১। তলৰ যি কোনো ছটা প্ৰশ্নৰ উত্তৰ লিখাঁ : ১x৬=৬
(ক) অসমীয়া সাহিত্যত ‘বেকন’ হিচাপে পৰিচিত ব্যক্তিজন কোন?
উত্তৰঃ- সত্যনাথ বৰা
(খ) ‘অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদার্পণ’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ- ‘মোৰ সোঁৱৰণী’ নামৰ গ্ৰন্থ আত্মজীৱনী
(গ) ‘গৌৰৱ’ প্ৰবন্ধটিৰ লেখক কোন?
উত্তৰঃ- কালিৰাম মেধি
(ঘ) ‘অন্তৰাত্মা’ শব্দৰ অৰ্থ কি?
উত্তৰঃ- জীৱাত্মা
(ঙ) ‘গিবন’ নামৰ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ- হোমেন বৰগোবহাঞি
(চ) কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত?
উত্তৰঃ- কেম নদী
(ছ) অভিনৱ মানে কি?
উত্তৰঃ- নতুন
(জ) ‘এভাৰেষ্টৰ সপোন আৰু বিভীষিকা’ পাঠটোৰ লেখক কোন?
উত্তৰঃ- প্ৰনয় বৰদলৈ
২। তলৰ যি কোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখাঁ : ২x৫=১০
(ক) ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি?
উত্তৰঃ- (i) ধনেৰে সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি।
(ii) ধনেৰে আনৰ উপকাৰ সাধিব পাৰি।
(খ) পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখাঁ।
উত্তৰঃ- বিজুলি আৰু উষা।
(গ) দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?
উত্তৰঃ- নোৱাৰে।
(ঘ) আল্বানিয়াত প্ৰচলিত কিতাপ সম্পর্কীয় যোজনাটি লিখাঁ।
উত্তৰঃ-
(ঙ) ‘পেৰাডাইজ লষ্ট’ৰ ৰচক কোন? গ্ৰন্থখন কি ছন্দত ৰচিত?
উত্তৰঃ- জন মিল্টন অমিত্ৰাক্ষৰ ছন্দত
(চ) গথিক স্থাপত্য বুলিলে কি বুজা?
উত্তৰঃ-
(ছ) ফুলফুলতী খেল কিদৰে খেলা হয়?
উত্তৰঃ- সমাজ জীৱনত ‘ফুল ফুলতী’ নামৰ আন এবিধ খেলো যথেষ্ট সমাদৃত হৈছিল। ‘ফুল ফুলতী’ খেল ছোৱালীৰ মাজতহে আবদ্ধ। এই খেলত সৰু সৰু বল বা গুটিৰে তিনিটা শাৰী সজোৱা হয়। প্ৰতিটো শাৰীত সমান সমান গুটি ৰাখিব লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগিব। ইয়াৰ পাছত প্ৰতিজন অংশগ্ৰহণকাৰীয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব। এনেদৰে বৃত্ত আকোঁতে কোনো প্ৰতিযোগীয়ে যদি গুটি স্পৰ্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ হোৱা বুলি ধৰা হয়।
(জ) হিমানী সম্প্ৰপাত মানে কি?
উত্তৰঃ-
৩। তলৰ যি কোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা : ৪×৩=১২
(ক) অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পর্কে কেনে ধাৰণা কৰে, লিখাঁ।
উত্তৰঃ- অশিক্ষিত দুখীয়া মানুহে ধুমধামকৈ খৰচ কৰা দেখিলে বিস্ময় মানে আৰু যি তেনেকৈ খৰচ কৰে তাক বৰলোক বুলি বিবেচনা কৰে। চোৰেও চুৰ কৰা ধন খৰচ কৰি সিহঁতৰ চকুত চমক লগাব পাৰে। অশিক্ষিত সামান্য মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম। সিহঁতে ধনীক ঈশ্বৰ যেন দেখে। ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কুকামক ধেমালি বোলে আৰু ধনীৰ মাৰ কিলক আদৰ বুলি ভাবে। সিহঁতৰ ভাল-বেয়া বোধ নাই, মান-অপমানৰ জ্ঞান নাই। এনেকুৱা নির্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে সি যে আও নির্বোধ তাত এক ধনিষ্ঠাও সন্দেহ নাই।
(খ) গান্ধীজী আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখাঁ।
উত্তৰঃ- গান্ধীজীক লগ পোৱাৰ বাবে উদগ্ৰীৱ হৈ থকা পদ্মনাথ গোহাঞি বৰুৱাই প্ৰথমবাৰৰ বাবে অসমলৈ অহা মহাত্মা গান্ধীক তেজপুৰৰ জাহাজ ঘাটতে জাহাজতে লগ ধৰিলে। গান্ধীজীৰ লগত অহা অসমৰ কংগ্ৰেছ নেতা তৰুণৰাম ফুকনে পদ্মনাথ গোহাঞি বৰুৱাক গান্ধীজীৰ সতে চিনাকি কৰি দি ক’লে যে তেওঁ ভাৰত চৰকাৰৰ ‘ৰায়চাহাব’ উপাধিৰে সন্মানিত হৈছে। কথাষাৰ শুনিয়ে মহাত্মা গান্ধী জিকাৰ খাই উঠি ইংৰাজীতে এইভাৱে ক’লে “আচৰিত, বায়চাহাৰ খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে!” তেতিয়া পদ্মনাথ গোহাঞি বৰুৱাই ক’লে যে তেওঁ আচলতে ৰাইজৰহে ৰায়চাহাব, যাচি দিয়া চৰকাৰী ৰায়চাহাব খিতাপ পিন্ধিও তেওঁ সততে সর্বতোভাৱে ৰাইজৰ ফলীয়া হৈ কৰ্মক্ষেত্ৰত আগবাঢ়ি আছে। তেতিয়া গান্ধীজীয়ে পদ্মনাথ গোহাঞি বৰুৱাৰ ফালে চাই ক’লে যে তেখেতে আশা কৰে যাতে খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই তেওঁক ৰাইজৰ প্ৰতিকূলমুখী নকৰে। তাৰ পিছত তেখেতে গোহাঞি বৰুৱাৰ লগত স্বৰাজ বিষয়ক দুই চাৰিষাৰ কথা পাতিলে। পিন্ধনত থকা চেলেংখন হাতেৰে লাৰি গান্ধীজীয়ে বৰুৱাক সুধিলে বোলে চেলেংখনৰ সূতা স্বদেশীনে? গোহাঞি বৰুৱাই উত্তৰ দিলে-সূতা কিনা আৰু কাপোৰখন ঘৰত বোৱা। এই কথাত গান্ধীজীয়ে অসন্তুষ্টি প্ৰকাশ কৰি সূতাটো বিলাতী নলৈ ঘৰতে কাটি ঘৰতে বৈ ল’ব লাগে বুলি পৰামৰ্শ দিলে।
(গ) “অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায়।”
পাঠটিৰ সহায়ত আলোচনা কৰা।
উত্তৰ:- অনাখৰী অৰ্থাৎ আক্ষৰিক জ্ঞান নথকা অশিক্ষিত হজুৱা চহা লোক সকলেও কিতাপৰ পৰা তেওঁলোকে লাভ কৰা জ্ঞানক গভীৰ শ্ৰদ্ধা কৰে। কাৰণ তেওঁলোকৰ মতামত, জীৱনৰ চলন পদ্ধতি, আচাৰ-ব্যৱহাৰ আদি সকলো কথা এই সাহিত্যবোৰৰ মাজত তেওঁলোকে বিচাৰি পায়। এনেবোৰ সাহিত্য-চৰ্চা কৰিলে অনাখৰী লোকসকলৰ নিজস্ব ভাব-ভংগী প্ৰকাশ কৰাৰ লগতে প্ৰচুৰ জ্ঞান দিয়ে সমাজক। এইবোৰে তেওঁলোকৰ মনত বিমল আনন্দ দিয়ে, তেওঁলোকৰ জীৱনত শান্তিৰ পথ দেখুৱায়। সেই কাৰণেই তেনেবোৰ জ্ঞানক এইসকল লোকে আন্তৰিকতাৰে গভীৰ শ্রদ্ধা কৰে।
(ঘ) কে’ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে, কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে, বুজাই লিখাঁ।
উত্তৰ:- কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্রতিষ্ঠা কৰিছিল। সাধাৰণতে পণ্ডিতসকল চাৰ্চৰ বা খ্ৰীষ্টিয়ান ধৰ্মমণ্ডলীৰ অন্তৰ্ভুক্ত আছিল। চাৰ্চৰ দান-দক্ষিণাৰ উপৰি কোনো ধনী ব্যক্তি বা ব্যৱসায়ী সংঘৰ পৰা সাহায্য পাইছিল আৰু পণ্ডিতসকলে বিশ্ব বিদ্যালয় পৰিচালনা কৰিবৰ বাবে প্ৰচুৰ ভূ-সম্পত্তি সংগ্ৰহ কৰিছিল। কলেজৰ ফেলোসকলে এজন অধ্যক্ষ (Master) নির্বাচন কৰিছিল আৰু যুটীয়াভাৱে নিয়াৰিকৈ কলেজৰ প্ৰশাসনৰ দায়িত্ব লৈছিল। অধ্যক্ষ অর্থাৎ, মাষ্টাৰজন বাহিৰৰ খ্যাতনামা পণ্ডিতো হ’ব পাৰে। কলেজবোৰৰ একোটা থূলেই একোখন বিশ্ববিদ্যালয় যদিও প্রতিখন কলেজৰ স্বতন্ত্রতা বাচি থাকে। এইবোৰ স্ব-শাসিত স্বতন্ত্র প্রতিষ্ঠান। প্রতিখন কলেজেই নিজেই বাছ বিচাৰ কৰি সদস্য (Fello) নির্বাচন কৰে। মেধাৰ ভিত্তিত ছাত্ৰ গ্ৰহণ কৰা হয়। ছাত্ৰবিলাকে কলেজত থকা সময়ত পোছাকৰ ওপৰত বাদুলীৰ দৰে আঁঠুলৈ পৰা গাউন পৰিধান কৰা সৌ সিদিনালৈকে বাধ্যতামূলক আছিল আৰু ফে’লোসকলে সৰু গাঁঠিলৈ পৰা গাউন বা হলৌ চোলা পিন্ধা নিয়ম আছিল।
(ঙ) শেন মেলা খেলৰ বিষয়ে চমুকৈ লিখাঁ।
উত্তৰঃ- শেন মেলা খেল সাধাৰণতে বিহুৰ, বিশেষকৈ মাঘ বিহুৰ সময়ত অনুষ্ঠিত শেন মেলাৰ যুঁজাৰু শেনৰ প্ৰশিক্ষণৰ বাবে আহোম যুগত শেন প্রশিক্ষক, শেনচোৱা বৰুৱা আৰু শেনচোৱা বৰা নিযুক্ত কৰিছিল। শেন খেলৰ নিৰ্দিষ্ট দিনটোত ৰজা-প্রজা বিষয়া চৰাইচোঙলৈ কণুৱা চৰাইক গৈ ভয় খুৱাই দিয়াত কণুৱাই নিজৰ প্ৰাণ বচাবলৈ আকাশলৈ উৰি গৈছিল। সেই মুহূৰ্ততে শেন মেলা আৰম্ভ হৈছিল। কণুৱাই আকাশৰ বহুত ওপৰলৈ গৈ অদৃশ্য হোৱাৰ সময়ত শেনচোৱা বৰুৱা আৰু শেনচোৱা বৰাই শেন মেলি দিয়ে৷ শেন চৰাইসমূহে পলকতে গৈ কণুৱা চৰাই জাকত সোমাই যুঁজ কৰিবলৈ ধৰে। পাকৈত শেন চৰায়ে কেতিয়াবা কেইবাটাও কণুৱা চৰাই মাৰি পেলায়। কণুৱা চৰাই আকাশৰ পৰা ধপচ্কৈ মাটিত পৰিলে এই খেল চাই ৰজা- প্ৰজাই অসীম ৰং পায়। এইদৰে কেতিয়াবা শেনটোৱে যুঁজি যুঁজি এটা মৰা কণুৱাক ঠোটেৰে কামুৰি আকাশলৈ গৈ অভিনৱ ছন্দেৰে খৰলুটি মাৰি তললৈ নামি আহে। এনে সময়ত দুজন শেনছোৱাই এখন কাপোৰ মেলি ধৰে, আৰু শেন আৰু মৃত কণুৱাটো কাপোৰত পৰে।
এই শেন মেলাত কৃতিত্ব দেখুওৱা শেনৰ গৰাকীক বঁটা দিয়াৰ ব্যৱস্থা কৰা হয়। মাঘ মাহৰ পৰা বহাগ মাহলৈ অনুষ্ঠিত এই শেন মেলাত যদি শেনটোৱে কনুৱাৰ সৈতে যুঁজ নকৰি ক’ৰবালৈ পলাই যায় তেতিয়া শেনৰ গৰাকীক বাঘ ঢকাৰে শাস্তি দিয়া হৈছিল।
৪। তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ : ৬×২= ১২
(ক) “ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ”—ব্যাখ্যা কৰাঁ।
উত্তৰঃ- উক্ত কথাফাকি সু-সাহিত্যিক সত্যনাথ বৰা ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ প্রবন্ধটিৰ পৰা তুলি লোৱা হৈছে।
কৃপণৰ কাৰণে ধন কেনেকুৱা তাকে প্রকাশ কৰিবলৈ গৈ প্ৰবন্ধটিত এই কথাফাকিৰ অৱতাৰণা কৰিছে।
এক শ্ৰেণীৰ কৃপণ আছে, কেবল ধনৰ নিমিত্তেই ধন গোটায়,-আন একো সিহঁতৰ অভিপ্ৰায় নাই। ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে। সিহঁতৰ মানত ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ, ধন চকুৰে চাই থকাই সিহঁতৰ পৰম সুখ। সুখৰ আহিলা যে ধনেৰে গোটাব পাৰি এই কথা সিহঁতৰ মগজুলৈ নাহে, কেৱল ধন গোটাই, ধনৰ পৰিমাণ বৃদ্ধি কৰি, সেই ধন চাই থাকিহে সিহঁতে সৰৰ্গীয় সুখ পায় বুলি অনুভৱ কৰে৷
(খ) প্ৰসংগ-সংগতি দশাই ব্যাখ্যা কৰাঁ :
“ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।”
উত্তৰঃ- উদ্ধৃত কথাফাকি সুসাহিত্যিক কালিৰাম মেধি ৰচিত ‘গৌৰব’ নামৰ পাঠটিল অন্তর্গত।
কি কি ঠাই বা গুণৰ পৰা গৌৰৱ ওপজে এই সম্পর্কে আলোচনা কৰিবলৈ যাওঁতে এনেদৰে লেখকে উল্লেখ কৰিছে।
গৌৰৱৰ কাৰণ শৰীৰৰ ৰূপ, স্বাস্থ্য, বল এই তিনিটা গুণৰ পৰা গৌৰৱ ওপজে। ৰূপক লৈ মানুহে গৌৰৱ কৰে। কাৰণ ৰূপৰ অদ্ভুত মহিমা, ইয়াৰ কিবা আচৰিত চুম্বক শক্তি আছে। ই জ্ঞানীক অজ্ঞানী কৰে, যুদ্ধ-বিগ্রহ সৃষ্টি কৰে। চুম্বকে কঠিন লোহাকো আকৰ্ষণ কৰি টানি অনাৰ দৰে ৰূপেও সকলোকে আকৰ্ষণ কৰে, সকলোকে টানি আনে। মহাযোগী মহাদেৱো শ্ৰীকৃষ্ণৰ মোহিনীৰূপত বলিয়া হৈছিল। হিবোৰ লাৱণ্য ৰূপৰ শক্তিৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিম্পট সাগৰ সাঁতুৰি পাৰ হবলৈ ভয় নকৰিছিল। গাভৰুৰ অপৰূপ ৰূপৰ আকৰ্ষণত জাক জাক ডেকা ল’ৰা সেও হোৱাৰ উদাহৰণ জগতত বিৰল নহয়। সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়, মানুহো তেনেকৈ ৰূপত মুগ্ধ হয়। মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি-শ্রদ্ধা আকৰ্ষণ কৰিছিল। ৰূপৰ প্রভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল।
(গ) পুৰণি কালত বিহুৰ সময়ত কেনেধৰণৰ খেল অনুষ্ঠিত হৈছিল, লিখাঁ।
উত্তৰঃ- বিহুৰ সময়ত নৈ, পুখুৰী আদিত নাওখেল অনুষ্ঠিত হৈছিল। একেদৰে কিছুমান পাহোৱাল ডেকা ল’ৰাই মালযুঁজত ভাগ লৈছিল। এই মালযুঁজ বৰ্তমানৰ ৰেষ্টলিং অথবা মল্লযুদ্ধৰ লেখীয়া আছিল। ইয়াৰ উপৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অসংখ্য খেল জনসাধাৰণৰ মাজত প্ৰচলিত আছিল। এই খেলসমূহৰ অন্যতম হ’ল— হাউ খেল, ঢোপ খেল, টাংগুটি, ঘিলা খেলা, লুকা-ভাকু, বুন্দিয়া হাউ, কড়ি খেল ইত্যাদি। হাউগুদু খেলক বর্তমান কাবাডীৰ আদিৰূপ বুলিব পাৰোঁ। হাউগুদুক কৰ্ণাটকত ছেদুগুদু, কেৰালাত ৱণ্ডি কালি, পঞ্জাৱত জব্বৰ ঘানা হিচাপে জনা যায়। এই সময়ৰ আন এবিধ প্রিয় খেল হ’ল— ঢোপ। ইয়াৰ জন্ম ক’ত হৈছিল সেয়া কোনেও ক’ব নোৱাৰে। এইবিধ খেল যে আহোম যুগতো জনপ্রিয় আছিল তাৰ অলেখ উদাহৰণ পোৱা যায়। ব্ৰিটিছ ৰাজত্বৰ শেষছোৱাত তেজপুৰৰ পৰা আঠ| কিলোমিটাৰ দূৰৰ মদপীৰ ঢেকেৰিপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল।
(ঘ) হিমানী সম্প্ৰপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল?
উত্তৰঃ- হিমানী সম্প্রপাতৰ পিছত অভিযানকাৰী দলটিয়ে নতুন জীৱন পোৱা যেন অনুভৱ কৰিলে। তেওঁলোক নিজ কেম্পলৈ গৈ দেখিলে এক বিধ্বস্ত পৰিৱেশ। সেই অঞ্চলত শিবিৰ পতা দলসমূহৰ টেণ্ট তথা অন্য সামগ্ৰীসমূহ ভাঙি চূর্ণীকৃত হৈচাৰিওফালে সিঁচৰতি হৈ পৰি আছিল। তেওঁলোক বেছ কেম্পলৈ আহি এক দুঃখজনক পৰিস্থিতিৰ মুখামুখি হ’ল। গম পালে বিদেশী পর্বতাৰোহীৰ সৈতে কেবাজনো শ্বেৰ্গাৰ মৃত্যু হৈছে। দুটা ভিন্ন অভিযান দুগৰাকী বিদেশী পর্বতাৰোহীৰ মৃতদেহ তেওঁলোকৰ শিবিৰ এলেকাত। তেওঁলোকৰ শিবিৰৰ কিছু নিলগত বাহৰ পতা দুটা ভিন্ন অভিযানৰ দুগৰাকী চিকিৎসক আছিল। তেওঁলোকে দেখিলে দুয়োগৰাকী বিদেশী চিকিৎসকৰে মৃত্যু হৈছে। চিকিৎসক দুগৰাকী আছিল এগৰাকী চীনৰ আৰু আন গৰাকী আমেৰিকাৰ। পিছত তেওঁলোকে জানিব পাৰিলে সেই শোকাবহ দুৰ্ঘটনাত ১৯ গৰাকী পর্বতাৰোহীৰ ঘটনাস্থলীতে মৃত্যু হৈছে আৰু আন এজন চিকিৎসকৰো মৃত্যু হৈছে। আহত হয় ৫০ জনৰো অধিক।
৫। তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঁ : ১
(ক) চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি?
উত্তৰঃ- পৰশমণি
(খ) ‘অঘৰী আত্মাৰ কাহিনী’ কাৰ ৰচনা?
উত্তৰঃ- চৈয়দ আব্দুল মালিক
৬। (ক) “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব” – ‘আমাৰ দুজন’ বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে? ২
উত্তৰঃ- নাজিয়া আৰু তেওঁৰ স্বামী
অথবা
(খ) “ময়েই যাওঁ; আপুনি নেলাগে যাব।” কোনে, ক’লৈ যোৱাৰ কথা কৈছিল?
উত্তৰঃ- নাজিয়াই তেখেতৰ স্বামীক কৈছিল।
৭। (ক) নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল? ৪
উত্তৰঃ- নাজিয়াই বিয়ালৈ অকলে যাব লগা হৈছিল একমাত্ৰ পইচাৰ অভাৱত। মাহৰ শেষ। তেওঁলোকৰ হাতত আছে মাথোন দুশ টকা। গিৰিয়েক আৰু নাজিয়াই হিচাপ কৰি দেখিলে দুয়ো বিয়ালৈ গ’লে দুজনৰ যাওঁতে বাছ আৰু ৰিক্সা ভাড়া পৰিব ৪০ টকা, ঘূৰি আহোঁতে ৪০ টকা। মুঠতে অহা-যোৱাত খৰচ পৰিব ৮০ টকা। বিয়াৰ প্রেজেন্টও কিনিব লাগিব; তাতো পৰিব কমেও ৫০ টকা। মুঠতে তেওঁলোক দুজন গৈ বিয়া খাই, বিয়াৰ প্ৰেজেণ্ট দি ঘূৰি আহিবলৈ লাগিব মুঠতে ১৩০ টকা। তাৰ মানে খৰচ হ’ব ১৩০ টকা। মাহটো শেষ হ’বলৈ তেতিয়াও দহদিন বাকী। হাতত টকা আছে দুশ। একেবাৰে হাত খালী কৰি পেলোৱাটো ভাল কথা নহ’ব। ইয়াৰ উপৰিও কইনাৰ প্ৰেজেণ্টৰ লগতে বিয়া ঘৰলৈ বুলি এক কেজিমান চানাৰ মিঠাই নিবৰ বাবেও কমেও ৫০ টকা লাগিব৷ তাৰ মানে মুঠ ১৮০ টকা বা ১৯০ টকা বা কম-বেছি দুশ টকা। হাতত থকা মাত্র দুশ টকাৰে এনেবোৰ খৰচ মিলাই বিয়ালৈ দুয়ো যোৱাটো একেবাৰে সম্ভৱ নাছিল। সেই কাৰণেই নাজিয়াই বিয়ালৈ অকলে গৈছিল।
অথবা
(খ) কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল?
উত্তৰঃ- নাজিয়াই বিয়ালৈ বুলি গাঁৱৰ পৰা মটৰেৰে গৈ নগৰৰ মটৰ ষ্টেচনত নামিল আৰু ৰিক্সা এখন বিচাৰিব লওঁতেই নাজিয়াহঁতৰ ফালৰে কনকেশ্বৰ ঠাকুৰ তেওঁৰ ফালে আহি মাত দিলে। নাজিয়াই কনকেশ্বৰক নগৰলৈ অহাৰ কাৰণ সোধাত তেওঁৰ জীয়ৰী বিনীতাৰ অসুখ বাবে নগৰৰ ডাক্তৰক দেখুৱাবলৈ অনা বুলি ক’লৈ৷ ডাক্তৰে চাই বৰ পলম হৈছে, তাইক সেইদিনাই অপাৰেচন নকৰিলে বিপদ হ’ব বুলি কোৱাত আর্থিক অভাৱৰ বাবে কনকেশ্বৰ ঠাকুৰ বৰ বিমোৰত পৰিল। আনহাতে তাইৰ গাত তেজ কৰ্ম কাৰণে এশ ডেৰশ মান টকাৰ তেজো দিব লাগিব বুলি কোৱাত টকাৰ চিন্তাই তেওঁক হতাশ কৰিলে। গাঁৱলৈ গৈয়ো কাৰ পৰা টকা আনিব পাৰি এই কথা ভাবিও তেওঁ একেবাৰে অস্থিৰ হৈ পৰিল। তথাপি জীয়েকক হস্পিতেলত অকলে এৰি গাঁৱলৈ যাবলৈ বুলি নগৰৰ মটৰ ষ্টেচনত উপস্থিত হৈছিল আৰু সেই মুহূর্ততে নাজিয়াক লগ পাই নিজৰ বিপদৰ কথা বিৱৰি ক’লে। নাজিয়া এটা মুহুর্তও পলম নকৰি কনকেশ্বৰৰ লগত হস্পিতেললৈ আহিল আৰু বিয়াৰ প্ৰেজেন্ট আদি কিনাৰ বাবে লগত হাতত ৰাখিবৰ বাবে অনা কিছু টকা বিনীতা নামৰ ছোৱালীজনীৰ অপাৰেচনৰ কাৰণে খৰচ কৰি গোটেই দিন তাতেই ব্যস্ত থাকি বিয়ালৈ নগৈ ঘৰলৈ ঘুৰি গ’ল। এনেকুৱা পৰিস্থিতিতে নাজিয়াই বিয়ালৈ ওলাই গৈয়ো বিয়ালৈ নগ’ল।
৮। তলৰ যি কোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা : ১×৩=৩
(ক) “ৰাৱণক বিভীষণৰ সজ উপদেশ” নামৰ পাঠটি মাধৱ কন্দলি বিৰচিত কোনখন পুথিৰ পৰা লোৱা হৈছে?
উত্তৰঃ- সুন্দৰাকাণ্ড
(খ) ‘মন মেৰি ৰাম চৰণহি লাগু’ শীৰ্ষক বৰগীতটিৰ ৰচক কোন?
(গ) প্ৰতিমাৰ খনিকৰ ৰূপে খ্যাত ব্যক্তিজন কোন?
(ঘ) আধুনিক অসমীয়া কবিতাৰ ‘দুৱাৰ মুকলি কৰোঁতা’ বুলি খ্যাত কবিজন কোন?
(ঙ) ‘নচিকেতা’ কাৰ ছদ্মনাম?
৯। তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখাঁ : ২×৪=৮
(ক) শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল?
(খ) ‘জলনিধিজা’ মানে কি?
(গ) ‘ধনবৰ আৰু ৰতনী’ কোনজন সাহিত্যিকৰ, কোনখন কাব্যপুথিৰ অন্তৰ্গত?
(ঘ) শব্দার্থ লিখা :
মাতুল, গ্লানি।
(ঙ) প্ৰগতিবাদী চিন্তাধাৰা বুলিলে কি বুজা?
(চ) শব্দার্থ লিখাঁ :
মেঘাচ্ছন্ন, মোহনা।
১০। তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা : ৪x২=৮
(ক) বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল?
উত্তৰ:- ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ পাঠটি মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। বিভীষণ আছিল নৈকেষীৰ পুত্ৰ, ৰাৱণৰ ভাতৃ৷ ৰাৱণৰ মাতৃ নৈকেষীয়ে ৰামৰ বীৰত্ব আৰু ৰাৱণৰ ভয়ংকৰ বিপদৰ কথা বিভীষণৰ আগত ব্যক্ত কৰি ৰাৱণক সুপথলৈ ওভোতাই আনিবলৈ বিভীষণক আহ্বান জনালে। মাতৃ নৈকেষীৰ কথা সাৰোগত কৰি মাতৃক সেৱা কৰি বিভীষণ বেগেৰে ৰাৱণৰ ওচৰলৈ গ’ল।
পাত্রমন্ত্রী সমন্বিতে ৰাৱণ বহি থকা অৱস্থাতে বিভীষণ তেওঁৰ ওচৰ পালেগৈ। গহীন, গম্ভীৰ, ধীৰ, স্থিৰ বিভীষণ অতি পৱিত্ৰ মনৰ আৰু তেওঁ ৰামৰ একান্ত ভকত। তেওঁ ধৰ্ম আৰু ৰাজনীতি ভালদৰে জানে।
তেওঁ ৰাৱণক সম্বোধন কৰি ক’বলৈ ধৰিলে যে হনুমন্তই লংকা নগৰী কেনেদৰে পুৰিলে তাক ৰাৱণে পাত্র সমন্বিতে দেখিলে। একে ডেৱতে শত-সহস্ৰ পথৰ সাগৰ অতিক্ৰম কৰাৰ শক্তি কাৰ আছে? হনুমন্তই হেলাৰঙে সেই পথ অতিক্ৰম কৰি আহি নিঃসংশয় মনে নগৰত প্ৰৱেশ কৰিলে আৰু চাৰিওফালে চাই-চিতি ঘৰে ঘৰে ফুৰিলে। সীতাক দৰ্শন কৰি ৰক্ষী সেনাসকলক মাৰিলে, মধুবন ভাঙি ছাৰখাৰ কৰিলে। যুদ্ধৰ সকলো কৌশল প্রয়োগ কৰি ইন্দ্ৰজিতে হনুমন্তৰ লগত যুঁজিলে আৰু অৱশেষত নাগ-পাশেৰে হনুমন্তক অন্যায়ভাৱে বান্ধি পেলালে। ই জানো উচিত কৰ্ম হৈছে?
তেতিয়া ৰাৱণে ক’লে যে তাক নামাৰি দণ্ড বিহিলো। নেজৰ জুইৰে লংকা পুৰিলে যদিও সি উচিত শাস্তি পালে। উত্তম, মধ্যম আৰু অধমে যি মন্ত্ৰণা বা পৰামৰ্শ দিয়ে তাক শাস্ত্ৰসন্মতভাৱে বিচাৰ কৰি চাব লাগে। মোৰ প্ৰতিজন মন্ত্ৰীয়েই যে বুদ্ধিত অপাৰ এই কথা তুমি নিশ্চয় জানা। অকলে যিজন মন্ত্ৰীয়ে কোনো এটা কথা নিশ্চয় কৰিব পাৰে তাকেই শাস্ত্ৰত উত্তম বুলি কোৱা হয়। অনেক মন্ত্রীয়ে একেলগে মন্ত্রণা কৰি কোনো কথা সিদ্ধান্ত কৰিলে মধ্যম আৰু মানুহৰ শক্তি নাই দৈৱইহে কৰায় বুলি যিয়ে ভাবে তাক অধম বুলি শাস্ত্ৰই কয়।
ৰাৱণৰ কথা শুনি বিভীষণে পুনৰ ক’লে যে ৰাঘৱ যে জগতৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ এই কথা সকলোৱে জানে৷ ৰাঘৱ অৰ্থাৎ ৰাম হ’ল পুৰুষ প্ৰধান তপস্বী। লংকা যে তেওঁ উচ্ছন্ন কৰিব তাক কোনেও বাধা দি খণ্ডন কৰিব নোৱাৰে। মহাবলী ৰামে বান্দৰৰাজ সুগ্ৰীৱৰ লগত মিত্ৰতা পাতি সদলবলে অনায়াসে সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰিব।
তেতিয়া ৰাৱণে এইবুলি উত্তৰ দিলে যে জনক জীয়ৰী সীতা যে লক্ষ্মী আৰু ৰাম যে বিষ্ণু এই কথা তেওঁ জানে। তেওঁৰ হাতত যে তেওঁৰ প্ৰাণ যাব এই কথাও তেওঁ জানে। তথাপি জনকৰ প্ৰাণস্বৰূপ সীতাক তেওঁ কেতিয়াও ওভোতাই নিদিয়ে।
(খ) তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে, বুজাই লিখাঁ।
উত্তৰ:- ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ সুন্দৰভাৱে প্ৰকাশ পাইছে। তেওঁৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জগতৰ মংগল হয়, জগত পবিত্ৰ হয়, উদ্ধাৰ হয়। আনকি স্মৰণ কৰিলেও মংগলময়ৰ কৃপাত সকলোৰে মনৰ কামনা সিদ্ধি হয়। দীন-হীনৰ প্ৰতি তেওঁৰ কৰুণা অপাৰ। জগতৰ একান্ত কাম্য মুক্তিপদ ভক্তসকলক তেৱেঁই দান কৰে।
ভগৱান শ্ৰীকৃষ্ণ জগতৰ জীৱন স্বৰূপ। তেওঁ চিৰন্তন, সত্য আৰু সুন্দৰ। মংগলময় শিৱ ৰূপে তেৱেঁই বিৰাজমান। সেই কাৰণেই তেওঁক ‘সত্যম শিৱম সুন্দম’ বুলি কোৱা হয়। অসুৰ দানৱক বশ কৰি তেওঁ জগতত শান্তি স্থাপন কৰে, জগতৰ আন্ধাৰ দূৰ কৰে৷ সেই কাৰণেই তেওঁক ‘জগতবন্ধুবিধু’ বুলি কোৱা হৈছে।
(গ) “লাচিত ফুকন! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ
দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ শিৰ”
—ব্যাখ্যা কৰাঁ।
উত্তৰ:- উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ ‘সাহিত্য সৌৰভ’ শীৰ্ষক কবিতাটিৰপৰা উদ্ধৃত কৰা হৈছে। কবিতাটিৰ কবিগৰাকী হ’ল দেৱকান্ত বৰুৱা।
বহিঃশত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰি বীৰ লাচিতে গঢ়ি থৈ যোৱাৰ পিছত মহাপুৰুষসকলে সংস্থাপিত কৰি যোৱা অসম ভূমি আজি অন্ধবিশ্বাস, কুসংস্কাৰেৰে আচ্ছন্ন হোৱা দেখি কবিয়ে আজিৰ সমাজসেৱী নামধাৰী লোকক ব্যংগ কৰি উত্ত কবিতা ফাকি উপস্থাপন কৰিছে।
——–
(ঘ) সমাজজীৱনৰ শ্ৰেণী-বৈষম্যৰ ছৱিখন ‘ৰাজপথ’ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে, বুজাই লিখাঁ।
উত্তৰ:- ‘ৰাজপথ’ কবিতাটিত কবিয়ে আধুনিকতাৰ অন্য কথাৰ লগতে সমাজ জীৱনৰ শ্ৰেণী-বৈষম্যৰ ছবি এখনো ফুটাই তুলিছে। এহাতে ধনতান্ত্রিক সমাজ ব্যবস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱন আৰু তাৰ তলতেই ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা বাচি থাকিবলৈ বাঞ্ছা কৰা কংকালসাৰ সৰ্বহাৰাৰ শাৰী। ধনীক শ্ৰেণীৰ সুউচ্চ অট্টালিকা যিদৰে আশ্ৰয়ৰ স্থল, সেইদৰে গৃহহীন, বঞ্চিতসকলৰ শেষ আশ্ৰয় মুক্তিৰ পথ হ’ল ফুটপাথ বা ৰাজপথ।
১১। তলৰ যি কোনো এটা কবিতাৰ মূল ভাব লিখাঁ : ৬
(ক) ধনবৰ আৰু ৰতনী
উত্তৰ:- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘ধনবৰ আৰু ৰতনী’ এটি কাল্পনিক আখ্যানমূলক গীত বা মালিতা।
মালিতাটিত পোৱা মতে ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক-প্ৰেমিকা। ৰতনীৰ ঘৰ ধনশিৰিমুখত আৰু ধনবৰৰ ঘৰ দিখৌ মুখত। নৰ যৌৱনা দুয়োৰে বয়স একে সমান— ১৬ বছৰ। বাপেকৰ সৈতে ৰতনী উজাই আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল আৰু সেই সময়তেই ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ ঘটে। ৰতনীয়ে ধনবৰৰ হৃদয়ত নিগাজীকে ঠাই পাতি লৈছিল। এদিন মাক-বাপেকৰ সৈতে ৰতনী ধনবৰহঁতৰ ঘৰৰ পৰা ঘৰলৈ উভতি ভটিয়াই গ’ল। ৰতনীৰ অনুপস্থিতিত ধ ব্যাকুল হৈ লুইতৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। বুকুত মাধুৰী লৈ অহা ৰতনীয়ে ধনবৰৰ হৃদয় শূন্য কৰি ভটিয়াই গুচি গ’ল বুলি ধনবৰে বিলাপ কৰিলে। ৰতনী অবিহনে জীয়াই থাকিব নোৱাৰে। ৰতনী ক্ষন্তেকৰ কাৰণে আহি ধনবৰৰ মনত এনে শোকৰ সৃষ্টি কৰাত ধনবৰে ৰতনীক কালশতক বুলি অভিমান কৰিছে; আনকি ৰতনীক সেই অভিমানতে, সেই দুখতে পুনৰ উভতি নাহিবলৈ কৈছে।
ৰতনীৰ বেজাৰত ধনবৰ অতিকৈ অধৈর্য হৈ পৰিছে। লুইতৰ পাৰ পানীৰ টৌত জহি খহি যোৱাৰ দৰে ৰতনীৰ বিৰহ বেদনাতো ধনবৰৰ অন্তৰ জহি খহি গৈছে। ধনবৰৰ বাবে ৰতনীয়েই আছিল সৰ্বস্ব। তাইৰ অবিহনে ধনবৰ কেতিয়াও জীয়াই থাকিব নোৱাৰে। সেয়ে ৰতনীক ধনবৰে লুইতৰ বুকুত এফেৰি ঠাই বিচাৰি তাত জঁপিয়াই পৰিছে। ৰতনীৰ বেজাৰত ধনৰ অতিকৈ অধৈৰ্য হৈ নৈত আত্মজাহ দিয়া কথাই শোকৰ বিননি তুলিছে।
(খ) বনকুঁৱৰী
উত্তৰঃ- বনকুঁৱৰী কবিৰ মানস কুঁৱৰী। বনৰ প্ৰাকৃতিক সৌন্দর্যই কবিক অতিশয় মুগ্ধ কৰিছে। নিজম-নিস্তব্ধ দুপৰীয়া নিজান বনত বতাহৰ সুহুৰি যেন সোঁ-সোঁৱনি শব্দ, বতাহত হালি-জালি গছে গছে, বাঁহে বাঁহে হোৱা মৰ্মৰ, কে কে শব্দ, বননিৰ মাজেৰে বা কাষেৰে বৈ থকা নদীৰ কুলু কুলু শব্দ আদিয়ে কবিৰ কাণত মৌ বৰষা সুধ্বনি তুলিছে। কপৌৰ মাতে, মইনাৰ সুললিত স্বৰে কবিৰ অন্তৰত আনন্দৰ টৌ তুলিছে।
বননিৰ মাজত উৰি ফুৰা পখিলাটি ফুলৰ মৌ চুহিবৰ বাবে ফুলপাহত পৰাত প্রকৃতি কন্যা বনকুঁৱৰীৰ ফুলৰ মালাৰে সুশোভিত খোপাতহে যেন পখিলাটি আঁৰি লোৱা হৈছে তেনে অনুভৱ কৰিছে সৌন্দর্যপিপাসী কবিয়ে। ইটিয়ে সিটিৰ মুখত মুখ লগাই পৰস্পৰ মৰম যচা কপৌহালিয়ে, জানত পানী খাই থকা চঞ্চলমতি মৰম লগা হৰিণা পোৱালিয়ে, বনৰ মাজৰ আঁহত গছৰ পাতবোৰে বতাহত টুক্ টুক্ শব্দ কৰাত সেয়া যখিনী কন্যাহঁতে বনফুলৰ সাজ পিন্ধি টুক্ টুক্ চাপৰি বজাই আঁহতৰ তলত হাঁহি হাঁহি নাচি থকা বুলি কৰা কল্পনাই আৰু কপৌফুলৰ পাহিবোৰ বতাহত উৰি তাৰ চৌদিশ বিয়পাই তোলা আমোলমোল গোন্ধে কবিৰ প্ৰাণ চঞ্চল কৰি তুলিছে।
‘মৰম ভিখাৰী’ কবিয়ে বনকুঁৱৰীৰ এনে ৰূপত মুগ্ধ হৈ তাইৰ পৰা আৰু ‘অমিয়া মাধুৰী’বিচৰাত বনকুঁৱৰীয়ে যেন কবিক মিচিকিয়া হাঁহিৰে সম্ভাষণ জনাইছে। ইয়াকে দেখি কবি আনন্দত আত্মহাৰা হৈ পৰিছে।
(গ) এখন চিঠি
উত্তৰ:- কবি হেম বৰুৱাৰ ‘এখন চিঠি’ কবিতাটোত সুদূৰ মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত ৰৈ এজন সৈনিকে তেওঁৰ মৰমৰ পত্নীলৈ লিখা চিঠিৰ মৰ্ম প্ৰকাশ পাইছে। সৈনিক জীৱনত কামৰ কোনো নির্দিষ্ট সময় নথকা মৰমৰ আত্মীয়সকললৈও মৰম যাচি, খা-খবৰ দি বা বিচাৰি চিঠি এখন লিখিবলৈও বা চিঠি লিখিও ডাকত দিবলৈ সময় নোপোৱা আদি কর্মব্যস্ত সৈনিক জীৱনৰ কথা চিঠিখনৰ মাজেৰে ব্যক্ত কৰা হৈছে।
সুদূৰ মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত কর্তব্যত ব্যস্ত থাকি এজন সৈনিকৰ নিজৰ মৰমৰ পত্নী মমতালৈ নিবিড়ভাৱে মনত পৰা কথাবে চিঠি এখন লিখিবলৈ আৰম্ভ কৰি উল্লেখ কৰিছে যে তেওঁৰ ওচৰৰ পৰা বিদায় লৈ অহাৰ মুহূৰ্তত তেওঁৰ চকুত পানীৰে উপচি পৰাত সৈনিকজন বেদনাহত অন্তৰেৰে মৌন হৈ ৰোৱাৰ বাহিৰে আন উপায় নাছিল। সেই বেদনাই পৰ্বতীয়া বনপোৰা জুইৰ দৰে তেওঁৰো অন্তৰ পুৰিব লাগিছে। হেজাৰ হেজাৰ ফুট ওখ পৰ্বতৰ মাজত থাকি তেওঁৰ সকলো কল্পনাই ছাই হৈ গৈছে। সেই পর্বতবোৰ তেওঁলোকৰ মৰমৰ মৰিশালী; তাত সৈনিকৰ তেজৰ ঢেঁকুৰা জিলিকি থাকে। ভাত প্রতিধ্বনিত হয় তেওঁলোকৰ অন্তৰৰ দুই-শিখা।
ই এখন মহাকাব্যৰ দৰে। ইয়াতেই মৌন ভাষাৰে লিখা থাকে শত শত সৈনিকৰ তেজৰ বুৰঞ্জী। ইয়াৰ পৰাই শুনা যায় শত্ৰুৰ কামানৰ গৰ্জন; দেখা যায় ধোঁৱা আৰু ধোঁৱা। সৈনিকজনে চিঠিখনত আৰু লিখিছে— যদি তেওঁৰ শত্রুসৈন্যৰ হাতত মৃত্যু হয় তেনেহ’লে জানিব সেই মৃত্যু পাৰিজাত ফুলৰ দৰে পৱিত্ৰ হৈ বধ, কাৰণ দেশৰ কাৰণে যুঁজিবলৈ গৈ হোৱা মৃত্যুত দেবতার আশীর্বাদ আছে। তেওঁ নিজৰ পত্নীক এটা কথাই অনুৰোধ জনাইছে যাতে তেওঁলোকৰ ল’ৰা দুটিয়ে পিতৃৰ অভাৱ কেতিয়াও অনুভৱ নকৰে। ল’ৰা দুটিকো এনেদৰে বুজাবলৈ কৈছে যে এজনৰ মৃত্যুর দত্তক জীৱন দিয়ে। আত্মাৰ যিদৰে মৃত্যু নাই, এনে মৃত্যুও আত্মাৰ দৰে অভিলমান।
বহুত কথা লিখাৰ ইচ্ছা আছিল যদিও সৈনিক জীবন চিঠি লিখাৰ আজৰিয়েই নাই। এই কথা জনাই চিঠিখন সামৰিব খুজিছিল যদিও সেই সময়তে হঠাতে অহা জৰুৰী আদেশ এটা পাই আকৌ লিখিলে যে শত্রু সৈন্যই চেপা গিৰিপথ অতিক্ৰম কৰি অহাৰ কাৰণে সিহঁতক বাধা দি খেদি পঠিয়াবলৈ এই মুহূর্ততে যাবই লাগে। গতিকে চিঠিখন সেইদিনা ডাকত দিব পৰা নহ’ল বুলি চিঠিখনৰ সামৰণি মাৰিছে।
ইয়াত সৈনিক জীৱনৰ কঠোৰ অনুশাসনৰ কথাও সুন্দরভাবে প্রকাশ পাইছে।
১২। তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা : ১×২=২
(ক) কুশল কোঁৱৰৰ পিতৃৰ নাম কি?
(খ) “নহয় পণ্ডিতজী! বিপ্লৱ কৰিম বেংগলৰ দৰে।” কাৰ উক্তি?
(গ) সৰুপথাৰৰ ৰেল দুর্ঘটনা কেতিয়া হৈছিল?
১৩। (ক) “দোষ কৰিলে— জগৰ — লগালে, গৰু কিয় মানুহকো arrest কৰি ৰাখিব লাগিব।” কোনে, কাক কৈছিল?
অথবা
(খ) ‘কুশল কোঁৱৰ’ নাটৰ দুটা নাৰী চৰিত্ৰৰ নাম লিখাঁ।
১৪। তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ : ৪×২=৮
(ক) ‘কুশল কোঁৱৰ’ নাটকখনৰ ‘সূচনা’ দর্শনটিৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখাঁ।
(খ) ‘কুশল কোঁৱৰ’ নাটকখনৰ ১৩ নং দৰ্শন (যোৰহাট জেইল)ৰ কুশল কোঁৱৰ আৰু প্ৰভাৱতীৰ কথোপকথনখিনি তোমাৰ ভাষাৰে লিখাঁ।
(গ) চৰিত্ৰ-চিত্ৰণ কৰা (যি কোনো এজনৰ) :
প্ৰভাৱতী, কণপাহি।
১৫। তলৰ যি কোনো এটি উক্তিৰ আধাৰত কুশল কোঁৱৰৰ স্বদেশপ্ৰেম আৰু ত্যাগৰ বিষয়ে লিখাঁ :
(ক) “মই ভাৰতবৰ্ষৰ কোটি কোটি মানুহৰ মুক্তিৰ অৰ্থে প্ৰাণ দিম। দেশৰ কাৰণে— মানুহৰ কাৰণে প্ৰাণ দিবলৈ পোৱাতকৈ জীৱনৰ ডাঙৰ সৌভাগ্য কি হ’ব পাৰে?”
(খ) “স্বাধীনতা অনাৰ বাবে আমি আটায়ে ত্যাগ স্বীকাৰ কৰিছোঁহঁক। স্বাধীনতা পোৱাৰ পাছতো যেন আমি ত্যাগী হৈ থাকিব পাৰোঁ— ভোগী হ’বলৈ যেন হাবিয়াস নকৰোঁ।”
১৬। তলৰ যি কোনো এযোৰ শব্দৰ অৰ্থ লিখি পার্থক্য দেখুওৱাঁ : ২
(ক) হাত, হাট
উত্তৰঃ- হাট=বজাৰ।
হাত=মানুহৰ শৰীৰৰ এক অংগ।
(খ) বাঁহ, বাহ
উত্তৰঃ- বাঁহ=বাঁহ গছ।
বাহ=চৰাইৰ বাহ।
(গ) পাণি, পানী
উত্তৰঃ- পানী=জল, খোৱা পানী।
পাণি=হাত।
১৭। ভাব-সম্প্ৰসাৰণ কৰা (যি কোনো এটা) :
(ক) আপোন ভালেই জগত ভাল।
উত্তৰঃ- এজন ভাল ব্যক্তিয়ে নিজৰ জ্ঞানৰ বলতে তেওঁৰ পাৰিপাৰ্শ্বিকতাক ভাল কৰি ৰাখিব পাৰে। সৎব্যক্তিৰ লগত আনেও সৎ হৈ চলিবলৈ বাধ্য হয়। আনৰ অহিত চিন্তা নকৰা, অন্যায় নকৰা, নম্র ব্যক্তি এগৰাকীক বেলেগে অপকাৰ নকৰে। বৰং আনৰ উপকাৰ। কৰা, মিষ্টভাষী উপযোগী মানুহ এজনৰ বিপদৰ সময়তো তেওঁৰ ওচৰ-চুবুৰীয়া বা বন্ধু-বান্ধৱে তেওঁলৈ সহায়ৰ হাতহে আগ বঢ়ায়।
এনেদৰেই ভাল ব্যক্তি এজনৰ কাৰণে গোটেই জগতখনেই ভাল হৈ পৰে। ঠিক তেনেদৰে বেয়া লোকৰ ক্ষেত্ৰত পৃথিৱীৰ আটায়েই বেয়া হৈ পৰে। গতিকে, নিজে ভাল হে থকাটোৱেই সকলোতকৈ ভাল কাম। আনৰ ওপৰত দোষ জাপি নিজকে সাঙুৰি লোৱা উচিত নহয়। নিজৰ চৰিত্ৰৰ ওপৰতে ভাল-বেয়া নির্ভৰ কৰে। নিজৰ চাৰিত্রিক দৃঢ়তাৰ বলতে সামাজিক পৰিৱেশত ভাল জীৱন যাপন কৰিব পাৰি।
(খ) যত্ন কৰিলে ৰত্ন পায়।
উত্তৰঃ- যিকোনো কামৰে ভাল প্রতিফল পাবলৈ হ’লে তাক যত্ন সহকাৰে সম্পন্ন কৰিব লাগিব। পৰিশ্ৰম নকৰি হাত সাবটি বহি থাকি তাৰ পৰা ভাল ফল আহিব বুলি আশা কৰাটো মিছা।ৰত্ন নিজে নিজে আহি কপালত নালাগে।ইয়াক বিচাৰি আনিব পাৰিব লাগিব। পৰীক্ষাৰ বাবে যত্ন সহকাৰে লিখা-পঢ়াৰ দ্বাৰা প্রস্তুতি চলালেহে পৰীক্ষাত ভাল ফল পোৱা যায়। কোনো কামত একাণপতীয়াভাৱে মনোনিৱেশ কৰিলেহেতাৰ পৰা সুফল পাব পাৰি; নহ’লে কেতিয়াবা ভাল পুৰস্কাৰ পোৱাৰ ক্ষেত্ৰত হতাশাৰ সন্মুখীন হ’ব লগীয়া হয়। গতিকে, ভাল ফল আশা কৰিলে তাৰ বাবে হাতে-কামে লাগি প্রচুৰ যত্ন কৰিব লাগিব, যাতে কামটো যথাসম্ভৱ ভালদৰে নিয়াৰিকৈ সম্পন্ন কৰি তাৰ পৰা ফল পাব পাৰি।
১৮। উদাহৰণসহ লিখাঁ (যি কোনো এটা) : ৪
(ক) অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ দুটা ব্যৱহাৰ
উত্তৰঃ- (১) বর্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ সকলো ক্রিয়াতে ‘ওঁ’ যোগ হয়। যেনে – গাওঁ, পঢ়োঁ, পঢ়িছেলোঁ, দেখোঁ, বহোঁ, মৰোঁ, কৰোঁ, ধৰোঁ ইত্যাদি।
(২) মূলৰ অনুনাসিক বর্ণ লোপ পালে তাৰ আগত চন্দ্রবিন্দু হয়। যেনে –
অংক – আঁক
দন্ত — দাঁত
বংশ – বাঁহ। ইত্যাদি।
(৪) নাম পদৰ বহুবচন বুজোৱা ‘-হঁত’ আৰু ক্রিয়াপদৰ বহুবচন বুজোৱা ‘-হঁক’ প্রত্যয়তো চন্দ্রবিন্দুৰ ব্যৱহাৰ অপৰিহাৰ্য। যেনে- সিহঁত, তহঁত, মাহঁত ইত্যাদি।
(৫) কেতিয়াৱা ‘খাৱঁতী’, ‘যাৱঁতী’ শব্দৰ ‘ৱ’ লাোপ পায়। যদিও চন্দ্রবিন্দু লোপ পায়। যেনে- কেঁচাই-খাতী গোসাঁনী।
(৬) মৃত ব্যক্তিৰনামৰ আগত স্বর্গীয় অর্থত চন্দ্রবিন্দুৰ ব্যৱহাৰ হয়। যেনে- হেমচন্দ্র গোস্বামী, ঁৰাজেশ্বৰ সিংহ, ঁদেবেন বৰা।
বিঃ দ্রঃ অসমীয়া ভাষাত ‘ঙ’, ‘ঞ’, ‘ণ’, ‘ন’ আৰু ‘ম’-ৰ ওপৰত চন্দ্রবিন্দুৰ ব্যৱহাৰ নহয়।
স্বৰৰ উচ্চাৰণ আনুমানিক হ’লে তাত চন্দ্রবিন্দু দিয়া নহয়।
(খ) অসমীয়া ভাষাৰ বিভিন্ন শব্দত অ’কাৰৰ প্ৰয়োগ
উত্তৰঃ-
Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Leave a comment