কোনে আজি আবেলি । Kone aaji aabeli — দিপেন বৰুৱা
1. কোনে আজি আবেলি
মৰম নিলেহি তুলি
এই বেলুনে—ৰঙা বেলুনে
দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ।
তেনে বেলুনত উঠি জোনলৈ ওলোৱা
জোনৰে পিঠিতে তবলা বজোৱা
বাৰু যাম এতিয়াও পিক্নিক খাম এতিয়াই
তোমাৰে বেলুনটি ডাঙৰকৈ সজোৱা
নামি আহিবা কেনেকৈ
মনত পৰিলে ঘৰলৈ
এই মাটিয়ে টানি আনিব মায়াজৰীৰে আকৌ মাটিলৈ।
সৌ আকাশে যদি তৰাৰে ফুলাৰ
জিলিকা পাপৰি দিয়েহি ছটিয়াই
আমি বন-ফুলৰে চিনাকি সুৰভি
আকাশৰ পিনলৈ দিম যে উৰুৱাই
তেতিয়া গুণগুণাব
ক’ৰেনো মৌ-মাখি
আমি নেজানো আমি নেজানো
ময়ো নেজানো কোনেও নেজানে।
2. এখন নেদেখা নদীৰ সীপাৰে । Akhon nedekha nadir sipare
এখন নেদেখা নদীৰ সীপাৰে
ফুলিছে হাঁহিৰ শেৱালি,
মই চাই থাকোঁ ইপাৰৰ পৰা
নেৱাৰোঁ আনিব বুটলি।
সপোন সূতাৰে গাঁথিব নোৱাৰি
দিঠক ফুলৰ মালা,
আশাৰ ফুলত বনত কেৱল
ভুলৰ হুলৰ খেলা।।
মোৰ পদুলি যে এন্ধাৰ ভৰা
দূৰত দেখিছোঁ দেৱালী।
আজি পাৰ হৈ দেখিলো এন্ধাৰ
প্ৰদীপ নুঠে যে জ্বলি,
ফুলৰ ৰেণুৰ লগত মিহলি
পুৰণি বাটৰ ধুলি।
চিনাকি সুৰভি বিচাৰি বিচাৰি
মিছাতে আকাশ ধিয়ালি।

Leave a comment