একাদশ শ্ৰেণীৰ তৰ্কবিজ্ঞান
প্রমাণ প্ৰত্যক্ষ আৰু অনুমান
Pramana : Pratyaksa and Anumana

Class XI Logic & Philosophy
ভাৰতীয় দর্শন । Indian Philosophy

  1. ন্যায় দৰ্শনত কেইটা প্রমাণ স্বীকাৰ কৰা হয়? HS- 2017
    উত্তৰঃ- চাৰিটা।
  2. ন্যায়ৰ সিদ্ধান্তৰ বিধেয়ক পদটোৰ নাম কি?
    উত্তৰঃ- সাধ্যপদ।
  3. ভাৰতীয় দৰ্শনত যথার্থ জ্ঞানক কি বোলা হয়?
    উত্তৰঃ- প্রমাণ বোলা হয়।
  4. ভাৰতীয় দৰ্শনত যথার্থ জ্ঞান লাভৰ উপায়ক কি বোলা হয়?
    উত্তৰঃ- প্রমান বোল হয়।
  5. ভাৰতীয় দৰ্শনত কেই প্ৰকাৰৰ প্ৰয়াৰ বিষয়ে উল্লেখ আছে?
    উত্তৰঃ- ছয় প্রকাৰ।
  6. চার্বাক দর্শনে কোন প্ৰকাৰ প্ৰমাণক একমাত্র প্রমাণ হিচাপে স্বীকাৰ কৰিছে?
    উত্তৰঃ- প্রত্যক্ষক।
  7. ন্যায় দর্শন মতে অনুমানৰ যৌগিক ভিত্তি কি?
    উত্তৰঃ- ব্যাপ্তি।
  8. ন্যায় দর্শনমতে লৌকিক প্রত্যক্ষৰ ভাগ কেইটা?
    উত্তৰঃ- দুই প্রকাৰৰ।
  9. অলৌকিক প্রত্যক্ষ কেই প্ৰকাৰৰ?
    উত্তৰঃ- তিনিপ্ৰকাৰৰ।
  10. স্বার্থানুমানৰ কেইটা অৱয়ব থাকে?
    উত্তৰঃ- তিনিটা।
  11. পৰাৰ্থনুমানত কেইটা অবয়ব থাকে?
    উত্তৰঃ- পাঁচটা।
  12. ন্যায় দৰ্শনত অনুমানক উদ্দেশ্য অনুসৰি কেইটা ভাগত ভাগ কৰা হৈছে?
    উত্তৰঃ- দুটা।
  13. ব্যাপ্তি সম্পৰ্কৰ ভিত্তিত ন্যায় দর্শনে অনুমানক কেইটা ভাগত ভাগ কৰিছে?
    উত্তৰঃ- তিনিটা।

Sheykhul Alom Ahmed

PGT, Logic & Philosophy

HN Seminary HSS, Bagribari, Dhubri

M-7002893245.

Leave a comment

Trending