‘ৱ’ আৰু ‘য়’ৰ ব্যৱহাৰ

ৱ আৰু য় অসমীয়া ব্যঞ্জন বৰ্ণমালাৰ দুটা বিশেষত্বপূর্ণ ধ্বনি। এই ধ্বনি দুটাৰ উচ্চাৰণত বায়ুপ্ৰৱাহ স্বৰধ্বনিৰ দৰে সম্পূৰ্ণ বাধাহীনো নহয় নাইবা আন ব্যঞ্জনৰ দৰে সম্পূৰ্ণ বাধাযুক্তও নহয়। স্বৰ আৰু ব্যঞ্জন ধ্বনিৰ মাজতে উচ্চাৰণ হয় কাৰণে এই ধ্বনি দুটাক অৰ্ধ ব্যঞ্জন বা অন্তঃস্থ ব্যঞ্জন বোলা হয়। তদুপৰি এটা স্বৰধ্বনিৰ পৰা আন এটা স্বৰধ্বনি উচ্চাৰণ কৰিবলৈ উচ্চাৰণকৰণ অৰ্থাৎ জিভাৰ স্থান পৰিৱৰ্তন কৰোঁতে এই ধ্বনি দুটাৰ সৃষ্টি হয়। সেয়েহে ৱ আৰু য়ক শ্রুতিধ্বনিও বোলা হয়।

ৱ আৰু য়-ৰ ব্যৱহাৰ শব্দৰ আদি অৱস্থানত নহয়। শব্দৰ আদিত ৱ ধ্বনি থাকিলে ‘ব’ হিচাপে লিখা হয়। যেনে— ‘ৱেদ’ সংস্কৃত শব্দটো অসমীয়াত ‘বেদ’ হিচাপে লিখা হয়। সেইদৰে সংস্কৃত ‘য়দি’ (यदि) শব্দ অসমীয়াত ‘যদি’ হয়। অসমীয়া ভাষাৰ বিভিন্ন শব্দত ৱ আৰু য় ধ্বনিৰ ব্যৱহাৰ এনে ধৰণৰ :

  ৱ : দেৱতা, শেৱালি, পোৱাল, ব্যৱস্থা, সেৱা, ঘৰুৱা৷ 

  য় : গিয়ান, শিয়াল, বিয়লি, সদায়, বিয়া, হয়।

Taposh Paul

M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Leave a comment

Trending