নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
আমাৰ চাৰিওকাষৰ বস্তুবোৰ
Matter in Our Surroundings
Class ix General Science
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) উষ্ণতাৰ এচ. আই. একক-
(ক) KG
(খ) KJ
(গ) KW
(ঘ) K
উত্তৰঃ- (ঘ) K
(ii) 0°C উষ্ণতাত পানীৰ ভৌতি অৱস্থা হ’ল—
(ক) গোটা
(খ) গেছ
(গ) জুলীয়া
(ঘ) বাষ্প
উত্তৰঃ- (ক) গোটা।
(iii) ঘনত্বৰ SI এককটো হ’ল
(ক) gm cm-3
(খ) ms-2
(গ) kg m-3
(ঘ) kg m
উত্তৰঃ- (গ) kg m-3
(iv) কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা পৰিৱৰ্তনক—
(ক) বাষ্পীভৱন
(খ) উর্ধপাতন
(গ) ঘনীভৱন
(ঘ) গলন
উত্তৰঃ- (খ) উর্ধপাতন।
(v) তলৰ কোনটো শুকান বৰফ—
(ক) কঠিন H2O
(খ) কঠিন CO2
(গ) কঠিন Nacl
(ঘ) CO2
উত্তৰঃ- (খ) কঠিন CO2
(vi) পদাৰ্থৰ উষ্ণতা বাঢ়িলে কোনটো সলনি নহয়?
(ক) কনিকাৰ গতিশক্তি
(খ) কনিকাৰ মাজৰ আকৰ্ষণ বল
(গ) ব্যাপন বেগ
(ঘ) কনিকাৰ ভৰ।
উত্তৰঃ- (ঘ) কনিকাৰ ভৰ।
(vii) আন্তঃআনৱিক আকর্ষণিক বল সর্বোচ্চ-
(ক) গেছীয় পদাৰ্থৰ
(খ) তৰল পদাৰ্থৰ
(গ) কঠিন পদার্থৰ
(ঘ) দ্ৰৱণৰ
উত্তৰঃ- (গ) কঠিন পদাৰ্থৰ।
(viii) তৰলৰ বাষ্পীভন ঘটে—
(ক) উতলাংকতকৈ কম উষ্ণতাত
(খ) উতলাংকত
(গ) এটা নির্দিষ্ট উষ্ণতাত
(ঘ) সকলো উষ্ণতাত
উত্তৰঃ- (ক) উতলাংকতকৈ কম উষ্ণতাত
(ix) বৰফৰ গলনাংক হ’ল-
(ক) 273.16 K
(খ) 273.61
(গ) 273 K
(ঘ) 273.06K
উত্তৰঃ- (ক) 273.16 K
(x) বাষ্পীভৱনৰ বেগ বাঢ়ে যদিহে—
(ক) উষ্ণতা হ্রাস হয়
(খ) বতাহৰ বেগ বাঢ়ে
(গ) বায়ুত আর্দ্রতা বৃদ্ধি হয়
(ঘ) উষ্ণতা স্থিৰে থাকে
উত্তৰঃ- (খ) বতাহৰ বেগ বাঢ়ে।
(xi) পানীৰ উতলাংক হৈছে—
(ক) 376K
(খ) 273 K
(গ) 273°C
(ঘ) 373K
উত্তৰঃ- (ঘ) 373K
(xii) তলৰ কোনটো পদার্থ নহয়?
(ক) বায়ু
(খ) কাঠ
(গ) ঠাণ্ডা অনুভৱ
(ঘ) ধূলি
উত্তৰঃ- (গ) ঠাণ্ডা অনুভৱ।
(xiii) তলৰ কোনটো মিশ্ৰ নহয়—
(ক) এলক’হল
(খ) কেৰাচিন
(গ) বায়ু
(ঘ) পেট্রল
উত্তৰঃ- (ক) এলক’হল।
(xiv) কেতিয়া পানীৰ ঘনত্ব সর্বোচ্চ হয়
(ক) 273K
(খ) 100°C
(গ) 0°C
(ঘ) 4°C
উত্তৰঃ- (ঘ) 4°C
2. শুকান বৰফ কি?
উত্তৰঃ- গোটা কার্বন-ডাই-অক্সাইড।
3. ভৰৰ এছ. আই. একক কি?
উত্তৰঃ- কিল’গ্রাম।
4. ওজনৰ এছ. আই. একক কি?
উত্তৰঃ- নিউটন।
5. আয়তনৰ এছ. আই একক কি?
উত্তৰঃ- মি3 বা ঘন মিটাৰ।
6. কোনবিধ পদাৰ্থৰ প্ৰবাহিত ধর্ম নাই?
উত্তৰঃ- গোটা পদাৰ্থৰ।
7. চাপৰ SI এককটো কি?
উত্তৰঃ- পাস্কেল।
8. 25°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি?
উত্তৰঃ- জলীয়া।
9. উষ্ণতাৰ এছ. আই. একক কি?
উত্তৰঃ- কেলভিন (K)
10. এচিট’ন হাতত ল’লে ঠাণ্ডা লাগে কিয়?
উত্তৰঃ- এচিট’নে হাতৰ তাপ শক্তি শোষণ কৰি বাষ্পীভূত কৰাৰ বাবে।
11. পদাৰ্থ কিহেৰে গঠিত?
উত্তৰঃ- পদার্থ ক্ষুদ্র ক্ষুদ্র কণিকাৰ দ্বাৰা গঠিত।
12. গোটা-গোটা মিশ্ৰণৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ- শিল আৰু বালিৰ মিশ্রণ।
13. আন্তঃআনৱিক ব্যৱধান কি?
উত্তৰঃ- পদাৰ্থৰ কণিকাবোৰৰ মাজত থকা ব্যৱধানক আন্তঃআনৱিক ব্যৱধান বোলে।
14. পদার্থ কাক বোলে?
উত্তৰঃ- ভৰ আৰু আয়তন থকা বস্তুকেই পদার্থ বোলে।
15. পোহৰ পদাৰ্থ হয়নে? কিয়?
উত্তৰঃ- নহয়। কিয়নো পোহৰৰ ভৰ আৰু আয়তন নাই।
16. কঠিন পদার্থ কি?
উত্তৰঃ- নিৰ্দিষ্ট ভৰ আয়তন আৰু আকৃতি থকা পদাৰ্থই হৈছে কঠিন পদার্থ।
17. গেছীয় পদাৰ্থৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আয়তন অথবা আকৃতি নাথাকে।
18. বিগলন কাক বোলে?
উত্তৰঃ- পদাৰ্থ কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোব বিগলন বোলে।
19. এটা গোটা কার্বন-ডাই-অক্সাইডৰ উদাহৰণ দিয়া।
উত্তৰঃ- গোটা কার্বন ডাই-অক্সাইডৰ উদাহৰণ– শুকান বৰফ।
20. বাষ্পীভৱন কাক বোলে?
উত্তৰঃ- যিকোনো উষ্ণতাত কোনো বাষ্পীয় জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তন হোৱা ঘটনাক বাষ্পীভৱন বোলে।
21. বাষ্পীভৱনক কিয় পৃষ্ঠীয় পৰিঘটনা বুলি কোৱা হয়?
উত্তৰঃ- বাষ্পীভৱনক পৃষ্ঠীয় ঘটনা বোলা হয় কাৰণ পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱনৰ বেগ বাঢ়ে।
22. দুটা কাৰণ লিখা কিয় কাঠক কঠিন বস্তু বুলি কোৱা হয়।
উত্তৰঃ- (ক) কাঠৰ কণিকাবোৰৰ নিৰ্দিষ্ট গঢ় বা আকৃতি আছে।
(খ) বাহ্যিক বল প্রয়োগ কৰিলেও ইহঁতে নিজৰ আকৃতি সলনি নকৰে।
23. পদাৰ্থৰ পাঁচটা অৱস্থাৰ নাম লিখা।
উত্তৰঃ- কঠিন, জুলীয়া, গেছীয়, প্লাজমা আৰু BEC [ Bose Einstein Condenstate] ইয়াৰে প্ৰথম তিনিটাক পদাৰ্থৰ ভৌতিক অৱস্থা বোলা হয়।
24. 373K উষ্ণতাত থকা জলীয় বাষ্পৰ কণিকাৰ শক্তি সেই একে উষ্ণতাত থকা পানীৰ কণিকাতকৈ বেছি কিয়।
উত্তৰঃ- জলীয় বাষ্পৰ কণিকাবোৰে অতিৰিক্ত লীন তাপ ধৰি ৰাখে বাবে।
25. পদাৰ্থৰ ভৌতিক পৰিৱৰ্তন বুলিলে কি বুজা?
উত্তৰঃ- পদাৰ্থৰ ভৌতিক পৰিৱৰ্তন বুলিলে এটা বস্তু/পদার্থ যি অৱস্থাত আছে তাক আগৰ অৱস্থালৈ অনাকে বুজায়। যেনে পানীক ভাপলৈ পৰিৱৰ্তন কৰা।
26. আধুনিক বিজ্ঞানীৰ মতে পদাৰ্থক কেই ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ- ভৌতিক আৰু ৰাসায়নিক গুণাগুণৰ ওপৰত ভিত্তি কৰি আধুনিক বিজ্ঞানীসকলে পদাৰ্থক দুটা ভাগত ভাগ কৰিছে।
27. জাৰ কালিতকৈ গৰম দিনত (ৰ’দত) কাপোৰ সোনকালে শুকাই কিয়?
উত্তৰঃ- ইয়াৰ কাৰণ হ’ল গৰম দিনত উষ্ণতা বেছি থকাৰ বাবে পানীৰ কণিকাবোৰে অধিক গতি শক্তি পাই বাষ্পীভৱন খৰতকীয়া হয়।
28. উর্ধ পাতন কাক বোলে? উর্ধ পাতন হোৱা দুবিধ পদাৰ্থৰ নাম লিখা।
উত্তৰঃ- তাপৰ প্ৰভাৱত জুলীয়া অৱস্থা নোপোৱাকৈ পোনে পোনে গোটা অৱস্থাৰ পৰা গেছীয় বা গেছীয় অৱস্থাৰ পৰা গোটা অৱস্থা প্ৰাপ্ত হোৱা প্ৰক্ৰিয়াকে উর্ধ পাতন বোলে।
উদাহৰণ : কৰ্পূৰ, এলুমিনিয়াম ক্লৰাইড।
29. গোটা কার্বন-ডাই-অক্সাইডক কিয় শুকান বৰফ বোলে?
উত্তৰঃ- গোটা কার্বন-ডাই-অক্সাইডৰ চাপ কমাই এক বায়ুমণ্ডলীয় চাপলৈ আনিলে ই জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থা পায়। এই কাৰণে গোটা কার্বন-ডাই-অক্সাইডক শুকান বৰফ বোলে।
30. উতলন আৰু বাষ্পীভৱনৰ এটা পার্থক্য লিখা।
উত্তৰঃ- উতলন হৈছে- নির্দিষ্ট উষ্ণতাত জুলীয়া পদার্থ উতলিবলৈ ধৰা প্ৰক্ৰিয়া। আনহাতে বাষ্পীভৱন হৈছে- উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়া।
31. পদাৰ্থৰ গলনাংকৰ সংজ্ঞা দিয়া বৰফৰ গলনাংক কিমান?
উত্তৰঃ- এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদার্থ গলি গৈ জুলীয়া অৱস্থা প্ৰাপ্ত হয় সেই উষ্ণতাক পদাৰ্থৰ গলনাংক বোলে।
বৰফৰ গলনাংক 273.16K
32. লীন তাপ কি?
উত্তৰঃ- উষ্ণতাৰ পৰিৱৰ্তন নকৰাকৈ কোনো কঠিন পদার্থ জুলীয়া বা গেছীয় অৱস্থালৈ বা কোনো জুলীয়া পদার্থ গেছীয় বা বাষ্পীয় অৱস্থালৈ নিবলৈ যি তাপৰ প্ৰয়োজন তাকে লীন তাপ কোৱা হয়।
33. তলৰ কোনবোৰ পদাৰ্থ?
চকী, বায়ু, প্রেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পনীয়, সুগন্ধি দ্ৰব্যৰ সুবাস।
উত্তৰঃ- বায়ু, চকী, বাদাম, ঠাণ্ডাপনীয়, সুগন্ধি দ্ৰৱ্যৰ সুবাস।
34. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা।
কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
উত্তৰঃ- গেছৰ ব্যাপনৰ মাত্ৰা উষ্ণতাৰ বৃদ্ধিৰ লগে লগে বাঢ়ে। সেইবাবে গৰম বস্তুৰ ব্যাপনৰ মাত্ৰা বাঢ়ে বাবে গোন্ধ বহু দূৰলৈ যায়। আনহাতে ঠাণ্ডা বস্তুৰ ব্যাপনৰ মাত্ৰা কম হয়। ইয়াৰ গোন্ধ দূৰলৈ নাযায়। গতিকে গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
35. এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?
উত্তৰঃ- পানীৰ অনুসমূহৰ মাজত আকষর্ণীয় বল কম হোৱা বাবে এইটো সম্ভৱ হয়।
36. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?
উত্তৰঃ- পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য এনেধৰণৰ-
(i) ইহঁতৰ মাজত আকৰ্ষণীয় বল থাকে।
(ii) ইহঁত সদায় গতিশীল আৰু
(iii) ইহঁতৰ মাজত খালী ঠাই থাকে।
37. উতলা পানীতকৈ তাৰ বাষ্পই আমাক অতি বেয়াকৈ জখম কৰে কিয় ব্যাখ্যা কৰা।
উত্তৰঃ- উতলা পানীতকৈ তাৰ বাষ্পত অধিক লীন তাপ নিহিত থাকে। সেয়েহে বাষ্পই অতি বেয়াকৈ জখম কৰে।
38. বাষ্পীভৱনে ওচৰ-পাজৰৰ ঠাই কিদৰে ঠাণ্ডা কৰে?
উত্তৰঃ- বাষ্পীভৱনৰ ফলত কমি যোৱা শক্তি পূৰাবলৈ জুলীয়া পদাৰ্থৰ কণিকাবোৰে তাৰ চাৰিওকাষৰ পৰা শক্তি আহৰণ কৰে। এইদৰে শক্তি আহৰণ বা শোষণৰ ফলত বাষ্পীভূত, হোৱা ঠাইৰ ওচৰ পাজৰ ঠাণ্ডা হয়।
39. কাৰণ দৰ্শোৱা- বতাহ বলিলে কাপোৰ সোনকালে শুকায়।
উত্তৰঃ- বতাহৰ বেগ বাঢ়ি যোৱাৰ লগে লগে জলীয় বাষ্পবোৰ সহজে আতৰি যায়- ফলত তিতা কাপোৰখন শুকায়।
40. বাষ্পীভৱনৰ লীনতাপৰ সংজ্ঞা দিয়া।
উত্তৰঃ- এক বায়ু মণ্ডলীয় চাপ আৰু উতলাংক উষ্ণতাত এক Kg জুলীয়া পদার্থ গেছীয় অৱস্থালৈ নিবলৈ যি তাপৰ প্রয়োজন তাক বাষ্পীভৱনৰ লীন তাপ বোলে।
41. গলনাংক আৰু উতলাংক কি?
উত্তৰঃ- গলনাংক : যি উষ্ণতাত কঠিন পদার্থ গলি জুলীয়া অৱস্থাপ্রাপ্ত হয় তাক গলনাংক বোলে।
উতলাংক : যি উষ্ণতাত জুলীয়া পদার্থ উতলে তাক উতলাংক বোলে।
Leave a comment