Class 11 History
Chapter 2
Writing and City Life
লিখন পদ্ধতি আৰু নগৰীয়া জীৱন
দ্বিতীয় অধ্যায়
দ্বাদশ শ্ৰেণীৰ বুৰঞ্জীৰ
- বহুবিকল্পী (MCQ) প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) ইনান্না কোন আছিল?
(ক) প্ৰেমৰ দেৱী (খ) প্ৰেমৰ দেৱতা
(গ) জ্ঞানৰ দেৱী (ঘ) জ্ঞানৰ দেৱতা
উত্তৰঃ- (খ) প্ৰেমৰ দেৱতা
(ii) ইউৰোপৰ পৰিব্ৰাজক আৰু পণ্ডিতসকলে মেছোপটেমিয়াক কি বুলি জ্ঞান কৰিছিল?
(ক) ভগৱানৰ ভূমি
(খ) মানুহৰ ভুমি
(গ) পূৰ্বপুৰুষৰ ভূমি
(ঘ) প্ৰেতৰ ভূমি
উত্তৰঃ-
(iii) মেছোপটেমিয়া শব্দৰ অৰ্থ কি?
(ক) নদীৰ মাজৰ ঠাই (খ) নদীৰ তলৰ ঠাই
(গ) নদীৰ কাষৰ ঠাই (ঘ) নদীৰ বাহিৰৰ ঠাই
উত্তৰঃ- নদীৰ মাজৰ ঠাই
(iv) এছিৰীয়সকলৰ ভাষা কি আছিল?
(ক) ছুমেৰীয় ভাষা (খ) টাই ভাষা
(গ) জার্মান ভাষা (ঘ) ব্ৰিটিছ ভাষা
উত্তৰঃ-
(v) কিউনিফৰ্ম লিপিৰ ব্যৱহাৰ কেতিয়া হৈছিল বুলি জনা যায়৷
(ক) প্রায় খ্রীঃ 2400 পূবঃ মানত৷
(খ) প্রায় খ্রীঃ 2500 পূবঃ মানত।
(গ) প্রায় খ্রীঃ 2600 পূবঃ মানত৷
(ঘ) প্ৰায় খ্ৰীঃ 2700 পূবঃ মানত।
উত্তৰঃ-
(vi) কিমান বছৰ আগতে মেছোপটেমিয়াৰ কৃষি কাৰ্য আৰম্ভ হৈছিল?
(ক) 4000-3000 খ্রীঃ পূঃ মানৰ পৰা৷
(খ) 7000-6000 খ্ৰীঃ পূঃ মানৰ পৰা।
(গ) 5000-4000 খ্ৰীঃ পূঃ মানৰ পৰা৷
(ঘ) 6000-5000 খ্ৰীঃ পূঃ মানৰ পৰা৷
উত্তৰঃ-
অতি চমুত্তোৰ
- ইনান্না কোন আছিল? HS-2022
উত্তৰঃ- প্ৰেমৰ দেৱতা - ‘মেছোপটেমিয়া’ শব্দটোৰ অৰ্থ কি? HS-2015, 2017
উত্তৰঃ- নদীৰ মাজৰ ঠাই - বিশ্বৰ ক’ত প্ৰথমে নগৰীয় সভ্যতাৰ বিকাশ হৈছিল?
উত্তৰঃ- - মেছ’পটেমিয়া ক’ত অৱস্থিত?
উত্তৰঃ- - পেপিৰাচ কি? HS-2017
উত্তৰঃ- - পেপিৰ’লজিষ্ট বুলি কাক কোৱা হৈছিল? HS-2018
উত্তৰঃ- - মেছোপটেমিয়া সভ্যতা কিহৰ বাবে বিখ্যাত? HS-2019
উত্তৰঃ- - মাৰি ৰাজ্য বা নগৰীৰ বিষয়ে চমুকৈ উল্লেখ কৰা।
(মাৰী ৰাজপ্ৰাসাদৰ বিষয়ে এটি চমু টোকা লিখা। HS-2022)
উত্তৰঃ- মেছোপটেমিয়া যুগৰ উল্লেখযোগ্য নগৰী ঊৰুক নগৰীৰ পিছত স্থান লাভ কৰা নগৰীখন হ’ল মাৰি নগৰী। এই নগৰীখন ২০০০ খ্ৰীঃ পূঃৰ পাছত সমৃদ্ধিশালী হৈ পৰিছিল। এই নগৰীখন ইফ্ৰেটিছ্ নদীৰ বহু উজনিত অৱস্থিত আছিল। ইয়াৰ লোকসকল কৃষি কৰ্ম আৰু পশুপালনৰ লগত জড়িত আছিল। এই ৰাজ্যৰ লোকসকলে ভেড়া আৰু ছাগলীৰ পোৱালী, পণীৰ, চৰ্ম আৰু মাংসৰ বিনিময়ত পালকসকলে শস্য আৰু ধাতুৰ আহিলা লাভ কৰিছিল।
- মেছোপটেমিয়াৰ উৰুক নগৰীৰ চমু বর্ণনা দিয়া।
((উৰৰ নগৰীয়া জীৱনৰ ওপৰত এটি টোকা লিখা। HS-2023 ))
উত্তৰঃ- মেছোপটেমিয়া যুগত গঢ়ি উঠা বৃহৎ বৃহৎ নগৰসমূহৰ ভিতৰত ঊৰুক নগৰী আছিল অতি উল্লেখযোগ্য। এই নগৰীখন প্ৰায় ৪০০ হেক্টৰ এলেকা সামৰি গঢ়ি উঠিছিল। এই নগৰীখনত নানা ধৰণৰ মঠ-মন্দিৰবোৰ গঢ়ি উঠিছিল কাৰণে ঊৰুকক ‘মন্দিৰ নগৰী’ হিচাপেও জনা যায়। - নগৰখনৰ নিৰাপত্তাৰ কাৰণে ইয়াৰ চাৰিওফালে এখন বৃহৎ প্ৰাচীৰ তৈয়াৰ
কৰা হৈছিল। এই নগৰীত অৱস্থিত মন্দিৰবোৰৰ কাম-কাজৰ কাৰণে যুদ্ধবন্দী আৰু
প্ৰজাসকলক কামত লগোৱা হৈছিল। কৃষিৰ বিনিময়ত কৰ পৰিশোধ কৰাৰ সলনি
শাৰীৰিক শ্ৰম সকলো ধৰণৰ সাধাৰণ প্ৰজাৰ ক্ষেত্ৰত বাধ্যতামূলক আছিল। যি সকলে
নগৰী আৰু মন্দিৰৰ কাৰণে কাম কৰিছিল তেওঁলোকে ৰজাৰ পৰা প্ৰয়োজনীয়
ৰচদ-পাতি লাভ কৰিছিল। এক তথ্য মতে ঊৰুক নগৰীৰ এটি বিশেষ মন্দিৰ নিৰ্মাণ
কৰিবলৈ নিতৌ প্ৰায় পোন্ধৰশ বনুৱাই দহ ঘণ্টাকৈ কাম কৰিছিল। এটি মন্দিৰ নিৰ্মাণৰ
কাৰণে কমেও পাঁচ বছৰ সময়ৰ প্ৰয়োজন হৈছিল।
- মেছোপটেমিয়া যুগৰ মঠ-মন্দিৰবোৰ কেনেধৰণে নিৰ্মাণ কৰা হৈছিল সেই বিষয়ে
চমুকৈ আলোচনা কৰা।
((প্ৰাচীন মন্দিৰবোৰ কিয় দেখিবলৈ প্ৰায় ঘৰৰ দৰেই? HS-2018))
উত্তৰঃ- মেছোপটেমিয়া যুগত ডাঙৰ ডাঙৰ নগৰবোৰত বহুতো আটক ধুনীয়া মঠ
মন্দিৰ নিৰ্মাণ কৰা হৈছিল। আনকি এনে মঠ-মন্দিৰবোৰক কেন্দ্ৰ কৰি সেই অঞ্চলৰ
একো একোখন ডাঙৰ নগৰী গঢ়ি উঠিছিল।
সাধাৰণতে প্ৰজা বা খেতিয়কসকলে ৰজাৰ আদেশ মতে মঠ-মন্দিৰবোৰ
নিৰ্মাণ কৰিছিল। মন্দিৰবোৰ নিৰ্মাণৰ ক্ষেত্ৰত নানা ধৰণৰ মণি-মুকুতা আৰু ইটা
ব্যৱহাৰ কৰা হৈছিল। প্ৰজাসকলে বহু দূৰ-দূৰণিৰ পৰা মন্দিৰ নিৰ্মাণৰ সামগ্ৰীবোৰ
সংগ্ৰহ কৰিছিল। মঠ-মন্দিৰ নিৰ্মাণত জড়িত লোকসকল সময়ত প্ৰখ্যাত কাৰিকৰ ৰূপে
প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।
খ্ৰীঃ পূঃ ৩০০০ মানত ঊৰুকত প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ আহিলা-পাতিৰ
ব্যৱহৃত হৈছিল। বৃহৎ কোঠাবোৰৰ চালিৰ ওজন ধৰি ৰখাৰ কাৰণে ইটাৰে স্তম্ভ নিৰ্মাণ
কৰিছিল। পোৰা বোকা মাটিৰ শংখ আকৃতিৰ পোৰামাটিৰ এই খণ্ডবোৰ দেৱালত খাপ
খুৱাই লগোৱা হৈছিল। দেৱালবোৰ আটক ধুনীয়া কৰাৰ কাৰণে নানা ধৰণৰ ৰং বিৰঙৰ
চিত্ৰ অংকন কৰা হৈছিল। দুষ্প্ৰাপ্য শিলত কটা ভাস্কর্যত মেছোপটেমিয়াৰ ভাস্কৰসকলে
বিশেষ পাৰদৰ্শিতা দেখুৱাইছিল। আনহাতে, নগৰীয় অৰ্থনীতিৰ এক অন্যতম বিশেষত্ব
আছিল কুমাৰৰ চাক। পাছলৈ এই চাকৰ সহায়ত কুমাৰসকলে একে সময়তে একে
আকৃতিৰ বহুতো মাটিৰ পাত্ৰ তৈয়াৰ কৰিছিল।
- মেছোপটেমিয়া যুগৰ শাসন ব্যৱস্থা সম্বন্ধে চমুকৈ আলোচনা কৰা।
অথবা
মেছোপটেমিয়া যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে চমু আভাষ দিয়া।
উত্তৰঃ- মেছোপটেমিয়া যুগত ডাঙৰ ডাঙৰ বহুতো নগৰী গঢ়ি উঠিছিল। ইয়াৰ ভিতৰত
উৰুক নগৰ হ’ল উল্লেখযোগ্য। এই নগৰীক কেন্দ্ৰ কৰি শাসন ব্যৱস্থা গঢ়ি উঠিছিল।
কোনো এজন ব্যক্তিয়ে নিজৰ প্ৰভুত্ব খটুৱাই পিছলৈ তেৱেঁই শাসন বা ৰজা হিচাপে
প্ৰতিষ্ঠা লাভ কৰিছিল।
ৰজা আৰু প্ৰজাৰ মাজৰ সম্পৰ্ক মধুৰ আছিল বুলি কোৱা হয়।
প্ৰজাসকল সমূহীয়াকৈ বাস কৰিছিল। ফলত তেওঁলোকৰ মাজত আত্মীয়তা গঢ়ি উঠিছিল।
শাসন কার্যত জনসাধাৰণে ৰজাক সহায় কৰিছিল। দেশ বা ৰাজ্য ৰক্ষাৰ
কাৰণে ৰজাই সৈন্য বাহিনী গঠন কৰিছিল। উদাহৰণ হিচাপে ঊৰুক নগৰীৰ বিভিন্ন
মন্দিৰবোৰৰ গাত বা ইয়াৰ দেৱালয়ত সশস্ত্ৰ নায়ক আৰু তেওঁলোকৰ হাতত আক্ৰান্ত
শত্ৰুবিলাকৰ প্ৰতিকৃতি অংকিত কৰা দেখা গৈছে।
যুদ্ধ বন্দী আৰু স্থানীয় প্ৰজাসকলক মন্দিৰৰ কামত আৰু সামাজিক
কামত নিয়োগ কৰা হৈছিল। ৰজাক কৰ পৰিশোধ কৰাৰ সলনি শাৰীৰিক শ্ৰম সকলো
খেতিয়কৰে বাধ্যতামূলক আছিল। যিসকলে এনে কামত নিযুক্ত হৈছিল, সেই লোকসকলে
মন্দিৰ বা ৰজাৰ ফালৰ পৰা প্ৰয়োজনীয় ৰচদ-পাতি লাভ কৰিছিল। ফলিসমূহত উল্লেখ
থকা মতে এটা বিশেষ মন্দিৰ নিৰ্মাণ কৰিবলৈ প্ৰতিদিনে পোন্ধৰশ মানুহে প্ৰায় দহ
ঘণ্টাকৈ কাম কৰিছিল। এনেকুৱা এটা মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰায় পাঁচ বছৰ সময়
লাগিছিল।
- নতুনকৈ গঢ়ি উঠা নগৰবোৰে সমাজত কেনে প্ৰভাৱ পেলাইছিল?
অথবা
নগৰীকৰণৰ ফলাফলবোৰ আলোচনা কৰা।
উত্তৰঃ- মেছোপটেমিয়া সভ্যতাত বহুতো নগৰ গঢ়ি উঠাৰ কথা জনা যায়। এই
নগৰসমূহৰ ভিতৰত উৰুক (Uruk) মাৰি (Mari) আদি আছিল অতি উল্লেখযোগ্য
নগৰ। এনে নগৰবিলাকে মানুহৰ জীৱন-যাত্ৰাত বিশেষ প্ৰভাৱ পেলাইছিল।
নগৰ বিলাক অকল মানুহৰ বাসভূমিকা নাছিল। এই নগৰবিলাকে দেশৰ
অৰ্থনীতি উন্নত কৰাত সহায় কৰিছিল। কাৰণ খাদ্য দ্ৰব্য উৎপাদনৰ লগতে এই নগৰ
অঞ্চলত নানা ধৰণৰ উদ্যোগ বা শিল্প কর্ম গঢ়ি উঠিছিল। এই শিল্পসমূহত কাৰিকৰী
ব্যক্তি নিযুক্ত হৈছিল। এই শিল্প উদ্যোগসমূহত ব্ৰঞ্জৰ জৰিয়তে নানা ধৰণৰ আ-অলংকাৰ
তৈয়াৰ কৰা হৈছিল। সমাজত ব্ৰঞ্জৰ বহুল প্ৰচলন ঘটিছিল। ছীল-মোহৰ তৈয়াৰ কৰা
কার্যতো বহু লোক নিযুক্ত হৈছিল। মোহৰবোৰৰ ওপৰত সুন্দৰকৈ নক্সা কটা হৈছিল।
নানা ধৰণৰ পাথৰৰ ব্যৱহাৰ সেই সময়ত অতি জনপ্ৰিয় আছিল।
আনহাতে, এই উদ্যোগসমূহলৈ প্ৰয়োজন হোৱা ইন্ধন যোগানৰ কাৰণেও বহুতো লোকে নিয়োজিত হৈছিল। এনেদৰে নগৰসমূহে জনসাধাৰণৰ আৰ্থ-সামাজিক দিশত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। শিল্প উদ্যোগৰ বিকাশৰ লগে লগে বহুতো নগৰ-চহৰ গঢ়ি উঠিছিল।
Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Leave a comment