একাদশ শ্ৰেণীৰ তৰ্কবিজ্ঞান – তৃতীয় অধ্যায় : সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (বচনৰ সৰলীকৰণ) Class 11 Logic and Philosophy : Transformation of Ordinary Sentences to Logical Proposition
- অতি চমু প্ৰশ্নোত্তৰঃ-
(i) বচনৰ সৰলীকৰণত তর্কবিজ্ঞানসন্মত বচনবোৰ কি কি ৰূপলৈ নিয়া হয়?
উত্তৰঃ-A, E, I, O
(ii) বচনৰ ক্ষেত্ৰত প্ৰথমে ব্যৱহৃত শব্দটো কি?
উত্তৰঃ-পৰিমাণক।
(iii) সংযোজক বচনৰ ক’ত থাকে?
উত্তৰঃ- উদ্দেশ্য আৰু বিধেয়কৰ মাজত থাকে।
(iv) এটা বচনত কেইটা অংশ থাকে?
উত্তৰঃ-তিনিটা।
(v) বচনৰ অংশসমূহ কি কি?
উত্তৰঃ-উদ্দেশ্য, বিধেয় আৰু সংযোজক।
(vi) বচনৰ সৰলীকৰণত অৰ্থৰ পৰিৱৰ্তন হয়নে?
উত্তৰঃ-নহয়।
(vii) বচনৰ ক্ষেত্ৰ নঞর্থক চিনটো কোনটো পদৰ লগত জড়িত।
উত্তৰঃ-বিধেয়কৰ লগত।
(viii) যিবোৰ সদৰ্থক বচনত কিছুমান, কিছুসংখ্যক, কেইটামান, কোনো কোনো, বহুতো আদি শব্দ থাকে সেইবোৰ বাক্যক কোনপ্ৰকাৰ বচনলৈ নিয়া হয়?
উত্তৰঃ- I বচন বা বিশেষ সদর্থক বচনলৈ।
(ix) ‘সাধাৰণতে, প্রায়েই, কেতিয়াবা, অধিকাংশ শব্দযুক্ত বাক্যবোৰক কোন বচনলৈ ৰূপান্তৰিত কৰা হয়?
উত্তৰঃ-‘I’ বচনলৈ।
(x) সাধাৰণতে, প্ৰায়েই, কেতিয়াবা, অধিকাংশ আদি শব্দযুক্ত নঞর্থক বাক্যবোৰক কোন প্ৰকাৰ বচনলৈ পৰিৱৰ্তন কৰা হয়।
উত্তৰঃ-‘O’ বচনলৈ।
(xi) ‘কমেই, কদাচিৎ আদি শব্দ যদি সদর্থক বাক্যত থাকে তেতিয়াহ’লে তাঁক কি বচনলৈ ৰূপান্তৰিত কৰিবা? HS-2012
উত্তৰঃ- ‘O’ বচনলৈ।
(xii) সৰলীকৰণত বচনবোৰ __ বচনলৈ নিয়া হয়।
উত্তৰঃ-A, E, I, O
(xiii) বচনৰ সৰলীকৰণত বাক্য আৰু পৰিৱৰ্তিত বচনৰ __ সলনি নহয়।
উত্তৰঃ- অর্থ।
(xiv) __ উদ্দেশ্য আৰু বিধেয়কৰ মাজত থাকে।
উত্তৰঃ- সংযোজক
(xv) বচনৰ ক্ষেত্ৰত প্ৰথমে ব্যৱহৃত হোৱা শব্দটো হ’ল——।
উত্তৰঃ- পৰিমাণক।
(xvi) বচনৰ ক্ষেত্ৰত নঞর্থক চিনটো __ লগত সংযোগ হয়।
উত্তৰঃ-বিধেয়কৰ লগত।
(xv) ‘কেৱল’ শব্দৰে আৰম্ভ হোৱা বচনবোৰ __ বচনলৈ ৰূপান্তৰিত কৰিব পাৰি?
উত্তৰঃ- A বা E বা I বচনলৈ।
(xvi) ‘কমেই’ শব্দ থকা বাক্য __ বচনলৈ নিয়া হয়।
উত্তৰঃ- ‘O’ বচনলৈ।
(xvii) এটা ৰচনত অংশসমূহ __ থাকে।
উত্তৰঃ- ক্রম অনুসৰি
(xviii) যিবোৰ নঞর্থক বাক্যত কিছুমান, কিছুসংখ্যক, প্রায় অধিকাংশ শব্দ থাকে, সেইবোৰ বাক্য কি বচনলৈ নিয়া হয়? HS-2012
উত্তৰঃ- ‘O’ বচনলৈ।
- উদাহৰণ দিয়া― A আৰু E বচন।
উত্তৰঃ-‘A’ বচন— সকলো মানুহ হয় মৰণশীল।
‘E’ বচন— কোনো মানুহ নহয় অমৰ। - উদাহৰণ দিয়া— ‘I’ আৰু ‘0’ বচন।
উত্তৰঃ-‘I’ কিছুমান মানুহ হয় সৎ।
‘O ‘- কিছুমান মানুহ নহয় সৎ।
4.‘মানুহ মাত্ৰেই মৰণশীল’— এই বাক্যটোক তর্কবিজ্ঞানসন্মত ৰূপত প্রকাশ কৰি প্ৰতিৱৰ্তন কৰা৷ marks-3 HS-2013
উত্তৰঃ- সকলো ‘মৰণশীল হয় মানুহ— A বচন
প্রতিবর্তন ৰূপ— কোনো মৰণশীল নহয় অমানুহ।
- তলৰ বাক্যকেইটা তর্কবিজ্ঞান সন্মত বচনলৈ নিয়া? marks-4 HS- 2013 (a) কেইজনমানৰ বাহিৰে সভাৰ সকলো সদস্য উপস্থিত আছে। উত্তৰঃ- কিছুমান সদস্য হয় এনে যি সভাত উপস্থিত আছে— ‘I’ বচন। (b) কাচিৎহে মানুহৰ অনুশোচনা হয়। উত্তৰঃ- কিছুমান লোক নহয় এনে যাৰ অনুশোচনা হয়— ‘O’ বচন।
- তলত উল্লেখ কৰা বাক্য দুটা বাক্য তর্কবিজ্ঞানসন্মত বচনলৈ নিয়া? marks-4 HS-2012 (a) সকলো ভাল লেখক ভাল বক্তা নহয়। উত্তৰঃ- কিছুমান ভাল লেখক নহয় ভাল বক্তা— ‘O’ বচন। (b) বেছিভাগ মানুহেই সৎ নহয়। উত্তৰঃ- কিছুমান মানুহ নহয় সৎ— ‘O’ বচন।
- বাক্যক বচনলৈ পৰিৱৰ্তন কৰাৰ তিনিটা নিয়ম উল্লেখ কৰা। marks- 2×3=6 উত্তৰঃ- (i) যিবোৰ সদৰ্থক বাক্যত ‘সকলো, সমস্ত, প্রত্যেক আদি শব্দ থাকে সেইবোৰ বাক্যক ‘A’ বচনলৈ ৰূপান্তৰিত কৰিব লাগে। (ii) যিবোৰ নঞর্থক বাক্যত সকলো, সমস্ত, প্রত্যেক’ আদি শব্দ থাকে সেইবোৰ বাক্যক ‘O’ বচনলৈ ৰূপান্তৰিত কৰিব লাগে। (iii) যিবোৰ বাক্যৰ উদ্দেশ্য পদটো বিশিষ্ট পদ হয়, সেইবোৰ বাক্যক ‘A’ বচনলৈ পৰিৱৰ্তন কৰিব লাগে।
Sheykhul Alom Ahmed
PGT, Logic & Philosophy
HN Seminary HSS, Bagribari, dhubri
M-7002893245.
Leave a comment