দ্বিতীয় অধ্যায় : বচন । Proposition
শুদ্ধ উত্তৰ বাছি উলিওৱাঃ-
(i) বচনৰ সংযোজকটো __।
(a) এটা পদ (b) এটা গুণ
(c) এটা উদ্দেশ্য (d) কোনোটোৱে নহয়
উত্তৰঃ- (d) কোনোটোৱে নহয়।
(ii) গুণ অনুসৰি বচন ।
(a) সকল্পক (b) বিকল্পক
(c) কোনোটোৱে নহয়
উত্তৰঃ-(c) কোনোটোৱে নহয়।
(iii) গুণ অনুসৰি বচন __।
(a) সদর্থক (b) নঞর্থক
(c) সদর্থক-নঞর্থক হ’ব পাৰে
উত্তৰঃ- (d) সদর্থক-নঞর্থক হ’ব পাৰে।
- উদ্দেশ্য আৰু বিধেয় পদৰ মাজত থকা সম্বন্ধযুক্ত চিহ্নটো _ বুলি জনা যায়।
উত্তৰঃ-সংযোজক। - কোনপ্ৰকাৰ বচনত উদ্দেশ্য আৰু বিধেয় উভয়ে ব্যাপ্ত? HS-2015
উত্তৰঃ- E বচনত। - ‘O’ বচনত কোন পদ ব্যাপ্ত? HS-2014
উত্তৰঃ- বিধেয়ক পদ। - সংযোজকটো এটা পদনে? HS-2014, 2018
উত্তৰঃ-নহয়। - সামান্য বচনত কি পদ ব্যাপ্ত। HS-2013, 2016
উত্তৰঃ-উদ্দেশ্য পদ। - বচনৰ চতুৰ্বৰ্গীয় শ্রেণীবিভাগ মতে কিমান প্ৰকাৰ বচন আছে? HS-2013
উত্তৰঃ-চাৰি। - বিশেষ সদর্থক বচনৰ সাংকেতিক নাম কি? HS-2013
উত্তৰঃ-‘I’ বচন। - নিম্নোক্ত কোনটোৰ দ্বাৰা বচনৰ গুণ নিৰ্ধাৰণ কৰা হয়। HS-2015
(ক) উদ্দেশ্য (খ) বিধেয় (গ) সংযোজক (ঘ) উদ্দেশ্য আৰু বিধেয় উভয়ে।
উত্তৰঃ-সংযোজক। - এটা বচনত কেইটা পদ থাকে? HS-2012
উত্তৰঃ-দুটা। - বাক্য আৰু বচন একেইনে?
উত্তৰঃ-নহয়। - উদ্দেশ্য আৰু বিধেয় পদৰ সম্বন্ধমূলক উক্তিক বচন বোলে? উক্ত কথাষাৰ পৰম্পৰাগত তর্কবিজ্ঞানৰ লগত জড়িত নে? উত্তৰঃ-হয়।
- গুণ অনুসৰি বচনক কেইটা ভাগত ভগোৱা হয়?
উত্তৰঃ-দুটা। - সদর্থক বচন গুণ অনুসৰি কৰা বিভাজন হয়নে?
উত্তৰঃ-হয়। - বিশ্লেষক বা শাব্দিক বচন কোন প্ৰকাৰৰ বচনৰ ভাগ?
উত্তৰঃ-তাৎপর্য। - সৰল বচন কোন ফালৰ পৰা বচনৰ বিভাজন?
উত্তৰঃ- গঠনৰ ফালৰ পৰা - সংকল্পক বচনৰ গুণ কেনেদৰে নিৰ্ণয় কৰিব পাৰি?
উত্তৰঃ- অনুবর্তী অংশৰ দ্বাৰা৷ - সংযোজক সদর্থকো বা নঞর্থকো হ’ব পাৰে সত্যনে
উত্তৰঃ-সত্য। - সংকল্পক বচনৰ পৰিমাণ কাৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰঃ-পূৰ্বৱৰ্তী অংশৰ ওপৰত - “E” বচনটো _ বচন৷
উত্তৰঃ- সার্বিক বা সামান্য। - যথার্থ বচন _ ৰ এটা ভাগ।
উত্তৰঃ-তাৎপর্য। - ‘A’ বচনটো সার্বিক __ .
উত্তৰঃ- সদর্থক। - গুণ অনুসৰি বচন _ বা _ হ’ব পাৰে।
উত্তৰঃ-সদর্থক, নঞর্থক - সংকল্পক বচনৰ ভাগ কেইটা?
উত্তৰঃ-দুটা। - বচনৰ বিধেক এটা _।
উত্তৰঃ- পদ। - অনিবার্য বচন __ বটনৰ এটা ভাগ।
উত্তৰঃ-নিশ্চয়তা। - এটা ৰচনত কেইটা পদ থাকে। marks-2 HS-2012, 2014
উত্তৰঃ-দুটা পদ থাকে। - উপযুক্ত উদাহৰণৰ সহায়ত নঞর্থক বচনৰ সংজ্ঞা দিয়া। marks-2 HS-2018 উত্তৰঃ- যি বচনত বিধেয়ক পদক উদ্দেশ্য পদ সম্পর্কে অস্বীকাৰ কৰা হয়, তাকে নঞর্থক বচন বোলে। যেনে— হৰি নহয় বুধিয়ক।
- উদাহৰণসহ নিৰপেক্ষ বচনৰ সংজ্ঞা দিয়া? marks-2 HS-2018
উত্তৰঃ-যি বচনত উদ্দেশ্য আৰু বিধেয় পদৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল
নহয় তাক নিৰপেক্ষ বচন বোলে। উদাহৰণস্বৰূপে জুবিন হয় এজন সুগায়ক। - উপযুক্ত উদাহৰণৰ সহায়ত হেতুপদ বা সংজ্ঞা দিয়া। HS-2018
উত্তৰঃ- যি শব্দই বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধটো স্থাপন কৰি সিদ্ধান্তত
অনুপস্থিত থাকে তাকেই হেতুপদ বোলে৷
যেনে- সকলো চৰাই হয় এনে যি উৰিব পাৰে।
মইনা হয় চৰাই
.:. মইনা হয় এনে যি উৰিব পাৰে।
ওপৰৰ উদাহৰণটো (চৰাই) হৈ হেতুপদ যি সিদ্ধান্তত পক্ষপদ আৰু সাধ্যপদক সংযোগ কৰিছে কিন্তু নিজেই অনুপস্থিত আছে।
- সংযোজকৰ স্বৰূপ বা প্রকৃতি কি চমুকৈ লিখা। marks-4/5 HS-2012, 2014
উত্তৰঃ-সংযোজকৰ স্বৰূপ বা প্রকৃতি তলত দিয়া ধৰণৰ—
(i) সংযোজক পদ নহয়। দুটা পদৰ মাজত থকা এক সম্বন্ধসূচক চিন মাত্র।
(ii) সংযোজক সদায় ভূ-ধাতুৰহে হ’ব লাগে।
(iii) ভূ-ধাতুৰো কেৱল নিত্য বৰ্তমান কাৰ্লৰ ৰূপহে সংযোজক হিচাপে ব্যৱহাৰ হ’ব পাৰে
(iv) সংযোজক সদর্থক বা নঞর্থক হ’ব পাৰে।
(v) তর্কবিজ্ঞান সন্মত বচনত সংযোজকটো ক্রম অনুযায়ী প্রকাশিত হয়।
- তর্কবিজ্ঞান সন্মত বচনত বিভিন্ন অংশবোৰ উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। marks-4/5 HS-2013, 2017 উত্তৰঃ- বচনত তিনিটা অংশ থাকে– উদ্দেশ্য, বিধেয় আৰু সংযোজক। যেনে—‘সকলো মানুহ হয় মৰণশীল’। উদ্দেশ্য— বচনত যাৰ বিষয়ে বা যি পদৰ বিষয়ে কিবা কোৱা হয় তাকে উদ্দেশ্য পদ বোলে। ওপৰৰ উদাহৰ্ণত ‘সকলো মানুহ’ হৈছে উদ্দেশ্য পদ। বিধেয়- বচন উদ্দেশ্য সম্পর্কে যি কোৱা হয় তাক বিধেয় বোলে। ওপৰৰ উদাহৰণটোত ‘মৰণশীল হৈছে বিধেয়’। সংযোজক— উদ্দেশ্য আৰু বিধেয় পদৰ মাজৰ সম্বন্ধসূচক শব্দক সংযোজক বোলে। ওপৰৰ উদাহৰণটোত ‘হয়’ হৈছে সংযোজক।
- আধুনিক তর্কবিজ্ঞানীয়ে বচনৰ পৰম্পৰাগত বিশ্লেষণৰ ত্রুটি কিদৰে আলোচনা কৰিছে? marks-4/5 HS-2013 উত্তৰঃ- আধুনিক তর্কবিজ্ঞানীয়ে বচনৰ পৰম্পৰাগত শ্রেণী বিভাজন সম্পূর্ণৰূপে অসন্তোষজনক বুলি কৈছে কিয়নো– (i) পৰম্পৰাগত শ্ৰেণীবিভাজন সম্পূৰ্ণৰূপে অসন্তোষজনক। (ii) পৰম্পৰাগত শ্ৰেণীবিভাজন অসম্পূৰ্ণ আৰু অপর্যাপ্ত বিশ্লেষণৰ ওপৰত প্রতিষ্ঠিত। (iii) পৰম্পৰাগত তর্কবিজ্ঞানৰ সংজ্ঞা গ্ৰহণযোগ্য নহয় কিয়নো আমি সকলে সময়তে সকলো কথা বা বাক্য উদ্দেশ্য বিধেয় আকাৰত প্ৰকাশ কৰিব নোৱাৰো ৷ (iv) বচনৰ পৰম্পৰাগত বিশ্লেষণে সকলো অর্থযুক্ত বাক্যসমূহক ‘বচন’ বুলিবলৈ অসমৰ্থ হৈছে।
- গুণ আৰু পৰিমাণৰ মিশ্ৰনীতি অনুসৰি বিভাজিত বচনৰ বিভিন্ন প্ৰকাৰৰ প্ৰতিটোৰে উদাহৰণসহ চমুকৈ ব্যাখ্যা কৰা। marks-4 HS-2015, 2016, 2018 উত্তৰঃ-গুণ আৰু পৰিমাণ অনুসৰি বচনৰ ভাগবোৰ হ’ল– (ক) সার্বিক বা সামান্য সদর্থক বচন (A) : যি বচনত বিধেয় পদক উদ্দেশ্য পদৰ দ্বাৰা সূচিত প্ৰত্যেকৰে ক্ষেত্ৰত অৰ্থাৎ সমগ্র উদ্দেশ্য পদ সম্পর্কে স্বীকাৰ কৰা হয় তাক সার্বিক সদর্থক বচন বোলে। যেনে— সকলো মানুহ হয় মৰণশীল। (খ) সার্বিক নঞর্থক বা ‘E’ বচন : যি বচনত বিধেয় পদত উদ্দেশ্য পদৰ দ্বাৰা সুচিত প্ৰত্যেকৰে ক্ষেত্ৰত অৰ্থাৎ সমগ্র উদ্দেশ্য পদ সম্পর্কে অস্বীকাৰ কৰা হয় তাকে সার্বিক নঞর্থক বচন বোলে। যেনে— কোনো মানুহ নহয় পূৰ্ণ৷ (গ) বিশেষ সদর্থক ‘I’ বচন : যি বচনত বিধেয় পদক উদ্দেশ্য পদৰ এটা অংশ অর্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত কিছুমানৰ ক্ষেত্ৰত স্বীকাৰ কৰ হয় তাক বিশেষ সদর্থক বচন বোলে। যেনে— কিছুমান মানুহ হয় সাধু। (ঘ) বিশেষ নঞর্থক ‘O’ বচন : যি বচনত বিধেয় পদৰ উদ্দেশ্য পদৰ এটা অংশ অর্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত কিছুমানৰ ক্ষেত্ৰতহে অস্বীকাৰ কৰা হয় তাক বিশেষ নঞর্থক বচন বোলে। যেনে— কিছুমান মানুহ নহয় অসাধু।
- নিৰপেক্ষ আৰু সাপেক্ষ বচনৰ মাজৰ পাৰ্থক্য লিখা? marks-4/5 HS-2017
উত্তৰঃ-(i) নিৰপেক্ষ বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্পৰ্ক কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ নকৰে। কিন্তু সাপেক্ষ বচনৰ উদ্দেশ্য-বিধেয়ৰ সম্পৰ্ক চৰ্তৰ ওপৰত নিৰ্ভৰশীল। (ii) নিৰপেক্ষ বচনত বিধেয়কক উদ্দেশ্য সম্পর্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয়- কিন্তু সাপেক্ষ বচনত উদ্দেশ্য বিধেয়ৰ সম্পৰ্ক পোনপটীয়া। (iii) নিৰপেক্ষ বচনৰ আকাৰ হ’ল উদ্দেশ্য-বিধেয় কিন্তু সাপেক্ষ বচনৰ আকাৰ হ’ল ‘যদি-তেন্তে, বা, হয় নহয়’। (iv) নিৰপেক্ষ বচনৰ উদাহৰণ হৈছে জুবিন হয় এজন সুগায়ক কিন্তু সাপেক্ষ বচনৰ উদাহৰণ হৈছে ‘যদি মানুহজন দয়ালু তেন্তে তেওঁ ক্ষমা কৰিব’। সাপেক্ষ বচনৰ দুই প্রকাৰৰ কিন্তু নিৰপেক্ষ নহয়।
- এৰিষ্টটলৰ মতে বচন কি? বচনৰ বিভিন্ন অংশবোৰ কি কি ব্যাখ্যা কৰা। marks-4/5 HS-2016, 2012
উত্তৰঃ- এৰিষ্টটলৰ মতে বচন হৈছে উদ্দেশ্য আৰু বিধেয়ক পদৰ মাজৰ সম্বন্ধমূলক উক্তিয়েই বচন। যেনে— ৰাম হয় মানুহ। বচনৰ অংশ তিনিটা এৰিষ্টটলৰ মতে- সেয়া হৈছে— উদ্দেশ্য, সংযোজক, বিধেয়ক। উদ্দেশ্য- যি পদ সম্পর্কে বচনত বিধেয়ক পদক স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকেই উদ্দেশ্য বোলে। বিধেয়— বচনত উদ্দেশ্য পদ সম্পর্কে যি স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিধেয় বোলে। সংযোজক— বচনত যি শব্দই উদ্দেশ্য আৰু বিধেয়কৰ মাজৰ সম্বন্ধ স্থাপন কৰে সেয়াই সংযোজক। যেনে— সকলো কাউৰী হয় ক’লা ইয়াত যথাক্রমে ‘সকলো কাউৰী উদ্দেশ্য, হয়—হৈছে সংযোজক। ‘ক’লা’ হৈছে বিধেয়ক।
- পৰিমাণ আৰু গুণ অনুসৰি অৰ্থাৎ মিশ্ৰনীতি অনুসৰি বচনৰ ভাগকেইটা কি কি?
উত্তৰঃ-পৰিমাণ আৰু গুণ অনুসৰি অৰ্থাৎ মিশ্ৰনীতি অনুসৰি বচনক চাৰিটা ভাগত ভগোৱা হয়—
(ক) সার্বিক বা সামান্য সদর্থক বচন বা ‘A’ বচন।
(খ) সার্বিক বা সামান্য নঞর্থক বচন বা ‘I’ বচন।
(গ) বিশেষ সদর্থক বা ‘I’ বচন।
(ঘ) বিশেষ নঞর্থক বা ‘O’ বচন। - গুণ অনুসৰি বচনৰ ভাগকেইটা কি কি উল্লেখ কৰা?
উত্তৰঃ- গুণ অনুসৰি বচনৰ ভাগ দুটা—
সদর্থক বচন আৰু নঞর্থক বচন। - মিশ্ৰনীতি অনুসৰি বিভাজিত বচনবোৰৰ প্রতীকীয় ৰূপ কি কি?
উত্তৰঃ-(ক) সার্বিক সদর্থক বচন— ‘A’ বচন।
(খ) সার্বিক নঞর্থক বচন— ‘E’ বচন।
(গ) বিশেষ সদর্থক বচন— ‘I’ বচন।
(ঘ) বিশেষ নঞর্থক বচন— ‘O’ বচন। - বাক্য আৰু ৰচনৰ মাজত কি কি পার্থক্য আছে। marks-4/5 HS-2013
উত্তৰঃ-পার্থক্য :
(ক) বচনত তিনিটা অংশ থাকে— উদ্দেশ্য, বিধেয়ক, সংযোজক কিন্তু বাক্য অংশ দুটা— উদ্দেশ্য আৰু বিধেয়। (খ) কেৱল বৰ্ণনামূলক বাক্যহে বচনত ব্যৱহাৰ হয় কিন্তু বাক্য ভাৱবোধক, বর্ণনামূলক হ’ব পাৰে। (গ) বচন সঁচা বা মিছা হ’ব পাৰে কিন্তু ৰাজ্যৰ ক্ষেত্ৰত সঁচা-মিছাৰ প্ৰশ্ন নাহে। (ঘ) বাক্যৰ কোনো নিৰ্দিষ্ট আকাৰ নাই কিন্তু বচনৰ A, E, I, O এই চাৰিটা আকাৰ আছে (ঙ) বচন সদায় বর্তমান কালত থাকিব পাৰে। কিন্তু বাক্য যিকোনো কালৰ হ’ব পাৰে।
Sheykhul Alom Ahmed
PGT, Logic & Philosophy
HN Seminary HSS, Bagribari, dhubri
M-7002893245.
Leave a comment