একাদশ শ্ৰেণীৰ তৰ্কবিজ্ঞান
বাস্তববাদ
Realism
Class XI Logic & Philosophy
ভাৰতীয় দর্শন । Indian Philosophy

  1. “আমাৰ চেতনা হ’ল এটি সন্ধানী পোহৰৰ দৰে? কোন মতবাদে এই বাক্য কাকি

সমর্থন কৰে?
উত্তৰঃ- সবলবস্তিৰ বাদে।

  1. বাস্তৱবাদৰ এটা প্ৰকাৰ উল্লেখ কৰা?
    উত্তৰঃ- সৰল বাস্তৱবাদ।
  2. কাৰ মতে মনৰ বাহিৰত এখন স্বতন্ত্র জগত আছে।
    উত্তৰঃ- বাস্তৱবাদী সকলৰ মতে।
  3. কোন মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র?
    উত্তৰঃ- বাস্তৱবাদ মতে।
  4. বাস্তৱবাদ মতে আমাৰ মনে বস্তুৰ অস্তিত্ব সৃষ্টি __
    উত্তৰঃ- নকৰে।
  5. বিজ্ঞানসন্মত বাস্তৱবাদৰ প্রবর্তক কোন?
    উত্তৰঃ- জন লক।
  6. বাস্তৱবাদৰ যিকোনো এটা বৈশিষ্ট্য উল্লেখ কৰা?
    উত্তৰঃ- বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে। জ্ঞানৰ বিষয়বস্তুৰ

অস্তিত্ব কোনো মনৰ ওপৰত নিৰ্ভৰ নকৰে।

  1. বাস্তৱবাদ মতে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব জ্ঞানৰদ্বাৰা নিৰূপিত হয়নে?
    উত্তৰঃ- নহয়।
  2. বিজ্ঞানসন্মত বাস্তৱবাদ এটা বাস্তৱবাদৰ প্ৰকাৰ হয়নে?
    উত্তৰঃ- হয়।
  3. বাস্তববাদৰ মতে জ্ঞাতা মন আৰু বাহ্যিক বস্তুৰ মাজৰ সম্পৰ্ক বাহ্যিকনে?
    উত্তৰঃ- বাহ্যিক।
  4. বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে /নাই।
    উত্তৰঃ- আছে।
  5. বাস্তৱবাদ মতে কোনো মনে প্রত্যক্ষ নকৰিলে বস্তুৰ অস্তিত্ব থাকেনে?
    উত্তৰঃ- থাকে।
  6. বাস্তৱবাদ অনুসৰি জ্ঞাতা মন আৰু জ্ঞেয় বস্তুৰ মাজৰ সম্পৰ্ক বাহ্যিক/আন্তৰিক।
    উত্তৰঃ- বাহ্যিক।
  7. বাস্তৱবাদ অনুসৰি জ্ঞাতা মন আৰু জ্ঞেয় বস্তুৰ মাজৰ সম্পর্ক __
    উত্তৰঃ- বাহ্যিক।
  8. বাস্তৱবাদ কি? নম্বৰ- 2
    উত্তৰঃ- জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় যি, মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ

স্বতন্ত্র মন নিৰপেক্ষ অস্তিত্ব আছে বুলি সাব্যস্ত কৰা হয় তাকেই বাস্তববাদ বোলে।

  1. বাস্তৱবাদৰ যিকোনো দুটা বৈশিষ্ট্য লিখা? HS-2015 নম্বৰ- 2
    উত্তৰঃ- (ক) জ্ঞানৰ বিষয়বস্তুৰ মন স্বতন্ত্র অস্তিত্ব আছে।
    (খ) জ্ঞাতা আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজৰ সম্পৰ্ক বাহ্যিক।
  2. বৈজ্ঞানিক বাস্তৱবাদৰ দুটা বৈশিষ্ট্য লিখা। HS- 2017 নম্বৰ- 2
    উত্তৰঃ- (ক) বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি বাহ্য বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে।
    (খ) বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি বস্তুত দুই প্ৰকাৰৰ গুণ থাকে— মূল্যগুণ আৰু গৌণ

গুণ।

  1. যিকোনো দুজন বাস্তৱবাদী দার্শনিকৰ নাম লিখা? নম্বৰ- 2
    উত্তৰঃ- জনলক, হোল্ট, পেৰী।
  2. বাস্তৱবাদৰ যিকোনো দুটা প্ৰকাৰৰ নাম লিখা? নম্বৰ- 2
    উত্তৰঃ- (ক) সৰল বা লৌকিক বাস্তববাদ
    (খ) বিজ্ঞানসন্মত বাস্তৱবাদ।
  3. বৈজ্ঞানিক বাস্তৱবাদৰ দুটা সমালোচনা লিখা। নম্বৰ- 2
    উত্তৰঃ- (ক) বৈজ্ঞানিক বাস্তৱবাদে জ্ঞানৰ সত্যতা আৰু মিথ্যাত্ব নির্ণয় কৰিব
    নোৱাৰে।
    (খ) বৈজ্ঞানিক বাস্তৱবাদে জ্ঞাতা আৰু জ্ঞেয় বস্তুৰ প্ৰকৃত সম্পর্ক নিৰ্ধাৰণ কৰিব

নোৱাৰে।

  1. জ্ঞানৰ ক্ষেত্ৰত দুটা অপৰিহার্য বিষয় কি লিখা? নম্বৰ- 2
    উত্তৰঃ- (ক) জ্ঞাতামন (subject) (খ) জ্ঞেয়বস্তু (Object)
  2. প্রাচীন দৰ্শনৰ দুজন বাস্তৱবাদীৰ নাম লিখা? নম্বৰ- 2
    উত্তৰঃ- (ক) লিউচিপাছ
    (খ) ডেমোক্রিটাছ।
  3. বাস্তৱবাদ কাক বোলে? বাস্তৱবাদৰ চাৰিটা বৈশিষ্ট্য লিখা? HS-2013, 2015,

2017, 2018, 2023 নম্বৰ- 6
উত্তৰঃ- বাস্তৱবাদ হ’ল জ্ঞানৰ বিষয়বস্তু সম্বন্ধীয় দার্শনিক মতবাদ, যি মতবাদ অনুসৰি

জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ হিচাপে ইন্দ্রিয়গ্রাহ্য বস্তুবোৰৰে সৈতে বাহ্য জগতৰ অস্তিত্ব মানি

লোৱা হয় তাকেই বাস্তৱবাদ বোলে।
বৈশিষ্টবোৰ হ’ল—
(ক) জ্ঞেয়বস্তু আৰু জ্ঞাতামন এই দুটাৰ ভিতৰত বাস্তৱবাদে জ্ঞেয়বস্তুৰ প্ৰাধান্য স্বীকাৰ

কৰে।
(খ) জ্ঞানৰ ক্ষেত্ৰত বাস্তৱবাদে মনৰ প্ৰাধান্যক সম্পূৰ্ণৰূপে অগ্রাহ্য কৰিছে।
(গ) বাস্তৱবাদ মতে জ্ঞান আৰু জ্ঞানৰ বিষয় এক নহয়, দুয়োটা পৃথক।
(ঘ) জ্ঞাতা আৰু জ্ঞেয় সম্পর্ক বাহ্যিক বাস্তৱবাদ মতে।
(ঙ) বাস্তৱবাদ এখ বহুত্ববাদী মতবাদ।

  1. বাস্তৱবাদ আৰু ভাৱবাদৰ মাজত থকা যিকোনো চাৰিটা পার্থক্য লিখা? HS- 2016 নম্বৰ- 4 উত্তৰঃ- (ক) বাস্তৱবাদ অনুসৰি জ্ঞেয়বস্তু অর্থাৎ বাহ্য বস্তুৰ মননিৰপেক্ষ স্বতন্ত্র সত্তা আছে। কিন্তু ভাববাদ অনুসৰি জ্ঞাতামন নিৰপেক্ষ স্বতন্ত্র সত্তা নাই।
  2. (খ) বাস্তৱবাদ অনুসৰি জ্ঞতা আৰু জ্ঞেয় সম্পৰ্ক বাহ্যিক কিন্তু ভাববাদ অনুসৰি জ্ঞাতা আৰু জ্ঞয়ৰ সম্পৰ্ক আন্তৰ।
  3. (গ) বাস্তৱবাদে জ্ঞাতাতকৈ জ্ঞেয়ক বেছি প্রাধান্য দিছে কিন্তু ভাৱবাদে জ্ঞেয়তকৈ জ্ঞাতাক বেছি প্রাধান্য দিয়ে।
  4. (ঘ) ভাববাদ এক একত্ববাদী মতবাদ আনহাতে বাস্তৱবাদ বহুত্ববাদী।
  1. বাস্তৱবাদৰ চাৰিজন সমর্থনকাৰীৰ নাম লিখা। নম্বৰ- 4
    উত্তৰঃ- জনলক, পেৰী, ৰাছেল, হোল্ট।
  2. চমুটোকা লিখা। HS-2012 নম্বৰ- 4
    বাস্তৱবাদ
    উত্তৰঃ- বাস্তৱবাদ হ’ল জ্ঞানৰ বিষয়বস্তু আৰু প্ৰকৃতি নির্ণায়ক মতবাদ। এই মতবাদ

অনুসৰি জ্ঞানৰ বিষয়বস্তু স্বতন্ত্র। ইয়াৰ নিজৰ সত্তা আছে।
যিমতবাদ অনুযায়ী জ্ঞাতা মনৰ বাহিৰত জগতৰ বস্তুবোৰৰ এক

নিৰপেক্ষ অস্তিত্ব আছে সেয়াই বাস্তৱবাদ।
বাস্তৱবাদীয়ে বস্তুৰ স্বতন্ত্র অস্তিত্ব স্বীকাৰ কৰিলে তেওঁলোকৰ মাজত

মতভেদৰ পাৰ্থক্য আছে বাবে বাস্তৱবাদৰ চাৰিটা ভাগ পোৱা যায়—
(ক) সৰল বাস্তৱবাদ
(খ) নব্য বাস্তৱবাদ
(গ) বৈজ্ঞানিক বাস্তৱবাদ
(ঘ) নব্য সবিচাৰ বাস্তৱবাদ

  1. বাস্তৱবাদ কেই প্ৰকাৰৰ উল্লেখ কৰা? HS- 2012 নম্বৰ- 4
    উত্তৰঃ- (ক) সৰল বাস্তৱবাদ
    (খ) বৈজ্ঞানিক বাস্তৱবাদ
    (গ) নব্য বাস্তৱবাদ
    (ঘ) নব্য-সবিচাৰ বাস্তৱবাদ
  2. বাস্তৱবাদৰ সংজ্ঞা দিয়া? বাস্তৱবাদৰ দুজন সমর্থকৰ নাম লিখা। নম্বৰ- 4
    উত্তৰঃ- জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ

স্বতন্ত্র, মন নিবপেক্ষ অস্তিত্ব আছে বুলি সাব্যস্ত কৰা হয়, তাকে বাস্তৱ বাদ বোলে।

  1. সমার্থক নাম : লক, ৰাছেল বাস্তৱবাদৰ চাৰিটা বৈশিষ্ট্য লিখা। নম্বৰ- 4
    উত্তৰঃ- (ক) জ্ঞেয়ৱ বস্তু আৰু জ্ঞাতা মন— এই দুটাৰ ভিতৰত বাস্তৱবাদে জ্ঞেয়ৱ

বস্তুব প্রাধান্য স্বীকাৰ কৰে।
(খ) জ্ঞানব ক্ষেত্ৰত বাস্তৱবাদে মনৰ প্ৰাধান্যক সম্পূৰ্ণ ৰূপে অসাহ্য কৰিছে।
(গ) বাস্তৱবাদ মতে জ্ঞান আৰু জ্ঞানৰ বিষয় একে নহয় দুয়োটা পৃথক।
(ঘ) বাস্তৱবাদ মতে জ্ঞাতা আৰু জ্ঞেনৰ মাজৰ সম্পৰ্ক বাহ্যিক।

Sheykhul Alom Ahmed

PGT, Logic & Philosophy

HN Seminary HSS, Bagribari, Dhubri

M-7002893245.

Leave a comment

Trending