দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
প্রাকৃতিক সম্পদৰ পৰিচালনা
Management of Natural Resources
Class X General Science
1. টেহৰাই নদীবান্ধ নিৰ্মাণ কৰা নদীখনৰ নাম লিখা।
উত্তৰঃ- গঙ্গা।
2. অৰণ্য ব্যৱস্থাপনাত মানুহৰ এটা ভূমিকাৰ উদাহৰণ দিয়া। HSLC-2017
উত্তৰঃ- চিপকো আন্দোলন
3. নর্মদা নদীৰ ওপৰত বন্ধা নদীবান্ধটোৰ নাম কি?
উত্তৰঃ- চৰ্ডাৰ সৰোবৰ বান্ধ।
4. কেইটামান প্রাকৃতিক সম্পদৰ নাম লিখা।
উত্তৰঃ- মাটি, বায়ু, বনাঞ্চল, বন্যপ্রাণী, কয়লা, পেট্র’লিয়াম ইত্যাদি।
4. ক্ষন্তেকীয়া উদ্দেশ্যৰে কৰা সম্পদ আহৰণৰ সুবিধা কি হ’ব পাৰে?
উত্তৰঃ- সম্পদ হৈছে ব্যৱহাৰ্য সামগ্ৰীৰ প্ৰয়োজন পূৰণৰ উৎস। ইয়াক নষ্ট কৰাৰ অৰ্থই হ’ল সম্পদৰ অপব্যৱহাৰ আৰু পৃথিৱীত ক্ষতি কৰা।
5. সম্পদৰ হ্ৰস্বম্যাদী ব্যৱহাৰৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পৃথক কৰিবা?
উত্তৰঃ- দীর্ঘম্যাদী ইন্দ্রিয়গ্রাহ্য প্রকল্প ব্যৱস্থাপনাৰ দ্বাৰা প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰৰ এটা হিচাপ পোৱা যায়। কিন্তু হ্রস্বম্যাদী প্ৰকল্পৰ দ্বাৰা প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰৰ হিচাপ ভালদৰে পোৱা নাযায়। দীর্ঘম্যাদী প্ৰকল্পৰ দ্বাৰা ভৱিষ্যৎ প্ৰজন্ম লাভৱান হ’ব আৰু পৰিৱেশ প্ৰদূষণ হ্ৰাস পাব।
6. আমাৰ দেশত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা।
উত্তৰঃ- জলসঞ্চয়নৰ পৰম্পৰাগত পদ্ধতিবোৰ হ’ল—
(i) হিমাচল প্ৰদেশত কোলহ (ii) ৰাজস্থানত খাদিনচ, নাদিচ
(ii) বিহাৰত এহাৰ আৰু পাইনেজ
(iv) মহাৰাষ্ট্ৰত তাল
(v) মধ্যপ্ৰদেশত বান্দিচ।
7. নদীবান্ধৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা।
উত্তৰঃ- সুবিধা : (১) ইয়াৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি।
(২) নদী বা খাল খান্দি এই বান্ধবোৰৰ পৰা যথেষ্ট পৰিমাণৰ পানী বহুদূৰলৈ যোগান ধৰিব পাৰি।
অসুবিধা : (১) নদীবান্ধ নিৰ্মাণৰ ফলত কৃষক আৰু জনজাতীয় লোকক স্থানান্তৰ কৰা হয়।
(২) নদীবান্ধ নিৰ্মাণত যথেষ্ট অৰ্থৰ আৱশ্যক হয়। এই অৰ্থভাগ ৰাজহুৱা অৰ্থ। উপযুক্ত লাভ নোহোৱাৰ কাৰণে জনসাধাৰণ অৰ্থনৈতিকভাৱে ক্ষতি গ্রস্ত হয়।
8. পানী সঞ্চয়ন মানে কি? পাহাৰীয়া অঞ্চল আৰু সমতল অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিৰ মাজত তুলনা কৰা। HSLC-2020
উত্তৰঃ- পানী সঞ্চয়ন মানে পানী সঞ্চয় কৰা পদ্ধতি। মাটিত গাত খান্দি বা হ্ৰদবান্ধি মাটিৰ জলভাগ আৱদ্ধ কৰি, মাটিৰে বা শিলেৰে পাৰ বান্ধি পানী সংৰক্ষণ কৰি, ঘৰৰ চালত পানী জমা কৰি পানী সঞ্চয়ন কৰা হয়।
পাহাৰীয়া অঞ্চলত নদীবোৰত বান্ধ দি পাইপৰ সহায়েৰে পানী সমতল অঞ্চললৈ নিয়া হয়। এইবোৰ অঞ্চলত পানী সংৰক্ষক বনাই বৰষুণৰ পানী সঞ্চয় কৰে।
সমতল অঞ্চলত বৰষুণৰ পানী নদী, কৃত্রিম হ্রদ, নিজৰা আদিৰ পৰা পানী ব্যৱহাৰ কৰে।
9. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বা- HSLC-2020
(ক) বন আৰু বন্যপ্রাণী
(খ) জল সম্পদ
(গ) কয়লা আৰু পেট্ৰ’লিয়াম
উত্তৰঃ- (ক) বন আৰু বন্যপ্ৰাণী : (১) জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত মই গুৰুত্ব প্ৰদান কৰিম। (২) অন্যায়ভাৱে গছ-গছনি কটা বন্ধ কৰাৰ ব্যৱস্থা ল’ম। (৩) বন্য আৰু বন্য প্রাণীক সুৰক্ষা কৰিম।
(খ) জল সম্পদ : (১) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ কৰি ৰাখিম। (২) কেৱল খোৱাৰ উপযোগী পানীহে ব্যৱহাৰ কৰিম। (৩) জল সম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা আনিম আৰু জল প্ৰদূষণৰ ভয়াবহতা মানুহৰ মাজত প্ৰচাৰ কৰিম।
গ) কয়লা আৰু পেট্ৰ’লিয়াম : (১) বিদ্যুৎ ৰাহি কৰিবলৈ CFL ব্যৱহাৰ কৰিম। (২) অপ্রয়োজনীয় বৈদ্যুতিক সামগ্রী ব্যৱহাৰ নকৰোঁ। (৩) কলয়া আৰু পেট্ৰ’লিয়ামৰ সলনি সৌৰ শক্তি আৰু বায়ু শক্তি ব্যৱহাৰ কৰিম। যান-বাহনত CNG ব্যৱহাৰ কৰিম।
10. পৰিৱেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা? HSLC-2018
উত্তৰঃ- (i) আৱৰ্জনাবোৰ য’তে-ত’তে পেলাব নালাগে। জমা কৰি আৰু সেইবোৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আতৰাই দিয়াৰ ব্যৱস্থা কৰা।
(ii) পলিথিন মোনাৰ পৰিৱৰ্তে কাপোৰৰ বা মৰাপাটৰ তৈয়াৰী মোনা ব্যৱহাৰ কৰিব লাগে।
(iii) মুকলি বা অস্বাস্থ্যকৰ পৰিৱেশত মল-মূত্র ত্যাগ নকৰি শৌচালয়ৰ ব্যৱস্থা কৰা।
(iv) যথেষ্ট পৰিমাণে বৃক্ষৰোপণ কৰি নিৰ্মল বায়ুৰ ব্যৱস্থা কৰা।
(v) পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা।
11. পৰিৱেশ ৰক্ষা কৰাৰ বাবে ব্যৱহাৰ কৰা তিনিটা ‘R’ এ কি সূচায়? চিপকো আন্দোলনৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ- (i) হ্রাসকৰণ (Reduce) (ii) পুঃন চক্রীয়কৰণ (Recycle) (iii) পুনৰ ব্যৱহাৰ (Reuse)
অৰণ্যৰ পৰা স্থানীয় বাসিন্দাসকলক নিলগাই ৰখাৰ অভিসন্ধি নাশ কৰিবলৈ প্ৰাথমিক পৰ্যায়ৰ প্ৰচেষ্টা হিচাপে চিপকো আন্দোলন গঢ় লৈ উঠিছিল। ১৯৭০ চনত গাৰোৱাল পাহাৰৰ উচ্চ অঞ্চলত অতি ভিতৰুৱা গাওঁ ৰেনি’ত প্ৰথমে এই আন্দোলন হৈছিল। গাঁৱৰ ওচৰত থকা এখন অৰণ্যৰপৰা কাঠৰ ঠিকাদাৰে কাঠ কাটিব খুজিছিল— ইয়াকে লৈ গাঁওবাসী আৰু কাঠৰ ঠিকাদাৰবিলাকৰ মাজত সংঘৰ্ষ ঘটিছিল। গাঁৱৰ পুৰুষসকল গাঁৱত নথকা দিন এটাত ঠিকাদাৰৰ বনুৱাবোৰে গছ কাটিবলৈ আহিছিল। সংকল্পবদ্ধ হৈ গাওৱৰ মহিলাসকলে বনাঞ্চললৈ আহি গছবোৰক সাৱতি ধৰি বনুৱাবোৰক গছ কটাৰ পৰা বাধা দিছিল।
12. বনজ সম্পদ সংৰক্ষণৰ বিবেচনাত কি কি দিশ চাব লাগে?
উত্তৰঃ- বনজ সম্পদ সংৰক্ষণ কৰোঁতে তলত দিয়া দিশসমূহ বিবেচনা কৰিব লাগে৷
(i) বনাঞ্চলত বসবাস কৰা মানুহবোৰ বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল।
(ii) ভূমিৰ গৰাকী আৰু চৰকাৰৰ বনবিভাগে বনজ সম্পদৰ নিয়ন্ত্ৰণ কৰে।
(iii) বনাঞ্চলত নিৰ্ভৰশীল নোহোৱা অথচ বিভিন্ন বনজ সম্পদৰ পৰা কাগজ প্রস্তুত আৰু ‘টেণ্ডু’ পাতৰ পৰা ‘বিড়ি’ তৈয়াৰ কৰা উদ্দ্যোগপতি সকলৰ কথা।
(iv) বন্যপ্ৰাণী আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তিসকল, যি প্রকৃতিক এক সুন্দৰভাবে সজাই ৰাখিব বিচাৰে।
13. দুবিধ অৰণ্য সম্পদৰ নাম লিখা যিহৰ ভিত্তিত আমাৰ দেশত এটা উদ্যোগ গঢ় লৈ উঠিছে। উদ্যোগটো বহনক্ষম হয়নে নহয় আলোচনা কৰা।
উত্তৰঃ- প্লাইউড আৰু কাগজ উদ্যোগ দুটা অৰণ্যৰ সম্পদৰ ভিত্তিত গঢ় লৈ উঠিছে।
কাঠ : প্লাইউড প্রস্তুতিত বিভিন্ন ধৰণৰ গছ ব্যৱহাৰ হয়।
সেইদৰে কাগজ উদ্যোগত প্ৰধানকৈ বাঁহ গছ ব্যৱহাৰ হয়।
প্লাইউড আৰু কাগজ উদ্যোগৰ কাৰণে লাগতিয়াল কেঁচা সামগ্ৰী গছ কাটি পেলোৱা হয়, ফলত অৰণ্যৰ গছ- গছনিৰ সংখ্যা কমি আহিছে। এই উদ্যোগ দুটা বৰ্তি থাকিবলৈ হ’লে নতুনকৈ গছপুলি ৰোপণ কৰিব লাগিব। নতুনকৈ বৃক্ষৰোপণৰ দ্বাৰা কাটি লোৱা গছৰ কিছু পৰিমাণে ঘাটি পূৰাব পৰা যায়। জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধি, অৰণ্যৰ ভূমি হ্রাস হোৱা, কৃষি উদ্যোগ আৰু ভূমিৰ বিস্তাৰ, যধে-মধে গছ-গছনি কাটি বনাঞ্চল ধ্বংস কৰাৰ ফলত উদ্যোগ দুটাৰ কাৰণে লাগতিয়াল গছ-গছনিৰ সংখ্যা ক্রমে হ্রাস পাই আহিছে এই কাৰণে উদ্যোগ দুটা বহনক্ষম নহয়। এইদৰে চলি থাকিলে এটা সময়ত প্লাইউড আৰু কাগজ উদ্যোগ দুটা লোপ পোৱাৰ সম্ভাৱনা থাকে। সেয়েহে আমি কাঠ আৰু কাগজ কমকৈ ব্যৱহাৰ কৰি তাৰ ঠাইত নতুন প্রযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিব লাগিব।
14. চমুটোকা : (a) নদীবান্ধ : নদীবান্ধ হ’ল নদীৰ পানীৰ গতিপথত বাধা দি সেই নদীৰ শক্তিক বিদ্যুৎ শক্তি উৎপাদনৰ কামত ব্যৱহাৰ কৰা এটা প্ৰক্ৰিয়া। নদীবান্ধৰ পানীক জলসিঞ্চনৰ কামতো ব্যৱহাৰ কৰা হয়। যিহেতু পৃথিৱীত পানী চক্ৰাকাৰে আৱৰ্তিত হৈ থাকে সেয়ে নদীবান্ধ এটা নৱীকৰণযোগ্য শক্তিৰ উৎস। অৱশ্যে নদীবান্ধে জৈৱবৈচিত্র্য বিনষ্ট কৰাৰ দৰে ঋণাত্মক প্ৰভাৱো পৰিৱেশৰ ওপৰত পেলাব পাৰে।
(c) বহনক্ষম ব্যৱস্থাপনা : বহনক্ষম ব্যৱস্থাপনা হ’ল এক প্রকাৰৰ বিবেচনাসম্পন্ন উন্নয়নৰ প্ৰক্ৰিয়া। এই ব্যৱস্থাপনাৰ উদ্দেশ্য হ’ল উন্নয়ন প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱেশৰ ওপৰত যথাসম্ভৱ কম প্ৰভাৱ পেলোৱা আৰু উন্নয়ন প্রক্রিয়াক পৰিৱেশহিতৈষী কৰি তোলা। বর্তমান জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত সম্পদৰ ব্যৱহাৰো বাঢ়ি গৈছে। ইয়াৰ ফলত ভৱিষ্যৎ প্ৰজন্মৰ বাবে সম্পদ সংৰক্ষণ কৰাটোও বহনক্ষম ব্যৱস্থপনাৰ উদ্দেশ্য হৈ পৰিছে।
15. বন আৰু বন্যপ্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে? বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত থকা তিনিটা প্ৰধান সমস্যাৰ বিষয়ে উল্লেখ কৰা। HSLC-2019
উত্তৰঃ- বনাঞ্চলসমূহ হৈছে জৈৱ বৈচিত্ৰ্যৰ অঞ্চল। কোনো এডোখৰ ঠাইত থকা বিভিন্ন প্ৰজাতিৰ জীৱ সমষ্টিক জৈৱ বৈচিত্র্য বোলে। এই জৈৱ সমষ্টিৰ প্ৰতিটো জীৱ যেনে বেক্টেৰিয়া, ভেকুৰ, সপুষ্পক উদ্ভিদ, কৃমি, পক্ষী, সৰীসৃপ আদি আমাৰ বাবে অতি প্রয়োজনীয়। বিভিন্ন পৰীক্ষা নিৰীক্ষা আৰু ক্ষেত্ৰ অধ্যয়নৰ পৰা গম পোৱা গৈছে যে জৈৱ বৈচিত্র্য বিনাশৰ ফলত প্রাকৃতিক ভাৰসাম্য বিনষ্ট হয়। সেয়েহে আমি বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰিব লাগে।
বন্যপ্রাণী সংৰক্ষণ কৰিবলৈ হ’লে ইয়াৰ আবাসভূমি বনাঞ্চলসমূহ সংৰক্ষণ কৰিব লাগিব। বন্যপ্ৰাণীৰ উপিৰ বনাঞ্চলৰ গছ-গছনিবোৰ আমাৰ বাবে অতি মূল্যৱান সম্পদ। সেয়েহে আমি বন আৰু বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰিব লাগে।
বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত থকা তিনিটা প্ৰধান সমস্যা হৈছে—
(i) সামাজিক সমস্যা : নদীবান্ধ নিৰ্মাণৰ ফলত কৃষক আৰু জনজাতীয় লোকসকলক স্থানান্তৰ কৰা হয়। তেওঁলোকে যথোপযুক্ত ক্ষতিপূৰণ নাইবা পুনঃসংস্থাপনৰ পৰা বঞ্চিত হৈ থাকে।
(ii) অর্থনৈতিক সমস্যা : বৃহৎ নদীবান্ধ নিৰ্মাণত যথেষ্ট অৰ্থৰ আৱশ্যক হয়। এই অৰ্থভাগ ৰাজহুৱা অৰ্থ। উপযুক্ত লাভ নোহোৱাৰ কাৰণে জনসাধাৰণ অৰ্থনৈতিকভাৱে ক্ষতিগ্রস্ত হয়।
(iii) পাৰিৱেশিক সমস্যা : নদীবান্ধ নির্মাণ স্থলীত যথেষ্ট অৰণ্য ধ্বংস কৰাৰ লগতে ইয়াৰ প্ৰচুৰ জৈৱ বৈচিত্ৰ্যৰ জীৱনলৈ ভাবুকি নামি আহে।
16. বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা। HSLC-2018, 2019
উত্তৰঃ- (i) জীৱ-জন্তু শ্বাসকার্যৰ সময়ত CO3 গেছ বায়ুমণ্ডলত এৰি দিয়ে। বনাঞ্চলত থকা গছ-গছনিয়ে এই CO3 গ্ৰহণ কৰি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য তৈয়াৰ কৰে আৰু বায়ুমণ্ডলত O2 এৰি দিয়ে। এইদৰে গছ-গছনিয়ে বায়ুমণ্ডল সতেজ কৰি ৰাখে।
(ii) বনাঞ্চলত থকা গছ-গছনি আৰু ডাঙৰ শিলাবোৰে মাটিৰ কণিকাসমূহক টানকৈ ধৰি ৰাখে। এনেদৰে উদ্ভিদসমূহে মাটিক ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰি থাকে।
(iii) বনাঞ্চলৰ উদ্ভিদবোৰে পোষক দ্রব্যবোৰ চক্ৰাকাৰে আৱৰ্তিত কৰি আকৌ মাটিলৈ প্ৰেৰণ কৰি বনাঞ্চলবোৰে মাটিৰ উৰ্বৰতা বঢ়ায়।
(iv) বনাঞ্চলে ভূ-পৃষ্ঠত পানীৰ পৰিমাণ বৃদ্ধি কৰে।
(v) বনাঞ্চলবোৰে জীৱ-জন্তুক বাসস্থান প্ৰদান কৰে।
(vi) বনাঞ্চলে ঔষধি গছৰ যোগান ধৰে।
বনাঞ্চল সংৰক্ষণ কৰা প্রয়োজনীয় কাৰণবোৰ হ’ল—
(i) ই পৰিস্থিতিতন্ত্ৰক ৰক্ষা কৰে।
(ii) গৰু আদি জীৱ-জন্তু চৰোৱাৰ ফলত মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি পায়।
(iii) সংৰক্ষিত বনাঞ্চল পৰিষ্কাৰ-পৰিচ্ছন্ন হয়।
(iv) বনাঞ্চলত থকা জীৱ-জন্তু সুৰক্ষিত হয়।
17. প্রাকৃতিক সম্পদবোৰৰ বহনক্ষম ব্যৱস্থাপনা কৰিবলৈ তুমি কি কৰিবা? HSLC-2017
নাইবা
আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰা উচিত- আলোচনা কৰা। HSLC-2016, 2019
উত্তৰঃ- আমি ব্যৱহাৰ কৰা প্ৰায় সকলোবোৰ বস্তু যেনে- ঘৰুৱা আচ-বাব, খাদ্য বস্তু, কাপোৰ, পুতলা, যান-বাহন আদিত ব্যৱহৃত হোৱা সকলো বস্তু পৃথিৱীত উপলব্ধ সম্পদসমূহৰ পৰাই আহৰণ কৰো। সেয়েহে আমি আমাৰ সম্পদৰাজি ব্যৱস্থাপনা কৰিব লাগে কিয়নো সকলো সম্পদ অসীম নহয়। মানুহৰ জনস্বাস্থ্যৰ উন্নতিৰ কাৰণে জনসংখ্যা বৃদ্ধি হৈ সম্পদবোৰৰ চাহিদা বৃদ্ধি পাইছে। সেই কাৰণে প্ৰাকৃতিক সম্পদসমূহ অপৰিকল্পিতভাৱে ব্যৱহাৰ নকৰি মানৱ জাতিৰ বৰ্তমান তথা ভৱিষ্যত প্ৰয়োজন পূৰণৰ বাবে ইয়াৰ ব্যৱস্থাপনা কৰিব লাগে। লগতে সমস্ত মানৱ জাতিৰ বিকাশ নিশ্চিত কৰিব লাগে। আমাৰ যাতে সম্পদ অপচয় নহয় তাৰ বাবে বিশেষ দৃষ্টি ৰখা দৰকাৰ। উদাহৰণস্বৰূপে ধাতুৰ খনন কাৰ্যত ধাতুমল নিৰ্গত হৈ পৰিৱেশ প্ৰদূষিত হয় গতিকে সম্পদৰ পৰিকল্পিত ব্যৱস্থাৰ বাবে আৱৰ্জনাৰ নিৰাপদ নিষ্কাষণৰ প্ৰয়োজন।
18. আমি বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণ কিয় কৰিব লাগে? HSLC-2019 অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকাৰ এটা উদাহৰণ দিয়া। HSLC-2017
উত্তৰঃ- বনাঞ্চলসমূহ হ’ল জৈৱ বৈচিত্ৰ্যৰ অঞ্চল। নানা জীৱ-জন্তুৰ বাসস্থান হৈছে বনাঞ্চল। বনাঞ্চল আৰু বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰাৰ প্ৰধান লক্ষ্য হৈছে ইহঁতৰ বিলুপ্ত বা বিনাশ নোহোৱাকৈ ৰক্ষা কৰি থকা। বৰ্তমান বনাঞ্চলৰ অবাধ ধ্বংসকৰণৰ ফলত নানান প্ৰজাতিৰ জীৱ-জন্তু লুপ্তপ্ৰায় হৈ আহিছে। গতিকে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বনাঞ্চল আৰু বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়।
বনাঞ্চল আৰু বন্যপ্রাণীসমূহে মানৱ কল্যাণ সাধনৰ ক্ষেত্ৰতো অৰিহণা যোগাই আহিছে। বনাঞ্চলত থকা বিভিন্ন উদ্ভিদ তথা প্ৰাণীৰ পৰা আমি কাঠখৰি, চিল্ক, লা, মৌ, ঔষধ, চামৰা আদি লাভ কৰোঁ। এইবোৰ বিভিন্ন উদ্যোগত কেঁচামাল হিচাপেও ব্যৱহৃত হয়।
গতিকে ক’ব পাৰি যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ আৰু মানৱ জাতিৰ অস্তিত্ব বজাই ৰাখিবলৈ আমি বনাঞ্চল আৰু বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰাটো নিতান্তই আৱশকীয়।
অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকাৰ এটা উদাহৰণ তলত দিয়া হ’ল—
1972 চনত পশ্চিমবংগৰ বনবিভাগে ৰাজ্যখনৰ দক্ষিণ পশ্চিম জিলাসমূহৰ শাল গছৰ বনাঞ্চলৰ অৱশয়ৰ দ্বায়িত্ব স্বীকাৰ কৰিছিল। ইয়াৰ ফলত বন বিভাগ আৰু গাঁওবাসীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল। অৰণ্য আৰু মাটি-বাৰী সংক্রান্তীয় সংঘৰ্ষৰ ফলত নক্সালপন্থীৰ সামৰিক কৃষক আন্দোলন গঢ়ি উঠিছিল। সেইমৰ্মে বনবিভাগে কৌশল সলনি কৰি মিডনাপুৰ জিলাৰ আৰাবাৰী ফৰেষ্ট অঞ্চল গঢ়ি তুলিছিল। এজন দূৰদৃষ্টি সম্পন্ন বন বিষয়া এ. কে. বেনাৰ্জী আৰু গাঁওবাসী লগ লাগি 1.272 হেক্টৰৰ অৱক্ষয়প্রাপ্ত শাল গছৰ বনাঞ্চল ৰক্ষা কৰিছিল। ইয়াৰ কাৰণে গাওঁবাসীক বৃক্ষৰোপণ আৰু সম্পদ চপোৱাৰ কাৰণে নিয়োগ কৰা হৈছিল, চপোৱা সম্পদৰ 25% তেওঁলোকক দিয়া হৈছিল আৰু নূন্যতম খৰচৰ বিনিময়ত খৰি, গৰু-ম’হৰ খাদ্য আদিৰ যোগান ধৰা হৈছিল। স্থানীয় ৰাইজৰ সক্ৰিয় আৰু পূৰ্ণ সহযোগিতাৰ ফলত 1983 চনত আৰাবাৰীৰ শাল বনাঞ্চল পুনৰুদ্ধাৰ হ’ল। পোনতে মূল্যহীন বুলি ভবা এই বনাঞ্চলৰ মূল্য হ’ল প্ৰায় 12.5 কোটি টকা।
19. পৰিৱেশ ৰক্ষাৰ তিনিটা ‘R’ৰ কথা আলোচনা কৰা। HSLC-2016
নাইবা
পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হ্ৰাসকৰণ, পুনঃচক্রীয়কৰণ আৰু পুনঃব্যৱহাৰৰ গুৰুত্ব কি, লিখা। পৰিৱেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা? HSLC-2018
উত্তৰঃ- পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হ্ৰাসকৰণ, পুনঃচক্রীয়কৰণ আৰু পুনঃ ব্যৱহাৰৰ যথেষ্ট গুৰুত্ব আছে।
(i) হ্ৰাসকৰণ : ইয়াৰ অৰ্থ হৈছে নূন্যতম পৰিমাণ ব্যৱহাৰ কৰা। ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ অফ কৰি আমি বিদ্যুত সঞ্চয় কৰিব পাৰো। ফুটা পানীৰ পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰো। খাদ্যবস্তু অপচয় কৰিব নালাগে।
(ii) পুনঃচক্রীয়কৰণ : ইয়াৰ অৰ্থ এয়ে যে আমি প্লাষ্টিক, কাগজ, কাঁচ আৰু ধাতৱীয় বস্তুবোৰ সংগ্ৰহ কৰি ইয়াৰ পৰা ব্যৱহাৰৰ উপযোগী আন সামগ্রী প্রস্তুত কৰিব পাৰি যাৰ ফলত নতুনকৈ প্লাষ্টিক, কাগজ, কাঁচ আদিৰ সংশ্লেষণ বা ধাতুৰ আহৰণ হ্ৰাস হ’ব।
(iii) পুনঃব্যৱহাৰ : পুনঃব্যৱহাৰ পুনঃচক্রীয়কৰণতকৈ প্রকৃততে উত্তম কিয়নো পুনঃচক্রীয়কৰণত শক্তিৰ অপচয় হয়। সেইকাৰণে পুনঃব্যৱহাৰ পদ্ধতিত ব্যৱহৃত সামগ্ৰী প্রত্যক্ষভাৱে পুনঃব্যৱহাৰ কৰা হয়। ব্যৱহাৰ কৰা লেফাফাবোৰ পেলাই নিদি আমি পুনৰ ব্যৱহাৰ কৰিব পাৰো। জাম, জেলি আৰু আচাৰ আদি অনা প্লাষ্টিকৰ বটলবিলাক ৰান্ধনি ঘৰৰ বিভিন্ন বস্তু ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।
পৰিৱেশ হিতৈষী হ’বলৈ মই তলৰ অভ্যাসসমূহ কৰিব পাৰিম। যেনে-
(i) জীৱ নিম্নিকৰণ আৰু জীৱ অনিম্নিকৰণ আৱৰ্জনাবোৰ পৃথকে ৰখাৰ ব্যৱস্থা কৰিব লাগে।
(ii) প্লাষ্টিক, পলিথিনৰ ব্যৱহাৰ নিষিদ্ধ কৰা উচিত।
(iii) খাদ্য অপচয় কৰিব নালাগে।
(iv) জীৱাশ্ম ইন্ধনৰ দহনৰ পৰিৱৰ্তে প্ৰদূষণমুক্ত সৌৰশক্তি ব্যৱহাৰ কৰা উচিত।
Leave a comment