PART – A / ক- শাখা / क— खोन्दो
( Political Theory )
( ৰাজনৈতিক তত্ত্ব )
- Answer the following as directed :
তলত দিয়াবোৰৰ নিৰ্দেশানুযায়ী উত্তৰ লিখা :
(a) __ is regarded as the father of Political Science. (Fill in the blank) __ ক ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাবে অভিহিত কৰা হয়। (খালী ঠাই পূৰণ কৰা) উত্তৰঃ- এৰিষ্টটল
(b) Name one supporter of negative liberty.
নকাৰাত্মক স্বতন্ত্ৰতাৰ এজন সমৰ্থকৰ নাম লিখা।
উত্তৰঃ- জন লক
(c) Mention one feature of equality.
সমতাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ-
(d) Give one example of political right.
ৰাজনৈতিক অধিকাৰৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ-
(e) Mention one difference between citizen and alien.
নাগৰিক আৰু বিদেশীৰ মাজৰ এটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ-
(f) Give one argument in favour of national self- determination.
জাতীয় আত্মনিয়ন্ত্ৰণৰ সপক্ষে এটা যুক্তি দিয়া।
উত্তৰঃ-
- Answer the following questions : 2×5-10
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা :
উত্তৰঃ-
(a) Mention two aspects of liberty.
স্বতন্ত্ৰতাৰ দুটা দিশ উল্লেখ কৰা।
উত্তৰঃ-নেতিবাচক স্বাধীনতা আৰু ইতিবাচক স্বাধীনতা।
(b) What do you mean by economic inequality?
অর্থনৈতিক অসমতা বুলিলে কি বুজা?
উত্তৰঃ-
(c) Explain the meaning of social justice.
সামাজিক ন্যায়ৰ অৰ্থটো ব্যাখ্যা কৰা।
উত্তৰঃ- যি সমাজত জাতি-ধর্ম-ভাষা-জন্ম আদিৰ ভিত্তিত মানুহৰ মাজত উচ্চ-নীচ, ডাঙৰ-সৰু আদিৰ ব্যৱস্থা নাই, সেই সমাজ সামাজিক ন্যায়ৰ ভিত্তিত প্রতিষ্ঠিত বুলি ক’ব পাৰি।
(d) Define politics.
ৰাজনীতিৰ সংজ্ঞা দিয়া।
উত্তৰঃ-ৰাষ্ট্ৰ আৰু ইয়াৰ সৈতে জড়িত সকলো দিশৰ বিষয়ে আলোচনা কৰাটো ৰাজনীতি বুলি কোৱা হয়।
(e) Mention two features of secularism.
ধৰ্মনিৰপেক্ষতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ-(ক) ৰাষ্ট্রৰ নিজা কোনা ধর্ম নাথাকিব;
(খ) ৰাষ্ট্ৰই কোনা এটা বিশেষ ধৰ্মৰ প্রতি পৃষ্ঠপোষকতা নকৰিব;
- Write a note on John Rawls’ theory on justice. 4
জন ৰাউল্চৰ ন্যায়ৰ তত্ত্বটোৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ- জন ৰাউলছ (John Rawl) য়ে ন্যায়ৰ তত্ত্বটো তেওঁৰ বিখ্যাত গ্ৰন্থ A
Theory of Justice-ত ব্যাখ্যা কৰিছে।
নায্য আৰু ন্যায়সংগত সমাজ গঢ়িবলৈ জন ৰাউলছে এটা পদ্ধতি প্ৰৱৰ্তন কৰিছিল। এই তত্ত্বটোক জন ৰাউলছৰ ন্যায় তত্ত্ব হিচাপে জনা যায়। এই তত্ত্ব অনুসৰি আমি নিজকে এনে এটা পৰিস্থিতিত কল্পনা কৰা উচিত য’ত সমাজ কেনেদৰে সংগঠিত হ’ব সেই সন্দৰ্ভত আমি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো, যদিও সেই সমাজখনত আমি কেনে স্থান দখল কৰিব পাৰো সেয়া আমাৰ জ্ঞাত নহয়। অন্যাৰ্থত, আমি কেনেধৰণৰ পৰিয়ালত জন্মগ্ৰহণ কৰিম- ধনী নে দুখীয়া, উচ্চজাত নে নিম্নজাত, সুবিধাভোগী নে অনুবিধাভোগী এই সম্পৰ্কে আমি নাজানো। এই পৰিস্থিতিত আমি এনে এখন সমাজ সমৰ্থন কৰিম য’ত সকলো ব্যক্তিক সমান বুলি বিবেচনা কৰা হয় আৰু তেওঁলোকক সমান সুযোগ প্ৰদান কৰা হয়। জন ৰাউলছে এনে ধৰণৰ চিন্তাক ‘অজ্ঞানতাৰ আৱৰণ’ বুলি অভিহিত কৰিছে। যিহেতু আমি কেনে ধৰণৰ পৰিয়ালত জন্মগ্ৰহণ কৰিম সেইটো নাজানো, সেয়ে আমি সমতা আৰু ন্যায়ৰ দ্বাৰা প্ৰভাৱান্বিত এনে এখন সমাজৰ পোষকতা কৰিম য’ত প্ৰত্যেক ব্যক্তিয়ে নিজৰ প্ৰাপ্যখিনি পায়। গতিকে, এয়া সামগ্ৰিকভাৱে সেইখন সমাজৰ স্বাৰ্থৰ অনুকূলেহে হ’ব, কোনো নিৰ্দিষ্ট শ্ৰেণীৰ অনুকূলে নহয়। এনে ন্যায়পৰায়ণতা যুক্তিনিৰ্ভৰ কাৰ্যৰ পৰিণতি হ’ব, বদান্যতাৰ নহয়। জন ৰাউলছে যুক্তি প্ৰদৰ্শন কৰিছে যে ন্যায়পৰায়ণৰ সমাজ গঢ়াত যুক্তিনিৰ্ভৰ চিন্তনেহে সহায় কৰিব, নৈতিক চিন্তনে নহয়।
- Explain legal rights with examples.
বিধিগত অধিকাৰৰ উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ- ৰাষ্ট্রৰ দ্বাৰা স্বীকৃত অধিকাৰৰ ধাৰণা বৰ ব্যাপক। সাধাৰণতে যি অধিকাৰক
ৰাষ্ট্ৰই স্বীকৃতি দিয়ে আৰু বলবৎ কৰে তাকে বৈধ বা আইনগত অধিকাৰ (Legal Rights) বোলা হয়। অধ্যাপক লীককৰ মতে “বৈধ বা আইনগত অধিকাৰ হ’ল নাগৰিকে উপভোগ কৰা কিছুমান সা-সুবিধা যিবোৰ ৰাষ্ট্রৰ সার্বভৌম কর্তৃত্বই প্রদান কৰে আৰু ৰক্ষণা-বেক্ষণ দিয়ে।” এই অধিকাৰসমূহ ৰাষ্ট্রৰ দ্বাৰা স্বীকৃত অর্থাৎ এইবোৰ আইনসংগত। এইবোৰ উলংঘা বা ভংগ কৰিলে ৰাষ্ট্ৰই ইচ্ছামতে শাস্তি বিহিব পাৰে। বৈধ অধিকাৰ সার্বজনীন, ই সকলোৰে বাবে সমানে প্রযোজ্য। ৰাষ্ট্রৰ দ্বাৰা স্বীকৃত এই অধিকাৰসমূহৰ মাজত পাৰস্পৰিক সম্পর্ক আছে। বৈধ বা আইনগত অধিকাৰক সাধাৰণতে চাৰিটা ভাগত ভাগ কৰা হয়। সেইবোৰ হ’ল :
১। নাগৰিক বা পৌৰ অধিকাৰ (Civil Rights)
২। ৰাজনৈতিক অধিকাৰ (Political Rights)
৩। অর্থনৈতিক অধিকাৰ (Economic Rights)
৪। সামাজিক অধিকাৰ (Social Rights)।
বৈধ অধিকাৰৰ ভেঁটি হ’ল আইন। এই অধিকাৰবিলাক আইনে সংৰক্ষণ কৰাৰ লগতে নিয়ন্ত্রণো কৰে।
- Write a note on global citizenship. 4
বিশ্ব নাগৰিকত্বৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ- - What do you mean by political theory? Discuss briefly the utility of studying political theory. 6 ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা? ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ উপযোগিতা চমুকৈ আলোচনা কৰা। উত্তৰঃ-ৰাজনীতি তত্ত্ব হৈছে কেতবোৰ চিন্তাৰ সমষ্টি; যিয়ে ৰাজনৈতিক ধাৰণা, পৰিঘটনা আদিৰ মূল্যায়ন, ব্যাখ্যা আৰু ভৱিষ্যত্বাসণী কৰিব বিচাৰে। ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতা সম্পৰ্কে তলত
আলোচনা কৰা হ’ল—
(ক) ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক পৰিঘটনাৰ বৰ্ণনা দিয়ে, ইয়াৰ অবৈজ্ঞানিক আৰু বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়ায়, ৰাজনৈতিক লক্ষ্য আৰু ৰাজনৈতিক কাৰ্যৰ বাছনিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু নৈতিক ৰায়দান কৰে।
(খ)ৰাজনৈতিক তত্ত্বই ৰাষ্ট্ৰ আৰু চৰকাৰৰ প্ৰকৃতি আৰু উদ্দেশ্যৰ এক প্ৰণালীবদ্ধ চিন্তা-চৰ্চাৰ যোগান ধৰে।
(গ) সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে সৰ্বশ্ৰেষ্ঠ ভোটাধিকাৰ ব্যৱস্থা। এই ব্যৱস্থাৰ অধীনত এটা নিৰ্দিষ্ট বয়স সম্পূৰ্ণ কৰা প্ৰতিজন নাগৰিকে ভোটদানৰ অধিকাৰ লাভ কৰে।
(ঘ)ৰাজনৈতিক তত্ত্বৰ সম্যক জ্ঞানে নাগৰিকসকলক সাময়িক উত্তেজনা, অহংকাৰ, অসহিষ্ণুতা আদিৰ কৱলৰ পৰা ৰক্ষা কৰিব পাৰে। গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সফলতাৰ এক অন্যতম গুৰুত্বপূৰ্ণ চৰ্ত হ’ল সহিষ্ণুতা।
(ঙ)ৰাজনৈতিক তত্ত্বই ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য আৰু কৰ্তব্যৰ তাত্ত্বিক জ্ঞান আৰু ৰাষ্ট্ৰৰ সংবিধানৰ প্ৰকৃতি অথবা মূল কথাৰ গভীৰ জ্ঞান অৰ্জনত সহায় কৰে আৰু এই জ্ঞান ৰাষ্ট্ৰ এখনৰ প্ৰতিজন নাগৰিকৰ কাৰ্যদক্ষতা বৃদ্ধিৰ সহায়ক হয়।
(চ) ৰাজনৈতিক তত্ত্বৰ জ্ঞানে নিজ ৰাষ্ট্ৰৰ লগত অইন ৰাষ্ট্ৰ সংবিধান, শাসন প্ৰণালী আদিৰ তূলনামূলক মূল্যায়নত সহায় কৰে।
(ছ)ৰাজনৈতিক সমস্যা সমাধানৰ বাবে ৰাজনৈতিক তত্ত্বৰ জ্ঞান অপৰিহাৰ্য। ৰাজনৈতিক তত্ত্বৰ জ্ঞান নাথাকিলে যিকোনো সমস্যাৰ সঠিক সমাধানৰ পথ নিৰ্দেশ কৰাটো সম্ভৱ নহয়।
Or / নাইবা
Briefly discuss about the limitations on nationalism.
জাতীয়তাবাদৰ ওপৰত থকা সীমাবদ্ধতাসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ- জাতীয়তাবাদৰ সমৰ্থনত বিভিন্ন যুক্তি আগবঢ়োৱা হৈছে যদিও ইয়াৰ দোষবিলাকো উপেক্ষা কৰিব নোৱাৰি। বহুবিলাক চিন্তাবিদে জাতীয়তাবাদক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।
(ক) কৃত্রিম জাতিপ্রেমঃ
অধ্যাপক হায়েচ (Hayes)-ৰ মতে “বিকৃত জাতীয়তাবাদ হ’ল কৃত্রিম আৰু ভণ্ড জাতিপ্রেম। এনে বিকৃত জাতীয়তাবাদ সমাজ আৰু সভ্যতাৰ শত্ৰুত পৰিণত হয়। উগ্র জাতীয়তাবাদে দেশৰ তথা দহৰ ক্ষতিসাধন কৰে।”
(খ) সভ্যতাৰ অগ্ৰগতিৰ পথত প্রতিবন্ধকঃ
উগ্র জাতীয়তাবাদে নিজৰ সম্পর্কে গর্ববোধ আৰু অন্যান্য জাতিৰ প্ৰতি ঘিণভাৰ জন্মৰ উদগণি দিয়ে। ফলত মানৱ সভ্যতাৰ সমুখত সংকটে দেখা দিয়ে।
(গ) সাম্রাজ্যবাদৰ আশংকাঃ
উগ্র জাতীয়তাবাদে সাম্রাজ্যবাদৰ জন্ম দিয়ে। উগ্র জাতীয়তা ভাবেৰে উন্মুক্ত হৈ শক্তিশালী জাতিবিলাকে সাম্রাজ্যবাদৰ লিপ্সা চৰিতাৰ্থ কৰাৰ বাবে ব্যস্ত হৈ পৰে। ফলত দুর্বল ৰাষ্ট্ৰবিলাক শক্তিশালী ৰাষ্ট্ৰবিলাকৰ উপনিৱেশত পৰিণত হয়।
(ঘ) বৈষম্যৰ সৃষ্টিঃ-
উগ্ৰ জাতীয়তাবাদে এটা জাতিক অন্ধ আৱেগৰ দ্বাৰা সংকীৰ্ণ পথত পৰিচালিত কৰে। ফলত এটা জাতি সৰ্বাঙ্গীন আৰু বৈচিত্ৰ্যময় উন্নতি ব্যাহত হয়।
- Discuss the subject matter of political theory.
ৰাজনৈতিক তত্ত্বৰ বিষয়বস্তু আলোচনা কৰা।
উত্তৰঃ-ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ মূল বিষয়বস্তু হ’ল ৰাষ্ট্ৰ। সেই কাৰণে ডাঃ গাৰ্ণাৰে
স্পষ্টভাবেই কৈছে, “ৰাষ্ট্ৰক লৈয়ে ৰাজনীতি বিজ্ঞান আৰম্ভ আৰু ৰাষ্ট্ৰক লৈয়ে শেষ।“
ৰাজনীতি বিজ্ঞানৰ প্ৰধান বিষয়বস্তু তলত উল্লেখ কৰা হ’ল—
(ক)ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰ আৰু চৰকাৰৰ নীতি তত্ত্বৰ সম্বন্ধে আলোচনা কৰে।
(খ) ৰাজনৈতিক নীতিসমূহৰ ওপৰত ব্যাখ্যা কৰে।
(গ) সমাজৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে অধ্যয়ন কৰে।
(ঘ) ক্ষমতা, প্ৰভাৱ আৰু কৰ্তৃত্বৰ ব্যাখ্যা কৰে।
(ঙ) আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ বিষয়ে আলোচনা কৰে।
Or / নাইবা
Discuss the different types of freedom.
স্বাধীনতাৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰা।
উত্তৰঃ-অধ্যাপক গ্ৰীণৰ মতে- “মানুহে নিজৰ মনুষ্যত্বৰ পূৰ্ণ বিকাশৰ কাৰণে নিয়ন্ত্ৰণৰ
ভিতৰত থাকি লাভ কৰা ক্ষমতাকে স্বাধীনতা বোলে।”
স্বাধীনতা শ্ৰেণীবিভাজনক তলত উল্লেখ কৰা আলোচনা কৰা হ’ল—
(ক) প্রাকৃতিক স্বাধীনতা : ৰাষ্ট্রৰ উৎপত্তিৰ আগতে প্রাকৃতিক অৱস্থাত মানুহে যি স্বাধীনতা ভোগ কৰিছিল, তাকেই প্রাকৃতিক স্বাধীনতা বোলা হয়। প্রাকৃতিক অৱস্থাত কোনো সাধাৰণ কর্তৃপক্ষ নাছিল; গতিকে মানুহে নিজৰ নিজৰ ইচ্ছা অনুযায়ী কাম কৰিব পাৰিছিল। বহুতে এই স্বাধীনতাক প্ৰকৃতিৰ পৰা পোৱা স্বাধীনতা হিচাপে আখ্যা দিছিল।
(খ) নাগৰিক স্বাধীনতা : নাগৰিকসকলৰ ব্যক্তিত্বৰ প্ৰকাশ আৰু প্রতিভা বিকাশৰ কাৰণে কিছুমান সুযোগ-সুবিধাৰ দৰকাৰ। এই সুযোগ-সুবিধাবোৰক নাগৰিক স্বাধীনতা বোলা হয়। ৰাষ্ট্রৰ পৰাই নাগৰিকে এই স্বাধীনতা পায় আৰু এই স্বাধীনতা ভোগৰ কাৰণে ৰাষ্ট্ৰই নাগৰিকসকলক দৰকাৰী ৰক্ষণা-বেক্ষণ দিয়ে।
(গ) ৰাজনৈতিক স্বাধীনতা : যিবোৰ স্বাধীনতাৰ জৰিয়তে নাগৰিকসকলে ৰাষ্ট্ৰৰ ক্রিয়া-কলাপত প্রত্যক্ষ বা পৰোক্ষভাৱে অংশগ্ৰহণ কৰিব পাৰে, তেনেবোৰ স্বাধীনতাকে ৰাজনৈতিক স্বাধীনতা হিচাপে আখ্যা দিয়া হয়। গণতান্ত্রিক ৰাষ্ট্রৰ নাগৰিকসকলে এই স্বাধীনতাক ভোগ কৰে।
(ঘ) অর্থনৈতিক স্বাধীনতা : অর্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ স্বাধীনতাকেই অর্থনৈতিক স্বাধীনতা বোলা হয়। অর্থনৈতিক স্বাধীনতাই কোনো এটা ব্যৱসায় গ্রহণকে নুবুজায়; অর্থনৈতিক ক্ষেত্ৰত মানুহক স্বাৱলম্বী হোৱাকেহে বুজায়। কামৰ অধিকাৰ; উপযুক্ত মজুৰিৰ অধিকাৰ, জিৰণিৰ অধিকাৰ আদিক অর্থনৈতিক অধিকাৰ তথা অর্থনৈতিক স্বাধীনতা আখ্যা দিয়া হয়।
(ঙ) ৰাষ্ট্ৰীয় স্বাধীনতা : ৰাষ্ট্ৰীয় স্বাধীনতাই কোনো দেশক আন দেশৰ তলতীয়া নোহোৱা অৱস্থাক বুজায়। অর্থাৎ সার্বভৌম ৰাষ্ট্ৰ এখনত ৰাষ্ট্ৰীয় স্বাধীনতা থকা বুলি কোৱা হয়। ৰাষ্ট্রৰ সার্বভৌমত্বক ৰাষ্ট্ৰীয় স্বাধীনতা বুলিব পাৰি। এনেকুৱা ৰাষ্ট্রৰ পৰাইহে নাগৰিকে স্বাধীনতা পায় আৰু নাগৰিকসকলক এনেকুৱা ৰাষ্ট্ৰইহে অধিকাৰ ভোগ কাৰণে দৰকাৰী ৰক্ষণা-বেক্ষণ দিব পাৰে।
PART - B / খ-শাখা
( Indian Constitution at Work )
( কার্যত ভাৰতীয় সংবিধান )
- Answer the following as directed : 1×6=6
তলত দিয়াবোৰৰ নিৰ্দেশানুযায়ী উত্তৰ লিখা :
উত্তৰঃ-
(a) When was the first sitting of the Constituent Assembly for undivided India held?
অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰঃ- ৯ ডিচেম্বৰ, 1946 চনত।
(b) Under Article 32, the Supreme Court / High Court can issue writs. (Choose the correct option )
৩২ নং অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয় / উচ্চ ন্যায়ালয়ে লেখ জাৰি কৰিব পাৰে।(শুদ্ধ বিকল্পটো বাচি উলিওৱা)
উত্তৰঃ- উচ্চতম ন্যায়ালয়
(c) __ is the Head of the Government in India. (Fill in the blank)
__ হ’ল ভাৰতবৰ্ষত চৰকাৰৰ মূৰব্বী। (খালী ঠাই পূৰণ কৰা)
উত্তৰঃ- প্ৰধান মন্ত্ৰী
(d) In which year was the Election Commission of India constituted?
ভাৰতবৰ্ষত নির্বাচন আয়োগ কিমান চনত গঠন কৰা হৈছিল?
উত্তৰঃ- 1950 চনত
(e) Who appoints the judges of the Supreme Court?
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে?
উত্তৰঃ- ৰাষ্ট্ৰপতিয়ে
(f) Is the word ‘federation’ mentioned in the Indian Constitution?
“যুক্তৰাষ্ট্ৰ’ শব্দটোৰ ভাৰতীয় সংবিধানত উল্লেখ আছেনে?
উত্তৰঃ- আছে
- Answer the following questions : 2×5=10
তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা :
উত্তৰঃ-
(a) What is habeas corpus?
বন্দী প্রত্যক্ষীকৰণ কি?
উত্তৰঃ-
(b) Mention two merits of proportional representation system.
সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিৰ দুটা গুণ উল্লেখ কৰা।
উত্তৰঃ-
(c) Write two non-federal features of the Indian Constitution.
ভাৰতীয় সংবিধানৰ দুটা অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা।
উত্তৰঃ-
(d) Mention two qualifications necessary to be appointed as the judge of the High Court.
উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিবলৈ প্ৰয়োজনীয় দুটা অৰ্হতা উল্লেখ কৰা।
উত্তৰঃ-
(e) Why is India called a Republic?
ভাৰতবৰ্ষক কিয় গণৰাজ্য বুলি কোৱা হয়?
উত্তৰঃ-
- Write a short note on the Right to Freedom.
স্বাধীনতাৰ অধিকাৰৰ ওপৰত এটা চমু টোকা লিখা।
উত্তৰঃ- - Why do we need an independent judiciary? 4
আমাক এখন স্বাধীন ন্যায়পালিকাৰ কিয় প্রয়োজন?
উত্তৰঃ-ভাৰতবৰ্ষৰ সংবিধানে ন্যায়পালিকাই যাতে স্বাধীন আৰু নিৰপেক্ষভাৱে কার্য পালন কৰিব পাৰে তাক নিশ্চিত কৰাৰ বাবে সংবিধানত কেতবোৰ ব্যৱস্থা লিপিবদ্ধ কৰিছে।
ভাৰতীয় সংবিধানত ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষা কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-
(i) নিয়োগ পদ্ধতি : ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিয়োগ কৰাত বিধানমণ্ডলক জড়িত নকৰি ৰাষ্ট্ৰপতিৰ ওপৰত দায়িত্ব অর্পণ কৰিছে, যাতে ন্যায়াধীশসকলৰ নিযুক্তিত ৰাজনীতিৰ প্ৰভাৱ নপৰে। ৰাষ্ট্রপতিয়ে এই ক্ষেত্ৰত উচ্চতম বা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগত আলোচনা কৰিব পাৰে।
(ii) চাকৰিৰ নিৰাপত্তা : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ ঊৰ্ধ্বতম বয়সৰ সীমা ৬৫ বছৰ আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বয়স ৬২ বছৰ ধার্য কৰিছে। এই সময়ছোৱাত তেওঁলোকৰ চাকৰিৰ সম্পূর্ণ নিৰাপত্তা দিয়া হৈছে, যাতে ভয়ৰ বশৱৰ্তী হৈ তেওঁলোকে কোনো কাম নকৰে।
(iii) অপসাৰণৰ জটিল পদ্ধতি : ন্যায়াধীশসকলৰ অপসাৰণ পদ্ধতি অতি জটিল কৰা হৈছে, যাতে তেওঁলোকক কেৱল অসৎ-আচৰণ বা অ-যোগ্যতাৰ বাবেহে অপসাৰণ কৰা হয়।
(iv) উচ্চ হাৰত দৰমহা : ন্যায়াধীশসকলক উচ্চ হাৰত দৰমহা দিয়াৰ ব্যৱস্থা কৰিছে, যাতে পাৰদৰ্শী, প্রতিভাৱান লোকসকলে নিষ্ঠা সহকাৰে বিচাৰকৰ গধুৰ দায়িত্ব বহন কৰিবলৈ ইচ্ছুক হয় আৰু দুর্নীতিত লিপ্ত নহয়।
- What do you mean by ‘decentralization of power”? 4
‘ক্ষমতাৰ বিকেন্দ্ৰীকৰণ’ বুলিলে কি বুজা?
উত্তৰঃ- - Discuss the powers and functions of the Lok Sabha. 6
লোকসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।
উত্তৰঃ-আইন প্ৰণয়নৰ উপৰিও লোকসভাই বহুতো গুৰুত্বপূর্ণ দায়িত্ব পালন কৰে। তলত লোকসভাৰ ক্ষমতা আৰু কাৰ্যৰ আলোচনা কৰা হ’ল। (ক)শাসনসংক্ৰান্তীয় ক্ষমতা : লোকসভাৰ প্ৰধান কর্তব্য হৈছে শাসনব্যৱস্থাক নিয়ন্ত্ৰণ কৰা। সংবিধানৰ ৭৫(৩)নং অনুচ্ছেদ মতে মন্ত্ৰীপৰিষদ যুটীয়াভাৱে লোকসভাৰ ওচৰত
দায়ী। লোকসভাই চৰকাৰ গঠনত এটি উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ সদস্যসকলে তেওঁলোকৰ নেতা নির্বাচিত কৰে আৰু সেই নেতাক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী পদত নিয়োগ কৰে। লোকসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমর্থনৰ ওপৰতহে মন্ত্ৰীপৰিষদৰ কার্যকাল নির্ভৰ কৰে।
(খ) আইন প্ৰণয়ন ক্ষমতা : আইন প্ৰণয়ন কৰোঁতে ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভা এই তিনিওৰে সম্মতি প্ৰয়োজন। সাধাৰণ আইন প্ৰণয়নৰ ক্ষেত্ৰত উভয় সদন, সমানে ক্ষমতাশালী। যিকোনো বিল লোকসভা বা ৰাজ্যসভাত উত্থাপন কৰিব পাৰি। লোকসভাৰ সম্মতি নহ’লে কোনো বিল আইনত পৰিণত হ’ব নোৱাৰে। সাধাৰণ বিল অনুমোদনৰ ক্ষেত্ৰতো লোকসভাৰ প্ৰাধান্য বেছি।
(গ) আৰ্থিক ক্ষমতা : লোকসভাক ভাৰতৰ আর্থিক ব্যবস্থাৰ প্ৰধান নিয়ন্ত্ৰক বুলি ক’ব পাৰি। অৰ্থবিল কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰি। এই সভাই চৰকাৰৰ আৰ্থিক নীতি আৰু আয়-ব্যায় নিয়ন্ত্ৰণ কৰি। বাজেট প্ৰণয়নৰ ক্ষেত্ৰতো লোকসভা সৰ্বেসৰ্বা। ৰাজ্যসভাই কোনো অৰ্থবিল পাছ কৰাত মাত্ৰ ১৪ দিন পলম কৰিব পাৰে। কোনো বিল অৰ্থবিল হয় নে নহয় সেইটো লোকসভাৰ অধ্যক্ষইহে স্থিৰ কৰিব।
(ঘ) সাংবিধানিক ক্ষমতা : লোকসভাই সংবিধান সংশোধনত অংশগ্ৰহণ কৰে। ইয়াৰ সমর্থন অবিহনে সংবিধান সংশোধন কৰিব নোৱাৰি। সংবিধান সংশোধনৰ ক্ষেত্ৰত দুয়ো সদনৰ মাজত মতানৈক্য ঘটিলে এই ক্ষেত্ৰতো লোকসভাৰ প্ৰাধান্য দেখা যায়। কাৰণ যুটীয়া অধিৱেশনত এখন বিল পাছ কৰা লোকসভাৰ পক্ষে সহজ হয়।
(ঙ) বিবিধ ক্ষমতা : ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষিত জৰুৰী অৱস্থা বলবৎ ৰাখিবলৈ হ’লে সংসদৰ উভয় সদনে ঘোষণাৰ প্ৰতি অনুমোদন জনাব লাগিব। সংসদে অনুমোদন নকৰিলে জৰুৰী অৱস্থাৰ অন্ত পৰে। লোকসভাই অধিকাৰ ভংগৰ বা কোনো সদস্যক বা আন কোনো ব্যক্তিক শাস্তি দিব পাৰে।
Or / নাইবা
Discuss the powers and functions of the Legislative Assembly.
বিধানসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।
উত্তৰঃ-**বিধানসভা হ’ল ৰাজ্যিক বিধানমণ্ডলৰ নিম্ন সদন। বিধানসভাৰ সদস্যসকলক জনসাধাৰণে প্রত্যক্ষ ভোটদানৰ জৰিয়তে নির্বাচিত কৰে। বর্তমান অসমত ১২৬ টা বিধানসভাৰ সমষ্টি আছে।
বিধানসভাৰ কার্যকাল ৫ বছৰ। অৱশ্যে কার্যকাল সম্পূর্ণ হোৱাৰ আগতে মুখ্যমন্ত্ৰীৰ পৰামর্শ অনুসৰি ৰাজ্যপালে বিধানসভা ভংগ কৰি দিব পাৰে। বিধানসভাৰ অধিৱেশন ৰাজ্যপালে আহ্বান কৰে আৰু তেওঁ স্থগিত ৰাখিবও পাৰে। অৱশ্যে এই ক্ষেত্ৰত সাধাৰণতে ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰে। বিধানসভাৰ অধিৱেশনত সভাপতিত্ব কৰিবৰ বাবে এজন অধ্যক্ষ আৰু তেওঁৰ অনুপস্থিতিত সভাৰ কাম পৰিচালনা কৰাৰ বাবে এজন উপাধ্যক্ষ থাকে।
বিধানসভাৰ ক্ষমতা আৰু কার্যাৱলী—
(ক) আইন প্রণয়নমূলক ক্ষমতা আৰু কাৰ্য : বিধানসভাৰ প্রধান কার্য হ’ল আইন প্রণয়ন কৰা। ৰাজ্যিক সূচীৰ অন্তর্ভুক্ত আৰু সমৱৰ্তী তালিকাভুক্ত বিষয়ৰ ওপৰত বিধানসভাই আইন প্রণয়ন কৰিব পাৰে। বিধানসভাত গৃহীত হোৱা বিধেয়কখন দ্বি-সদনযুক্ত বিধানমণ্ডল থকা ৰাজ্যবোৰৰ ক্ষেত্ৰত বিধান পৰিষদত আৰু যদি ৰাজ্যখনত বিধান-পৰিষদ নাথাকে তেন্তে পোনে পোনে ৰাজ্যপালৰ সন্মতিৰ বাবে প্রেৰণ কৰা হয়। ৰাজ্যপালে সন্মতি দান কৰিলে বিধেয়কখন আইনত পৰিণত হয়।
(খ) অর্থ-সংক্রান্ত ক্ষমতা আৰ কাৰ্য : ৰাজ্যৰ বিত্তীয় বিষয়ত বিধানসভাৰ একচেটিয়া নিয়ন্ত্রণ থাকে। ৰাজ্যখনৰ বছৰেকীয়া বাজেট তথা যিকোনো অর্থ-সংক্রান্ত বিধেয়ক কেৱল বিধানসভাত উত্থাপন কৰিব লাগে। বিধানসভাৰ বিনা অনুমোদনত নতুন কৰ ধার্য, পুৰণি কৰ উঠাই দিয়া নাইবা চলি থকা কৰৰ হাৰ সাল-সলনি কৰিব পৰা নাযায়। ৰাজ্যৰ সঞ্চিত নিধিৰ ধন খৰচ কৰিবলগীয়া হ’লে বিধানসভাৰ অনুমোদনৰ প্রয়োজন হয়।
(গ) মন্ত্রী-পৰিষদৰ ওপৰত নিয়ন্ত্রণ : বিধানসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাজ্যপালে মুখ্যমন্ত্রী হিচাপে নিয়োগ কৰে আৰু মুখ্যমন্ত্ৰীৰ পৰামর্শ অনুসৰি ৰাজ্যপালে আন আন মন্ত্রীসকলক নিযুক্তি দিয়ে। মন্ত্রী-পৰিষদখন সমূহীয়াভাৱে বিধানসভাৰ ওচৰত দায়বদ্ধ। বিধানসভাৰ আস্থাৰ ওপৰত মন্ত্রী-পৰিষদৰ স্থায়িত্ব নিৰ্ভৰ কৰে। মন্ত্রী-পৰিষদৰ কাৰ্যৰ ওপৰত বিধানসভাৰ সদস্যসকলে সন্তুষ্টনহ’লে অনাস্থা প্রস্তাৱ উত্থাপন কৰি মন্ত্রী-পৰিষদৰ পতন ঘটাব পাৰে।
(ঘ) সংবিধান সংশোধন কৰা ক্ষমতা আৰু কার্য : ভাৰতবৰ্ষৰ সংবিধানে সংবিধান সংশোধন কৰাৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত কেন্দ্রীয় সংসদক অসীম ক্ষমতা অর্পণ কৰিছে। অৱশ্যে কেতবোৰ অনুচ্ছেদ সংশোধন কৰাৰ ক্ষেত্ৰত সংসদৰ উভয় সদনৰ দ্বাৰা গৃহীত হোৱাৰ পিছত সংশোধনী বিধেয়কখনত কমেও আধাসংখ্যক ৰাজ্যিক বিধানসভাৰ সন্মতিৰ প্রয়োজন হয়।
(ঙ) নির্বাচনী ক্ষমতা আৰু কাৰ্য : ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি নির্বাচন কৰাৰ সময়ত বিধানসভা নির্বাচিত সদস্যসকলে অংশগ্রহণ কৰে। ৰাজ্যসভাৰ সদস্যসকল বিধানসভাৰ সদস্যসকলৰ দ্বাৰা নির্বাচিত হয়। ইয়াৰ উপৰি বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষক বিধানসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা নির্বাচিত কৰি লয়।
(চ) অন্যান্য ক্ষমতা আৰুকার্য : ৰাজ্যিক লোকসেৱা আয়োগ আৰু প্রধান হিচাপ পৰীক্ষক আদিৰ প্ৰতিৱেদনৰ ওপৰত বিধানসভাই আলোচনা কৰে। বিধানসভাখন হ’ল জনসাধাৰণৰ অভাৱ-অভিযোগবোৰ প্রতিফলিত কৰা মঞ্চ আৰু ইয়াৰ প্রতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা মাধ্যম।
- Highlight on the process of making an Ordinary Bill. 6
সাধাৰণ আইন প্রণয়ন প্ৰক্ৰিয়াৰ ওপৰত আলোকপাত কৰা।
উত্তৰঃ-ভাৰতবৰ্ষৰ সংবিধানৰ ১০৭ ৰ পৰা ১২২নং অনুচ্ছেদত সংসদৰ আইন প্রণয়নৰ ব্যৱস্থাসমূহ লিপিবদ্ধ কৰা আছে। সংসদত আইন প্রণয়নৰ বাবে উত্থাপন কৰা প্ৰস্তাৱক ‘বিধেয়ক’ (Bill) বোলা হয়। বিধেয়ক এখন সাংবিধানিক প্রক্রিয়া অনুসৰি উভয় সদনৰ
দ্বাৰা অনুমোদিত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিলে আইনত পৰিণত হয়।
সাধাৰণ বিধেয়ক সংসদৰ যিকোনো সদনত উত্থাপন কৰিব পাৰি। সাধাৰণ বিধেয়ক এখন আইনত পৰিণত হ’বৰ বাবে তিনিটা স্তৰ অতিক্ৰম কৰিব লাগে। এই স্তৰ তিনিটা হ’ল- (i) প্রথম পাঠ, (ii) দ্বিতীয় পাঠ আৰু (iii) তৃতীয় পাঠ
(i) প্রথম পাঠ (First Reading) : বিধেয়ক উত্থাপন কৰাৰ বাবে অনুমতি লাভ কৰাৰ পিছত বিধেয়ক উত্থাপনকাৰীয়ে সংশ্লিষ্ট সদনত বিধেয়কখনৰ শিৰোনামটো পাঠ কৰি দিয়ে। ইয়াক বিধেয়কখনৰ প্রথম পাঠ বোলা হয়। ইয়াৰ পিছত বিধেয়কখন জনসাধাৰণৰ জ্ঞাতার্থে ভাৰতৰ ৰাজপত্ৰত প্ৰকাশ কৰা হয় আৰু ইয়াৰ ছপা প্রতিলিপি সদনৰ প্ৰতিজন সদস্যক দিয়া হয়। এইখিনিতে বিধেয়কখনৰ প্রথম পাঠৰ অন্ত পৰে।
(ii) দ্বিতীয় পাঠ (Second Reading) : বিধেয়ক এখন আইনত পৰিণত কৰাৰ ক্ষেত্ৰত দ্বিতীয় পাঠটো অতিশয় গুৰুত্বপূর্ণ। প্রথম পাঠ অন্ত হোৱাৰ পিছত সদনে নির্দিষ্ট কৰি দিয়া দিন আৰু সময়ত দ্বিতীয় পাঠ আৰম্ভ হয়। দ্বিতীয় পাঠৰ সময়ত বিধেয়ক উত্থাপনকাৰীৰ সন্মুখত চাৰিটা পছন্দ (Option) থাকে আৰু তেওঁ যিকোনো এটা গ্রহণ কৰিব লাগে, পছন্দ চাৰিটা হলঃ (ক) বিধেয়কখন সদনত আলোচনাৰ বাৰে গ্ৰহণ কৰা হওঁক, (খ) বিধেয়কখন বাছনি কমিটীলৈ প্ৰেৰণ কৰা হওক, (গ) বিধেয়কখন জনসাধাৰণৰ মতামতৰ বাবে প্ৰচাৰ কৰা হওঁক, নাইবা (ঘ) বিধেয়কখন উভয় সদনৰ যুটীয়া কমিটীলৈ পঠোৱা হওক। বিধেয়কখন অতিশয় গুৰুত্বপূৰ্ণ হ’লেহে তৎকালীনভাৱে সদনত আলোচনা কৰা হয় আৰু বিধেয়কখন বিতর্কিত ধৰণৰ হ’লেহে জনমতৰ বাবে প্ৰচাৰ কৰা হয়। সাধাৰণতে দেখা যায় বিধেয়কবোৰ বিবেচনা কৰি তাৰ ওপৰত প্রতিবেদন দাখিল কৰাৰ বাবে বাছনি কমিটীলৈ প্ৰেৰণ কৰা হয়।
কমিটি পর্যায় : যেতিয়া কোনো বিল বাছনি কমিটিলৈ পঠিওৱা হয়, তেতিয়া কমিটিয়ে সকলো ফালৰ পৰা বিবেচনা কৰে আৰু আলোচনা কৰি ইয়াক ভালদৰে ৰচনা কৰে। বিলৰ এই পর্যায়ক কমিটি পর্যায় বোলা হয়। ইয়াৰ পিছত কমিটি সভাপতিয়ে ৰচিত বিলখন সংশ্লিষ্ট সদনত দাখিল কৰে। বিল পাঠৰ এই স্থাৰক প্ৰতিবেদন স্কুৰ বোলে। ইয়াৰ পিছত সদনে বিলৰ প্ৰতিটো ধাৰা আৰু উপধাৰা আলোচনা কৰে আৰু প্ৰয়োজনীয় সংশোধন কৰে। বিল পাছৰ এই পর্যায় বৰ জটিল। এই পাঠত বিল গৃহীত হ’লে দ্বিতীয় পাঠৰ অন্ত পৰে।
(iii) তৃতীয় পাঠ (Third Reading) : তৃতীয় পাঠৰ সময়ত বিধেয়কখনৰ ওপৰত সবিশেষ আলোচনা কৰা নহয়; কাৰণ সকলোধৰণৰ আলোচনা দ্বিতীয় পাঠৰ সময়তে শেষ হয়। তৃতীয় পাঠৰ সময়ত বিধেয়কখনৰ ওপৰত সামগ্রিকভাৱে আলোচনা কৰা হয়। আৰু প্রয়োজন হ’লে মৌখিক সংশোধনৰ বাবেহে অনুমতি দিব পাৰে। ইয়াৰ পিছত বিধেয়খনৰ ওপৰত পুনৰ ভোট গ্রহণ কৰা হয় আৰু ভোট দিয়া সদস্যসকলৰ গৰিষ্ঠসংখ্যকে সমর্থন জনালে বিধেয়কখন সেইখন সদনত গৃহীত হোৱা বুলি গণ্য কৰা হয়।
আন সদনলৈ বিল প্ৰেৰণ : সংসদৰ এখন সদনত বিলখন গৃহীত হোৱাৰ পিছত আন সদনলৈ ইয়াক অনুমোদনৰ বাবে পঠিওৱা হয়। এই সদনতো বিলখনে প্ৰাৰম্ভিক সদনৰ দৰে বিভিন্ন পৰ্যায় অতিক্ৰম কৰিবলগীয়া হয়, (ক) আন সদনে বিলখন বিল সংশোধনত গ্ৰহণ কৰিব পাৰে, (খ) বিলৰ পওৰত সংশোধনী প্ৰস্তাৱ তুলিব পাৰে, (গ) বিলখন নাকচ কৰিব পাৰে, (ঘ) বিলখন ছমাহৰ বাবে সিদ্ধান্ত গ্ৰহণ নকৰি ৰাখি থ’ব পাৰে।
কোনো বিল সম্পৰ্কে দুয়ো সদনৰ মাজত মতানৈক্য ঘটিলে বিলখন এখন সদনে গ্ৰহণ কৰাৰ ছমাহৰ পিছত ৰাষ্ট্ৰপতিয়ে সংসদৰ উভয় সদনৰ ঘুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে। এই সভাৰ উপস্থিত আৰু ভোটদানকাৰী সদস্যসকলোৰ সংখ্যাগৰিষ্ঠৰ ভোটত বিলখন গ্ৰহণ কৰা হয়।
ৰাষ্ট্ৰপতিৰ সন্মতি : সংসদৰ উভয় সদনৰ দ্বাৰা বিধেয়কখন অনুমোদিত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্রেৰণ কৰা হয়। বিধেয়কখনত ৰাষ্ট্রপতিয়ে সন্মতি প্রদান কৰিলে ই আইনত পৰিণত হয়। অৱশ্যে, বিধেয়কখনত ৰাষ্ট্রপতিয়ে প্ৰথমতে সন্মতি নিদি কেতবোৰ সংশোধনী নির্দেশ দি উত্থাপিত হোৱা সদনলৈ পুনৰ বিবেচনা কৰিবৰ বাবে ঘূৰাই পঠিয়াবও পাৰে। এই ক্ষেত্ৰত সংসদে বিধেয়কখন পুনৰ বিবেচনা কৰি বা নকৰাকৈ ৰাষ্ট্ৰপতিৰ ওচৰত দ্বিতীয়বাৰ প্ৰেৰণ কৰিলে, ৰাষ্ট্রপতিয়ে বিধেয়কখনত সন্মতি প্রদান কৰিবলৈ বাধ্য হয়। এনেদৰে এখন সাধাৰণ বিধেয়ক আইনত পৰিণত কৰা হয়।
Or /নাইবা /অথবা /एबा
Discuss briefly the features of 73rd Constitutional Amendment Act. 6
৭৩তম সংবিধান সংশোধনী আইনৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ-সংবিধানৰ 73তম সংশোধনীয়ে ভাৰতৰ পঞ্চায়তীৰাজ ব্যৱস্থাবোৰৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছে। ইয়াৰ মূল বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল—
(ক) তিনিখলপীয় পঞ্চায়তীৰাজ ব্যৱস্থাঃ-73তম সংশোধনীয়ে গোটেই দেশখনতে প্ৰযোজ্য হোৱাকৈ তিনিখলপীয় পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাত তৃণমূল পৰ্যায়ত আছে গাঁও পঞ্চায়ত, মাজত আঞ্চলিক পঞ্চায়ত আৰু ওপৰত জিলা পৰিষদ। এখন বা কেইবাখনো গাঁও লগ লাগি গাঁও পঞ্চায়ত গঠন কৰা হয়।
(খ) বাধ্যতামূলক গাঁওসবা গঠনঃ-সংবিধানৰ 73তম সংশোধনীৰ ই এক অন্যতম দিশ। প্ৰতিখন গাঁও পঞ্জীয়নভুত সকলো ভোটাৰক লৈ গাঁওসভা গঠিত হ’ব।
(গ) পোনপটীয়া নির্বাচনঃ-পঞ্চায়তৰ সকলো পৰ্যায়ৰ সদস্য/সদস্যসকল জনসাধাৰণৰ পোনপটীয়া ভোটৰ দ্বাৰা নিৰ্বাচিত হ’ব। পঞ্চায়তৰ বিভিন্ন স্তৰৰ বাবে সমষ্টি (constitution)ও নিৰ্ধাৰণ কৰা হৈছে।
(ঘ) অনুসূচিত জাতি-জনজাতি আৰু মহিলাৰ বাবে আসন সংৰক্ষণঃ- 73তম সংশোধনীয়ে ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলাসকলক চৰকাৰ পৰিচালনাৰ অংশীদাৰ কৰি তুলিলে। পঞ্চায়তৰ সকলো পৰ্যায়তে 1/3 আসন মহিলাৰ বাবে সংৰক্ষণ কৰাৰ উপৰিও জনসংখ্যা অনুপাতে অনুসূচিত জাতি-জনজাতি বাবে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
(ঙ) পঞ্চায়তৰ বাবে বিষয়সমূহৰ হস্তান্তৰঃ-73তম সংশোধনীয়ে সংবিধানৰ এক নতুন সূচী অন্তৰ্ভূক্ত কৰিছে। সেইখন হ’ল সংবিধানৰ একাদশ সূচী। এই সূচীত পঞ্চায়তৰ বাবে নিৰ্ধাৰণ কৰা মূঠ ২৯টা অন্তৰ্ভূক্ত হৈছে।
Syllabus of Class 12 Political Science in Assamese
Part-A : সমকালীন বিশ্ব ৰাজনীতি
- শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR
- দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY
- আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS
- ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER
- সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA
- আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION
- সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD
- পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES
- বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION
Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি
- এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE
- জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING
- পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT
- ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS
- কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM
- সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER
- আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS
- নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT
- গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE & COALITION GOVERNMENT
- ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES
Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Leave a comment