ADVERTISEMENT WRITING
বিজ্ঞাপন লিখন
Prepared by : Sri Rupjyoti Goswami PGT (English) Bhogeswar Hazarika Girls’HS School, Bebejia, Nagaon.
An advertisement is an announcement made in electronic, print and social media such as Radio, TV, Newspaper, Magazines, Cinema, Internet and Facebook catering to the needs of different groups of people in the society. Sometimes it is presented through visual and verbal message about a product,service or an idea. An advertisement is a very important tool of bringing together people who need each other for fulfillment of a particular goal. It brings together the employer and the job-seeker, the teacher and the student, the buyer and the seller and so on. Advertisements also imparts knowledge about various products available or launched in the market. (বিজ্ঞাপন হ’ল বৈদ্যুতিক, ছপা আৰু সামাজিক গণমাধ্যম, যেনে ৰেডিঅ, দূৰদৰ্শন, আলোছনী, চলচ্চিত্ৰ, ইন্টাৰনেট আৰু ফেচবুক দিয়া এটা ঘোষণা যি সমাজৰ বিভিন্ন স্তৰৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰ কৰে। কেতিয়াবা ইয়াক দৃশ্যমান আৰু শাব্দিক বাৰ্তাৰ যোগেদি উপস্থাপন কৰি এটা দ্ৰব্য, সেৱা বা ধাৰণাৰ বিষয়ে জনোৱা হয়। বিজ্ঞাপন হ’ল সেইসকল জনসাধাৰণক একত্ৰিত কৰাৰ এক শক্তিশালী আহিলা, যিসকলে এটা বিশেষ লক্ষ্যত উপনীত হ’বৰ বাবে ইজনক আনজনৰ প্ৰয়োজন হয়। বিজ্ঞাপনে নিয়োগকৰ্তা আৰু চাকৰি প্ৰত্যাশী, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী, ক্ৰেতা আৰু বিক্ৰেতা -এই সকলোকে ওচৰ চপাই আনে।বজাৰত চলি থকা বা নতুনকৈ প্ৰচলনলৈ অহা বিভিন্ন দ্ৰৱ্য সামগ্ৰীৰ বিষয়ে বিজ্ঞাপনে জ্ঞান দিয়ে।)
Types of Advertisement: As of now, two types of advertisement are seen occupying the space of newspapers, the electronic media and social media platforms. These are:- (a) Classified and (b) General or Display. (বিজ্ঞাপনৰ প্ৰকাৰ : বৰ্তমানলৈকে দুই ধৰনৰ বিজ্ঞাপনে বাতৰি কাকত, বৈদ্যুতিক প্ৰচাৰ মাধ্যম বা সামাজিক গণ মাধ্যমত স্থান দখল কৰা দেখা গৈছে: (ক) শ্ৰেণীবদ্ধ বিজ্ঞাপন আৰু (খ) বাণিজ্যিক বা প্ৰদৰ্শনীমূলক বিজ্ঞাপন।)
(a) Classified Advertisements: Classified Advertisements are similar to Notices, but there is a difference in content .There is always a prescribed Word Limit (generally 50 words) for Classified Advertisements because newspapers or electronic media charge for every word/line. There is no place for design and decoration in this Type of advertisement. The language or words used in Classified Advertisements are supposed to be formal, simple and factual. Classified advertisements are further subdivided into many parts which are mentioned below for the convenience of learners. (শ্ৰেণীবদ্ধ বিজ্ঞাপনসমূহ দেখাত জাননীৰ দৰে হ’লেও বিষয়বস্তুৰ মাজত পাৰ্থক্য আছে। যিহেতু বাতৰি কাকত আৰু বৈদ্যুতিক প্ৰচাৰ মাধ্যমত প্ৰতিটো শব্দ বা শাৰীৰ বাবে এটা নিৰ্ধাৰিত মূল্য থাকে, সেই বাবে শ্ৰেণীবদ্ধ বিজ্ঞাপনসমূহৰ বাবে শব্দৰ এটা সীমা নিৰ্ধাৰণ কৰা থাকে (সাধাৰণতে ৫০টা শব্দ)। শ্ৰেণীবদ্ধ বিজ্ঞাপনৰ শব্দাৱলী বা ভাষা সহজ, মাৰ্জিত আৰু তথ্যভিত্তিক হোৱা উচিত বুলি ধৰা হয়। শ্ৰেণীবদ্ধ বিজ্ঞাপনসমূহক বিভিন্ন ভাগত ভাগ কৰা হৈছে, যিখিনি পঢ়ুৱৈৰ সুবিধাৰ্থে তলত উল্লেখ কৰা হ’ল।)
1. Situation Vacant (খালী পদৰ বিজ্ঞাপন) : This type of advertisement is used to announce the number of vacant posts in a particular department of the government or the private sector, the qualifications and experience required for the posts, the upper age limit for candidates, the scale of pay/salary negotiable, the last date of submitting application and contact number of the employer. (এইশ্ৰেণীৰ বিজ্ঞাপনত কোনো চৰকাৰী বা বেচৰকাৰী বিভাগত খালী হৈ থকা পদ, সেইসমূহ পূৰনৰ বাবে প্ৰয়োজনীয় অৰ্হতা, অভিজ্ঞতা, বয়সৰ উচ্চতম সীমা, দৰমহা, আবেদন জমা দিয়াৰ অন্তিম তাৰিখ এইবিষয়ে অবগত কৰি যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হয় বা সাক্ষাৎকাৰত অবৰ্তীন হ’বৰ বাবে আহ্বান জনোৱা হয়। এইসমূহ বিজ্ঞাপনৰ শেষত নিয়োগকৰ্তাৰ যোগাযোগৰ ঠিকনা, ই-মেইল আৰু মোবাইল নাম্বাৰ উল্লেখ থাকিব লাগে।)
2. Situation Wanted (চাকৰি বিচাৰি বিজ্ঞাপন) : This type of advertisement is published by media on behalf of a qualified and experienced candidate looking for job. (উপযুক্ত অৰ্হতাসম্পন্ন আৰু অভিজ্ঞ এজন ব্যক্তিয়ে তেওঁক কেনেকুৱা ধৰনৰ চাকৰি বা কৰ্মসংস্থাপনৰ আৱশ্যক সেই বিষয়ে জনাই বাতৰি কাকতলৈ লিখাৰ পাচত, বাতৰি কাকতে তেওঁৰ হৈ বিজ্ঞাপন প্ৰকাশ কৰে।)
3. To Let (ভাড়া দিয়াৰ বিজ্ঞাপন) : This type of advertisement is a declaration that there a room/ floor/ building/ flat/ car which will be given on rent of Rs…. per month for official or personal use. (এই ধৰনৰ বিজ্ঞাপনৰ যোগেদি কোনো চৰকাৰী বা ব্যক্তিগত ব্যৱহাৰৰ বাবে ঘৰ, অট্টালিকা, মহল, কোঠালি আদি ভাড়া দিয়া হ’ব বুলি প্ৰচাৰ কৰা হয়।ইয়াত ভাড়াৰ পৰিমান আৰু যোগাযোগৰ বাবে মোবাইল নাম্বাৰৰ উল্লেখ থকাটো বাঞ্চনীয়।)
4. For Sale (বিক্ৰীৰ বাবে) : This is used for sale of movable and immovable property such as land, house, car etc. (এনেকুৱা বিজ্ঞাপনৰ যোগেদি স্থাৱৰ অস্থাবৰ সম্পত্তি যেনে মাটি, ঘৰ, গাড়ী আদিৰ বিক্ৰী কৰাৰ ইচ্ছা প্ৰকাশ কৰা হয়।)
5. Educational (শৈক্ষিক) : This type of advertisement is used to draw publicity to an educational institution or a coaching centre. Focus is given on the courses offered by the institute, the experienced faculties, the fees and the performance of previous batches. It highlights the additional advantages of studying at that institution. (এইধৰণৰ বিজ্ঞাপনৰ যোগেদি কোনো শিক্ষানুষ্ঠান বা কোচিং চেন্টাৰৰ গৰিমা প্ৰচাৰ কৰা হয় যাতে বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰে। অনুষ্ঠানটোত সন্নিবিষ্ট পাঠ্যক্ৰম, মাচুল আৰু ইয়াৰ কৃতিত্বৰ বিষয়ে জনসাধাৰণক অবগত কৰিবলৈ চেষ্টা কৰা হয়।)
6. Lost and Found (হেৰাইছে আৰু উদ্ধাৰ হৈছেসম্বন্ধীয়) : This type of advertisement is written by a person who has lost some valuable items of a clear-cut description at a specified location. A handsome reward is also announced for the person who finds the items. (এইধৰনৰ বিজ্ঞাপনত কোনো ব্যক্তিয়ে ক’ৰবাত হেৰাই যোৱা মূল্যবান বস্তুৰ সবিশেষ, হেৰোৱা স্থান, সময় আদি বৰ্ণনা কৰি উদ্ধাৰকাৰীলৈ এটা পুৰষ্কাৰ ঘোষণা কৰে।)
7. Matrimonials (বিবাহৰ বাবে পাত্ৰ পাত্ৰী বিচাৰি) : This type of advertisement is published for marriageable persons looking for a match. All the educational qualifications, age, description of physical measurements, caste, religion, family background are given in a clear-cut manner. (কোনো বিবাহযোগ্য ব্যক্তিয়ে নিজৰ ধৰ্ম, জাতি, বৃত্তি, আয়, শাৰীৰিক অবয়ব আদি স্পষ্টকৈ উল্লেখ কৰি পাত্ৰ পাত্ৰী বিচাৰি কৰা অনুৰোধৰ ভিত্তিত বাতৰি কাকত বা বৈদ্যুতিক প্ৰচাৰ মাধ্যমে প্ৰকাশ কৰা বিজ্ঞাপন এই শ্ৰেণীৰ বিজ্ঞাপনৰ অন্তৰ্গত।)
8. Miscellaneous : Travels & Tours, Agents & Distributors, Accommodation Wanted, Computers etc.
(b) General or Commercial or Display Advertisements (বাণিজ্যিক বা প্ৰদৰ্শনমূলক বিজ্ঞাপন) : These are market-oriented advertisements designed by leading manufacturers, business establishments and companies for gathering customers for sale and promotion of their products and services. The purpose is to ensure publicity for financial gain. These are therefore expensive in terms of advertising costs. The language used there is colourful, attractive and persuasive with eye-catching phrases. The space required for such advertisements is bigger than the one required for Classified Advertisements. (এইসমূহ বিজ্ঞাপন হ’ল বজাৰমূখী বিজ্ঞাপন যাৰ জৰিয়তে কোনো প্ৰসিদ্ধ উৎপাদন প্ৰতিষ্ঠান, ব্যৱসায়িক গোষ্ঠী বা কোম্পানীয়ে দ্ৰব্য সামগ্ৰী, সেৱা আদিৰ বিক্ৰী আৰু প্ৰসাৰ ঘটাই গ্ৰাহক সংগ্ৰহত মনোনিবেশ কৰে। বিত্তীয় মুনাফা আৰ্জনেই এইসমূহ বিজ্ঞাপনৰ লক্ষ্য। এইধৰনৰ বিজ্ঞাপনসমূহ ব্যয়বহুল হোৱাৰ উপৰিও ইয়াত ব্যৱহৃত ভাষা আৰু শব্দাৱলীদৃষ্টিনন্দন, ৰঙীন, আকৰ্ষণীয় আৰু গ্ৰাহকক প্ৰলুব্ধ কৰা ধৰনৰ হয়। এই ধৰনৰ বিজ্ঞাপনৰ বাবে অধিক ঠাইৰ প্ৰয়োজন হয়।)
Details required for Display/ General/ Commercial Advertisements: 1. Name of the manufacturer/ the company. 2. Product details. 3. Discounts (if available) 4. Address of the manufacturer/ company.
Style of designing Display Advertisements: 1. Every word used in such advertisements should be meaningful, attractive enough to draw the attention of the people and potential customers.
2. The language should be thought-provoking, simple and clear.
3. The main features of the product must be highlighted.
4. It should not be unnecessarily long and dull.
5. Different types of letters and colours should be used for different phases.
6. Pictures, sketches should be used.
Techniques of Drafting Classified Advertisements with the Headings as Under:
1. SITUATION VACANT:
(a) Write “Required/ Urgently Required/ Wanted at the beginning and write the number of posts. (বিজ্ঞাপনটোৰ আৰম্ভণিতে ‘Required/ Urgently Required/ Wanted’ লিখিব লাগে আৰু খালী পদৰ সংখ্যা উল্লেখ কৰিব লাগে।)
(b) Improvise and write Suitable Adjectives appropriate to the context. Examples of such adjectives generally seen in use are : smart, intelligent, efficient, responsible, pleasant, experienced, dynamic, competent, impressive, young etc. (বিষয়বস্তুৰ লগতসংগতি ৰাখি উপযুক্ত বিশেষন পদৰ (adjectives) ব্যৱহাৰ কৰিব লাগে যাতে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী খালী পদটোৰ/পদসমূহৰ বিপৰীতে বিচৰা হৈছে, সেই কথা স্পষ্ট হয়। এনেধৰনৰ কিছুমান বিশেষন পদ হ’ল:- smart, intelligent, efficient, responsible, pleasant, experienced, dynamic, competent, impressive, young)
(c) Write the name of the vacancy/post with gender. For example, a female receptionist, a lady tutor etc. (খালী হৈথকা পদটোৰ নাম আৰু পুৰুষ নে মহিলা প্ৰাৰ্থীৰ আবশ্যক সেই কথা অতি চমুকৈ লিখা উচিত।)
(d) Use the preposition “for”. ( প্ৰায়েই FOR preposition টোৰ ব্যৱহাৰ হোৱা দেখা যায়।)
(e) Write the name of the Company/Department where the vacancy arises. (For ৰ ঠিক পাছতে যিটো বিভাগ বা কোম্পানীত পদটো/পদসমূহ খালী হৈ আছে, তাৰ নাম লিখিব লাগে।)
(f) Mention eligibility criteria such as qualifications, age, experience, Computer Skill (if required). (কি ধৰণৰ যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰা হৈছে, সেইটো লিখিব লাগে। যোগ্যতাৰ মাপকাঠি বুলিলে শিক্ষাগত অৰ্হতা, বয়স, অভিজ্ঞতা, কম্পিউটাৰ চালনাৰ দক্ষতা আদিক বুজোৱা হয়।)
(g) Write a sentence “Preference will be given to those who possess——–“ (এইটো বাক্যটো লিখা দেখা যায়, “সেইসকল প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব যাৰ……….” (Preference will be given to those who….)
(h) Mention the scale of pay. If you are not willing to mention it, then write “Salary Negotiable”. (দৰমহাৰ নিৰিখটো উল্লেখ কৰিব লাগে। যদি ব্যক্তিগত খন্ডৰ চাকৰিৰ ক্ষেত্ৰত দৰমহাৰ পৰিমাণ লিখাত অসুবিধা হয়, তেন্তে SALARY NEGOTIABLE বুলি লিখিব লাগে।)
(i) Write how to apply for the post. A familiar sentence is like this: “Apply with complete bio-data/detailed resume within 7/8/10 days to………….. (Name & Address of the Employer).(শেষত পদটোৰ বাবে কেনেকৈ আবেদন কৰিব লাগে, সেইটো কথাটো স্পষ্টকৈ লিখি নিয়োগকৰ্তাৰ যোগাযোগৰ ঠিকনা আৰু ভ্ৰাম্যভাষ নম্বৰ উল্লেখ কৰিব লাগে।)
Samples:
1. You are the proprietor of Maruti Suzuki Dealer located at Haiborgaon, Nagaon. You urgently need a female receptionist for your showroom. Draft an advertisement for the Situation Vacant’column of a local daily newspaper. (Word Limit : 50)
Ans:-
|
Situation Wanted a |
2. You are the Principal of JB College, Jorhat. You need a qualified and experienced candidate for an Unreserved Post of Assistant Professor, English at your college. Draft an advertisement for the ‘Situation Vacant Column of a reputed daily newspaper. (Word Limit : 50)
Ans:-
|
Situation Wanted a |
3. You are the Regional Manager of Bharti Airtel Ltd, North East Zone, Guwahati. Your branch urgently requires an Accountant for handling all the financial matters of your branch. Draft an advertisement for the ‘Situation Vacant’ Column of a local daily newspaper. (Word Limit : 50)
Ans:-
|
Situation Required a |
2. SITUATION WANTED : This type of classified Advertisement is published on behalf of a job seeker and the following details are included:
*Qualifications and experience of the person looking for job.
*Gender,age and type of the job he/she is looking for.
*Expected Salary.
*Address for Correspondence and phone no.
Sample:
You are Debasish Hazarika of Uday Nagar, Chowkidingi, Dibrugarh. You have passed B.E (Electrical) in the first division from a prestigious Engineering College. You are looking for a job in and around Guwahati. Draft an advertisement for the ‘Situation Wanted’ column of local daily newspaper. (Word Limit : 50)
Ans:-
|
Situation A 1st |
3. ‘TO LET’ Advertisements:
(a) The phrase “Available on rent” should be written at the beginning if a person wants to give his/her property (house/flat/floor/car) on rent.The words “Wanted/ Required on rent” should be written if a person wants to hire a property. (যদি কোনো এজন ব্যক্তিয়ে তেওঁৰ ঘৰ বা সম্পত্তি ভাড়াত দিব বিচাৰে, তেতিয়া বিজ্ঞাপনটোৰ আৰম্ভণিতে Available on rent লিখিব লাগে।যদি কোনো ব্যক্তিয়ে ভাড়াত ল’বলৈ ঘৰ বা সম্পত্তি বিচাৰিছে, তেতিয়া বিজ্ঞাপনটোৰ আৰম্ভণিতে Required/Wanted on rent বুলি লিখিব লাগে।)
(b) Write the name of the property proposed to be given or taken on rent. (ভাড়াত দিব বিচৰা বা ভাড়াত ল’ব বিচৰা সম্পত্তিটোৰ নাম লিখিব লাগে।)
(c) A brief description of the property should be given. This may include size,location, surroundings, no of rooms, floor and the facilities. (সম্পত্তিটোৰ আকাৰ, অবস্থান, চৌপাশ, কোঠালিৰ সংখ্যা, মহল আৰু সুবিধাসমূহ উল্লেখ কৰি এটা অতি চমু বিবৰন দিব লাগে।)
(d) Expected Rent. (e) Address and phone number. (শেষত প্ৰত্যাশিত ভাড়াৰ পৰিমান উল্লেখ কৰি ভাড়াত দিব বিচৰা বা ল’ব বিচৰা ব্যক্তিৰ ঠিকনা আৰু মোবাইল নম্বৰ দিব লাগে।)
Sample1: You are Anuradha/Anirban of Anil Nagar, Bylane 4, Ward No 10, Guwahati. You want to let out a portion of your newly constructed house. Draft an advertisement for publication in the “To Let’ Column of a local daily newspaper. (Word Limit : 50)
Ans:-
|
TO LET Available |
Sample 2 : You are Pratap Barua, the proprietor of TVS Motors, Gar Ali, Jorhat. You want to hire an accommodation for your for your proposed new showroom in Tarajan. Draft an advertisement mentioning the details and your requirements. (Word Limit : 50)
Ans:- :.
|
ACCOMODATION Required |
4. MATRIMONIALS : (a) Write Wanted a match for’ or ‘Proposal/ Alliance invited for..” at the very beginning. (বিজ্ঞাপনৰ আৰম্ভণিতে পাত্ৰ পাত্ৰীৰ আবশ্যক হৈছে /বৈবাহিক সম্পৰ্ক বিচৰা (Wanted a match, Proposal /Matrimonial Alliance invited for) হৈছে বুলি লিখিব লাগে।
(b) Write “boy/girl” (whichever is applicable). Add some adjectives in genuine praise for the person for whom the matrimonial alliance is invited. (বিজ্ঞাপনটোত দৰা (Bridegroom) বিচৰা হৈছে নে কইনা (Bride) বিচৰা হৈছে সেইটো উল্লেখ কৰিব লাগে। যিজন ব্যক্তিয়ে বৈবাহিক সম্পৰ্কটো বিচাৰিছে তেওঁৰ প্ৰকৃত প্ৰশংসাত কিছুমান বিশেষন পদ লিখিব লাগে।)
(c) Provide a few details relating to Educational/ Professional qualifications. (পাত্ৰ বা পাত্ৰী বিচৰা ব্যক্তিজনৰ শিক্ষাগত আৰু বৃত্তিগত অৰ্হতাৰ কথা উল্লেখ থকাটো বাঞ্চনীয়।)
(d) Mention the level of income.State whether he/she is salaried or engaged in business.(আয়ৰ উৎস উল্লেখ কৰিব লাগে। চৰকাৰী নে বেচৰকাৰী খন্ডত নিয়োজিত সেই কথা উল্লেখ কৰা উচিত।)
(e) The details relating to age, height, complexion should be provided. (বয়স, উচ্চতা, শাৰীৰিক অবয়ব আদি সম্বন্ধীয় কথাবোৰ লিখিব লাগে।)
(f) Religion and Caste should be mentioned. Write “Caste no bar” if the person wishes to marry from any community. (ধৰ্ম আৰু জাতি উল্লেখ কৰিব লাগে। যদি বিবাহপ্ৰাৰ্থীয়ে যিকোনো সম্প্ৰদায়ৰ পৰা বিবাহ কৰিব বিচাৰে, তেতিয়া Caste no bar বুলি লিখিব লাগে।)
(g) State the qualities expected from the match. (পাত্ৰ বা পাত্ৰীৰ থাকিবলগীয়া গুণসমূহ উল্লেখ কৰিব লাগে।)
(h) Provide contact number and address. (শেষত যোগাযোগৰ ঠিকনা আৰু মোবাইল নাম্বাৰ উল্লেখ কৰিব লাগে।)
Sample : A highly paid Assistant Professor settled in Guwahati seeks matrimonial alliance with an exceptionally beautiful, educated, cultured and tall girl, for a Marwari family. Write a suitable advertisement for the ‘Matrimonial’ column of a national daily newspaper. (Word Limit : 50)
Ans:-
|
BRIDE Alliance invited |
5. EDUCATIONAL:
You are the Director of North East Institute of Management Studies (NEIMS), Jorhat. Write an advertisement for publication in newspaper for admission to the various courses being provided in your institute. (Word Limit : 50)
Ans:-
|
EDUCATIONAL North East |
Mr. Rupjyoti Goswami
Post Graduate Teacher (English)
Bhogeswar Hazarika Girls’ Higher Secondary School, Bebejia, Nagaon, Assam.
Email: rupjyotigoswami983@gmail.com
Mobile: 9864425896.
Contact us (whatsapp no-7020477396) for free notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Leave a comment