জিলিকাব লুইতৰে পাৰ । Jilikabo luitore par
1. জিলিকাব লুইতৰে পাৰ
এন্ধাৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ।
শত শত বন্তিৰ
জ্ঞানৰে দীপালীয়ে
জিলিকাব লুইতৰে পাৰ।
এন্ধাৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ।
শত শত বন্তিৰ
জ্ঞানৰে দীপালীয়ে
জিলিকাব লুইতৰে পাৰ।
সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ।
সমাজে সাবটিব
মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ।
নতুনৰ গতি খেদা
ডেকা গাভৰু আমি
নিৰ্ভীক কুৰি (এই) শতিকাৰ
অজ্ঞান চাকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰ ডাঁৰ
জিলিকাব লুইতৰে পাৰ।
2. মদাৰৰ ফুল । Modaror phool
মদাৰৰ ফুল হেনো পূজাতো নালাগে
মদাৰৰ ফুল হেনো সবাহতো নালাগে
লাগে পিছে বহাগতে ৰং সালিবলে
লাগে পিছে আকাশতে জুই জ্বলাবলে।
কোনোবাই মোক মদাৰৰ ফুল ৰিজালে
আমাৰ দৰে লোক হেনো কামে কাজে নালাগে
লাগে পিছে সমাজতে ৰং সানিবলে
লাগে পিছে আকাশতে জুই জ্বলাবলে।
মদাৰ গছত বগোৱা পাণ
খাবলৈহে ভাল ভাল,
উৰ্দ্ধমুখী পাণলতাৰ
প্ৰতিজ্ঞাহে ভাল ভাল।
পাণ হৈ মদাৰতে
বগোৱা জনহে ভাল ভাল।
মদাৰৰে জুই শিখা বিচৰা জনকে
মদাৰৰ ফুল হেনো সবাহতো নালাগে
লাগে পিছে বহাগতে ৰং সালিবলে
লাগে পিছে আকাশতে জুই জ্বলাবলে।
কোনোবাই মোক মদাৰৰ ফুল ৰিজালে
আমাৰ দৰে লোক হেনো কামে কাজে নালাগে
লাগে পিছে সমাজতে ৰং সানিবলে
লাগে পিছে আকাশতে জুই জ্বলাবলে।
মদাৰ গছত বগোৱা পাণ
খাবলৈহে ভাল ভাল,
উৰ্দ্ধমুখী পাণলতাৰ
প্ৰতিজ্ঞাহে ভাল ভাল।
পাণ হৈ মদাৰতে
বগোৱা জনহে ভাল ভাল।
মদাৰৰে জুই শিখা বিচৰা জনকে
3. মহাত্মাই হাঁসি বোলে । Mohatmai hangxi bole
মহাত্মাই হাঁসি বোলে,
ৰাম অ’ ৰহিম, বান্ধ ৰাম অ’ ৰহিম।
একে লগে একে সঙ্গে বান্ধৱ পাতিম
হায় হায় ৰাম অ’ ৰহিম।
মহাত্মাই হাঁসি বোলে
কৃষ্ণ কৰীম বান্ধ শিৱ ইব্ৰাহিম।
দুয়ো একেজন হৰি কাকনো দূষিম?
হায় হায় ৰাম অ’ ৰহিম।
গীতাকে শুনিম বান্ধ বেদকে শুনিম
শুনি পিছে কোৰাণৰ আয়াতক বুজিম
হায় হায় ৰাম অ’ ৰহিম।
মহাত্মাই হাঁসি বোলে
মন্দিৰে পুজিম বান্ধ দেৱকে পুজিম
পুজি উঠি মন্দিৰৰ ভেটি নাভাঙিম
হায় হায় ৰাম অ’ ৰহিম।
হিংসা নকৰিম বান্ধ মৰমে মৰিম
মানুহৰ উপৰি নাই কাকনো দূষিম
হায় হায় ৰাম অ’ ৰহিম।
মহাত্মাই হাঁসি বোলে
মইহে চলিম বান্ধ আৰু নাথাকিম
জগতৰ ৰক্ত নদী আৰু নসহিম
হায় হায় ৰাম অ’ ৰহিম।
মহাত্মাই কান্দি বোলে,
মই কি কৰিম বান্ধ কতনো কৰিম
ইপুৰীক ত্যাজি মই সিপুৰীত কান্দিম
হায় হায় ৰাম অ’ ৰহিম।
ৰাম অ’ ৰহিম, বান্ধ ৰাম অ’ ৰহিম।
একে লগে একে সঙ্গে বান্ধৱ পাতিম
হায় হায় ৰাম অ’ ৰহিম।
মহাত্মাই হাঁসি বোলে
কৃষ্ণ কৰীম বান্ধ শিৱ ইব্ৰাহিম।
দুয়ো একেজন হৰি কাকনো দূষিম?
হায় হায় ৰাম অ’ ৰহিম।
গীতাকে শুনিম বান্ধ বেদকে শুনিম
শুনি পিছে কোৰাণৰ আয়াতক বুজিম
হায় হায় ৰাম অ’ ৰহিম।
মহাত্মাই হাঁসি বোলে
মন্দিৰে পুজিম বান্ধ দেৱকে পুজিম
পুজি উঠি মন্দিৰৰ ভেটি নাভাঙিম
হায় হায় ৰাম অ’ ৰহিম।
হিংসা নকৰিম বান্ধ মৰমে মৰিম
মানুহৰ উপৰি নাই কাকনো দূষিম
হায় হায় ৰাম অ’ ৰহিম।
মহাত্মাই হাঁসি বোলে
মইহে চলিম বান্ধ আৰু নাথাকিম
জগতৰ ৰক্ত নদী আৰু নসহিম
হায় হায় ৰাম অ’ ৰহিম।
মহাত্মাই কান্দি বোলে,
মই কি কৰিম বান্ধ কতনো কৰিম
ইপুৰীক ত্যাজি মই সিপুৰীত কান্দিম
হায় হায় ৰাম অ’ ৰহিম।

Leave a comment