নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
খাদ্য সম্পদৰ উৎকর্ষ সাধন
Improvement in Food Resources
Class ix General Science
1. শুদ্ধ উত্তৰ বাছি উলিওৱা :
(i) ছান হেম্প এবিধ –
(ক) বন নাশক
(খ) কীটনাশক
(গ) সেউজ সাৰ
(ঘ) ভেঁকুৰ নাশক
উত্তৰঃ- (গ) সেউজসাব।
(ii) উদ্ভিদৰ বাবে প্রয়োজন হোৱা অনুপোষকৰ পৰিমাণ হ’ল-
(ক) 16
(খ) 13
(গ) 7
(ঘ) 6
উত্তৰঃ- (ক) 16
(iii) জীৱ-জন্তু আৰু উদ্ভিদৰ পেলনীয়া অংশবিলাকৰ পচন ঘটাবলৈ কেঁচু ব্যৱহাৰ কৰি তৈয়াৰ কৰা সাৰক বোলা হয়-
(ক) সেউজ সাৰ
(খ) পচন সাৰ
(গ) কেঁচুমটা সাৰ
(ঘ) কৃত্ৰিম সাৰ
উত্তৰঃ- (গ) কেঁচুমটা সাৰ।
2. খাদ্যৰ পৰা আমি কি কি পাওঁ?
উত্তৰঃ- খাদ্যৰ পৰা আমি প্র’টিন, কার্বহাইড্রেট, চর্বী, ভিটামিন আৰু খনিজ লৱণ পাওঁ।
3. তিনিটা প্ৰজাতিৰ মৌমাখিৰ নাম লিখা।
উত্তৰঃ- (i) এপিচ্ চেপেনা ইন্দিক৷
(ii) ৰক্বী
(iii) লিট’ল বী
4. সেউজসাৰ কি?
উত্তৰঃ- সেউজসাৰ হৈছে— কৃষিভূমিৰ কোনো এটা শস্যৰ খেতি কৰাৰ আগতে, অন্য উদ্ভিদ যেনে গোৱাৰ আদি ৰুই পুৰঠ হ’লে সেইবোৰ কাটি হালবাই মাটিত মিহলিকৰি তৈয়াৰ কৰা সাৰ।
5. ৰাসায়নিক সাৰ কি? ৰাসায়নিক সাৰৰ শ্রেণী বিভাজন কৰা।
উত্তৰঃ- নাইট্ৰ’জেন, ফছফৰাছ আৰু পটেছিয়াম যুক্ত কৃত্রিম সাৰবোৰক ৰাসায়নিক সাৰ বোলে।
ৰাসায়নিক সাৰৰ ভাগ : (i) নাইট্ৰ’জেন যুক্ত সাৰ যেনে- ইউৰিয়া
(ii) ছকৰাছ যুক্ত সাৰ যেনে- চুপাৰ ফছফেট
(iii) সম্পূৰ্ণ সাৰ যেনে- পটেছিয়াম পাৰমেংগানেট।
Leave a comment