নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান

প্রাকৃতিক সম্পদ
Natural Resources

Class ix General Science


1. শুদ্ধ উত্তৰ বাছি উলিওৱা :

 (i) সেউজ গৃহপ্ৰভাৱ হোৱাৰ কাৰণ- 
(ক) CFC
(খ) O3

(গ) অতিবেঙুনীয়া ৰশ্মি 
(ঘ) ওপৰৰ গোটেই কেইটা 
উত্তৰঃ- (ক) CFC
(ii) অতি বেঙুনীয়া ৰশ্মি শোষণ কৰা পদাৰ্থবিধ-
 (ক) CO2

(খ) C.F.C

(গ) O3

(ঘ) CH4

উত্তৰঃ- (ঘ) O3


(iii) তলত দিয়া কোনটোৰ উপস্থিতিত ক্ল’ৰছিছ বেমাৰ হয়-
(ক) অতিৰিক্ত আৰ্ছেণিক 
(খ) অতিৰিক্ত ক্ল’ৰিণ 
(গ) তেজস্ক্রিয় পদার্থ 
(ঘ) অতিৰিক্ত ফ্লাইড 
উত্তৰঃ- (ঘ) অতিৰিক্ত ফ্লাইড।

(iv) পৃথিৱীৰ প্ৰায়ভাগ পৰিষ্কাৰ পানী পোৱা যায়— 
(ক) বৰফত
(খ) সাগৰৰ পানীত
(গ) নদীৰ পানীত 
(ঘ) ভূগর্ভস্থ জলত
উত্তৰঃ- (ক) বৰফত।
(v) মাটি গঠন কৰাত সহায় কৰা এবিধ জীৱ হৈছে-
(ক) এমিবা 
(খ) কেঁচু 
(গ) লাইকেন 
(ঘ) পৰুৱা 
উত্তৰঃ- (গ) লাইকেন।


2. সৌৰজগতৰ কোনটো গ্ৰহত জীৱ থকাটো সম্ভৱ হৈছে?
উত্তৰঃ- পৃথিৱী।

3. চন্দ্ৰত উষ্ণতাৰ পৰিসৰ কিমান?
উত্তৰঃ- 190° C ৰ পৰা 110° C

4. পৃথিৱীৰ খোলাটোৰ উপৰিভাগৰ কঠিন অংশটোক কি বুলি কোৱা হয়?
উত্তৰঃ- স্থলমণ্ডল।

5. জলমণ্ডল আৰু স্থলমণ্ডলৰ উপৰিভাগত বিস্তৃত হৈ থকা গেছীয় তৰপটোক কি বোলে?
উত্তৰঃ- বায়ুমণ্ডল।

6. জীয়াই থাকিবলৈ জীৱক কিহৰ প্ৰয়োজন? 
উত্তৰঃ- বায়ু, পানী আৰু আহাৰৰ।

7. শুক্ৰ আৰু মঙ্গলগ্ৰহৰ বায়ুমণ্ডলত বেছি পৰিমাণে থকা গেছটোৰ নাম কি?
উত্তৰঃ- কার্বন-ডাই-অক্সাইড।

8. পাকৃতিক সম্পদ কি?
উত্তৰঃ- পৃথিৱীত পোৱা সম্পদসমূহ যেনে— মাটি, পাণী আৰু বায়ু আদিয়েই প্রাকৃতিক সম্পদ।

9. বতাহৰ গতিত বাধা দিব পৰা দুটা কাৰকৰ নাম লিখা।
উত্তৰঃ- পৃথিৱীৰ পৰিভ্ৰমণ আৰু পৰ্বত পাহাৰৰ অৱস্থান। 

10. স্ম’গ’ বুলিলে কি বুজা?
উত্তৰঃ- বায়ুত প্ৰদূষকবোৰৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত সন্ধিয়া আকাশত ধোঁৱাৰে পৰিপূৰ্ণ হৈ থাকে। তাকে স্ম’গ’ কোৱা হয়।

Leave a comment

Trending