দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
আমাৰ পৰিৱেশ
Our Environment
1. শুদ্ধ উত্তৰ বাছি উলিওৱা :
(i) তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে- HSLC-2018
(a) ঘাঁহ, ফুল আৰু চামৰা ।
(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক।
(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস।
(d) পিঠা, কাঠ আৰু ঘাঁহ।
উত্তৰঃ- (a), (c) আৰু (d)
(ii) তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয়? HSLC-2015
(a) পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা
(b) পুৰণি ফটা কাপোৰ
(c) প্লাষ্টিকৰ মোনা
(d) পুৰণি বাতৰি কাকত
উত্তৰঃ- (c) প্লাষ্টিকৰ মোনা
(iii) তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে— HSLC-2020
(a) ঘাঁহ, ঘেহু আৰু আম।
(b) ঘাঁহ, ছাগলী আৰু মানুহ।
(c) ছাগলী, গৰু আৰু হাতী।
(d) ঘাঁহ, মাছ আৰু ছাগলী।
উত্তৰঃ- (b) ঘাঁহ, ছাগলী আৰু মানুহ।
(iv) তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয়?
(ক) পাকঘৰ আৰু পাচলিৰ আৱৰ্জনা
(খ) পুৰণি ফটা কাপোৰ
(গ) প্লাষ্টিকৰ মোনা
(ঘ) পুৰণি বাতৰি কাকত।
উত্তৰঃ- (গ) প্লাষ্টিকৰ মোনা।
(v) তলত দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনীয়া দ্রব্য। HSLC-2016
(ক) পলিথিনৰ মোনা
(খ) আমৰ বাকলি
(গ) ফালি যোৱা চামৰাৰ মোনা
(ঘ) প্লাষ্টিকৰ বটল
উত্তৰঃ- (খ) আমৰ বাকলি
(vi) বিষাক্ত গেছ বিধ হ’ল—
(ক) O2
(খ) O3
(গ) H3
(ঘ) এটাও নহয়
উত্তৰঃ- (খ) O3
(vii) বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জনেক- ক বাধা দিয়ে
(a) অৱলোহিত
(b) দৃশ্যমান পোহৰ
(c) অতিবেঙুণীয়া ৰশ্মি
(d) (a) আৰু (c) দুয়োটা
উত্তৰঃ- (c) অতিবেঙুণীয়া ৰশ্মি।
(viii) তলত উল্লেখ কৰা বিলাকৰ কোনকেইটা পৰিৱেশ অনুকূল অভ্যাসৰ অন্তর্ভুক্ত—
(ক) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস।
(খ) অপ্রয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইছ বন্ধ কৰি ৰখা অভ্যাস।
(গ) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনানিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজকাঢ়ি যোৱা অভ্যাস।
(ঘ) ওপৰৰ আটাইকেইটা অভ্যাস।
উত্তৰঃ- (ঘ) ওপৰৰ আটাইকেইটা অভ্যাস।
2. CFCৰ ব্যৱহাৰ কিয় আমি নিয়ন্ত্ৰণ কৰিব লাগে?
উত্তৰঃ- অত্যধিক CFCৰ ব্যৱহাৰে অ’জন স্তৰৰ ক্ষতি কৰে আৰু গোলকীয় উত্তাপ বঢ়ায়। সেইবাবে ইয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা দৰকাৰ।
3. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদাৰ্থ হয়, তেনেহ’লে পৰিৱেশৰ ওপৰত একো প্ৰভাৱ নপৰাকৈ থাকিবনে?
উত্তৰঃ- যদি আমি সৃষ্টি কৰা সকলো বৰ্জিত পদাৰ্থ সৰলীকৃত পদাৰ্থলৈ পৰিৱৰ্তন কৰিব পাৰোঁ তেতিয়া সেইবোৰ বৰ্জিত পদাৰ্থৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত নপৰে।
4. কিছুমান পদাৰ্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয়?
উত্তৰঃ- যিবিলাক পেলনীয়া দ্ৰব্যৰ সময় সাপেক্ষে জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা ক্ষয় হৈ মাটিৰ লগত মিলি যায়, সেইবিলাক জীৱ নিম্নিকৰণ আৰু যিবিলাক পেলনীয়া দ্রব্য পৰিৱৰ্তন নোহোৱাকৈ থাকি যায়, সেই বিলাক জীৱ অনিম্নিকৰণ।
5. কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব?
উত্তৰঃ- এটা খাদ্যজালৰ জীৱক মাৰি পেলালে, পৰৱৰ্তী খাদ্যজালৰ জীৱবোৰো ধ্বংস হ’ব। কাৰণ খাদ্যৰ বাবে জীৱবোৰ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল৷ ইয়াৰ কুপ্রভাব পৰিৱেশৰ ওপৰত পৰিব।
6. অজৈৱ নিম্নীকৰণ পদার্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যি কোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা। HSLC-2019
উত্তৰঃ- জৈৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনা হৈছে— (i) জৈৱ অনিম্নীকৰণ পদাৰ্থবোৰ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব নোৱাৰি বাবে এইবোৰে পৰিৱেশ প্ৰদূষিত কৰে।
(ii) জৈৱ অনিম্নীকৰণ পদাৰ্থবোৰ সিচৰিত হৈ আৱৰ্জনাৰ সৃষ্টি কৰে।
7. খাদ্যজাল কি? ইয়াৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ- খাদ্যজাল হ’ল শাখা সন্নিৱিষ্ট পৌষ্টিক স্তৰৰ সমষ্টি।
পৰিস্থিতিতন্ত্র একোটা বৰ্তি থকা প্ৰক্ৰিয়াত খাদ্যজালৰ গুৰুত্ব অপৰিসীম। খাদ্যজালৰ অন্তৰ্গত কোনো জীৱই খাদ্যৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া নহয়। কোনো পৌষ্টিক স্তৰতে যাতে অধিক জনসংখ্যা বৃদ্ধি হ’ব নোৱাৰে, সেয়া খাদ্যজালে নিয়ন্ত্ৰণ কৰে গতিকে খাদ্যজালে পৰিস্থিতিতন্ত্ৰৰ খাদ্য সুৰক্ষিত কৰে আৰু ইয়াক সমতূল্য কৰি ৰাখে।
8. এটা খাদ্য শৃংখলত প্ৰথম পৌষ্টিক স্তৰটো সদায় সেউজীয়া উদ্ভিদ কিয়?
উত্তৰঃ- সেউজীয়া উদ্ভিদে পত্ৰহৰিৎ আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত অজৈৱিক পদাৰ্থবোৰক জটিল জৈৱিক পদাৰ্থলৈ (চেনি আৰু শৰ্কৰা) লৈ ৰূপান্তৰ কৰে। সেয়েহে সেউজীয়া উদ্ভিদক প্রথম পৌষ্টিক স্তৰ হিচাপে গন্য কৰা হয়।
9. পৰিস্থিতিন্ত্ৰত বিয়োজকৰ ভূমিকা কি? এটা পৰিস্থিতিতন্ত্ৰত শক্তিৰ পৰিবহণৰ চিত্ৰ আঁকা। HSLC-2018
উত্তৰঃ- পৰিস্থিতিন্ত্ৰত বিয়োজকৰ ভূমিকা হ’ল— ইহঁতে জটিল জৈৱ যৌগবিলাকক বিয়োজন ঘটাই সৰল অজৈৱ পদাৰ্থলৈ পৰিৱৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিযে; সেইবিলাককে উদ্ভিদে পুনৰ গ্ৰহণ কৰে ।
এটা পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিবহণৰ চিত্ৰ-
উচ্চ স্তৰৰ মাংসহাৰী প্ৰাণী
মাংসহাৰী প্ৰাণী
তৃণভোজী প্রাণী
উৎপাদক
সূৰ্যৰ পোহৰ
10. পৰিস্থিতি তন্ত্ৰৰ উপাদান বিলাক কি কি ব্যাখ্যা কৰা। আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদার্থ এটা উল্লেখ কৰা। HSLC-2017
উত্তৰঃ- পৰিস্থিতি তন্ত্ৰৰ উপাদন : জৈৱিক আৰু অজৈৱিক উপাদান। জৈৱিক উপাদান হৈছে প্ৰকৃতিত থকা গছ-লতাকে ধৰি জীৱসমূহ অজৈৱিক উপাদান : অজৈৱিক উপাদানৰ ভিতৰত পৰে ভৌতিক কাৰকসমূহ যেনে- উষ্ণতা, বৰষুণ, বতাহ, আর্দ্রতা, মাটি আৰু খনিজ লৱণসমূহ।
জীৱ অনিম্নিকৰণ পদাৰ্থৰ এটা উদাহৰণ- প্লাষ্টিক।
11. অ’জ’ন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰঃ- অ’জ’ন হ’ল অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত। ইয়াৰ সংকেত হ’ল O3 বায়ুমণ্ডলৰ উপৰিভাগত থকা বিভিন্ন গেছৰ এটা আৱৰণে পৃথিৱীৰ বাহিৰৰ বিভিন্ন ধৰণৰ বিষাক্ত ৰশ্মিৰ পৰা পৃথিৱীক ৰক্ষা কৰি থাকে। এই স্তৰৰ অ’জ’ন গেছে সূৰ্যৰ পৰা বিকিৰণ হোৱা অতি বিষাক্ত বেঙুনীয়া ৰশ্মিসমূহ পৃথিৱীলৈ অহাত বাধা দিয়ে। অ’জ’ন গেছৰ স্তৰ নাথাকিলে পৃথিৱীৰ জীৱ সমূহ ধ্বংস হ’লহেঁতেন।
12. পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা। HSLC-2020
উত্তৰঃ- বৰ্জিত পদাৰ্থবোৰে সৃষ্টি কৰা সমস্যা দূৰ কৰাৰ বাবে মই লব’লৈ বিচৰা দুটা পদ্ধতি হ’ল-
(i) বর্জিত পদার্থবোৰ (জাৱৰ) পেলোৱাৰ পূৰ্বে পদাৰ্থবোৰৰ পৰা জীৱ নিম্নিকৰণ আৰু অজীৱ নিম্নিকৰণ পৃথক কৰাৰ ব্যৱস্থা কৰিম।
(ii) যিবোৰ পদাৰ্থ পুনৰবাৰ ব্যৱহাৰ কৰিব পাৰি। যেনে— কাগজ, ধাতু, ৰবৰ আদি পৃথক কৰি তাক পুনৰ ব্যৱহাৰৰ বাবে সহজ কৰি ৰাখিম।
13. কৃষিত প্ৰয়োগ কৰা কীটনাশক দ্রব্যবোৰে কেনেকৈ আমাক প্ৰভাৱান্বিত কৰে- ব্যাখ্যা কৰা। HSLC-2016
উত্তৰঃ- কৃষিত প্ৰয়োগ কৰা কীটনাশক দ্ৰব্যবোৰে আমাক অতি বেয়াকৈ প্ৰভাৱান্বিত কৰে। কৃষিত প্ৰয়োগ কৰা কীটনাশক দ্ৰব্যৰ অধিকাংশই উদ্ভিদে শিপাৰ সহায়ত শোষণ কৰি লয়। আন একাংশ আকৌ পানীৰ দ্বাৰা পুখুৰী, হ্ৰদ আদিলৈ প্রবাহিত হয়। তেতিয়া জলজ উদ্ভিদ বা জলজ প্রাণীবোৰৰ দেহত সেই ৰাসায়নিক কীটনাশক পদাৰ্থবোৰে প্ৰৱেশ কৰে। এইদৰে এই ৰাসায়নিক দ্রব্যবোধ খাদ্যশৃংখলত প্ৰৱেশ কৰে। ক্ৰমান্বয়ে এই পদাৰ্থবোৰ খাদ্যশৃংখলত এটা পৌষ্টিকস্তৰৰ পৰা পৰৱৰ্তী স্তৰলৈ প্রৱাহিত হয়। যিহেতু এই পদাৰ্থবোৰ অক্ষয়িষ্ণু গতিকে এইবোৰ খাদ্যশৃংখলৰ প্ৰতিটো জীৱৰ দেহত থিতাপি লয়। যিহেতু মানুহে খাদ্যশৃংখলৰ আটাইতকৈ শীৰ্ষত অৱস্থান লয় সেয়েহে এই ৰাসায়নিক দ্রব্যবোৰ মানুহৰ দেহত আটাইতকৈ বেছিকৈ জমা হয়।
এইদৰে কীটনাশক দ্ৰব্যবোৰে আমাক প্ৰভাৱান্বিত কৰে।
14. জৈৱবিৱৰ্ধন বুলিলে কি বুজা? পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগে বেলেগে হ’বনে?
উত্তৰঃ- মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি আৰু শস্য ৰক্ষাৰ বাবে ক্রমে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়। এই দ্রব্যবোৰ বৰষুণৰ পানীৰ লগত মাটি নাইবা জলাশয়ত জমা হয়। মাটিৰ পৰা উদ্ভিদে পানী আৰু খনিজ পদাৰ্থৰ মাধ্যমেৰে এই ৰাসায়নিক পদাৰ্থবোৰ শোষণ কৰে। এনেদৰে ৰাসায়নিক দ্রব্যবোৰ উদ্ভিদৰ দ্বাৰা খাদ্যজালত প্ৰৱেশ কৰে। এই ৰাসায়নিক দ্রব্যবোৰ অৱনমনযোগ্য নহয় বাবে খাদ্যজালত জমা হৈ থাকে। খাদ্যজালৰ উচ্চ স্তৰত আছে মানুহ সেয়ে সর্বাধিক ৰাসায়নিক দ্রব্যবোৰ মানুহৰ শৰীৰত জমা হয়। এই ঘটনাক জীৱ বিষয়ক পৰিবৰ্ধন কোৱা হয়। এই পৰিবৰ্ধন স্তৰ ভেদে বিভিন্ন হয়। উচ্চতৰত ইয়াৰ গাঢ়তা সবাতোকৈ বেছি আনহাতে নিম্নতম স্তৰত কম জমা হয়।
15. আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হ’ব পাৰে? HSLC-2020
উত্তৰঃ- অনিম্নিকৰণ পদার্থই সৃষ্টি কৰা সমস্যাবোৰ হ’ল—
(i) অজীৱ অৱনমনীয়শীল বৰ্জিত বস্তুবোৰ সৰলীকৃত পদাৰ্থত বিভক্ত কৰিব নোৱাৰি কাৰণে জীৱমণ্ডলত সঞ্চিত হৈ পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাত ব্যাহত কৰে।
(ii) সিহঁতে ৰোগৰ সৃষ্টিত অৰিহণা যোগায়।
(iii) সিহঁতে জীৱ-বিষয়ক পৰিবৰ্ধনৰ সৃষ্টি কৰে।
16. অ’জ’ন স্তৰৰ কেনেকৈ অৱক্ষয় ঘটিছে, চমুকৈ ব্যাখ্যা কৰা। HSLC-2019
উত্তৰঃ- অ’জ’ন হৈছে অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত অণু। এই অ’জন স্তৰেই সূৰ্যৰ পৰা নিৰ্গত অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীপৃষ্ঠক ৰক্ষা কৰি ৰাখিছে। গতিকে অ’জন স্তৰ আমাৰ বাবে অতি প্রয়োজনীয়। কিন্তু বর্তমান বিভিন্ন কাৰণৰ ফলত অ’জন স্তৰৰ অৱক্ষয় ঘটিব ধৰিছে। তাৰ ভিতৰত মানৱ জনিত কাৰণে প্ৰধানকৈ দায়ী ক্লৰ’ফ্ল’ৰ কাৰ্বন অর্থাৎ CFC হৈছে অ’জন স্তৰ ধ্বংসৰ মূল কাৰক। নিজৰ জীৱন আৰামদায়ক কৰিবলৈ মানুহবোৰে ফ্রিজ, এয়াৰ কুলাৰ আদিৰ ব্যৱহাৰ অত্যধিক পৰিমাণে বৃদ্ধি কৰিছে। যাৰ ফলত CFCৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি হৈ অ’জন স্তৰৰ অৱক্ষয় ঘটিছে। যিহেতু অ’জন স্তৰ অবিহনে কোনো জীৱই জীয়াই থকাটো সম্ভৱ নহয়। গতিকে অ’জন স্তৰৰ ধ্বংসৰ প্ৰতি সচেতন হোৱাটো আমাৰ বাবে অতি প্রয়োজনীয় হৈ পৰিছে।
17. পৌষ্টিক স্তৰ কি? খাদ্য শৃংখল এটাৰ পৌষ্টিক স্তৰ সমূহ বর্ণনা কৰা। HSLC-2017
উত্তৰঃ- খাদ্য শৃংখলৰ বিভিন্ন স্তৰসমূহ য’ত তলৰ স্তৰৰ পৰা ওপৰৰ স্তৰলৈ খাদ্য বা শক্তিৰ স্থানান্তৰণ হয় তাকে পৌষ্টিক স্তৰ বুলি কোৱা হয়৷
এটা উদাহৰণৰ সহায়ত খাদ্য শৃখল এটাৰ পৌষ্টিক স্তৰসমূহ তলত বৰ্ণনা কৰা হ’ল—
পুখুৰী এটাত থকা খাদ্য শৃংখলৰ উদাহৰণঃ— পুখুৰীৰ শেলাই → কীট পতংগ → মাছ → বগলী পুখুৰী এটাত থকা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰসমূহ-
(i) উৎপাদক : পুখুৰীৰ তলিত থকা শেলাইবোৰ হ’ল সালোক সংশ্লেষক তথা খাদ্য শৃংখলটোৰ উৎপাদক।
এইবোৰ খাদ্য শৃংখলটোৰ প্ৰথম পৌষ্টিক স্তৰত থাকে।
(ii) প্রাথমিক উপভোক্তা : দ্বিতীয় পৌষ্টিক স্তৰত থকা পুখুৰীৰ শেলাইবোৰ ভক্ষণ কৰা কীট-পতংগবোৰ হ’ল প্রাথমিক উপভোক্তা।
(iii) দ্বিতীয়ক উপভোক্তা : সৰু সৰু কীট-পতংগবোৰ ভক্ষণ কৰা পুখুৰীত থকা মাছ হ’ল— দ্বিতীয়ক উপভোক্তা। এইবোৰ খাদ্য শৃংখলটোৰ তৃতীয় পৌষ্টিক স্তৰত থাকে। (iv) তৃতীয়ক উপভোক্তা : পুখুৰীৰ সৰু সৰু মাছবোৰ ভক্ষণ কৰা বগলী অথবা বগলীজাতীয় চৰাইবোৰ হ’ল খাদ্য শৃংখলটোৰ তৃতীয়ক উপভোক্তা। এইবোৰ খাদ্য শৃংখলটোৰ চতুৰ্থ পৌষ্টিক স্তৰত থাকে।
Leave a comment