১ নম্বৰ প্ৰশ্ন আৰু উত্তৰ
- “Logos” শব্দৰ অৰ্থ কি। 2014
উত্তৰঃ- চিন্তা বা চিন্তাৰ প্ৰকাশ হিচাপে শব্দ। - তর্কবিজ্ঞান বিজ্ঞান/কলা/উভয়ে? 2017
উত্তৰঃ- উভয়ে। - তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান- উক্তিটে শুদ্ধনে? 2014
উত্তৰঃ- শুদ্ধ। - তর্কবিজ্ঞানৰ আদর্শ কি? 2013, 2016
উত্তৰঃ- সত্যতাৰ বিচাৰ কৰা। - আদর্শনিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ দিয়? 2013
উত্তৰঃ- তৰ্কবিজ্ঞান। - এটা বচনত কেইটা পদ থাকে। 2012
উত্তৰঃ- দুটা - চিন্তাৰ মূল সূত্রাবলীৰ যিকোনো এটা নিয়ম লিখা। 2012, 2015
উত্তৰঃ- তাদাত্ম্য নিয়ম। - দৰ্শন আৰু বিজ্ঞানৰ মাজত থকা যিকোনো পার্থক্য এটা উল্লেখ কৰা। 2012
উত্তৰঃ- দৰ্শনৰ পৰিসৰ ব্যাপক বিজ্ঞানৰ পৰিসৰতকৈ। - শুদ্ধ উত্তৰ লিখা— তর্কবিজ্ঞান বস্তুনিষ্ঠ/আদর্শনিষ্ঠ বিজ্ঞান। 2015
উত্তৰঃ- আদর্শনিষ্ঠ বিজ্ঞান। - চি. আই. লুইছে প্ৰদান কৰা প্ৰতীকাত্মক তর্কবিজ্ঞানৰ যিকোনো এটা বৈশিষ্ট
উল্লেখ কৰা। 2015
উত্তৰঃ- ধাৰাণজ্ঞাপক চিহ্নৰ প্ৰয়োগ। - পৰম্পৰাগত তর্কবিজ্ঞান আধুনিক তর্কবিজ্ঞান আগৰ-পিছৰ।
উত্তৰঃ- আগৰ। - তর্কবিজ্ঞান কি জ্ঞানৰ লগত জড়িত।^^
উত্তৰঃ- পৰোক্ষ জ্ঞানৰ লগত। - তর্কবিজ্ঞান প্রতীক ব্যৱহাৰৰ এটা উপযোগিতা উল্লেখ কৰা। 2018
উত্তৰঃ- প্রতীক ব্যৱহাৰে যুক্তিৰ আকাৰ সহজে নিৰ্ণয় কৰিব পাৰি। - নির্মধ্যাম নিয়ম চিন্তাৰ মৌলিক নীতি হয়নে?
উত্তৰঃ- হয়। - অনুমান প্রত্যক্ষ জ্ঞান/পৰোক্ষ জ্ঞান।^^
উত্তৰঃ- পৰোক্ষ জ্ঞান। - আধুনিক তর্কবিজ্ঞানৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- চল বা পৰিৱৰ্ত্যৰ ব্যৱহাৰ। - জৰ্জবুল এগৰাকী আধুনিক তর্কবিজ্ঞানী হয়নে?
উত্তৰঃ- হয়। - নিগমনাত্মক পদ্ধতিয়েই হ’ল আধুনিক তর্কবিজ্ঞানৰ একমাত্ৰ পদ্ধতি— সঁচানে?
উত্তৰঃ- সঁচা। - পৰম্পৰাগত তর্কবিজ্ঞান আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজত কেৱল ক্রমোন্নতিৰ
বিভিন্ন পৰ্যায়ৰ পাৰ্থক্য— সত্যনে?
উত্তৰঃ- সত্য।
- পৰম্পৰাগত তর্কবিজ্ঞান আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজৰ এটা পার্থক্য লিখা।
উত্তৰঃ- পৰম্পৰা তর্কবিজ্ঞান ইতিহাস আধুনিক তৰ্কবিজ্ঞানৰ ইতিহাসতকৈ দীৰ্ঘ। - প্রতীকাত্মক তর্কবিজ্ঞান __ তর্কবিজ্ঞানৰ পৰিবৰ্ধিত ৰূপ৷
উত্তৰঃ- পৰম্পৰাগত। - তর্কবিজ্ঞান __ বিজ্ঞান৷
উত্তৰঃ- যুক্তি বা অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ। - আধুনিক তর্কবিজ্ঞানৰ পদ্ধতি নিগমনাত্মক/আগমনাত্মক।
উত্তৰঃ- নিগমনাত্মক। - ‘আধুনিক তর্কবিজ্ঞান সম্পূৰ্ণৰূপে আকাৰিক’— কথাষাৰ সত্যনে?
উত্তৰঃ- সত্য।
২ নম্বৰ প্ৰশ্ন আৰু উত্তৰ
- বিজ্ঞানৰ দুটা বৈশিষ্ট্য লিখা। 2013
উত্তৰঃ- (ক) বিজ্ঞানে জগতৰ বস্তুসমূহৰ কেৱল বাহ্যিক ৰূপৰহে জ্ঞান দিয়ে।
(খ) বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক অধ্যয়ন। - আদর্শনিষ্ঠ বিজ্ঞানৰ দুটা উদাহৰণ দিয়া? 2012, 2016
উত্তৰঃ- (ক) তর্কবিজ্ঞান (খ) প্ৰমূল্য বিদ্যা। - আধুনিক তর্কবিজ্ঞান আৰু পৰম্পৰাগত তর্কবিজ্ঞানৰ মাজত থকা দুটা পার্থক্য লিখা।
2012, 2013, 2015, 2018
উত্তৰঃ- (ক) পৰম্পৰাগত তর্কবিজ্ঞানৰ ইতিহাস আধুনিক তর্কবিজ্ঞানতকৈ দীৰ্ঘ।
(খ) পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিসৰ আধুনিক তৰ্কবিজ্ঞানৰ পৰিসৰতকৈ ঠেক।
- তর্কবিজ্ঞানৰ এটি সংজ্ঞা দিয়া।
উত্তৰঃ- ভাষাৰে প্ৰকাশিত চিন্তাৰ বিজ্ঞানকে তর্কবিজ্ঞানক বোলে। - তর্কবিজ্ঞানৰ দুটা উপযোগিতা লিখা। 2014, 2015
উত্তৰঃ- (ক) তর্কবিজ্ঞানৰ অধ্যয়নে চিন্তা সু-সংহত আৰু প্ৰণালীবদ্ধ কৰে।
(খ) তর্কবিজ্ঞানে ভাষা শুদ্ধকৈ ক’বলৈ শিকায়। - জ্ঞানৰ প্ৰধান দুটা ভাগ কি কি?
উত্তৰঃ- প্রত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান। - বিজ্ঞান বুলিলে কি বুজা?
উত্তৰঃ- প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সু-সংবদ্ধ, সাধাৰণ, যুক্তিনিষ্ঠ
প্ৰামাণিক, যথাৰ্থ আৰু সুনিশ্চিত জ্ঞানক বিজ্ঞান বোলে। - প্রত্যক্ষ জ্ঞান কাক বোলে?
উত্তৰঃ- অন্তৰ ইন্দ্ৰিয়, অৰ্থাৎ মন আৰু বাহ্য ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰত্যক্ষৰ জৰিয়তে লাভ
কৰা জ্ঞানক প্রত্যক্ষ জ্ঞান বোলে। - পৰোক্ষ জ্ঞান বুলিলে কি বুজা?
উত্তৰঃ- অনুমান শব্দ আদি কোনো জ্ঞানৰ মাধ্যমেৰে লাভ কৰা জ্ঞানক পৰো
জ্ঞান বোলে। - আকাৰগত সত্যতা বুলিলে কি বুজা?
উত্তৰঃ- আত্মবিৰোধমুক্ত সংগতিপূৰ্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা
যায় তাক আকাৰগত সত্যতা বোলে। - পৰোক্ষ জ্ঞানৰ দুটা উৎস লিখা।
উত্তৰঃ- (i) অনুমান (ii) শব্দ - বস্তুগত সত্যতা বুলিলে কি বুজা?
উত্তৰঃ- বাস্তৱ জগতৰ বস্তুৰ লগত চিন্তা বা ধাৰণাৰ সামঞ্জস্য বা অনৰূপতাৰ জৰিয়তে
যি সত্যতাত উপনীত হোৱা যায়, তাক বস্তুগত সত্যতা বোলে।
- বিষয়নিষ্ঠ বিজ্ঞান কি?
উত্তৰঃ- যি বিজ্ঞানে বিষয়বস্তুৰ যথাৰ্থ স্বৰূপ বা প্রকৃতি সম্পর্কে আলোচনা কৰে তাকে
বিষয়নিষ্ঠ বিজ্ঞান বোলে।
৩/৪/৫/৬ নম্বৰ প্রশ্ন আৰু উত্তৰ
- চিন্তাৰ মূল সূত্রবলী উল্লেখ কৰা।
উত্তৰঃ- (ক) তাদাত্ম্য নিয়ম।
(খ) বিৰোধবাধক নিয়ম।
(গ) নির্মধ্যম নিয়ম। - বিজ্ঞান আৰু কলাৰ মাজত থকা তিনিটা পার্থক্য উল্লেখ কৰা। 2013, 2014
উত্তৰঃ- (ক) বিজ্ঞানে জানিবলৈ শিকায় আৰু কলাবিদ্যাই কৰিবলৈ শিকায়।
(খ) বিজ্ঞানে জ্ঞান লাভৰ প্ৰৱৰ্তনা দিয়ে, কলাবিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃত্তি
যোগায়।
(গ) বিজ্ঞানে বস্তুৰ স্বভাৱ, উপাদান আৰু নিয়মাৱলীৰ জ্ঞান দিয়ে, কলাই জ্ঞানক
কোনো নির্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে প্ৰেৰণা যোগায়।
- তর্কবিজ্ঞানৰ তিনিটা বৈশিষ্ট্য লিখা?
উত্তৰঃ- (ক) নিগমনাত্মক পদ্ধতিৰ ব্যৱহাৰ
(খ) চল বা পৰিৱৰ্ত্যৰ ব্যৱহাৰ।
(গ) ধাৰণাজ্ঞাণক চিহ্নৰ ব্যৱহাৰ। - তর্কবিজ্ঞানৰ পৰিসৰ চমুকৈ ব্যাখ্যা কৰা। 2013, 2016
উত্তৰঃ- (ক) তর্কবিজ্ঞানে চিন্তা সম্পৰ্কে আলোচনা কৰিছে। কিয়নো চিন্তা হৈছে তর্কবিজ্ঞানৰ প্ৰথম ভেটি জ্ঞানৰ। (খ) তর্কবিজ্ঞানে চিন্তা শুদ্ধতা বা অনুমানৰ যথাৰ্থতা সম্পৰ্কে আলোচনা কৰে। (গ) তর্কবিজ্ঞানে চিন্তাৰ প্ৰক্ৰিয়া সম্পর্কে ব্যাখ্যা আগবঢ়ায়। (ঘ) তর্কবিজ্ঞানে চিন্তাৰ মূল সূত্রবলী সম্পৰ্কে আলোচনা কৰে।
- পৰোক্ষ জ্ঞান কি? এটা উদাহৰণ দিয়া?
উত্তৰঃ- প্রত্যক্ষ আন কোনো জ্ঞানৰ সহায় নোলোৱাকৈ পোনপটীয়াকৈ বাহ্যিক বা
অন্তঃইন্দ্ৰিয়ৰ জৰিয়তে অৰ্জন কৰা জ্ঞানক প্রত্যক্ষ জ্ঞান বোলে। যেনে- অনুমানৰ জৰিয়তে পোৱা জ্ঞান।
- বস্তুগত সত্যতা বুলিলে কি বুজা? উপযুক্ত উদাহৰণ দিয়া?
উত্তৰঃ- বাস্তৱ জগতৰ বস্তুৰ লগত চিন্তা বা ধাৰণৰ সামঞ্জস্য বা অনুৰূপতাৰ
জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক বস্তুগত সত্যতা বোলে।
উদাহৰণ— ‘গছৰ পাত সেউজীয়া’— এই ধাৰণাৰ বাস্তৱ জগতৰ সেউজীয়া গছৰ পাতৰ লগত সামঞ্জস্য আছে।
4/5 নম্বৰ প্ৰশ্ন আৰু উত্তৰ
- তর্কবিজ্ঞানৰ স্বৰূপ বৰ্ণনা কৰা। 2017, 2014
উত্তৰঃ- তর্কবিজ্ঞানৰ প্ৰকৃতি বা স্বৰূপ হ’ল—
(i) তর্কবিজ্ঞান আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় প্ৰকাৰ সত্যতাৰ লগত জড়িত নহয়। (ii) তর্কবিজ্ঞান আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় প্ৰকাৰ সত্যতাৰ লগত জড়িত। (iii) তর্কবিজ্ঞান বিজ্ঞান আৰু কলাবিদ্যা উভয়েই। (iv) তর্কবিজ্ঞান বিজ্ঞানসমূহৰ বিজ্ঞান আৰু কল্যাণসমূহৰো কলা। (v) তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান বিষয়নিষ্ঠ বিজ্ঞান নহয়। - চমুটোকা লিখা— তর্কবিজ্ঞানৰ বিষয়বস্তু 2012
উত্তৰঃ- (i) তর্কবিজ্ঞানে অনুমান বা যুক্তিৰ আলোচনা কৰে— লগতে চিন্তা বা অনুমানৰ প্রামাণ্য নিৰূপক বিধিসমূহৰ আলোচনা কৰে। (ii) তর্কবিজ্ঞানে চিন্তাৰ শুদ্ধতা, উৎস আদিৰ বিষয়ে আলোচনা কৰে। (iii) অনুমানৰ লগত জড়িত পদ, বচন, যুক্তি আদি তর্কবিজ্ঞানৰ আলোচ্য বিষয়। (iv) তর্কবিজ্ঞানে চিন্তাৰ মূল সূত্রবলী— সম্পৰ্কে আলোচনা কৰে।
- চমুটোকা লিখা— প্রমূল্য বিদ্যা। 2012, 2015
উত্তৰঃ- (i) প্রমূল্য বিদ্যা হৈছে দৰ্শনৰ এটা ভাগ য’ত দৰ্শনে জীৱন আৰু জগতৰ মূল্য নিৰূপণ কৰে। (ii) প্ৰমূল্য বিদ্যাই তিনিটা পৰম মূল্যক আদৰ্শ হিচাপে লৈ জীৱন জগতৰ মূল্য নিৰূপণ কৰে।(iii) প্ৰমূল্য বিদ্যাৰ লগত জড়িত থকা পৰম মূল্য তিনিটা হ’ল— সত্য, সুন্দৰ, শিৱ।
Sheykhul Alom Ahmed
PGT, Logic & Philosophy
HN Seminary HSS, Bagribari, dhubri
M-7002893245.
Leave a comment