একাদশ শ্ৰেণীৰ তৰ্কবিজ্ঞান
ভাৰতীয় দর্শন
Indian Philosophy
Class XI Logic & Philosophy
ভাৰতীয় দর্শন । Indian Philosophy
- “Philos” শব্দৰ অৰ্থ কি?
উত্তৰঃ- “Philos” শব্দৰ অৰ্থ হৈছে অনুৰাগ। - “Sophia” শব্দৰ অৰ্থ কি?
উত্তৰঃ- ‘জ্ঞান’ বা ‘wisdom’। - দৰ্শন আৰু বিজ্ঞানৰ মাজত থকা যিকোনো এটা পার্থক্য লিখা। HS- 2012
উত্তৰঃ- দৰ্শনৰ অধ্যয়ন সংশ্লেষণাত্মক কিন্তু বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক। - কোনটো ভাৰতীয় দৰ্শনমতে কেৱল জড়ৰহে অস্তিত্ব আছে? HS- 2012
উত্তৰঃ- চার্বাক। - ভাৰতীয় দৰ্শনত কেইটা প্ৰমাণ স্বীকাৰ কৰা হয়? HS- 2016
উত্তৰঃ- ছয়টা। - স্বার্থানুমান/পৰার্থানুমানত পঞ্চাবয়ব ন্যায়ৰ আকাৰ ব্যৱস্থাৰ হয়।
উত্তৰঃ- পৰাৰ্থানুমান। - সাংখ্যদৰ্শনৰ প্ৰতিষ্ঠাতা-গৌতম/কপিল / কনাদ।
উত্তৰঃ- কপিল - মহর্ষি গৌতম/পতঞ্জলি/কপিল মুনি সাংখ্যদৰ্শনৰ প্ৰতিষ্ঠাতা।
উত্তৰঃ- কপিল মুনি। - ‘জৈন’ শব্দটোৰ অৰ্থ কি?
উত্তৰঃ- জিন বা জয়ী হোৱা। - বৈশেষিক দর্শনৰ প্ৰতিষ্ঠাতা কোন? HS- 2018
উত্তৰঃ- মহর্ষি কনাড। - ‘যোগ’ শব্দটোৰ আক্ষৰিক অর্থ কি?
উত্তৰঃ- ‘মুক্ত’ হোৱা। - মীমাংসা দৰ্শনৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ- মহর্ষি জৈমিনি। - বেদান্ত দর্শনত কেই প্ৰকাৰৰ জ্ঞান পোৱা যায়?
উত্তৰঃ- তিনি প্ৰকাৰৰ। - ‘দৰ্শন’ শব্দটো কি দুটা গ্ৰীক শব্দৰ পৰা আহিছে? নম্বৰ- ২
উত্তৰঃ- “Philos” আৰু “Sophia” নামৰ দুটা গ্ৰীক শব্দৰ পৰা আহিছে। - অবৈদিক দর্শন বুলিলে কি বুজা? HS- 2012 নম্বৰ- ২
উত্তৰঃ- যিবোৰ দৰ্শন সম্প্রদায়ে বেদৰ প্রামাণ্য স্বীকাৰ নকৰে সেই দাৰ্শনিক সম্প্রদায়কে
অবৈদিক দর্শন বোলে।
- ভাৰতীয় দৰ্শনত কেইটা সম্প্রদায় আছে? HS- 2012 নম্বৰ- ২
উত্তৰঃ- ৯ টা। - ভাৰতীয় দৰ্শনৰ যিকোনো দুটা বৈদিক সম্প্ৰদায়ৰ নাম লিখা। HS- 2016 নম্বৰ-
২
উত্তৰঃ- বেদান্ত আৰু মীমাংসা।
- ভাৰতীয় দৰ্শনৰ যিকোনো এটা বৈশিষ্ট্য লিখা। HS- 2016 নম্বৰ- ২
উত্তৰঃ- ব্যৱহাৰিক প্রয়োজন বোধ। - ব্যৱহাৰিক প্ৰয়োজনবোধ ভাৰতীয় দৰ্শনৰ বৈশিষ্ট্য? HS- 2017 নম্বৰ- ২
উত্তৰঃ- ভাৰতীয় দৰ্শনৰ প্ৰায়বোৰ সম্প্ৰদায়েই ব্যৱহাৰিক দিশৰ প্ৰতি গুৰুত্ব দিছে, কিদৰে
জীৱন কল্যাণ আৰু সুন্দৰময় হয় তাৰ গুৰুত্ব দিছে।
- চার্বাক দৰ্শৰ মতে বৈধজ্ঞানৰ উৎস এক মাত্র কি?
উত্তৰঃ- প্রতক্ষ্য। - ভাৰতীয় দৰ্শন অনুযায়ী শব্দটো ক’ৰ পৰা আহিছে আৰু তাৰ অৰ্থ কি?
উত্তৰঃ- ভাৰতীয় দৰ্শন শব্দটো সংস্কৃত ‘দুশ’ ধাতুৰ পৰা আহিছে যাৰ অৰ্থ হৈছে
দেখা বা প্রতক্ষ্য কৰা। - ‘বেদ’ শব্দটো অৰ্থ কি? নম্বৰ- ২
উত্তৰঃ- ‘বেদ’ শব্দটোৰ অৰ্থ হৈছে জ্ঞান। - ‘বেদ’ শব্দটোৰ ক’ৰ পৰা আহিছে?
উত্তৰঃ- সাংস্কৃতবিদ ধাতুৰ পৰা বেদ শব্দটো আহিছে। - ভাৰতীয় দৰ্শনৰ দুটা বেদ স্বতন্ত্ৰ দুটা সাম্প্ৰদায়ৰ নাম লিখা।
উত্তৰঃ- (ক) সাংখ্য (খ) যোগ - সাংখ্য দর্শনৰ প্ৰাচীনতম গ্রন্থ কি আৰু ইয়াৰ প্ৰণেতা কোন?
উত্তৰঃ- সাংখ্য কাৰিক আৰু ইয়াৰ প্ৰণেতা ঈশ্বৰ কৃষ্ণ। - ভাৰতীয় দৰ্শনৰ তিনিটা বৈশিষ্ট্য চমুকৈ লিখা? HS- 2013, 2012 নম্বৰ- ৩
উত্তৰঃ- (ক) ব্যৱহাৰিক প্ৰয়োজন বোধ:- মানৱ জীৱনৰ সমস্যা সমাধান কৰিব পাৰি
ভাৰতীয় দৰ্শনৰ জ্ঞানৰ জৰিয়তে কিয়নো ভাৰতীয় দৰ্শনে ব্যৱহাৰিক প্রয়োজনীয়তাৰ
ওপৰত গুৰুত্ব দিয়ে।
(খ) জন্মান্তৰ বাদত বিশ্বাস:- ভাৰতীয় দৰ্শনে পুনর্জন্মত বিশ্বাস কৰে। নিজৰ কৰ্মফলৰ
বাবেই আত্মাই পুনৰ জনম লব লগা হয়।
(গ) মোক্ষ জীৱনৰ পৰম লক্ষ্য:- ভাৱৰতীয় দৰ্শনে মোক্ষকে জীৱনৰ পৰম পুৰুষাৰ্থ বুলি
কৈছে।
- দৰ্শনৰ প্ৰধান শাখাসমূহ কি কি? HS- 2012 নম্বৰ- ৩
উত্তৰঃ- দৰ্শনৰ প্ৰধান শাখা দুটা বৈদিক বা আস্তিক আৰু অবৈদিক বা নাস্তিক। - ভাৰতীয় দৰ্শনৰ অবৈদিক সম্প্রদায়সমূহ কি কি? HS- 2013 নম্বৰ- ৩
উত্তৰঃ- (ক) চার্বাক (খ) বৌদ্ধ জৈন। - চমুটোকা লিখা : HS- 2014 নম্বৰ- ৩
অবৈদিম দর্শন
উত্তৰঃ- যিবোৰ সম্প্ৰদায়ে বেদৰ প্রামাণ্যক স্বীকাৰ নকৰে তাকেই অবৈদিক দর্শন বুলি
কোৱা হয়। অবৈদিক দর্শন হৈছে বেদক বিশ্বাস নকৰা দৰ্শন। ভাৰতীয় দৰ্শনত অবৈদিক
দার্শনিক সম্প্রদায় তিনিটা চার্বাক, জৈন, বৌদ্ধ।
অবৈদিক দর্শন হিচাপে চার্বাক দর্শনে বেদৰ অস্তিত্ব আৰু ভগৱান ঈশ্বৰ
নামানে কিয়োনো সেইবোৰ আমি প্রত্যক্ষত নাপাওঁ।
জৈন দর্শনেও বেদক নামানে আৰু বেদবহির্ভূতভাৱে গঢ়ি উঠিছে।
মূল নীতিভিত্তিক।
বৌদ্ধ দর্শনো অবৈদিক দর্শন যিয়ে বেদ আৰু ভগবানক মনা নাই।
- বৌদ্ধ দৰ্শনৰ চাৰি আৰ্য সত্যৰ তিনিটা উল্লেখ কৰা। নম্বৰ- ৩
উত্তৰঃ- (ক) দুখ আছে (খ) দুখৰ কাৰণ আছে (গ) দুখ নিৰাময়ৰ উপায় আছে। - বৌদ্ধ দৰ্শনৰ মূল গ্রন্থাকি আৰু ইয়াৰ শাখা দুটা কি কি? নম্বৰ- ৩
উত্তৰঃ- মূল গ্রন্থ ত্রিপিটক—
ইয়াৰ শাখা দুটা হ’ল— হীনযান আৰু মহাযান। - বেদান্ত দৰ্শনৰ জ্ঞানৰ উৎসৰ ৩ টা প্ৰকাৰ উল্লেখ কৰা। নম্বৰ- ৩
উত্তৰঃ- তিনি প্ৰকাৰৰ— (ক) প্ৰত্যক্ষ (খ) অনুমান (গ) শ্রুতি - মীমাংসা দৰ্শনত জৈমিনি কেইটা প্রমাণ দিছে কি কি? নম্বৰ- ৩
উত্তৰঃ- তিনিটা— (ক) প্রত্যক্ষ (খ) অনুমান (গ) শব্দ - সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠাতা কোন? ‘সাংখ্য” শব্দটোৰ অৰ্থ কি কি? নম্বৰ- ৩
উত্তৰঃ- কপিলমণি
সাংখ্যা শব্দটোৰ অৰ্থ হৈছে- যথার্থ জ্ঞান তথা গণনা। - দৰ্শনৰ প্ৰধান শাখাসমূহ কি কি? নম্বৰ- ৪/৬
উত্তৰঃ- দৰ্শনৰ প্ৰধান শাখা অবৈদিক বা নাস্তিক আৰু বৈদিক বা আস্তিক। ইয়াৰে
অবৈদিক বা বা নাস্তিক সম্প্রদায় তিনিটা—
(ক) বৌদ্ধ জৈন, চার্বাক।
আস্তিক বা বৈদিক সম্প্রদায় ছয়টা—
(ক) সাংখ্য (খ) যোগ (গ) ন্যায় (ঘ) বৈশেষিক
(ঙ) মীমাংসা (চ) বেদান্ত।
- ভাৰতীয় দৰ্শনৰ শ্ৰেণী বিভাজন আগবঢ়োৱা৷ HS- 2014, 2018
নম্বৰ- ৪
উত্তৰঃ- ভাৰতীয় দৰ্শন
বৈদিক/আস্তিক অবৈদিক/নাস্তিক
- সাংখ্যা -বৌদ্ধ
- যোগ – চাৰ্বাম
- ন্যায় – জৈন
- বৈশেষিক
- মিমাংশা
- বেদান্ত
- ভাৰতীয় দৰ্শনৰ যিকোনো দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ব্যাখ্যা কৰা। HS- 2017
নম্বৰ- ৪
উত্তৰঃ- (ক) প্ৰাৰম্ভিক নৈৰাশ্যবাদ:-
ভাৰতীয় দৰ্শনৰ চাৰ্বাকৰ বাহিৰে প্ৰায়বোৰ দাৰ্শনিক সম্প্রদায়ে দুখৰ
বিষয়ে আলোচনা কৰিছে। জীৱন দুখময় আৰু তাৰ পৰা অব্যাহতি পালেই মুক্তি সম্ভব
হয়। সেয়েহে নিৰূশা প্রায় বোৰ দৰ্শনেৰে বৈশিষ্ট্য।
(খ) জন্মান্তৰ বাদত বিশ্বাসঃ-
ভাৰতীয় দৰ্শনৰ চাৰ্বাকৰ বাহিৰে সকলো সম্প্রদায়ে জনান্তৰ বাদত বিশ্বাসী
আৰু জীৱই নিজ কৰ্মক বাবে পুনৰ জনম লব লাগে।
- ভাৰতীয় দৰ্শনৰ প্ৰকৃতি বৰ্ণনা কৰা। নম্বৰ- ৪
উত্তৰঃ- ভাৰতীয় দৰ্শনৰ উৎস হৈছে প্ৰাচীন বেদসমূহ।
ভাৰতীয় দৰ্শনৰ প্ৰকৃতি তলত দিয়া ধৰণৰ—
(ক) সংজ্ঞাৰ দিশৰ পৰা ভাৰতীয় দৰ্শনৰ প্ৰকৃতি:- সংজ্ঞাৰ ফালৰ পৰা ভৰতীয় দৰ্শনে
সত্যক দেখাৰ কথা কৈছে অর্থাৎ প্রকৃত সত্য উপলব্ধি কৰা।
(খ) জীৱনক অর্থময় কৰি তোলাৰ প্ৰচেষ্টা:- ভাৰতীয় দৰ্শনৰ বহুতো সম্প্রাদায় আছে
যিবোৰে দুসক আলোচনা কৰিলেও শেষত দুখ জয় কৰি জীৱনক আনন্দময় কৰি তোলাৰ
কথা কৈছে—
(গ) আধ্যাত্মিক দৰ্শন:- ভাৰতীয় দৰ্শনৰ প্ৰকৃতি হৈছে আধ্যাত্মিকতা। চার্বাকৰ বাহিৰে
প্ৰায় বোৰ দৰ্শনে আধ্যাত্মিকতাৰ কথা কৈছে।
(ঘ) দৃষ্টিভংগীৰ উদাৰতা:- ভাৰতীয় দৰ্শনৰ প্ৰকৃতি হৈছে উদাৰতা। সকলোবোৰ •
দৰ্শনেই বিৰোধী পক্ষৰ মতবাদ পুংখানুপুংখভাৱে সমাধান কৰি নিজৰ দৃষ্টিভংগী
প্রতিষ্ঠা কৰিছে।
- ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্যবোৰ কি কি? নম্বৰ- ৪/৬
উত্তৰঃ- (ক) ব্যৱহাৰিক প্ৰয়োজন বোধ
(খ) আধ্যাত্মিক অসন্তুষ্টি
(গ) জাগতিক আৰু নৈতিক নিয়মত বিস্বাস।
(ঘ) বন্ধন আৰু মুক্তিত বিশ্বাস।
(ঙ) কর্মবাদ
(চ) জন্মান্তৰবাদ।
(ছ) ভাৰতীয় দৰ্শনত বেদৰ প্ৰভাৱ। - দৰ্শনৰ সংজ্ঞা দিয়া? ভাৰতীয় দৰ্শনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। HS- 2017,
2018 নম্বৰ- ৪/৬
উত্তৰঃ- সমগ্র জগত সম্বন্ধে প্রণালীবদ্ধ অধ্যয়নকে দর্শন বোলে। দর্শনে জীবন আৰু জগৎ
সম্পৰ্কে জ্ঞান দিয়ে। পৰিৱৰ্তনশীল জগতৰ অন্তকালত থকা অপৰিৱৰ্তনীয় সত্তাৰ স্বৰূপ
সম্পর্কে জনাৰ প্ৰয়াসকেই দৰ্শন বোলে।
ভাৰতীয় দৰ্শনৰ বৈশিষ্ট্য :
(ক) আধ্যাত্মিক অতৃপ্তি বা অশান্তি:-
ভাৰতীয় জড়বাদী চাৰ্বাক দৰ্শনৰ বাহিৰে সকলো সম্প্ৰদায়ৰ আৰম্ভণি
ঘটিছে আধ্যাত্মিক অতৃপ্তিৰ পটভূমিত। জগতৰ বিস্ময় ৰহস্যৰ, জীৱনৰ অপূৰ্ণতা, পোৱা
নোপোৱাবোৰেই দৰ্শনৰ উৎস।
(খ) অজ্ঞানতাই দুখ বা বন্ধনৰ কাৰণ:-
ভাৰতীয় দৰ্শনৰ প্ৰায় সকলো সম্প্রদায়েই আলোচনা কৰিছে জীৱই
অজ্ঞানতাৰ বাবেই জীৱনত দুখ কষ্ট ভোগ কৰিব লগীয়াত পৰে।
(গ) কৰ্মবাদ আৰু জন্মন্তবাদত বিশ্বাস:-
ভাৰতীয় দৰ্শনে মূলতঃ কৰ্মবাদ বিশ্বাসী আৰু এই কৰ্মবাদৰ ওপৰত নিৰ্ভৰ
কৰিয়েই জীৱই পুনৰ জনম ল’ব লগাত পৰে।
(ঘ) সম্যক জ্ঞান:-
সম্যক জ্ঞান মানে হৈছে শুদ্ধ জ্ঞান। এই শুদ্ধ জ্ঞান অৰ্জনৰ দ্বাৰাই
অবিদ্যা দূৰ কৰিব পাৰি।
- দৰ্শন আৰু বিজ্ঞানৰ মাজত থকা তিনিটা সম্পৰ্ক আৰু তিনিটা পার্থক্য লিখা?
HS- 2018 নম্বৰ- ৪/৬
উত্তৰঃ- সম্পর্ক :
(ক) দৰ্শন আৰু জ্ঞান মীমাংসাৰ সম্বন্ধ অংশ আৰু অংশীৰ সমন্ধ৷
(খ) দর্শনে সমগ্র বিশ্বব্ৰহ্মাণ্ডৰ সামগ্রিক ব্যাখ্যা দিবলৈ যাওঁতে প্রথমে জ্ঞান কি, জ্ঞানৰ
উৎস, সীমাবদ্ধতাৰ আদি সম্পৰ্কে জানিবলৈ জ্ঞান মীমাংসাৰ সহায় লয়।
(গ) দৰ্শনৰ পৰিসৰৰ ভিতৰত বিজ্ঞানো অন্তৰ্ভুক্ত।
পার্থক্য :
(ক) দৰ্শনৰ পৰসৰ বিজ্ঞানৰ তুলনাত অতি ব্যাপক।
(খ) দৰ্শনৰ অধ্যয়ন সংশ্লেষণাত্মক আনহাতে বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক।
(গ) বিজ্ঞানৰ জ্ঞান অন্বেষণ পদ্ধতি নিৰীক্ষণ, পৰীক্ষণ কিন্তু দৰ্শনৰ পদ্ধতি আগমণাত্মক
আৰু নিগমনাত্মক।
Leave a comment