H.S. 2nd Year Political Science 2024
H.S. 2nd Year Political Science 2024
Full Marks : 100 Time : 3 hours
PART-A / ক অংশ
(Contemporary World Politics)
(সমসাময়িক বিশ্ব ৰাজনীতি)
1. Answer any ste from the following questions : 1 x 6 = 6
নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা :
(a) When India did economic reforms?
ভাৰতে অর্থনৈতিক সংস্কাৰ কোন চনত কৰিছিল?
উত্তৰঃ- 1991 চনত
(b) What is the name of the common currency of European Union?
ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰাৰ নাম কি?
উত্তৰঃ-ইউৰো
(c) Write any one threat to human security.
মানৱ নিৰাপত্তাৰ প্ৰতি যিকোনো নতুন ভাবুকি এটা লিখা।
উত্তৰঃ- দৰিদ্ৰতা
(d) What is the full form of SAARC?
চাৰ্কৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ- South Asian Association for Regional Cooperation
(e) Which day is celebrated as the World Environment Day?
বিশ্ব পৰিবেশ দিবস কোন তাৰিখে উদযাপন কৰা হয়?
উত্তৰঃ- 5 জুনত
(f) Which Earth Summit made environment an important issue in World Politics?
কোনখন বসুন্ধৰা শীর্ষ-সম্মিলনে পৰিবেশৰ বিষয়টো বিশ্ব ৰাজনীতিত গুৰুত্বপূৰ্ণ বিষয়ৰূপে চিহ্নিত কৰে?
উত্তৰঃ- ৰিঅ’ বসুন্ধৰা সন্মিলনত
(g) When was ASEAN Regional Forum established?
কোন চনত আছিয়ান আঞ্চলিক মঞ্চ গঠন কৰা হৈছিল?
উত্তৰঃ-1994 চনত
(h) How many countries signed the UN Charter when it was formed?
গঠনৰ সময়ত ৰাষ্ট্ৰসংঘৰ ছন্দত কিমানখন ৰাষ্ট্ৰই চহী কৰিছিল?
উত্তৰঃ- ৫১ খন
(i) When was the United Nations Organisation (U.N.O.) established?
ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ-২৪ অক্টোবৰ ১৯৪৫ চনত
(j) China adopted an ‘Open Door Policy’. Write yes or no.
চীনে ‘মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল। ‘হয়’ অথবা ‘নহয়’ লিখা।
উত্তৰঃ-‘হয়’
2. Answer any five from the following questions:
তলৰ প্ৰশ্নসমূহৰ যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ লিখা
(a) Who was the first Secretary-General of U.N.O.? Where is the Head-quarters of U.N.O. ?
ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় কত অবস্থিত।
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান ট্ৰিগভি লি আছিল। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় New York ত অবস্থিত।
Or/ অথবা
Name two NGOs which are concerned with the Protection of Human Rights all over the world.
সমগ্ৰ বিশ্বতে মানব অধিকাৰ সুৰক্ষাৰ বাবে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা।
উত্তৰঃ- মানৱ অধিকাৰ জাগৰণ (Human Right Watch) আৰু আন্তৰ্জাতিক ক্ষমাদান (Amnesty International)
(b) Write two differences between migrants and refugees.
প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পার্থক্য লিখা।
উত্তৰঃ- প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য হ’ল—
(i) প্ৰব্ৰজনকাৰীসকলে ভাল জীৱন যাপনৰ বাবে নিজৰ ৰাষ্ট্ৰ এৰি আন ৰাষ্ট্ৰ বা অঞ্চললৈ যায়। আনহাতে, শৰণাৰ্থী সকলে প্ৰাকৃতিক দুৰ্যোগেৰ বাবে, যুদ্ধৰ বাবে, ৰাজনৈতিক অত্যাচাৰৰ বাবে নিজৰ ৰাষ্ট্ৰ এৰি অন্য ৰাষ্ট্ৰলৈ আশ্ৰয়ৰ বাবে পলাই যায়।
(ii) প্ৰব্ৰজনকাৰীসকলক আন্তৰ্জাতিক আইন অনুসৰি আশ্ৰয় গ্ৰহণ কৰা ৰাষ্ট্ৰখনে আশ্ৰয় দিয়াৰ বাবে বাধ্য নহয়।
(c) Which two countries signed Farakka Treaty?
কোন দুখন ৰাষ্ট্ৰই ফাৰাকা চুক্তিত স্বাক্ষৰ কৰিছিল?
উত্তৰঃ- ভাৰত আৰু বাংলাদেশ
(d) What do you mean by environment awarness?
পৰিবেশ সজাগতা মানে কি?
উত্তৰঃ-
(e) Name any two member-states of ASEAN.
আছিয়ানৰ যিকোনো দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ- ইণ্ডোনেছিয়া, থাইলেণ্ড
(f) Write the name of two countries which emerged after Soviet disintegration.
জোভিয়েট ইউনিয়ন ভাঙোনৰ পিছত সৃষ্টি হোৱা দুখন স্বাধীন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ- ইউক্ৰেন আৰু ৰাছিয়া
or / অথবা
What is meant by Second World?
দ্বিতীয় বিশ্ব কি
উত্তৰঃ- পূব ইউৰোপৰ দেশসমূহ যিসকলে সমাজবাদী ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিকসলে Warsaw চুক্তি স্বাক্ষৰ কৰিছে এইবোৰ দেশসমূহক সমাজবাদী গোট বা ‘দ্বিতীয় বিশ্ব’ বোলে।
3. Answer any three from the following questions : 4 x 3 = 12
নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা :
(a) Discuss the effects of globalisation in underdeveloped nations.
অনুন্নত ৰাষ্ট্ৰসমূহত বিশ্বায়নৰ ফলাফল আলোচনা কৰা।
উত্তৰঃ-
(b) What is meant by ‘Global Commons’ ? Suggest two steps for protection of Global Commons.
বিশ্বৰ সামূহিক সম্পদ বুলিলে কি বুজা? বিশ্বজনীন উমৈহতীয়া ৰক্ষণাবেক্ষণৰ বাবে দুটা পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ-বিশ্বজনীন উমৈহতীয়া বুলিলে সেইবোৰ সম্পদক বুজোৱা হয় যিবোৰ কোনো গোট, গোষ্ঠী অথবা সম্প্ৰদায়ে সমূহীয়াভাৱে ভোগ কৰিব পাৰে। যেনে— সমূহীয়া কোঠা, সমূহীয়া কেন্দ্ৰ, নদী, উদ্যান, পাহাৰ আদি।
বিশ্বজনীন উমৈহতীয়া ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয় তিনিটা ব্যৱস্থা তলত আলোচনা কৰা হ’ল—
(ক) বিশ্বৰ উত্তৰ আৰু দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ মাজত সংঘাত আছে। সেইবাবে উত্তৰৰ আৰু দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ সহযোগিতা বৃদ্ধি আৰু পাৰম্পৰিক সম্পৰ্ক স্থাপন কৰিব লাগে।
(খ) উপকূলীয় অঞ্চলত জনবসতিৰ পৰিমাণ হ্ৰাস কৰি প্ৰদূষণ ৰোধ কৰা।
(গ) এই উমৈহতীয়া ৰক্ষণা-বেক্ষণৰ বাবে সকলোবোৰ দেশৰে সম্পূৰ্ণ সহায় সহযোগিতাৰ প্ৰয়োজন। উমৈহতীয়া সম্পদসমূহৰ দ্বায়িত্ব সকলোৱে ল’ব লাগিব।
Or / অথবা
Discuss the causes of environmental pollution.
পৰিবেশ প্ৰদূষণৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰঃ- পৰিবেশ প্ৰদূষণৰ কাৰণসমূহ তলত আলোচনা কৰা হ’ল-
(ক) জনসংখ্যা বৃদ্ধিৰ লগে লগে গাঁও অঞ্চল দ্ৰুতগতিত নগৰলৈ ৰূপান্তৰিত হৈ আহিব ধৰিছে। শিল্পোদ্যোগ, কল-কাৰখানা আদি বৃদ্ধি হৈ আহিছে, কৃষিৰ বাবে পতিত মাটি আৰু পাতল বননি ভাঙি খেতিৰ উপযোগী মাটি উলিওৱা হৈছে, লগতে বিনষ্ট হৈছে স্থলভাগৰ প্ৰাকৃতিক পৰিবেশ। চহৰ আৰু শিল্পোদ্যোগৰ বাবে বর্জিত পদাৰ্থৰ পৰিমাণ বাঢ়ি গৈছে, ফলত পার্শ্বৱর্তী মাটি প্ৰদূষিত হৈছে। কল-কাৰখানাৰ বিষাক্ত বর্জিত পদার্থয়ো মাটিৰ উপৰিভাগ বিষাক্ত কৰিছে। গছ-গছনিৰ বিলুপ্তিত প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে।
(খ) কীটনাশক, অপতৃণনাশক আদিৰ বহুল প্ৰয়োগে মাটি মাৰাত্মকভাৱে প্ৰদূষিত কৰিছে। পাৰমাণৱিক আৰু আণৱিক বিস্ফোৰণৰ ফলত মাটিৰ তেজস্ক্ৰিয় প্ৰদূষণ হয়। তেজস্ক্ৰিয় আইছ’টপসমূহ বছৰৰ পিছত বছৰ ধৰি ধ্বংস নোহোৱাকৈ মাটিত থাকি যায় আৰু তাৰপৰা হোৱা বিকিৰণে মানুহ আৰু জীৱ-জন্তুৰ বিপদ ঘটায়।
(গ) ঔদ্যোগিক প্ৰক্ৰিয়া আৰু অন্যান্য উৎস : ৰাসায়নিক উদ্যোগসমূহে বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ সৃষ্টি কৰে। ইয়াৰ ভিতৰত কার্বন মন’ক্সাইড ছালফাৰৰ অক্সাইডসমূহ আৰু বিভিন্ন ধৰণৰ কণিকা জাতীয় প্ৰদূষকেই প্ৰধান। ক্ল’ৰিন আৰু ফ্ল’ৰিনত থকা যৌগবোৰ যেনে— ক্ল’ৰ’ফ্ল’ৰ’ মিথেন, শীতল (refrigerant) বা এয়াৰ ষ্প্ৰে (air-spray) হিচাপে ব্যৱহাৰ কৰা হয়। এনে পদার্থবোৰ বায়ুৰ লগত মিহলি হৈ বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰত অ’জন ধ্বংস কৰি বেলেগ সমস্যাৰ সৃষ্টি কৰে।
(ঘ) গতিশীল দহন উৎস (Dynamic combustion sources) : মটৰগাড়ী, ৰে’ল ইঞ্জিন, উৰাজাহাজ ইত্যাদিবোৰ হ’ল গতিশীল দহনৰ প্ৰধান উৎস। এই গাড়ীবোৰৰ ইঞ্জিনত ঘটা দহনৰ ফলত বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত CO (কার্বন মন’ক্সাইড), নাইট্ৰ’জেনৰ অক্সাইড আৰু হাইড্ৰ’কার্বনসমূহ। ইয়াৰ উপৰিও এনে ইঞ্জিনত ব্যৱহাৰ কৰা গেছ’লিনত টেট্ৰাইথাইলৰ দৰে এণ্টিনক যৌগ মিহলি হৈ থাকে, ইহঁত বিষাক্ত পদার্থ।
(c) What are the functions of Security Council?
নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ কি কি?
উত্তৰঃ-
(d) Explain the causes for the disintegration of Soviet Union.
ছোভিয়েট ইউনিয়ন ভংগৰ কাৰণসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ- ছোভিয়েট ইউনিয়নৰ ভাঙোন ছোভিয়েট ইউনিয়নৰ ভাঙোন অন্তৰালত বহুবোৰ কাৰণ নিহিত আছে। সেইবোৰ তলত আলোচনা কৰা হ’ল:-
(ক) প্ৰসাশণিক কাৰণ:-
মিখাইল গৰ্বাচেভে যিবোৰ সংস্কাৰ কৰিব বিচাৰিছিল বা প্ৰশাসনৰ ক্ষেত্ৰত যি শিথিলতা আনিব বিচাৰিছিল সেইবোৰ অতি লেহেম গতিত আগবাঢ়িছিল। ইয়াৰ ফলশ্ৰুতিত জনসাধাৰণ ধৈৰ্য্যচ্যুত আৰু নিৰাশ হৈ পৰিছিল। কাৰণ, তেওঁলোকৰ মতে ইমান লেহেম গতিত কামবোৰ আগবাঢ়়িলে তেওঁলোকে আশা কৰা অনুসৰি লাভৱান নহ’ব।
(খ) ঐতিহাসিক কাৰণ:-
ছোভিয়েট ইউনিয়ন পতনৰ আন এটা কাৰণ হ’ল ঐতিহাসিক কাৰণ, ছোভিয়েট ইউনিয়নৰ কেতবোৰ স্বাধীন প্ৰজাতন্ত্ৰ হৈ গঠিত হৈছিল। গতিকে, এই প্ৰজাতন্ত্ৰবোৰৰ বহুত বিষয়ত বৈসাদৃশ্য আছিল আৰু ইয়াৰ বাবে প্ৰজাতন্ত্ৰবোৰৰ মাজত অভ্যন্তৰীণ সমস্যাই দেখা দিছিল।
(গ) জাতীয়তাবাদী উত্থানৰ কাৰণ:-
ছোভিয়েট ইউনিয়নৰ অংশীদাৰ ইউৰোপৰ প্ৰজাতন্ত্ৰবোৰ আৰু জয়জয়-ময়ময় অৱস্থাৰ প্ৰজাতন্ত্ৰবোৰ যেনে : ৰাছিয়া, বাল্টিক অঞ্চল, ইউক্ৰেইন আৰু জৰ্জিয়াৰ জাতীয়তাবাদীসকলৰ মতে তেওঁলোকে মধ্য এছিয়াৰ প্ৰজাতন্ত্ৰবোৰক ছোভিয়েট ইউনিয়নৰ অংশীদাৰ কৰি ৰখাৰ বাবে অধিক উচ্চ হাৰত আৰ্থিক সহায় দিবলগীয়া হয়। এইটোও ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ আন এটা কাৰণ।
(ঘ) সাৰ্বভৌমত্বৰ আকাংক্ষা:-
ছোভিয়েট ইউনিয়নৰ পতনৰ আন এটা কাৰণ হ’ল : ৰাছিয়া, বাল্টিক প্ৰজাতন্ত্ৰ (ইষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া) ইউক্ৰোইন, জৰ্জিয়া আৰু ছোভিয়েট ইউনিয়নৰ অংশ হিচাপে থকা বিভিন্ন প্ৰজাতন্ত্ৰবোৰৰ মাজত গঢ়ি উঠা জাতীয়তাবাদ আৰু সাৰ্বভৌমত্ব লাভৰ আকাংক্ষা।
(e) Discuss briefly about the components of the security strategy of India.
ভাৰতৰ নিৰাপত্তা কৌশলৰ উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ- ভাৰতবৰ্ষই পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত বহি: আৰু আভ্যন্তৰীণ উভয় ক্ষেত্ৰতেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ বাবে ভাৰতবৰ্ষই প্ৰধানকৈ চাৰিটা কৌশল অৱলম্বন কৰিছে।
(ক) আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে সামৰিক আৰু ৰাজনৈতিক কৌশল অৱলম্বন:- স্বাধীনতাৰ ঠিক পিছৰে পৰা উত্তৰ-পূব ভাৰতৰ বিভিন্ন নৃ-গোষ্ঠীয়ে ভাৰত চৰকাৰৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ ঘোষণা কৰি আহিছে।পৰৱৰ্তী সময়ত এই সংকট জম্মু-কাশ্মীৰ তথা পঞ্জাৱলৈকো প্ৰসাৰিক হৈছিল।নক্সালবাদীসকলে গঢ়ি তোলা সামৰিক প্ৰত্যাহ্বানো ভাৰতবৰ্ষই গ্ৰহণ কৰিবলগীয়া হৈছিল।এই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে ভাৰতবৰ্ষই সামৰিক আৰু ৰাজনৈতিক— এই দুয়োটা পন্থাই অৱলম্বন কৰি আহিছে।
(খ) আন্তৰ্জাতিক প্ৰমূল্য আৰু সহযোগিতা তথা আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ জৰিয়তে নিৰাপত্তা বৃদ্ধি কৰা:- ভাৰতবৰ্ষই বিশ্বাস কৰে যে এক শান্তিপূৰ্ণ আন্তৰ্জাতিক ব্যৱস্থাৰ জৰিয়তেহে পৃথিৱীৰ সকলো দেশ প্ৰগতিৰ পথত আগবাঢ়িব পাৰিব। সেয়েহে আন্তৰ্জাতিক ৰাজনীতিত বিভিন্ন শিবিৰে গঢ়ি তোলা সামৰিক শিবিৰক ভাৰতবৰ্ষই সমৰ্থন নকৰে। ভাৰতবৰ্ষই প্ৰথম প্ৰধানমন্ত্ৰীয়ে এছিয়া আৰু তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধি কৰি অ-সামৰিক উপায়েৰে নিৰাপত্তা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছিল।
(গ) বহি: নিৰাপত্তাৰ বাবে সামৰিক ক্ষমতা বৃদ্ধি:-
আমি সকলোৱে জানো যে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু চীনৰ সতে ভাৰতবৰ্ষৰ সীমাবিবাদ আৰু অন্যান্য সংঘাত আছে। সেই বাবে ভাৰত আৰু পাকিস্তানৰ লগত ১৯৪৭-৪৮, ১৯৬৫, ১৯৭১ আৰু ১৯৯৯-ত চাৰিবাৰকৈ সংঘৰ্ষ হৈছিল। ভাৰত আৰু চীনৰ মাজত ১৯৬২ চনত যুদ্ধ হৈছিল আৰু শেইতীয়াকৈ চীনৰ লগত গালবানত সংঘৰ্ষ হৈছিল। এই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে ভাৰতে নিজৰ সামৰিক শক্তি বৃদ্ধিত গুৰুত্ব দি আহিছে। সামৰিক শক্তি বৃদ্ধিৰ বাবে ভাৰতবৰ্ষই বহুবোৰ দেশৰ লগত সামৰিক আদান-প্ৰদান চুক্তিও সম্পাদন কৰি আহিছে।
(ঘ) অৰ্থনৈতিক আৰু মানৱ বিকাশৰ জৰিয়তে অ-পৰম্পৰাগত নিৰাপত্তা প্ৰচেষ্টা:- স্বাধীনতা লাভৰ সময়ৰে পৰা ভাৰতবৰ্ষই ন্যায় প্ৰতিষ্ঠাৰ এক আহিলা হিচাপে অৰ্থনৈতিক বিকাশ ওপৰত গুৰুত্ব দি আহিছে। সেই লক্ষ্যত উপনীত হোবলৈ বাবেই ভাৰতীয় পৰিকল্পনা আয়োগ আৰু পঞ্চ বাৰ্ষিক পৰিকল্পনা গঠন কৰিছিল। কৃষিখণ্ডৰ উন্নয়নৰ বাবে ১৯৬০-ৰ দশকত সেউজ বিপ্লৱ (Green Revolution) আৰম্ভ কৰা হৈছিল। শেহতীয়াকৈ অৰ্থনৈতিক বিকাশ আৰু জনসাধাৰণ দৈনন্দিন নিৰাপত্তাৰ দূৰ কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে বিভিন্ন আঁচনি প্ৰণয়ন কৰিছে। এইবোৰ হ’ল NRHM, MGNREGA, MidDay Meal ইত্যাদি।
4. Answer any two from the following questions : 6×2=12
নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা :
(a) Discuss the importance and relevance of SAARC.
চাৰ্কৰ গুৰুত্ব আৰু প্ৰাসংগিকতা আলোচনা কৰা।
উত্তৰঃ-
or / অথবা
Write a note on India-Pakistan relationship.
ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ ওপৰত এটি টোকা লিখা।
উত্তৰ:- ভাৰতৰ বৈদেশিক নীতিৰ ভিত্তি হৈছে শান্তি আৰু সহযোগিতা। ভাৰতে পৃথিৱীৰ বিভিন্ন দেশৰ সৈতে সুসম্পৰ্ক বজায় ৰাখিছে। কিন্তু ভাৰতে পাকিস্তানৰ লগত ১৯৪৭-৪৮, ১৯৬৫, ১৯৭১ আৰু ১৯৯৯ চনত চাৰিখনকৈ যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হৈছিল।
ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৪৭-৪৮ চনত হোৱা যুদ্ধৰ পৰিণতি স্বৰূপে পাকিস্তানে অধিকৃত কাশ্মীৰ (Occupied Kashmir) আৰু ভাৰতে জম্মু আৰু কাশ্মীৰ প্ৰদেশৰ অধিকাৰী হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ ভিতৰত কৰা আক্ৰমণৰ বাবে যুদ্ধ হৈছিল। ১৯৭১ চনত বাংলাদেশক লৈ ভাৰত পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতবৰ্ষই জয়লাভ কৰিছিল, কিন্তু কাশ্মীৰ সমস্যাটো অমীমাংসিত ভাৱেই ৰৈ গৈছিল।
ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰ, ধন সামৰিক প্ৰশিক্ষণ আদি দি ভাৰতত সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি দোষাৰোপ কৰে। আনহাতে, পাকিস্তানৰ সিন্ধু আৰু বেলুচিস্তান এই প্ৰদেশ দুখনত সৃষ্টি হোৱা অস্থিৰ অৱস্থাৰ বাবে ভাৰত চৰকাৰ তথা ইয়াৰ নিৰাপত্তা বিভাগক পাকিস্তানে দোষাৰোপ কৰে।
১৯৬০ চনলৈকে সিন্ধু নদীৰ জলধাৰাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ‘সিন্ধু জল চুক্তি’ (Indus Water Treaty)-ৰ জৰিয়তে এই সমস্যাৰ সমাধান হৈছিল। অৱশ্যে এই চুক্তিখন ব্যাখ্যাৰ ক্ষেত্ৰত যদিও কিছুমান মতানৈক্য আছে তথাপি বৰ্তমানলৈকে এই চুক্তিখন কাৰ্যকৰী হৈ আছে।
১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ পাছত ১৯৬৬ চনৰ ৪ জানুৱাৰীত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মধ্যস্থতাত টাছখণ্ডত এটা স্থায়ী সমাধানৰ চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ পাছত ২০০১ চনৰ ১৪-১৬ জুলাইত আগ্ৰা শীৰ্ষ সন্মিলনখনকো ঐতিহাসিক আখ্যা দিয়া হয়।
২০১৬ চনৰ জানুৱাৰীত পাঠানকোট বিমানসেৱা ঘাটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান জড়িত হোৱা তথা ২০০৮ চনত মুম্বাইৰ ভয়াৱহ আক্ৰমণত পাকিস্তানী চোৰাংচোৱা এজেন্সী ISI জড়িত থকা বুলি প্ৰমাণ হোৱাৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক অধিক জটিল হৈ পৰাৰ আশংকাই দেখা দিছিল। সেই বছৰতে ছেপ্টেম্বৰ মাহত জম্মু আৰু কাশ্মীৰৰ উৰিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত ভাৰত-পাক সম্পৰ্কৰ অধিক অৱনতি ঘটে। পাঠানকোট আৰু উৰিত পাকিস্তানৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই আজাদ কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটি আক্ৰমণ কৰি যথেষ্ট ক্ষতি সাধন কৰে। আনকি সেই বৰ্ষৰ নৱেম্বৰ মাহত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া ছাৰ্কৰ ১৯তম শীৰ্ষ সন্মিলনৰো বিৰোধিতা ভাৰতে কৰে।
(b) What are the main pillars of ASEAN? Discuss elaborately.
আছিয়ানৰ মূল স্তম্ভ কেইটা কি কি? বিশদভাবে আলোচনা কৰা।
উত্তৰঃ- ১৯৬৭ চনত দক্ষিণ-পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা (Association of South East Asian Nations), আছিয়ান প্ৰতিষ্ঠিত হৈছিল। আছিয়ানৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰসমূহ হ’ল- ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ, আৰু থাইলেণ্ড। এই পাঁচখন ৰাষ্ট্ৰই প্ৰথমে বেংককৰ ঘোষণা-পত্ৰত স্বাক্ষৰ কৰিছিল। ইয়াৰ পিছৰ সময়ত ব্ৰুনেই, ভিয়েটনাম, লাওচ পি ডি আৰ, ম্যানমাৰ আৰু কম্পোডিয়া সমস্যভুক্ত হোৱাৰ ফলত ইয়াৰ সদস্যৰ সংখ্যা ১০ খনলৈ বৃদ্ধি হয়।
আছিয়ানৰ মুখ্য লক্ষ্য হ’ল অৰ্থনৈতিক উন্নতিৰ প্ৰতি মনোনিবেশ কৰি সামাজিক আৰু সাংস্কৃতিক দিশত উন্নতি সাধন কৰা। বিশ্বখন বৰ্তমান যিটো অগ্ৰগতিৰে ধাৱিত হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আছিয়ান (ASEAN) য়ে ইয়াৰ লক্ষ্য কেৱল অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰতে সীমাবদ্ধ নাৰাখি বহল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে এই ৰাষ্ট্ৰসমূহে তিনিটা স্তম্ভ গঠন কৰিছে। সেইবোৰ হ’ল—
(ক) আছিয়ান নিৰাপত্তা পৰিষদ (Asean Security Community)
(খ) আছিয়ান অৰ্থনৈতিক পৰিষদ (Asean Economic Community)
(গ) আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদ (Asean Socio-Cultural Community)
(ক) আছিয়ান নিৰাপত্তা পৰিষদৰ উদ্দেশ্য :
আছিয়ান নিৰাপত্তা পৰিষদ গঠন কৰাৰ মূল উদ্দেশ্য হ’ল এছীয় ৰাষ্ট্ৰসমূহৰ মাজত থকা সীমা বিবাদে যাতে সশস্ত্ৰ সংঘৰ্ষলৈ ৰূপান্তৰিত নহয় তাৰ প্ৰতি পৰিষদে লক্ষ্য ৰাখিব। আছিয়াৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহে শান্তি-সম্প্ৰীতি তথা নিৰপেক্ষতা বজাই ৰখা, ৰাষ্ট্ৰসমূহে সহযোগিতাৰ মাজেৰে কাম কৰা, আন ৰাষ্ট্ৰৰ কাৰ্যত হস্তক্ষেপ নকৰা আৰু সকলো ৰাষ্ট্ৰৰে সাৰ্বভৌম অধিকাৰৰ প্ৰতি সন্মান জনোৱা আদিৰ বাবে ২০০৩ চনলৈকে বহুত চুক্তি সম্পাদন কৰিছিল। আছিয়ানৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা আৰু বৈদেশিকৰ নীতিৰ মাজত সমন্বয় ৰক্ষাৰ বাবে আছিয়ান ৰীজ’নেল ফ’ৰাম (ARF) ১৯৯৪ চনত প্ৰতিষ্ঠা কৰিছিল।
(খ) আছিয়ান অৰ্থনৈতিক পৰিষদৰ উদ্দেশ্য :
আছিয়ানে যদিও সদস্য ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা তথা বৈদেশিক নীতিৰ ক্ষেত্ৰত কিছুমান কাৰ্য সমাপন কৰি আছে, বৰ্তমান ই ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক ক্ষেত্ৰত অধিক মনোনিবেশ কৰা দেখিবলৈ পোৱা যায়। আছিয়ানৰ অঞ্চলৰ অৰ্থনৈতিক ব্যবস্থা যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয় সংঘ আৰু জাপানৰ সমপৰ্যায়ৰ নহয়, তথাপি ই অৰ্থনৈতিক দিশত যি দ্ৰুতগতিৰে আগবাঢ়িবলৈ আৰম্ভ কৰিছে তাৰ প্ৰতি লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে ভৱিষ্যতে ই অৰ্থনৈতিক দিশত আন ৰাষ্ট্ৰতকৈ যথেষ্ট আগবাঢ়়ি অৰ্থনৈতিক আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ’ব।
(গ) আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদৰ উদ্দেশ্য :
আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদৰ উদ্দেশ্য হ’ল সংস্থাটোৰ সদস্য ৰাষ্ট্ৰ আৰু ইয়াৰ জনসাধাৰণৰ মাজত সংহতি আৰু একতা স্থাপনৰ অৰ্থে জনমুখী আৰু সামাজিকভাৱে দায়বদ্ধ আছিয়ান সম্প্ৰদায় সৃষ্টিত বৰঙণি আগবঢ়োৱা। এই পৰিষদে জনসাধাৰণৰ সল্যাণ সাধন হোৱা এখন সমাজ গঠনৰ লগতে এক উমৈহতীয়া আত্মপৰিচয় দাঙি ধৰিব বিচাৰে। পৰিষদে বহনক্ষম বিকাশৰ বাবে মানৱ, সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পদৰ পৃষ্ঠপোষকতা কৰাত গুৰুত্ব প্ৰদান কৰে।
(c) Discuss China’s role in World Politics.
বিশ্ব ৰাজনীতিত চীনৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ-উত্তৰ:- চীনৰ সাম্যবাদী বিপ্লৱৰ ৰনেতা মাও-চে-টুঙৰ নেতৃত্বত সুদীৰ্ঘ আন্দোলনৰ পিছত ১৯৪৯ চনত চীনত গণপ্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ জৰিয়তে সাম্যবাদী শাসন প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছিল। সাম্যবাদী চীন দেশত ১৯৭৮ চনত অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী আৰম্ভ হয়। সেই সময়ৰে পৰা চীনা অৰ্থনীতিৰ দ্ৰুত প্ৰসাৰণ আৰম্ভ হয় আৰু ই বিশ্বৰ এক অন্যতম শক্তিশালী অৰ্থনীতি বুলি নিজকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান বিশ্বৰ অৰ্থনীতিত চীনৰ স্থান আমেৰিকাৰ পিছতেই।
চীন দেশে ১৯৭২ চনত অতদিনে বৰ্জন কৰি অহা মাৰ্কিন অৰ্থনীতিৰ স’তে সম্পৰ্ক স্থাপন কৰিলে। প্ৰধানমন্ত্ৰী চৌ-এন-লায় (Chou-En-Lai)ৰ নেতৃত্বত চাৰিটা খণ্ড— কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তি তথা সামৰিক খণ্ডৰ আধুনিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ল ১৯৭৩ চনত। ১৯৭৮ চনত চীনা নেটা ডেং ডিয়াওপিং (Deng Xiaoping)-এ “মুক্ত দ্বাৰ” (Open Door) নীতি আৰম্ভ কৰিলে। এই নীতিৰ জৰিয়তে বহি:দেশৰ পৰা লোৱা পুঁজি তথা প্ৰযুক্তিৰ বিনিয়োগেৰে উত্পা।দন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিলে। তাৰ পিছত চীনে ১৯৮২ চনত কৃষিখণ্ডৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে। বিশেষ অৰ্থনৈতিক মণ্ডল (Special Economic Zone)-তহে বিদেশী বিনিয়োগৰ অনুমতি প্ৰদান কৰিছিল।
কৃষিখণ্ডত আৰম্ভ কৰা ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ ফলশ্ৰুতিত কৃষি উত্পবদন বৃদ্ধি পোৱাৰ লগতে গ্ৰাম্যাঞ্চলৰ বিকাশো ত্বৰান্বিত হ’ল। অন্যহাতে ব্যক্তিগত সঞ্চয় বৃদ্ধি পোৱাৰ ফলশ্ৰুতিত গ্ৰাম্য উদ্যোগৰো দ্ৰুত প্ৰসাৰণ ঘটিল। কৃষি আৰু উদ্যোগ-উভয় খণ্ডতে দ্ৰুত বিকাশ ঘটিব ধৰিলে। বৈদেশিক বিনিয়োগকাৰীসকলে চীনক তেওঁলোকৰ অন্যতম লক্ষ্য হিচাবে বাচি ল’লে। ফল চীনৰ সাম্যবাদী বিপ্লৱৰ ৰনেতা মাও-চে-টুঙৰ নেতৃত্বত সুদীৰ্ঘ আন্দোলনৰ পিছত ১৯৪৯ চনত চীনত গণপ্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ জৰিয়তে সাম্যবাদী শাসন প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছিল। সাম্যবাদী চীন দেশত ১৯৭৮ চনত অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী আৰম্ভ হয়। সেই সময়ৰে পৰা চীনা অৰ্থনীতিৰ দ্ৰুত প্ৰসাৰণ আৰম্ভ হয় আৰু ই বিশ্বৰ এক অন্যতম শক্তিশালী অৰ্থনীতি বুলি নিজকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান বিশ্বৰ অৰ্থনীতিত চীনৰ স্থান আমেৰিকাৰ পিছতেই।
চীন দেশে ১৯৭২ চনত অতদিনে বৰ্জন কৰি অহা মাৰ্কিন অৰ্থনীতিৰ স’তে সম্পৰ্ক স্থাপন কৰিলে। প্ৰধানমন্ত্ৰী চৌ-এন-লায় (Chou-En-Lai)ৰ নেতৃত্বত চাৰিটা খণ্ড— কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তি তথা সামৰিক খণ্ডৰ আধুনিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ল ১৯৭৩ চনত। ১৯৭৮ চনত চীনা নেটা ডেং ডিয়াওপিং (Deng Xiaoping)-এ “মুক্ত দ্বাৰ” (Open Door) নীতি আৰম্ভ কৰিলে। এই নীতিৰ জৰিয়তে বহি:দেশৰ পৰা লোৱা পুঁজি তথা প্ৰযুক্তিৰ বিনিয়োগেৰে উত্পা।দন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিলে। তাৰ পিছত চীনে ১৯৮২ চনত কৃষিখণ্ডৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে। বিশেষ অৰ্থনৈতিক মণ্ডল (Special Economic Zone)-তহে বিদেশী বিনিয়োগৰ অনুমতি প্ৰদান কৰিছিল।
কৃষিখণ্ডত আৰম্ভ কৰা ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ ফলশ্ৰুতিত কৃষি উত্পপদন বৃদ্ধি পোৱাৰ লগতে গ্ৰাম্যাঞ্চলৰ বিকাশো ত্বৰান্বিত হ’ল। অন্যহাতে ব্যক্তিগত সঞ্চয় বৃদ্ধি পোৱাৰ ফলশ্ৰুতিত গ্ৰাম্য উদ্যোগৰো দ্ৰুত প্ৰসাৰণ ঘটিল। কৃষি আৰু উদ্যোগ— উভয় খণ্ডতে দ্ৰুত বিকাশ ঘটিব ধৰিলে। বৈদেশিক বিনিয়োগকাৰীসকলে চীনক তেওঁলোকৰ অন্যতম লক্ষ্য হিচাবে বাচি ল’লে। ফলত দেশৰ বৈদেশিক মুদ্ৰা বৃদ্ধি পালে আৰু বৈদেশিক মুদ্ৰাৰ ভঁৰাল বৃদ্ধি পালে। ২০০১ চনত চীনে বিশ্ব বাণিজ্য সংস্থাৰ সদস্য পদ গ্ৰহণ কৰিলে। ইয়াৰ জৰিয়তে চীনে বিশ্ব অৰ্থনীতিৰ স’তে নিজক একত্ৰিত কৰি তুলিলে আৰু ক্ৰমান্বয়ে বিশ্ব অৰ্থনৈতিৰ ৰেহ-ৰূপ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰম্ভ কৰিলে। প্ৰযুক্তিবিদ্যা আৰু সামৰিকভাৱেও চীন অত্যন্ত শক্তিশালী। বৰ্তমান ই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ীসদস্য। চীনৰ অৰ্থনীতি যি হাৰত আগবাঢ়ি আছে, বিশেষজ্ঞৰ অনুসৰি ২০৪০ চনলৈকে চীন আমেৰিকাক পৰাভূত কৰি বিশ্বৰ সৰ্ববৃহত্ অৰ্থনীতি হিচাবে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে। দেশৰ বৈদেশিক মুদ্ৰা বৃদ্ধি পালে আৰু বৈদেশিক মুদ্ৰাৰ ভঁৰাল বৃদ্ধি পালে। ২০০১ চনত চীনে বিশ্ব বাণিজ্য সংস্থাৰ সদস্য পদ গ্ৰহণ কৰিলে। ইয়াৰ জৰিয়তে চীনে বিশ্ব অৰ্থনীতিৰ স’তে নিজক একত্ৰিত কৰি তুলিলে আৰু ক্ৰমান্বয়ে বিশ্ব অৰ্থনৈতিৰ ৰেহ-ৰূপ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰম্ভ কৰিলে। প্ৰযুক্তিবিদ্যা আৰু সামৰিকভাৱেও চীন অত্যন্ত শক্তিশালী। বৰ্তমান ই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ীসদস্য। চীনৰ অৰ্থনীতি যি হাৰত আগবাঢ়ি আছে, বিশেষজ্ঞৰ অনুসৰি ২০৪০ চনলৈকে চীন আমেৰিকাক পৰাভূত কৰি বিশ্বৰ সৰ্ববৃহত্ অৰ্থনীতি হিচাবে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে।
PART-B / খ- অংশ
(Politics in India Since Independence)
(স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি)
5. Answer any six from the following questions: 1×6=6
নিম্নলিখিত প্ৰশ্নসমূহৰ পৰা যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা :
(a) Name a major project that was included in the First Five Year Plan.
প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ অন্তৰ্ভুক্ত এটা বৃহৎ পৰিকল্পনাৰ নাম লিখা।
উত্তৰঃ- ভাক্ৰা নাঙল, হিৰাকুণ্ড, নাগাৰ্জুনা সাগৰ
(b) In which year, era of coalition government started in centre?
কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল?
উত্তৰঃ- ১৯৭৭ চনত
(c) At present which institution has replaced the Planning Commission of India ?
ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে?
উত্তৰঃ- Niti Ayog
(d) Which party led National Democratic Alliance ?
কোনটো দলে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাক প্ৰতিনিধিত্ব কৰে?
উত্তৰঃ- বিজেপি
(e) Under which government Mandal Commission was appointed?
কোনখন চৰকাৰৰ দিনত মণ্ডল আয়োগ গঠন কৰা হৈছিল?
উত্তৰঃ- জনতা চৰকাৰ (Janata Government)
(f) In which year Nagaland state was created?
কোন চনত নাগালেণ্ড ৰাজ্য সৃষ্টি হৈছিল?
উত্তৰঃ- 30 নভেম্বৰ ১৯৬৩ চনত(30 November 1963)
(g) Simla Agreement was signed between India and ___. (Fill in the blank)
চিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু ___ ৰ মাজত। (খালী ঠাই পূৰণ কৰা)
উত্তৰঃ- পাকিস্তান
(h) In which year, internal emergency was declared for the first time in India?
কোন চনত প্ৰথমবাৰৰ কাৰণে ভাৰতত আভ্যন্তৰীণ জননী অবস্থা ঘোষণা কৰা হৈছিল।
উত্তৰঃ- ২৫ জুন ১৯৭৫ চনত।
(i) In which year State Reorganisation Commission was formed?
কোন চনত ৰাজ্য পুনর্গঠন আয়োগ গঠন কৰা হৈছিল।
উত্তৰঃ- ১৯৫৩ চনত
(j) Name the Agreement signed between Lal Bahadur Shastri and General Ayub Khan in 1966.
1966 চনত লালবাহাদুৰ শাস্ত্ৰী আৰু জেনেৰেল আয়ুব খানৰ মাজত হোৱা চুক্তিৰ নাম লিখা।
উত্তৰঃ- টাচ্খাণ্ড চুক্তি (Tashkent Agreement)
6. Answer any five from the following questions : 2×5=10
তলত প্ৰশ্নসমূহৰ পৰা যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ লিখা।
(a) Write a short note on ‘Privy Purses’.
প্ৰিভি পাৰ্চৰ ওপৰত এটি চমু টোকা লিখা।
উত্তৰঃ-প্ৰাক্তন ৰাজ পৰিয়ালৰ উত্তৰাধিকাৰীসকলে ভোগ কৰি অহা সুবিধাক প্ৰিভি পাৰ্ছ বোলে।
(b) Mention to causes for the rise of communalism.
সাম্প্ৰদায়িকতা উদ্ভৱ হোৱা দুটা কাৰণ লিখা।
উত্তৰঃ- ব্ৰিটিছৰ Divide and rule পলিচি, উগ্ৰ মৌলবাদ।
(c) What is ‘Grand Alliance’ in the context of Indian politics?
ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ‘বিশাল মিত্ৰতা’ মানে কি?
উত্তৰঃ- ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত ১৯৭১ চনৰ পঞ্চম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দল আৰু ভাৰতীয় সমিউনিষ্ট পাৰ্টিৰ বাহিৰে অন্যান্য ৰাজনৈতিক দল যেনে- প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টি, ভাৰতীয় জনসংঘ, স্বতন্ত্ৰ পাৰ্টি আৰু ক্ৰান্তি দলৰ দ্বাৰা গঠন হোৱা নিৰ্বাচনী মিত্ৰতাক ‘বিশাল মিত্ৰতা’ বুলি কোৱা হৈছিল।
(d) Write two features of New Economic Policy.
নতুন অর্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- উদাৰিকৰণ, ব্যক্তিগতকৰণ, বিশ্বায়ন।
(e) When was the Election Commission of India formed? Who was the first Chief Election Commissioner?
ভাৰতৰ নির্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল। প্ৰথম মুখ্য নির্বাচন আয়ুক্ত কোন আছিল?
উত্তৰঃ-ভাৰতৰ নির্বাচন আয়োগ ২৫ জানুৱাৰী ১৯৫০ চনত গঠন কৰা হৈছিল। প্ৰথম মুখ্য নির্বাচন আয়ুক্ত সুকুমাৰ সেন আছিল।
Or / অথবা
Mention any two ideologies of Bharatiya Jana Sangha.
ভাৰতীয় জনসংঘৰ দুটা আদর্শ উল্লেখ কৰা।
উত্তৰঃ- হিন্দুত্ব আৰু অৰ্থনৈতিক জাতীয়তাবাদ
(f) Mention two solutions of the problem of regionalism.
আঞ্চলিকতাবাদৰ সমস্যা সমাধানৰ দুটা উপায় লিখা।
উত্তৰঃ- জাতীয় শিক্ষাৰ পদ্ধতি,
Or / অথবা
Write two causes of the emergence of regionalism.
আঞ্চলিকতাবাদ উৎপত্তিৰ দুটা কাৰণ লিখা।
উত্তৰঃ- (ক) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা
(খ) অর্থনৈতিক অসমতা৷
7. Answer any three from the following questions: 4×3=12
নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা :
(a) Discuss the role of opposition party in India.
ভাৰতত বিৰোধী দলৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ-
(b) Why did the leaders of Freedom Movement have given importance on the principle of secularism?
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতাসকলে কিয় ধর্মনিৰপেক্ষতাৰ নীতিৰ ওপৰত গুৰুত্ব দিছিল?
উত্তৰঃ-
Or / অথবা
Explain the consequences of partition of India.
ভাৰত বিভাজনৰ পৰিণতিসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ- ১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্ট তাৰিখে দেশ বিভাজনৰ ফলশ্ৰুতি যে অত্যন্ত বেদনাদায়ক আৰু ভয়াবহ আছিল। সেইকথা ইতি সাম্প্ৰদায়িক উত্তেজনা আৰু সংঘৰ্ষই দুয়োখন দেশত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। দেশ বিভাজনৰ পৰিণতিসমূহ তলত আলোচনা কৰা হ’ল—
(১) নৱজাত দুয়োখন ৰাষ্ট্ৰতে ধৰ্মৰ নামত চলা নৃশংস অত্যাচাৰ, হত্যা-হিংসাই চৰম পৰ্যায়ত উপনীত হৈছিল। ধৰ্মৰ গইনা লৈ এটা সম্প্ৰদায়ে অন্যটো সম্প্ৰদায়ৰ ওপৰত কৰা অত্যাচাৰৰ ফলত লাহোৰ, অমৃতসৰ, কলকাতা আদি চহৰত সাম্প্ৰদায়িক মণ্ডল গঢ় লৈ উঠিছিল।
(২) এই চহৰবোৰত মুছলমান অধ্যুষিত অঞ্চললৈ হিন্দু বা শিখ সম্প্ৰদায়ৰ লোক অহা যোৱা কৰা আৰু হিন্দু বা শিখ সম্প্ৰদায় অধ্যুষিত অঞ্চললৈ মুছলমান সম্প্ৰদায়ৰ লোক আহ-যাহ কৰাটো এৰাই চলা দেখা গৈছিল। এনেদৰে এই চহৰবোৰত সাম্প্ৰদায়িক মণ্ডল গঢ় লৈ উঠা দেখা গৈছিল।
(৩) এনে দুৰ্বিষহ পৰিস্থিতিয়ে নিজৰ ঘৰ-বাৰী ত্যাগ কৰিবলৈ বাধ্য কৰা সীমান্তৰ দুয়োপাৰৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে নতুন সীমান্ত অতিক্ৰম কৰিবলৈ যাওঁতে সীমাহীন কষ্ট আৰু অকথ্য নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হৈছিল।
(৪) নতুন সীমান্ত অতিক্ৰম কৰিবলৈ বাছ, ৰেল আৰু পদব্ৰজে অগ্ৰসৰ হোৱা ভগনীয়াসকলে যাত্ৰাপথত হ্ত্যা-ধৰ্ষণ-লুণ্ঠনৰ সন্মুখীন হ’বলগীয়া হৈছিল। সীমান্তৰ দুয়োপাৰে হাজাৰ হাজাৰ মহিলাক ধৰ্ষণ কৰা হৈছিল। বহুসংখ্যক মহিলাক অপহৰণ কৰি নি জোৰ জুলুমকৈ বিয়া কৰাই ধৰ্মান্তৰকৰণ কৰা হৈছিল।
(৫) আমাৰ এই দেশ বিভাজন কেৱল দেশৰ সা-সম্পত্তি, দেনা-পাওনা বা দেশৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় গোটৰ বিভাজন নাছিল। আৰ্থিক সম্পদসমূহৰ লগতে চৰকাৰী কাৰ্যালয়ৰ চকী-মেজ, কিতাপ-পত্ৰ, টাইপ-ৰাইটাৰ, পেপাৰক্লিপ আৰু আনকি আৰক্ষী বাহিনীয়ে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহো ভাগ কৰি লোৱা হৈছিল।
(৬) ভাৰত-পাকিস্তানৰ কবি-সাহিত্যিকসকলে দেশ-বিভাজনক ‘হৃদয়ৰ বিভাজন’ হিচাপে বৰ্ণনা কৰা হৈছে।
(c) Discuss the causes of the defeat of Congress in 1977.
1977 চনত কংগ্ৰেছ পৰাজিত হোৱাৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰঃ-
(d) Explain briefly the dominance of Congress Party in the first three general elections.
প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ- স্বাধীন ভাৰতৰ প্ৰখম সাধাৰণ নিৰ্বাচন দুবাৰকৈ পিছুৱাই দিবলগীয়া হৈছিল। অৱশেষত ১৯৫১ চনৰ অক্টোবৰৰ পৰা ১৯৫২ চনৰ ফেব্ৰুৱাৰীলৈ ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।
প্ৰথম সাধাৰণ নিৰ্বাচন (১৯৫১-৫২):
ভাৰতবৰ্ষই ১৯৪৭ চনত স্বাধীনতা অৰ্জন কৰাৰ পিছত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত। এই নিৰ্বাচনত ১৪টা ৰাষ্ট্ৰীয় দল তথা পঞ্চাছটাতকৈ অধিক ৰাজ্যিক পৰ্যায়ৰ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অভূতপূৰ্ব সফলতা লাভ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই সফলতাৰ মূলতে হ’ল এই দলটো জাতীয় আন্দোলনৰ মূল হোতা আছিল। তদুপৰি এই দলটোৱেই হ’ল একমাত্ৰ দল, যাৰ তৃণমূল পৰ্যায়লৈকে সংগঠন আছিল। ১৯৫২ চনত হোৱা লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ লগতে ৰাজ্যিক বিধান সভাৰো নিৰ্বাচন অনুষ্ঠিত হৈছিল।
প্ৰথম সাধাৰণ নিৰ্বাচনত লোকসভাৰ মুঠ ৪৮৯ খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই আসনসমূহৰ ভিতৰত কংগ্ৰেছে ৩৬৪ খন আসন লাভ কৰিছিল। ভাৰতীয় সাম্যবাদী দল (CPI) ১৬ খন আসন লাভ কৰি দ্বিতীয় স্থান দখল কৰিছিল। প্ৰথম সাধাৰণ নিৰ্বাচনত আন কেইটামান দলে লাভ কৰা আসনৰ সংখ্যা হ’ল সমাজবাদী দলে ১২ খন, কৃষাণ মজদুৰ প্ৰজা পাৰ্টিয়ে (KMPP) ৯ খন, পিপলছ ডেমক্ৰেটিক ফ্ৰণ্টে (PDF) ৯ খন, গণতান্ত্ৰ পৰিষদে (GP) ৬ খন, অখিল ভাৰতীয় হিন্দু মহাসভাই ৪ খন, অন্যান্য দলে ৩৪ খন আৰু নিৰ্দলীয়ই ৩৭ খন।
দ্বিতীয় সাধাৰণ নিৰ্বাচন (১৯৫৭ চন):
ভাৰতবৰ্ষত দ্বিতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫৭ চনত। এই নিৰ্বাচনতো কংগ্ৰেছ দলে পূৰ্বৰ বিজয় অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল। ১৯৫৭ চনত হোৱা ৪৯৪ খন লোকসভাৰ আসনৰ ভিতৰত কংগ্ৰেছ দলে ৩৭১ খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল আৰু পণ্ডিত জৱাহৰলাল নেহৰু দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। এই নিৰ্বাচনত আন আন ৰাজনৈতিক দলসমূহে পোৱা আসনৰ সংখ্যা হ’ল— ভাৰতীয় সাম্যবাদী দলে ২৭ খন, প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিয়ে ১৯ খন, গণতান্ত্ৰ পৰিষদে (GP) ৭ খন, ঝাৰখণ্ড পাৰ্চিয়ে ৬ খন, অনুসূচিত জাতি পৰিষদে ৬ খন, ভাৰতীয় জনসংঘই ৪ খন, অন্যান্য দলে ১২ খন আৰু নিৰ্দলীয়ই ৪২ খন।
তৃতীয় সাধাৰণ নিৰ্বাচন (১৯৬২ চন):
ভাৰতবৰ্ষত তৃতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৬২ চনত। তৃতীয় সাধাৰণ নিৰ্বাচনত ৪৯৪ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰ কংগ্ৰেছে ৩৬১ খন আসনত বিজয় সাব্যস্ত কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল। এই নিৰ্বাচন ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হৈছিল আৰু কংগ্ৰেছে লাভ কৰিছিল মুঠ ভোটৰ শতকৰা ৪৪.৭২ টা ভোট আৰু বাকী ভোটসমূহ অন্যান্য দলৰ মাজত ভাগ হৈছিল। এই নিৰ্বাচনত অন্যান্য দলসমূহে লাভ কৰা আসনৰ সংখ্যা হ’ল— ভাৰতীয় সাম্যবাদী দলে ২৯ খন, স্বতন্ত্ৰ পাৰ্টিয়ে ১৮ খন, ভাৰতীয় জনসংঘই ১৪ খন, প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিয়ে ১২ খন, ডি.এম.কেই (DMK) ৭ খন, সমাজবাদী দলে ৬ খন, অন্যান্য দলে ২৭ খন আৰু নিৰ্দলীয়ই ২০ খন।
ভাৰতবৰ্ষৰ তৃতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি তৃতীয়বৰাৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল আৰু তৃতীয়বাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল।
এইদৰে ভাৰতৰ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচন পৰ্যালোচনা কৰিলে কংগ্ৰেছ দল অৰ্থাত্ এটা মাত্ৰ ৰাজনৈতিক দলৰ আধিপত্য দেখিবলৈ পোৱা যায়। ভাৰতবৰ্ষত অন্যান্য দলসমূহে লাভ কৰা আসনৰ সংখ্যালৈ লক্ষ্য কৰিলে ভাৰতত বিৰোধী দলৰ কোনো অস্তিত্ব নথকা যেন পৰিলক্ষিত হয়।
Or / অথবা
Explain the challenges that India faced after independence.
স্বাধীনতাৰ পিছত ভাৰতে সম্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ- স্বাধীনতাৰ অব্যৱহিত পিছত ভাৰতবৰ্ষই কিছুমান কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেইবোৰ আছিল—
(১) ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰাঃ-
ভাৰতবৰ্ষ এখন প্ৰকৃততে ক্ষুদ্ৰ মহাদেশ বুলি ক’ব পাৰি য’ত বিভিন্ন ভাষাৰ, সংস্কৃতিৰ আৰু ধৰ্মৰ লোক বাস কৰে। এনে বিভিন্নতাৰ মাজত ঐক্য আৰু সংহতি স্থাপন কৰাটো এটা ডাঙৰ সমস্যা। এইক্ষেত্ৰত স্বাধীন ভাৰতবৰ্ষই অতি কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল।
(২) গণতন্ত্ৰৰ প্ৰতিষ্ঠাঃ-
দ্বিতীয় প্ৰত্যাহ্বান আছিল গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰা, য’ত দেশৰ প্ৰত্যেক নাগৰিকে নিজৰ ভোটাধিকাৰৰ দ্বাৰা প্ৰতিনিধি নিৰ্বাচন কৰি নিজৰ চৰকাৰ গঠন কৰিব পাৰিব। ভাৰতবৰ্ষই স্বাধীনতা লাভৰ পিছত সংসদীয় গণতন্ত্ৰৰ নীতি গ্ৰহণ কৰিছিল।
(৩) বিকাশ সাধন কৰাঃ-
তৃতীয় প্ৰত্যাহ্বান আছিল দেশৰ সকলো শ্ৰেণীৰ জনগণৰ বাবে বিকাশ আৰু সমৃদ্ধিৰ সৃষ্টি কৰা। এইক্ষেত্ৰত সকলোৰে বাবে সাম্যৰ নীতি গ্ৰহণ কৰি সামাজিকভাৱে,শিক্ষাৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত আৰু সাংস্কৃতিক ক্ষেত্ৰত পিছ পৰা আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে সুৰক্ষাৰ ব্যৱস্থা কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল।
(৪) নিৰাপত্তাৰ ব্যৱস্থাঃ-
দেশ বিভাজনে দেশত হত্যা, লুণ্ঠন ধৰ্ষণ আৰু শৰণাৰ্থীৰ সমস্যা বঢ়াই এটা ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। প্ৰথম অৱস্থাত এই সমস্যাসমূহ সমাধান কৰোঁতে আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰোঁতে দেশৰ নেতাসকলে যথেষ্ট কষ্ট ভোগ কৰিবলগীয়া হৈছিল।
(e) What were the British Indian states? How did they differ from Princely states?
বৃটিছ ভাৰতীয় প্ৰদেশ বুলিলে কি বুজা? দেশীয় ৰাজ্যসমূহৰ লগত ইয়াৰ পাৰ্থক্য কি আছিল?
উত্তৰঃ-
or / অথবা
What are the main principles of India’s foreign policy?
ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতিসমূহ কি কি?
উত্তৰঃ-
(ক) গোষ্ঠী নিৰপেক্ষতা : ভাৰতবৰ্ষই সমগ্ৰ বিশ্বলৈ এই নীতিটো এক উপহাৰ হিচাপে প্ৰদান কৰিছিল। শীতল যুদ্ধৰ সময়ত এই নীতিটো সৃষ্টি হৈছিল যদিও যুদ্ধ শেষ হোৱাৰ পাছতো এই নীতি ভাৰতৰ বৈদেশিক নীতিৰ এৰাব নোৱাৰা অংগ হৈ আছে।
(খ) বিশ্ব শান্তি স্থাপনত ৰাষ্ট্ৰসংঘক সমৰ্থন : ভাৰতবৰ্ষই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ওপৰত বিশেষ গুৰুত্ব দিছিল।আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰটো ৰাষ্ট্ৰসংঘই বিশেষ ভূমিকা পালন কৰিব লাগে।
——–
8. Answer any two from the following questions: 6 x 2=12
নিম্নলিখিত প্ৰশ্নসমূহৰ পৰা যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা :
(a) Discuss the main controversies around planned development in the early years of India’s independence.
ভাৰতৰ স্বাধীনতাৰ আৰম্ভনিৰ সময় চোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ- উত্তৰঃ-আৰম্ভণিৰ সময়ছোৱাত ভাৰতে গ্ৰহণ কৰা বিকাশৰ কৌশলে বিভিন্ন প্ৰশ্ন আৰু বিতৰ্কৰ সৃষ্টি কৰিছিল। এই বিতৰ্কসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে।
(ক) কৃষি বনাম উদ্যোগ (Agriculture vs Industry):-
ভাৰতবৰ্ষৰ বিকাশৰ কৌশল গৱেষণা কৰা বিজ্ঞমহলে ক’ব খোজে যে ভাৰতবৰ্ষৰ বিকাশৰ প্ৰক্ৰিয়াটোত কৃষিৰ পৰিৱৰ্তে উদ্যোগখণ্ডই প্ৰাধান্য লাভ কৰি আহিছে। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত যদিওবা কৃষিখণ্ডই সৰ্বাধিক গুৰুত্ব লাভ কৰিছিল, দ্বিতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ সময়ৰে পৰা কৃষিখণ্ডৰ ওপৰত দিয়া প্ৰাথমিকতা লাহে লাহে কমি আহিবলৈ ধৰিলে। তাৰ উপৰিও, ভূমিহীন কৃষকৰ হাতত ভূমি আবণ্টন দিয়াৰ লক্ষ্য আগত ৰাখি ১৯৫০-ৰ দশকত সূচনা কৰা ভূমিসংস্কাৰৰ নীতিৰ সঠিক প্ৰয়োগৰ ক্ষেত্ৰতো চৰকাৰে পৰ্যাপ্ত পৰিমাণে মনোনিৱেশ নকৰিলে।
অন্যহাতে, ঔদ্যোগিকৰণৰ বেলিকাও গ্ৰামাঞ্চলৰ পৰিৱৰ্তে নগৰাঞ্চলসমূহেহে অধিক গুৰুত্ব লাভ কৰিলে। বিকাশৰ এই ধাৰা সম্পূৰ্ণৰূপে মহাত্মা গান্ধীৰ চিন্তাৰ বিপৰীতে গ’ল। এনে পৰিস্থিতিত বিশিষ্ট গান্ধীবাদী অৰ্থনীতিবিদ জে.চি. কুমাৰাপ্পাই গ্ৰামাঞ্চলৰ ঔদ্যোগীকৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া এক বিকল্প অৰ্থনৈতিক ব্লু-প্ৰিণ্ট নিৰ্মাণ কৰি উলিয়াইছিল। ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙেও কৃষিখণ্ডই ভাৰতীয় পৰিকল্পনা ব্যৱস্থাত মুখ্য স্থান লাভ কৰিব লাগে বুলি যুক্তি আগবঢ়াইছিল।
(ক) ভাৰতবৰ্ষই লাভ কৰা ৰাজনৈতিক স্বাধীনতা বৰ্তাই ৰাখিবৰ বাবে অৰ্থনৈতিক স্বাধীনতাও লাগিব। তেনে লক্ষ্যত উপনীত হ’বৰ বাবে ঔদ্যোগীকৰণ অপৰিহাৰ্য,
(খ) ভাৰতবৰ্ষই বিশ্ব অৰ্থনীতিত নিজৰ এক সুকীয়া স্থান দখল কৰিব খোজে। তাৰ বাবেও, উদ্যোগীকৰণ তথা বিজ্ঞান-প্ৰযুক্তিৰ বিকাশ অপৰিহাৰ্য।
(খ) ৰাজহুৱাখণ্ড বনাম ব্যক্তিগতখণ্ড (Public Vs Private Sector):-
ভাৰতবৰ্ষত দেশৰ অৰ্থনীতি বা বিকাশৰ প্ৰক্ৰিয়াটোক চৰকাৰে সম্পূৰ্ণকৈ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব খোজা নাছিল। তাৰ পৰিৱৰ্তে দেশৰ বিকাশৰ প্ৰক্ৰিয়াটোত চৰকাৰ বা ৰাজহুৱাখণ্ডৰ উপৰিও ব্যক্তিগতখণ্ডৰ অংশগ্ৰহণৰ পোষকতা কৰিছিল চৰকাৰে। সেইবাবেই, ভাৰতীয় অৰ্থনীতিক বিশ্ৰ অৰ্থনীতি বুলি কোৱা হয়।
কৃষি, বাণিজ্য তথা উদ্যোগৰ বহুবোৰ খণ্ড ব্যক্তিগত খণ্ডৰ হাতত এৰি দিছিল। কিন্তু অৰ্থনীতি বা বিকাশৰ বুনিয়াদ গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ তথা বৃহত্ উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চৰকাৰে নিজাকৈ বিনিয়োগ আৰু পৃষ্ঠপোষকতা কৰিছিল। তাৰ উপৰিও, উদ্যোগ বা বাণিজ্য পৰিচালনা আৰু নিয়ন্ত্ৰণৰ ক্ষমতা নিজৰ হাতত ৰাখিছিল চৰকাৰে। উদাহৰণস্বৰূপে, চৰকাৰে নিজাকৈ তীখা উদ্যোগ গঢ়ি তুলিছিল, শক্তি উত্পােদনৰ ওপৰত প্ৰাধান্য দিছিল আৰু ৰেলওৱে নিজৰ হাতত ৰাখিছিল।
মিশ্ৰ অৰ্থনীতিৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ ইমান বেছি আছিল যে ই ব্যক্তিগতখণ্ডৰ বিনিয়োগ তথা প্ৰসাৰণৰ বাবে পৰ্যাপ্ত সুযোগ-সুবিধা প্ৰদান কৰা নাছিল। ভাৰতবৰ্ষই স্ব-নিৰ্ভৰশীলতাৰ ওপৰতো অত্যধিক গুৰুত্ব দিছিল। তাৰেই অংশ হিচাপে দেশত উত্পাদিত সামগ্ৰীৰ ক্ষেত্ৰত ৰক্ষণা-বেক্ষণৰ নীতি গ্ৰহণ কৰিছিল আৰু তেনে সামগ্ৰী অন্য দেশৰ পৰা আমদানি কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা বলৱত্ কৰিছিল।
(b) Discuss India’s relation with neighbouring countries.
ওচৰ চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক আলোচনা কৰা।
উত্তৰঃ-
(c) Discuss the principles and challenges associated with the partition of country.
দেশ বিভাজন প্ৰক্ৰিয়াত জড়িত নীতি আৰু জটিলতাসমূহ আলোচনা কৰা।
উত্তৰঃ-
Or / অথবা
What is planning? What are its role on ‘Development’?
পৰিকল্পনা কি? উন্নয়নত ইয়াৰ ভূমিকা কি?
উত্তৰঃ-
PART-C / গ-অংশ
[For Old Course Students in lieu of Project Works]
9. Answer any two from the following questions: 5×2=10
নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা :
(a) Briefly describe the goals of New International Economic Order.
নতুন আন্তৰাষ্ট্ৰীয় অর্থনৈতিক ব্যৱস্থাৰ লক্ষ্য চমুকৈ বর্ণনা কৰা।
উত্তৰঃ-গোষ্ঠীনিৰপেক্ষ আন্দোলনে শীতল যুদ্ধৰ সময়ছোৱাত দুই শত্ৰু-মিত্ৰ গোষ্ঠীৰ মাজত মধ্যস্থতা অৱলম্বন কৰিছিল। গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰসমূহে প্ৰতিষ্ঠিত আন্তৰ্জাতিক অৰ্থব্যৱস্থাৰ গুণগত পৰিবৰ্তন সাধন কৰি এক নতুন আন্ত:ৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলা (New International Economic Order) গঢ়ি তোলাৰ দাবী উত্থাপন কৰিছিল। 1972 চনত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ‘বাণিজ্য আৰু উন্নয়ন’ৰ অধিবেশনত ‘উন্নয়নৰ বাবে নতুন বাণিজ্য নীতি’ শীৰ্ষক এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল। প্ৰতিবেদনত উল্লেখিত দাবীবোৰ বা লক্ষ্যসমুহ আছিল—
(ক) উন্নত পশ্চিমীয়া দেশসমূহে শোষণ কৰি থকা প্ৰাকৃতিক সম্পদৰ ওপৰত কম উন্নত দেশসমূহৰ নিজস্ব নিয়ন্ত্ৰণত থাকিব লাগে,
(খ) কম উন্নত ৰাষ্ট্ৰসমূহে যাতে উত্পাাদিত সামগ্ৰীসমূহৰ উচিত মূল্য পায় তাৰ বাবে পশ্চিমীয়া বজাৰসমূহত প্ৰৱেশৰ ক্ষমতা দিব লাগে,
(গ) পশ্চিমীয়া দেশসমূহে সৰবৰাহ কৰা কাৰিকৰী কৌশল (Technology) ৰ মূল্য হ্ৰাস কৰিব লাগে,
(ঘ) আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠানবোৰত কম উন্নত ৰাষ্ট্ৰসমূহক বিশেষ ভূমিকা লবলৈ দিব লাগে।
1980-ৰ দশকৰ শেষৰ পৰা গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ দাবীবোৰ ক্ৰমে দুৰ্বল বৈ আহে। ছোভিয়েট সংঘৰ পতন আৰু বিশ্বায়ন প্ৰক্তিয়া আৰম্ভ হোৱাৰ পাছত ক্ৰমে অ-প্ৰসংগিক হৈ পৰে।
Or/ অথবা
Write briefly about Non-Aligned Movement.
গোষ্ঠী-নিৰপেক্ষ আন্দোলনৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ- শীতল যুদ্ধৰ কালত আন্তৰ্জাতিক ৰাজনীতিক দুটা মেৰুত বিভক্ত কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে তৃতীয় বিশ্বৰ সদ্য স্বাধীনতাপ্ৰাপ্ত দেশসমূহ একত্ৰিত হৈ এক প্ৰত্যাহ্বান বা প্ৰতিৰোধ গঢ়ি তুলিছিল। এনে প্ৰতিৰোধ গঢ়ি তোলা মঞ্চক গোষ্ঠীনিৰপেক্ষ আন্দোলন নামেৰে জনা যায়। এই আন্দোলনৰ মুলকথা আছিল মহাশক্তিৰ কৱলৰ পৰা নিজকে মুক্ত ৰাখি স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি নিৰ্ণয় কৰা।
(ক) গোষ্ঠীনিৰপেক্ষ আন্দোলনে যিকোনো বৈদেশিক ৰাষ্ট্ৰত সামৰিক ঘাটি নিৰ্মাণ নীতিৰ বিৰোধিতা কৰাটো অন্যতম ভূমিকা আছিল।
(খ) বিশ্বশান্তি আৰু নিৰাপত্তাক প্ৰাধান্য দিয়া এই আন্দোলনক পৃথিৱীৰ সৰ্ববৃহত্ শান্তি আন্দোলন (World’s Largest peace movement) নামেৰেও জনা গৈছিল।
(গ) এই আন্দোলনে কি কৰিব বিচাৰিছিল বুলি সোধাতকৈ কি কৰিব বিচৰা নাছিল বুলি সুধিলেহে গোষ্ঠীনিৰপেক্ষ আন্দোলনক সঠিক চৰিত্ৰ বুজিব পাৰি। এই আন্দোলনে কোনো পৰিস্থিতিতে কোনো সামৰিক মিত্ৰজোঁটৰ অংশীদাৰ হোৱা নাছিল।
(ঘ) এই মহাশক্তিৰ মাজত এক স্বতন্ত্ৰ অৱস্থান গ্ৰহণ কৰি শীতল যুদ্ধৰ উন্মাদনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গোষ্ঠীনিৰপেক্ষ আন্দোলনে ৰাষ্ট্ৰসংঘ আৰু আন্তৰ্জাতিক ৰাজনীতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ ঘটনাত প্ৰভাৱশালী ভূমিকা কৰিছিল।
(ঙ) শীতল যুদ্ধৰ কালছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে সুবিধাজনক নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰাৰ পৰিৱৰ্তে সক্ৰিয়তাৰে শান্তিপূৰ্ণ আৰু নিৰাপদ বিশ্ব ৰাজনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
(চ) গোষ্ঠীনিৰপেক্ষ আন্দোলনে সকলো দ্বন্দ্বৰ শান্তিপূৰ্ণ সমাধান আৰু সামৰিক মিত্ৰজোঁট তথা চুক্তিৰ পৰা আঁতৰি থকাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
শীতল যুদ্ধত্তোৰ যুগত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ এতিয়াও প্ৰাসংগিকতা আছে, কাৰণবোৰ হ’ল—
(ক) বিশ্বত এতিয়াও এক মহাশক্তি বৰ্তি আছে। এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীন অস্তিত্ব বিপদাপন্ন নহয় তাক নিশ্চিত কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধ শক্তিৰ প্ৰয়োজন আছে।
(খ) শীতল যুদ্ধৰ উত্তৰকালত গঢ়ি উঠা আন্তৰ্জাতিক ব্যৱস্থা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এনে অ-গণতান্ত্ৰিকতাৰ বিৰুদ্ধে যুঁজ কৰিবলৈকো তৃতীয় বিশ্বৰ দেশসমূহক এক সামূহিক মঞ্চ লাগে।
(গ) শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰি দিয়া নাই। এনে সমস্যা সমাধানৰ বাবেও তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতাৰ যথেষ্ঠ প্ৰাসংগিকতা আছে।
এনে প্ৰাসংগিকতাই গোষ্ঠীনিৰপেক্ষ আন্দোলনকো প্ৰাসংগিক কৰি ৰাখিছে।
(b) What are the different types of hegemony? Give example of each of them.
আধিপতাৰ বিভিন্ন প্ৰকাৰবোৰ কি কি? প্ৰত্যেকৰে উদাহৰণ দিয়া।
উত্তৰ:- আধিপত্যৰ অৰ্থ হ’ল কোনো এখন ৰাষ্ট্ৰই আহৰণ কৰা নেতৃত্ব চলোৱা প্ৰদানকাৰী আৰু আনক বশীভূত কৰি ৰাখিব পৰা ক্ষমতা। বৰ্তমান বিশ্ব ৰাজনীতিত মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে আধিপত্য প্ৰতিষ্ঠা কৰিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰই তিনি ধৰণৰ আধিপত্যৰ বিস্তাৰ কৰিছে, সেইবোৰ তলত আলোচনা কৰা হ’ল।
i. অনমনীয় (কঠোৰ) ক্ষমতা হিচাবে আধিপত্য:-
আজি মাৰ্কিন যুক্তৰাষ্ট্ৰই চলাই থকা প্ৰতিপত্তিৰ মূলতে আছে অতি উচ্চমানৰ সামৰিক সামৰ্থ্য। আমেৰিকাৰ এই সামকিক প্ৰতিপত্তি বা আধিপত্যৰ চৰিত্ৰ দুই ধৰণৰ— চূড়ান্ত (Absolute) আৰু আপেক্ষিক (Relative)। চূড়ান্ত বুলি কওঁতে এই কথা বুজোৱা হৈছে যে মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে যিকোনো সমাজতে প্ৰয়োজনসাপেক্ষে পৃথিৱীৰ যিকোনো কোণত অতি পাৰদৰ্শিতাৰে অভিযান চলাব পাৰে আৰু ধ্বংসলীলা চলাব পাৰে।
আমেৰিকাৰ সামৰিক শক্তি ইমান ভয়াৱহ আৰু সামৰ্থ্যবান যে বৰ্তমান বিশ্বৰ কোনো শক্তিয়ে ইয়াৰ লগত ফেৰ মাৰিব নোৱাৰে।আমেৰিকাই এতিয়া ইয়াৰ সহযোগী ১২ খন শক্তিশালী ৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ লগত কৰা খৰচ একগোট কৰিলে যিমান হয় তাতকৈ বেছি নিজৰ দেশৰ সামৰিক বাহিনীত খৰচ কৰে। ইয়াৰ উপৰিও, পেণ্টাগনৰ বাজেটৰ এক বিৰাট অংশ সামৰিক গৱেষণা আৰু উন্নয়নত খৰচ কৰে।
উদাহৰণস্বৰুপে নি:সন্দেহে আমেৰিকাৰ ইৰাক আক্ৰমণ আছিল অভেদ্য। ইৰাক আক্ৰমণে প্ৰমাণ কৰে যে আমেৰিকাৰ বিজয়ৰ ক্ষমতা ভয়ানক।
ii. গাঁথনিগত (অৰ্থনীতি) ক্ষমতা হিচাবে আধিপত্য:-
মাৰ্কিন যুক্তৰাষ্ট্ৰই যি আধিপত্য লাভ কৰিছে তাৰ উমান পাব পাৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্ব জনতাৰ সমূহীয়া কল্যাণৰ খাতিৰত পালন কৰা ভূমিকাৰ পৰা। এই ক্ষেত্ৰত আমি বিশ্ব জোৰা সামাজিক সম্পদৰ কথা ক’ব পাৰো। বিশ্ব অৰ্থনীতিৰ ক্ষেত্ৰত অত্যন্ত ভাল উদাহৰণ হ’ল ভাল যোগাযোগৰ সাগৰীয় পথ। সাগৰীয়া পথেৰে সাধাৰণতে সদাগৰসকলে জাহাজ চলায়। মুক্ত বিশ্ব অৰ্থনীতি মুক্ত সাগৰীয় পথ অবিহনে সম্ভৱ নহ’ব। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বৃটিছ নৌ-শক্তিৰ আধিপত্য শেষ হোৱাৰ পাছত মাৰ্কিন যুক্তৰাষ্ট্ৰই সেই আধিপত্য প্ৰতিষ্ঠা কৰে।
সমূহীয়া সম্পদৰ অন্য এক উদাহৰণ হ’ল ইণ্টাৰনেট। আজি ইণ্টাৰনেটে এক ভাসমান বিশ্ব সমাজ নিৰ্মাণ কৰি তুলিছে। ইণ্টাৰনেট ব্যৱস্থা মাৰ্কিন যুক্তৰাষ্ট্ৰই 1950 চনতে সূচনা কৰা সামৰিক গৱেষণাৰ ফলশ্ৰুতি। বিশ্ব অৰ্থনীতিৰ সকলোবিলাক ক্ষেত্ৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কোম্পানী বা ফাৰ্মসমূহে প্ৰথম তিনিটা স্থানৰ কোনোৱা নহয় কোনোবা এটা দখল কৰি ৰাখিছে।
বৰ্তমান সময়ত বিশ্ব অৰ্থনীতিৰ বাবে আটাইতকৈ উপযোগী বুলি ভবা ডিগ্ৰী হ’ল ব্যৱসাযিক প্ৰশাসনৰ স্নাতকোত্তৰ (MBA) ডিগ্ৰী। ব্যৱসায়িক প্ৰশাসনৰ ধাৰণাটোও মাৰ্কিন বিশ্ববিদ্যালয়ৰ দ্বাৰা সৃষ্টি।
iii. নৰম (আদৰ্শগত) ক্ষমতা হিচাপে আধিপত্য:-
আধিপত্য নিৰ্মাণৰ ক্ষেত্ৰেত আদৰ্শগত আৰু সাংস্কৃতিক দিশটোৰো গুৰুত্ব আছে। যি সকল লোক বা দেশৰ ওপৰত আধিপত্য প্ৰতিষ্ঠা কৰা হৈছে তেওঁলোকে সেইটো স্বীকাৰ কৰি লব লাগিব। এই অৰ্থত যেতিয়া আমি আধিপত্যৰ ধাৰণাটো ব্যৱহাৰ কৰো তেতিয়া এটা বিশেষ শ্ৰেণীয়ে সামাজিক, ৰাজনৈতিক আৰু আদৰ্শগত ক্ষেত্ৰসমূহত নিজৰ প্ৰতিপত্তিশীলতা শ্ৰেণীটোৱে বশীভূত কৰি ৰাখিব পৰা শ্ৰেণীটোৰ পৰা এক ধৰণৰ সন্মতি আদায় কৰিব পাৰে। সেইটো কৰিবলৈ যাওঁতে আধিপত্যশীল শক্তিয়ে বিশ্ব ৰাজনীতিত সৰু সৰু দেশসমূহক প্ৰতিপত্তিশীল শ্ৰেণীটোৱে শুদ্ধ আৰু ভূল বুলি উপস্থাপন কৰা দিশবোৰ মানি লয়।
মাৰ্কিন যুক্তৰাষ্ট্ৰই আচলতে বিশ্বৰ দেশসমূহৰ মাজত এক ধৰণৰ সাংস্কৃতিক চিন্তাৰ সৌধ গঢ়ি তুলিছে— মাৰ্কিন চিন্তা আৰু আদৰ্শ সকলোৰে বাবে মংগলজনক বুলি প্ৰতিপন্ন কৰাৰ হকে প্ৰচেষ্টা চলাই আহিছে। বিশ্বজুৰি প্ৰসাৰিত ভাল জীৱন আৰু জীৱনৰ সফলতাৰ ধাৰণাটোও বিংশ শতিকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দ্বাৰা নিৰ্মিত তিন্তাৰ দ্বাৰা প্ৰভাৱান্বিত। এই অৰ্থত মাৰ্কিন যুক্তৰাষ্ট্ৰ হ’ল সাংস্কৃতিকভাবেও আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ। তাৰ আধাৰতেই মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্বজোৰা আধিপত্য গঢ়ি তোলাত সফল হৈছে— কেৱল সামৰিক আৰু অৰ্থনৈতিক শক্তিৰ আধাৰত নহয়।
উদাহৰণস্বৰুপে আমেৰিকা যুক্তৰাষ্ট্ৰক অনুসৰণ কৰি বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰইৰ ডেকা-গাভৰুৱে জিন্ছ (Jeans) পেণ্ট বা ছাৰ্ট পৰিধান কৰে। ই হ’ল নমনীয় আধিপত্যৰ প্ৰভাব।
(c) Discuss briefly the consequences of Globalisation.
বিশ্বায়নৰ পৰিণতিসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ- (i) বিশ্বায়নৰ সাংস্কৃতিক পৰিণতি:-
(ক) মানুহৰ চিন্তা-চৰ্চা, সাজ-পাৰ, খাদ্যাভাস আৰু সাংস্কৃতিক ৰুচিবোধক এনে ধৰণে নিৰ্মাণ কৰিব খোজা হৈছে যাতে ই বহুজাতিক কোম্পানীসমূহৰ বজাৰ প্ৰসাৰণত অৰিহণা যোগায়।
(খ) আজিকালি সঘনেই বিশ্বায়নে অপ-সংস্কৃতিৰ বেহা পতা বুলি অভিযোগ উত্থাপিত হ’ব ধৰিছে। বহিঃ সাংস্কৃতিক আদৰাৰ নামত আচলতে এক ধৰণৰ উপৰুৱা সংস্কৃতিৰহে আগমণ ঘটোৱা হৈছে তৃতীয় বিশ্বৰ দেশসমূহলৈ।
(গ) অবিৰতভাৱে প্ৰচাৰিত আমোদ-প্ৰমোদৰ অনুষ্ঠানসমূহে মানুহক সমাজক পৰা বিচ্ছিন্ন কৰি ঘৰৰ চাৰিবেৰৰ মাজত বন্দী কৰি ৰখাৰো অভিযোগ উঠিছে।
(ii) বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতি:-
(ক) পৃথিৱীৰ বিভিন্ন দেশৰ অৰ্থনীতি বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে।
(খ) আন্তৰ্জাতিক মুদ্ৰানিধি তথা বিশ্ববেংকৰ দৰে আন্তৰ্জাতিক প্ৰতিষ্ঠানে বিভিন্ন দেশৰ অৰ্থনীতিৰ ওপৰত বিভিন্ন ধৰণে নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে।
(গ) বিশ্বায়নৰ মাজেৰে গঢ়ি উঠা বিশ্ব বাণিজ্য ব্যৱস্থাত বিভিন্ন ধৰণৰ বৈষম্য গঢ়ি উঠিছে। এই বাণিজ্য ব্যৱস্থাই উন্নত পুঁজিবাদী দেশসমূহক অধিকভাৱে সহায় কৰিছে।
(iii) বিশ্বায়নৰ ৰাজনৈতিক পৰিণতি:-
(ক) বিশ্বায়নে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ক্ষেত্ৰত সীমাৱদ্ধতা আনি দিছে।
(খ) বিশ্বায়নৰ মাজেৰে সোমাই অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ কল্যাণকামী কাৰ্যসূচীক সংকুচিত কৰিছে।
(গ) বিভিন্ন দেশৰ চৰকাৰ ব্যক্তিগত আৰু বহুজাতিক পুঁজিৰ সেৱাত অধিকভাৱে ব্যস্ত হৈ পৰিছে।
Or / অথবা
Do you think that United Nations Organisation (UNO) is a perfect international organisation ? Give reasons.
ৰাষ্ট্ৰসংঘ এটা নিখুঁট আন্তৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবানে? কাৰণ দর্শোৱা।
উত্তৰ:- বৰ্তমান সময়ত বিশ্বৰ এটা অতি গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক সংগঠন হ’ল ৰাষ্ট্ৰসংঘ। ১৯৪৫ চনৰ 24 অক্টোবৰত জন্ম হোৱা ৰাষ্ট্ৰসংঘ হ’ল মানৱ জাতিৰ শান্তি আৰু প্ৰগতিৰ এটা অপৰিহাৰ্য অনুষ্ঠান। সেয়ে ইয়াৰ প্ৰযোজনীয়তাক কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰি। ৰাষ্ট্ৰসংঘক এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলিও কোৱা হয়। তাৰ কাৰণবিলাক হ’ল-
(i) আন্তঃৰাষ্ট্ৰীয় সংগঠন হিচাপে ৰাষ্ট্ৰসংঘই বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ই ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ সৃষ্টি কৰি মানৱ সমাজৰ দৈনন্দিন জীৱন নিৰ্বাহৰ পথ সুচল কৰিব বিচাৰে।
(ii) বিশ্বৰ ৰাষ্ট্ৰবোৰৰ মাজত থকা আদৰ্শগত মতানৈক্য, অন্যান্য কাজিয়া আদিবোৰ যুদ্ধৰে সমাধান নকৰি শান্তিপূৰ্ণ উপায়েৰে সীমাংসা কৰাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰসংঘই এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।
(iii) আন্তৰ্জাতিক সংগঠন হিচাপে ৰাষ্ট্ৰসংঘই বিশ্ববাসীক কিছুমান সমস্যা বা বিপদৰ পৰা ৰক্ষা কৰি আহিছে। উদাহৰণস্বাৰুপে কিছুমান ৰোগৰ বীজাণু সম্পূৰ্ণভাৱে নিৰ্মূল কৰিবৰ বাবে প্ৰত্যেক ৰাষ্ট্ৰই নিজৰ দেশৰ নাগৰিক সকলক প্ৰতিৰোধক প্ৰদান বা ছিটা দিয়াৰ ব্যৱস্থা কৰিছে। তাৰোপৰি গোলকীয় উষ্ণতা নিৰাময়ৰ বাবে সকলো ৰাষ্ট্ৰলৈ সহায়ৰ হাত আগবঢ়াইছে।
(iv) ৰাষ্ট্ৰসংঘ জনহোৱাৰ পৰা এতিয়ালৈকে বিশ্ব য্দ্ধু সৃষ্টি হোৱা নাই।
উল্লেখিত কাৰণ সমূহৰ উপৰিও আন বহুতো কাৰণ আছে যিবিলাকৰ বাবে সাম্প্ৰতিক কালত আন্তঃৰ্জাতিক সংগঠন হিচাপে ৰাষ্ট্ৰসংঘৰ গুৰুত্বতাক মানৱ সমাজে কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধানজনৰ উক্তিটো আমি উল্লেখ কৰিব পাৰো। ডাগ হেমাৰছিল্ডৰ মতে, ‘ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ বাবে স্বৰ্গ তৈয়াৰ কৰিব নোৱাৰে, কিন্তু নৰকৰ পৰা ৰক্ষা কৰিব পাৰে।’ মুঠতে, ৰাষ্ট্ৰসংঘ এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন হয়।
10. Answer any two from the following questions : 5×2=10
নিম্নলিখিত প্ৰশ্নসমূহৰ পৰা তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা :
(a) Why did the Narmada Bachao Andolan oppose the dam project in the Narmada valley?
নর্মদা বচাও আন্দোলনে কিয় নর্মদা উপত্যকাত বান্ধ প্ৰকল্পৰ বিৰোধীতা কৰিছিল?
উত্তৰঃ- মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকা ৰক্ষা কৰাৰ উদ্দেশ্য নৰ্মদা বাচাও আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনক বিকাশ আক্ৰান্ত লোকৰ আন্দোলন হিচাপে চিহ্নিত কৰা হৈছে। ভাৰতত বিকাশ আৰু পৰিবেশৰ মাজৰ সংঘাত এই আন্দোলনৰ জৰিয়তে স্পষ্ট হৈ পৰে। এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰি আছে মেধা পাটেকাৰে।
১৯৮০ৰ দশকৰ আৰম্ভণিত নৰ্মদা উপত্যকাত এটা বৃহত্ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হয়। এই প্ৰকল্পটোত ৩০ টা বৃহত্ নদীবান্ধ, ১৩৫ টা মজলীয়া ধৰণৰ আৰু প্ৰায় ৩,০০০ টা সৰু বান্ধ নৰ্মদা আৰু ইয়াৰ উপনৈসমূহৰ ওপৰত নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয়। এই উপনৈসমূহ মধ্যপ্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰ মাজেৰে হৈছে। এই নদীবান্ধৰ জৰিয়তে জনসাধাৰণে খোৱা পানী, জলসিঞ্চনৰ বাবে পানী, বিদ্যুত্ উত্পাদন আৰু কৃষি উত্পাদন বৃদ্ধি আদি সুবিধাসমূহ লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰা হৈছিল। কিন্তু নৰ্মদা বাচাও আন্দোলনে দাবী জনায় যে প্ৰকল্পয়ে ২৪৫ খন গাঁও জলমগ্ন হোৱাৰ লগতে প্ৰায় দুই লাখ ৫০ হেজাৰ লোক ক্ষতিগ্ৰস্ত হ’ব। আন্দোলনটোৰ মতে বৃহত্ প্ৰকল্পৰ সিদ্ধান্ত গ্ৰহণৰ সময়ত স্থানীয় সম্প্ৰদায়ৰ মতে প্ৰকাশৰ অধিকাৰ থাকিব লাগিব।
নৰ্মদা বাচাও আন্দোলনটো যথেষ্ট যুক্তিসংগত আছে, কাৰণ এই আন্দোলনৰ দ্বাৰা নৰ্মদা উপত্যকাত বসবাস কৰা অগণনন লোকৰ ন্যায্য অধিকাৰ ৰক্ষা কৰিবলৈ বিচৰা হৈছিল।
(b) What is Hung Parliament? Discuss the current political situations of India and frequent cases of Hung Parliament.
ওলোমা সংসদ কি? ভাৰতত সাম্প্ৰতিক সময়ত উদ্ভৱ হোৱা ওলোমা সংসদ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ-
Or / অথবা
Discuss the importance of regional parties in coalition government.
মৰ্চা চৰকাৰত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।
উত্তৰঃ-
(c) Explain briefly the politics and programme of Bharatiya Janata Party.
ভাৰতীয় জনতা দলৰ ৰাজনীতি আৰু কাৰ্যসূচী চমুকৈ ব্যাখ্যা কৰা।
Leave a comment