দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
Periodic Classification of Elements
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) মৌলৰ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসার্ধ ক্রমান্বয়ে— HSLC-2019, 2016
(ক) বাঢ়ে
(খ) কমে
(গ) একেই থাকে
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ- (খ) কমে।
(ii) মৌলৰ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসার্ধ ক্ৰমান্বয়ে – HSLC-2016
(ক) বাঢ়ে
(খ) কমে
(গ) একেই থাকে
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ- (খ) কমে।
(iii) মৌল Xয়ে XCI2 সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? HSLC-2019
(ক) Na
(খ) Mg
(গ) Al
(ঘ) Si
উত্তৰঃ- (খ) Mg
(iv) তলৰ কোনটো মৌল 1 বৰ্গৰ অন্তৰ্ভুক্ত নহয়?
(ক) Na
(খ) Rb
(গ) Cs
(ঘ) Ca
উত্তৰঃ- (ঘ) Ca
(v) সবাতোকৈ বিদ্যুৎ ঋণাত্মক মৌলটো হৈছে—
(ক) O
(খ) F
(গ) Cl
(ঘ) Na
উত্তৰঃ- (খ) F
(vi) আধুনিক পর্যাবৃত্ত তালিকাত বৰ্গ আৰু পৰ্যায়ৰ সংখ্যা-
(ক) 18, 7
(খ) 8, 6
(গ) 8, 7
(ঘ) 18, 6
উত্তৰঃ- (ক) 18, 7
(vii) বৰ্গ 1 ৰ মৌলসমূহৰ যোজ্যতা-
(ক) 3
(খ) 2
(গ) 0
(ঘ) 1
উত্তৰঃ- (ঘ) 1
(viii) একেটা পৰ্যায়ৰ পাৰমাণৱিক সংখ্যা বাঢ়িলে বিদ্যুৎ ঋণতা—
(ক) কমে
(খ) একেই থাকে
(গ) বাঢ়ে
(ঘ) নাইকিয়া হয়
উত্তৰঃ- (গ) বাঢ়ে।
(ix) এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব। (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)
(ক) N(7)
(খ) F (9)
(গ) P(15)
(ঘ) Ar (18)
উত্তৰঃ- (ঘ) F(9)
2. অতি চমু উত্তৰঃ-
(i) বৰ্তমানলৈ কিমানটা মৌল আছে?
উত্তৰঃ- 114 টা মৌল।
(ii) অষ্টক সূত্র আগবঢ়োৱা বিজ্ঞানীজনৰ নাম কি?
উত্তৰঃ- জন নিউলেণ্ড।
3. আধুনিক পর্যাবৃত্ত তালিকাত থকা প্রথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
উত্তৰঃ- বেৰিলিয়াম, লিথিয়াম।
4. নিউলেণ্ডৰ অষ্টক সূত্ৰটো লিখা। HSLC-2020
উত্তৰঃ- যেতিয়া মৌলসমূহক পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি সজোৱা হয় তেতিয়া প্রত্যেক অষ্টম মৌলই প্ৰথমটো মৌলৰ গুণ দেখুৱাই আৰু ইয়াৰ পুনৰাবৃত্তি হয়। ইয়াকে অষ্টক সূত্র বোলে।
5. গেলিয়ামৰ উপৰি আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল?
উত্তৰঃ- স্কেনডিয়াম আৰু জাৰমেনিয়াম।
6. এটা পৰমাণুৰ ইলেকট্ৰমীয় বিন্যাস হ’ল 2, 8, 7, এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি?
উত্তৰঃ- মৌলটোৰ পাৰমাণৱিক সংখ্যা হ’ব – 17
7. নিউলেণ্ডৰ সুত্ৰক কিয় অষ্টক সূত্র কোৱা হয়?
উত্তৰঃ- মৌলসমূহৰ পাৰমাণৱিক ভৰৰ ক্ৰমত সজাওতে প্রত্যেক অষ্টম মৌলই প্ৰথমটোৰ গুণ প্ৰদান কৰে আৰু ই পুনৰাবৃত্তি হয়। এই নিয়ম সংগীতৰ অষ্টক নীতিৰ লগত একে হোৱাৰ বাবে এই সূত্রক অষ্টক সূত্র বোলে।
8. আধুনিক পর্যাবৃত্ত তালিকাত কিমানটা বৰ্গ আৰু পর্যায় আছে? আধুনিক পর্যাবৃত্ত তালিকাৰ প্ৰথম বৰ্গত স্থান পোৱা মৌলসমূহৰ নাম লিখা।
উত্তৰঃ- আধুনিক পর্যাবৃত্ত তালিকাত ১৮ টা বৰ্গ আৰু ৭টা পর্যায় আছে।
হাইড্ৰ’জেন, লিথিয়াম, ছড়িয়াম, পটাছিয়াম, ৰুবিডিয়াম, কেজিয়াম, ফ্লেনছিয়াম।
9. ডবাৰেইনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি কি?
উত্তৰঃ- ড’বাৰেইনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ হ’ল- (i) ড’বাৰেইনাৰে অকলে তিনিটা মৌল ট্রয়াড গঠন কৰিছিল। এই ত্ৰি-মৌল শ্রেণী বিভাগ সকলো ক্ষেত্ৰত গ্রহণযোগ্য নাছিল।
(ii) সেই সময়ত বৰ্তি থকা সকলো মৌলৰ শ্ৰেণী বিভাজন কৰিব পৰা নাছিল।
10. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল? HS-2020
উত্তৰঃ- নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হ’ল—
(i) নিউলেণ্ডছৰ অষ্টক সূত্রানুযায়ী একেধৰণৰ গুণ বিশিষ্ট মৌলৰ সংখ্যা একেবাৰে কম পোৱা গৈছিল।
(ii) কেলছিয়াম মৌল (Ca) লৈকে এই সূত্র প্রযোজ্য। কিয়নো Ca পাছৰ 8 টা মৌলই প্ৰথমটোৰ দৰে একে গুণ নেদেখুৱায়।
(iii) নতুনকৈ আৱিষ্কাৰ হোৱা মৌলবোৰৰ ক্ষেত্ৰত এই সূত্র প্রয়োগ নহয়। নিউলেণ্ডছৰ মতে পৃথিৱীত মাত্র 56টা মৌল আছে।
11. মেণ্ডেলিভৰ পর্যায়বৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা- K, C, Al, Si, Ba
উত্তৰঃ- K—K2O C—CO,
AI—AI2O3 Si—SiO2
Ba—BaO
12. মেণ্ডেলিভে তেওঁৰ পৰ্যায়বৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতি তিনিটা উল্লেখ কৰা।
উত্তৰঃ- পর্যাবৃত্ত তালিকা প্ৰস্তুতিৰ সময়ত মেণ্ডেলিভে মানিচলা নীতিবোৰ হ’ল-
(i) এটা মৌলই গঠন কৰা অক্সাইড আৰু হাইড্ৰাইডৰ সংকেত এটা মৌলৰ প্ৰাথমিক গুণ বুলি ধৰি মেণ্ডেলিভে শ্রেণী বিভাগ কৰিছিল।
(ii) মৌলবোৰৰ পাৰমাণৱিক ভৰ অনুযায়ী সজোৱা।
(iii) প্রত্যেক শ্ৰেণীৰ মৌলবোৰ ৰাসায়নিক ধর্মবোৰ একেই।
13. সম্ভ্রান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? HSLC-2018
উত্তৰঃ- সম্ভ্ৰান্ত গেছৰ মৌলবোৰ ৰাসায়নিকভাৱে নিষ্ক্রিয়। ইহঁতৰ যোজ্যতা শূন্য, আয়নীকৰণ শক্তি অতি উচ্চ আৰু ইলেকট্র’ন আসক্তি শূন্য। এই সম্ভ্রান্ত গেছবোৰ বাকী গেছবোৰৰ ধৰ্মৰ লগত নিমিলে। সেই বাবে এই গেছবোৰক বেলেগ এটা শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰা হৈছে। এই গেছবোৰ নতুন স্থানত ৰাখিলে আগৰে পৰা স্থান দিয়াৰ মৌলবোৰৰ অৱস্থিতিত অদল বদল কৰিব নালাগে।
14. আধুনিক পর্যাবৃত্ত সূত্ৰটো লিখা। আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোৱাহবোৰ কিদৰে দূৰ কৰিছিল? HSLC-2020
উত্তৰঃ- মৌলসমূহৰ ভৌতিক আৰু ৰাসায়নিক ধর্ম ইহঁতৰ পৰমাণু ক্রমাংকৰ ঊর্ধক্রম অনুযায়ী পর্যায়ক্রমে সলনি হয়। ইয়াক আধুনিক পর্যাবৃত্ত সূত্র বোলে।
আধুনিক পর্যায়বৃত্তৰ তালিকাই মেণ্ডেলিভৰ পর্যায়বৃত্ত তালিকাৰ আসোঁৱাহ দূৰ কৰিছে। আধুনিক পর্যায়বৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত নিৰ্ভৰশীল।
(i) গধুৰ আৰু পাতল মৌলৰ ক্ৰমৰ ভুল শুদ্ধ কৰা হৈছে।
(ii) আধুনিক পর্যায়বৃত্ত তালিকাই সমস্থানিকৰ স্থান সমস্যা দূৰ কৰিছে। কাৰণ সমস্থানিকবোৰ একেই পাৰমাণৱিক সংখ্যা বিশিষ্ট।
15. নাম লিখা—
(a) বাহিৰতম কক্ষত এটাকৈ ইলেকট্র’ন থকা তিনিটা মৌল।
(b) বাহিৰতম কক্ষত দুটাকৈ ইলেকট্র’ন থকা দুটা মৌলৰ।
(c) পৰিপূৰ্ণ বাহিৰতম কক্ষত থকা তিনিটা মৌলৰ।
উত্তৰঃ- (a) Li, Na, K
(b) Ba, Ca
(c) He, Ne, Ar
16. এটা মৌলৰ পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল- HSLC-2016
2.8.1
(i) মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান?
(ii) তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য আছে?
(বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া আছে)
K (19), Cl (17), Mg(12), Ar (18)
উত্তৰঃ- (i) 11 (ii) K (19)
17. পর্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব বুলি অনুমান কৰিবা- Ga, Ge, As, Se, Be
উত্তৰঃ- উল্লেখ কৰা মৌলবোৰৰ ভিতৰত Be য়ে অধিক ধাতৱীয় ধর্ম সম্পন্ন কৰে।
18. কোনটো মৌলৰ আছে—
(a) ইলেকট্র’নপূর্ণ দুটা কক্ষ?
(b) 2, 8, 2 ইলেকট্র’নীয় বিন্যাস?
(c) যোজন কক্ষত চাৰিটা ইলেকট্ৰ’নৰ সৈতে মুঠ তিনিটা কক্ষ?
(d) যোজন কক্ষত তিনিটা ইলেকট্ৰ’নৰ সৈতে মুঠ দুটা কক্ষ?
(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্র’ন?
উত্তৰঃ- (a) Ne (b) Mg (c) Si (d) B (e) C
19. তিনিটা মৌলৰ পাৰমাণৱিক সংখ্যাক্রমে-
4, 8, 10.
(i) মৌলকেইটা চিনাক্ত কৰা
(ii) মৌলকেইটাৰ ইলেকট্রনীয় বিন্যাস লিখা
(iii) পর্যাবৃত্ত তালিকাত মৌলকেইটাৰ পৰ্যায় চিনাক্ত কৰা।
উত্তৰঃ- (i) 4 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলটো বেৰিয়াম Be
৪ পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলটো অক্সিজেন O
10 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলটো নিয়ন Ne
(ii) Be ৰ ইলেকট্রনীয় বিন্যাস = 2.2
O ” ” ” = 2.6
Ne ” ” ” = 2.8
(iii) পর্যাবৃত্ত তালিকাত ইহঁতৰ স্থান দ্বিতীয় পর্যায়।
20. (a) পর্যাবৃত্ত তালিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে।
(b) পর্যাবৃত্ত তালিকাত ফ্লুৰিণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৱৰ কি কি সাধাৰণ ধৰ্ম আছে?
উত্তৰঃ- (a) মৌলবোৰৰ যোজক ইলেকট্র’ন একে, অর্থাৎ যোজ্যতা 3; ইহঁত ধাতু গুণ বিশিষ্ট আৰু বিদ্যুতৰ ভাল পৰিবাহী৷
(b) ইহঁত একেই অধাতু গুণ বিশিষ্ট। ইহঁত বিদ্যুতৰ কুপৰিবাহী৷
21. এটা পৰমাণুৰ ইলেকট্ৰ’নীয় বিন্যাস হ’ল 2, 8, 7
(a) এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি? HSLC-2020
(b) তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে) HSLC-2019, 2017
N (7) F (9) P (15) Ar (18)
উত্তৰঃ- (a) মৌলটোৰ পাৰমাণৱিক সংখ্যা হ’ব 17
(b) F(9), (2, 7) ৰাসায়নিকভাৱে মৌলৰ লগত একে ৰাসায়নিক সাদৃশ্য থকা মৌলটো হ’ব F(9) কাৰণ ইয়াৰ ইলেকট্র’নীয় বিন্যাস 2,7 গতিকে যোজ্যতা একেই।
22. 16 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলটোৰ উদাহৰণৰ আলমত আধুনিক পর্যাবৃত্ত তালিকাত মৌলৰ ইলেকট্রনীয় বিন্যাসৰ লগত ইয়াৰ অৱস্থানৰ সম্পৰ্ক লিখা আৰু পাৰমাণৱিক সংখ্যাৰ দ্বাৰা মৌলৰ যোজ্যতা কেনেকৈ নিৰূপণ কৰা হয় বৰ্ণনা কৰা।
উত্তৰঃ-
z=16
ইলেকট্রনীয় বিন্যাস 2.8.6। মৌলটো ছালফাৰ। ই তৃতীয় পৰ্যায়ত আছে কাৰণ ইয়াত তিনিটা শক্তি স্তৰ (K.L.M) আছে। ই 16 নং বৰ্গত অৱস্থিত (10+6)। যোজক ইলেকট্ৰনৰ সংখ্যাই বর্গ নির্ণয়ত সহায় কৰে।
মৌলটোৰ যোজক ইলেকট্ৰনৰ সংখ্যা 6 সেই কাৰণে সম্ভ্ৰান্ত গেছৰ ইলেকট্ৰনীয় সজ্জা পাবলৈ 2টা ইলেকট্ৰনৰ দৰকাৰ। গতিকে ইয়াৰ যোজ্যতা 2। মৌলৰ যোজক ইলেকট্ৰনৰ সংখ্যা 1,2 বা 3টা হ’লে যোজ্যতা 1,2 বা 3 হয়। আনহাতে যোজক ইলেকট্ৰনৰ সংখ্যা 5, 6 বা 7 হ’লে যোজ্যতা ক্রমে 8-5, 8-6 বা 8-7 হয়।
Leave a comment