দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
বিদ্যুৎ-প্রবাহৰ চুম্বকীয় ক্রিয়া
Magnetic Effects of Electric Current
1. শুদ্ধ উত্তৰ বাছি উলিওৱা :
(i) প্রবাহযুক্ত দীঘল ছলেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্র- HS-2015, 2023
(ক) শূন্য
(খ) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ে
(গ) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমে
(ঘ) সকলো বিন্দুতে একে থাকে।
উত্তৰঃ-(ঘ) সকলো বিন্দুতে একে থাকে
(ii) চুম্বকক্ষেত্র এখনে বল প্রয়োগ কৰিব নোৱাৰে- HS-2010
(ক) গতিশীল চুম্বকৰ ওপৰত
(খ) স্থিৰ চুম্বকৰ ওপৰত
(গ) গতিশীল আধানৰ ওপৰত (চুম্বকক্ষেত্ৰৰ একে বা বিপৰীত দিশত গতি নোহোৱা)
(ঘ) স্থিৰ আধানৰ ওপৰত
উত্তৰঃ-(ঘ) স্থিৰ আধানৰ ওপৰত
(iii) প্রবাহ চালিত বৃত্তাকাৰ কুণ্ডলীৰ কেন্দ্ৰৰ মাজেৰে যোৱা চুম্বকীয় ক্ষেত্ৰৰেখাবোৰ HS-2012
(ক) বৃত্তাকাৰ
(খ) অর্ধবৃত্তাকাৰ
(গ) ঋজু
(ঘ) বক্র
উত্তৰঃ-(গ) ঋজু
(iv) বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে—
(ক) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া
(খ) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্ৰক্ৰিয়া
(গ) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া
(ঘ) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া।
উত্তৰঃ-(গ) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া
(v) পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চুম্বক ক্ষেত্ৰৰ দিশ হ’ব—
(ক) দক্ষিণমুৱা
(খ) পূৱমুৱা
(গ) নিম্নমুখী
(ঘ) উর্দ্ধমুখী
উত্তৰঃ-(ঘ) উর্দ্ধমুখী
(vi) তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে। আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি-
(ক) দুপাকত সলনি হ’ব
(খ) এপাকত সলনি হ’ব
(গ) আধাৰ পাকত সলনি হ’ব
(ঘ) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব
উত্তৰঃ-(গ) আধাৰ পাকত সলনি হ’ব
(vii) হ্ৰস্ববৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্রবাহ-
(ক) বুজন পৰিমাণে কমি যায়
(খ) সলনি নহয়
(গ) বুজন পৰিমাণে বৃদ্ধি পায়
(ঘ) অবিৰতভাৱে সলনি হয়
উত্তৰঃ-(গ) বুজন পৰিমাণে বৃদ্ধি পায়
(viii) বৈদ্যুতিক প্রবাহ উৎপন্ন কৰা সঁজুলিক কি বোলা হয়?
(ক) জেনেৰেটৰ
(গ) এমিটাৰ
(খ) গেলভেনেটৰ
(ঘ) মটৰ
উত্তৰঃ-(ক) জেনেৰেটৰ
(ix) ছলেনয়ডৰ কুণ্ডলীটোৰ বাহিৰত ক্ষেত্ৰৰেখাবোৰৰ দিশ কি
(ক) উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ
(খ) দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ
(গ) উত্তৰ মেৰুৰ পৰা কেন্দ্ৰলৈ
(ঘ) কেন্দ্ৰৰ পৰা দক্ষিণ মেৰুলৈ
উত্তৰঃ- (ক) উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ
(x) চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰ’টন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ’ব পাৰে?
(ক) ভৰ
(খ) দ্ৰুতি
(গ) বেগ
(ঘ) ভৰবেগ
উত্তৰঃ-(গ) বেগ
(xi) বৈদ্যুতিক মটৰত দিশ পৰিৱৰ্তক হিচাপে কিহে কাম কৰে-
(ক) ৰাচৰিং
(খ) শিল্প ৰিং
(গ) স্পিলট ৰিং
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ- (গ) স্পিলট ৰিং
(xii) চুম্বকীয় ক্ষেত্ৰৰেখা বিলাকৰ ঘনত্বই সেই ঠাইত ক্ষেত্ৰখনৰ কি নিৰ্দেশ কৰে—
(ক) প্রাবল্য
(গ) দিশ
(খ) তৰংগ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ- (ক) প্রাবল্য
(xiii) বৈদ্যুতিক মটৰৰ ভিত্তি কি?
(ক) ফ্লেমিঙৰ সোঁহতীয়া নীতি
(খ) ফ্লেমিঙৰ বাঁওহতীয়া নীতি
(গ) এডিচনৰ সোঁহতীয়া নীতি
(ঘ) এডিচনৰ বাঁওহতীয়া নীতি
উত্তৰঃ-(খ) ফ্লেমিঙৰ বাঁওহতীয়া নীতি
(xiv) তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে?
(ক) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত
(খ) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত
(গ) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছু মান পৰিধিমুখী ৰেখাৰে গঠিত
(ঘ) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক বৃত্তৰে গঠিত
উত্তৰঃ-(ঘ) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক বৃত্তৰে গঠিত
2. এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা। HSLC-2016
উত্তৰঃ- যান্ত্রিক শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰাই বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি।
3. বিদ্যুৎ-চুম্বক মানে কি? HSLC-2011
উত্তৰঃ- ছলেনয়ডত বিদ্যুত প্রবাহ চালিত কৰি চুম্বকীয় পদাৰ্থৰ পৰা প্ৰস্তুত কৰা ক্ষণস্থায়ী চুম্বকক বিদ্যুত চুম্বক বোলে।
4. পৰিৱৰ্তী বিদ্যুৎ উৎপাদক এটাক একমুখী বিদ্যুৎ উৎপাদকলৈ ৰূপান্তৰৰ বাবে কি পৰিবৰ্তন কৰিব লাগিব?
উত্তৰঃ- পৰিবৰ্তী বিদ্যুৎ উৎপাদক এটাক একমুখী বিদ্যুৎ উৎপাদকলৈ ৰূপান্তৰৰ বাবে দুটা শ্লিপ ৰিঙৰ সলনি এটা দ্বিখণ্ডিত ৰিঙক পৰিবৰ্তক হিচাপে ব্যৱহাৰ কৰিব লাগিব।
5. দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয়?
উত্তৰঃ- দণ্ডচুম্বকৰ চাৰিওফালে এটা চুম্বকক্ষেত্ৰৰ সৃষ্টি হয়। এই চুম্বকক্ষেত্ৰৰ প্ৰভাৱতেই দণ্ডচুম্বকৰ কাষলৈ অনা দিগদর্শন যন্ত্ৰৰ কাঁটাডালৰ বিক্ষেপণ ঘটে। কিয়নো দিগ্দর্শন যন্ত্ৰৰ কাঁটাডালৰ শক্তি দণ্ড চুম্বকৰ শক্তিতকৈ বহু কম আৰু কাঁটাডাল অতি সৰু। আকৌ দণ্ডচুম্বকৰ মেৰুৰ আকৰ্ষণ বিকৰ্ষণৰ প্ৰভাৱ কাঁটা চুম্বকতকৈ বহুত বেছি।
6. কুণ্ডলী এটাত আৱিষ্ট বিদ্যুৎ প্রবাহৰ দিশ—জানিবলৈ ব্যৱহৃত নিয়মটো উল্লেখ কৰা। HSLC-2016
উত্তৰঃ- কুণ্ডলী এটাত আৱিষ্ট বিদ্যুৎ প্ৰৱাহৰ দিশ জানিবলৈ ব্যৱহাৰ কৰা নিয়মটো হ’ল—
ফ্লেমিঙৰ সোঁহতীয়া নীতি : সোহাঁতৰ বুঢ়া, তর্জনী আৰু মধ্যমা আঙুলী পৰস্পৰ লম্ব দিশত মেলি ধৰিলে তর্জনী আঙুলীয়ে যদি চৌম্বকক্ষেত্ৰৰ দিশ আৰু বুঢ়া আঙুলীয়ে যদি পৰিবাহীৰ গতিৰ দিশ সূচায় তেন্তে মধ্যমা আঙুলীয়ে আৱিষ্ট বিদ্যুৎ প্রবাহৰ দিশ সূচাব।
7. চৌম্বক বলৰেখাৰ তিনিটা ধৰ্ম লিখা। দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে?
উত্তৰঃ- চুম্বকীয় বলৰেখাৰ তিনিটা ধৰ্ম হ’ল-
(i) প্রত্যেক কল্পিত ক্ষেত্ৰৰেখাই উত্তৰ মেৰুত উৎপন্ন হৈ দক্ষিণ মেৰুত শেষ হয়। (ii) চুম্বকীয় ক্ষেত্ৰৰেখাবোৰ অবিচ্ছিন্ন ৰেখা।
(iii) ক্ষেত্ৰৰেখাবোৰে এডাল আনডালৰ সমান্তৰাল।
চুম্বকৰ অৱস্থিতি অনুসাৰে এটা নিৰ্দিষ্ট বিন্দুত বলৰেখাৰ দিশ নির্দিষ্ট। একেটা বিন্দুত একে সময়তে চুম্বকক্ষেত্ৰৰ দুটা ভিন্ন দিশত থাকিব নোৱাৰে। সেইবাবে দুডাল বলৰেখাই কেতিয়াও কটাকটি নকৰে।
8. চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে, বুজাই লিখা। চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সর্বোচ্চ হয়? HSLC-2019
উত্তৰঃ- দীঘল অন্তৰিত তামৰ তাঁৰ এডাল বৃত্তাকাৰ পাকত পকাই থাকি স্প্রিং আকৃতিৰ কুণ্ডলী সৃষ্টি কৰিলে তাক চলেনইড বোলে। চলেনইডৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত কৰিলে ই চুম্বকৰ দৰে আচৰণ কৰে। চলেনইডৰ এটা মূৰে চুম্বকৰ উত্তৰ মেৰু আৰু আনটো মূৰে চুম্বকৰ দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে যেতিয়া ইয়াৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰা হয়। তলত ইয়াক চিত্ৰৰ সহায়ত দেখুওৱা হ’ল—
চিত্র : প্রবাহযুক্ত এটা চলেইনইড প্রবাহৰ দিশ চৌম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হ’লে চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল সর্বোচ্চ হয়।
9. ফ্লেমিঙৰ বাঁওহতীয়া নিয়মটো লিখা।
উত্তৰঃ- এই নিয়ম অনুসৰি যদি আমি বাওঁহাতৰ বুঢ়া আঙুলি, তর্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিওঁ তেন্তে তর্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰৱাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্রিয়াশীল বলৰ দিশ সূচাব।
10. ছলেনয়ড কাক বোলে? (HSLC-2014) বিদ্যুৎবাহী ছলেনয়ড এটাৰ বাহিৰত আৰু ভিতৰত থকা চুম্বক বলৰেখাৰ দিশ উল্লেখ কৰাঁ।
উত্তৰঃ- দীঘল অন্তৰিত তাঁৰ এডাল বৃত্তাকাৰ পাকত পকাই থাকিলে চুঙা আকৃতিৰ স্প্রিং সদৃশ যি কুণ্ডলীৰ সৃষ্টি হয়, তাকে ছলেনয়ড বোলে।
বিদ্যুৎবাহী ছলেনয়ড এটাৰ বাহিৰত ক্ষেত্ৰৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে আৰু ভিতৰত থকা চুম্বক সমান্তৰাল বলৰেখাবোৰ দক্ষিণ মেৰুৰ পৰা ওলাই উত্তৰ মেৰুত শেষ হোৱা চুম্বকৰ দৰে আচৰণ কৰে।
11. বৈদ্যুতিক মটৰৰ মূল নীতিটো উল্লেখ কৰা। বৈদ্যুতিক মটৰৰ কার্যপ্রণালী ব্যাখ্যা কৰা। HSLC-2018, 2019
উত্তৰঃ- বৈদ্যুতিক মটৰৰ মূলনীতিটো হ’ল— প্রবাহ চালিত কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ৰাখিলে কুণ্ডলীটোৰ ওপৰত এটা বলে ক্ৰিয়া কৰে আৰু কুণ্ডলীটো ঘুৰিবলৈ ধৰে। কার্যপ্রণালীঃ চৌম্বক ক্ষেত্ৰত প্ৰবাহযুক্ত পৰিবাহীত প্রযুক্ত বলৰ দিশৰ বাবে ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম প্রয়োগ কৰিলে আমি পাওঁযে ধাতব কুণ্ডলীৰ এটা বাহুত ক্ৰিয়া কৰা বলে ইয়াক তললৈ ঠেলে আৰু আনটো বাহুত প্ৰয়োগ কৰা বলে ইয়াক ওপৰলৈ ঠেলে, ফলা আঙুঠিটোৱে দিক্ পৰিৱৰ্তক হিচাপে থাকি অক্ষ দণ্ডডাল একে দিশত ঘূৰি থকাত সহায় কৰে৷
12. এটা বৈদ্যুতিক অভেনৰ ক্ষমতা 2KW আৰু ইয়াক 5A প্রবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ (220V)ৰ লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা? আলোচনা কৰা ।
উত্তৰঃ- ইয়াত,
P = 2KW = 2000W
V = 220V
আমি জানো যে,
বৈদ্যুতিক অভেনটোৱে কঢ়িওৱা প্রবাহ প্রায় 9.09
13. ফেৰাডেৰ বিদ্যুৎ চুম্বকীয় আৱেশৰ নীতিটো লিখা। বিদ্যুৎ চুম্বকৰ প্ৰাৱল্য বঢ়োৱাৰ যিকোনো দুটা উপায় লিখা।
উত্তৰঃ- ফেৰাডেৰ বিদ্যুৎ-চুম্বকীয় আৱেশৰ নীতিটো হ’ল- পৰিবাহী কুণ্ডলী এটাৰ মাজেৰে যোৱা চুম্বক ক্ষেত্ৰৰেখাৰ সংখ্যাৰ যেতিয়াই সলনি হয়, তেতিয়াই তাত এক ক্ষণস্থায়ী বিভৱ ভেদ আৱিষ্ট হয়। এই আৱিষ্ট বিভৱভেদে কুণ্ডলীটোত এটা ক্ষণস্থায়ী প্রবাহৰ সৃষ্টি কৰে। যিমান সময় ক্ষেত্ৰৰেখাৰ সলনি ঘটি থাকে, সিমান সময়হে এই আৱিষ্ট বিভৱভেদ থাকে। আৱিষ্ট বিভৱ ভেদৰ মান কুণ্ডলীটোৰ মাজেৰে যোৱা চুম্বকীয় ক্ষেত্ৰৰেখাৰ সলনিৰ হাৰৰ সমানুপাতিক।
বিদ্যুৎচুম্বকৰ প্ৰাৱল্য বঢ়োৱাৰ দুটা উপায় হ’ল-
(i) প্ৰবাহৰ মান বঢ়াব লাগিব।
(ii) কুণ্ডলীটোৰ প্ৰতি একক দৈর্ঘ্যত থকা পাকৰ সংখ্যা বৃদ্ধি কৰিব লাগিব।
14. পৰীক্ষা এটাৰ সহায়ত বিদ্যুৎ চুম্বকীয় আৱেশৰ পৰিঘটনা বুজাই লিখা। HSLC-2015
উত্তৰঃ- চিত্ৰত দেখুওৱা ধৰণে অন্তৰিত তাঁৰৰ বহুতো পাকৰ এটা কুণ্ডলীৰ দুয়ো মূৰ গেলভেনমিটাৰ এটাৰ লগত সংযোগ কৰা হ’ল।
এতিয়া শক্তিশালী দণ্ডচুম্বকৰ উত্তৰ মেৰুটো কুণ্ডলীটোৰ ফালে ক্ষিপ্র গতিত আনিলে গেলভিনমিটাৰৰ কাঁটাডালৰ বিক্ষেপন ঘটে। উত্তৰ মেৰুৰ দৰে দক্ষিণ মেৰুটো কুণ্ডলীটোৰ ওচৰলৈ আনিলেও চুম্বক কাঁটাৰ বিক্ষেপন হয়। চুম্বকডাল স্থিৰ ৰাখি কুণ্ডলীটোক চুম্বকডালৰ ফালে ওচৰলৈ আনিলে বা আঁতৰাই নিলেও গেলভেনমিটাৰৰ কাঁটাৰ বিক্ষেপন হয়। আকৌ চুম্বকডাল আঁতৰাই আনিলে কাঁটাডালৰ বিপৰীত দিশত বিক্ষেপন ঘটে। কিন্তু দুয়োটা স্থিৰ থাকিলে বা দুয়োটাক একে দিশত একে বেগেৰে গতি কৰালে কাঁটাডালৰ বিক্ষেপন নঘটে।
গতিকে এডাল চুম্বক আৰু এটা কুণ্ডলীৰ মাজত আপেক্ষিক বেগ থাকিলেহে তাত এটা ক্ষণস্থায়ী বিভৱ ভেদৰ সৃষ্টি হ’ব পাৰে আৰু প্ৰবাহৰ সৃষ্টি হয়। আপেক্ষিক বেগ নোহোৱা হোৱাৰ লগে লগে আৱিষ্ট বিভৱভেদ আৰু বিদ্যুৎ প্রবাহ দুয়োটাই নোহোৱা হয়।
Leave a comment