নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান

জীৱৰ মৌলিক একক
The Fundamental Unit of Life

Class ix General Science

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) DNA ৰ কাৰ্যকৰী এককটো হ’ল— 

(ক) স্নেহদ্রব্য 

(খ) ক্রম জম 

(গ) কোষকেন্দ্র 

(ঘ) জিন 

উত্তৰঃ- (ঘ) জিন।


(ii) কোষ আৱিষ্কাৰ কৰিছিল—

(ক) ৰবাৰ্ট হুক

(খ) থমচন

(গ) ছাডউইক

(ঘ) বার্ট ব্রাউন

উত্তৰঃ- (ক) ৰবাৰ্ট হুক।


(iii) তলত উল্লেখিত কোনবিধ কোষাংগানুৱে লিপিড সংশ্লেষণত সহায় কৰে।

(ক) প্লাষ্টিড 

(খ) মাইট’কন্ড্রিয়া

(গ) গলগি সংঘ 

(ঘ) অন্তঃপ্রসীয় জালিকা

উত্তৰঃ- (ঘ) অন্তঃপ্রসীয় জালিকা।


(iv)  ৰাইব’জমবোৰে প্ৰধানত—

(ক) স্নেহ জাতীয় পদার্থ সংশ্লেষণ কৰে 

(খ) প্ৰ’টিন জাতীয় পদার্থ সংশ্লেষণ কৰে 

(গ) ষ্টার্চ জাতীয় পদার্থ সংশ্লেষণ কৰে 

(ঘ) চেনী জাতীয় পদাৰ্থ সংশ্লেষণ কৰে। 

উত্তৰঃ- (খ) প্র’টিন জাতীয় পদার্থ সংশ্লেষণ কৰে।


(v) কোষত লিপিডৰ সংশ্লেষণ হয়—

(ক) গলগি বডি 

(খ) প্লাষ্টিড

(গ) খহটা অন্তঃপ্রৰসীয় জালিকা

(ঘ) মিহি অন্তঃপ্রবসীয় জালিকা

উত্তৰঃ- (ঘ) মিহি অন্তঃপ্রৰসীয় জালিকা।


(vi) ক্ৰম’জম পোৱা যায়-

(ক) কোষ প্রবসত

(খ) প্রট’প্লাজমত

(গ) কোষ কেন্দ্ৰীয় প্রৰসত 

(ঘ) কোষাবৰণত

উত্তৰঃ- (গ) কোষ কেন্দ্রীয় প্রৰসত।


(vii) কোষৰ শক্তিৰ ভঁৰাল হ’ল-

(ক) ৰসধানী

(খ) লাইছ’জম

(গ) মাইটকণ্ড্ৰিন্ড্রিয়া 

(ঘ) প্লাটিড 

উত্তৰঃ- (গ) মাইটকণ্ড্ৰিন্ড্রিয়া


(viii) প্লাষ্টিড পোৱা যায়-

(ক) স্নায়ুকোষত

(খ) এককোষী জীৱৰ দেহত

(গ) প্ৰাণীৰ কোষ

(ঘ) উদ্ভিদ কোষত

উত্তৰঃ- (ঘ) উদ্ভিদ কোষত।


(ix) উদ্ভিদৰ কোষবেৰখন গঠিত হৈছে-

(ক) চেলুলজ 

(খ) পেকটিন

(গ) চিটিন

(ঘ) লিগনিন

উত্তৰঃ- (ক) চেলুলজ।


2. এটা এককোষী জীৱৰ নাম লিখা।

উত্তৰঃ- এমিবা।


3. জীৱৰ মৌলিক একক কি?

উত্তৰঃ- কোষ।


4. Cell শব্দৰ অৰ্থ কি?

উত্তৰঃ- সৰু সৰু কোঠালি।


5. এ. টি. পি. (ATP) মানে কি?

উত্তৰঃ- Adenosine Triphosphate. 


6. D.N.A.ৰ সম্পূর্ণ নাম লিখা।

উত্তৰঃ- D.N.A.ৰ সম্পূর্ণ নাম Deoxyribonucleic acid (ডিঅক্সি ৰিব নিউক্লিক এচিড)। 

7. ৰাইব’জমৰ এটা কাম উল্লেখ কৰা।

উত্তৰঃ- ৰাইব’জমে প্ৰ’টিন উৎপাদন কৰে।


8. কোষৰ শক্তিৰ মুদ্ৰা বুলিলে কাক বুজাই?

উত্তৰঃ- ATP অণুক বুজায়।


9. মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ কোষটো কি? 

উত্তৰঃ- ডিম্বকোষ।


10. ছেলুলজ কি?

উত্তৰঃ- ছেলুলজ এবিধ জটিল ৰাসায়নিক পদার্থ যি উদ্ভিদদেহক গাঠনিক শক্তি দিয়ে।


11. কোষ প্রৰস কি?

উত্তৰঃ- কোষাবৰণে আগুৰি ৰখা এক অর্ধ জুলীয়া পদাৰ্থবোৰেই কোষ প্রৰস। 


12. নতুন কোষৰ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ- কোষবোৰ নিজৰ ভিতৰতে ভাগহৈ নতুন নতুন কোষৰ সৃষ্টি কৰে।


13. কোষাবৰণ কাক বোলে?

উত্তৰঃ- কোষস্থ দ্রব্যক আগুৰি থকা বহিঃ আৱৰণখনকে কোষাবৰণ বোলে।


14. কেন্দ্ৰাবৰণ কাক বোলে?

উত্তৰঃ- কোষকেন্দ্ৰক আগুৰি থকা দুই তৰপীয়া আৱৰণখনক কেন্দ্ৰাবৰণ বোলে।


15. কোষ কি?

উত্তৰঃ- কোষ হ’ল জীবদেহ গঠনৰ মৌলিক একক। আকৌ কোষ জীৱনৰ মৌলিক কার্যকৰী এককো।


16. পত্ৰহৰিৎ থকা প্লাষ্টিডবোৰক কি বোলা হয়? ইহঁতৰ কাম কি?

উত্তৰঃ- পত্ৰহৰিৎ থকা প্লাষ্টিডবোৰক হৰিৎকণা বোলে। ইহঁতৰ কাম হ’ল- উদ্ভিদ সালোক সংশ্লেষণত সহায় কৰা৷


17. সংকোষকেন্দ্ৰীয় জীৱ বুলিলে কি বুজা? ইয়াৰ কোষত থকা ক্ৰম’জ’মৰ বৈশিষ্ট্যটো লিখা।

উত্তৰঃ- যিবিলাক জীৱৰ কোষৰ কোষকেন্দ্ৰৰ কেন্দ্ৰাবৰণ থাকে তেনে জীৱক সংকোষকেন্দ্ৰীয় জীৱ বোলে।

ইয়াৰ ক্ৰম’জ’মৰ বৈশিষ্ট্যটো হ’ল- ক্ৰ’ম’জ’ম DNA থাকে।


18. প্রকোষকেন্দ্রীয় কোষ কাক বোলে?

উত্তৰঃ- যিকোষত স্পষ্ট আৰু সু-সংগঠিত কোষকেন্দ্র নাথাকে তাক প্রকোষকেন্দ্রীয় কোষ বোলে।


19. কোষবেৰখনৰ কাম কি?

উত্তৰঃ- উদ্ভিদ, ভেকুৰ আৰু বেক্টেৰিয়া কোষৰ কোষবেৰে লঘু গাঢ়তা সম্পন্ন মাধ্যমত অর্থাৎ অল্পসাৰী প্ৰৱত তেনেবিলাক ফাটি যোৱাত বাধা দিয়ে।


20. দুটা এককোষী জীৱৰ নাম লিখা।

উত্তৰঃ- (i) ক্লেমাইড’ম’নাচ (ii) বেক্টেৰীয়া।


21. কোষ অংগাণুৰ দুটা কাম উল্লেখ কৰা। 

উত্তৰঃ- (i) কোষত নতুন পদার্থ উৎপন্ন কৰা 

(ii) কোষৰ বৰ্জিত পদার্থ নিষ্কাষণ কৰা।


22. আসৃতি কি?

উত্তৰঃ- আসৃতি হৈছে অৰ্ধভেদ্য আবৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি।


23. তিমিৰ বিক্রিয়া কি?

উত্তৰঃ- স্নায়ুকোষ গঠনৰ ৰঞ্জক পদাৰ্থক ৰঙীন কৰি নিৰীক্ষণ কৰা এটা পদ্ধতি হৈছে তিমিৰ বিক্ৰিয়া।


24. অন্তঃপ্রৰসীয় জালিকাৰ কাৰ্য কি?

উত্তৰঃ- (i) কোষপ্রৰসৰ বিভিন্ন অঞ্চলৰ মাজত বা কোষপ্রৰস আৰু কোষকেন্দ্ৰৰ মাজত পদাৰ্থৰ সৰবৰাহ কাৰ্যত লিপ্ত হোৱা।

(ii) কোষৰ বিভিন্ন যাৱতীয় জৈৱ ৰাসায়নিক প্রক্রিয়াবিলাক সংঘটিত হ’ব পৰাকৈ যথেষ্ট ঠাইৰ সৃষ্টি কৰা।


25. প্লাষ্টিড কি? বিভিন্ন প্ৰকাৰৰ প্লাষ্টিডবোৰ কি কি?

উত্তৰঃ- প্লাষ্টিড হৈছে উদ্ভিদকোষত থকা দুই আৱৰণীযুক্ত এবিধ ডাঙৰ কোষ অংগাণু। প্লাষ্টিড দুই প্ৰকাৰৰ-

(ক) বর্ণকণা (খ) বর্নহীন কণা।


26. কোষৰ অভ্যন্তৰৰ ক’ত প্ৰ’টিন সংশ্লেষণ সংঘটিত হয়?

উত্তৰঃ- কোষৰ আভ্যন্তৰত, ৰাইব’জ’মত প্ৰ’টিন সংশ্লেষণ সংগঠিত হয়। এইবোৰ খহটা অন্তঃপ্রৰসীয় জালিকাৰ গাত লাগি থাকে। ৰাইব’জ’ম বিলাকক প্রটিন উৎপাদকৰ কাৰখানা বুলি অভিহিত কৰা হয়।


27. কোষৰ দুটা প্ৰধান কাৰ্যাৱলী উল্লেখ কৰা।

উত্তৰঃ- সকলো কোষে জীবদেহত তলত দিয়া কার্য সম্পাদন কৰে— 

(ক) উশাহ-নিশাহ (খ) পুষ্টিসাধন।


28. কোষ কোনে আৰু কেনেকৈ আবিষ্কাৰ কৰিছিল? 

উত্তৰঃ- ৰৰ্বাটহুকে কোষ আৱিষ্কাৰ কৰিছিল। ৰৰ্বাটহুকে এটুকুৰা কৰ্কৰ পাতল চ্ছেদ পৰীক্ষা কৰাৰ সময়ত তেখেতে মৌকোঁহৰ নিচিনা কিছুমান কোঠালি দেখা পাইছিল। তেখেতে সেই কোঠালিবোৰকে “কোষ” বুলি নামাকৰণ কৰিছিল।


29. কোষাবণখনক কিয় অর্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়? 

উত্তৰঃ- কোয়াবৰণখনে কিছুমান দ্রব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ যোৱাত সহায় কৰে। আনহাতে আকৌ কিছুমান দ্রব্যক এই কোষাবৰণে সৰকি যোৱাত বাধা দিয়ে। কোষাবৰণখনৰ এই বৈশিষ্ট্যৰ বাবে ইয়াক অর্ধভেদ্য আবৰণ বোলা হয়।


33. মাইট’কণ্ড্ৰিয়াৰ গঠন বৰ্ণনা কৰা। 

উত্তৰঃ- গঠনৰ ফালৰ পৰা মাইট’কণ্ড্ৰিয়াবিলাক দুই আৱৰণীযুক্ত। ইয়াৰে বহিঃআৱৰণখন যথেষ্ট ৰন্ধ্ৰযুক্ত হোৱাৰ বিপৰীতে অন্তঃআৱৰণখন যথেষ্ট ভাঁজযুক্ত। এই ভাঁজবিলাকৰ পিঠিৰে এটি.পি. উৎপাদন কৰি ৰাসায়নিক বিক্ৰিয়াবোৰ সংঘটিত হয়।


31. এমিবাই কি দৰে আহাৰ গ্ৰহণ কৰে? 

উত্তৰঃ- কোষাবৰণ নমনীয় গুণ বিশিষ্ট্য হোৱাৰ কাৰণে কোষে বহিঃপৰিৱেশৰ পৰা খাদ্য আৰু অন্যবস্তু গিলে। এনে প্রক্রিয়াক অন্তঃকোষীয় ভক্ষণ বোলে। এমিবাই এই অন্তঃকোষীয় ভক্ষণৰ দ্বাৰা আহাৰ গ্ৰহণ কৰে।


32. গলজি সংঘৰ তিনিটা কাম উল্লেখ কৰা।

উত্তৰঃ- (i) অন্তঃপ্রৰসীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদার্থসমূহ গলজি সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশ গ্রহণ কৰে। 

(ii) কোনো কোনো ক্ষেত্ৰত, গলজি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। 

(iii) গলজি সংঘই লাইছ’জম গঠন কৰাতো সহায় কৰে।


33. কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

নাইবা

মাইটকণ্ড্ৰিয়াক কিয় কোষীয় শক্তিৰ ভঁৰাল আখ্যা দিয়া হয়?

উত্তৰঃ- মাইট’কণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়।

জীৱৰ জীৱন নিৰ্বাহৰ বাবে সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে শক্তিৰ প্ৰয়োজন। জীৱই এই শক্তি পায় এ,টি,পি অণুৰ পৰা। এই শক্তি নিহিত থকা ATP  অণুবিলাক উৎপাদন কৰে মাইট’কণ্ড্ৰিয়াই। সেই বাবে মাইট’কণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বোলা হয়। 


34. লাইছ’জ’মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়?

উত্তৰঃ- কোষৰ প্ৰাথমিক কাৰ্য্য বন্ধ হ’লে অথবা বিজুতি ঘটিলে কোষৰ বিপাকীয় কার্যত কিবা বিসংগতি হোৱা বুলি ধৰা হয়। উদাহৰণ হিচাপে যদি কোষ এটা মৰি যায় তেতিয়া লাইছ’জমে সিহঁতৰ ভিতৰত থকা পৰিপকীয় উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে। সেয়েহে লাইছ’জ’মক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়।


35. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?

উত্তৰঃ- গলজি সংঘই কোষত জৈৱিক ক্ৰিয়াৰ যোগেদি প্রয়োজনীয় প্রটিয়েইজ, লাইপেইজ আদি উৎসেচক আৰু চেলুল’জ, পেকটিন আদি দ্রব্য নিঃসৰণ কৰে। এই গলজি সংঘই কোষৰ অন্যান্য নিঃসৰণীয় দ্রব্য সাঁচি ৰাখে। কাৰ্বহাইড্ৰেট আৰু গ্লাইক’প্রটিন সংশ্লেষণ কৰি উদ্ভিদৰ কোষবিভাজনৰ সময়ত এটা অপত্য কোষৰ মাজত কোষবোৰ গঠনত গলজি সংঘই সহায় কৰে আৰু লাইছ’জ’ম নামৰ অংগিকাও গঠনত এই সংঘই প্রধান ভূমিকা লয়।

গতিকে যদিহে গলজি সংঘ নাথাকে তেতিয়া হ’লে কোষ এটাই ওপৰত উল্লেখিত কামবোৰত অসমৰ্থ হ’ব। ইয়াৰ ফলত কোষ এটাৰ মৃত্যুও হ’ব পাৰে। 


36. কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?

উত্তৰঃ- কোষ জীৱদেহৰ একক। জীবৰ দেহ কোষেৰে গঠিত। এককোষী জীৱৰ ক্ষেত্ৰত কোষটোৱেই জীৱটোৰ পৰিচয়। এনে এককোষী জীৱৰ যাৱতীয় জীৱন প্ৰক্ৰিয়া কোষটোৰ মাজতে সমাধা হয়। উচ্চ শ্ৰেণীৰ বহুকোষী জীৱৰ দেহৰ গঠন আৰু জৈৱিক প্ৰক্ৰিয়া কিছু জটিল যদিও মূল একক কোষ, বহুকোষী জীৱৰ ক্ষেত্ৰত একাধিক কোষ লগ হৈ একো একোটা অংগ গঠন কৰি বিশেষ বিশেষ কাৰ্য্য সমাধা কৰি জীৱটোৱে জীৱন নিৰ্বাহ কৰে। জীৱৰ প্ৰত্যেকটো- কোষত জীৱনৰ প্ৰয়োজনীয় বিভিন্ন জৈবিক প্রক্রিয়াসমূহ সম্পন্ন হৈ থাকে। জীৱৰ সমুদায় কোষৰ এনে সক্ৰিয়তাৰ ফলতেই জীবন সঞ্চাৰ হয়। অৰ্থাৎ জীৱৰ গঠন সঞ্চাৰ কৰিব পৰা গুণ বা ধৰ্ম বিলাক প্ৰতিটো কোষতে নিহিত থাকে। 

Leave a comment

Trending