নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
জীৱৰ বিচিত্ৰতা
Diversity in Living Organisms
Class ix General Science
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) জীৱৰ বৈজ্ঞানিক নামাকৰণৰ আৱিষ্কাৰক –
(ক) ৰবাৰ্ট হুক
(খ) আৰ. এইচ. ৱাইটেকাৰ
(গ) জন ডেল্টন
(ঘ) কেৰ’লাছ লিনিয়াছ
উত্তৰঃ- (ঘ) কেৰ’লাছ লিনিয়াছ।
(ii) জীৱ-জগতখনক পাঁচটা ৰাজ্যত কোনে বিভক্ত কৰিছিল?
(ক) ই. হেকেল
(খ) হোৱাইট টেকাৰ
(গ) কে. ওৱেচি
(ঘ) কেৰলাছ লিনিয়ছ
উত্তৰঃ- (খ) হোৱাইট টেকাৰ।
(iii) গুপ্তবীজী উদ্ভিদৰ লগত সাদৃশ্য থকা এজোপা নগ্নবীজী উদ্ভিদ হ’ল-
(ক) পাইন
(খ) চাইকাচ
(গ) নেটাম
(ঘ) থুজা
উত্তৰঃ- (খ) চাইকাচ।
(iv) পানী টেঙেচী অর্ন্তভূক্ত—
(ক) সমাংগদেহী উদ্ভিদ
(খ) মছ জাতীয় উদ্ভিদ
(গ) ভেঁকুৰ
(ঘ) ঢেঁকীয়া জাতীয় উদ্ভিদ
উত্তৰঃ- (ঘ) ঢেঁকীয়া জাতীয় উদ্ভিদ
(v) এজোপা নগ্নৱীজীৰ উদাহৰণ হ’ল—
(ক) ঢেঁকীয়া
(খ) ডিঅ’দাৰ
(গ) ইকুইজিটাম
(ঘ) পেথিঅ পেডিলাম
উত্তৰঃ- (খ) ডিঅ’দাৰ।
(vi) সন্ধিপদী প্ৰাণীৰ এটা উদাহৰণ দিয়া—
(ক) মিছা মাছ
(খ) কেঁচু
(গ) শামুক
(ঘ) তৰামাছ
উত্তৰঃ- (ক) মিছা মাছ।
(vii) জীৱৰ শ্ৰেণী বিভাজনৰ প্ৰাথমিক একক হ’ল-
(ক) ভেৰাইটী
(খ) প্রজাতি।
(গ) গোত্র
(ঘ) জাতি
উত্তৰঃ- (খ) প্রজাতি।
(viii) জীৱৰ বৈজ্ঞানিক নাম প্ৰৱৰ্তন কৰোতাজন-
(ক) কেৰ’লাছ লিনিয়াছ
(খ) ই. হেকেল
(গ) ৰবাৰ্ট হুক
(ঘ) আৰ হোৱাইটকাৰ
উত্তৰঃ- (ক) কেৰ’লাছ লিনিয়াছ।
(ix) অক্টোপাচ কোন শ্ৰেণীৰ প্ৰাণী—
(ক) পক্ষী
(খ) কোমলদেহী
(গ) ঘুৰণীয়া কৃমি
(ঘ) বলয়ী প্রাণী
উত্তৰঃ- (খ) কোমলদেহী।
(x) তৰামাছ আৰু সামুদ্রিক আৰ্চিন পৰ্বৰ অন্তৰ্গত—
(ক) কণ্টকচর্মী
(খ) সন্ধিপদী
(গ) চেপেটা কৃমি
(ঘ) এন্নেলিডা
উত্তৰঃ- (ক) কণ্টকচর্মী।
(xi) তলৰ কোনটো বলয়ী প্ৰাণীৰ অন্তৰ্ভুক্ত জীৱ-
(ক) জোক
(খ) প্লেনেৰিয়া
(গ) জেলিমাছ
(ঘ) তৰামাছ
উত্তৰঃ- (ক) জোক।
2. প্রকৃত দেহ গুহা কোন পৰ্বৰ প্ৰাণীত পোৱা যায়?
উত্তৰঃ- বলয়ী প্রাণী।
Leave a comment