দশম শ্ৰেণীৰ বিজ্ঞান
ধাতু আৰু অধাতু
Metals and Non-Metals
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) স্বপ্নাই এলুমিনিয়ামৰ সৰু টুকুৰা এটা ফেৰাছ ছালফেট স্ফটীকত ডুবালে তাইৰ ফলাফল হোৱা উচিত—
(a) কোনো বিক্রিয়া নঘটে
(b) এলুমিনিয়াম ছালফেট স্ফটিল গঠন হয়
(c) ফেৰাছ ছালফেট স্ফটিক বৰনহীন হয়
(d) এলুমিনিয়াম পাতল সেউজীয়া হয়।
উত্তৰঃ- (a) কোনো বিক্রিয়া নঘটে।
(ii) তলত দিয়া আটাইতকৈ কম পৰিবাহী ধাতু-
(a) লেড
(b) জিংক
(c) আইৰণ (d) বিছমাথ
উত্তৰঃ- (a) লেড।
(iii) এটা লৌহ সংকৰধাতুৰ উদাহৰণ হৈছে—
(a) সোণ
(b) মেগনেছিয়াম
(c) ব্রঞ্জ
(d) তীখা
উত্তৰঃ- (d) তীখা।
(iv) ধাতুৰ সক্ৰিয়তা শ্ৰেণীৰ আটাইতকৈ নিষ্ক্রিয় ধাতুটো হৈছে—
(a) ছিলভাৰ
(b) প্লেটিনাম
(c) গোল্ড
(d) ছ’ডিয়াম
উত্তৰঃ- (b) প্লেটিনাম।
(v) তলত নাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্রভাবে বিক্ৰিয়া কৰে? HSLC-2017
(a) Na
(b) Fe
(c) Cu
(d) Ag
উত্তৰঃ- (a) Na
(vi) লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ’ব? HSLC-2020
(a) গ্ৰীজ ব্যৱহাৰ কৰি।
(b) ৰং ব্যৱহাৰ কৰি।
(c) যিংকৰ প্ৰলেপ দিন।
(d) ওপৰৰ সকলো।
উত্তৰঃ- (c) যিংকৰ প্ৰলেপ দি।
(vii) খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, যিংকৰ নহয়। কিয়নো- HSLC-2018
(a) টিনতকৈ জিংক দামী
(b) যিংকৰ গলনাংক টিনতকৈ বেছি
(c) যিংক টিনতকৈ অধিক সক্রিয়
(d) যিংক টিনতকৈ কম সক্রিয়।
উত্তৰঃ- (c) যিংক টিনতকৈ অধিক সক্রিয়।
(ix) তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা- HSLC-2015
(a) ছড়িয়াম
(b) এলুমিনিয়াম
(c) ক্ল’ৰিন
(d) ব’ৰন
উত্তৰঃ- (d) ব’ৰন
(x) তুলনমূলকভাৱে কম পৰিবাহী ধাতুটো হ’ল-
(a) পাৰা
(b) লো
(c) তাম
(d) যিংক
উত্তৰঃ- (a) পাৰা
(xi) ছালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতৱ অক্সাইডলৈ পৰিবৰ্তিত কৰা হয়। এই পদ্ধতিক কোৱা হয়-
(a) দগ্ধীকৰণ
(b) শোধন
(c) বিজাৰণ
(d) তাপজাৰণ
উত্তৰঃ- (d) তাপজাৰণ৷
(xii) তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰৱল বেগে বিক্ৰিয়া কৰে? HSLC-2016
(a) Al
(b) Fe
(c) Na
(d) Ca
উত্তৰঃ- (c) Na
2. অতি চমু প্ৰশ্নোত্তৰঃ-
(i) কোনবোৰ ধাতু সহজে ক্ষয় নহয়?
উত্তৰঃ- গোল্ড আৰু প্লেটিনাম।
(ii) অধাতু আৰু অক্সিজেনৰ মাজত যোজন হ’লে কোন প্ৰকাৰৰ অক্সাইড উৎপন্ন হয়? HSLC-2017
উত্তৰঃ- অধাতু আৰু অক্সিজেনৰ মাজত যোজন হ’লে অধাতব অক্সাইড উৎপন্ন হয়।
(iii) প্ৰকৃতিত যুক্ত অৱস্থাত পোৱা এটা ধাতুৰ নাম লিখা।
উত্তৰঃ- প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা এটা ধাতুৰ নাম হ’ল— সোণ।
(iv) সোণ আৰু প্লেটিনাম দ্রৱীভূত কৰিব পৰা এবিধ পদার্থৰ নাম লিখা।
উত্তৰঃ- অম্লৰাজ।
(v) আটাইতকৈ ঘাত সহনশীল দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ- সোণ আৰু ৰূপ।
(vi) ক্ষাৰ ধাতুৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ- (১) ছ’ডিয়াম আৰু (২) পটাছিয়াম।
(vii) উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰা দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ- (১) ৰূপ আৰু (২) সোণ।
ধাতু এটাৰ নমনীয়তা কাক বোলে? HSLC-2019
উত্তৰঃ- ধাতুৰ পাত এচটা টানি দীঘল তাঁৰলৈ ৰূপান্তৰিত কৰিব পৰা গুণক ধাতুৰ নমনীয়তা বোলে। সোণ আটাইতকৈ নমনীয় ধাতু।
3. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা চুইচ দিয়া হ’ল। HSLC-2015, 2019
(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?
HSLC-2015, 2019
(b) ধাতু, অধাতু চিনাক্ত কৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাংকন কৰা। HSLC-2015
(ii) উভধর্মী অক্সাইড কাক বোলে? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া।
উত্তৰঃ- (a) ধাতুক হাতুৰীৰে কোবাই মিহি পাত প্ৰস্তুত কৰিব পাৰি। কিন্তু অধাতুক হাতুৰীৰে কোবালে ভাঙি যায়। এটা বৈদ্যুতিক বর্তনী ধাতুৰ তাঁৰেৰে তৈয়াৰ কৰা হ’ল, য’ত এটা বেটাৰী, এটা বাল্ব, এটা প্লাগ আছে। চাবি বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’বলৈ দিলে বাল্বটো জ্বলি উঠিব।
(b) হাতুৰীৰে কোবাই ধাতু-অধাতুৰ পাৰ্থক্য ধৰিব পাৰি। কিন্তু গ্রেফাইট এটা অতি সুকীয়া অধাতু, যিটো বিদ্যুৎ পৰিবাহী। কোনো কোনো ক্ষেত্ৰত হাতুৰীৰে কোবাই ধাতু আৰু অধাতুৰ পাৰ্থক্য নির্ণয় কৰা টান।
কিছুমান অক্সাইডৰ মাজত ক্ষাৰকীয় আৰু আম্লিক-উভয় অক্সাইডৰ ধৰ্ম পোৱা যায়। সিহঁতে এচিড আৰু ক্ষাৰক উভয়ৰ লগত বিক্ৰিয়া কৰে আৰু লৱণ আৰু পানী উৎপন্ন কৰে। এই কাৰণে সিহঁতক উভধর্মী অক্সাইড বোলা হয়। যেনে— জিংক অক্সাইড, এলুমিনিয়াম অক্সাইড আদি।
4. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু—
(i) সাধাৰণ উষ্ণতাত জুলীয়া। HSLC-2017
(ii) কটাৰীৰে সহজে কাটিব পাৰি।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপৰ কম পৰিবাহী।
উত্তৰঃ- (i) পাৰা (Hg) (ii) ছ’ড়িয়াম (iii) ছিলভাৰ (iv) সীহ।
5. (a) ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়? HSLC-2015
(b) তলৰ বিক্ৰিয়াবোৰৰ ৰাসায়নিক সমীকৰণ লিখা :
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আয়ৰনৰ বিক্ৰিয়া
(ii) পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া
(c) এটা উদাহৰণৰ সৈতে ক্ষয়ীভবন ব্যাখ্যা কৰা।
উত্তৰঃ- a) ছ’ডিয়াম ধাতু অতিশয় সক্রিয় সেয়ে ই সহজে বায়ুৰ লগত বিক্ৰিয়া কৰি জ্বলি উঠিব পাৰে। গতিকে, সম্ভাব্য দূৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবে ছ’ডিয়াম ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয়।
b) i) 3Fe(s)+4H2O(g) → Fe3Ó4 (s)+4H2(g)
ii) Ca(s)+2H2O(l) → Ca(OH)2 (aq)+H2 (g)
c) ক্ষয়ীভৱন হ’ল বাহ্যিক পৰিৱেশৰ এছিড, জলীয় বাষ্প আদিৰ দ্বাৰা আক্ৰান্ত হৈ ধাতুৰ পৃষ্ঠভাগৰ ক্ষতি হোৱা প্ৰক্ৰিয়া। উদাহৰণস্বৰূপে, লোত মামৰে ধৰা প্ৰক্ৰিয়া। লো ধাতু সেমেকা বায়ুৰ সংস্পৰ্শলৈ আহিলে ইয়াৰ পৃষ্ঠভাগত মামৰ গঠিত হয়। এই মামৰে লাহে লাহে লোৰ পৃষ্ঠভাগৰ ক্ষয় ঘটায়। এনেদৰেই লোৰ ক্ষয়ীভৱন সংঘটিত হয়।
7. লঘু হাইড্ৰ’ক্লৰিক এছিডত (HCI) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰণে লঘু H2SO4 ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ দিয়া। আইৰণ ছালফেট দ্ৰৱনত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।
উত্তৰঃ- ধাতুৱে হাইড্ৰ’ক্ল’ৰিক এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। লো আৰু পনীয়া ছালফিউৰিক এচিডৰ বিক্ৰিয়াৰ ফলত হাইড্ৰ’জেন গেছ উৎপন্ন হয়।
Fe+H2SO4 → FeSO4 +H2
জিংক লৌহতকৈ বেছি সক্রিয়। যেতিয়া ই FeSO4 ৰ লগত বিক্ৰিয়া কৰে, তেতিয়া জিংকে লৌহক স্থানান্তৰ কৰে আৰু বৰ্ণহীন জিংক ছালফেট উৎপন্ন কৰে। মাটিয়া বৰণৰ লৌহ ধাতু জমা হয়।
Zn+FeSO4 → ZnSO4 +Fe
8. তলত দিয়াবোৰৰ সংজ্ঞা লিখা—
(i) মণিক (ii) আকৰ (iii) খনিজ মল
উত্তৰঃ- (i) মণিক (খনিজ পদার্থ) : HSLC-2017, 2020 পৃথিৱীৰ খোলাটোত প্রাকৃতিকভাৱে পোৱা মৌল বা যৌগবোৰক খনিজ পদার্থ বোলা হয়। উদাহৰণস্বৰূপে, প্ৰকৃতিত পোৱা CaCO3, NaCl, Fe2, S3 আদি খনিজ পদার্থ।
(ii) আকৰ : HSLC-2017, 2020 যিবোৰ খনিজ পদাৰ্থৰ পৰা কোনো ধাতু লাভজনকভাৱে আৰু কম খৰচত আহৰণ কৰিব পাৰি, তেনেবোৰ খনিজ পদাৰ্থক আকৰ বোলা হয়। উদাহৰণস্বৰূপে, এলুমিনিয়ামৰ আকৰ বক্সাইট।
(iii) খনিজ মন : আকৰ এটা খনিৰ পৰা নিষ্কাশন কৰোঁতে ই মাটি, শিল আদি অশুদ্ধিৰ লগত মিহলি হৈ থাকে। এই অশুদ্ধি বা অপদ্রবোৰকে খনিজ মল বোলা হয়। যেনে— CaO,FeO, SiO2, ইত্যাদি। ক্ষাৰকীয় প্ৰকৃতিৰ যেনে- CaO, MgCO3, FeO ইত্যাদি হ’ব পাৰে।
9. (i) ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেকট্রন বিন্দু গঠন লিখা। HSLC-2016
(ii) ইলেকট্রন স্থানান্তৰৰ জৰিয়তে Na2 O আৰু MgO ৰ গঠন লিখা।
(iii) এই যৌগ দুটাত থকা আয়নসমূহ কি কি?
(iv) প্রকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা। HSLC-2017
উত্তৰঃ-
প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম হ’ল- (১) গোল্ড (২) প্লেটিনাম।
10. কাৰণ দশোৱা-
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়। HSLC-2018, 2015
(b) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। HSLC-2018, 2015
(c) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। HSLC-2015
উত্তৰঃ- (a) গহণা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড, ছিলভাৰ ব্যৱহাৰ কৰা হয় কাৰণ এই ধাতুবিলাক কম সক্ৰিয় আৰু বায়ুমণ্ডলীয় গেছ যেনে অক্সিজেন, কার্বন ডাই অক্সাইড ইত্যাদি, জলীয় বাষ্প (পানী), লঘু এছিড আৰু ক্ষাৰকৰ সৈতে সাধাৰণ অৱস্থাত বিক্ৰিয়া নকৰে।
(b) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ কাৰণ এলুমিনিয়ামে বায়ুত থকা অক্সিজেনৰ সৈতে সহজে বিক্রিয়া কৰি ইয়াৰ পৃষ্ঠভাগত এলুমিনিয়াম অক্সাইডৰ অতিশয় সুস্থিৰ পাতল আৱৰণ এটা গঠন কৰে। এই সুৰক্ষামূলক আৱৰণে এলুমিনিয়ামক অক্সিজেনৰ সৈতে অধিক বিক্ৰিয়া হ’বলৈ নিদিয়ে লগতে এই তৰপটোৰ ধাতুবিধ অধিক ক্ষয় যোৱাত বাধা দিয়ে। (c) ধাতু নিষ্কাশনৰ সময়ত ধাতুৰ অক্সাইডক বিজাৰিত কৰা এই পদ্ধতিৰ খৰচ কম আৰু সহজ। সেই কাৰণে প্রথমতে কার্বনেট আৰু ছালফাইড আকৰিকক ধাতুৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। ইয়াৰ পিছত আকৌ ধাতুলৈ বিজাৰিত কৰা হয় ৷
11. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয়? HSLC-2020
নাইবা
লোত মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা। HSLC-2019 চেকালগা কপাৰৰ পাত্ৰবিলাক পৰিস্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰঃ- ৰঙৰ প্ৰলেপ : লো নিৰ্মিত বস্তুৰ ৰঙৰ প্ৰলেপ দি বস্তুবোৰ মামৰে ধৰাৰ পৰা ৰক্ষা কৰিব পাৰি। লো নিৰ্মিত বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দিলে বায়ু আৰু জলীয় বাষ্প লোৰলগত সংস্পৰ্শ নাহে যাৰ বাবে, বস্তুবোৰৰ ওপৰত মামৰে নধৰে।
তেল বা গ্রীজ সনা : ধাতু নির্মিত বস্তুৰ উপৰিভাগত তেল বা গ্রীজ লগাই মামৰে ধৰাৰ পৰা বচাব পাৰি। এই ক্ষেত্ৰত তেল বা গ্ৰীজে লোৰ লগত বায়ু আৰ জলীয়বাষ্পৰ সংস্পৰ্শত আহিবলৈ নিদিয়ে বাবে মামৰে নধৰে।
তাম্ৰ পাত্ৰৰ আৰ্দ্ৰ বায়ুৰ প্ৰভাৱত কপাৰ কাৰ্বনেটৰ এটা সেউজীয়া আৱৰণ পৰি পাত্ৰটোক ক্ষয় কৰে। এই আৱৰণ দূৰ কৰাৰ বাবে নেমুটেঙা বা তেঁতেলীৰ ৰস ব্যৱহাৰ কৰা হয়। এই ৰসত থকা এচিডে ক’পাৰ কাৰ্বনেটৰ আৱৰণক দ্ৰৱীভূত কৰি তাম্ৰ পাত্ৰটোক ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰাৰ লগতে পৰিষ্কাৰ কৰে।
12. ধাতুৰ শোধনৰ বাবে ব্যৱহৃত বিদ্যুৎ পৰিশোধন পদ্ধতিটো ব্যাখ্যা কৰা৷ HSLC-2020
উত্তৰঃ- বিদ্যুৎ পৰিশোধন পদ্ধতি : কপাৰ, জিংক, টিন, নিকেল ছিলভাৰ, গোল্ড আদি ধাতু এই পদ্ধতিৰে শোধন কৰা হয়। এই পদ্ধতিত অশুদ্ধ ধাতুৰ এন’ড আৰু বিশুদ্ধ ধাতুৰ পাত এচলা কেথ’ড হিচাপে ব্যৱহাৰ কৰা হয়। ধাতুটোৰ লৱণৰ দ্ৰৱ এটা বিদ্যুৎ বিশ্লেষ্য হিচাপে লোৱা হয়। বিদ্যুৎ বিশ্লেষ্যৰ মাজেদি বিদ্যুৎ প্রবাহ চালিত কৰিলে এন’ড হিচাপে ব্যৱহাৰ কৰা অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি দ্রৱীভূত হয়। একে পৰিমাণৰ শুদ্ধ ধাতু বিদ্যুৎ বিশ্লেষ্যৰ পৰা গৈ কেথ’ডত জমা হয়।
13. মাৰকিউৰিক অক্সাইড (HgO) উত্তপ্ত কৰিলে কি ঘটে? ৰাসায়নিক সমীকৰণ লিখা ।
উত্তৰঃ- মাৰকিউৰিক অক্সাইড উত্তপ্ত কৰিলে ই বিজাৰিত হৈ মাৰকিউৰি (Hg) আৰু অক্সিজেন (O2) উৎপন্ন হয়।
ৰাসায়নিক সমীকৰণটো হ’ল—
2HgO তাপ → 2Hg+O,
→
(d) এটা পৰীক্ষা নলীত তুমি CuSO ৰ এটা জলীয় দ্রৱ (নীলা বৰণ) লোৱা। CuSO ৰ দ্রৱটোত এটা পৰিষ্কাৰ লোৰ গজাল ডুবাই দিয়া। প্রায় 20 মিনিট লক্ষ্য কৰাৰ পাচত
(i) গজালটোত হোৱা পৰিৱৰ্তন উল্লেখ কৰা । উ : গজালটো তামবৰণীয়া হৈ পৰে (ii) বিক্ৰিয়াটোৰ এটা সন্তুলিত সমীকৰণ লিখা । উঃ বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো হ’ল-
Fe + CuSO4 FeSO + Cu4
14. প্ৰত্যূষে সৰু চামুচ এখনত ছালফাৰগুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ এটা পৰীক্ষানল ওভোতাকৈ ধৰি সংগ্ৰহ কৰিলে। তলত দিয়াবোৰৰ লগত গেছটোৰ বিক্রিয়া কেনে হ’ব? HSLC-2019
(i) শুষ্ক, লিটমাছ কাগজ (ii) সিক্ত লিটমাছ কাগজ
উত্তৰঃ- (i) শুষ্ক লিটমাছ কাগজৰ ওপৰত শুষ্ক গেছৰ কোনো প্ৰভাৱ নপৰে।
(ii) সিক্ত লিটমাছ কাগজৰ বৰণ ৰঙা হয়।
15. ধাতৱ দ্যুতি কাক বোলে?
উত্তৰঃ- বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকিয়া, এই চিকমিকনিকে ধাতৱ দ্যুতি বোলে।
16. ঠাণ্ডা পানীৰ লগত প্ৰৱল বেগে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰা দুটা ধাতুৰ নাম লিখা। তাৰে এটাৰ ৰাসায়নিক সমীকৰণ লিখা।
উত্তৰঃ- (১) ছ’ডিয়াম আৰু (২) পটাছিয়াম।
2K+2H2O 2KOH+H2
17. নাইট্ৰি’ক এচিডৰ লগত প্ৰায়বোৰ ধাতুৱে বিক্রিয়া কৰিলে হাইড্ৰ’জেন গেছ উৎপন্ন নকৰে। ইয়াৰ কাৰণ কি?
উত্তৰঃ- কাৰণ নাইট্ৰি’ক এচিড (HNO3) এবিধ বিজাৰক পদার্থ। ই উৎপন্ন হোৱা হাইড্ৰ’জেন গেছক পানীলৈ পৰিবৰ্তন কৰে আৰু নাইট্রিক অক্সাইডলৈ বিজাৰিত হয়।
18. (a) আয়ৰণ (II) ছালফেট দ্রৱণত জিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা। HSLC-2018
উত্তৰঃ- আয়ৰণ ছালফেট দ্ৰৱণত জিংক ধাতু দিলে আয়ৰণ (II) ছালফেট দ্ৰৱৰ সেউজীয়া বৰণ ক্ৰমে নোহোৱা হৈ বৰণহীন জিংক ছালফেট (ZnSO4)ৰ দ্ৰৱৰ সৃষ্টি হোৱা দেখিম।
সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো হ’ল—
Zn(s) + FeSO4 (aq) → ZnSO4 (aq) + Fe(s)
জিংক আয়ৰণ (II) হালফেট জিংক ছালফেট আয়ৰণ
19. ধাতু আৰু অধাতুৰ দুটাকৈ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ পার্থক্য লিখা। দুটা ধাতুকল্পৰ নাম উল্লেখ কৰা।
উত্তৰঃ- ভৌতিক ধর্ম :
(a) ধাতুবোৰ নমনীয়। অধাতুবোৰ নমনীয় নহয়।
(b) সাধাৰণতে ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী। কিন্তু সাধাৰণতে অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী।
ৰাসায়নিক ধর্ম :
(a) ধাতুবোৰ বিদ্যুৎ ধনাত্মক মৌল। অধাতুবোৰে বিদ্যুৎ ঋণাত্মক মৌল।
(b) ধাতুবোৰ ক্ষাৰকীয় অক্সাইড গঠন কৰে। অধাতুবোৰে আম্লিক অক্সাইড বা নিৰপেক্ষ অক্সাইড গঠন কৰে।
দুটা ধাতু কল্প হ’ল— ছিলিকন (Si) আৰু বৰণ (B) ।
20. আয়নীয় যৌগ আৰু সহযোগী যৌগৰ দুটা পার্থক্য লিখা।
উত্তৰঃ- আয়নীয় যৌগ : (i) আয়নীয় যৌগবোৰ সাধাৰণতে স্ফটিকাকাৰ গোটা পদাৰ্থ আৰু এইবোৰ পানীত দ্রৱণীয়।
(ii) দ্রৱীভূত অৱস্থাত ই বিদ্যুৎ পৰিবহণ কৰে।
সহযোগী যৌগ : (i) এই যৌগবোৰ সাধাৰণতে কঠিন তৰল বা গেছীয় অৱস্থাত থাকে আৰু ইহঁত পানীত অদ্রবনীয়।
(ii) ইহঁতে কোনো অৱস্থাতে বিদ্যুৎ পৰিবহণ নকৰে।
21. সংকৰ ধাতু কি? তৰল অৱস্থাত থকা এটা ধাতু আৰু এটা অধাতুৰ নাম লিখা।
উত্তৰঃ- দুটা বা ততোধিক ধাতু বা অধাতুৰ সমসত্ব মিশ্রণেই হৈছে সংকৰ ধাতু। সংকৰ ধাতুক গোটা দ্রৱ বুলিও কোৱা হয়। উদাহৰণ— তীখা আৰু ব্ৰঞ্জ।
তৰল অৱস্থাত থকা এটা ধাতু আৰু এটা অধাতুৰ নাম হ’ল— তৰল ধাতু : মার্কাৰী (Hg)
তৰল অধাতু : ব্ৰ’মিন (Br)
22. আয়নীয় যৌগৰ গলনাংক কিয় বেছি? HSLC-2017 দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰণ কৰে আৰু যিয়ে নকৰে?
উত্তৰঃ- আয়নীয় যৌগবোৰত কেটায়ন আৰু এনায়নবোৰৰ মাজত বিদ্যুৎ স্থিতীয় আকর্ষণ বল অতি প্ৰৱল হোৱা বাবে আয়নীয় যৌগবোৰৰ গলনাংক আৰু উলাংক অতি বেছি হয়।
লঘু এছিড়ৰ পৰা হাইড্ৰ’জেন অপসাৰণ কৰা ধাতু- মেগনেছিয়াম, জিংক।
লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰণ নকৰা ধাতু- তাম, সোণ।
23. (a) ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পার্থক্য লিখা।
(b) অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?
(c) কাৰণ দৰ্শোৱা-
ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়। HSLC-2018
উত্তৰঃ- ধাতু : (i) ধাতুবোৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ক্ষাৰকীয় অক্সাইড গঠন কৰে।
(ii) ধাতুৱে এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত কৰে।
অধাতু : (i) অধাতুবোৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি আম্লিক অক্সাইড গঠন কৰে।
(ii) অধাতুৱে এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত কৰিব নোৱাৰে।
(b) অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে আম্লিক বা প্রশম অক্সাইড উৎপন্ন কৰে।
(c) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় কাৰণ ইহঁতে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে মুক্ত বায়ুত বিক্রিয়া ঘটিলে জুই জ্বলি উঠে। দুৰ্ঘটনা ৰোধ কৰিবলৈ তেলত ইহঁতক ডুৱাই ৰখা হয়।
24. তাপজাৰণ কাক বোলে? ৰাসায়নিক সমীকৰণ এটাৰ দ্বাৰা ব্যাখ্যা কৰা। HSLC-2016
উত্তৰঃ- তাপজাৰণ হৈছে এটা পদ্ধতি য’ত অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত হৈ ছালফাইড আকৰ ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়। তলত যিংক আকৰৰ তাপজাৰণ সমাকৰণসহ দেখুওৱা হ’ল-
2ZnS(s) +302 (g) তাপজাৰুণ→ 2ZnO (s)+2SO2(g)
25. ঠাণ্ডা পানীত ছ’ডিয়ামৰ টুকুৰা এটা পেলাই দিলে জ্বলি উঠে কিয়? ইলেকট্রন স্থানান্তৰৰ জৰিয়তে Na2 O গঠন ব্যাখ্যা কৰা।
উত্তৰঃ- ছ’ডিয়াম এবিধ সক্রিয় ধাতু। ছ’ড়িয়ামে ঠাণ্ডা পানীৰ বিক্ৰিয়া কৰে। বিক্ৰিয়াত ছ’ডিয়াম হাইড্রক্সাইড (NaOH) আৰু হাইড্ৰ’জেন গেছ (H2) উৎপন্ন হয়। উৎপন্ন হোৱা H2 গেছ বায়ুৰ সংস্পৰ্শত জ্বলি উঠে।
2Na+2H2O → 2NaOH+H2+ heat Na2 Oৰ গঠন
ছ’ডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 আৰু ইলেকট্রনীয় বিন্যাস 2.8 গতিকে ছ’ডিয়ামৰ পৰমাণু এটাই নিয়নৰ ইলেকট্ৰনীয় বিন্যাস পাবৰ কাৰণে বিক্ৰিয়া এটাত ইয়াৰ যোজক ইলেকট্রন ত্যাগ কৰে আৰু ছ’ডিয়াম আয়ন Na+ উৎপন্ন কৰে।
অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 আৰু ইলেকট্রনীয় বিন্যাস 2.6, গতিকে অক্সিজেনে ইয়াৰ যোজক কক্ষত দুটা ইলেকট্রন গ্রহণ কৰি অক্সাইড আয়ন গঠন কৰে।
গতিকে ছ’ডিয়াম আয়ন দুটাই অক্সাইড আয়ন এটাৰ সৈতে কুলম্বীয় আকৰ্ষণৰে বান্ধ খায় আৰু ছ’ডিয়াম অক্সাইড উৎপন্ন কৰে।
26. পানীত দ্রৱীভূত হোৱা দুটা ধাতৱ অক্সাইডৰ নাম লিখা। HSLC-2020
উত্তৰঃ- ছডিয়াম হাইড্র’ক্সাইড NaOH
পটেছিয়াম হাইড্র’ক্সাইড KOH
27. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয়? উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা। HSLC-2020
উত্তৰঃ- বিজাৰণ পদ্ধতি : কাৰ্বন বিজাৰক হিচাপে ব্যৱহাৰ কৰি ধাতৱ অক্সাইডৰ পৰা ধাতু নিষ্কাশন কৰা হয়।
যেনে— ZnO + C → Zn + CO2
28. ধাতু নিষ্কাষণৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰক কিয় অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়? পদ্ধতি কেইটা লিখা। যিংক কার্বনেট আঁকৰৰ পৰা যিংক কেনেকৈ আহৰণ কৰা হয়? ৰাসায়নিক বিক্ৰিয়া কেইটা লিখা।
উত্তৰঃ- অক্সাইড সহজে বিজাৰিত হয় বাবে কার্বনেট আৰু ছালফাইডৰ আকৰবোৰক প্ৰথমে অক্সাইডলৈ ৰূপান্তৰিত কৰি লোৱা হয়-
দগ্ধীকৰণ আৰু তাপজাৰণ পদ্ধতিৰে কাৰ্বনেট আৰু ছালফাইড আকৰবোৰক অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।
দগ্ধীকৰণত কার্বনেট আকৰ বিয়োজিত হয় আৰু CO2 আঁতৰি যায়।
—
ZnO কাৰ্বনৰ দ্বাৰা বিজাৰিত কৰি জিংক আহৰণ কৰা হয়।
ZnO (s) + C (s) → Zn (s) + CO (g)
29. ক্লৰিণৰ ইলেক্ট্রন বিন্দু গঠন লিখা। ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে মেগনেছিয়াম ক্ল’ৰাইডৰ গঠন লিখা। এই যৌগটোত থকা আয়নসমূহ কি কি? HSLC-2016
উত্তৰঃ- CLৰ বিন্দু গঠন :
ইলেকট্রন স্থানান্তৰণৰ দ্বাৰা মেগনেছিয়াম ক্ল’ৰাইডৰ গঠনঃ
এই যৌগটোত থকা আয়নসমূহ হ’ল-
(i) মেগনেছিয়াম কেটায়ন (Mg2+)
(ii) ক্ল’ৰাইড এনায়ন (CF)
Leave a comment