নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
গতি
Motion
Class ix General Science
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) তলৰ কোনটো ভেক্টৰ ৰাশি নহয়—
(ক) সৰণ
(খ) দ্ৰুতি
(গ) ত্বৰণ
(ঘ) বেগ
উত্তৰঃ- (খ) দ্রুতি।
(ii) বেগৰ পৰিৱৰ্তনৰ হাৰক বোলে-
(ক) গতি
(খ) সৰণ
(গ) দ্ৰুতি
(ঘ) ত্বৰণ
উত্তৰঃ- (ঘ) ত্বৰণ।
(iii) ‘r’ ব্যসার্দ্ধযুক্ত বস্তু এটা বৃত্তাকাৰ পথত বৃত্তটোৰ আধা দূৰত্ব অতিক্ৰম কৰিলে বস্তুটোৰ সৰণ হ’ব-
(ক) 0
(খ) πr
(গ) 2r
(ঘ) 2 πr
উত্তৰঃ- (গ) 2r
(iv) মিটাৰ/ছে২ কিহৰ S I একক?
(ক) দূৰত্ব
(খ) সৰণ
(গ) ত্বৰণ
(ঘ) বেগ
উত্তৰঃ- (গ) ত্বৰণ।
(v) এজন মানুহে t ছেকেণ্ডত r ব্যাসাৰ্দ্ধৰ বৃত্তাকাৰ পথেৰে এপাক ঘূৰিলে তেওঁৰ বেগ হ’ব-
উত্তৰঃ-
2. গতি বুলিলে কি বুজা?
উত্তৰঃ- গতি বুলিলে কোনো বস্তুৱে স্থানৰ পৰিৱৰ্তন কৰাকে বুজায়।
3. অসম গতি কাক বোলে?
উত্তৰঃ- বস্তুৰ বেগ পৰিৱৰ্তিত হৈ থাকিলে তেনে গতিক অসম গতি বোলে।
4. কি চৰ্তত ত্বৰণৰ মান শূন্য হয়?
উত্তৰঃ- বস্তুৰ বেগৰ পৰিৱৰ্তন নহ’লে ত্বৰণ শূন্য হয়।
5. সূষম বৃত্তীয় গতিৰ এটা উদাহৰণ লিখা।
উত্তৰঃ- পৃথিৱীৰ গতি।
6. সুষম গতিৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ- ৱাল ঘড়ীৰ কাঁটাৰ গতি।
7. যদি এটা বস্তুৰ ত্বৰণৰ মান একে থাকে কিন্তু দিশৰ পৰিৱৰ্তন হৈ থাকে তেন্তে বস্তুটোৱে কি গতি লাভ কৰিব?
উত্তৰঃ- বৃত্তীয় গতি লাভ কৰিব।
8. ভৌতিক ৰাশি কাক বোলে?
উত্তৰঃ- জোখ-মাখ কৰিব পৰা ৰাশিবোৰক ভৌতিক ৰাশি বোলে।
9. মটৰগাড়ীৰ অড’মিটাৰে কি জোখে?
উত্তৰঃ- অড’মিটাৰৰ সহায়ত মটৰগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব জোখে।
10. সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা?
উত্তৰঃ- সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰলৰৈখিক বা বৃত্তীয় গতি হ’ব পাৰে।
11. কেতিয়া বস্তু এটাৰ সৰণ শূন্য হয়?
উত্তৰঃ- যেতিয়া বস্তু এটাই প্ৰাৰম্ভিক অৱস্থালৈ পুনৰ ঘূৰি আহে তেতিয়া ইয়াৰ সৰণ শূন্য হয়।
12. দ্ৰুতি বুলিলে কি বুজা? ইয়াৰ SI একক লিখা।
উত্তৰঃ- কোনে বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বকেই দ্ৰুতি বুলি কোৱা হয়। SI একক- ms–1
13. জড়তা আৰু ভৰৰ সম্পৰ্ক কি?
উত্তৰঃ- বস্তু এটাৰ ভৰ যিমান বেছি হয় তাৰ জড়তা সিমান বেছি হয়। অর্থাৎ জড়তা ভৰৰ সমাণুপাতিক।
14. গতিশীল বস্তু এটাৰ গড় দ্রুতি শূন্য হ’ব পাৰেনে? কেনেকৈ?
উত্তৰঃ- নোৱাৰে। কিয়নো সময় বৃদ্ধি পোৱা লগে লগে গতিশীল বস্তুৰ অতিক্ৰম কৰা দূৰত্ব বাঢ়ি যায়।
15. সূষম বৃত্তীয় গতিৰ সংজ্ঞা দিয়া।
উত্তৰঃ- বস্তুৱে বৃত্তাকাৰ পথেৰে সূষম দ্ৰুতিৰে গতি কৰিলে তাৰ গতিক সূযম বৃত্তীয় গতি বোলা হয়।
16. বেগ কাক বোলে?
উত্তৰঃ- একক সময়ত কোনো বস্তুৱে নির্দিষ্ট দিশত অতিক্রম কৰা দূৰত্বক বেগ বোলা হয়। ইয়াৰ SI একক m/s.
17. স্কেলাৰ ৰাশি কাক বোলে?
উত্তৰঃ- যি ভৌতিক ৰাশিক কেৱল পৰিমাণৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি তাকে স্কেলাৰ ৰাশি বোলে। যেনে- দ্রুতি।
18. বেগ আৰু ত্বৰণৰ পাৰ্থক্য কি?
উত্তৰঃ- বেগ হৈছে নির্দিষ্ট দিশত একক সময়ত বস্তু এটাই অতিক্ৰম কৰা দূৰত্ব। আনহাতে ত্বৰণ হৈছে পৰিৱৰ্তনশীল বেগ।
19. নিয়মিত আৰু অনিয়মিত গতিৰ দুটা উদাহৰণ লিখা।
উত্তৰঃ- নিয়মিত গতি : জলবিদ্যুৎ উৎপাদনৰ লগত জড়িত গতি, গাড়ীএখনৰ গতি। অনিয়মিত গতি : নদীৰ গতি, ঘূৰ্ণী বতাহৰ গতি।
20. সৰণ বুলিলে কি বুজা?
উত্তৰঃ- কোনো বস্তুৰ প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুলৈ অতিক্ৰম কৰা সৰল ৰৈখিক দূৰত্বই হৈছে সৰণ।
21. সুষম গতি কাক বোলে?
উত্তৰঃ- কোনো গতিশীল বস্তুৱে সমান সমান সময়ৰ ব্যৱধানত যদি সমান সমান দূৰত্ব অতিক্ৰম কৰে তাকে সুষম গতি বোলে।
22. কি চৰ্ত বা কি কি চর্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয়?
উত্তৰঃ- যেতিয়া বস্তু এটাই সৰল ৰেখাত গতি কৰে তেতিয়া বস্তুৰ গড়বেগৰ মান গড় দ্ৰুতিৰ সমান হয়।
23. কি চৰ্তত দূৰত্ব আৰু সৰণৰ মান সমান হয়?
উত্তৰঃ- যেতিয়া বস্তু এটাই সৰল ৰেখাত কোনো দিশ পৰিৱৰ্তন নকৰাকৈ গতি কৰে তেতিয়া দূৰত্ব আৰু সৰণৰ মান সমান হয়৷
24. ত্বৰণ কাক বোলে? ইয়াৰ SI একক কি? ই ভেক্টৰ ৰাশি নে স্কেলাৰ ৰাশি।
উত্তৰঃ- সময় সাপেক্ষে কোনো বস্তুৰ বেগৰ পৰিবৰ্তনৰ হাৰকে ত্বৰণ বোলে।
ত্বৰণৰ এছ. আই. একক হ’ল মি/ছে২
ত্বৰণ এটা ভেক্টৰ ৰাশি।
25. তুমি কেতিয়া বস্তু এটাৰ (i) সুষম ত্বৰণ হোৱা বুলি ক’বা?
উত্তৰঃ- 1. বস্তু এটাৰ সুষম ত্বৰণত গতি কৰিছে বুলিলে বুজিব লাগিব যে—
(a) বস্তুটোৱে একেডাল সৰল ৰেখাত গতি কৰিছে।
(b) সমান সময়ৰ ব্যাৱধানত বস্তুটোৰ বেগৰ বৃদ্ধিৰ মান সমান।
26. O বিন্দুৰ পৰা বস্তু এটাই সৰলৰৈখিক পথত গতি আৰম্ভ কৰি 35km অতিক্ৰম কৰি B বিন্দুত উপনীত হ’ল আৰু পিছত 65km অতিক্ৰম কৰি C বিন্দুলৈ গতি কৰিলে। কিছু সময়ৰ পিছত বস্তুটো পুনৰ O বিন্দুলৈ উভতি আহে। বস্তুটোৰ সৰণ গণনা কৰা।
উত্তৰঃ- বস্তুটোৰ সৰণ শূন্য।
27. দূৰত্ব আৰু সৰণৰ পাৰ্থক্য লিখা।
উত্তৰঃ- দূৰত্ব হ’ল বস্তু এটাই মুঠ অতিক্ৰম কৰা স্থানৰ পৰিৱৰ্তন। ইয়াত নিৰ্দিষ্ট দিশৰ কোনো প্রশ্ন নাথাকে কিন্তু সৰণ হ’ল বস্তু এটাই স্থান পৰিৱৰ্তন কৰোতে প্ৰাৰম্ভিক আৰু শেষ অৱস্থানৰ একেবাৰে নিম্নতম সৰল ৰৈখিক দূৰত্বক বুজায়। ইয়াত নিৰ্দিষ্ট দিশ জড়িত থাকে।
28. বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে। ইয়াৰ সৰণ ‘শূন্য’ হ’ব পাৰেনে? যদি পাৰে, তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া।
উত্তৰঃ- ইয়াৰ সৰণ ‘শূন্য’ হ’ব পাৰে। বস্তুটোৰ যদি বৃত্তাকাৰ পথত গতি কৰে ইয়াৰ সৰণ শূন্য হ’ব। কাৰণ প্ৰাৰম্ভিক বিন্দু আৰু অস্তিম বিন্দুৰ মাজত কোনো পার্থক্য নাথাকে। উদাহৰণ : যদি বস্তু এটাই কোনো এক বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি বৃত্তাকাৰ পথত পুনৰ আগৰ বিন্দুলৈ উভতি আহে তেতিয়া সৰণ শূন্য হ’ব।
29. 90 মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী এটাত উষাই সাঁতোৰে। তাই এটা মুৰৰ পৰা আনটো মূৰলৈ সাঁতুৰি, পুনৰ একে পথেৰে উভতি মুঠতে 180 মিটাৰ দূৰত্ব 5 মিনিটত অতিক্ৰম কৰিলে। ঊষাৰ গড় দ্ৰুতি আৰু গড় বেগ নির্ণয় কৰা।
উত্তৰঃ- মুঠ দূৰত্ব = 180 মিঃ
মুঠ সময় = 5 মিনিট
= 300 ছেঃ
… গড় দ্রুতি = 180 / 300
= 3 / 5 মি./ছে.
= 0.6 মি./ ছে.
যিহেতু, আদি আৰু অন্তিম অৱস্থান একে
… গড়বেগ শূন্য হয় কাৰণ সৰণ শূন্য।
30. খেতিয়ক এজনে 10m বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্রমণ সম্পূৰ্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ সৰণৰ মান কিমান হ’ব?
উত্তৰঃ- মুঠ দূৰত্ব = 10m + 10m + 10m + 10m
= 40m
সময় = 40 ছেকেণ্ড
2 মিনিট 20 ছেকেণ্ড = 120 ছে. +20 ছে.
= 140 ছে.
40 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব = 40 মিটাৰ
31. দেখুওৱা যে সুষম গতিৰ বস্তু এটাৰ দূৰত্ব সময়ৰ লেখ এটা সৰল ৰেখা।
উত্তৰঃ-
সময় সাপেক্ষে বস্তু এটাৰ অৱস্থানৰ পৰিৱৰ্তন, নিজ পচন্দৰ সুবিধাজনক স্কেলত দূৰত্ব-সময়-লেখ অংকন কৰি প্ৰকাশ কৰিব পাৰি। এই লেখত সময় X-অক্ষত আৰু দূৰত্ব Y অক্ষত লোৱা হয়।
আমি জানো যে বস্তু এটাই সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰিলে তাৰ দ্ৰুতিক সুষম দ্ৰুতি বুলি কোৱা হয়। ইয়াৰ মানে এয়ে যে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব অতিবাহিত সময়ৰ সমানুপাতিক। গতিকে সুষম দ্ৰুতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব-সময় লেখ এডাল সৰল ৰেখা হ’ব।
32. পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্রীহিত হ’ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযান খনৰ দূৰত্ব কিমান হ’ব? সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অৰ্থাৎ 3 x 108 m S-1* দ্ৰুতিৰে গতি কৰে।
দিয়া আছে-
v = 3 x 108* মিটাৰ ছেকেণ্ড
t = 5 মিনিট
= 60 x 5 ছেকেণ্ড
= 300 ছেকেণ্ড
s = ?
আমি জানো যে-
s = v x t
= 60 x 5 ছেকেণ্ড
= 3 x 108* x 300 ছেকেণ্ড
= 3 x 300 x 108* মিটাৰ
= 9 × 1010* মিটাৰ
উত্তৰঃ- = 9 × 1010* মিটাৰ
ত্বৰণৰ গাণিতিক প্রকাশ কৰি লিখা।
উত্তৰঃ- ত্বৰণৰ গাণিতিক প্রকাশ ৰাশি হৈছে—
a= v-u /t, য’ত u = আদিবেগ
v = অন্তিম বেগ
t = সময়
a = ত্বৰণ
33. বস্তু এটাই 16m দূৰত্ব 4 ছেকেণ্ডত আৰু পাছত 16m দূৰত্ব 2 ছেকেণ্ডত অতিক্ৰম কৰে। বস্তুটোৰ গড় দ্রুতি কিমান হ’ব?
উত্তৰঃ- গড় দ্রুতি = মুঠ দূৰত্ব/মুঠ সময়
=(16+16)m / (2 + 4)s
= 32 / 6
= 5.33 ms-1
34. ব্ৰেক প্ৰয়োগ কৰাত এখন গাড়ী -6m/s2 ত্বৰণত 2 ছেকেণ্ডত ৰৈ গ’ল। এই সময়চোৱাত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব উলিওৱা।
ইয়াত,
a= – 6m/ s2, t = 2s, v = 0
আমি জানো যে v = u + a t
0=u + 6 x 2
⇒ u = 12 m/s
আকৌ S = ut + 1/2 at2
= 12 x 2 + 1/2 x – 6 x 2 x 2
= 24 – 12 = 12 m
Leave a comment