নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান 

আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধনে।

Is Matter Around us Pure

                                                                           Class ix General Science

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) তলৰ কোনটো ধাতুকল্প-

(ক) সোণ 

(খ) আইৰণ 

(গ) কপাৰ 

(ঘ) ব’ৰণ 

উত্তৰঃ- (ঘ) ব’ৰণ।


(ii) জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে কঠিনৰ পৰা গেছীয় অৱস্থা বা গেছীয়ৰ পৰা কঠিন অৱস্থালৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াক কোৱা হয়— 

(ক) বিগলন 

(খ) স্ফটিকীকৰণ 

(গ) ঘণীভূত 

(ঘ) উর্ধপাতন 

উত্তৰঃ- (ঘ) উর্ধপাতন।


(iii) বিস্তাৰণ মাধ্যম আৰু বিস্তাৰিত প্ৰৱস্থা তৰল হোৱা এটা কলডীয় দ্ৰবৰ উদাহৰণ হৈছে—

(ক) মাখন

(খ) স্পঞ্জ

(গ) গাখীৰ

(ঘ) চেভিং ক্ৰীম

উত্তৰঃ- (গ) গাখীৰ।


(iv) সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পোৱা মৌলবোৰ- 

(ক) ব্ৰ’মিন আৰু মার্কিউৰি 

(খ) মাৰকিউৰি আৰু কৰিন 

(গ) ৱমিন আৰু আয়’ডিন 

(ঘ) আয়ডিন আৰু মাৰকিউৰি

উত্তৰঃ- (ক) ব্ৰ’মিন আৰু মার্কিউৰি।


(v) তলৰ কোনটো অসমসত্ব মিশ্ৰণ?

(ক) দ্ৰৱ 

(খ) বায়ু 

(গ) সংকৰ ধাতু 

(ঘ) প্ৰলম্বন 

উত্তৰঃ- (ক) প্ৰলম্বন।


(vi) কোনটোৰ দ্বাৰা এটা গেছক অন্য এটাৰ পৰা পৃথক কৰা হয়-

(ক) আংশিক স্ফটিকীকৰণ 

(খ) আংশিক বাষ্পীভবন 

(গ) আংশিক উর্দ্ধপাতন 

(ঘ) আংশিক পাতন

উত্তৰঃ- (ঘ) আংশিক পাতন।

(vii) গাখীৰৰ পৰা মাখন পৃথক কৰা পদ্ধতিটো হ’ল- 

(ক) অপকেন্দ্ৰীক পদ্ধতি

(খ) উর্ধপাতন পদ্ধতি

(গ) স্ফটিকীকৰণ পদ্ধতি

(ঘ) বাষ্পীভবন পদ্ধতি

উত্তৰঃ- (ক) অপকেন্দ্ৰীক পদ্ধতি।


(viii) টিণ্ডেল প্ৰভাৱ দেখুওৱা যৌগটো-

(ক) লৱণৰ দ্ৰৱ

(খ) গাখীৰ

(গ) কপাৰ ছালফেটৰ দ্ৰৱ 

(ঘ) ষ্টাৰ্চৰ দ্ৰৱ

উত্তৰঃ- (খ) গাখীৰ।


(ix) কেৰাচিন আৰু পেট্ৰ’লৰ উতলাংকৰ পাৰ্থক্য 25° তকৈ বেছি। তলৰ কোনটো পদ্ধতিৰে মিশ্ৰণটোৰ পৰা ইহঁতক পৃথক কৰিব পাৰি?

(ক) পাতন

(খ) আংশিক পাতন

(গ) উর্ধপাতন

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (ক) পাতন।


(x) ক’লা চিয়াহীৰ ৰঙীণ উপাদান পৃথক কৰিব পাৰি-

(ক) বাষ্পীভৱন

(খ) বর্ণলেখন

(গ) পাতন

(ঘ) স্ফটিকীকৰণ

উত্তৰঃ- (খ) বর্ণলেখন।


(xi) তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়। 

(ক) প্ৰলম্বন 

(খ) শুদ্ধ দ্ৰৱ 

(গ) কলয়ডীয় 

(ঘ) মিশ্ৰণ

উত্তৰঃ- (গ) কলয়ডীয়।


(xii) তলৰ কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা ৰঞ্জকৰ বিভিন্ন ৰং পৃথক কৰিব পাৰিব—

(ক) বর্ণলিখন 

(খ) উর্ধপাতন

(গ) পাতন 

(ঘ) চুম্বক দ্বাৰা পৃথকীকৰণ

উত্তৰঃ- (ক) বর্ণলিখন।


(xiii) বালি আৰু নেফথেলিনৰ মিশ্ৰণৰ পৰা নেফথেলিন কিদৰে পৃথক কৰা হয়?

(ক) পাতন 

(খ) স্ফটিকীকৰণ

(গ) পৰিস্ৰাৱণ 

(ঘ) উর্ধপাতন

উত্তৰঃ- (ঘ) উর্ধপাতন।


2. তেজৰ পৰা ঔষধ পৃথকীকৰণ পদ্ধতি কি?

উত্তৰঃ- বর্নলেখন।


3. সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতু আৰু এটা অধাতুৰ নাম লিখা।

উত্তৰঃ- মার্কাৰি, হাইড্ৰ’জেন।


4. মিশ্ৰণ কি?

উত্তৰঃ- দুই বা ততোধিক বিশুদ্ধ পদাৰ্থ লগহৈ থকা পদাৰ্থই হ’ল মিশ্ৰণ।


5. দ্ৰৱ বুলিলে কি বুজা?

উত্তৰঃ- দ্ৰৱ বা দ্ৰাৱণ বুলিলে দুই বা ততোধিক পদার্থৰ সমসত্ব মিশ্ৰণকে বুজায়।


6. সংকৰ ধাতু কি?

উত্তৰঃ- সংকৰ ধাতু হৈছে দুই বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ মিশ্ৰণ।


7. পৃথকীকৰণ পদ্ধতিৰ নাম লিখা-

কপাৰ ছালফেট দ্ৰবণ’ৰ পৰা কপাৰৰ পৃথকীকৰণ।

উত্তৰঃ- স্ফটিকীকৰণ।


8. সমসত্ব মিশ্ৰণ কাক বোলে?

উত্তৰঃ- যি মিশ্ৰণত ইয়াৰ সংযুক্তি সকলো অংশতে একে থাকে তাকে সমসত্ব মিশ্ৰণ বোলে।


9. দুটা সমসত্ব মিশ্ৰণৰ উদাহৰণ দিয়া।

উত্তৰঃ- চেনিৰ দ্ৰৱ, নিমখৰ দ্ৰৱ।


10. দুটা উর্ধপাতন যৌগৰ নাম লিখা।

উত্তৰঃ- কৰ্পূৰ, নেফথেলিন।


11. বিশুদ্ধ পদার্থ বুলিলে কি বুজায়?

উত্তৰঃ- যিবোৰ পদাৰ্থত কেৱল একে ধৰণৰ উপাদান থাকে সেইবোৰকে বিশুদ্ধ পদাৰ্থ বোলে। উদাহৰণ—বৰফ। 


12. প্ৰলম্বনৰ যিকোনো দুটা ধর্ম লিখা।

উত্তৰঃ- (ক) এই অসমসত্ব মিশ্ৰণৰ কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায়।

(খ) নোজোকাবাকৈ থৈ দিলে এই মিশ্ৰণৰ কণিকাবোৰ তলত গোট মাৰে।


13. অসমসত্ব মিশ্ৰণ কাক বোলে?

উত্তৰঃ- যি মিশ্ৰণত ইয়াব সংযুক্তি মিশ্ৰণটোৰ সকলো অংশত ভিন্ন ভিন্ন হয় তাকে অসমসত্ব মিশ্ৰণ বোলে।


14. ধাতুকল্প কি?

উত্তৰঃ- ধাতু আৰু অধাতু উভয়ৰে ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰক ধাতুকল্প বোলে। উদাহৰণ- বৰণ, ছিলিকন।


15. দ্ৰৱণৰ দুটা ধৰ্ম লিখা।

উত্তৰঃ- (১) দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ

(২) দ্ৰৱণৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ


16. স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায়। 

উত্তৰঃ- স্ফটিকীকৰণ পদ্ধতিৰে অশুদ্ধি মিহলি হৈ থকা কঠিন পদাৰ্থ এটা বিশুদ্ধ ৰূপত পৃথক কৰিব পাৰি।


17. বৈজ্ঞানিক দৃষ্টিৰে এটা বস্তু বিশুদ্ধ হোৱা চৰ্তসমূহ কি কি?

উত্তৰঃ- (১) ইয়াৰ আটাইবোৰ উপাদান একে হ’ব লাগে। 

(২) উপাদানবোৰৰ ৰাসায়নিক গুণো একে হ’ব লাগে। 

(৩) এটাই মাত্ৰ উপাদান থাকে।


18. এচিটন আৰু পানীৰ মিশ্ৰণৰ পৰা কি পদ্ধতিৰে উপাদান দুটা পৃথক কৰিবা বৰ্ণনা কৰা।

উত্তৰঃ- পাতন ফ্লাস্কত থকা মিশ্ৰণটো লাহে লাহে গৰম হয়। থাৰ্ম’মিটাৰৰ পাৰাস্তম্ভৰ ওপৰত চকু ৰাখিব লাগে। এচিট’ন বাষ্পীভূত হৈ শীতক যন্ত্ৰৰ মাজেদি পাৰহৈ যাওঁতে ঘনীভূত হ’ব আৰু গ্ৰাহক পাত্ৰত জমা হ’ব। পাতন ফ্লাস্কত পানীখিনি ৰৈ যাব।


19. সাধাৰণ নিমখ আৰু এম’নিয়াম ক্ল’ৰাইডৰ মিশ্ৰণ কেনেদৰে পৃথক কৰিব পাৰি?

উত্তৰঃ- এম’নিয়াম ক্ল’ৰাইড ত পতালে গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ যায়। গতিকে এনে উদ্বায়ী আৰু অনুদ্বায়ী উর্ধপাতিত কৰিব নোৱাৰা পদাৰ্থৰ মিশ্ৰণৰ উপাদানবোৰ পৃথক কৰিবলৈ উৰ্ধপাতন পদ্ধতি ব্যৱহাৰ কৰা হয়।


20. বৰ্ণলেখন কি? বৰ্ণলেখনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা।

উত্তৰঃ- ৰঙীন দ্ৰৱ এটাৰ বিভিন্ন ৰঞ্জকৰ উপাদানবোৰ পৃথক কৰিব পৰা পদ্ধতিকে বর্ণলেখন বোলে।

বৰ্ণলেখনৰ ব্যৱহাৰ- (ক) ৰঙৰ ৰঞ্জক পদার্থ পৃথকীকৰণত (খ) তেজত থকা ঔষধ পৃথকীকৰণত। 


21. বায়ুৰ পৰা বিভিন্ন গেছবিলাক কেনেদৰে পাৰ পাৰি?

উত্তৰঃ- বায়ুৰ পৰা অক্সিজেন গেছ পাবলৈ আমি বায়ুত থকা আন গেছবিলাক পৃথক কৰি লব লাগিব। চাপ প্ৰয়োগ কৰি বায়ু সংকোচন কৰা হয় আৰু পিছত উষ্ণতা কমাই চেচাঁ কৰি তৰল বায়ু পোৱা হয়। এইদৰে পোৱা তৰল বায়ু আংশিক পাতন ক্তম্ভত লাহে লাহে গৰম কৰিলে গেছবিলাকে নিজৰ উতলাংক অনুসৰি স্তম্ভৰ বিভিন্ন উচ্চতাত পৃথক হৈ পৰে।


22. মিশ্ৰণ আৰু যৌগৰ মাজত পাৰ্থক্য লিখা। 

উত্তৰঃ- মিশ্ৰণ : (ক) মৌল বা যৌগবোৰ মাত্ৰ মিহলিহে হয়; কোনো নতুন পদার্থ (যৌগ) উৎপন্ন নহয়। 

(খ) উপাদনবোৰৰ সংযুতি ভিন ভিন হ’ব পাৰে। 

যৌগ : (ক) মৌলবোৰে বিক্ৰিয়া কৰি নতুন পদর্থ উৎপন্ন কৰে। 

(খ) প্ৰতিটো নতুন পদাৰ্থৰ উপাদানবোৰৰ সংযুক্তি সদায় নির্দিষ্ট।


23. কলয়ডীয় দ্ৰবৰ উপাদান বিলাক কি কি?

উত্তৰঃ- কলয়ডীয় প্ৰৱৰ উপাদানবোৰ হ’ল- বিস্তাৰণ মাধ্যম আৰু বিস্তাৰিত প্ৰাৱস্থা।


24. কলয়ডীয় প্ৰৱৰ ধৰ্মসমূহ লিখা।

উত্তৰঃ- (ক) কলয়ড অসমসত্ব মিশ্ৰণ। 

(খ) কলয়ডীয় কণিকাবোৰ বৰ সৰু। ইহঁতক খালি চকুৰে মনিব নোৱাৰিব। 

(গ) ইয়াত পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পৰাকৈ কণিকাবোৰ প্ৰয়োজনীয়ভাৱে ডাঙৰ আৰু ৰশ্মিটো দৃশ্যমান কৰি তোলে। 

(ঘ) কলয়ডীয় দ্ৰৱ সুস্থিৰ।


25. বৰ্ণলেখন কি? বৰ্ণলেখনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা।

উত্তৰঃ- ৰঙীন দ্ৰৱ এটাৰ বিভিন্ন ৰঞ্জকৰ উপাদানবোৰ পৃথক কৰিব পৰা পদ্ধতিকে বর্ণলেখন বোলে।

বৰ্ণলেখনৰ ব্যৱহাৰ- (ক) ৰঙৰ ৰঞ্জক পদার্থ পৃথকীকৰণত (খ) তেজত থকা ঔষধ পৃথকীকৰণত। 


26. অশুদ্ধিযুক্ত কপাৰ ছালফেটৰ পৰা বিশুদ্ধ কপাৰ ছালফেট কেনেকৈ পাব পাৰি?

উত্তৰঃ- চীনা মাটিৰ পাত্ৰ এখনত প্ৰায় 5g পৰিমাণৰ অশুদ্ধিযুক্ত কপাৰ ছালফেট লোৱা হয়। ইয়াক নিম্নতম আয়তনৰ পানীত দ্ৰৱীভূত কৰা হয়। অদ্ৰবণীয় অশুদ্ধি চেকি পৃথক কৰা হয়। কপাৰ ছালফেটৰ দ্ৰৱণটো বাষ্পীভূত কৰি আয়তন কমাই সংপৃক্ত কৰি লোৱা হয়। তাৰ পিছত দ্ৰবণটো ফিল্টাৰ কাগজেৰে ঢাকি ঠাণ্ডা হ’বলৈ দি লৰচৰ নকৰাকৈ এদিন থৈ দিয়া হয়। পাত্ৰত কপাৰ ছালফেটব স্ফটিক জমা হোৱা দেখিবলৈ পোৱা যাব। এই পদ্ধতিক স্ফটিকীকৰণ বোলে।


27. সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।

উত্তৰঃ- সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণৰ প্ৰভেদসমূহ হৈছে- সমসত্ব মিশ্ৰণ এটাৰ সংযুক্তি ইয়াৰ সকলো অংশতে একে হয়। আনহাতে অসমসত্ব মিশ্ৰণ এটাৰ সংযুক্তি মিশ্ৰণটোৰ সকলো অংশতে বেলেগ বেলেগ হয়।

দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণত দ্ৰৱ বা দ্ৰাৱণ সৃষ্টি হয়। আনহাতে দুই বা ততোধিক পদার্থ অসমসত্ব মিশ্ৰণৰ ফলত প্ৰলম্বন সৃষ্টি হয়।


28. দুটা পৰস্পৰ মিহলি হোৱা তৰলৰ পৃথকীকৰণ কেনেকৈ কৰিব পাৰি।

উত্তৰঃ- দুটা মিশ্ৰণীয় তৰলৰ উপাদানবোৰ যদি বিয়োজিত নোহোৱাকৈ বাষ্পীভূত হয় আৰু ইহঁতৰ উতলাংকৰ মাজত যথেষ্ট পার্থক্য থাকে তেন্তে তৰলকেইটা পাতন প্ৰক্ৰিয়াবে পৃথক কৰিব পাৰি।

দুই বা ততোধিক পৰস্পৰ মিহলি হোৱা তৰলৰ উতলাংকৰ পাৰ্থক্য 25k তকৈ কম হ’লে সিহঁতক পৃথক কৰিবলৈ আংশিক পাতন পদ্ধতি প্ৰয়োগ, কৰা হয়; যেনে-বায়ুৰ পৰা বিভিন্ন গেছবোৰ পৃথক কৰিবলৈ আৰু খাৰুৱা তেলৰ পৰা পেট্ৰলিয়ামজাত পদাৰ্থবোৰ শোধনৰ দ্বাৰা পৃথক কৰিবলৈ আংশিক পাতন পদ্ধতি ব্যৱহাৰ কৰা হয়। আংশিক পাতন যন্ত্ৰ সাধাৰণ পাতন যন্ত্ৰৰ দৰেই; মাত্ৰ ইয়াত আংশিক পাতন স্তম্ভ এটা অতিৰিক্ত কৈ পাতন ফ্লাস্ক আৰু শীতকৰ মাজত সংযোগ কৰা হয়।

29. উদাহৰণ দি ব্যাখ্যা কৰা-

(a) সংপৃক্ত দ্ৰব 

(b) বিশুদ্ধ পদার্থ।

(c) কলয়ড

(d) প্ৰলম্বন

উত্তৰঃ- সংপৃক্ত দ্ৰব : এটা নিৰ্দিষ্ট উষ্ণতাত, এটা প্ৰৱত দ্ৰৱীভূত কৰিব পৰা সর্বোচ্চ পৰিমাণৰ দ্ৰাৱ্য প্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰৱ বোলা হয়। দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নির্দিষ্ট পৰিমাণৰ দ্ৰাৱ্যহে দ্ৰবীভূত হয়। তেতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰৱকোৱা হয়। উদাহৰণস্বৰূপে 100 মিঃলিঃ পানীত 50 গ্ৰাঃ NaCl মিলাব পাৰি।

বিশুদ্ধ পদার্থ : যিবোৰ পদাৰ্থ একে অণুৰ দ্বাৰা গঠিত তাকেই বিশুদ্ধ পদার্থ বোলা হয়। এটা বিশুদ্ধ পদার্থ সদায় নির্দিষ্ট উষ্ণতাত গ’লে। উদাহৰণস্বৰূপে, বিশুদ্ধ বৰফ সদায় 0°C উষ্ণতাত গ’লে আৰু পানী সদায় 0°C উষ্ণতাত ঘনীভূত হয়।

কলয়ড : এটা পদার্থ কলয়ডীয় অৱস্থাত থকা বুলি কোৱা হয় যদি ইয়াৰ কণিকাবোৰৰ আকৃতি 11 পৰা 100nmৰ ভিতৰত হয়। কলয়ড অসমসত্ব মিশ্ৰণ। কলয়ডীয় দ্ৰৱ সুস্থিৰ। উদাহৰণ : চেভিং ক্ৰীম।

প্ৰলম্বন : যিবোৰ অসমসত্ব মিশ্ৰণত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায় সেইবোৰ মিশ্ৰণক প্ৰলম্বন বোলা হয়। নোজোকাবাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলত গোট মাৰে। তলটো সাৱধানে ঢালি -প্ৰলম্বন এটাৰ কণিকাবোৰক পৃথক কৰিব পৰা যাব। যেনে- বোকাৰ মিশ্ৰণ আৰু পানী।


30. তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা।

(i) দৈব পৰা মাখন।

উত্তৰঃ- অপকেন্দ্ৰীক পদ্ধতিৰ দ্বাৰা।

(ii) সাগৰৰ পানীৰ পৰা নিমখ।

উত্তৰঃ- বাষ্পীভৱন প্ৰক্ৰিয়াৰ দ্বাৰা।

(iii) নিমখৰ পৰা কৰ্পূৰ।

উত্তৰঃ- উর্ধপাতন প্ৰক্ৰিয়াৰ দ্বাৰা।

(iv) নীলা চিয়াহীত থকা উপাদানবোৰ।

উত্তৰঃ- বর্ণলেখন।


31. তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা?

(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছ’ডিয়াম ক্ল’ৰাইড।

উত্তৰঃ- বাষ্পীভবন।

(b) তেজৰ পৰা ঔষধ হয়।

উত্তৰঃ- বর্ণলেখন।

(c) গাড়ীৰ ইঞ্জিন-তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা।

উত্তৰঃ- ফিল্টাৰ কৰি।

(d) ফুলৰ পাহিৰ আকৰৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ।

উত্তৰঃ- বর্ণলেখন।

(e) পানীৰ পৰা তেল।

উত্তৰঃ- পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি।

(f) চাহৰ পৰা চাহপাত।

উত্তৰঃ- ফিল্টাৰ কৰি।

(g) বালিৰ পৰা লোৰ পিন।

উত্তৰঃ- চুম্বকৰ সহায়ত পৃথকীকৰণ।

(ii) চোকোৰাৰ পৰা গমৰ গুটি।

উত্তৰঃ- জৰা প্ৰক্ৰিয়াৰ দ্বাৰা।

(i) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সুক্ষ্ম কণিকাবোৰ।

উত্তৰঃ- আশ্ৰাৱণৰ দ্বাৰা।


32. তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে, ভৌতিক পৰিৱৰ্তন?

* গছ কটা?

উত্তৰঃ- ভৌতিক পৰিৱৰ্তন।

* কেৰাহি এখনত মাখন গলি যোৱা।

উত্তৰঃ- ভৌতিক পৰিৱৰ্তন।

* আলমাৰিত মামৰ ধৰা।

উত্তৰঃ- ৰাসায়নিক পৰিবৰ্তন।

* পানী উতলাই জলীয় ভাপ কৰা।

উত্তৰঃ- ভৌতিক পৰিৱৰ্তন।

* পানীৰ মাজেদি বিদ্যুত প্ৰবাহিত কৰিলে হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা। 

উত্তৰঃ- ৰাসায়নিক পৰিৱৰ্তন।

* পানীত নিমখ দ্ৰবীভূত কৰা।

উত্তৰঃ- ভৌতিক পৰিৱৰ্তন।

* কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা।

উত্তৰঃ- ভৌতিক পৰিৱৰ্তন।

* কাগজ আৰু কাঠ পুৰিলে।

উত্তৰঃ- ৰাসায়নিক পৰিবৰ্তন।


Leave a comment

Trending