পাৰস্যত এভূমুকি
—ৰথীন্দ্ৰনাথ গোস্বামী
1. অতি চমু প্রশ্নোত্তৰ : (V.S.A.)
(i) ইৰানীসকলে নৱবৰ্ষক কি বোলে? hslc-2023
উত্তৰঃ- ইৰানীসকলে নৱবৰ্ষক ‘ন’ৰোজ (নতুন দিন) বোলে।
(ii) ইৰানৰ ৰাজধানীৰ নাম কি? hslc-2016
উত্তৰঃ- ইৰানৰ ৰাজধানীৰ নাম হ’ল টেহৰান।
(iii) তটৰেখা কি? hslc-2017
উত্তৰঃ- তটৰেখা হৈছে— সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগৰ কাষত থকা স্থলভাগ।
(iv) পোনতে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল? hslc-2018
উত্তৰঃ- পোনতে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ।
(v) ইৰানৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? hslc-2019, 2020
উত্তৰঃ- ইৰানৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ’ল- ইমাম আয়াতুল্লা খোমোনি।
(vi) বেহেষ্ট-ই-জাহৰা কি?
উত্তৰঃ- বেহে-ই-জাহৰা হ’ল— টেহৰানৰ এখন জনপ্রিয় সমাধি স্থল।
(vii) লেখক ইৰানলৈ কি দায়িত্ব লৈ গৈছিল?
উত্তৰঃ- খাৰুৱা তেল অন্বেষণৰ দায়িত্বত লেখক ইৰানলৈ গৈছিল।
(viii) বুশ্বেৰ চহৰখন কিহৰ বাবে বিখ্যাত?
উত্তৰঃ- বুশ্বেৰ চহৰখন খেজুৰ গছৰ বাবে বিখ্যাত।
(ix) আবুজাৰ কোন?
উত্তৰঃ- আবুজাৰ আছিল লেখকৰ এজন ট্রেভেল এজেন্ট।
(x) বুশ্বেৰ কি?
উত্তৰঃ- বুশ্বেৰ হ’ল ইৰানৰ এখন বন্দৰ নগৰী।
(xi) টেহৰানত বিমান বন্দৰ কেইটা?
উত্তৰঃ- টেহৰানত বিমান বন্দৰ দুটা।
(xii) লেখক থকা টেহৰানৰ হোটেলখনৰ নাম কি?
উত্তৰঃ- লেখক থকা হোটেলখনৰ নাম হোমা হোটেল।
(xiii) ‘স্লামবাৰ্জাৰ’ কি?
উত্তৰঃ- স্লামবাৰ্জাৰ হ’ল এটা বহুৰাষ্ট্ৰীয় কোম্পানিৰ নাম৷
(xiv) চেনি কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ- কিংবদন্তি মতে নৱৰোজৰ এটা পৱিত্ৰ দিনত সম্রাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল৷
(xv) ইৰানৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
উত্তৰঃ- ইৰানৰ বিমানবন্দৰটোৰ নাম হ’ল— খোমেনি ইণ্টাৰনেশ্যনেল বিমান বন্দৰ৷
(xvi) ইৰানে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে?
উত্তৰঃ- ১৯৭৯ চনৰ পহিলা এপ্ৰিলৰ পৰা ইৰানে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।
(xvii) শ্বিৰীণ ইবাডি কোন?
উত্তৰঃ- শ্বিৰীণ ইবাডি আছিল ইৰানৰ মানৱ অধিকাৰৰ অগ্ৰণী ৰণুৱা। শ্বিৰীণ ইবাডিক ২০০৩ চনত শান্তিৰ ন’বেল বঁটাৰে সন্মানিত কৰা হৈছিল।
(xviii) ‘কেন্দ’ৰ অৰ্থ কি?
উত্তৰঃ- পাৰ্ছি শব্দ কেন্দৰ অৰ্থ হ’ল চেনি। ইংৰাজী কেন্দি শব্দটো পাৰ্ছি শব্দ কেন্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল চেনি।
(xix) মেহদি আৰু ঘাছেম কোন?
উত্তৰঃ- মেহদি আৰু খাছেম দুয়ো জিঅ’লগ নামৰ ইটালিয়ান কোম্পানীটোৰ মাডলগাৰ। দুয়ো ইৰানী যুৱক।
(xx) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম কি?
উত্তৰঃ- মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম জিঅ’লগ।
(xxi) ৰথীন্দ্ৰনাথ গোস্বামীয়ে কোনখন গ্ৰন্থৰ বাবে হেম বৰুৱা সোঁৱৰণী বঁটা লাভ কৰে?
উত্তৰঃ- ৰথীন্দ্ৰনাথ গোস্বামীয়ে ‘মহাসমুদ্ৰৰ সিপাৰে’ নামৰ গ্ৰন্থখনৰ বাবে হেম বৰুৱা সোঁৱৰণী বঁটা লাভ কৰে।
(xxii) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?
উত্তৰঃ- বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহদি আৰু খাছেম নামৰ ইৰানৰ দুজন যুৱক আছিল।
(xxiii) ৰবীন্দ্ৰনাথ ঠাকুৰৰ দুখন শিশু সাহিত্যৰ নাম লিখা।
উত্তৰঃ- (১) বিদেশী বন্ধুৰ দেশত আৰু (২) অংক জংক পংক।
2. অর্থ লিখা :
আগা-শ্ৰীযুতৰ সমাৰ্থক সন্মানীয় শব্দ
চিচা-আইনা,
নীলিম- নীলা,
হিজাব—ইৰাণী মহিলাই মূৰ ঢাকি লোৱা কাপোৰ।
3. ভেংকি ক’ত থাকে? আৰু ই কি কৰে?
উত্তৰঃ- ভেংকি বুশ্বেৰত থাকে। ভেংকিয়ে বন্দৰ নগৰী বুশ্বেৰৰ পৰা ৰিগলৈ যাবলগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে।
4. লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক’ত অৱস্থিত? লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
উত্তৰঃ- লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।লেখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলি শুনিছে।
5. ইৰানৰ কেইখনমান ঠাইৰ নাম লিখা।
উত্তৰঃ- ইৰানৰ কেইখনমান ঠাইৰ নাম তলত উল্লেখ কৰা হ’ল- চিৰাজ, আহৱাজ, ইছফাহান, নাটাঞ্জ, মাছাদয়াজ, টাবজি, হামাদান, কামান, আডাবিল আদি।
6. টেহৰানৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত।
উত্তৰঃ- টেহৰানৰ বিমান বন্দৰ দুটা হ’ল-
(১) মেহৰাবাদ এয়াৰপৰ্ট, এইটো চহৰত অৱস্থিত।
(২) খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট চহৰৰ পৰা দূৰত অৱস্থিত
7. নাদিৰ শ্বাহৰ ভাৰত আক্ৰমণৰ দুটা ফলাফল লিখা।
উত্তৰঃ- (১) নাদিৰ শ্বাহে মোগল সম্রাট মহম্মদ শাহক পৰাস্ত কৰি এটা বিশাল ৰাজভঁৰাল লুট কৰিছিল।
(২) তেওঁ বহুতো নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ হীৰা মুকুট আদিৰ উপৰিও হাতী, ঘোঁৰা, উট লৈ গৈছিল।
8. স্লামবাজাৰ কোম্পানিৰ কাৰ্যালয় ক’ত ক’ত আছে?
উত্তৰঃ- ‘স্লামবাৰ্জাৰ’ কোম্পানিটো এটা বহুৰাষ্ট্ৰীয় কোম্পানি। এই কোম্পানিটোৰ কাৰ্যালয়বোৰ নাজিৰাৰ পৰা ইজেৰিয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰানৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে-পাজৰে আছে। তৈল উদ্যোগৰ সৈতে এই কোম্পানীবোৰ অতি ঘনিষ্ঠভাৱে জড়িত।
9. তেলৰ বাবে চলোৱা খনন কাৰ্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা কি? hslc-2019
উত্তৰঃ- তেলৰ বাবে চলোৱা খনন কাৰ্যত ‘মাডলগিং’ আহিলাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্র আৱিষ্কাৰত আৰু কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কাৰ্য চলোৱাত সহায় কৰিব পাৰে। ভূতত্ত্ববিদৰ বাবে ই এবিধ গুৰুত্বপূৰ্ণ সঁজুলি।
10. বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে? hslc-2017
উত্তৰঃ- যদিও বুশ্বেৰৰ বিমান বন্দৰটো বেছি ব্যস্ত নহয়, তথাপিও ইয়াৰ কিছু বিশেষ গুৰুত্ব আছে—
(ক) ই ইৰানৰ এটা সামৰিক ঘাটি।
(খ) তদুপৰি বুশ্বেৰত এটি নিউক্লীয় ৰিয়েক্টৰ আছে, যি এই বিমান বন্দৰটোৰ গুৰুত্ব দুগুণে বঢ়াই তুলিছে।
11. টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা। hslc-2020
উত্তৰঃ- টেহৰাণ এখন অতি সুন্দৰ চহৰ। ওখ ওখ পৰ্বতেৰে পৰিৱেষ্টিত টেহৰাণৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ্য। টেহৰাণক বহুতে পেৰিছৰ লগত তুলনা কৰে। গ্ৰীষ্মৰ দুটা মাহৰ বাহিৰে বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰামদায়ক। শীতকালত ইয়াত বৰফ পৰে। টেহৰাণক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলব্ৰুজ পৰ্বতৰাশিয়ে। মহানগৰীখনৰ বাবে খোৱাপানী আহে পৰ্বতৰ ওপৰৰ হিমপ্ৰবাহৰ পৰা।
12. ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ চমু বিৱৰণ দিয়া। hslc-2016
উত্তৰঃ- বসন্তৰ প্ৰথম দিনত ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱ ‘ন’ ৰোজ’ আৰম্ভ হয়। দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱত বহুতো বিষয় সামৰি লোৱা হয়— পৰিৱেশ আৰু নিজকে চাফ-চিকুণকৈ ৰখা, শত্রুভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নি শিখা প্রজ্জ্বলন কৰা, সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্ৰা কৰা আদি। জোৰাষ্ট্রিয়ান ধৰ্ম ইৰাণৰ মূল ধৰ্ম হৈ পৰা সময়তে এই উৎসৱৰ বিকাশ ঘটিছিল।
13. বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। hslc-2018
উত্তৰঃ- টেহৰাণৰ অন্য এখন জনপ্রিয় স্থান হ’ল বেহেষ্ট-ই-জাহৰা। টেহৰাণক জানিব বা অনুভৱ কৰিবৰ বাবে বজাৰ বা আলিবাট ঘূৰিব নালাগে। তাতোকৈ বেহেষ্ট-ই-জাহৰা ভ্ৰমণ কৰা উচিত। টেহৰাণৰ এই মুখ্য সমাধিস্থলখন কেই বা কিল’মিটাৰ দীঘল। ই একমাত্র সমাধিস্থল য’ত খোৱা-বোৱাৰ দোকানৰ পৰা খেল পথাৰলৈকে সকলো আছে। ন’বেল বিজয়ী শ্বিৰীণ ইবাডিৰ পৰিয়ালৰ এজন সদস্যক এই সমাধিস্থলতে সমাধিস্থ কৰা হৈছিল।
14. শ্বিৰীণ ইবাডিৰ এটি চমু পৰিচয় দিয়া। hslc-2016
উত্তৰঃ- শ্বিৰীণ ইবাডি শান্তিৰ ন’বেল বঁটা বিজয়ী ইৰাণৰ এগৰাকী উল্লেখযোগ্য মানৱ অধিকাৰৰ কৰ্মী। কঠোৰ পন্থীৰ বিৰুদ্ধে শ্বিৰীণ ইবাডিৰ সংগ্ৰাম শলাগিবলগীয়া। তেওঁক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ মানৱ অধিকাৰৰ দৰে অত্যুৎসাহী পদক্ষেপ লৈ আৰ্তজনৰ বাবে যুঁজি গৈছিল। তেনে সময়ত তেওঁক শান্তিৰ ন’বেল বঁটাৰে সন্মানিত কৰা হৈছিল।
15. ‘পাৰস্যৰ এটা কথাই মোক সদাই আকৰ্ষণ কৰিছিল।’ লেখকক কি এটা কথাই আকৰ্ষণ কৰিছিল? hslc-2017
উত্তৰঃ- পাৰস্যৰ সৈতে আমাৰ ভাষাতত্বৰ এক অদ্ভুদ সংযোগ তথা সামঞ্জস্য আছে। বিশেষকৈ ভাষাৰ ক্ৰমবৰ্ধমান সোঁতে সুদূৰ পাৰস্যৰ পৰা আহি কিছু ফাৰ্চী শব্দ উত্তৰ পূবত বিলাই দিলে। সামাজিক পৰিৱেশত এই ভাষাৰ শব্দবোৰে এনেভাৱে বৰপীৰা পাৰি বহিলে যে এতিয়া কেঁচী, দোৱাত, চিয়াঁহী, চিচা আমাৰ বাবে ৰন্ধ্ৰে-ৰন্ধ্ৰে অসমীয়া শব্দযেন হৈ পৰিছে। ভাষাৰ এনেছেন আশ্চর্যজনক মিলন লেখকৰ বাবে আকৰ্ষণৰ থল হৈ পৰিছে।
16. ইৰানৰ ভূতত্বৰ বিষয়ে লিখা।
উত্তৰঃ- ইৰানৰ ভূতত্ত্বৰ বিষয়টো সকলোৰে কৌতূহলৰ বিষয়। ইৰানৰ অৱস্থান ভূ-গহ্বৰৰ এটা জটিল বিৱৰ্তন অঞ্চলত। ইয়াৰ ফলত দেশখনত সঘনাই ভূমিকম্প হয়। ইয়াৰ ভূ-কম্পন মানচিত্রখন চালে জানিব পৰা যায় যে ইয়াৰ চাৰিসীমা কেৱল ভূমিকম্পৰ দ্বাৰা প্ৰভাৱান্বিত। ইয়াৰ বাবে আৰৱ ফলক আৰু ইউৰোছি ভূ-গৰ্ভৰ ফলকৰ সংঘাতেই দায়ী। পাৰস্যৰ পেৰিছ বুলি খ্যাত টেহৰান হ’ল ইৰানৰ ৰাজধানী। এই টেহবান অঞ্চলো ভূ-কম্প পীড়িত অঞ্চলৰ অন্তৰ্গত।
17. জাগ্ৰছ পর্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। hslc-2018
উত্তৰঃ- যেতিয়া আৰব প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাত আৰম্ভ হৈছিল আৰু তাৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল জাগ্ৰছ পর্বত। জাগ্ৰছ আৰু হিমালয়ৰ জন্ম কাহিনী একে। এই জাগ্ৰছৰ দক্ষিণ-পশ্চিম দিশত সঞ্চিত হৈ আছে বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ। ভূতত্ত্বৰ আশীৰ্বাদপুষ্ট পাৰস্য উপসাগৰীয় অঞ্চলত ডেৰশতকৈও অধিক তৈলক্ষেত্ৰ আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল। জাগ্ৰছ পর্বত শৃংখলা ইৰানৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈকে বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্রায় ৪৫০০ মিটাৰ৷ জাগ্ৰছৰ উপৰিও ই ৰানত আৰু কেইবাটাও পর্বত শৃংখলা আছে।
18. বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া। hslc-2023
উত্তৰঃ- শ্বেৰ চহৰ পাৰস্য উপসাগৰত অৱস্থিত। এই চহৰ খেজুৰ গছৰ বাবে বিখ্যাত। বুশ্বেৰক বন্দৰ নগৰী বুলিও কোৱা হয়। ইয়াৰ তাপমাত্ৰা চল্লিছ ডিগ্ৰী ছেণ্টিগ্ৰেডৰ ওপৰত। বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰো আছে। বুশ্বেৰ সৰু চহৰ কিন্তু চহৰখনৰ ৰাস্তাৰ পৰিকল্পনা দেখিলে কোনেও ক’ব নোৱাৰে যে সেইখন এখন সৰু চহৰ। চাৰিটা লেনৰ ৰাস্তা, মাজত ডিভাইডাৰ, যথেষ্ট চাফা চহৰখন। নগৰ পৰিকল্পনাই যে বুশ্বেৰ চহৰখনত গুৰুত্ব লাভ কৰিছে সেই কথা কোনোৱে আকাশমাৰ্গৰ পৰাই বুজিব পাৰে। চহৰখনৰ পৰিৱেশটো অতি মনোমোহা আৰু ইয়াৰ প্ৰতিঘৰ মানুহৰ সন্মুখ পকী দেৱালেৰে ঘেৰা লগতে প্ৰৱেশদ্বাৰত এখন মজবুত লোহাৰ গেট। আৱাসিক অঞ্চলৰ ঘৰবোৰ দুই বা তিনিমহলীয়া। ঠাইখনত বৰ বেছি ভিৰ নাই। বুশ্বেৰ ঠাইখনৰ এটা সম্ভ্ৰান্ত এলেকাৰ নাম হ’ল নুৰ হুছেইন স্ট্রিট।
Leave a comment