একাদশ শ্ৰেণীৰ তৰ্কবিজ্ঞান
জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব
Theories of the origin of Knowledge
Class XI Logic & Philosophy
ভাৰতীয় দর্শন । Indian Philosophy
- নিম্নলিখিত বিভিন্ন দার্শনিকৰ দলটোৰ পৰা ভাববাদী দার্শনিকজন চিনাক্ত কৰা। HS- 2015
(অ) ৰাছেল (আ) লক
(ই) মুৰ (ঈ) হেগেল
উত্তৰঃ- (ঈ) হেগেল। - নিম্নলিখিত দর্শনিকসকলৰ ভিতৰত কোনটো অভিজ্ঞতাবাদী দার্শনিকৰ দল।
(অ) লক, স্পিনোজা, উলফ
(আ) লক, লাইবনিজ, হিউম
(ই) লক, হিউম, বার্কলি।
(ঈ) লক, হিউম, বার্কলি।
উত্তৰঃ- (ঈ) লক, হিউম, বার্কালি। - নিম্নোক্ত দাৰ্শনিকসকলৰ ভিতৰত কোনজন অভিজ্ঞতাবাদী? HS- 2017
(অ) ডেকার্ট (আ) লাইবনিজ
(ই) স্পিনোজা (ঈ) হিউম
উত্তৰঃ- (ঈ) হিউম। - কোনে মন বা আত্মক মনাভ বুলি কৈছিল? HS- 2015
উত্তৰঃ- লাইবনিজে। - কোনে মনক এখন উকা কাগজ বুলি কৈছিল? HS- 2017
উত্তৰঃ- জন লকে। - অন্তৰ্জাত ধাৰণাটো কোনে খণ্ডন কৰিছিল? HS- 2017
উত্তৰঃ- জন লকে। - এজন অভিজ্ঞতাবাদী দার্শনিকৰ নাম লিখা?
উত্তৰঃ- জন লক। - ‘জন্মৰ সময়ত আমাৰ মনটো উকা ফলিৰ দৰে’ ইয়াৰ লগত জড়িত দার্শনিক জনৰ নাম লিখা?
উত্তৰঃ- জন লক। - ‘বুদ্ধিত এনে কোনো উপাদান নাই, যাক ইন্দ্ৰিয়ৰ জৰিয়তে লাভ কৰা নাযায়”- এই উক্তিটো কোনটো মতবাদৰ লগত জড়িত?
উত্তৰঃ- জন লক। - অন্তৰ্জাত ধাৰাণা কোনে দিছিল?
উত্তৰঃ- ডেকার্টে। - স্পিনোজা এজন __ দার্শনিক। (খালী ঠাই পূৰোৱা)
উত্তৰঃ- বুদ্ধিবাদী। - বুদ্ধিবাদীসকলৰ মতে __ জ্ঞানৰ উৎস। (খালী ঠাই পূৰোৱা) HS- 2014
উত্তৰঃ- বুদ্ধি। - অভিজ্ঞতাবাদী সকলৰ মতে __ জ্ঞানৰ উৎস। (খালী ঠাই পূৰোৱা)
উত্তৰঃ- অভিজ্ঞতা। - অভিজ্ঞতাবাদ মতে জ্ঞানৰ উৎস কি?
উত্তৰঃ- অভিজ্ঞতা। - জ্ঞান উৎপত্তি সম্পর্কীয় কোন মতবাদ মতে বৃদ্ধিয়েই জ্ঞানৰ একমাত্ৰ উৎস।
উত্তৰঃ- বদ্ধিবাদ। - ডেকার্ট এজন বুদ্ধিবাদী দার্শনিক হয়নে?
উত্তৰঃ- হয়। - জন্মৰ সময়ত মানুহৰ মন এখন উকা কাগজৰ দৰে— এই উক্তিটোৰ দ্বাৰা প্রকাশিত মতবাদটো কি?
উত্তৰঃ- অভিজ্ঞতাবাদ। - কোন মতবাদ অনুসৰি বাহ্য জগতৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰঃ- ভাববাদ। - বুদ্ধিবাদত খিৰিকীবিহীন মনাৰ ধাৰণা দিওঁতা দার্শনিকজন কোন?
উত্তৰঃ- লাইবনিজ। - ‘প্রত্যক্ষতে ইতি বিদ্যতে’ – উক্তিটো কোনে কৈছিল।
উত্তৰঃ- বার্কলি। - চৰম অভিজ্ঞতাবাদী দার্শনিক বুলি কোনজন দার্শনিকক কোৱা হয়?
উত্তৰঃ- হিউম। - আধুনিক পাশ্চাত্য দৰ্শনৰ জনক কোন?
উত্তৰঃ- ডেকার্ট। - “পূৰ্বতে ইন্দ্ৰিয়ত নথকা কোনো কথাই বুদ্ধিত থাকিব নোৱাৰে” – এই উক্তিটো কাৰ?
উত্তৰঃ- লৰক। - দুজন বুদ্ধিবাদী দার্শনিকৰ নাম লিখা? নম্বৰ- ২
উত্তৰঃ- ডেকার্ট, লাইবনিজ। - আগন্তুক ধাৰণা বুলিলে কি বুজা? উদাহৰণ দিয়া। HS- 2015 নম্বৰ- ২
উত্তৰঃ- যিবোৰ ধাৰণা বাহ্য বস্তুৰ লগত ইন্দ্ৰিয়ৰ সংস্পৰ্শৰ ফলত আমাৰ মনলৈ আহে, সেইবোৰ ধাৰণাক আগন্তুক ধাৰণা বোলে। যেনে— নদী, পাহাৰ, নীলা। - দুটা অন্তৰ্জাত ধাৰণাৰ উদাহৰণ দিয়া? নম্বৰ- ২
উত্তৰঃ- (ক) ঈশ্বৰ (খ) আত্মাৰ ধাৰণা। - দুজন আধুনিক বুদ্ধিবাদী দার্শনিকৰ নাম লিখা? নম্বৰ- ২
উত্তৰঃ- (ক) ডেকার্ট (খ) লাইবনিজ। - অভিজ্ঞতাবাদ কাক বোলে? নম্বৰ- ২
উত্তৰঃ- জ্ঞান উৎপত্তি সম্পৰ্কীয় যি দার্শনিক মতবাদ অনুসৰি ইন্দ্ৰিয় অভিজ্ঞতাই
জ্ঞানৰ একমাত্ৰ উৎস তাকেই অভিজ্ঞতাবাদ বোলে। - অন্তৰ্জাত ধাৰণা কোনে প্রথমে উল্লেখ কৰিছিল? কোনটো মতবাদ ইয়াৰ লগত জড়িত। নম্বৰ- ২
উত্তৰঃ- ডেকার্টে কৈছিল। ইয়াৰ লগত জড়িত মতবাদ হ’ল অভিজ্ঞতাবাদ। - অভিজ্ঞতাবাদৰ চাৰিটা বৈশিষ্ট্য লিখা? HS- 2016, 2017 নম্বৰ- ৪
উত্তৰঃ- (ক) অভিজ্ঞতাবাদ অনুসৰি যথাৰ্থ জ্ঞান অৰ্জনৰ প্ৰধান উৎস হ’ল ইন্দ্ৰিয় প্রত্যক্ষ বা অভিজ্ঞতা।
(খ) আমাৰ কোনো জ্ঞানেই অভিজ্ঞতাপূর্ণ সহজাত বা অন্তৰ্জাত ধাৰণাৰ পৰা উৎপত্তি নহয়।
(গ) অভিজ্ঞতাবাদ অনুসৰি জ্ঞান অৰ্জনৰ যথাৰ্থ পদ্ধতি হ’ল আগমনাত্মক পদ্ধতি। (ঘ) প্রকৃত জ্ঞানত নতুনত্ব থাকিব। - লকে অন্তৰ্জাত ধাৰণা কেনেদৰে খণ্ডন কৰিছিল চমুকৈ লিখা? HS- 2017 নম্বৰ- ৪
উত্তৰঃ- লকে অন্তর্জাত ধাৰণা তলত দিয়া ধৰণে খণ্ডন কৰিছিল—
(ক) অন্তৰ্জাত ধাৰণা সঁচা হোৱা হ’লে সকলোৱে মনত এই ধাৰণা থাকিলহেঁতেন। কিন্তু শিশু, নিবোধ আৰু অসভ্য লোকৰ মনত এই ধাৰণা নাথাকে।
(খ) অন্তৰ্জাত ধাৰণা সঁচা হোৱা হলে ঈশ্বৰ, নৈতিকতা আদি সম্পৰ্কে ধাৰণা
একে হ’লহেঁতেন কিন্তু বাস্তৱত সেয়া নহয়।
(গ) কিছুমান ধাৰণা সর্বজন গৃহীত হ’লেও সেইবোৰ অন্তৰ্জাত নহয়।
(ঘ) কিছুমান ধাৰণাৰ অস্তিত্ব সকলোৰে মনত থাকিব পাৰে, কিন্তু সেইবোৰ আন্তর্জাত নহয়। যেনে— কাৰ্যকাৰণৰ ধাৰণা সকলোৰে মনত থাকে কিন্তু ই অন্তর্জাত নহয়। - বুদ্ধিবাদৰ চাৰিটা বৈশিষ্ট্য লিখা? HS- 2016, 2017 নম্বৰ- ৪
উত্তৰঃ- (ক) এই মতবাদে কয় যে বুদ্ধিয়েই জ্ঞানৰ একমাত্ৰ উৎস।
(খ) বুদ্ধি বা যুক্তি স্বতঃসিদ্ধ, সার্বিক
(গ) এই মতবাদে অন্তৰ্জাত ধাৰণা স্বীকাৰ কৰে।
(ঘ) বৌদ্ধিক জ্ঞান নিশ্চিত আৰু অক্লান্ত। - বুদ্ধিবাদ কাক বোলে? দুটা বৈশিষ্ট্য লিখা? নম্বৰ- ৪
উত্তৰঃ- যি মতবাদ অনুসৰি বুদ্ধিয়ে একমাত্ৰ জ্ঞানৰ উৎস অর্থাৎ বুদ্ধিয়ে সার্বিক, যথার্থ, নিশ্চিত জ্ঞান দিয়ে তাকে বুদ্ধিবাদ বোলে।
দুটা বৈশিষ্ট্য : (ক) বুদ্ধি বা যুক্তি স্বতঃসিদ্ধ সার্বিক।
(খ) বৌদ্ধিক জ্ঞান নিশ্চিত আৰু অক্লান্ত। - অভিজ্ঞতাবাদ কাক বোলে? ইয়াৰ দুটা বৈশিষ্ট্য লিখা? নম্বৰ- ৪
উত্তৰঃ- যি মতবাদ অনুযায়ী অভিজ্ঞতাই একমাত্ৰ জ্ঞানৰ উৎস, য’ত কেৱল অভিজ্ঞতাইহে জ্ঞান দিয়ে তাকেই অভিজ্ঞতাবাদ বোলে।
দুটা বৈশিষ্ট্য :
(ক) জ্ঞানৰ উৎস হৈছে অভিজ্ঞতা ইন্দ্ৰিয় প্রত্যক্ষ।
(খ) আগমন পদ্ধতি হল যাথার্থ জ্ঞান অৰ্জনৰ পদ্ধতি। - জ্ঞান উৎপত্তি সম্বন্ধীয় মতবাদ দুটা কি? বুদ্ধিবাদৰ দুজন সমৰ্থকৰ নাম লিখা? নম্বৰ- ৪
উত্তৰঃ- (ক) অভিজ্ঞতাবাদ আৰু (খ) বুদ্ধিবাদ।
বুদ্ধিবাদৰ দুজন সমৰ্থকৰ নাম
(ক) ডেকার্ট, লাইবনিজ। - বুদ্ধিবাদ মানে কি? ইয়াৰ চাৰিটা সমালোচনা চমুকৈ লিখা? HS- 2018, 2015 নম্বৰ- ৬
উত্তৰঃ- বুদ্ধিবাদ জ্ঞান উৎপত্তি সম্পর্কীয় মতবাদ। এই মতবাদ মতে বুদ্ধি বা যুক্তিয়ে হ’ল জ্ঞান অৰ্জনৰ একমাত্র উৎস।
চাৰিটা সমালোচনা হ’ল-
(ক) বুদ্ধিবাদ এক নিৰ্বিচাৰবাদী মতবাদ। কিয়নো এই মতবাদত অভিজ্ঞতাক বিনাবিচাৰে সম্পূৰ্ণৰূপে বৰ্জন কৰা হৈছে।
(খ) বুদ্ধিবাদীৰ মতে সহজাত ধাৰণাৰ পৰাই নিগমন পদ্ধতিৰে জ্ঞান পাওঁ। কিন্তু জ্ঞান আমি কেৱল নিগমন পদ্ধতিৰে নহয় আগমন পদ্ধতিৰেও পাওঁ।
(গ) বুদ্ধিবাদে ইন্দ্রিয় অভিজ্ঞতাক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে, কিন্তু ভ্ৰান্ত বা পৰিৱৰ্তনশীলৰ জ্ঞানৰ ক্ষেত্ৰত অভিজ্ঞতাৰ প্ৰয়োজন, যিটোক বুদ্ধিবাদে অস্বীকাৰ কৰিছে।
(ঘ) বুদ্ধিবাদ মানি ল’লে জ্ঞানত কোনো নতুনত্ব নাথাকিব। - অভিজ্ঞতাবাদ কাক বোলে? ইয়াৰ বিৰুদ্ধে চাৰিটা সমালোচনা উল্লেখ কৰা৷ HS- 2015 নম্বৰ- ৬
উত্তৰঃ- যি দার্শনিক মতবাদ অনুসৰি ইন্দ্ৰিয় অভিজ্ঞতাই জ্ঞান লাভৰ একমাত্ৰ নিশ্চিত উপায়, ইন্দ্রিয় অভিজ্ঞতাই দিয়া জ্ঞান নিশ্চিত আৰু অভ্ৰান্ত বুলি কোৱা হয়৷ তাকে অভিজ্ঞতাবাদ বোলে।
অভিজ্ঞতাবাদৰ বিৰুদ্ধে চাৰিটা সমালোচনা হ’ল—
(ক) অভিজ্ঞতা মতবাদ এক নিৰ্বিচাৰবাদী মতবাদ কিয়নো এই মতবাদে বিনাবিচাৰে বুদ্ধি বা যুক্তিক অস্বীকাৰ কৰিছে।
(খ) যদি অভিজ্ঞতাই জ্ঞান উৎপত্তিৰ একমাত্র উৎস হয় তেন্তে জ্ঞান ব্যক্তি ভেদে বেলেগ বেলেগ হৈ পৰিব।
(গ) অভিজ্ঞতাবাদীয়ে জ্ঞান অৰ্জনৰ যথাৰ্থ পদ্ধতি আগমনাত্মক পদ্ধতি বুলি কৈছে কিন্তু এই পদ্ধতিৰে লাভ কৰা জ্ঞান প্রায় ক্ষেত্ৰত অনিশ্চিত বা সম্ভাব্য।
(ঘ) অভিজ্ঞতাবাদে জ্ঞানৰ উৎপত্তিৰ ক্ষেত্ৰত মনৰ নিষ্ক্রিয় ভূমিকাক সমর্থন কৰিছে। যিটো মনোবৈজ্ঞানিক দিশৰ পৰা গ্ৰহণযোগ্য নহয়৷ - বুদ্ধিবাদ মানে কি? ইয়াৰ চাৰিটা বৈশিষ্ট্য লিখা? নম্বৰ- ৬
উত্তৰঃ- বুদ্ধিবাদ হৈছে জ্ঞান উৎপত্তি সম্পৰ্কীয় মতবাদ। এই মতবাদ মতে বুদ্ধি বা যুক্তিয়ে হ’ল জ্ঞান অৰ্জনৰ একমাত্র উৎস।
বৈশিষ্ট্য চাৰিটা হ’ল—
(ক) বুদ্ধি বা যুক্তি স্বতঃসিদ্ধ, আৰু সার্বিক।
(খ) বৌদ্ধিক জ্ঞান অক্লান্ত আৰু নিশ্চিত।
(গ) এই মতবাদে অন্তর্জাত ধাৰণা স্বীকাৰ কৰে।
(ঘ) বুদ্ধি বা যুক্তিয়েই জ্ঞানৰ একমাত্ৰ উৎস। - অভিজ্ঞতা বাদ কাক বোলে? অভিজ্ঞতাবাদৰ চাৰিটা বৈশিষ্ট্য লিখা? HS- 2018 নম্বৰ- ৬
উত্তৰঃ- জ্ঞান উৎপত্তি সম্পৰ্কীয় যি দার্শনিক মতবাদ অনুসৰি ইন্দ্ৰিয় অভিজ্ঞতাই জ্ঞানৰ একমাত্ৰ উৎস, ইয়াৰ বাহিৰে আন কোনো উপায়েৰে যথাৰ্থ আৰু নিশ্চিত জ্ঞান লাভ কৰিব নোৱাৰি তাকে অভিজ্ঞতাবাদ বোলে।
বৈশিষ্ট্য চাৰিটা :
(ক) ইন্দ্রিয় প্রত্যক্ষ বা অভিজ্ঞতাই জ্ঞানৰ একমাত্ৰ উৎস।
(খ) অভিজ্ঞতাই দিয়া জ্ঞানৰ বাহিৰে কোনো অভিজ্ঞতাপূর্ণ জ্ঞান নাথাকে।
(গ) অভিজ্ঞতাবাদে জ্ঞাতা আৰু জ্ঞেয় সম্পর্ক স্বীকাৰ নকৰে।
(ঘ) ইন্দ্রিয় অভিজ্ঞাত পোৱা জ্ঞানেই একমাত্র নিশ্চিত।
Sheykhul Alom Ahmed
PGT, Logic & Philosophy
HN Seminary HSS, Bagribari, Dhubri
M-7002893245.
Leave a comment