নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
অণু আৰু পৰমাণু
Atoms and Molecules
Class ix General Science
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) Na ৰ ইলেকট্রনীয় বিন্যাস হ’ল-
(ক) 2.8.3
(খ) 2.8.1
(গ) 2.1.8
(ঘ) 2.8.4
উত্তৰঃ- (খ) 2.8.1
(ii) নিয়নৰ যোজ্যতা-
(ক) 2
(খ) 4
(গ) 1
(ঘ) 0
উত্তৰঃ- (ঘ) 0
(iii) A আৰু B নামৰ দুটা মৌলৰ যোজ্যতা যথাক্রমে 2 আৰু 3 হ’লে মৌল দুটাই উৎপন্ন কৰা মৌলটোৰ সম্ভৱপৰ আনৱিক সংকেতটো হ’ব-
(ক) A2 B3
(খ) A3 B2
(গ) A2 B5
(ঘ) এটাও নহয়।
উত্তৰঃ- (খ) (খ) A3 B2
(iv) ম’ল অক্সিজেন গেছৰ ভৰ—
(ক) 8 গ্রাম
(খ) 16 গ্রাম
(গ) 32 গ্রাম
(ঘ) 1.6 গ্রাম
উত্তৰঃ- (খ) 32 গ্রাম।
(v) আর্গন হ’ল-
(ক) বহুপাৰমাণৱিক
(খ) ত্ৰিপাৰমাণৱিক
(গ) দ্বি-পাৰমাণৱিক
(ঘ) একপাৰমাণৱিক
উত্তৰঃ- (ঘ) একপাৰমাণৱিক।
(vi) ইলেকট্রন কোনে আৱিষ্কাৰ কৰিছিল?
(a) জে. জে থমছন
(b) ৰাডাৰফৰ্ড
(c) জে. ছাডউইক
(d) ই গল্ডষ্টেইন
উত্তৰঃ- (a) জে. জে থমছন।
(vii) পৰমাণুৰ বহিৰতম কক্ষত থাকিব পৰা ইলেকট্ৰনৰ সর্বোচ্চ সংখ্যা-
(ক) 2
(খ) 8
(গ) 18
(ঘ) 32
উত্তৰঃ- (খ) 8
(viii) মেগনেছিয়ামৰ পাৰমাণৱিক ভৰ হ’ল-
(ক) 16
(খ) 32
(গ) 24
(ঘ) 40
উত্তৰঃ- (গ) 24
(ix) এটা মৌলৰ লেটিন নাম হৈছে নেট্রিয়াম। মৌলটোৰ ইংৰাজী নাম হৈছে-
(ক) ছডিয়াম
(খ) পটাছিয়াম
(গ) মেগনেছিয়াম
(ঘ) ছালফাৰ
উত্তৰঃ- (ক) ছডিয়াম।
(x) এভ‘গ্ৰেডৰ সংখ্যাটো হ‘ল-
(ক) 6.022 x 1023
(খ) 60.22 x 1023
(গ) 6.022 x 1024
(ঘ) 6.022 x 1022
উত্তৰঃ- (ক) 6.022 x1023
(xi) পৰমাণুৰ কেন্দ্ৰৰ আধানহীন কণাটোৰ নাম-
(ক) প্রোটোন
(খ) নিউট্রন
(গ) ইলেকট্রন
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ- (খ) নিউট্রন
(xii) এটা কণিকা Xৰ 17টা প্ৰ’টন, 18 টা ইলেকট্রন আছে কণিকাটো—
(ক) এটা অণু
(খ) এটাযৌগ
(গ) এনায়ন
(ঘ) কেটায়ন।
উত্তৰঃ- (ক) এনায়ন।
(xiii) তলৰ কোনটো ক্লৰিনৰ শুদ্ধ ইলেকট্রনীয় বিন্যাস-
(ক) 2,8
(খ) 2,8,6
(গ) 2, 8, 7
(ঘ) 2,8,7
উত্তৰঃ- (ঘ) 2,8,7।
(xiv) বেৰিলিয়ামৰ সংকেতটো হ’ল-
(ক) Ba
(খ) Be
(গ) B
(ঘ) Br
উত্তৰঃ- (খ) Be
2. এমনিয়াম ছালফেটৰ সংকেত লিখা।
উত্তৰঃ- (NH4)2 SO4
3. এনায়ন কাক বোলে?
উত্তৰঃ- ঋণাত্মক আধানযুক্ত আয়নক এনায়ন বোলে।
4. ম’ল কৰিণ পৰমাণুৰ ভৰ কিমান?
উত্তৰঃ- 35.5 u
5. 11gm CO2 ত কিমান ম’ল?
উত্তৰঃ- 0.25 ম’ল।
6. এটা মৌল Zৰ যোজ্যতা 3. Zৰ অক্সাইডৰ সংকেত লিখা।
উত্তৰঃ- Z2O3
7. পৰমাণু কি?
উত্তৰঃ- সকলো পদাৰ্থৰ গঠনৰ প্ৰাথমিক গোটবোৰেই হৈছে পৰমাণু।
8. স্থিৰানুপাত বিধিৰ তত্ব কি?
উত্তৰঃ- এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায় নির্দিষ্ট ভৰৰ অনুপাতত থাকে।
9. ভৰৰ নিত্যতা বিধিটো কি?
উত্তৰঃ- ৰাসায়নিক বিক্ৰিয়া এটাত বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ ভৰসমূহৰ যোগফল সদায় অপৰিবৰ্তিত হৈ থাকে।
10 অণু বুলিলে কি বুজা?
উত্তৰঃ- মৌল বা যৌগৰ সাধাৰণ অৱস্থাত স্বাধীন সত্ব থকা আৰু সেই পদাৰ্থৰ আটাইবোৰ ধৰ্ম নিহত থকা ক্ষুদ্রতম কণিকাটোকে অণু বুলি কোৱা হয়।
11. গ্ৰাম পাৰমাণৱিক ভৰ কাক বোলে?
উত্তৰঃ- পাৰমাণৱিক ভৰক গ্ৰামত প্ৰকাশ কৰিলে তাক গ্ৰাম পাৰমাণৱিক ভৰ বোলে।
12. গ্রামাণু বুলিলে কি বুজা?
উত্তৰঃ- পদাৰ্থ এটাৰ আণৱিক ভৰক গ্ৰামত প্ৰকাশ কৰি পোৱা সংখ্যাটোক গ্রামাণু বুলি কোৱা হয়।
13. ৰাসায়নিক সমীকৰণ কাক বোলে?
উত্তৰঃ- ৰাসায়নিক বিক্ৰিয়াত অংশ লোৱা পদাৰ্থবোৰক চিহ্ন আৰু সংকেতৰ দ্বাৰা উপস্থাপন কৰাকে ৰাসায়নিক সমীকৰণ বোলে।
14. ম’ল কি?
উত্তৰঃ- ম’ল হৈছে ৰসায়ন বিজ্ঞানৰ গাননিক একক য’ত পদার্থ এটাৰ পাৰমাণৱিক ভৰত প্ৰকাশ নকৰি অন বা পৰমাণুৰ সংখ্যাত প্ৰকাশ কৰা হয়।
15. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্যই স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে?
উত্তৰঃ- ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰ সদায় সৰল গোটা সংখ্যাৰ অনুপাতত যোজিত হয়।
16. ডেলটনৰ পৰমাণুবাদৰ দুটা স্বীকাৰ্য দিয়া।
উত্তৰঃ- (ক) সকলো পদাৰ্থ পৰমাণু নামৰ অতিক্ষুদ্র কণাৰে গঠিত।
(খ) বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধর্মসমূহ একেই।
17. 36 গ্রাম পানীত থকা ম’লৰ সংখ্যা গণনা কৰা।
উত্তৰঃ- 18 গ্রাম পানীত থকা ম’লৰ সংখ্যা = 1 ম’ল
… 36 গ্রাম পানীত থকা ম’লৰ সংখ্যা = 2 ম’ল
18. H2SO4 ৰ আনৱিক ভৰ গণনা কৰা।
উত্তৰঃ- H2SO4 = 1×2+32+16×4
= 2+32+64
= 98 u
19. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্য ভৰৰ নিত্যতা সূত্ৰৰ ফল?
উত্তৰঃ- ডেল্টনৰ পৰমাণুবাদৰ মতে মৌলই হওঁক বা যৌগই হওঁক বা মিশ্র পদার্থই হওঁক সকলোবোৰ পৰমাণু নামৰ ক্ষুদ্র কণিকাৰ দ্বাৰা গঠিত। পৰমাণুবোৰ অবিভাজ্য কণা ৰাসায়নিক বিক্ৰিয়াত ইয়াক সৃষ্টি বা বিনাশ কৰা নাযায়।
20. 0.5 মল NN2 ৰ ভৰ গণনা কৰা।
উত্তৰঃ- 1 মল N2ৰ ভৰ = 14×2
= 28g
0.5 মল N2ৰ ভৰ = 0.5x28g
=14g
21. আয়ন কি? NaClত থকা এনায়ন আৰু কেটায়নৰ নাম লিখা।
উত্তৰঃ- ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰত থকা আধানযুক্ত কণাবোৰকে আয়ন বোলে।
NaClত থকা এনায়ম Cl–
কেটায়ন Na+
22. ছড়িয়াম ক্ল’ৰাইডৰ গঠন ফুট চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ- Naৰ পাৰমাণৱিক সংখ্যা 11
ইলেকট্রনীয় বিন্যাস 2.8.1
Clৰ পাৰমাণৱিক সংখ্যা 17
ইলেকট্রনীয় বিন্যাস 2.8.7
Naৰ একমাত্ৰ যোজক ইলেকট্রনটো Clএ গ্ৰহণ কৰি Cl আৰু Naএ নিজে Na+ আয়নলৈ পৰিৱৰ্তিত হয়। Na+ আৰু CI ৰ লগত ইলেকট্ৰযোজী বান্ধনিৰে NaClৰ গঠন হয়।
Na++ Cl– —> NaCl
23. আনৱিক ভৰ কি আৰু ইয়াক কেনেকৈ গণনা কৰা হয়? CaCl2 আৰু NaOHৰ আনৱিক ভৰ গণনা কৰা।
উত্তৰঃ- আনৱিক ভৰ হৈছে এনে এটা সংখ্যা যিয়ে অনু এটাৰ ভৰ C – 12 পৰমাণুৰ ভৰৰ অংশতকৈ কিমান গুণ গধুৰ তাক বুজায়। পদার্থ এটাৰ সকলোবোৰ পৰমাণুৰ পাৰমানৱিক ভৰ যোগ কৰি আনৱিক ভৰ গণনা কৰা হয়৷
CaCl2ৰ আনৱিক ভৰ = 40 +2×35.5
= 40 +71
= 111 u
NaOHৰ আনৱিক ভৰ = 23 +16+1
= 42 u
Leave a comment