ণ মূৰ্ত্তীদেৱে পুনৰ চাকৰিত যোগদান কৰিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ সৈতে ইন্‌ফচিচ নামৰ কোম্পানীটো পুনৰ আৰম্ভ কৰিছিল। কোম্পানীটো খুলিবৰ বাবে তেওঁৰ হাতত জমা টকা নাছিল। পত্নীয়ে নিজে সাঁচি ৰখা দহ হাজাৰ টকা তেওঁৰ হাতত তুলি দিছিল। এই দহ হাজাৰ টকা মূলধনেৰে কোম্পানী চলাবলৈ প্ৰথম অৱস্থাত বহুতো অসুবিধা হৈছিল যদিও আশা এৰা নাছিল। শেষত তেওঁৰ ভাগ্য ফুলিল। নব্বৈৰ দশকৰ তেতিয়াৰ বিত্ত মন্ত্ৰীয়ে ভাৰতীয় অর্থনীতিক মুকলি কৰি দিয়াত ইন্‌ফচিচ কোম্পানীৰ হাতলৈ অফুৰন্ত সুযোগ সুবিধা আহে। ধৈৰ্য্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ শৰ সময়ত মৰাত নাৰায়ণ মৰ্ত্তী বিশ্বৰ ভিতৰত এজন সফল নামজ্বলা উদ্যোগী পুৰুষ হৈ পৰিছিল।


33. ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিকভাবে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়? 

উত্তৰঃ- বর্তমান সময়ত জনবিস্ফোৰণৰ ফলত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। এনে অৱস্থাত সকলোকে চাকৰি দিয়াটো চৰকাৰৰ পক্ষে সম্ভৱপৰ নহয়৷ গতিকে চৰকাৰে উদ্যোগৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্রহণ কৰি সমস্যাটোৰ সমাধানৰ বাবে চেষ্টা কৰিছে। উদ্যোগীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে ভালেসংখ্যক আঁচনি চৰকাৰে লৈছে। তাৰে ভিতৰত অন্যতম হ’ল ভাৰত চৰকাৰৰ Indian Institute of Entrepreneurship (IIE) ইয়াৰ শাখা প্রতেকখন ৰাজ্যতে আছে। তদুপৰি Start-up India আঁচনিৰ জৰিয়তে উদ্যোগীসকলৰ উদ্যোগ আৰম্ভ কৰিবৰ বাবে মূলধন, কাৰিকৰী সহায়ৰ লগতে প্ৰশিক্ষণৰো ব্যৱস্থা আছে। আকৌ মুদ্রাঋণ আঁচনিৰ যোগেদি কোনো ধৰণৰ বন্ধকী বা মর্টগেজ নোহোৱাকৈ অতি কম হাৰৰ সুদত ঋণ দিয়াৰ ব্যৱস্থা কৰিছে, ফলত মূলধন নোহোৱাকৈ যাতে ব্যৱসায় এটা আৰম্ভ কৰিব পৰা যায়। ছাত্ৰ-ছাত্ৰীসকলক এই আঁচনিসমূহৰ বিষয়ে অৱগত কৰি উদ্যোগী হ’বৰ বাবে, মানসিকভাৱে প্ৰস্তুত কৰিবলৈ বৰ্তমান সময়ত সৰহসংখ্যক মহাবিদ্যালয়, কাৰিকৰী মহাবিদ্যালয় আদিত উদ্যোগী কোষ গঠন কৰা হৈছে যি নিয়মিতভাৱে কৰ্মশালা, প্রশিক্ষণ আদিৰ আয়োজন কৰে। গতিকে চৰকাৰৰ এইসমূহ প্ৰচেষ্টাক সুযোগ হিচাপে গ্ৰহণ কৰি ছাত্র-ছাত্রীসকলে নিজকে উদ্যোগী হিচাপে গঢ় দিবলৈ মানসিকভাৱে প্ৰস্তুতি কৰাটো ভৱিষ্যতৰ বাবে মংগলজনক।


34. “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।” — কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।

উত্তৰঃ- এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। শ্ৰেণীত শিক্ষকজনে কথাষাৰ এইবাবেই কৈছে কাৰণ এজন ব্যক্তিয়ে নিজজে উদ্যোগীৰূপে গঢ়ি তুলিব পাৰে, কিন্তু উদ্যোগী হৈ উঠাৰ পাচত তেওঁ যে সফল হ’বই, বিফলতাৰ মুখ নেদেখে, তেনে নহয়। প্ৰথমাৱস্থাত একোজন উদ্যোগীয়ে বহুতো সংঘৰ্ষৰ মুখামুখি হয় আৰু সেইবোৰৰ মুখামুখি ধৈর্যসহকাৰে কৰিলেহে এজন উদ্যোগী এজন সফল উদ্যোগী হৈ উঠিব পাৰে। প্ৰথমতে এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠলৈকে সকলোবোৰ কৰিবলৈ সাজু হৈ থাকিব লাগিব, তেওঁ সৰুৰ পৰা ডাঙৰলৈকে যিকোনো কাম কৰিব লাগিব। অর্থাৎ সংগ্ৰাম কৰিব পাৰিব লাগিব। ব্যৱসায়ত ক্ষতি হ’লেও পুনৰ সাহসেৰে আগুৱাব লাগিব। উদ্যোগ এটা গঢ়ি তোলা সহজ, কিন্তু পৰিচালনা কৰিবৰ বাবে লাগিব দক্ষতা, ধৈৰ্য আৰু সহনশীলতা। ষ্টিভ জবছৰ মতে, এজন সফল আৰু বিফল উদ্যোগীৰ মাজৰ একমাত্ৰ ব্যৱধানেই হ’ল ধৈর্যশীলতা। মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু পিটাৰ ড্ৰাকাৰে কৈছিল, “জ্ঞানভিত্তিক অর্থনীতিত যিসকললোকে নিজকে বুজি পায়, 

নিজৰ শক্তি আৰু মূল্য জানি সৰ্বোত্তম পৰিবেশন কৰে সেইসকল লোকেই কৃতকার্যতা লাভ কৰিব পাৰে। আকৌ বিল গেটচৰ মতে, উদ্যোগীসকলৰ মূল সংঘাত হ’ল বস্তু 

এটা বিক্ৰী কৰিবলৈ যোৱাটো। যোগাযোগ আৰু উপস্থাপন সঠিক নোহোৱাৰ ফলত কেতিয়াবা ভাল বস্তু এটাও বিক্রী নোহোৱাকৈ থাকি যায়। সেয়ে বিক্ৰীৰ কৌশল আয়ত্ত কৰাটো এজন উদ্যোগীৰ বাবে আতিকৈ গুৰুত্বপূৰ্ণ।


35. “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।” – ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ’ব পাৰিছিল, বৰ্ণনা কৰা। 

উত্তৰঃ- বৰ্তমান অৱস্থাত ভাৰতৰ এজন সফল ব্যৱসায়ী হৈছে ধীৰুভাই আম্বানী। প্ৰথম অৱস্থাত তেওঁৰ হাতত মূলধনৰ লগতে ভাল শিক্ষাগত অৰ্হতাও নাছিল। তেওঁৰ মনত উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াস আছিল। মেট্রিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাই আম্বানীয়ে প্রথমে পেট্ৰ’ল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কৰ্মদক্ষতাৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি হৈছিল। তথাপি উদ্যোগী হোৱাৰ হাবিয়াসটোৱে তেওঁক দিনে-নিশাই খেদি ফুৰিছিল। যাৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰিবলৈ সিদ্ধান্ত লৈছিল। তেওঁ ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজক বিক্ৰী কৰি বেছি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। আম্বানীয়ে মুম্বাইৰ এটা ৩৫০ বৰ্গফুটৰ কোঠাৰ পৰা কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিবলৈ ল’লে। তাৰ পৰাই তেওঁ “ৰিলায়েন্স কমাৰচিয়েল কৰ্পোৰেচন” স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্যাত ‘ৰিলায়েন্স ইণ্ডাষ্ট্রীজ” হয়গৈ। এনেদৰেই ধীৰুভাই আম্বানীয়ে নিজকে ভাৰতৰ এজন সফল উদ্যোগী হিচাপে নিজকে পৰিচয় দিলে। ধীৰুভাই আম্বানীয়ে কৈছিল, “নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই। ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগতেই ভাবা।” এই দৰে হাতত মূলধন নোহোৱাকৈ নিজৰ আত্মবিশ্বাস, সৃষ্টিশীল মন, বস্তু বিক্ৰী কৰাৰ কৌশল, আদি ভাল গুণবোৰৰ দ্বাৰা শিক্ষাগত অৰ্হতা অবিহনে আজি ভাৰতৰ নামজ্বলা উদ্যোগী হিচাপে পৰিচিত।


36. চমুটোকা লিখাঃ

(ক) থমাচ আলভা এডিচন : থমাচ আলভা এডিচনৰ ১৮৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত আমেৰিকাত জন্ম হয়। থমাচ আলভা এডিচন এজন বিখ্যাত বৈজ্ঞানিক আছিল। তেওঁ ইলেকট্রনিক বাল্ব আৱিষ্কাৰ কৰিছিল। এডিচনে বাল্ব তৈয়াৰ কৰোতে বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল “মই বিফল হোৱা নাই” মাত্ৰ বুজিলো যে ১০০০০ ধৰণে ই কাম নকৰে। বহুত কষ্টৰ মূৰত তেওঁ নিজৰ একাগ্ৰতাৰ ফলত এই কাম কৰিবলৈ সক্ষম হৈছিল। তেওঁ প্ৰথমে সৰু-সুৰা ব্যৱসায় যেনে— ৰেলত বাতৰি কাকত আৰু খোৱা বস্তু বিক্ৰী কৰিছিল। ১৯৩১ চনত তেওঁৰ মৃত্যু হয়।


(খ) ৰাডাৰফৰ্ড : ৰাডাৰফৰ্ড আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল। তেওঁ হার্বাট বিশ্ববিদ্যালয়ৰ পৰা আইনজ্ঞ হৈছিল। পিছত তেওঁ ইউনিয়ন আৰ্মিৰ মেজৰ জেনেৰেল হৈছিল। ১৮৭৭ চনৰ পৰা ১৮৮১ চনলৈকে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল।


(গ) বিল গেট্‌চ : বিল গেট্‌চ আমেৰিকাৰ বিশ্ববিখ্যাত উদ্যোগী। তেওঁ আত্মবিশ্বাস আৰু ধৈৰ্যৰ ফলতে মাইক্ৰচফ্‌ট প্রতিষ্ঠা কৰি সমগ্ৰ পৃথিৱীত আলোড়নৰ সৃষ্টি কৰে। বিল গেটচৰমতে উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ’ল বিক্ৰী কৰা। যোগাযোগ বা উপস্থাপনৰ অভাৱত ভাল বস্তু এটাও বজাৰত বিক্ৰী নহ’ব পাৰে। সেয়েহে এজন উদ্যোগীৰ বাবে বিক্ৰী কৰা কৌশল অতি গুৰুত্বপূৰ্ণ। তেওঁ বিল এও মেলিণ্ডা গেটচৰ প্ৰতিষ্ঠাপক। বিশ্ববিখ্যাত উদ্যোগী তথা মাইক্ৰচৰ প্রতিষ্ঠাতা বিল গেটচে কৈছে “আপুনি যদি দুখীয়া হৈ জন্ম হৈছে সেয়া আপোনাৰ ভুল নহয়, কিন্তু আপুনি যদি দুখীয়া হৈ মৰে সেয়া আপোনাৰ ভুল।”


(ঘ) আলেকজেণ্ডাৰ গ্রাহামবেল : আলেকজেণ্ডাৰ গ্রাহামবেলৰ স্কটলেণ্ডত ১৮৪৭ চনত জন্ম হৈছিল। তেওঁ টেলিফ’ন, গ্রামফ’ন, মাইন ডিটেকটৰ আদি আৱিষ্কাৰ কৰে। তেওঁ ১৮৮৫ চনত AT&T আমেৰিকান টেলিফ’ন আৰু টেলিগ্রাফ কোম্পানীৰ সহ প্ৰতিষ্ঠাপক আছিল। বৰ্তমানেও এইটো পৃথিৱীৰ ভিতৰত ডাঙৰ কোম্পানী। ১৯২২ চনৰ ২ আগষ্ট তাৰিখে তেওঁৰ মৃত্যু হয়।


(ঙ) চেষ্টাৰ কাৰ্লচন : চেষ্টাৰ কাৰ্লচন জেৰক্স মেচিনৰ আৱিষ্কাৰক। ১৯৪০ চনত এই মেচিনটোক ২০ টা কোম্পানীৰ আগত তেওঁ প্ৰদৰ্শন কৰিও কাকো গ্ৰহণ কৰাবলৈ মান্তি কৰাব নোৱাৰিলে। তেওঁ কিন্তু ব্যৰ্থ নহৈ প্ৰদৰ্শন কৰি থাকিল। শেষত ৭ বছৰৰ পাছত ১৯৪৭ চনত নিউইয়র্কৰ হেলয়ড নামৰ এটা সৰু কোম্পানীয়ে তেওঁৰ আৱিষ্কাৰৰ স্বত্ব কিনিবলৈ মান্তি হয়। পৰৱৰ্তী কালত হেলয়ড কোম্পানীটো জেৰক্স কৰপৰেচন নামে জনা যায়। আজিও জেৰক্স মেচিনৰ বহুল প্ৰচাৰ হৈ আছে।


(চ) জুবিন গাৰ্গ : ১৯৭২ চনত জুবিন গাৰ্গৰ জন্ম হয়। জুবিন গাৰ্গ অসমৰ এজন জনপ্রিয় কণ্ঠশিল্পী। সৰুৰে পৰা জুবিন গাৰ্গৰ গানৰ প্ৰতি ৰাপ আছিল। তেওঁ ৩ বছৰ বয়সৰ পৰা গানৰ অভ্যাস কৰে আৰু ১১ বছৰলৈকে তাবলা শিকে পণ্ডিত ৰবিন বেনাৰ্জীৰ ওচৰত। জুবিন গাৰ্গৰ প্ৰথম গানৰ এলবাম হ’ল অনামিকা, গানে কি আনে (১৩ বছৰ বয়সত)। ১৯৯২ চনত যুৱ মহোৎসৱত, পশ্চিমীয়া মিউজিকত তেওঁ প্ৰথম সোণৰ পদক পায়। তেওঁ ১৯৯৫ চনৰ পৰা দিল চে, ফিজা, গাদ্দাৰ আদি বহুতো হিন্দী ছবিত গান গায়। তেওঁ গেংষ্টাৰ চিনেমাখনৰ “য়া আলি” গানটো গাই গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড পায়। তেওঁ বৰ্তমান বহুতো সামাজিক সংগঠনৰ লগত জড়িত হৈ সমাজৰ হকে কাম কৰি আছে।


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Leave a comment

Trending