গছে গছে পাতি দিলে । Gose gose pati dile

1. গছে গছে পাতি দিলে
ফুলৰে শৰাই,
ৰাম ৰাম ফুলৰে শৰাই
ফুলৰে শৰাই…
ফুলৰে শৰাই…
গছে গছে পাতি দিলে
ফুলৰে শৰাই,
ৰাম ৰাম ফুলৰে শৰাই
ফুলৰে শৰাই…
ফুলৰে শৰাই…
কলিয়া ভোমোৰা
গুঞ্জৰি আহে,
গোন্ধকে ধিয়াই
ৰাম ৰাম গোন্ধকে ধিয়াই,
গোন্ধকে ধিয়াই…
গোন্ধকে ধিয়াই…
কোনে গোলাপী সখীক
এনে হাঁহি দিলে
ৰূপতে ৰঙে চৰাই।
কোনে গোলাপী সখীক
এনে হাঁহি দিলে
ৰূপতে ৰঙে চৰাই।
ওৰণি তলতে
পৰিমল ৰেণু
উৰুৱাই পৱনে
দিলে বিলাই।
ওৰণি তলতে
পৰিমল ৰেণু
উৰুৱাই পৱনে
দিলে বিলাই।

 

2. জাগ ভাৰতৰ নৱজোৱান । Jag bharator navajowan – জ্যোতিপ্ৰসাদ আগৰৱালা


জাগ ভাৰতৰ নৱজোৱান
বিশ্ব বিজয়ী নৱজোৱান
কিহৰ শংকা কিহৰ ভয়
কপালত তোৰ জিলিকে জয়।
জাগা জাগা
জাগা দুৰ্মদ নৱজোৱান
জাগা অৰ্জুনসম হৈ।
ক্লৈৱতা (?) এৰি থৈ
তোৰ যুঁজৰ সাৰথি ভগৱান
জাগা দুৰ্মদ নৱজোৱান।


3. জননী পূজাৰ মন্দিৰ । Janani pujar mandir – Jyoti Prasad Agarwala


জননী পূজাৰ মন্দিৰ শুদা
নজ্বলোৱা কিয় বন্তি?
আপোন পাহৰি হ’লা তন্দ্ৰা অলস
অ’ মোৰ দেশৰে পূজাৰী।
বজা নাই কিয় পূজাৰ শংখ
শংখ নিলেনো কিনো?
গোৱা নাই কিয় আৰতিৰ গীতি
কণ্ঠ ৰুধিলে কোনে?
শতাব্দী ধৰি মহাশংখ বাজিলে
বুকুৰ শোণিতেৰে জ্বালিলে দীপালী
কণ্ঠে প্ৰচাৰিলে আৰতিৰ বাণী,
নোহোৱানে গৌৰৱৰ তুমি অধিকাৰী
পূজাৰী! তুমি কিয় হ’বা অভিমানী?


4. নৱজীৱনৰ শিল্পী । Navajeevanor shilpi — জ্যোতিপ্ৰসাদ আগৰৱালা

নৱজীৱনৰ শিল্পী মই
চিৰজীৱনৰ শিল্পী চই।
জীৱনে জীৱনে হাঁহি হাঁহি
পাহি জপাওঁ
জন্ম আকোঁ
জীৱন বাকোঁ
পাৰ হৈ যাওঁ মৰণ সাঁকো
তোৰ লগতে থাকিও লগ নাপাওঁ
তোৰ লগত থাকিও, লগ নোপোৱাৰ খেলা
ইয়াৰে মই পাতিলোঁ অ’
বিশ্বজোৰা মেলা
তই লগ নিদিয়াৰ
এই যে অৱহেলাই
কত ৰূপৰ ক’ত সপোন
মোৰ মনতে ফুলাই
মৰম গানৰ চৰম অগ্নি
উমাই উমাই জ্বলাই।

Leave a comment

Trending