Class 11 History
Early Societies
From the beginning of time
আদি মানৱ সমাজ
একাদশ শ্ৰেণীৰ বুৰঞ্জীৰ
প্ৰথম অধ্যায়
কালৰ আৰম্ভণিৰ পৰা
- Natural History নামৰ গ্ৰন্থৰ লিখক কোন?
(ক) জ্যেষ্ঠ প্লিনি (খ) কলুমেল্লা
(গ) টেচিটাছ (ঘ) টাইবেৰিয়াছ
উত্তৰঃ- (ক) জ্যেষ্ঠ প্লিনি - তলত দিয়া কোনটো বিশ্বৰ আটাইতকৈ পুৰণি সভ্যতা আছিল?
(ক) চীন (খ) সিন্ধু উপত্যকা
(ঘ) গ্রীক (গ) মেছোপটেমিয়া
উত্তৰঃ- (গ) মেছোপটেমিয়া - ‘প্ৰজাতিৰ মূল’ (On the Origin of Species) পুথিখন লিখক কোন? HS-2017, 2015
উত্তৰ:- চাৰ্লচ ডাৰউইন। - পৃথিৱীৰ বুকুত প্ৰথম কেতিয়া মানৱ জাতীয় প্ৰাণীৰ আবির্ভাৰ ঘটিছিল? HS-2016
উত্তৰ:- আজিৰ পৰা প্ৰায় ৫.৬ নিযুত বর্ষ পূর্বে (নিঃ বঃ পূঃ) পৃথিৱীৰ বুকুত মানৱ জাতীয় প্ৰাণীৰ আৱির্ভাৰ ঘটিছিল বুলি কোৱা হয়। - হাডজাসকল কোন আছিল? HS-2016
উত্তৰ:- হাজসকল আছিল এটি খাদ্য সংগ্ৰহকাৰী চিকাৰীৰ দল। - হ’মিনিদসকল কোনটো পৰিয়ালৰ অন্তৰ্গত? HS-2017
উত্তৰ:- - জীৱাশ্ম কি? HS-2018
উত্তৰ:- - ইতিহাসত কোনটো যুগক হেলেনিক যুগ বুলি কোৱা হয়? HS-2018
উত্তৰ:- - Natural History কিতাপখনৰ লিখক কোন? HS-2018
উত্তৰ:- জ্যেষ্ঠ প্লিনি - ‘হ’ম’ চেপিয়েঞ্চ’ শব্দৰ অৰ্থ কি? HS-2019, 2022
উত্তৰ:- - প্রাইমেটবোৰ কি কি? HS-2019
উত্তৰ:- - প্রাইমেটসকল কোনটো উপ-গোটৰ অন্তৰ্ভুক্ত? HS-2023
উত্তৰ:- - কোনে প্ৰথমে শিলৰ অস্ত্ৰ তৈয়াৰ কৰিছিল? HS-2023
উত্তৰ:- - ‘পিথেকচ’ শব্দটোৰ অর্থ লিখা। HS-2023
উত্তৰ:- - আদি বাইবেল মতে মানুহৰ অস্তিত্ব কাৰ বুলি বিশ্বাস কৰা হৈছিল।
উত্তৰ:- আদি বাইবেল মতে মানুহৰ অস্তিত্ব ভগৱানৰ সৃষ্টি বুলি বিশ্বাস কৰা হৈছিল। - প্ৰাইমেট্বোৰ কি?
উত্তৰ:- প্ৰাইমেট্বোৰ হ’ল বৃহত্তৰ স্তন্যপ্ৰাণী শ্ৰেণীৰ ডন্তুৰ এটা উপশাখা। - শিল আৰু ধনু-কাঁড়ৰ ব্যৱহাৰ কেতিয়া হৈছিল?
উত্তৰ:- প্ৰায় ৩৫০০০ বছৰ আগতে প্ৰথমে শেল আৰু ধনু-কাঁড়ৰ ব্যৱহাৰ হৈছিল বুলি জনা যায়। - চিলাই বেজী আৰু কাপোৰ চিলোৱাৰ প্ৰামাণিক তথ্য কেতিয়াৰ পৰা লাভ কৰা যায়?
উত্তৰ:- আনুমানিক ২১,০০০ বছৰ পূৰ্বে ইয়াৰ প্ৰমাণ পোৱা যায়। - শেল-ক্ষেপণ আহিলা কিয় ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ:- এইবিধ আহিলা দূৰলৈ দলিয়াই দুৰৰ চিকাৰ কাৰ্য কৰাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। - কথা কোৱাত কিহে সহায় কৰিছিল?
উত্তৰঃ- হ’ম’ হেবিলিছৰ মগজুৰ কিছুমান বিশেষ গঢ়ে কথা কোৱাত সহায় কৰিছিল। - কেতিয়াৰ পৰা ভাষাৰ বিকাশ হৈছিল?
উত্তৰ:- ২ নিঃ বঃ পূঃ মানৰ পৰা ভাষাৰ বিকাশ হৈছিল বুলি অনুমান কৰা হয়। - আল্টামাৰি গুহা চিত্ৰত পোৱা চিত্ৰটো কি আছিল?
উত্তৰ:- এই চিত্ৰত এটি মেথোন বা ষাঁড় গৰুৰ চিত্ৰ পোৱা গৈছিল। - হাড্জাসকল কোন আছিল?
উত্তৰ:- হাড্জাসকল এটি খাদ্য সংগ্ৰহকাৰী চিকাৰী গোট বা দল আছিল। - নৃতত্ত্ব বুলিলে কি বুজা?
উত্তৰ:- নৃতত্ব হৈছে এনে এটা বিভাগ যি মানব জীৱনৰ সংস্কৃতি আৰু ক্ৰমবিকাশৰ বিভিন্ন দিশ অধ্যয়ন কৰে। - প্ৰজাতি বুলিলে কি বুজা?
অথবা
প্ৰজাতি কাক বোলে?
উত্তৰ:- উৎপাদনশীল সঁচ সৃষ্টি কৰিব পৰা একে জাতীয় জৈৱিক চৰিত্ৰ বিশিষ্ট উদ্ভিদ আৰু জীৱ-জন্তুৰ গোটকে সাধাৰণতে প্ৰজাতি বুলি কোৱা হয়। এই প্ৰজাতিৰ সদস্যই অন্য এটা প্ৰজাতিৰ সদস্যৰ সৈতে মিলন ঘটাই উৎপাদনশীল সৃষ্টি কৰিব নোৱাৰে। - জীৱাশ্ম (Fosil) বুলিলে কি বুজা?
উত্তৰঃ- কঠিন পাথৰলৈ ৰূপান্তৰিত হোৱা উদ্ভিদ, জীৱ-জন্তুৰ অস্তিত্ব বা সাঁচবোৰকে জীবাশ্ম বোলা হয়। এনেবোৰ সাধাৰণতে শিলাস্তৰৰ মাজত নিযুত নিযুত বছৰ ধৰি সংৰক্ষিত হৈ থাকে। - জীৱাশ্ম কেনেকৈ উদ্ধাৰ কৰিব পাৰি।
উত্তৰ:- জীৱাশ্মা উদ্ধাৰ প্ৰক্ৰিয়াটো অতি কঠিন। সঠিক ছাল বা সময় নিৰূপণ কৰাটো হৈছে জীৱাশ্মা উদ্ধাৰৰ প্ৰকৃত প্ৰক্ৰিয়া। সঠিক সময় নিৰূপণ নহ’লে জীৱাশ্মা উদ্ধাৰ কৰাটো কঠিন হৈ পৰে। পুৰাতত্ববিদসকলে জীৱাশ্মাৰ অৱস্থান সঠিকভাৱে নির্ণয় কৰিবলৈ প্ৰয়োজনীয় আহিলা ব্যৱহাৰ কৰে। ইয়াৰ উপৰি কোনো নির্দিষ্ট জীৱাশ্মা উদ্ধাৰৰ কাৰণে সেই ঠাইখিনি ১০ ছেঃমিঃৰ সৰু সৰু বৰ্গক্ষেত্ৰত বিভক্ত কৰে। এনে ব্যৱহাৰৰ জৰিয়তে জীৱাশ্বাৰ সমান্তৰাল অবস্থান নির্ণয় কৰাটো সুবিধা হয়। - হ’মিন’ইড্ আৰু হমিনিডৰ প্ৰজাতিৰ মাজত থকা পাৰ্থক্যবোৰ উল্লেখ কৰা।
উত্তৰ:- হ’মিন’ইড্ৰ পৰাই হ’মিনিড নামৰ প্ৰজাতিৰ বিৱৰ্তন ঘটিছিল। তথাপি দুয়োৰে মাজত কিছু পার্থক্য লক্ষ্য কৰা যায়। উদাহৰণ হিচাপে হ’মিনইডৰ মগজু হ’মিনিডৰতকৈ তুলনামূলকভাৱে যথেষ্ট নমনীয়। হ’মিনিড্ নামৰ প্ৰজাতিয়ে দুই ভৰিৰ ওপৰত দণ্ডায়মান হৈ খোজ কঢ়িছিল। ইয়াৰ উপৰি হ’মিনইড্তকৈ এই প্ৰজাতিৰ হাতবোৰ বহুত পৃথক। কাৰণ এনে হাতেৰে তেওঁলোকে সকলো ধৰণৰ আহিলা তৈয়াৰ কৰিছিল আৰু সেইবোৰৰ ব্যৱহাৰ কৰিছিল। - মেৰী আৰু লুটলিকিৰ বিষয়ে চমুকৈ উল্লেখ কৰা।
উত্তৰ:- মেৰী আৰু লুটলিকি দুয়োজন প্ৰসিদ্ধ পুৰাতত্ত্ববিদ আছিল। জাৰ্মানীৰ অল্ডোৱাটগিৰিখাটটো তেওঁলোকে আৱিষ্কাৰ কৰিছিল। ইয়াত প্ৰায় তেওঁলোকে চল্লিশ বছৰতকৈও বেছি সময় অধ্যয়ন কৰিছিল। ইয়াতে তেওঁলোকে প্ৰাচীন মানৱৰ লাওখোলা আৰু জীৱাশ্মা আৱিষ্কাৰ কৰিছিল। পিছলৈ অল্ডোৱাটগিৰিখাটটো মেৰী আৰু লিকিৰ নামেৰে বেছিকৈ জনাজাত হৈ পৰিছিল। পিছত লিকিয়ে পৃথিৱীৰ প্ৰাচীনতম মানৱৰ আৱিষ্কাৰ (Finding world’s Earliest Man) নামৰ এখন বিখ্যাত কিতাপ লিখি উলিয়াই। এই কিতাপখনৰ পৰাই আদিম মানৱৰ ধাৰাবাহিক বিৱৰণ পোৱা যায়। - হাড্জাসকল কোন আছিল? তেওঁলোকৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ:- হাজসকল আছিল এটি খাদ্য সংগ্ৰহকাৰী চিকাৰীৰ দল। তেওঁলোকে ফাঁট উপত্যকাৰ এটি লুণীয়া পানীৰ সৰোবৰৰ দাঁতিত বাস কৰিছিল। এই অঞ্চলটো শিলাময় আছিল নানা ধৰণৰ বনৰীয়া ফল-মূলেৰে পৰিপূৰ্ণ। ইয়াৰ উপৰি এই অঞ্চলটো বনৰীয়া জীৱ-জন্তুৰেও ভৰপূৰ আছিল। এই জন্তুসমূহৰ ভিতৰত হাতী, গঁড়, ম’হ, জিৰাফ, জেব্ৰা, হৰিণা, বন গাহৰি, বান্দৰ, সিংহ, চিতাভাগ, হায়েনা আদিবোৰ আছিল উল্লেখযোগ্য। হাতীৰ বাহিৰে এই হাড্জাসকলে বাকী জন্তুবোৰ খাদ্য হিচাপে চিকাৰ কৰিছিল। ইয়াত বনৰীয়া জন্তু ইমানেই আছিল যে এই লোকসকলৰ কোনো দিনেই খাদ্যৰ অভাৱ হোৱা নাছিল। খাদ্য সংগ্ৰাহক আৰু চিকাৰী মানৱ সমাজৰ বাবে ইয়াতকৈ শ্ৰেষ্ঠ চিকাৰৰ ৰম্যভূমি হয়তো পৃথিৱীৰ আন ক’তো বিচাৰি পোৱা নগৈছিল।
উদ্ভিদজাত খাদ্য দ্ৰব্য যেনে শিপা, আলু, নুনিজাতীয় ফল, বাওবাব গছৰ ফল আদি সাধাৰণ লোকৰ নজৰত নপৰিছিল যদিও সর্বোচ্চ খৰাং বতৰতো প্ৰকৃততে এইবোৰ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। বাৰিষা আৰু শীতকালত উদ্ভিদজাত খাদ্যবোৰ বেলেগ বেলেগ প্ৰকাৰৰ আছিল যদিও কোনো ঋতুতে ইয়াৰ অভাৱ নহৈছিল। নানা প্ৰজাতিৰ মৌজোল আৰু পলু ইয়াত পোৱা গৈছিল। এইবোৰৰো উৎপাদন কোনো দিনে হ্ৰাস নহৈছিল।
বাৰিষা কালত এই অঞ্চলত কোনো পানীৰ অভাৱ, নহৈছিল যদিও খৰালি কালত পানীৰ অভাৱ দেখা গৈছিল। সেয়ে হাড্জসকলে প্ৰায় পাঁচ-ছয় কিলোমিটাৰ দূৰৰ পৰা পানী সংগ্ৰহ কৰিছিল। সাধাৰণতে তেওঁলোকৰ বাসগৃহসমূহ পানীৰ উৎসৰ পৰা এক কিঃমিঃৰ ভিতৰত স্থাপন কৰিছিল।
হাড্জসকলে তেওঁলোকৰ বাসস্থান কোনো মুকলি ঘাঁহনিত স্থাপন কৰা নাছিল। তেওঁলোকৰ বাসস্থান সদায়ে ডাঙৰ গছ বা পাথৰৰ মাজত নাইবা দুয়োবিধৰ মাজত স্থাপন কৰিছিল।
হাড্জাসকলে ভূমিৰ ওপৰত কোনেও স্বত্ব দাবী কৰা নাছিল। প্ৰতিজন ব্যক্তিয়ে নিজৰ মত আৰু সুবিধা অনুসৰি বাসগৃহ নিৰ্মাণ কৰিছিল। তেনেদৰে খাদ্য সামগ্ৰী আৰু ফল-মূলবোৰো নিজৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিছিল। ইয়াত কোনেও কাকো বাধা দিয়া নাছিল।
হাড্জাসকলে জীৱ-জন্তুৰ উপৰিও বনৰীয়া উদ্ভিদৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছিল। কাৰণ তেওঁলোকে মাংসতকৈও উদ্ভিদজাত সামগ্ৰী বা ফল-মূল আৰু মৌৰস সেৱনৰ ওপৰত অত্যধিক গুৰুত্ব দিছিল। সম্ভৱতঃ শৰীৰ ভালে ৰখাৰ কাৰণে তেওঁলোকে নিৰামিষ আহাৰৰ ওপৰত বিশেষ গুৰুত্ব দিছিল।
বাৰিষা কালত হাড্জাসকলে অলপ দূৰে দূৰে সৰু সৰু শিবিৰ স্থাপন কৰি বাস কৰিছিল। আনহাতে, খৰালি কালত একেলগে বা ডাঙৰ শিবিৰ স্থাপন কৰি বাস কৰিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে নৃতত্ত্ববিদ জেমছ্ গুড্বাৰ্ণৰ দ্বাৰা প্ৰকাশিত তথ্যৰ পৰা হাড্জাসকলৰ বিষয়ে জানিব পাৰি। - আদিম মানৱৰ আহিলা নিৰ্মাণ সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ- আদিম মানৱৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াৰ লগত আহিলা নিৰ্মাণৰ সম্পর্ক আহি পৰিছিল। অৱশ্যে মানুহৰ উপৰিও চৰাই-চিৰিকটি আৰু জন্তবোৰেও খাদ্যৰ অন্বেষণৰ কাৰণে কিছুমান আহিলা প্ৰস্তুত কৰিছিল। কিন্তু দেহতাত্ত্বিক আৰু স্নায়ুতাত্ত্বিক ক্ৰমবিকাশৰ ফলত মানুহৰ হাত বেছি দক্ষভাৱে ব্যৱহাৰৰ বাবে উপযোগী হৈ পৰিছিল। এয়া বোধহয় মানৱ জীৱনত আহিলা-পাতিৰ ক্ৰমবৰ্দ্ধিত প্ৰভাৱৰ বাবেই হৈছিল। ইয়াৰ উপৰি আন আন জীৱ-জন্তুতকৈ মানুহৰ বুদ্ধি আৰু স্মৃতিশক্তিয়েও এনে আহিলা নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাইছিল। আনহাতে, চিম্পাঞ্জী আৰু বান্দৰবোৰৰ এনে গুণৰ অভাৱ পৰিলক্ষিত হয়।
আদিম মানৱে আহিলা তৈয়াৰ কৰাৰ প্ৰমাণ প্ৰথমে ইটালীৰ ইথিওপিয়া আৰু কেনিয়াৰ কিছুমান ঠাইত উদ্ধাৰ হোৱা আহিলাৰ পৰা জনা যায়।
অন্যান্য কাম-কাজৰ দৰে আহিলা-পাতিৰ নিৰ্মাণ কাৰ্যত সম্ভৱতঃ পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰিছিল। নিজৰ আৰু শিশুসকলৰ আহাৰৰ কাৰণে মহিলাসকলে আহিলা নিৰ্মাণ কৰিছিল বুলি অনুমান কৰা হয়।
চিকাৰৰ সঁজুলি হিচাপে নানা ধৰণৰ আহিলা তৈয়াৰ কৰা হৈছিল। ৩৫০০০ বছৰ আগতে প্ৰথমে চিকাৰৰ সঁজুলি হিচাপে শোল আৰু ধনু-কাঁড়ৰ ব্যৱহাৰ হৈছিল। এই দুবিধ সঁজুলিয়ে মানুহৰ জন্তু চিকাৰৰ দক্ষতা বৃদ্ধি কৰিছিল। চিকাৰ কৰি পোৱা মাংসবোৰ সম্ভৱতঃ হাড় গুচাই আৰু ধোঁৱা দি বহুদিনলৈ সাঁচি ৰখা হৈছিল। এনেদৰে সাঁচি থোৱা মাংসবোৰ বহুদিনলৈ খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল।
সময়ৰ লগে লগে মানুহে বস্ত্ৰ হিচাপে জন্তুৰ চাল ব্যৱহাৰ কৰিবলৈ লৈছিল। ফলত জন্তুৰ ছাল চিলোৱাৰ কাৰণে চিলাই বেজীৰ আৱিষ্কাৰ হৈছিল। ২১,০০০ বছৰ পূৰ্বে মানুহে প্ৰথম কাপোৰ চিলোৱাৰ প্ৰামাণিক তথ্য পোৱা গৈছে। ইয়াৰ উপৰি বটালিৰ দৰে আহিলা ব্যৱহাৰৰ ফলত হাড়, পহুৰ শিং, হাতীৰ দাঁত নাইবা কাঠ ইত্যাদিৰ ওপৰত খোদাই বা চিত্ৰ অংকন কৰিবলৈ সক্ষম হৈছিল। - আদিম মানৱৰ খাদ্য সম্বন্ধে আলোচনা কৰা।
অথবা
আদিম মানৱে কেনেকৈ খাদ্য সংগ্ৰহ কৰিছিল সেই বিষয়ে চমুকৈ উল্লেখ কৰা।
উত্তৰঃ- আদিম মানৱৰ ক্ৰমবিকাশৰ লগে লগে ইয়াৰ খাদ্যৰো প্ৰয়োজন হৈছিল। কাৰণ বৰ্তি থকাৰ ৰণে তেওঁলোকে নানা ধৰণৰ খাদ্য গ্ৰহণৰ কথা জানিব পাৰি।
আদিম মানৱে সাধাৰণতে দুই ধৰণে খাদ্য সংগ্ৰহ কৰিছিল। এই দুইবিধ হ’ল সন্ধান কৰি ফল-মূল সংগ্ৰহ আৰু চিকাৰৰ জৰিয়তে নিজৰ খাদ্য সংগ্ৰহ কৰিছিল। অর্থাৎ আদিম মানৱে ফল-মূল আৰু মাংসকে প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰিছিল। ফল-মূল মানুহৰ ভিতৰত বিভিন্ন বীজ বা টান খোলাজাতীয় ফল। এই ফলবোৰ হ’ল বাদাম, নাৰিকল, নুলি গুটি, জামু, কল, আম, বগৰী, আলু, কচু আদি। অৱশ্যে আদিম মানৱে ফলমূলক খাদ্য হিচাপে গ্ৰহণ কৰাৰ প্ৰমাণ এতিয়ালৈ পোৱা হোৱা নাই। কাৰণ এতিয়ালৈ আৱিষ্কৃত জীৱাশ্মাসমূহত হাড়জাতীয় পদাৰ্থহে পোৱা গৈছে। ইয়াত কোনো ধৰণৰ উদ্ভিদৰ অৱশিষ্ট উদ্ধাৰ হোৱা নাই। আনহাতে, নানা ধৰণৰ মাংস আদিম মানৱে গ্ৰহণ কৰিছিল যদিও এইবোৰ সিজাই বা ৰান্ধি খোৱাৰো প্ৰমাণ পোৱা নাযায়। কাৰণ এতিয়ালৈ কোনো এঙাৰৰ সন্ধান পোৱা হোৱা নাই। কাৰণ এঙাৰবোৰ বহুদিনলৈ নষ্ট হৈ নোযোৱাৰ প্ৰমাণ বৰ্তমানেও পোৱা যায়।
সাধাৰণতে চিকাৰৰ জৰিয়তে আদিম মানৱে নানা ধৰণৰ জীৱ-জন্তুৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰিছিল। নানা ধৰণৰ হিংস্ৰ জন্তুও চিকাৰ কৰিছিল।
পণ্ডিতসকলৰ মতে প্ৰায় ৫০০,০০০ মান বছৰ পূৰ্বৰ পৰাহে চিকাৰ কাৰ্য আৰম্ভ হৈছিল। আদিম মানৱে চিকাৰ কৰাৰ কথা দক্ষিণ ইংলেণ্ডৰ বক্ৰগুভ নামে ঠাইত আৰু জাৰ্মানীৰ শ্বনিংজেন নামে ঠাইত পোৱা তথ্যৰ পৰা জনা যায়। এই দুই ঠাইত পোৱা তথ্য অনুসৰি আদিম মানৱে মাছক প্ৰধান চিকাৰ হিচাপে লৈছিল। কাৰণ ইয়াত আৱিষ্কৃত হোৱা জীৱাশ্মাসমূহত সিঁচৰতি হৈ থকা নানা ধৰণৰ মাছৰ কাঁইটৰ পৰা এই কথাৰ প্ৰমাণ পোৱা যায়।
আনহাতে, ৩৫,০০০ বছৰ পূৰ্বে ইউৰোপৰ বিভিন্ন স্থানত আদিম মানৱৰ পৰিকল্পিত চিকাৰৰ প্ৰমাণ পোৱা যায়। সাধাৰণতে নদীৰ কাষত বা পাৰত মানুহসকল বাস কৰিছিল। কাৰণ পানীক কেন্দ্ৰ কৰি মাছৰ লগতে ইয়াৰ কাষত নানা ধৰণৰ জীৱ-জন্তুৱে বসবাস কৰিছিল। সাধাৰণতে আদিম মানৱে প্ৰধানকৈ পহু আৰু ঘোঁৰাবোৰক চিকাৰৰ জৰিয়তে প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল। কাৰণ এই দুয়োবিধ জন্তু নদীৰ কাষত বাস কৰিছিল। অৱশ্যে ঋতু ভিত্তিকভাৱে আন ধৰণৰ জীৱ-জন্তুও চিকাৰ কৰাৰ প্ৰমাণ পোৱা যায়।
খাদ্য সংগ্ৰহ আৰু চিকাৰ কাৰ্যত পুৰুষৰ লগতে মহিলাসকলৰ ভূমিকাৰ বিষয়ে বিশেষ তথ্য পোৱা নাযায়। বৰ্তমানৰ সমাজ ব্যৱস্থালৈ চাই সেই সময়তো আহাৰ সংগ্ৰহত পুৰুষৰ লগতে নিশ্চয় মহিলাসকলেও সমানে দায়িত্ব পালন কৰিছিল বুলি ভবাৰ যুক্তি নোহোৱা নহয়।
Jugajit Bora, PGT History, HN Seminary HS School, Bagribari, Dhubri. Mobile- 9954478581
Leave a comment