1. মিঠা মিঠা বহাগৰ । Mitha mitha bohagor
মিঠা মিঠা বহাগৰ গীত এটিকে
ৰছো বুলি ভাবিলো এনেতে
চুচুক চামাককৈ কাষ চাপিলা
মই যেন ভাষা পালোঁ
মিঠা মিঠা বহাগৰ।
লুইতৰ তিওৱা তোমাৰ দেহা
মাহ আৰু হালধিৰ সুবাস ঘহা
নিচেই কাষতে
পোৱৰ পিছত
সুৰ যেন হাততে পালো
মিঠা মিঠা বহাগৰ
মোৰ বহাগ যেন
এটি সৰু বিহুগীত—
ক’ৰবাত হেৰাই যোৱা—
আজি যেন হঠাতে পোৱা
একেজাক গাভৰুৱে হঠাতে হহা
একজাক বগলী বলিয়া হোৱা
বিহুৱা আবেগে আজি মোক জোকোৱা
মই যেন ধুমুহা হ’লো
মিঠা মিঠা বহাগৰ—।
2. নতুন পুৰুষ । Notun purush
তুমিটো নোহোৱা আৰু ভীৰু কাপুৰুষ
হাতে কামে আজি যদি নোহোৱা পুৰুষ
কাইলৈ তুমি হ’বা পুৰণি পুৰুষ।
নতুন পুৰুষ
অগনন উজ্জ্বল ডেকা সুপুৰুষ
আৰু আশাভৰা দৃষ্টিৰ গাভৰুৰ মুখ
মানস পটত আজি জিলিকি উঠে
সেয়ে মোৰ মৰমৰ নতুন পুৰুষ
নতুন পুৰুষ
যুগে যুগে যুগৰ দাবী কঢ়িয়াই
নতুন নতুন পুৰুষ আহিলে
নোপোৱাৰ বেদনাকে ধ্বংস কৰিব বুলি
দেশৰেই ধৰণী কঁপালে
মহা মহা পুৰুষৰ মহাবাটত
কিছু নতুনে খোজে পেলালে
পিছে মহাবাটেও দেখোঁ অৱশেষত
আত বাটে গতি সলালে
নতুন পুৰুষ
কিছু নতুনেও হয়টো নিজৰ বাটত
হয়তোবা উজুটিহে খালে
উজুটিৰ আঘাটৰ তেজ মচি লৈ
হাঁহি হাঁহি পুন আগুৱালে
ভূলেই হওক ভালেই হওক
নতুন পুৰুষ
নিজেই ঠেলি শিকিলে
হাত সাবতি থকা কা-পুৰুষে
তাকে দেখি প্ৰমাদ গনিলে।
নতুন পুৰুষ……
তুমিটো নোহোৱা আৰু ভীৰু কাপুৰুষ
হাতে কামে আজি যদি নোহোৱা পুৰুষ
কাইলৈ তুমি হ’বা পুৰণি পুৰুষ
নতুন পুৰুষ…….
মুকুতিৰ চিন্তা যেতিয়া আবৰে
পুৰণি চিন্তাৰ মকৰা জালে
নতুন পুৰুষে নিয়ে সমাজ গতিক
নতুন নতুন পণ্ঠাৰ ফালে
অগনন উজ্জ্বল ডেকা সুপুৰুষ
আৰু আশাভৰা দৃষ্টিৰ গাভৰুৰ মুখ
মনস পটত আজি জিলিকি উঠে
সেয়ে মোৰ মৰমৰ নতুন পুৰুষ।
Leave a comment