HS 2nd Year Political Science 2023

Question Paper & its Answers 2023

Full Marks: 80 Time : 3 hours

 

ক-অংশ

(সমসাময়িক বিশ্ব ৰাজনীতি)

 

1. নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো ছটাৰ উত্তৰ দিয়া : 1×6=6 (i) দ্বিতীয় বিশ্বযুদ্ধত অক্ষশক্তিৰ এখন সদস্য ৰাষ্ট্ৰ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ / ছোভিয়েট ইউনিয়ন / জার্মানী। (শুদ্ধ উত্তৰ লিখা) উত্তৰঃ- জার্মানী। (ii) ছোভিয়েট ইউনিয়ন খণ্ডিত হৈ কিমানখন স্বাধীন ৰাষ্ট্ৰৰ গঠন হৈছিল? উত্তৰঃ- ১৫ খন (iii) আমেৰিকা যুক্তৰাষ্ট্ৰ ওপৰত কোন বৰ্ষত ৯/১১ সন্ত্রাসবাদী  আক্রমণ সংঘটিত হৈছিল? উত্তৰঃ- ২০০১ চনত। (iv) কোন বৰ্ষত বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰ ৰূপে জন্ম লাভ কৰিছিল? উত্তৰঃ- ১৯৭১ চনত। (v) কোন ৰাষ্ট্ৰত ১৯৯২ বৰ্ষত বসুন্ধৰা সন্মিলন অনুষ্ঠিত হৈছিল। উত্তৰঃ- ব্রাজিলত। (vi) UNEP ৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰঃ- United Nations Environment programme. (vii) ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্রধান কোন? উত্তৰঃ- এন্টোনিঅ’ গুটাৰিছ। (viii) কোন বৰ্ষত কিউৱান ক্ষেপণাস্ত্র সংকট সংঘটিত হৈছিল? উত্তৰঃ- ১৯৬২ চনত। (xi) বাৰ্লিন দেৱাল চনত ভংগ হৈছিল। (খালী ঠাই পূৰ কৰা) উত্তৰঃ- ১৯৮৯ চনত। (x) কোনখন ৰাষ্ট্ৰত পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়?  উত্তৰঃ- ছোভিয়েট ইউনিয়ন।   2. নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো ছটাৰ উত্তৰ দিয়া। 2×6=12 (i) শীতলৰ যুদ্ধ অন্ত হোৱাৰ দুটা পৰিণাম উল্লেখ কৰা।  উত্তৰঃ- ক) আমেৰিকাৰ বিশ্বৰ ওপৰত আধিপত্যৰ বিস্তাৰ খ) পৰস্পৰ অবিশ্বাস, ভয়-শংকাৰ অৱণতি।   (ii) ১৯৬৭ চনত ASEAN গঠনৰ সময়ত সদস্য ৰাষ্ট্ৰসমূহ কোন কোন আছিল।  উত্তৰঃ- ইন্দোনেছিয়া, মালেচিয়া, ফিলিপাইনচ্, ছিংগাপুৰ, থাইলণ্ডে।   (iii) যুদ্ধ নিবাৰক আৰু প্ৰতিৰক্ষাৰ মাজৰ প্ৰাৰ্থক্যটো কি? উত্তৰঃ- যুদ্ধ নিবাৰকে প্ৰতিৰোধ বুজায় আনহাতে প্ৰতিৰক্ষাই যুদ্ধ সীমিত কৰা বা শেষ কৰা বুজায়।   (iv) সামূহিক সম্পদ বুলি জনাজাত পৃথিৱীৰ যিকোনো দুটা অঞ্চলৰ নাম লিখা৷  উত্তৰঃ- ক) পৃথিৱীৰ জলবায়ু। খ) এণ্টাৰটিকা।   (v) বিশ্বায়নৰ দুটা কাৰণ উল্লেখ কৰা। উত্তৰঃ-(i) কিছুমান চিন্তাবিদে সমসাময়িক বিশ্বায়নৰ আঁৰত এটা নিৰ্দিষ্ট কাৰণ থকা বুলি বিশ্বাস কৰে, তেওঁলোকৰ মতে এই প্ৰৱাহসমূহৰ দ্ৰুত গতি আৰু মাপেই হৈছে সমসাময়িক বিশ্বায়ন সংঘটিত হোৱাৰ মূল কাৰণ। (ii) যি অবিৰত প্ৰৱাহ পৰিলক্ষিত হৈছে, এয়া সম্ভৱ হৈ উঠিছে একমাত্ৰ প্ৰযুক্তিবিদ্যাৰ বাবে। এনে প্ৰৱাহ ইমান দ্ৰুতগতিত ঘটিব লাগিছে যে দেশসমূহৰ মাজৰ সময় আৰু দূৰত্বৰ ধাৰণাকো ক্ৰমান্বয়ে সংকুচিত কৰি তুলিছে।   (vi) বিশ্বায়নৰ দুটা অর্থনৈতিক পৰিণাম উল্লেখ কৰা। উত্তৰঃ- (ক) পৃথিৱীৰ বিভিন্ন দেশৰ অৰ্থনীতি বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। (খ) আন্তৰ্জাতিক মুদ্ৰানিধি তথা বিশ্ববেংকৰ দৰে আন্তৰ্জাতিক প্ৰতিষ্ঠানে বিভিন্ন দেশৰ অৰ্থনীতিৰ ওপৰত বিভিন্ন ধৰণে নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে।   (vii) নিৰাপত্তা সম্পৰ্কে থকা দুটা ধাৰণা উল্লেখ কৰা। উত্তৰঃ- ক) পৰম্পৰাগত নিৰাপত্তা। খ) অপৰম্পৰাগত নিৰাপত্তা।   (viii) ভাৰত আৰু চীন দেশৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। উত্তৰঃ- ক) লাডাখৰ আক্‌চাই চিন খ) অৰুণাচল প্ৰদেশ।   (xi) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ নাম লিখা।  উত্তৰঃ- গ্রেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্রান্স, ৰাছিয়া, চীন।   (x) মার্কিন আধিপত্যৰ ওপৰত থকা দুটা প্রতিবন্ধকতা লিখা। উত্তৰঃ- ক) ৰাষ্ট্ৰপতিয়ে লব খোজা যিকোনো পদক্ষেপ বেলিকা মাৰ্কিন সংসদে বাধা আৰোপ কৰিব পাৰে। খ) উত্তৰ আটলাণ্টিক চুক্তি সংগঠনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ একপক্ষীয় সামৰিক ক্ষমতাক কম-বেছি পৰিমাণে নিয়ন্ত্ৰণ কৰাৰ সুযোগ আছে।   3. নিম্নলিখত প্রশ্নসমূহৰ যিকোনো পাঁচটাৰ উত্তৰ লিখা৷ 4 x 5 = 20 (a) শীতল যুদ্ধৰ সময়চোৱাত গোষ্ঠী নিৰপেক্ষতাবাদে কেনেদৰে ভাৰতক সহায় কৰিছিল আলোচনা কৰা৷ উত্তৰঃ- ভাৰতে শীতল যুদ্ধ চলাকালীন সময়ত দুই বৃহৎ শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত গোষ্ঠী দুটাৰ পৰা দূৰত্ব বজাই ৰাখিছিল। এইক্ষেত্ৰত ভাৰতক সহায় কৰিছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনে বিশেষকৈ ভাৰতে এই দুই বৃহৎ গোষ্ঠীৰ সামৰিক সহযোগিতাৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিছিল। নেহেৰুৱে কৈছিল— ‘আমাৰ সাধাৰণ নীতি হ’ল কোনো ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত জড়িত হোৱা পৰিহাৰ কৰা আৰু অইন কোনো শক্তিৰ বিৰুদ্ধে কোনো ক্ষমতা গোষ্ঠীত যোগদান নকৰা। ভাৰতৰ বাবে গোষ্ঠী নিৰপেক্ষতা এক আদর্শ বৈদেশিক নীতি আছিল। ভাৰতে ছোভিয়েট ইউনিয়নৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক লাভ কৰিছিল।    (b) কোনবোৰ কাৰকে ছোভিয়েট ইউনিয়নত সংস্কাৰ আনিবলৈ গর্বাচভেক বাধ্য কৰাইছিল লিখা। উত্তৰঃ- ছোভিয়েট ইউনিয়নত সংস্কাৰ আনিবলৈ মিখাইল গর্বাচভেক তলৰ কাৰকবোৰে বাধ্য কৰাইছিলঃ- (ক) প্ৰযুক্তি তথা বিকাশৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰিবৰ বাবে।  (খ) পশ্চিমীয়া দেশসমূহৰ সৈতে গর্বাচেভে প্রতিযোগিতাত অৱতীৰ্ণ হ’বলৈ বিচাৰিছিল। (গ) ছোভিয়েট ইউনিয়নত বিভিন্ন গণৰাজ্যত গঢ়ি উঠা জাতিয়তাবাদী চেতনা আৰু স্বাধীনতাৰ হকে গঢ়ি উঠা আকাংক্ষা। (ঘ) 1960-ৰ দশকৰ পৰা সংকট ৰূপ লোৱা ছোভিয়েট অৰ্থনীতিৰ স্থবিৰতা।   (c) ইউৰোপীয় সংঘৰ দুটা অৰ্থনৈতিক আৰু দুটা সামৰিক প্ৰভাৱ উল্লেখ কৰা।  উত্তৰঃ- দুটা অৰ্থনৈতিক প্ৰভাৱ : ক) বিশ্ব বাণিজ্যত আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ ইউৰোপীয় সংঘই তিনি গুণ বেছি অংশ দখল কৰি আছে। খ) আমেৰিকাৰ ‘ডলাৰে’ (মুদ্ৰা) ইমান দিনে বিশ্বত যি আধিপত্য বিস্তাৰ কৰি আছিল তাক ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰা ‘ইউৰো’ৱে (Euro) ভাবুকিৰ সৃষ্টি কৰিছে। দুটা সামৰিক প্ৰভাৱ : ক) সামৰিক ক্ষেত্ৰত ইউৰোপীয় সংঘই বিশ্বৰ দ্বিতীয় বৃহত্‍ সামৰিক বাহিনী। খ) ইউৰোপীয় সংঘই মহাকাশ আৰু তথ্য প্ৰযুক্তিবিদ্যাত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে   (d) ভাৰত আৰু বাংলাদেশেৰ মাজত থকা দুটা সংহযোগিতা আৰু দুটা মতভেদৰ বিষয়ে উল্লেখ কৰা৷ উত্তৰঃ- দুটা সংহযোগিতা- (ক)দুয়ো দেশে বেহা-বেপাৰৰ বাবে ভালেমান ব্যবস্থা হাতত লৈ আৰ্থিক সম্পৰ্ক উন্নতি কৰিছিল। (খ) দুয়োখন ৰাষ্ট্ৰই প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্ৰণ আৰু পাৰিপাৰ্শ্বিকতাৰ বিষয়ত নিয়মিতভাৱে সহযোগিতা আগবঢ়াই আহিছে। দুটা মতভেদ- (ক) বাংলাদেশে ভাৰত-বিৰোধী ইছলামীক মৈলবাদীসকলক দিয়া উচটনি। (খ) গংগা আৰু ব্ৰহ্মপুত্ৰ জলাৰাশিৰ ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত।   (e) গোলকীয় নিৰাপত্তাৰ ধাৰণাৰ ওপৰত চমুকৈ লিখা। (e) উত্তৰঃ- সাম্প্ৰতিক সময়ত বিশ্ব নিৰাপত্তা বা গোলকীয় নিৰাপত্তা এটা সততে আলোচনা হোৱা বিষয়। গোলকীয় নিৰাপত্তাই এই বিশ্বৰ সকলোৰে অৰ্থাৎ জল, স্থল, তথা বায়ুমণ্ডলত বসবাস কৰা জীৱ, প্রকৃতি আদিৰ সুৰক্ষাক বুজায়। সম্প্ৰতি যি ভয়াৱহ সময়ৰ মাজেৰে বিশ্বই গতি কৰি আছে, ইয়াৰ পৰা বিশ্বক সুৰক্ষা কৰা বিষয়টো অতি প্ৰাসংগিক। বিশ্বায়ন, বিজ্ঞান প্রযুক্তি বিদ্যাৰ উন্নয়ন আদিৰ ফলত উৎপাদন বৃদ্ধিৰ বিপৰীতে ভয়াৱহ প্ৰদূষণই, ৰাষ্ট্ৰ সমূহৰ মাজত অস্ত্ৰ উৎপাদনৰ প্ৰতিযোগিতা, বিশ্ব দৰিদ্ৰতা, মহামাৰী আদি সমস্যাবোৰে সম্প্ৰতি গোলকীয় নিৰাপত্তা বিষয়টোত প্ৰশ্নবোধক চিহ্ন তুলিছে। যাৰ ফলস্বৰূপে আন্তঃৰাষ্ট্ৰীয়, সংগঠনসমূহকে ধৰি ৰাষ্ট্ৰসমূহেও বর্তমানে এই বিষয়টোত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।   (f) বিশ্বায়]ন বিৰোধী আন্দোলনৰ বিষয়ে এটা টোকা লিখা।  উত্তৰঃ- সামাজিক সমস্যাবোৰে জনগণক আন্দোলনমুখী কৰে আৰু আন্দোলনে ওলোটাকৈ তেওঁলোকক সমস্যাৰ প্ৰতি সচেতন আৰু সমস্যা সমাধানৰ প্ৰতি মনোযোগী কৰে। অৰ্থাৎ সমস্যাবোৰৰ মোকাবিলা কৰাৰ বাবে তেওঁলোকে আন্দোলনৰ পৰা অনুপ্ৰেৰণা লাভ কৰে। বিশ্বায়নে সম্প্ৰতি বিশ্বত বহুবোৰ সমস্যাৰ সৃষ্টি কৰিছে। এনে সমস্যাসমূহৰ ভিতৰত পৰিবেশজনিত সমস্যা, থলুৱা সংস্কৃতি কিছুমানৰ অস্তিত্বৰ যুঁজ, ধনী-দুখীয়াৰ মাজত ব্যৱধান বৃদ্ধিৰ সমস্যা অন্যতম এনে সমস্যাসমূহ সমাধানৰ স্বাৰ্থত এচামে বিশ্বায়ন বিৰোধী প্ৰতিৰোধ গঢ়ি তুলিছে। বিশ্বায়ণৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিণতিত উদ্বিগ্নতা প্ৰকাশ কৰিছে।   (g) কি যুক্তিৰ ভিত্তিত ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ পুনর্গঠন প্ৰক্ৰিয়াক সমৰ্থন কৰে আলোচনা কৰা। উত্তৰঃ- ক) ৰাষ্ট্ৰসংঘক শক্তিশালী আৰু অধিক কাৰ্যক্ষম কৰিবলৈ হ’লে পৰিৱৰ্তিত সমসাময়িক ৰাজনীতিৰ সৈতে খাপ খোৱাকৈ ৰাষ্ট্ৰসংঘক পুনর্গঠন কৰাৰ প্রয়োজন। খ) বিশ্বৰ ৰাষ্ট্ৰসমূহৰ উন্নয়ন আৰু ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিবলৈ হ’লে ৰাষ্ট্ৰসংঘৰ ভূমিকা অধিক বৃদ্ধি কৰিব লাগিব। গ) ৰাষ্ট্ৰসংগৰ মূলমন্ত্র প্রগতিক বাস্তবায়িক কৰিবলৈ হ’লে বিশ্বত শান্তি আৰু নিৰাপত্তা প্রতিষ্ঠিত কৰিব লাগিব। ইয়াৰ বাবে ৰাষ্ট্ৰসংঘক পুনর্গঠন কৰাটো প্রয়োজন। ঘ) ভাৰতৰে নিৰাপত্তা পৰিষদৰ পুনর্গঠনৰ ওপৰতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। কাৰণ ৰাষ্ট্ৰসংঘই জন্মলগ্নৰ পৰা নিৰাপত্তা পৰিষদৰ সদস্যৰ সংখ্যা প্রয়োজন অনুসৰি বৃদ্ধি কৰা নাই।   (h) বিশ্ব বেংকৰ কাৰ্যাৱলীসমূহ চমুকৈ আলোচনা কৰা। উত্তৰঃ-দ্বিতীয় মহাসমৰ অন্ত পৰাৰ ঠিক পিচে পিচে অৰ্থাত্‍ ১৯৪৫ চনত বিশ্ব বেংক গঠন কৰা হৈছিল। বিশ্ব বেংকৰ প্ৰমুখ কাৰ্য হ’ল অনুন্নত আৰু উন্নয়নশীল দেশসমূহলৈ আৰ্থিক সহায় কৰা।         বিশ্ব বেংকৰ মূল কাৰ্যসমূহ হ’ল মানৱ উন্নয়ন, যেনে— শিক্ষা, স্বাস্থ্য আদি, কৃষি আৰু গ্ৰাম উন্নয়ন, যেনে— খেতিত পানী যোগান, গ্ৰাম্য সেৱা আদি, পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণ যেনে— প্ৰদূষিতকৰণক নিয়ন্ত্ৰণ আৰু ইয়াৰ বাবে বিধি প্ৰৱৰ্তন, ৰাস্তা নিৰ্মাণ আৰু নতুনকৈ নগৰ সৃষ্টিকৰণ, বৈধ অনুষ্ঠানসমূহক উন্নীতকৰণ আৰু দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আদি। বিশ্ব বেংকে ইয়াৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহক ঋণ আৰু মঞ্জুৰি দিয়ে যাতে এই ৰাষ্ট্ৰসমূহৰ পুনৰ্গঠন আৰু বিকাশ সাধন কৰাত সহায় হয়। ইয়াৰ জৰিয়তে বিশ্ববেংকে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অৰ্থনীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। অৱশ্যে বিশ্ববেংকে দৰিদ্ৰ দেশসমূহৰ উন্নতিৰ বাবে কেতিয়াবা কেতিয়াবা অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰে, যাৰ বাবে ই সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। বিশ্ব বেংকে এনেদৰে অনুন্নত ৰাষ্ট্ৰসমূহৰ বিকাৰত যথেষ্ট বৰঙণি আগবঢ়ায়।   4. তলৰ প্ৰশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা। 6×2=12 (a) বিশ্ব মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ বিষয়ে আলোচনা কৰা৷ উত্তৰঃ- বিশ্ব মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ বিষয়ে আলোচনা এনে ধৰণৰ। বৰ্তমান বিশ্ব ৰাজনীতিত মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে আধিপত্য প্ৰতিষ্ঠা কৰিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰই তিনি ধৰণৰ আধিপত্যৰ বিস্তাৰ কৰিছে, সেইবোৰ তলত আলোচনা কৰা হ’ল। i. অনমনীয় (কঠোৰ) ক্ষমতা হিচাবে আধিপত্য:- আজি মাৰ্কিন যুক্তৰাষ্ট্ৰই চলাই থকা প্ৰতিপত্তিৰ মূলতে আছে অতি উচ্চমানৰ সামৰিক সামৰ্থ্য। আমেৰিকাৰ এই সামকিক প্ৰতিপত্তি বা আধিপত্যৰ চৰিত্ৰ দুই ধৰণৰ— চূড়ান্ত (Absolute) আৰু আপেক্ষিক (Relative)। চূড়ান্ত বুলি কওঁতে এই কথা বুজোৱা হৈছে যে মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে যিকোনো সমাজতে প্ৰয়োজনসাপেক্ষে পৃথিৱীৰ যিকোনো কোণত অতি পাৰদৰ্শিতাৰে অভিযান চলাব পাৰে আৰু ধ্বংসলীলা চলাব পাৰে। আমেৰিকাৰ সামৰিক শক্তি ইমান ভয়াৱহ আৰু সামৰ্থ্যবান যে বৰ্তমান বিশ্বৰ কোনো শক্তিয়ে ইয়াৰ লগত ফেৰ মাৰিব নোৱাৰে।আমেৰিকাই এতিয়া ইয়াৰ সহযোগী ১২ খন শক্তিশালী ৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ লগত কৰা খৰচ একগোট কৰিলে যিমান হয় তাতকৈ বেছি নিজৰ  দেশৰ সামৰিক বাহিনীত খৰচ কৰে। ইয়াৰ উপৰিও, পেণ্টাগনৰ বাজেটৰ এক বিৰাট অংশ সামৰিক গৱেষণা আৰু উন্নয়নত খৰচ কৰে। উদাহৰণস্বৰুপে নি:সন্দেহে আমেৰিকাৰ ইৰাক আক্ৰমণ আছিল অভেদ্য। ইৰাক আক্ৰমণে প্ৰমাণ কৰে যে আমেৰিকাৰ বিজয়ৰ ক্ষমতা ভয়ানক। ii. গাঁথনিগত (অৰ্থনীতি) ক্ষমতা হিচাবে আধিপত্য:- মাৰ্কিন যুক্তৰাষ্ট্ৰই যি আধিপত্য লাভ কৰিছে তাৰ উমান পাব পাৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্ব জনতাৰ সমূহীয়া কল্যাণৰ খাতিৰত পালন কৰা ভূমিকাৰ পৰা। এই ক্ষেত্ৰত আমি বিশ্ব জোৰা সামাজিক সম্পদৰ কথা ক’ব পাৰো। বিশ্ব অৰ্থনীতিৰ ক্ষেত্ৰত অত্যন্ত ভাল উদাহৰণ হ’ল ভাল যোগাযোগৰ সাগৰীয় পথ। সাগৰীয়া পথেৰে সাধাৰণতে সদাগৰসকলে জাহাজ চলায়। মুক্ত বিশ্ব অৰ্থনীতি মুক্ত সাগৰীয় পথ অবিহনে সম্ভৱ নহ’ব। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বৃটিছ নৌ-শক্তিৰ আধিপত্য শেষ হোৱাৰ পাছত মাৰ্কিন যুক্তৰাষ্ট্ৰই সেই আধিপত্য প্ৰতিষ্ঠা কৰে। সমূহীয়া সম্পদৰ অন্য এক উদাহৰণ হ’ল ইণ্টাৰনেট। আজি ইণ্টাৰনেটে এক ভাসমান বিশ্ব সমাজ নিৰ্মাণ কৰি তুলিছে। ইণ্টাৰনেট ব্যৱস্থা মাৰ্কিন যুক্তৰাষ্ট্ৰই 1950 চনতে সূচনা কৰা সামৰিক গৱেষণাৰ ফলশ্ৰুতি। বিশ্ব অৰ্থনীতিৰ সকলোবিলাক ক্ষেত্ৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কোম্পানী বা ফাৰ্মসমূহে প্ৰথম তিনিটা স্থানৰ কোনোৱা নহয় কোনোবা এটা দখল কৰি ৰাখিছে। বৰ্তমান সময়ত বিশ্ব অৰ্থনীতিৰ বাবে আটাইতকৈ উপযোগী বুলি ভবা ডিগ্ৰী হ’ল ব্যৱসাযিক প্ৰশাসনৰ স্নাতকোত্তৰ (MBA) ডিগ্ৰী। ব্যৱসায়িক প্ৰশাসনৰ ধাৰণাটোও মাৰ্কিন বিশ্ববিদ্যালয়ৰ দ্বাৰা সৃষ্টি। iii. নৰম (আদৰ্শগত) ক্ষমতা হিচাপে আধিপত্য:- আধিপত্য নিৰ্মাণৰ ক্ষেত্ৰেত আদৰ্শগত আৰু সাংস্কৃতিক দিশটোৰো গুৰুত্ব আছে। যি সকল লোক বা দেশৰ ওপৰত আধিপত্য প্ৰতিষ্ঠা কৰা হৈছে তেওঁলোকে সেইটো স্বীকাৰ কৰি লব লাগিব। এই অৰ্থত যেতিয়া আমি আধিপত্যৰ ধাৰণাটো ব্যৱহাৰ কৰো তেতিয়া এটা বিশেষ শ্ৰেণীয়ে সামাজিক, ৰাজনৈতিক আৰু আদৰ্শগত ক্ষেত্ৰসমূহত নিজৰ প্ৰতিপত্তিশীলতা শ্ৰেণীটোৱে বশীভূত কৰি ৰাখিব পৰা শ্ৰেণীটোৰ পৰা এক ধৰণৰ সন্মতি আদায় কৰিব পাৰে। সেইটো কৰিবলৈ যাওঁতে আধিপত্যশীল শক্তিয়ে বিশ্ব ৰাজনীতিত সৰু সৰু দেশসমূহক প্ৰতিপত্তিশীল শ্ৰেণীটোৱে শুদ্ধ আৰু ভূল বুলি উপস্থাপন কৰা দিশবোৰ মানি লয়। মাৰ্কিন যুক্তৰাষ্ট্ৰই আচলতে বিশ্বৰ দেশসমূহৰ মাজত এক ধৰণৰ সাংস্কৃতিক চিন্তাৰ সৌধ গঢ়ি তুলিছে— মাৰ্কিন চিন্তা আৰু আদৰ্শ সকলোৰে বাবে মংগলজনক বুলি প্ৰতিপন্ন কৰাৰ হকে প্ৰচেষ্টা চলাই আহিছে। বিশ্বজুৰি প্ৰসাৰিত ভাল জীৱন আৰু জীৱনৰ সফলতাৰ ধাৰণাটোও বিংশ শতিকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দ্বাৰা নিৰ্মিত তিন্তাৰ দ্বাৰা প্ৰভাৱান্বিত। এই অৰ্থত মাৰ্কিন যুক্তৰাষ্ট্ৰ হ’ল সাংস্কৃতিকভাবেও আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ। তাৰ আধাৰতেই মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্বজোৰা আধিপত্য গঢ়ি তোলাত সফল হৈছে— কেৱল সামৰিক আৰু অৰ্থনৈতিক শক্তিৰ আধাৰত নহয়। উদাহৰণস্বৰুপে আমেৰিকা যুক্তৰাষ্ট্ৰক অনুসৰণ কৰি বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰইৰ ডেকা-গাভৰুৱে জিন্‌ছ (Jeans) পেণ্ট বা ছাৰ্ট পৰিধান কৰে। ই হ’ল নমনীয় আধিপত্যৰ প্ৰভাব।   (b) স্বাস্থ্য মহামাৰীসমূহ কি ধৰণে বিশ্ব নিৰাপত্তাৰ প্ৰতি নতুন ভাবুকি আলোচনা কৰা। উত্তৰঃ- অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাৰ এটা বিষয়বস্তু হ’ল মহামাৰী। বিগত কেইবছৰ মানৰপৰা পক্ষীজ্বৰ, অথবা শুৱাইন ফ্লু আদিয়ে বিশ্বৰ জনগণৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত তাণ্ডৱৰ সৃষ্টি কৰিছে। এই ৰোগবোৰ এখন ৰাষ্ট্ৰৰপৰা আন ৰাষ্ট্ৰলৈ সহজে বিয়পি পৰে। এনে ৰোগ আৰম্ভ হোৱা ৰাষ্ট্ৰলৈ বহিঃৰাষ্ট্ৰৰ মানুহে সাধাৰণতে ভ্ৰমণ নকৰে বা সেই ৰাষ্ট্ৰপৰা আন দেশলৈ অহা লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। একেদৰে এইড্‌ছ জাতীয় ৰোগো এবিধ মাৰাত্মক ৰোগ। ই প্ৰব্ৰজনৰ জৰিয়তে এখন ৰাষ্ট্ৰপৰা আন ৰাষ্ট্ৰলৈ বিয়পি পৰে। বর্তমান নতুন নতুন সহজতে ধৰিব নোৱাৰা যেনে এৰ’লা ভাইৰাজ, হাণ্টা ভাইৰাছ আৰু হেপাটাইটাছ চি আদি ৰোগ ওলাইছে। শেহতীয়াভাৱে কোভিড-১৯ ৰ যি ভয়াৱহতা সেয়া বিশ্বই প্ৰত্যক্ষ কৰিছে। এই মহামাৰীৰ ফলশ্ৰুতিত বিশ্বৰ ৰাষ্ট্ৰসমূহ ভয়াৱহ বিপর্যয়ৰ সন্মুখীন হৈছিল।   (c) ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ প্ৰদান কৰিব লাগে বুলি ভাবানে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। উত্তৰঃ- ভাবো। কাৰণ ক) ভাৰতবৰ্ষ হ’ল বিশ্বৰ প্ৰথম স্থান দখল কৰা জনবহুল ৰাষ্ট্ৰ। খ) ভাৰবৰ্ষৰ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ৷ গ) বাৰতবৰ্ষই বিশ্বত শান্তি প্রতিষ্ঠা কৰাৰ বাবে সদায়ে বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। ঘ) ভাৰতবৰ্ষইনিৰস্ত্ৰীকৰণৰ সমৰ্থনত আৰু বৰ্ণবাদৰ বিৰুদ্ধে সদায় ৰাষ্ট্ৰসংঘৰ মজিয়াত নিজৰ মত প্ৰকাশ কৰি আহিছে। ঙ) ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা বৰ্তমান বিশ্বৰ আগশাৰীৰ স্তৰত আহিছে।  চ) ভাৰতবৰ্ষই সদায় নিয়মিতভাৱে ৰাষ্ট্ৰসংঘলৈ বৰঙণি আগবঢ়াই আহিছে।    (d) ৰাষ্ট্ৰসংঘৰ মূল অংশসমূহৰ ওপৰত এটা টোকা লিখা। উত্তৰঃ- ৰাষ্ট্ৰসংঘ ছয়টা অংগৰ দ্বাৰা গঠিত হৈছে। এই অংগকেইটা হ’ল-  ক) সাধাৰণ সভা খ) নিৰাপত্তা পৰিষদ গ) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ঘ) ন্যাসৰক্ষী পৰিষদ ঙ) আন্তর্জাতিক ন্যায়ালয় চ) সচিবালয় ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা গঠিত হয় ইয়াৰ সকলোবোৰ সদস্য ৰাষ্ট্ৰৰে আৰু প্রত্যেক সদস্য ৰাষ্ট্ৰই সাধাৰণ সভালৈ পাঁচজনকৈ প্ৰতিনিধি পঠিয়াব পাৰে। নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ বৰ্তমান সদস্যসংখ্যা ১৫ জন। নিৰাপত্তা পষিদৰ স্থায়ী সদস্য পাঁচজন। এই সদস্য ৰাষ্ট্ৰ কেইখনৰ যিকোনো এখনে ‘ভেটো’ প্ৰদান কৰিলে নিৰাপত্তা পৰিষদৰ যিকোনো প্ৰস্তাৱ বাতিল হৈ যায়। নিৰাপত্তা পৰিষদৰ উপৰিও ৰাষ্ট্ৰসংঘৰ আন কেতবোৰ কাৰ্য নিয়াৰিকৈ চলাবৰ বাবে অর্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যাসৰক্ষী পৰিষদ, আন্তর্জাতিক ন্যায়ালয়, সচিবালয় আদিৰ গঠন কৰা হৈছে।    

খ-অংশ

5. নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো ছটাৰ উত্তৰ লিখা৷ (a) ভাৰতৰ কোনখন ৰাজ্যত পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কোনো এটা সাম্যবাদী দলে গণতান্ত্ৰিক নিৰ্বাচনৰ মাধ্যমেৰে ক্ষমতা দখল কৰিছিল? উত্তৰঃ- কেৰেলা৷ (b) ____ সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল। (খালী ঠাই পূৰ কৰা) উত্তৰঃ- ড° বি আৰ আম্বেদকাৰ। (c) NAM ৰ প্ৰথম গোষ্ঠী নিৰপেক্ষ শিখৰ সন্মিনল ক’ত অনুষ্ঠিত হৈছিল? উত্তৰঃ- বেলগ্রেডত। (d) চীনে ভাৰত আক্ৰমণ কেতিয়া কৰিছিল? উত্তৰঃ- ১৯৬২ চনত। (e) নর্মদা বচাও আন্দোলনৰ এজন /এগৰাকী প্ৰখ্যাত নেতা/নেত্ৰীৰ নাম লিখা।  উত্তৰঃ- মেধা পাটেকাৰ৷   (f) ৰাজ্য পুনর্গঠন আইনখন কোন চনত গৃহীত হৈছিল? উত্তৰঃ- ১৯৫৬ চনত।   (g) তথ্য জনাৰ অধিকাৰ আইন ২০০৫ চনত বলবৎ হৈছিল। (সত্য নে অসত্য)  উত্তৰঃ- সত্য।   (h) শ্বাহ তদন্ত আয়োগ কোন বৰ্ষত নিয়োগ কৰা হৈছিল? উত্তৰঃ- ১৯৭৭ চনত।   (i) সৰ্বাত্মক বিপ্লৱৰ নেতা কোন আছিল? উত্তৰঃ- জয় প্রকাশ নাৰায়ণ৷   (j) ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? উত্তৰঃ- শ্যামা প্রসাদ মুখার্জী।   6. নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো ছটাৰ উত্তৰ লিখা৷ (a) স্বাধীনতা লাভৰ ঠিক পিছতেই ভাৰতবৰ্ষই সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা৷ উত্তৰঃ- ক) গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বান। খ) বিকাশৰ প্ৰত্যাহ্বান৷   (b) ভাৰত বিভাজনৰ দুটা পৰিণাম উল্লেখ কৰা৷ উত্তৰঃ- ক) দুখন দেশৰ সৃষ্টি। খ) সাম্প্রদায়িক উত্তেজনা।   (c) ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্রার্থী কোন আছিল? নির্বাচনটোত কোনে জয়লাভ কৰিছিল? উত্তৰঃ-১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী আছিল নীলম সঞ্জীৱা ৰেড্ডী। নির্বাচনটোত জয়লাভ কৰিছিল ভি ভি গিৰি৷   (d) দলত্যাগ বুলিলে কি বুজা? উত্তৰঃ- কোনো নিৰ্বাচনত প্রতিনিধিয়ে কোনো ৰাজনৈতিক দলক প্রতিনিধিত্ব কৰি নিৰ্বাচনত জয়লাভ কৰাৰ পিছত অইন ৰাজনৈতিক দলত যোগদান কৰা কাৰ্যক দলত্যাগ আখ্যা দিয়া হয়।   (e) ১৯৮৬ চনত স্বাক্ষৰিত হোৱা মিজোৰাম চুক্তিৰ দুটা পৰিণতি লিখা। উত্তৰঃ- ক) মিজোৰামে এখন সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰে। খ) মিজোৰামত নতুন বিশ্ববিদ্যালয়ৰ নিৰ্মাণ৷   (f) ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা৷  উত্তৰঃ- ক) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা খ) অর্থনৈতিক অসমতা৷   (g) ভাৰতৰ গণ আন্দোলনৰসমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।  উত্তৰঃ- ক) ব্যাপক জনঅংশ গ্রহণ৷ খ) গণতান্ত্রিক আন্দোলন।   (h) ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।  উত্তৰঃ- ক) অস্থায়ী চৰকাৰ৷ খ) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ আধিপত্য।   (i) ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা।  উত্তৰঃ- ক) কংগ্ৰেছ দলৰ পৰাজয়৷ খ) প্রথমখন অকংগ্ৰেছী চৰকাৰৰ গঠন৷   (j) ১৯৭৫ চনত ঘোষণা কৰা জাতীয় জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি উল্লেখ কৰা। উত্তৰঃ- ক) মানৱ অধিকাৰৰ উলংঘন৷ খ) সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা।   7. নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো পাঁচটাৰ উত্তৰ লিখা৷ (a) স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰসমূহ চমুকৈ আলোচনা কৰা৷ উত্তৰঃ- এটা ৰাজনৈতিক দলৰ আধিপত্য থকা দেশ পৃথিৱীত নোহোৱা নহয়। চীন, কিউবা, চিৰিয়া আদিত এটা ৰাজনৈতিক দলৰ আধিপত্য দেখা যায়। ভাৰতীয় জাতীয় কংগ্ৰেছ এটা অনুপম মাৰ্জিত ৰাজনৈতিক দল। এই দলে এটা বৃহত্‍‌ জাতি পৰিচালনা কৰিছিল। বৈচিত্ৰ্যৰ মাজত ঐক্যৰ প্ৰতিনিধিত্ব কৰিছিল। কংগ্ৰেছৰ এই আধিপত্য লাভৰ কিছুমান কাৰণ আছিল এনে ধৰণৰঃ- (১) জাতীয় সংগ্ৰামৰ উত্তৰাধিকাৰীঃ- কংগ্ৰেছ দলে জাতীয় আন্দোলনৰ পৰা উত্তৰাধিকাৰী সূত্ৰে এটা বিৰাট সম্বল লাভ কৰিছিল। এই দলে জনগণৰ অন্তৰত এটা প্ৰতিশ্ৰুতি আৰু আশাৰ সঞ্চাৰ কৰিছিল আৰু সেইটোৱেই জনগণৰ পৰা নিস্বাৰ্থ অকুণ্ঠ সমৰ্থন লাভ কৰাত সহায় কৰিছিল। (২) তৃণমূল পৰ্যায়ৰ সংগঠনঃ- কংগ্ৰেছেই আছিল একমাত্ৰ দল যাৰ তৃণমূল পৰ্যায়ত সংগঠন অতি দৃঢ় আছিল। এই দলৰ যুক্তৰাষ্ট্ৰীয় পৰিকাঠামোৰ মাজত অন্তনিৰ্হিত আছিল আভ্যন্তৰীণ গণতান্ত্ৰিক ভাবধাৰা। এইটোৱেই দলৰ আভ্যন্তৰীণ দ্বন্দ্ব মীমাংসাৰ পথ প্ৰশস্ত কৰিছিল। (৩) স্থানীয় পৰিস্থিতিৰ লগত খাপখোৱাঃ- কংগ্ৰেছৰ প্ৰাধান্যৰ অন্যতম কাৰণ আছিল যে এই দলে স্থানীয় পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰিছিল। দলৰ ভিতৰত গণতান্ত্ৰিক ব্যৱস্থা আৰু নিৰ্বাচনৰ লাভালাভে কংগ্ৰেছ দলক স্থানীয় পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগত নিজকে খাপখুৱাই ল’ব পাৰিছিল।  (৪) নতুন সমৰ্থকক আকৰ্ষণঃ- দেশৰ বিকাশৰ বাবে প্ৰচেষ্ট হাতত লোৱাৰ লগে লগে কংগ্ৰেছ দলৰো ক্ৰমাত্‍ বিকাশ লাভ হয়। ফলত এনে বিকাশে দললৈ নতুন এচাম যুৱক আৰু কৰ্মীক আকৰ্ষণ কৰে দলত যোগদান কৰি দলৰ হকে কাম কৰিবলৈ।   (b) জৱাহৰলাল নেহেৰুৰ বৈদেশিক নীতিৰ মূল লক্ষ্যসমূহ কি আছিল? চমুকৈ লিখা৷ উত্তৰঃ- জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূল লক্ষ্যসসমূহ আছিল বহুমুখী। অৱশ্যে এইবোৰ স্থিতিশীল নহয়। এই লক্ষ্যসমূহ সময় আৰু পৰিস্থিতিৰ লগত সংগতি ৰাখি পৰিৱৰ্তন হোৱা দেখা যায়। উল্লেখযোগ্য যে ভাৰতৰ বৈদেশিক নীতিৰ এক গুৰুত্বপূৰ্ণ মূল লক্ষ্য হ’ল ভৌগোলিক অখণ্ডতা ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণ কৰা। সমগ্ৰ বিশ্বতে শান্তি বৰ্তাই ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ বৈদেশিক নীতিয়ে মূখ্য ভূমিকা গ্ৰহণ কৰা দেখা গৈছে। ভাৰতে প্ৰত্যেক দিনাই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে যুঁজ দি আহিছে। যিকোনো সমস্যা বা বিবাদ অহিংসা আৰু শান্তিপূৰ্ণ উপায়েৰে সমাধান কৰাৰ ক্ষেত্ৰত ভাৰতে আগ্ৰহ প্ৰকাশ কৰি আহিছে। তাৰোপৰি নেহৰুৰ বৈদেশিক নীতিৰ আন এটা মন কৰিবলগীয়া লক্ষ্য হ’ল অইন ৰাষ্ট্ৰৰ আভ্যন্তৰীন বিষয়ত হস্তক্ষেপ কৰিব নিবিচৰা। চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সৈতে ভাৰতে বন্ধুত্বসুলভ সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত সদায় উত্সাহ আৰু আগ্ৰহ প্ৰকাশ কৰি আহিছে। উল্লেখিত লক্ষ্যসমূহৰ উপৰিও জাতিগত বৈষম্যৰ বিৰোধিতা কৰা আৰু জাতি, বৰ্ণ আৰু ধৰ্মৰ ক্ষেত্ৰত বৈষম্যহীন সমাজবাদী আৰ্হিৰ সমাজ প্ৰতিষ্ঠা কৰাৰ বিষয়টো নেহৰুৱে বৈদেশিক নীতিত উল্লেখ কৰিছে।   (c) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত স্বায়ত্বশাসনৰ দাবীৰ ওপৰত এটা চমুটোকা লিখা।  উত্তৰঃ- ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতে উত্তৰ-পূৱত স্বতন্ত্ৰতাৰ দাবী উত্থাপিক হয়। স্বাধীনতাৰ পিছত বৰ অসমৰ যিবোৰ অঞ্চলত অসমীয়া লোক নাছিল, সেই অঞ্চলসমূহে ৰাজনৈতিক স্বতন্ত্ৰতাৰ আন্দোলন আৰম্ভ কৰে। সেই সময়ৰ অসম চৰকাৰৰ ৰাজ্যিক চৰকাৰী ভাষা নীতিৰ ফলত বহুভাষিক অসমৰ অধিকাংশ জনজাতীয় সম্প্রদায়ে অসমৰ পৰা ফালৰি কাটি যোৱাৰ বাবে আন্দোলন আৰম্ভ কৰে। অবিভক্ত অসমৰ পাৰ্বত্য জনজাতীয় নেতাসকলে পার্বত্য জিলাকেইখন অসমৰ পৰা পৃথক কৰি স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবীত আন্দোলন আৰম্ভ কৰে। অৱশেষত এখনৰ পিছত এখনকৈ বৰ অসমৰ পৰা পাৰ্বত্য জিলাকেইখনৰ অধিকাংশ ওলাই গৈ সুকীয়া ৰাজ্যত পৰিণত হয়। ক্রমাগত দাবীৰ ফলস্বৰূপে উত্তৰ-পূবত সাতখন ৰাজ্য গঠন হ’ল যদিও অঞ্চলটোৰ সমস্যাৰ বিশেষ সমাধান নহ’ল। এইবাবে এই ৰাজ্যসমূহৰ ভিতৰত স্বতন্ত্ৰতাৰ দাবী উত্থাপন হ’বলৈ আৰম্ভ কৰিলে। বড়ো, ৰাভা, কাৰ্বি, মিচিং, তিৱা, ডিমোছা আদি জনজাতিয়ে বিভিন্ন দাবীত অসম চৰকাৰৰ ওপৰত ক্রমাগত হেঁচা প্ৰয়োগ কৰি আহিছে।   (d) বিজেপিক এক শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হোৱাত সহায় কৰা কাৰকসমূহ আলোচনা কৰা। (s) উত্তৰঃ- ক) শক্তিশালী নেতৃত্ব : ১৯৮০ চনত বিজেপি গঠন হোৱাৰ পাছৰে পৰা দলটো নেতৃত্ব শক্তিশালী নেতাৰ হাতত পৰিছিল। যাৰ ফলস্বৰূপে লাহে লাহে দলটো শক্তিশালী হৈ উঠিছে। খ) বিকাশৰ নীতি : দলটোৱে গ্ৰহণ কৰা বিকাশৰ নীতিৰ বাবেও দলটোৰ জনপ্ৰিয়তা বাঢ়িছে। সকলোকে লগত লৈ আগুৱাই যোৱা নীতিয়ে এই ক্ষেত্ৰত মহৌষধিৰ কাম কৰিছে। গ) কংগ্ৰেছ দলৰ দুৰ্বলতাও হৈছে বিজেপিৰ উত্থানৰ এটা কাৰণ। কংগ্ৰেছ দলত হোৱা দুৰ্নীতি, ভ্ৰষ্টাৰ আদি বিষয়বোৰক বিজেপিয়ে কৌশললগতভাৱে জনগণৰ মাজত নিবলৈ সক্ষম হৈছে। ঘ) কামৌজিক মাধ্যমৰ কৌপালিক ব্যৱহাৰৰ মাধ্যমেৰে বিজেপিয়ে তৃণমূল পৰ্যায়ৰ লোকসকলৰ মাজত জনপ্ৰিয়তা বৃদ্ধি কৰিছে৷   (e) ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদ ৰোধৰ বাবে পৰামৰ্শ দিয়া। উত্তৰঃ- উত্তৰঃ- ভাৰতৰ ধর্মনিৰপেক্ষতাৰ দুটা বাধা তলত দিযা হ’ল- (ক) শিক্ষাৰ অভাৱঃ- ভাৰতবৰ্ষত এতিয়াও শিক্ষাৰ অভাৱৰ কাৰণে কু-শিক্ষা, অন্ধবিশ্বাস আদিৰ প্ৰভাৱ আৰু বিজ্ঞানসন্মত চিন্তাৰ অভাৱ। সেইটো ভাৰতীয় ধর্মনিৰপেক্ষতাৰ এটা ডাঙৰ দুৰ্বলতা। (খ) সহিষ্ণুতাৰ অভাৱঃ- বহুধৰ্মীয় ভাৰতত বিভিন্ন ধৰ্মবোৰৰ মাজত আৰু একেটা ধৰ্মৰে বিভিন্ন পন্থাবোৰৰ মাজত থকা অসহিষ্ণুতাৰ ভাবে কেতিয়াবা কেতিয়াবা উগ্ৰৰূপ ধাৰণ কৰা দেখা যায়। (গ) সাম্প্ৰদায়িকতাবাদঃ- সমগ্ৰ জাতি বা ৰাষ্ট্ৰতকৈও নিজৰ ধৰ্ম বা ধৰ্মীয় গোটৰ স্বাৰ্থক গুৰুত্বপূৰ্ণ বুলি চিন্তা কৰা মনোবৃত্তিক সাম্প্ৰদায়িকতাবাদ বোলা। ধৰ্মনিৰপেক্ষতাৰ লগত ইয়াৰ সম্পৰ্ক অহি-নকুলৰ লেখীয়া বুলি ক’ব পাৰি। ভাৰতৰ ক্ষেত্ৰত ই অপূৰণীয় ক্ষতিসাধন কৰিছে। (ঘ) জাতিভেদ প্ৰথাঃ- হিন্দু ধৰ্মৰ শৰীৰত জাতিভেদ প্ৰথা এবিধ দুৰাৰোগ্য ঘাৰ নিচিনা। ইয়াক সাম্প্ৰদায়িকতাৰ নামান্তৰ বুলিও ক’ব পাৰি। এনে ব্যৱস্থা ধৰ্মনিৰপেক্ষতা আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ বাবে প্ৰতিবন্ধকস্বৰূপ।   (f) ভাৰতৰ পাৰমাণৱিক নীতিৰ ওপৰত এটা টোকা লিখা। উত্তৰঃ- ভাৰতৰ শক্তিশালী পাৰমাণৱিক নীতি হ’ল ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম বৈশিষ্ট্য। 1940 দশকৰ শেষৰফালে হোমী জাহাংগীৰ ভাবাৰ দৰে বিজ্ঞানী আছিল। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে পাৰমাণৱিক যুদ্ধাস্ত্ৰ বিৰোধী আছিল আৰু সেই কাৰণে তেওঁ সু-সংহত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ আবেদন জনাই আহিছিল। পৰৱৰ্তী সময়ছোৱাত বিশ্বত পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ হাৰ বৃদ্ধি পোৱাত ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাষ্ট্ৰবোৰক পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰিবলৈ আহ্বান জনায়। কিন্তু ভাৰতে আজিলৈকে এই চুক্তিত স্বাক্ষৰ কৰাৰ পৰা বিৰত আছে। কাৰণ ভাৰতে অনুভৱ কৰে যে এই চুক্তিখন বৈষম্যমূলক। অৱশ্যে ভাৰতে ১৯৬৩ চনৰ আংশিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰিছে। উল্লেখযোগ্য যে পাৰমাণৱিক পৰীক্ষা নিষিদ্ধ কৰাৰ দাবী জনোৱা ভাৰত হ’ল বিশ্বৰ প্ৰথম ৰাষ্ট্ৰ। অৱশ্যে ভাৰতে ১৯৭৪  আৰু ১৯৯৮ চনত দুবাৰকৈ ৰাজস্থানৰ পোখৰানত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। ভাৰতে এই পাৰমাণৱিক পৰীক্ষা কৰাৰ বাবে বিশ্বত সমালোচনাৰ সন্মুখীন হৈছিল। আনকি আমেৰিকা আৰু জাপানৰ দৰে দেশে ভাৰতৰ ওপৰতৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছিল। ১৯৯৯ চনত ভাৰতে বিশ্বাসযোগ্য নূন্যতম প্ৰতিৰোধৰ ওপৰত আধাৰিত এটা পাৰমাণৱিক মতবাদ আৰম্ভ কৰিছিল। ভাৰতে ঘোষণা কৰে যে ৰাষ্ট্ৰখনে প্ৰথমে কেতিয়াও পাৰমাণৱিক যুদ্ধাস্ত্ৰ ব্যৱহাৰ নকৰিব। ২০০৩ চনত ভাৰতে আনুষ্ঠানিকভাৱে  কৌশলগত পাৰমাণৱিক কৰ্তৃত্ব আনুষ্ঠানিকভাৱে গঠন কৰে। ভাৰত আন্তঃৰাষ্ট্ৰীয় আনৱিক ইন্ধন এজেন্সিৰ সদস্য। তদুপৰি ভাৰতে সুসংগত পৰীক্ষা নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰাৰ পৰাও আতঁৰি আছে। এনে পৰিস্থিতিত ভাৰতে আনৱিক ইন্ধন শান্তিপূৰ্ণ উদ্দেশ্যত উত্পাঁদন আৰু ব্যৱহাৰক সমৰ্থন কৰি আহিছে।   (g) সেউজ বিপ্লৱৰ দুটা যোগাত্মক আৰু দুটা ঋণাত্মক ফলাফল লিখা৷  উত্তৰঃ- সেউজ বিপ্লৱৰ যোগাত্মক ফলাফল- (ক) সেউজ বিপ্লৱৰ জৰিয়তে ভাৰত এখন ভোকাতুৰ ৰাষ্ট্ৰৰ পৰা খাদ্যশস্য ৰপ্তানি কৰাৰ সামৰ্থ থকা ৰাষ্ট্ৰৰূপে পৰিগণিত হয়। (খ) ভাৰতে সেউজ বিপ্লৱৰ সফলতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সম্ভ্ৰম আদায় কৰিবলৈ সমৰ্থ হয়। (গ) সেউজ বিপ্লৱৰ প্ৰধান সফলতা আছিল ঘেঁহু আৰু ধান, এই দুই প্ৰধান শস্যৰ উত্পাবদৰ অভাৱনীয় বৃদ্ধি। (ঘ) সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষিকাৰ্যৰ পদ্ধতিৰ তাত্‍পৰ্যপূৰ্ণ পৰিৱৰ্তন হয়। সেউজ বিপ্লৱৰ ঋণাত্মক ফলাফল ক) বৰ্তমানেও কেতিয়াবা ভাৰতৰ কৃষি উত্‍পাদনে চাহিদা পূৰণ কৰিব নোৱাৰা হয়। সেউজ বিপ্লৱে খাদ্যশস্যৰ উত্‍পদন বৃদ্ধি কৰিলেও ভাৰতক স্থায়ী আৰু সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল কৰাত সফল হোৱা নাই। (খ) ভাৰতে উন্নত জাতৰ সকলো শস্যৰ বীজ সকলো অঞ্চললৈ বিস্তৃত কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে। (গ) সেউজ বিপ্লৱৰ ফলস্বৰূপে গ্ৰাম্যাঞ্চলৰ শীৰ্ষ অর্থাৎ ধনী দহ শতাংশ লোকৰ হাতত সম্পত্তি কেন্দ্ৰীভূত হৈ পৰে। (ঘ) যদিও বংগ দুৰ্ভিক্ষৰ দৰে পৰিস্থিতি ভাৰতত বৰ্তমান হোৱা নাই, তথাপি উৰিষ্যাৰ কালাহান্দিৰ দৰে অঞ্চলত বহুবছৰ ধৰি চলি থকা দুৰ্ভিসদৃশ পৰিস্থতিত বহুসংখ্যক লোকৰ অনাহাৰত মৃত্যৰ হৈছে।   (h) ভাৰতৰ দলীয় ব্যৱস্থাৰ চাৰিটা বৈশিষ্ট্য লিখা। ভাৰতৰ দলীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল- (ক) বহুদলীয় ব্যৱস্থাঃ- বৃটেইন অথবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত ৰাষ্ট্ৰৰ দ্বিদলীয় ব্যৱস্থাৰ পৰিৱৰ্তে ভাৰতত বহুদলীয় ব্যৱস্থা প্ৰবৰ্তন কৰা হৈছে। বিশেষকৈ বিগত পাঁচটা দশকত ৰাজনৈতিক দলৰ সংখ্যা ভাৰতত অভিলেখসংখ্যক বৃদ্ধি পাইছে। স্বাধীনতাৰ পাছৰে পৰা ভাৰতত শতাধিক ৰাজনৈতিক দলৰ উদ্ভৱ হৈছে। (খ) জাতি আৰু সম্প্ৰদায়ৰ ভিত্তিত গঠিত দলৰ উপস্থিতিঃ- ভাৰতৰ দলীয় ব্যৱস্থাত জাতি আৰু সম্প্ৰদায়ে এক আধিপত্যকাৰী ভূমিকা গ্ৰহণ কৰি আছে। ভাৰতৰ কিছুসংখ্যক ৰাজনৈতিক দলে মুকলিকৈ সাম্প্ৰদায়িক চৰিত্ৰ প্ৰতিফলিত কৰাৰ বিপৰীতে কিছুসংখ্যকে ধৰ্মনিৰপেক্ষ চৰিত্ৰ প্ৰদৰ্শন কৰি আহিলেও জাতি অথবা সম্প্ৰদায়গত চিন্তা-ধাৰণাৰ পৰা মুক্ত নহয়। (গ) ৰাজনৈতিক দলসমূহত ব্যক্তিৰ আধিপত্যঃ- ভাৰতীয় দলীয় ব্যৱস্থাৰ অইন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল দলসমূহত ব্যক্তিৰ আধিপত্য। ভাৰতত প্ৰায়ে দেখা যায় যে দলসমূহ মতাদৰ্শগত অথবা কৰ্মসূচীগত ভিত্তিৰ পৰিৱৰ্তে কোনো প্ৰভাৱশালী ৰাজনৈতিক নেতাক কেন্দ্ৰ কৰিহে গঢ় লৈ উঠে। (ঘ) মতাদৰ্শগত দ্বিধাগ্ৰস্ততাঃ- বাওঁপন্থী দলসমূহৰ বাহিৰে ভাৰতৰ কোনো এটা ৰাজনৈতিক দলৰে সুস্পষ্ট মতাদৰ্শ নাই। প্ৰায় প্ৰতিটো দলে গান্ধীবাদ গণতন্ত্ৰ, সমাজবাদ আৰু ধৰ্মনিৰপেক্ষতাবাদৰ কথা কৈ থাকে যদিও এই আদৰ্শসমূহৰ প্ৰতি দলসমূহৰ শ্ৰদ্ধা সন্দেহজনক।   8. নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা৷ (a) পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱৰ্তনশীল সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।  উত্তৰঃ- ভাৰতৰ বৈদেশিক নীতিৰ ভিত্তি হৈছে শান্তি আৰু সহযোগিতা। ভাৰতে পৃথিৱীৰ বিভিন্ন দেশৰ সৈতে সুসম্পৰ্ক বজায় ৰাখিছে। কিন্তু ভাৰতে পাকিস্তানৰ লগত ১৯৪৭-৪৮, ১৯৬৫, ১৯৭১ আৰু ১৯৯৯ চনত চাৰিখনকৈ যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হৈছিল।     ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৪৭-৪৮ চনত হোৱা যুদ্ধৰ পৰিণতি স্বৰূপে পাকিস্তানে অধিকৃত কাশ্মীৰ (Occupied Kashmir) আৰু ভাৰতে জম্মু আৰু কাশ্মীৰ প্ৰদেশৰ অধিকাৰী হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ ভিতৰত কৰা আক্ৰমণৰ বাবে যুদ্ধ হৈছিল। ১৯৭১ চনত বাংলাদেশক লৈ ভাৰত পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতবৰ্ষই জয়লাভ কৰিছিল, কিন্তু কাশ্মীৰ সমস্যাটো অমীমাংসিত ভাৱেই ৰৈ গৈছিল।     ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰ, ধন সামৰিক প্ৰশিক্ষণ আদি দি ভাৰতত সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি দোষাৰোপ কৰে। আনহাতে, পাকিস্তানৰ সিন্ধু আৰু বেলুচিস্তান এই প্ৰদেশ দুখনত সৃষ্টি হোৱা অস্থিৰ অৱস্থাৰ বাবে ভাৰত চৰকাৰ তথা ইয়াৰ নিৰাপত্তা বিভাগক পাকিস্তানে দোষাৰোপ কৰে। ১৯৬০ চনলৈকে সিন্ধু নদীৰ জলধাৰাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ‘সিন্ধু জল চুক্তি’ (Indus Water Treaty)-ৰ জৰিয়তে এই সমস্যাৰ সমাধান হৈছিল। অৱশ্যে এই চুক্তিখন ব্যাখ্যাৰ ক্ষেত্ৰত যদিও কিছুমান মতানৈক্য আছে তথাপি বৰ্তমানলৈকে এই চুক্তিখন কাৰ্যকৰী হৈ আছে। ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ পাছত ১৯৬৬ চনৰ ৪ জানুৱাৰীত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মধ্যস্থতাত টাছখণ্ডত এটা স্থায়ী সমাধানৰ চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ পাছত ২০০১ চনৰ ১৪-১৬ জুলাইত আগ্ৰা শীৰ্ষ সন্মিলনখনকো ঐতিহাসিক আখ্যা দিয়া হয়। ২০১৬ চনৰ জানুৱাৰীত পাঠানকোট বিমানসেৱা ঘাটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান জড়িত হোৱা তথা ২০০৮ চনত মুম্বাইৰ ভয়াৱহ আক্ৰমণত পাকিস্তানী চোৰাংচোৱা এজেন্সী ISI জড়িত থকা বুলি প্ৰমাণ হোৱাৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক অধিক জটিল হৈ পৰাৰ আশংকাই দেখা দিছিল। সেই বছৰতে ছেপ্টেম্বৰ মাহত জম্মু আৰু কাশ্মীৰৰ উৰিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত ভাৰত-পাক সম্পৰ্কৰ অধিক অৱনতি ঘটে। পাঠানকোট আৰু উৰিত পাকিস্তানৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই আজাদ কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটি আক্ৰমণ কৰি যথেষ্ট ক্ষতি সাধন কৰে। আনকি সেই বৰ্ষৰ নৱেম্বৰ মাহত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া ছাৰ্কৰ ১৯তম শীৰ্ষ সন্মিলনৰো বিৰোধিতা ভাৰতে কৰে।   (b) জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত বিতর্কসমূহ চমুকৈ আলোচনা কৰা। জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ প্ৰয়োজন আছিলনে? উত্তৰঃ- ১৯৭৫ চনত ভাৰতত পোন প্ৰথমবাৰৰ বাবে ইন্দিৰা গান্ধীৰ চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। ইন্দিৰা গান্ধীয়ে কৰুৰীকালীন ব্যৱস্থা প্ৰৱৰ্তনৰ কৰাৰ কাৰণকেইটা হ’ল— (ক) ১৯৭১ চনৰ পাকিস্তানৰ সৈতে যুদ্ধ, ১৯৭২-৭৩ চনৰ খাদ্য-শস্য উত্পাাদনৰ দ্ৰুত গতিত হ্ৰাস আৰু ১৯৭৩-৭৪ চনৰ তেলৰ মূল্য বৃদ্ধি। (খ) ১৯৭৪ চনৰ বিহাৰৰ ছাত্ৰ আন্দোলন, গুজৰাটৰ নৱ নিৰ্মাণ আন্দোলন আৰু ১৯৭৪ চনৰ ৰে’লকৰ্মীৰ ঘৰ্মঘট। (গ) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দ্বাৰা ইন্দিৰা গান্ধীৰ ১৯৭১ চনৰ লোকসভাৰ নিৰ্বাচনৰ জয়লাভ নাকচ কৰি প্ৰদান কৰা লেখ (writ)।         এতিয়া প্ৰশ্ন হ’ল সেই সময়ত জৰুৰী অবস্থা ঘোষণা কৰাটো দৰকাৰ আছিল নে? চৰকাৰে ইয়াৰ সমৰ্থনত এইবুলি যুক্তি দৰ্শাইশিল যে যে এখন গণতান্ত্ৰিক চৰকাৰত বিৰোধী দলসমূহে শাসনাধিষ্ঠ দলক চৰকাৰী কাম-কাজ পৰিচালনা কৰাত সম্পূৰ্ণ সহায়-সমৰ্থন আগবঢ়োৱা উচিত আৰু চৰকাৰৰ নীতি অনুসৰি কাম-কাজ কৰাৰ সন্মতি প্ৰদান কৰিব লাগে। ইয়াৰ বিপৰীতে বিৰোধী দলসমূহে চৰকাৰ বিৰোধী আন্দোলনত লিপ্ত হ’লে গণতন্ত্ৰ কেতিয়াও সফল হ’ব নোৱাৰে।         জৰুৰীকালীন অৱস্থা বলবত্‍ হৈ থকাৰ সময়ত যিবিলাক ৰাজনৈতিক দলে কংগ্ৰেছক সমৰ্থন জনাইছিল তাৰ ভিতৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPI) অন্যতম। জৰুৰীকালীন অৱস্থাৰ সমৰ্থক এই দলৰ মতে সেই সময়ত ভাৰতবৰ্ষত জাতীয় ঐক্য বিনষ্ট কৰিব লক্ষ্যৰে আন্তৰ্জাতিক পৰ্যায়ত গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। এনে পৰিস্তিতিত দেশৰ ভিতৰৰ বিদ্ৰোহসমূহ দমন কৰাতো চৰকাৰৰ পক্ষে জৰুৰী হৈ পৰিছিল। কিন্তু আশ্চৰ্যজনকভাৱে জৰুৰীকালীন অৱস্থাৰ পৰৱৰ্তীকালত এই দলে নিজৰ এনে মতামতক ভূল বুলি অনুভৱ কৰিছিল।        আনহাতে জৰুৰীকালীন অৱস্থাৰ সমালোচকসকলৰ মতে ইন্দিৰা গান্ধী চৰকাৰে আগবঢ়োৱা যুক্তিসমূহ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। জয়প্ৰকাশ নাৰায়ণ আৰু অন্যান্য বিৰোধী নেতাৰ মতে জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ প্ৰতিবাদ প্ৰদৰ্শনৰ অধিকাৰ আছে। গুৰুত্বপূৰ্ণভাৱে বিহাৰ আৰু গুজৰাটৰ আন্দোলন আছিল প্ৰায় শান্তিপূৰ্ণ আৰু অহিংসা। এই আন্দোলনে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছিল বুলিব নোৱাৰি। আকৌ যিসকল নেতা অথবা কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল সেইসকলে কোনোধৰণৰ ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত নাছিল। সেয়ে জৰুৰীকালীন অৱস্থা কেৱল ইন্দিৰা গান্ধীৰ স্বাৰ্থতহে প্ৰৱৰ্তন কৰাটো সহজে অনুমান কৰিব পাৰি।     (c) ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত সংযুক্ত ৰাজনীতি উদ্ভৱৰ কাৰণসমূহ ব্যাখ্যা কৰা। উত্তৰঃ- কাৰণসমূহ হ’ল ক) আঞ্চলিক দলৰ উপস্থিতি : দিন বাগৰাৰ লগে লগে ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ পয়োভৰ ঘটিছে। সংখ্যা বৃদ্ধিৰ লগে লগে ভোটৰ ভাগ বিতৰণ হৈছে। ফলত কোনো নির্দিষ্ট এটা দলে সংখ্যা গৰিষ্ঠতা লাভ নকৰে আৰু সংযুক্ত ৰাজনীতিৰ উদ্ভৱ হৈছে। খ) কেন্দ্ৰীয় দলৰ ব্যৰ্থতা : কেন্দ্ৰীয় দলৰ ব্যৰ্থতাও এটা অন্যতম কাৰণ। সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহে জনগণৰ আশা প্ৰত্যাশাবোৰ পূৰণ কৰিব নোৱাৰা বাবে তেনে দলৰ প্ৰতি মানুহৰ আস্থা কমিছে আৰু স্থানীয় দলক ভোট প্রদান কৰাত গুৰুত্ব দিছে। ফলত মৰ্চা ৰাজনীতিৰ উদ্ভৱ হৈছে।  গ) এটা দলৰ আধিপত্যও মৰ্চা ৰাজনীতিৰ উত্থানৰ এটা কাৰণ। ক্ষমতাত দীর্ঘদিন থকা দলটোক হৰুৱাবলৈ বাকী দলসমূহে একগোট হৈ মৰ্চা গঠন কৰে আৰু চৰকাৰ গঠনৰ প্ৰয়াস কৰে।   (d) পৰিকল্পিত বিকাশ মানে কি বুজা? ভাৰতবৰ্ষৰ বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা৷ উত্তৰঃ- পৰিকল্পিত বিকাশ হ’ল বিকাশৰ এটা আৰ্হি অথবা পৰিকল্পনাৰ বিকাশ। অৰ্থাত্‍ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হ’ব ইয়াৰ এক পৰিকল্পনা অথবা আৰ্হি প্ৰস্তুত কৰাকে পৰিকল্পিত বিকাশ আখ্যা দিয়া হয়। ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ উদ্দেশ্যে ১৯৫০ চনৰ ১৫ মাৰ্চত পৰিকল্পনা আয়োগৰ গঠন কৰা হৈছিল। ই এটা অতি শক্তিশালী সংস্থা আছিল। পৰিকল্পনা আয়োগত এজন অধ্যক্ষ, এজন উপাধ্যক্ষ আৰু দহ-বাৰজন সদস্য আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী পৰিকল্পনা আয়োগৰ অধ্যক্ষ। পৰিকল্পনা আয়োগে ভাৰতৰ সামগ্ৰী, পুঁজি আৰু মানৱ সম্পদ নিৰ্ধাৰণ কৰিছিল আৰু ৰাষ্ট্ৰখনৰ সম্পদসমূহৰ সুদক্ষ আৰু সন্তুলিত ব্যৱহাৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছিল। এই আয়োগ সংসদৰ কোনো আইনৰ দ্বাৰা সৃষ্টি হোৱা নাই আৰু ই সাংবিধানিক ব্যৱস্থাৰ অন্তৰ্গতও নহয়। এই আয়োগ মন্ত্ৰীসভাৰ এটা সিদ্ধান্তৰ ভেটিত গঠিত হৈছিল। সেয়ে পৰিকল্পনা আয়োগক কেতিয়াবা সংবিধান বহিৰ্ভূত সংগঠন বুলি কোৱা হয়।     পৰিকল্পনা আয়োগে ভাৰতৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত এক অতি তাত্প্ৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল। এই আয়োগে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে ‘পঞ্চ বাৰ্ষিক পৰিকল্পনা’ আৰম্ভ কৰে। পৰিকল্পনাৰ ফলস্বৰূপে ১.৭ শতাংশ বছৰি জনমূৰি আয় বৃদ্ধি পাইছে। পৰিকল্পনা আয়োগৰ প্ৰচেষ্টা আৰু কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদানৰ ফলস্বৰূপে ১৯৬৬-৬৭ চনত সেউজ বিপ্লৱৰ আৰম্ভ হয়। আয়োগে ঔদ্যোগিক খণ্ডৰ বিকাশতো যথেষ্ট বৰঙণি আগবঢ়ায়। শিক্ষা, চিকিত্সা্ শাস্ত্ৰ আদিতো যথেষ্ট উন্নতি হৈ আছে। সামাজিক ন্যায় প্ৰতিষ্ঠাত আয়োগৰ অৱদান উল্লেখযোগ্য। অৰ্থাত্‍ ভাৰতৰ আৰ্থ-সামাজিক বিকাশত পৰিকল্পনা আয়োগে প্ৰশংসনীয় ভূমিকা গ্ৰহণ কৰি আছে।   Syllabus of Class 12 Political Science in Assamese Part-A : সমকালীন বিশ্ব ৰাজনীতি
  1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR
  2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY
  3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS
  4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER
  5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA
  6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION
  7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD
  8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES
  9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION
Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি
  1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE
  2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING
  3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT
  4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS
  5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM
  6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER
  7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS
  8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT
  9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE & COALITION GOVERNMENT
  10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES
  Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D. Post Graduate Teacher (Political Science) H.N.Seminary Model HS School, Bagribari, Dhubri, Assam Email : brahmaratan@gmail.com Whatsapp no. : 7020477396 Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Leave a comment

Trending