অ’ নবৌ । O nabou

1. অ’ নবৌ অ’
মোলৈ এজনী ছোৱালী চালিনে নাই
কঁকাল খামুচীয়া
লিহিৰিপতীয়া
বগীকৈ ধুনীয়া চাই
অ’ নবৌ মোলৈ বাৰু তই
এজনী ছোৱালী চালিনে নাই।

পঢ়িলো-শুনিলোঁ চাৰকি নাপালোঁ
এতিয়া কি কৰোঁ ক?
গাঁওত পৰি আছে মাটি তিনিপুৰা
খেতিতে ধৰোঁ নি ক?
নাঙলৰ মুতিতে কিমান শকতি
আজি বুজি পালোঁ মই
খেতিত ধৰিলেও কঠীয়া ৰুবলৈ
ঘৰতনো কোন আছে ক।

লগৰে ল’ৰাবোৰ বাপেকী হৈ গ’ল
তই দেখিছনে নাই
গাঁওৰে জীয়ৰী বোৱাৰী হৈ গ’ল
খবৰ ৰাখিছনে নাই
কুঁজাই আনে কুঁজী কণাই আনে কানি
মোলৈ জানো কোনো নাই
গাঁওৰে এজনী গোটাই তই নিদিলে
মৰিলেও কান্দোতা নাই।

2. কঁকাল খামুচীয়া । Kongkal khamuchiya


‘শব্দ’
কঁকাল খামুচীয়া গাল গুলপীয়া
তুমি কোন সৰগৰ পৰী
কজলা চকুৰে পদুমী খোজেৰে
নিলাহি মন মোৰ হৰি
গাঁৱৰে জীয়াৰী থাকিবা আঁতৰি
চুলে মাৰিব বিজুলী
ধাননী পথাৰৰ সোণোৱালী শইচত
জিলিকে আমাৰে আশা
ঘৰে ঘৰে বন্তি জ্বলিলেই গধূলি
শেৱালি সৰিলেই পুৱা
চহৰৰ ডেকা ল’ৰা হেনো মিছলীয়া
নুবুজে মনৰে ভাষা
আমি গাঁৱলীয়া সৰল আলসুৱা
নুশুনো চলাহী কথা
ভুল কৰিবা যদিহে বুজি মোক নুবুজা
আকলুৱা মনৰে ভাষা
ভুল কৰিছা যদিহে দেখি মোক নেদেখা
নুবুজা কলিজাৰ বেথা
নৈ পাৰে পাৰে উৰে আমাৰ মন
হেঁপাহৰ ৰঙীন পখিলা
জোনাক নামিলেই সোণাৰু ফুলিলেই
সপোনে কৰে ৰাসলীলা
কঁহুৱাৰ মলয়াই নিতে আহি চুই যায়
পদূলিত উৰুৱাই ধুলি
কপৌ পাৰৰ মাত চোতাল শুৱনি
শালিকীৰো গুণগুণনি
তুমি আহিবা নৈৰে ঘাটলে গধূলি
সকলো ক’ম মই খুলি
তুমি জানিবা দেখিবা বুজিবা সকলো
নেভাবিবা মিছলীয়া বুলি।


Leave a comment

Trending