একাদশ শ্ৰেণীৰ তৰ্কবিজ্ঞান
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা
Distribution of a term in a Logical proposition
Class XI Logic and Philosophy
- কোনপ্ৰকাৰ বচনত উদ্দেশ্য আৰু বিধেয়ক উভয়ে ব্যাপ্ত। HS-2015
উত্তৰঃ- ‘E’ বচনত। - কোনো এটা পদৰ পৰিমাণগত গুণগত অৰ্থ হৈছে ইয়াৰ ব্যাচাৰ্থ। HS-2018
উত্তৰঃ- পৰিমাণগত। - সামান্য বচনত কি পদ ব্যাপ্ত? HS-2013, 2016
উত্তৰঃ- উদ্দেশ্য পদ। - বিশেষ সদর্থক বচনৰ উদ্দেশ্য বিধেয় পদ ব্যাপ্ত নে?
উত্তৰঃ-কোনোটোৱে ব্যাপ্ত নহয়। - বিশিষ্ট বচনৰ ক্ষেত্ৰত কোন পদ ব্যাপ্ত?
উত্তৰঃ-দুয়োটা পদেই ব্যাপ্ত। - ‘O’ বচনত উদ্দেশ্য/বিধেয়/দুয়োটা পদ ব্যাপ্ত।
উত্তৰঃ- বিধেয়। - ‘A’ বচনত বিধেয়/উদ্দেশ্য/দুয়োটা পদ ব্যাপ্ত হয়।
উত্তৰঃ-উদ্দেশ্য। - পদৰ ব্যাপ্তৰ বিষয়বস্তু কি?
উত্তৰঃ-পদৰ ব্যাচাৰ্থ বা বিস্তৃতি। - এটা বিশেষ সদর্থক বচনত কোন পদ ব্যাপ্ত?
উত্তৰঃ-কোনটো পদেই ব্যাপ্ত নহয়। - এটা বিশেষ নঞর্থক বচনত কি পদ ব্যাপ্ত।
উত্তৰঃ-বিধেয়ক পদ ব্যাপ্ত। - বচন এটা সদর্থক হ’লে কি পদ অব্যাপ্ত হয়?
উত্তৰঃ-বিধেয়ক পদ। - বচন এটা নঞর্থক হ’লে কি পদ ব্যাপ্ত হয়?
উত্তৰঃ-বিধেয়ক পদ। - নঞর্থক বচনত দুয়োটা পদেই ব্যাপ্ত সত্যনে?
উত্তৰঃ- সত্য নহয়। - ‘সকলো মানুহ হয় মৰণশীল’— এই বচনটো কোন পদ ব্যাপ্ত হয় উল্লেখ কৰা।
উত্তৰঃ- মানুহ (উদ্দেশ্য পদটো)। - সামান্য বচনত কেৱল উদ্দেশ্য পদেই ব্যাপ্ত হয়— সত্যনে?
উত্তৰঃ- অসত্য। - সকলো কাউৰী হয় ক’লা— এই বচনটোত কোন পদ ব্যাপ্ত হৈছে লিখা?
উত্তৰঃ- কাউৰী (উদ্দেশ্য পদটো)। - সামান্য নঞর্থক বচনত কি কি পদ ব্যাপ্ত।
উত্তৰঃ-উদ্দেশ্য আৰু বিধেয় দুয়োটা। - ব্যাপ্ত পদ কাক বোলে?
উত্তৰঃ-যেতিয়া কোনো এটা পদৰ দ্বাৰা ইয়াৰ সম্পূৰ্ণ বাচ্যাৰ্থক বুজোৱা হয় তেতিয়া
তাক ব্যাপ্ত পদ বোলে। - পদৰ ব্যাপ্ততা বুলিলে কি বুজা?
উত্তৰঃ- পদ এটাৰ দ্বাৰা যি পৰিমাণৰ বাচ্যাৰ্থ প্ৰকাশ কৰা হয়, তাকে পদৰ ব্যাপ্ততা বোলে। - ‘সামান্য বচনত উদ্দেশ্য পদ ব্যাপ্ত হয়’ কথাষাৰ বুজাবলৈ এটা উদাহৰণ ব্যৱহাৰ কৰি উল্লেখ কৰা?উত্তৰঃ- সকলো মানুহ হয় মৰণশীল। এই বচনটোত ‘সকলো মানুহ’ ব্যাপ্ত পদ।
- তলত দিয়া বাক্যসমূহ পৰিৱৰ্তন কৰি ব্যাপ্ত পদটো বাছি উলিওৱা।
(i) প্রত্যেক মানুহ মৰণশীল। নম্বৰ-2 HS-2016, 2017
উত্তৰঃ-সকলো মানুহ হয় মৰণশীল – A
ইয়াৰ উদ্দেশ্য পদ ব্যাপ্ত।
(ii) ‘কেৱল স্নাতকসকলেই এই পদৰ বাবে যোগ্য’ নম্বৰ-2 HS- 2016, 2017
উত্তৰঃ-সকলো স্নাতক হয় পদটোৰ যোগ্য— A বচন
‘সকলো স্নাতক’ ব্যাপ্ত পদ।
(iii) বেছিভাগ ছাত্ৰই পৰিশ্ৰমী নম্বৰ-2 HS-2017
উত্তৰঃ-কিছুমান ছাত্র নহয় পৰিশ্ৰমী— ‘O’ বচন
বিধেয়ক পদ পৰিশ্ৰমী ব্যাপ্ত। - তলত দিয়া বাক্য পৰিৱৰ্তন কৰি ব্যাপ্ত পদটো দেখুওৱা? অধিকাংশ মানুহে সুখী নহয়। উত্তৰঃ-কিছুমান মানুহ নহয় সুখী — ‘O’ বচন। এই বচনটোৰ বিধেয়ক পদ ব্যাপ্ত।
- তলৰ বাক্যটো বচনলৈ নি ব্যাপ্ত পদটো লিখা? শান্তি সকলোৰে কাম্য।
উত্তৰঃ- শান্তি হয় এনে যি সকলোৰে কাম্য — A বচনটো উদ্দেশ্য পদ ব্যাপ্ত। - তলৰ বাক্যটো বচনলৈ নিয়া আৰু ব্যাপ্ত পদটো আঁচ টানি দেখুওৱা?
সকলো নাগৰিক দেশপ্রেমিক নহয়।
উত্তৰঃ-কিছুমান নাগৰিক নহয় দেশপ্রেমিক। - চমুটোকা লিখা— পদৰ ব্যাপ্ততা নম্বৰ-4 HS-2012, 2014
উত্তৰঃ-ব্যাপ্ততা ই পদৰ বিস্তৃতিক বুজায়। যেতিয়া পদ এটাক ইয়াৰ সম্পূৰ্ণ বাচ্যার্থত লোৱা হয়, তেতিয়াই ইয়াক ব্যাপ্ত হোৱা বুলি ধৰা হয়। যেনে— ‘সকলো মানুহ হয় মৰণশীল’। ওপৰৰ উদাহৰণটোত উদ্দেশ্য পদ ‘মানুহ’ ‘সকলো’ পৰিমাণকৰে চিহ্নিত হৈছে আৰু ই সমগ্ৰ বাচ্যার্থক সূচাইছে। এই ক্ষেত্ৰত উদ্দেশ্য পদক ব্যাপ্ত বুলি কোৱা হয়। এই ব্যাপ্ত তাৰ ধাৰণাটো ‘A’, ‘E’, ‘I’, ‘O’ বচনৰ লগত জড়িত আছে। - তলৰ বাক্যটো বচনলৈ নিয়া আৰু ব্যাপ্ত পদটো আঁচ টানি দেখুওৱা? বিদ্যার্থীয়ে সংস্কৃত টান পায়। উত্তৰঃ-কিছুমান বিদ্যার্থী হয় এনে যি সংস্কৃত টান পায়— ‘I’ বচন। ওপৰৰ বচনটোত কোনো পদেই ব্যাপ্ত নহয়।
- তলত দিয়া বাক্যসমূহ তর্কবিজ্ঞানসন্মত বচনলৈ ৰূপান্তৰ কৰি বচনটোত কোন পদ ব্যাপ্ত উল্লেখ কৰা। নম্বৰ-4×2=8, HS-2015 (i) সকলো চকচকীয়া বস্তু সোণ নহয়। উত্তৰঃ- কিছুমান চকুচকীয়া বস্তু নহয় সোণ— ‘O’। এই বচনটোত বিধেয়ক পদ ‘সোণ’ ব্যাপ্ত। (ii) পাৰাৰ বাহিৰে সকলো ধাতুৱেই কঠিন। উত্তৰঃ-পাৰাৰ বাহিৰে সকলো ধতু হয় কঠিন— ‘A’। .:. এই বচনটোত উদ্দেশ্য পদ ‘পাৰাৰ বাহিৰে সকলো ধাতু’– ব্যাপ্ত। (iii) সিংহই কেতিয়াও কফি নাখায়। উত্তৰঃ-কোনো সিংহ নহয় এনে যি কফি খায় — ‘E’ | এই বচনটো উদ্দেশ্য আৰু বিধেয় দুয়োটাই ব্যাপ্ত। (iv) বিদ্বান সর্বত্র পূজিত। উত্তৰঃ-সকলো বিদ্বান হয় পূজিত— ‘A’। এই বচনটোত উদ্দেশ্য পদ ‘সকলো বিদ্বান’ ব্যাপ্ত পদ।
- “বিশেষ বচনৰ উদ্দেশ্য পদ অব্যাপ্ত’ বুজাই লিখা?
উত্তৰঃ- পৰম্পৰাগত বচনৰ চতুৰ্বৰ্গীয় বিভাজনৰ ‘I’ আৰু ‘O’ বিশেষ বচন। এনে বচনৰ উদ্দেশ্য পদ অব্যাপ্ত কিয়নো ই কিছুমান পৰিমাণকৰে নিৰ্দেশিত হৈ আংশিক বাচ্যার্থ সুচায়। যেনে— ‘কিছুমান প্রাণী হয় জ্ঞানী’ এই উদ্দেশ্য বচনটোত উদ্দেশ্য পদ ‘প্রাণী’ কিছুমান পৰিমাণকৰে প্ৰকাশক হৈছে কাৰণেই অব্যাপ্ত। - পদৰ ব্যাপ্ততা বুলিলে কি বুজা? A, E, I, O বচনৰ আকাৰ উল্লেখ কৰি ব্যাপ্ত পদবোৰ আঁচ টানি দেখুওৱা। উত্তৰঃ- যেতিয়া পদ এটাক ইয়াৰ সম্পূৰ্ণ ব্যাচাৰ্থত লোৱা হয় তেতিয়াই ব্যাপ্ত পদ বুলি কোৱা হয়। সাধাৰণ অৰ্থত ব্যাপ্ততাই প্ৰসৰতা বা বিস্তৃতিক সূচনা কৰে। A, E, I, O বচনৰ আকাৰবোৰ তলত উল্লেখ কৰি তলত আঁচ টানি ব্যাপ্ত পদবোৰ দেখুওৱা হ’ল— A- সকলো ‘S’ হয় ‘P’ — (উদ্দেশ্য (subject) ব্যাপ্ত) E- কোনো ‘S’ নহয় ‘P’— (উদ্দেশ্য (S) আৰু বিধেয়ক (Predicte ব্যাপ্ত) I— কিছুমান ‘S’ হয় ‘P’ — (S আৰু P অব্যাপ্ত) O- কিছুমান ‘S’ নহয় ‘P’ — ((‘P’) বিধেয়ক পদ ব্যাপ্ত)।
Sheykhul Alom Ahmed
PGT, Logic & Philosophy
HN Seminary HSS, Bagribari, dhubri
M-7002893245.
Leave a comment