দশম শ্ৰেণীৰ বিজ্ঞান
কাৰ্বন আৰু তাৰ যৌগ
Carbon and its Compounds
Class X General Science
1. শুদ্ধ উত্তৰটো ৰাছি উলিওৱা :
(i) সংপৃক্ত হাইড্ৰ’কাৰ্বনত থকা বান্ধনিবোৰ হৈছে—
(ক) এক আৰু দ্বি-বান্ধনি
(খ) কেৱল দ্বি-বান্ধনি
(গ) কেৱল এক বান্ধনি
(ঘ) এক আৰু ত্ৰি বান্ধনি।
উত্তৰঃ- (গ) কেৱল এক বান্ধনি
(ii) তলৰ যোৰবোৰৰ পৰা অসংপৃক্ত যোৰটো বাছি উলিওৱা :
(ক) C2H4 আৰু C4H6
(খ) C6H12 আৰু C5H12
(গ) C4H6 আৰু C6H4
(ঘ) C2H6 আৰু C4H10
উত্তৰঃ-(গ) C4H6 আৰু C6H4
(iii) কেটিনেছন ধর্ম থকা মৌলটো হ’ল—
(ক) অক্সিজেন
(খ) নাইট্ৰ’জেন
(গ) কার্বন
(ঘ) হাইড্ৰ’জেন
উত্তৰঃ-(গ) কার্বন
(iv) একেটা সমগনীয় শ্ৰেণীৰ দুটা যৌগ হৈছে—
(ক) C2H4 আৰু C2H6
(খ) C3H6 আৰু C2H4
(গ) C3H6 আৰু C3H8
(ঘ) C5H10 আৰু C5H12
উত্তৰঃ-(খ) C3H6 আৰু C2H4
(v) পেন্টেন (C5H12) যৌগত থকা সহযোজী বান্ধনিৰ সংখ্যা-
(ক) 5
(খ) 12
(গ) 17
(ঘ) 16
উত্তৰঃ-(ঘ) 16
(vi) চাৰিটা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক হ’ল-
(ক) এলক’হল
(খ) কিট’ন
(গ) কার্বক্সিলিক এছিড
(ঘ) এলডিহাইড
উত্তৰঃ-(খ) কিট’ন
(vii) এলকিনবোৰৰ সাধাৰণ আণৱিক সংকেত হ’ল-
(ক) CnH2n
(খ) CnH2n+2
(গ) CnH2n-2
(ঘ) CnH2n-3
উত্তৰঃ-(ক) CnH2n
(viii) তলৰ কোনটো আয়নীয় যোগৰ ধৰ্ম—
(ক) গলনাংক কম
(খ) উতলাংক বেছি
(গ) বিদ্যুতৰ অপৰিবাহী
(ঘ) যৌগসমূহৰ ঘনত্ব বেছি
উত্তৰঃ-(ঘ) যৌগসমূহৰ ঘনত্ব বেছি
(ix) ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে কিয়নো—
(ক) খাদ্য ভালদৰে নিসিজিল
(খ) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়
(গ) ইন্ধনটো সিক্ত
(ঘ) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়
উত্তৰঃ-(খ) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়
(x) কাৰ্বনৰ পৰমাণুৰ যোজ্যতা সদায়েই-
(ক) 1
(খ) 2
(গ) 3
(ঘ) 4
উত্তৰঃ-(ঘ) 4
(xi) ৰন্ধন তেলে ব্ৰ’মাইন পানীৰ ৰং কৰে—
(ক) নীলা
(খ) ক’লা
(গ) হালধীয়া
(ঘ) ৰঙা
উত্তৰঃ-(ঘ) ৰঙা
(xii) তলৰ কোনটো চক্রীয় যৌগ হয়-
(ক) C2H3
(খ) C6H12
(গ) C8H12
(ঘ) C4H12
উত্তৰঃ-(খ) C6H12
(xiii) ইথেন (C2H6) অনু এটাত—
(ক) 7 টা সহযোজী বান্ধনি আছে
(খ) 6 টা সহযোজী বান্ধনি আছে
(গ) 9 টা সহযোজী বান্ধনি আছে
(ঘ) 8 টা সহযোজী বান্ধনি আছে
উত্তৰঃ-(ক) 7 টা সহযোজী বান্ধনি আছে
(xiv) তলৰ কোনবিধ যৌগ প্রকৃতিপুষ্ট এলকহলত যোগ কৰা হয়—
(ক) মিথানল
(খ) ইথানয়িক এছিড
(গ) বিউটানল
(ঘ) প্রপানল
উত্তৰঃ-(ক) মিথানল
(xv) তলৰ কোনটোত কার্বক্সিলিক এছিড কার্যকৰীমূলক আছে—
(ক) -OH
(খ) -CHO
(গ) -COOH
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ-(গ) -COOH
2. পৃথিৱীৰ খোলা আৰু প্ৰাকৃতিক পৰিৱেশত শতাংশ হিচাপত কাৰ্বনৰ পৰিমাণ কিমান?
উত্তৰঃ- প্রাকৃতিক পৰিৱেশত 0.03% আৰু পৃথিৱীৰ খোলাত 0.02%
Q. প্ৰকৃতিত পোৱা কাৰ্বনৰ বিভিন্ন গঠনবোৰ লিখা। কার্বনে ডাঙৰ অণু গঠন কৰিব পৰা ধৰ্মটোৰ নাম কি?
উত্তৰঃ- প্ৰকৃতিত বিভিন্ন গঠনত পোৱা কাৰ্বনবোৰ হৈছে-
আৱদ্ধ হিচাপে : ধাতুৰ কাৰ্বনেট আৰু বাইকার্বনেট হিচাপে।
মুক্ত অৱস্থাত : কয়লা, পেট্র’লিয়াম আৰু প্ৰাকৃতিক গেছ।
জৈৱ যৌগ হিচাপে : চেনি, প্রটিন, স্নেহ ইত্যাদি।
Q. সংপৃক্ত আৰু অসংপৃক্ত হাইড্ৰ’কাৰ্বনবোৰ কি? প্রত্যেক বিধৰ একোটাকৈ উদাহৰণ দিয়া। তলত দিয়া যৌগদুটাৰ ইলেকট্রন বিন্দু গঠন লিখা। HSLC-2011
(i) CO2 (ii) S8
উত্তৰঃ- যিবোৰ হাইড্ৰ’কাৰ্বনত কাৰ্বন পৰমাণুবোৰে পৰস্পৰে একবান্ধনিত যোজিত হৈ থাকে সেয়া সংপৃক্ত হাইড্র’কার্বন। আকৌ অসংপৃক্ত হাইড্ৰ’কাৰ্বনত দুটা কার্বন পৰমাণুৰ মাজত দ্বিবান্ধনি বা ত্রিবান্ধনি থাকে।
সংপৃক্ত হাইড্র’কার্বন – মিথেন (CH4)
অসংপৃক্ত হাইড্র’কার্বন – ইথিন (C2H4)
CO2-ৰ ইলেকট্ৰ’নীয় ফুট চিত্র-
S4 -ৰ ইলেকট্ৰনীয় ফুট চিত্র-
Q. পেণ্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা?
উত্তৰঃ- পেণ্টেনৰ তিনিটা সমযোগী—
Q. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন যৌগ পাওঁ? HSLC-2016
উত্তৰঃ- কাৰ্বনৰ নিম্নোক্ত ধৰ্মদুটাৰ বাবে আমাৰ চাৰিওঁফালে অজস্র কার্বন যৌগ পাওঁ-
(i) কেটিনেচন ধর্ম।
(ii) চতুর্সহযোজ্যতা।
(d) তলৰ যৌগটোৰ গঠন আঁকা :
ইথানয়িক এছিড
উত্তৰঃ- ইথানয়িক এছিড (CH3COOH)ৰ গঠন-
(c) তলৰ যৌগবোৰৰ নামবোৰ লিখা। HSLC-2018
(i) CH3 – CH 2 – Br
(ii) H-C=O
উত্তৰঃ-(i) CH3+CH, Br → ব্ৰ’ম’ইথেন।
(ii) H—C=O → মিথানেল।
(d) অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এছিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটে? প্রয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা।
উত্তৰঃ- অধিক পৰিমাণৰ গাঢ় H2SO4 ৰ লগত ইথানল (CH3CH2OH) উত্তপ্ত কৰিলে ইথানলৰ নিৰুদন ঘটি ইথিন উৎপন্ন হয়। বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ-
—–
Q. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা—
(i) ব্ৰ’ম’পেন্টেন HSLC-2017
(ii) বিউটান’ন HSLC-2018
(iii) হেক্সানেল HSLC-2019
উত্তৰঃ-
প্রঃ তলৰ যৌগবোৰৰ নাম লিখা- HSLC-2018
(i) CH3 – CH2 – Br
উত্তৰঃ- (i) ব্ৰ’ম’ইথেন (Bromo Ethane)
(ii) মিথানেল (Mathanal)
(iii) হেক্সাইন
q. উদাহৰণেৰে সৈতে মৌল এটাৰ ‘বহুৰূপ’ৰ সংজ্ঞা লিখা। HSLC-2020
উত্তৰঃ- বহুৰূপ : একেটা মৌল ভিন ভিন ৰূপত থাকিব পাৰে। এই ৰূপবোৰক মৌলটোৰ বহুৰূপ বোলে। যেনে— কাৰ্বনৰ বহুৰূপ দুটা- হীৰা আৰু গ্ৰেফাইট।
Q. ইথানলক ইথান’য়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া? HSLC-2020
উত্তৰঃ- ইথানলক ক্ষাৰকীয় KMnO4 বা আম্লিক K2Cr2O7 ৰ উপস্থিতিত উত্তপ্ত কৰিলে ইথানলে অক্সিজেন গ্ৰহণ কৰি ইথানয়িক এছিড উৎপন্ন কৰে বাবে ই এটা জাৰণ বিক্রিয়া৷
Q. লোহাজোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়? HSLC-2015, 2019
উত্তৰঃ- জালাই কৰা কামত বায়ু আৰু ইথাইন ব্যৱহাৰ কৰিলে তাত থকা নাইট্ৰ’জেন আদিয়ে অক্সিজেনৰ যোগান সীমিত কৰে আৰু অসম্পূৰ্ণ জাৰণ ঘটাই কম তাপৰ সৃষ্টি কৰে। ইথানলৰ লগত বিশুদ্ধ O2 যোগ কৰিলে সম্পূর্ণ জাৰণ ঘটি অধিক তাপ আৰু নীলা শিখাৰ সৃষ্টি হয়। এই তাপ অধিক হোৱা কাৰণে ধাতু সহজে গলে আৰু জালাই কামত সুবিধা হয়।
Q. কাৰ্য্যকৰী মূলক বোৰ কি? কিট’নমূলক আৰু এমিন’মূলকৰ কাৰ্য্যকৰী মূলকবোৰ কি কি?
উত্তৰঃ- কাৰ্য্যকৰী মূলকবোৰ হ’ল জৈৱ যৌগৰ অণুত থকা বিষম পৰমাণুৰে গঠিত একোটা বিশেষ থূপ এই অণুবোৰে বৈশিষ্ট্যপূৰ্ণ ৰাসায়নিক বিক্রিয়া দেখুৱায়৷
কিট’ন মূলকৰ কাৰ্যকৰীমূলক > C = O
এমিন’মূলকৰ কাৰ্যকৰীমূলক NH2
Q. পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এচিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি? HSLC-2020, 2017, 2015
উত্তৰঃ- পৰীক্ষা এলক’হল কার্বক্সিলিক এচিড
1. লিটমাছ পৰীক্ষা ব’ৰণৰ পৰিৱৰ্তন নহয়। নীলা লিটমাছ দ্রব ৰঙা হয়।
2. ছ’ডিয়াম কার্বনেট কোনো বিক্রিয়া নহয়। তীব্ৰ শব্দ কৰি ফেন বাহিৰ হয়।
3. ছ’ডিয়াম মেটেল পৰীক্ষা ফেন আকাৰত H2 আহে H2 বাহিৰ হয়, কিন্তু ফেন বাহিৰ নহয়।
Q. জাৰক দ্রব্য কি?
উত্তৰঃ- জাৰক দ্ৰব্যবোৰ ৰাসায়নিক পদাৰ্থ যিবোৰে আন পদার্থক অক্সিজেন যোগান ধৰে। KMnO4
CH2Cl ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ ব্যাখ্যা কৰা। তলত দিয়া বিলাকৰ ইলেকট্রন বিন্দু লিখা। (a) ইথানয়িক এছিড (b) H2S (c) প্রপেন (d) F2
উত্তৰঃ- CH3Clৰ ৰাসায়নিক বন্ধন—
ইয়াত কাৰ্বন পৰমাণু, তিনিটা আৰু এটা ক্ল’ৰিন পৰমাণুৰ লগত এযোৰ ইলেকট্ৰ’নৰ ভাগ-বাটোৱাৰা হৈ এক বান্ধনি গঠন কৰি সহযোজী বান্ধনি গঠন কৰে।
(a) ইথান ইক এচিড
(b) H2S
(c) প্র’পেন
(d) F2
q. সমগনীয় শ্রেণী কাক বোলে? উদাহৰণ দিয়া। HSLC-2019, 2016 সমগনীয় শ্ৰেণীৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- সমগণীয় শ্রেণী : একেবোৰ মৌলৰদ্বাৰা গঠিত একে ধৰ্ম বিশিষ্ট জৈৱ যৌগবোৰক কেৱল এটা সাধাৰণ সংকেতৰদ্বাৰা প্ৰকাশ কৰিব পাৰি। এনে ধৰণৰ যৌগৰ শ্ৰেণী এটাত দুটা ওচৰা-ওচৰি যৌগ মিথিলিন মূলক (—CH2—) ৰ দ্বাৰা পৃথক হৈ থাকে। এনেধৰণৰ শ্ৰেণী এটাক সমগণীয় শ্রেণী বোলে। সমগণীয় শ্ৰেণীৰ দুটা বৈশিষ্ট্য হ’ল—
(i) সমগণীয় শ্রেণী এটাক একোটা সাধাৰণ আণৱিক সংকেতৰ দ্বাৰা প্ৰকাশ কৰা হয়। যেনে- এলকেনৰ সাধাৰণ আণৱিক সংকেত CnH2n+2
(ii) সমগণীয় শ্ৰেণীৰ প্ৰত্যেক সমগণৰ মাজত পাৰমাণৱিক ভৰৰ পাৰ্থক্য 14u.
q. সংপৃক্ত বলয় আকাৰ কাৰ্বন যৌগ আৰু অসংপৃক্ত বলয় আকাৰ কাৰ্বন-যৌগৰ এটাকৈ নাম আৰু গঠন সংকেত লিখা।
নাইবা
ইথানয়িক এছিড কোন শ্ৰেণীৰ এছিডৰ অন্তর্ভুক্ত? ইথানয়িক এছিডে ইথানল আৰু ছডিয়াম কার্বনেটৰ লগত বিক্ৰিয়া কৰিলে কি হয়? ৰাসায়নিক বিক্রিয়াকেইটা লিখা।
উত্তৰঃ- সংপৃক্ত বলয় আকাৰৰ কাৰ্বন-
যৌগ : ছাইক্লহেক্সেন
গঠন :
অসংপৃক্ত বলয় আকাৰৰ কাৰ্বন যৌগ :
বেনযিন
গঠন :
নাইবা
ইথানয়িক এছিড কার্বক্সিলিক এচিড শ্ৰেণীৰ যৌগ।
ইথানয়িক এছিডে ইথানলনৰ লগত বিক্রিয়া কৰিলে এষ্টাৰ উৎপন্ন হয়।
CH3 COOH + CH3CH2OH →
ইথানয়িক ইথানল
এছিড
ইথানয়িক এছিড আৰু ছডিয়াম কার্বনেটৰ বিক্ৰিয়াত ছডিয়াম এছিটেট, পানী আৰু কার্বন-ডাই-অক্সাইড উৎপন্ন হয়।
2CH3 COOH+Na2CO3 → 2CH3 COONa+H2 O+CO2
ছডিয়াম এছিটেট
q. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য লিখা।
উত্তৰঃ- ভৌতিক ধর্ম :
1. ইথানয়িক এচিড পানীয়ৰ মুখ্য উপাদান পানীত কম পৰিমাণে মিহলাই খালে নিচা হয়। আনহাতে ইথানল এই এছিডৰ 5-8% জলীয় দ্ৰৱণ ভিনেগাৰ। ই অত্যন্ত টেঙা।
2. ইথানয়িক এচিডৰ গলনাংক 290K ৰাসায়নিক। আনহাতে ইথানলৰ গলনাংক 156K
ৰাসায়নিক ধৰ্ম : ইথানয়িক এচিড
1. ইথানয়িক এচিড Na2 CO3 দ্ৰৱৰ লগত বিক্রিয়া হয়। আনহাতে ইথানল Na2 CO3 দ্ৰৱৰ লগত বিক্রিয়া নহয়।
2. ইথানয়িক এচিড KMnO4 ৰ লগত বিক্রিয়া নহয়। আনহাতে ইথানল ক্ষাৰকীয় KMnO4 যোগ কৰিলে বিক্রিয়া হয়।
q. চাইক্ল’পেণ্টেনৰ সংকেত আৰু ইলেকট্রন বিন্দু গঠন লিখা। HSLC-2017
উত্তৰঃ- চাইক্লপেন্টেনৰ সংকেত হ’ল C5H10
ইলেকট্রন বিন্দু গঠন :
Q. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা। HSLC-2020
নাইবা
পানীত চাবোন দিলে কিয় ফেন উঠে?
উত্তৰঃ- চাবোনৰ অণুবিলাকত দুটা মেৰু থাকে, এটা পানীত দ্ৰৱনীয় আৰু আনটো কাৰ্বন শৃংখল তেলত দ্রৱনীয়। এনেদৰে চাবোনৰ অণুবোৰে সমুচ্ছায় সৃষ্টি কৰে। ইয়াৰ অণুবোৰৰ অনাধ্রুবীয় মেৰুটো তেলেতীয়া টোপালৰফালে আৰু ধ্রুবীয় মেৰুটো বাহিৰৰফালে থাকে। ইয়ে পানীত অবদ্ৰৱৰ সৃষ্টি কৰে। চাবোনৰ ফেনে এইধৰণে মলি পানীত দ্রবীভূত হোৱাত সহায় কৰে আৰু চাবোনত ফেন উঠে।
q. প্ৰায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়?
উত্তৰঃ- কাৰ্বন আৰু যৌগবোৰৰ দহনৰ ফলত তীব্ৰ তাপৰ সৃষ্টি হয়। ইয়াৰ জ্বলন উষ্ণতা অধিক আৰু ব্যৱহাৰ কৰাত সুবিধা। সেই বাবে কাৰ্বনক ইন্ধন হিচাপে ব্যৱহাৰ হয়।
q. নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?
উত্তৰঃ- চাবোন ক্ষাৰকীয় ধৰ্মবিশিষ্ট। সেই কাৰণে ৰঙা লিটমাছ দ্ৰৱক নীলা কৰে।
q ইথানলৰ লগত ছ’ডিয়াম ধাতু যোগ কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা। HSLC-2017
উত্তৰঃ- ইথানলৰ লগত ছ’ডিয়াম ধাতু যোগ কৰিলে ইহঁত দুয়োটাৰ মাজত বিক্ৰিয়া ঘটি ছ’ডিয়াম ইথ’ক্সাইড আৰু হাইড্র’জেন গেছ উৎপন্ন হয়৷
বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো হ’ল—
2Na + 2CH3 CH2 OH → 2CH3 CH2 O Na +H2
(b) হাইড্ৰ’জেনেছনৰ বিক্ৰিয়া কি? এটা উদাহৰণ দিয়া।
উত্তৰঃ- পেলাতিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ লগত হাইড্ৰ’জেন যোগ কৰি সংপৃক্ত হাইড্ৰ’কার্বন উৎপন্ন কৰা বিক্ৰিয়াটোক হাইড্ৰ’জেনেছন বিক্রিয়া বোলে। উদাহৰুণস্বৰূপে, নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰ’জেন যুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰা হয়।
—
q. ছ’ডিয়াম হাউড্র’কার্বনেট দ্রব এটা উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা। HSLC-2016
উত্তৰঃ- ছ’ডিয়াম হাউড্ৰ’জেন কার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে দ্ৰৱটো বিযোজিত হৈ ছ’ডিয়াম কার্বনেট, কার্বনডাই অক্সাইড আৰু পানী উৎপন্ন হয়। বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ-
2NaHCO3 → Na2CO3+CO2+H2O
Q. সংপৃক্ত যৌগবোৰ কি?
উত্তৰঃ- কার্বন পৰমাণুবোৰ এক বান্ধনিৰে সংযুক্ত হৈ সৃষ্টি হোৱা যৌগবোৰক সংপৃক্ত যৌগ বোলে।
Q জৈৱ যৌগবোৰ কি?
উত্তৰঃ- প্ৰাণী আৰু উদ্ভিদৰ পৰা পৃথক কৰা ৰাসায়নিক পদাৰ্থক জৈৱ যৌগ বোলা হয়। এই পদাৰ্থবোৰ জৈৱ পদাৰ্থৰ পৰা সংগ্ৰহ কৰা হয় বাবে এইবোৰক জৈৱ যৌগ বোলা হয়।
Q কেটিনেছন মানে কি বুজা যায়। HSLC-2020
উত্তৰঃ- কার্বনে নিজৰ মাজত C—C বান্ধনিৰ সহায়ত অতি দীঘল শৃংখল গঠন কৰিব পাৰে। কাৰ্বনৰ এই ধৰ্মটোক কেটিছেন বুলি বুজা যায়।
Q. কার্বন পৰমাণু এটাই কেইডাল সহযোজী বান্ধনি গঠন কৰিব পাৰে?
উত্তৰঃ- চাৰিডাল।
Q. চক্ৰীয় যৌগৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ- বেনজিন আৰু হাইক্ল’হেক্সেন।
Q. কাৰ্যকৰী মূলকবোৰ কি? দুটা উদাহৰণ দিয়া।
উত্তৰঃ- কাৰ্বন শৃংখলত কাৰ্বনৰ বাহিৰে কাৰ্বনৰ সৈতে যুক্ত হৈ থকা আন আন পৰমাণুবোৰে অকলশৰীয়াকৈ বা থুপ হৈ থাকে তাকে কার্যকৰী মূলক বোলে। উদাহৰণ- (ক) কিট’নমূলক আৰু (খ) এলডিহাইডমূলক
Q. হাইড্ৰ’কার্বন কি? এলকেন, এলকিন আৰু এলকাইন শ্ৰেণীৰ প্ৰতিটোৰে তিনিটাকৈ যৌগৰ নাম লিখা।
উত্তৰঃ- কাৰ্বন আৰু হাইড্ৰ’জেনেৰে গঠিত জৈৱ যৌগবোৰক হাইড্রাকার্বন বোলা হয়।
এলকাইনৰ উদাহৰণ- বিউটাইন, প্রপাইন আৰু ইথাইন।
এলকেনৰ উদাহৰণ— প্ৰপেন, ইথেন আৰু মিথেন।
এলকিনৰ উদাহৰণ- বিউটিন, প্ৰপিন আৰু ইথিন।
Q এলিফেটিক যৌগ কাক বোলে? বেন্জিনক কিয় এৰ’মেটিক যৌগ বুলি কোৱা হয়? কাৰ্বনৰ বাহিৰে কেটিনেছন ধর্ম থকা দুটা মৌলৰ নাম লিখা।
উত্তৰঃ- মুক্ত শৃংখল কার্বন যৌগবোৰক এলিফেটিক যৌগ বোলা হয়।
বেন্জিনৰ হাইড্ৰ’কাৰ্বনত কাৰ্বনৰ শৃংখলডালৰ মূৰ দুটা লগ লাগি চক্ৰাকাৰে থাকে আৰু কাৰ্বনৰ পৰমাণুবোৰৰ মাজত এক বান্ধনি আৰু দ্বি-বান্ধনিত থকাৰ বাবে বেন্জিনক এৰ’মেটিক হাইড্ৰ’কাৰ্বন বুলি কোৱা হয়।
কেটিনেছন ধর্ম থকা মৌল দুটা হ’ল- (ক) ছালফাৰ (খ) ফছফৰাছ
Q. কার্বন যৌগবোৰ কিয় বিদ্যুতৰ কুপৰিবাহী?
উত্তৰঃ- কাৰ্বনৰ যৌগবোৰ বিদ্যুতৰ কুপৰিবাহী কিয়নো ইহঁতে সহযোজী বান্ধনি সৃষ্টি কৰে আৰু মুক্ত ইলেকট্রন নেৰে।
Leave a comment