নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান 

কলা

Tissues

Class ix General Science


1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i)  তলৰ কোনকেইটা সৰল কলা নহয়?

(ক) পেৰেণকাইমা 

(খ) ক’লেনকাইমা

(গ) প্লেৰেণ কাইমা 

(ঘ) স্নায়ুকলা

উত্তৰঃ- (ঘ) স্নায়ুকলা।


(ii)  তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰব্যটো হ’ল—  

(ক) প্রটিন 

(খ) হৰম’ন

(গ) প্লাজমা 

(ঘ) অস্থি

উত্তৰঃ- (গ) প্লাজমা।


(iii)  ডেনড্রাইট পোৱা যায়-

(ক) হৃদপেশীত 

(খ) এৰিওলাৰ কলাত 

(গ) নিউৰণত 

(ঘ) ৰৈখিক পেশীত

উত্তৰঃ- (গ) নিউৰণত।


(iv)  উদ্ভিদৰ কাণ্ডৰ কলেবৰ বৃদ্ধি কৰা কলাবিধ হ’ল-

(ক) ভাজক কলা

(খ) অগ্রস্থ ভাজক কলা

(গ) নিৱেশিত ভাজক কলা

(ঘ) পার্শ্বস্থ ভাজক কলা

উত্তৰঃ- (ঘ) পার্শ্বস্থ ভাজক কলা।


(v)  নাৰিকলৰ বাকলি কঠিন হোৱাৰ মূলতে

(ক) ভাজক কলা 

(খ) ক্ল’ৰেন কাইমা কলা 

(গ) বায়ুকলা 

(ঘ) স্কেৰেন কাইমা কলা। 

উত্তৰঃ- (ঘ) স্কেৰেন কাইমা কলা।


(v) তলত উল্লেখিত কোনবিধ কলাই পানী আৰু পৰিবহনত সহায় কৰে-

(ক) ফ্লোৱেম 

(খ) পেৰেনকাইমা

(গ) জাইলেম 

(ঘ) স্লেৰেণকাইমা

উত্তৰঃ- (গ) জাইলেম।


(vi) উদ্ভিদৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰা কলাকে বোলা হয়-

(ক) ক’লেণ কাইমা 

(খ) ক্ল’ৰেণ কাইমা 

(গ) পেৰেণ কাইমা 

(ঘ) স্কেৰেণ কাইমা

উত্তৰঃ- (ক) ক’লেন কাইমা।


(vii)  অৰেখিত পেশী সমূহ পোৱা নাযায়—

(ক) জৰায়ুত 

(খ) আইৰিছত

(গ) হাওঁফাওঁৰ ব্ৰংকাইত

(ঘ) এটাও নহয়।

উত্তৰঃ- (ঘ) এটাও নহয়।


(viii) ক্লৰ’ফিল থকা পেৰেণকাইমা কলাবোৰক ____ বোলে। 

উত্তৰঃ- ক্ল’ৰেণকাইমা


2. কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে? 

উত্তৰঃ- স্কেৰেণকাইমা কলাই। 


3. প্রাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি? 

উত্তৰঃ- ঐচ্ছিক পেশী, কংকাল পেশী।


4. পার্শ্বীয় ভাজক কলাৰ প্ৰধান কাৰ্য কি? 

উত্তৰঃ- এই কলাই কাণ্ডৰ কলেবৰ বৃদ্ধি ঘটায়। 


5. নিউৰণ কি?

উত্তৰঃ- প্ৰাণীৰ দেহত থকা বার্তাবাহী কোষবোৰেই হৈছে স্নায়ুকোষ বা নিউৰণ৷


6. পত্ৰহিৰত্‌ থকা পেৰেণকাইমা কোষবিধৰ নাম কি?

উত্তৰঃ- ক্ল’ৰেণ কাইমা।


7. তাপ অন্তৰকৰ কাম কৰা কলাবিধৰ নাম লিখা।

উত্তৰঃ- মেডকলা।


8. পার্শ্বীয় ভাজক কলা কি?

উত্তৰঃ- উদ্ভিদৰ কাণ্ডৰ কলেবৰ সৃষ্টি কৰা কলাবোৰক পার্শ্বীয় ভাজক কলা বোলে।


9. বায়ু কলাৰ সংজ্ঞা লিখা।

উত্তৰঃ- জলজ উদ্ভিদৰ পেৰেণকাইমা কোষক বায়ুকলা বোলে।


10. উদ্ভিদদেহৰ অৱস্থান অনুসৰি পোৱা ভাজক কলা বিলাকৰ নাম লিখা।

উত্তৰঃ- অগ্রস্থ ভাজক কলা, পার্শ্বীয় ভাজক কলা, নিবেশিত ভাজক কলা।


11. শ্বেতক্ত কণিকাৰ আমাৰ দেহত গুৰুত্ব কি? 

উত্তৰঃ- শ্বেতৰক্ত কণিকাই দেহত সংক্ৰামক ৰোগ আৰু অচিন ৰোগৰ পৰা ৰক্ষা কৰিবলৈ শৰীৰত প্ৰতিদেহ গঠন কৰে।


12. অগ্রস্থ ভাজক কলা ক’ত পোৱা যায়?

উত্তৰঃ- অগ্রস্থ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে আগ অংশত পোৱা যায়।


13. তেজৰ কাম কি?

উত্তৰঃ- তেজৰ কাম

(i) উষ্ণতা নিয়ন্ত্রণ 

(ii) প্ৰতিৰক্ষণ প্রদান

(iii) অক্সিজেন, কার্বন ডাই অক্সাইড পাচিত খাদ্য, হৰমন আৰু ৰেচন দ্ৰব্য পৰিবহন।


14. উদ্ভিদ দেহত পোৱা স্থায়ী কলাবোৰ কি কি? 

উত্তৰঃ- উদ্ভিদ দেহত পোৱা স্থায়ী কলাবোৰ হ’ল- 

সৰল স্থায়ী কলা

জটিল স্থায়ী কলা।


15. বিভিন্ন প্রাণী কলাৰ নাম লিখা।

উত্তৰঃ- (১) আচ্ছাদক কলা 

(২) সংযোজক কলা

(৩) পেশীকলা

(৪) স্নায়ুকলা।


16. কলা কি?

উত্তৰঃ- একে গঠন আৰু একে আকৃতি-প্রকৃতিৰ কেবাটাও কোষৰ সমষ্টিয়ে একোটা নির্দিষ্ট কার্য সম্পন্ন কৰে আৰু এনেকুৱা কোষসমষ্টিকে কলা বোলে।


17. প্লাজমা কি? ইয়াৰ কাৰ্য কি?

উত্তৰঃ- তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰব্যক প্লাজমা বোলে। প্লাজমাৰ কাৰ্য : বিভিন্ন প্ৰকাৰৰ প্ৰটিন লৱণ আৰু হৰমন দেহৰ ভিতৰত এঠাইৰ পৰা আনঠাইলৈ পৰিবহনত প্লাজমাই সহায় কৰে।


18. এৰিওলাৰ কলাৰ কাৰ্যসমূহ কি কি?

উত্তৰঃ- দেহৰ অভ্যন্তৰৰ অংগবোৰক সুৰক্ষা প্ৰদান কৰে এৰিও কলাই। এই কলাত জমা হোৱা চৰ্বীয়ে শৰীৰৰ তাপৰোধী কলা হিচাপে কাৰ্য কৰি থাকে।


19. হৃদ পেশীকলাৰ গঠন সম্পৰ্কে লিখা।

উত্তৰঃ- এইবিধ কলাৰ তন্তুবোৰ শাখা বিশিষ্ট, চুঙাকৃতিৰ আৰু এক কোষকেন্দ্রযুক্ত। এইবিধ কণা হৃদযন্ত্ৰৰ বেৰত পোৱা যায়। ই এক প্ৰকাৰৰ অনৈচ্ছিক পেশী কলা৷


20. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা। 

উত্তৰঃ- সৰল কলা তিনি প্ৰকাৰৰ-

প্ৰকাৰসমূহ এনেধৰণৰ-

(ক) পেৰেণকাইমা

(খ) ক’লেনকাইমা 

(গ) স্কেৰেণকাইমা।


21. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি? 

উত্তৰঃ- বহুকোষী জীৱৰ ক্ষেত্ৰত বেলেগ বেলেগ কলাই বেলেগ বেলেগ কাম কৰে। এটা নিৰ্দিষ্ট কাম কৰিবলৈ কলাসমূহে নির্দিষ্ট বৈশিষ্ট্য লাভ কৰে। প্রায় একেবিধ কলাই একোটা সুকীয়া কাম সম্পন্ন কৰে। একোটা উমৈহতীয়া কামৰ বাবে কেইবা প্ৰকাৰৰো কলাই কাম কৰে। জীৱদেহত একোটা অংগৰ গঠনত একাধিক কলা জড়িত থকা দেখা যায়।


Leave a comment

Trending