নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
পৰমাণুৰ গঠন
Structure of the Atom
Class ix General Science
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) এটা খোলত থকা সর্বোচ্চ ইলেকট্ৰ’ণৰ সংখ্যা-
(ক)
n2
(খ)
2n2
(গ)
2n3
(ঘ)
n3
উত্তৰঃ- (খ) 2n2
(ii) এলুমিনিয়াম ইলেকট্রনীয় বিন্যাস হৈছে—
(ক) 2.8.1
(খ) 2.8.7
(গ) 2.8.3
(ঘ) 2.8.2
উত্তৰঃ- (গ) 2.8.3
(iii) ৰাদাৰফ’ৰ্ডৰ আলফাকণা বিচ্ছুৰণ পৰীক্ষাৰ ফলস্বৰূপে আৱিষ্কাৰ হৈছিল-
(ক) পাৰমাণৱিক নিউক্লিয়াছ
(খ) ইলেকট্রন
(গ) প্ৰ’টন
(ঘ) নিউট্রন
উত্তৰঃ- (ক) পাৰমাণৱিক নিউক্লিয়াছ
(iv) কোনো মৌলৰ পৰমাণুৰ M শ্বেলত থকা ইলেকট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ’ল-
(ক) 2
(খ) 8
(গ) 18
(ঘ) 32
উত্তৰঃ- (গ) 18
(v) ৰাডাৰফ’ৰ্ডৰ কণা কণা বিচ্ছুৰণ দেখুৱাইছিল যে পৰমাণু কেন্দ্ৰত এটা নিউক্লিয়াছ থাকে যিটো-
(ক) ধনাত্মক আধানযুক্ত
(খ) ঋণাত্মক আধানযুক্ত
(গ) আধানহীন
(ঘ) ইয়াৰ এটাও নহয়
উত্তৰঃ- (ক) ধনাত্মক আধানযুক্ত।
(vi) যদি পৰমাণু এটাত ইলেকট্ৰনৰ সংখ্যা ৪ আৰু প্ৰ’টনৰ সংখ্যাও ৪ হয় তেন্তে পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা হ’ব-
(ক) 8
(খ) 16
(গ) 4
(ঘ) 24
উত্তৰঃ- (ক) 8
(vii) এলুমিনিয়াম অক্সাইডত এলুমিনিয়ামৰ যোজ্যতা হ’ব-
(ক) 2
(খ) 3
(গ) 4
(ঘ) 6
উত্তৰঃ- (খ) 3
(viii) মেগনেচিয়ামৰ যোজক ইলেকট্ৰনৰ সংখ্যা-
(ক) 1
(খ) 2
(গ) 3
(ঘ) 6
উত্তৰঃ- (খ) 2
(ix) ইলেকট্রন কোনে আৱিষ্কাৰ কৰিছিল?
(ক) জে. জে থমছন
(খ) ৰাডাৰফৰ্ড
(গ) জে. ছাডউইক
(ঘ) ই. গল্ডষ্টেইন
উত্তৰঃ- (ক) জে. জে থমছন।
2. পৰমাণু এটাত এটা প্ৰ’টন আৰু এটা ইলেকট্ৰ’ন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে?
উত্তৰঃ- নকৰে।
3. কোনে কেতিয়া নিউট্ৰন আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ- জে ছাডউইকে 1932 চনত।
4. ৰাডাৰফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো অব-পাৰমাণৱিক কণা থাকে।
উত্তৰঃ- পৰমাণুৰ নিউক্লিয়াছত প্ৰটন থাকে।
5. পৰমাণুৰ তিনিটা অব-পাৰমাণৱিক কণাৰ নাম লিখা।
উত্তৰঃ- (১) ইলেকট্রন (২) প্ৰ’টন আৰু (৩) নিউট্রন।
6. হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্ৰ’টন আছে। ইয়াত কিমানটা নিউট্রন থাকিব?
উত্তৰঃ- হিলিয়ামৰ পাৰমাণৱিক ভৰ= 4u
প্ৰ’টনৰ সংখ্যা =2
নিউট্ৰনৰ সংখ্যা = 4 – 2 = 2
7. পৰমাণু এটাৰ K আৰু L শ্বেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেকট্ৰনৰ মুঠ সংখ্যা কিমান হ’ব?
উত্তৰঃ- K- শ্বেলত থকা ইলেকট্ৰনৰ সংখ্যা =2টা
L-শ্বেলত থকা ইলেকট্ৰনৰ সংখ্যা =8 টা
মুঠ ইলেকট্রন = 2+8
10 টা
8. কেনেল ৰশ্মি কি?
উত্তৰঃ- বিদ্যুৎ মোক্ষণ নলী এটাত অতি কম চাপত বিদ্যুৎ প্রবাহিত কৰিলে এন’ডৰ পৰা কেথ’উলৈ কিছুমান ৰশ্মি গতি কৰে। এই ৰশ্মিবোৰ কেথ’ডৰ বিন্ধা বা কেনেলৰ মাজেদি যায় বাবে এই ৰশ্মিবোৰক কেনেল ৰশ্মি বোলে।
9. থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্রিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা।
উত্তৰঃ- 1899 চনত থমছনে মত আগবঢ়াই যে-
(i) পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেকট্রনবোৰ ইয়াত সোমাই থাকে।
(ii) ইয়াত ঋণাত্মক আৰু ধণাত্মক আধানৰ পৰিমাণ সমান গতিকে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰশম।
Leave a comment