নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
বল আৰু গতিবিষয়ক সূত্রসমূহ
Force and Laws of Motion
Class ix General Science
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) ভৰবেগ এটা-
(ক) ভেক্টৰ ৰাশি
(খ) মৌলিক ৰাশি
(গ) ওপৰৰ ) স্কেলাৰ ৰাশি
(ঘ) এটাও নহয়
উত্তৰঃ- (খ) ভেক্টৰ ৰাশি।
(ii) ভৰবেগৰ S.I. একক হ’ল-
(a) kms-1
(b) gms-1
(c) kgms
(d) gkmh-1
উত্তৰঃ- (a) kgms-1
(iii) এটা গতিশীল বস্তুৰ জড়তা নিৰ্ভৰ কৰে –
(a) বস্তুটোৰ ভৰবেগৰ ওপৰত
(b) বস্তুটোৰ ভৰৰ ওপৰত
(c) বস্তুটোৰ দ্ৰুতিৰ ওপৰত
(d) বস্তুটোৰ আকৃতিৰ ওপৰত।
উত্তৰঃ- (b) বস্তুটোৰ ভৰৰ ওপৰত।
(iv) নিউটনৰ কোন গতি সূত্ৰৰ পৰা বলৰ সংজ্ঞা পোৱা যায়।
(a) প্রথম গতিসূত্র
(b) দ্বিতীয় গতিসূত্র
(c) তৃতীয় গতিসূত্র
(d) প্ৰথম আৰু দ্বিতীয় গতিসূত্র
উত্তৰঃ- (b) দ্বিতীয় গতিসূত্র
(v) mভৰ বৃত্ত বস্তু এটাই ‘v’বেগে গতি কৰিছে। বস্তুটোৰ ভৰবেগ হ’ব-
(ক) mv
(খ) mv2
(গ) (mv)2
(ঘ) 1/2mv2
উত্তৰঃ- (ক) mv
2. অসন্তুলিত বল কি?
উত্তৰঃ- বিপৰীতমুখী অসম বল যাৰ ক্ৰিয়াৰ ফলত বলে ক্ৰিয়া কৰা বস্তুৱে গতি লাভ কৰে।
3. সন্তুলিত বল বুলিলে কি বুজা?
উত্তৰঃ- দুটা বিপৰীতমুখী বলৰ ক্ৰিয়াৰ ফলত যদি বলে ক্রিয়া কৰা বস্তুৱে কোনো গতি লাভ নকৰে তেনেবোৰ বলক সন্তুলিত বল বুলি বুজা যায়।
4. বলৰ সংজ্ঞা দিয়া।
উত্তৰঃ- যি কাৰক বা প্ৰভাৱৰ বাবে বস্তুৰ গতিৰ পৰিৱৰ্তন হয় তাকে বল বোলা হয়। প্রকৃতাৰ্থত বলৰ বল দৃশ্যমান নহয় আৰু তাৰ কোনো অনুভূতি পোৱা নাযায়।
5. দৈনন্দিন জীৱনৰ ভিত্তিত নিউটনৰ গতিৰ তৃতীয় সূত্ৰৰ দুটা উদাহৰণ লিখা।
উত্তৰঃ- (ক) নাও চলোৱা কাৰ্যত নিউটনৰ তৃতীয় সূত্ৰ ব্যৱহাৰ হয়।
(খ) গুলি ফুটোৱা কাৰ্যত তৃতীয় গতি সূত্ৰ ব্যৱহাৰ হয়।
6. “যেতিয়া বন্দুকেৰে এটা গুলি ফুটোৱা হয় বন্দুধাৰীয়ে কান্ধত এটা হেঁচা অনুভৱ কৰে।” যুক্তি প্ৰদৰ্শন কৰা।
উত্তৰঃ- নিউটনৰ তৃতীয় গতি সূত্ৰ অনুসৰি প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীত মুখী প্ৰতিক্ৰিয়া আছে। এই প্ৰতিক্ৰিয়া বলৰ কাৰণে বন্দুকধাৰীয়ে কান্ধত এটা হেঁচা অনুভৱ কৰে।
7. “ঘর্ষণ আচলতে একধৰণৰ বল”। বুজাই দিয়া।
উত্তৰঃ- এখন খহটা মজিয়াৰ ওপৰত এটা গধুৰ বস্তু বা বাকচ লোৱা হ’ল। বাকচৰ তলি আৰু মজিয়াৰ মাজৰ যি বলে ক্ৰিয়া কৰে সেয়াই ঘৰ্ষণ বল। এতিয়া বাকচটো গতি কৰাবলৈ আমি অধিক বল প্রয়োগ কৰিব লাগে। এটা নিৰ্দিষ্ট পৰিমাণতকৈ বেছি বল প্রয়োগ কৰিলেহে বস্তুটোৱে গতি কৰে, কাৰণ ঘৰ্ষণে বস্তুটোৰ ওপৰত প্ৰতিৰোধ হিচাপে থাকে। যিহেতু এটা বলেহে আন এটা বলক বাধা দিব পাৰে, গতিকে ঘৰ্ষণ একধৰণৰ বল।
Leave a comment