ইউৰোপ আৰু আফ্ৰিকা মহাদেশ দুখন কোনখন সাগৰে পৃথক কৰিছে? HS-2017
উত্তৰঃ-
- আগষ্টাছ কোন আছিল? HS-2018
উত্তৰঃ-
- কোনখন সাগৰক ৰোমান সাম্ৰাজ্যৰ হৃৎপিণ্ড বুলি গণ্য কৰা হয়? HS-2019
উত্তৰঃ-
- টেচিটাচ কোন আছিল? HS-2023
উত্তৰঃ-
- প্ৰটেষ্টান্ট সংস্কাৰ আন্দোলনৰ নেতা কোন আছিল? HS-2023
উত্তৰঃ-
- ‘Natural History’ৰ লেখক কোন?
উত্তৰঃ- জ্যেষ্ঠ প্লিনিয়ে ‘Natural History’ খন লিখিছিল।
- ৰোমান সমাজ ব্যৱস্থা কেইটা ভাগত বিভক্ত আছিল?
উত্তৰঃ- ৰোমান সমাজ ব্যৱস্থা প্ৰধানকৈ ছয়টা ভাগত বিভক্ত আছিল।
- ‘জুডাইজিম’ বুলিলে কি বুজা?
উত্তৰঃ- জুডাইজিম হ’ল ইহুদীসকলৰ উপাসনা বিধি।
- আগাষ্টাছৰ পূৰ্বৰ নাম কি আছিল?
উত্তৰঃ- আক্টাভিয়ান আছিল আগষ্টাছৰ পূৰ্বৰ নাম।
- ‘চুলিদুচ’ নামে মুদ্ৰাৰ প্ৰচলন কোনজন ৰোমান সম্ৰাটে কৰিছিল?
উত্তৰঃ- ডায়োক্লেটিয়ামে এনে মুদ্ৰাৰ প্ৰচলন কৰিছিল।
- পাপিৰাছ কি?
উত্তৰঃ- পাপিৰাছ হ’ল ইজিপ্তৰ নীল নদী উপত্যকাত উৎপন্ন হোৱা এবিধ ইকৰা জাতীয় উদ্ভিদ।
- ৬৩০ খ্ৰীঃলৈ উত্তৰ আফ্ৰিকা আৰু মধ্য প্ৰাচ্যৰ ভূখণ্ডত শাসন ব্যৱস্থা চলোৱা দুখন সাম্ৰাজ্য নাম লিখা।
- প্ৰাচীন বিশ্ব বুলি কাক কোৱা হয়?
উত্তৰঃ- ৰোমান সাম্ৰাজ্যকেই প্ৰাচীন বিশ্ব বুলি কোৱা হৈছিল।
- কোনটো লেটিন শব্দৰ পৰা ইংৰাজী ‘City’ শব্দটো আহিছে?
উত্তৰঃ- লেটিন শব্দ ‘Civitas’ শব্দৰ পৰা ইংৰাজী শব্দ ‘City’ শব্দটো আহিছে।
- কোনখন দেশত প্ৰথম নগৰৰ উৎপত্তি হৈছিল?
উত্তৰঃ- বৰ্তমান ইৰাকৰ এটা অংশ দক্ষিণে মেছোপটেমিয়াত বিশ্বৰ প্ৰথমখন নগৰৰ
সূচনা ঘটিছিল।
- কেতিয়া প্ৰথম নগৰৰ উৎপত্তি হৈছিল।
উত্তৰঃ- খ্ৰীঃ পূঃ ৩,৫০০ত মেছোপটেমিয়াত নগৰৰ উৎপত্তি হৈছিল।
- কোন ঠাইত প্ৰথম নগৰৰ জন্ম হৈছিল?
উত্তৰঃ- নদী উপত্যকাত প্ৰথম নগৰৰ সূচনা ঘটিছিল।
- যৌথ পৰিয়াল কাক বুজাইছিল?
উত্তৰঃ- পুৰুষ, পত্নী আৰু ল’ৰা-ছোৱালী আছিল যৌথ পৰিয়ালৰ বৈশিষ্ট্য।
- জুলিয়াচ চিজাৰে কেনে ধৰণৰ কিতাপ লিখিছিল?
উত্তৰঃ- গল (ফ্ৰান্স) যুদ্ধৰ বিষয়ে জুলিয়াচ চিজাৰে কিতাপ লিখিছিল।
- ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত কোন তিনিটা প্ৰধান চালিকা শক্তি আছিল?
অথবা
কোন কেইটা শ্ৰেণীক ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ প্ৰধান নির্ণায়ক বা
- ‘খেলুৱৈ’ বুলি কোৱা হৈছিল?
- উত্তৰঃ- ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ প্ৰধান নির্ণায়ক বা খেলুৱৈ বুলি
সাধাৰণতে সম্ৰাট, অভিজাত শ্ৰেণী আৰু সামৰিক বাহিনী-এই তিনিওটাকে কোৱা হৈছিল।
- ৰোমান যুগৰ আইনী ব্যৱস্থা কেনে আছিল।
অথবা
ৰোমান যুগত শান্তিশৃংখলা কেনেদৰে ৰক্ষা কৰা হৈছিল?
উত্তৰঃ- ৰোমান যুগৰ আইনী ব্যৱস্থা অতি কঠোৰ আছিল। কাৰণ ৰাষ্ট্ৰ আছিল এক কৰ্তৃত্বশীল শাসনৰ প্ৰতিভূ। বিপৰীত মত কেতিয়াবাহে সহ্য কৰা হৈছিল। চৰকাৰৰ বিৰুদ্ধাচৰণ কৰা সকলক কঠোৰভাৱে দমন কৰা হৈছিল। উল্লেখ্য যে চতুর্থ শতাব্দীত ৰোমান আইনৰ এক শক্তিশালী পৰম্পৰা গঢ়ি উঠিছিল। আনকি এনে আইনে ভয়াৱহ বা স্বেচ্ছাচাৰী সম্ৰাটসকলকো নিয়ন্ত্ৰণ কৰিছিল। সেয়ে সেই সময়ৰ পৰাই ৰজা বা
সম্ৰাটসকলে ইচ্ছা অনুযায়ী কাম কৰাত বাধা আহি পৰিছিল। এই কাৰণেই চতুৰ্থ
শতাব্দীৰ শেষৰ পিনে স্বেচ্ছাচাৰী ধৰ্মগুৰু আৰু সম্ৰাটসকলৰ অনৈতিক আৰু নিষ্ঠুৰ কাৰ্যৰ
বিৰুদ্ধে জনসাধাৰণে জনমত গঢ়ি তুলিবলৈ সক্ষম হৈছিল।
- ৰোমান সাম্ৰাজ্যৰ সেনা বাহিনীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ- ক্ষমতাৰ পিনৰ পৰা সম্ৰাট আৰু চিনেটৰ পিছতেই স্থান লাভ কৰিছিল। দেশৰ
সেনা বাহিনীয়ে ৰোমান সাম্ৰাজ্যৰ সেনা বাহিনী আছিল বেতনভোগী বৃত্তিজীৱিৰ লোক।
গতিকে তেওঁলোকে অতি কমেও ২৫ বছৰ কাল দেশৰ সেৱাৰ বাবে কাম কৰিব
লাগিছিল। অৱশ্যে সেনাবাহিনীৰ লোকসকলে উন্নত সা-সুবিধা আৰু উচ্চ বেতনৰ দাবীত
সততে আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। মাজে মাজে সেনাধ্যক্ষ বা সম্ৰাটৰ দ্বাৰা
অপমানিত হোৱাৰ বিষয়ক লৈ সেনা বাহিনীত সামৰিক বিদ্ৰোহো সংঘটিত হৈছিল।
চিনেট সভাৰ লগতো সামৰিক বাহিনীৰ সদভাব নাছিল। কাৰণ চিনেট
সভাই সত্যত সামৰিক বাহিনীক ঘৃণা আৰু ভয় কৰিছিল। কাৰণ সেনা বাহিনী আছিল সাম্ৰাজ্যত সততে সংঘটিত আৰু অনাকাংক্ষিত হিংস্ৰতাৰ আধাৰ আৰু উৎস। আনহাতে,
সেনা বাহিনীৰ ক্ৰমবৰ্ধমান খৰচৰ জোৰা মৰাৰ কাৰণে খ্ৰীষ্ট্ৰীয় তৃতীয় শতিকাত চৰকাৰে
খাজনাৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি কৰিছিল। ফলত দেশত এক ভয়ানক পৰিস্থিতিৰ
সূচনা হৈছিল। ৰজা আৰু সামৰিক বাহিনীৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপে মাজে
সময়ে ৰোমান যুগত গৃহযুদ্ধৰ সূচনা হোৱাৰো উদাহৰণ দেখা যায়।
- ৰোমান যুগৰ দাসত্ব প্ৰথা সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ- মানৱ সমাজৰ আদিম অৱস্থাৰ পৰাই সমাজত দাস প্ৰথাৰ প্ৰচলনৰ কথা জনা
যায়। দার্শনিক প্লেটো, এৰিষ্টটল, মুণি আগাষ্টাইন আদিয়ে দাস প্ৰথাৰ সপক্ষে মত পোষণ
কৰিছিল। এৰিষ্টটলে মত পোষণ কৰি কৈছিল যে যিহেতু সমাজত সকলোৱে সমানভাৱে
বাস কৰিব নোৱাৰে তেনে অৱস্থাত স্থান ভেদে মানুহৰ মাজত দাসত্ব প্ৰথাটো হ’ল এটি
প্ৰকৃতিগত নিয়ম। আগষ্টাইনে দাস প্ৰথা সম্পর্কে যুক্তি দাঙি কৈছিল যে সমাজৰ যিসকল
লোক পাপত নিমজ্জিত তেনে লোকে দাস হিচাপে জীৱন নিৰ্বাহ কৰাটো সমাজৰ এটি
সাধাৰণ নিয়ম। গতিকে দেখা যায় অতীত কালৰ পৰা ঊনৈশ শতিকাৰ শেষ ভাগলৈ
দাস প্ৰথা চলি আহিছিল। ইয়াৰ ব্যতিক্ৰম ৰোমান সাম্ৰাজ্যতো হোৱা নাছিল।
ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্ৰাট আগষ্টাছৰ শাসন কালত ইটালীৰ বহু
অঞ্চলত দাস প্ৰথা বহুলভাৱে প্ৰচলিত হৈ আছিল। উল্লেখ্য যে ইটালীৰ মুঠ জনসংখ্যাৰ
৭.৫ মিলিয়নৰ বিপৰীতে দাসৰ সংখ্যা আছিল তিনি মিলিয়ন।
দাস সকলৰ জীৱন ধাৰণৰ মানদণ্ড অতি শোচনীয় আছিল। এজন লোক
দাস হিচাপে চিনাক্ত হোৱাৰ পিছৰে পৰা তেওঁৰ প্ৰকৃত নামটো হেৰাই যায়। ইয়াৰ
পৰিৱৰ্তে তেওঁক এটি অসন্মানজনক নামেৰে নামকৰণ কৰা হয়। দাস সকলক কঠোৰ
কষ্ট কৰিবলৈ দিয়া হৈছিল। দৈনিক তেওঁলোকে কমেও ওঠৰ ঘণ্টাকৈ মালিকৰ তলত
কাম কৰিব লাগিছিল। ইয়াৰ বিপৰীতে তেওঁলোকক খোৱা আৰু পিন্ধা-উৰাত যথেষ্ট কষ্ট
দিছিল। বহু দিন কাম কৰাৰ পিছত বা বয়স হোৱাৰ পিছত দাস সকল দুৰ্বল হৈ
পৰিছিল। কিন্তু তেওঁলোকৰ ভৰণ-পোষণৰ দায়িত্বৰ পৰা মালিকসকল আঁতৰি আহিছিল।
ইয়াৰ বিপৰীতে তেওঁলোকক কোনো নির্জন দ্বীপলৈ আনি তাতে অনাহাৰে মৃত্যুক
আঁকোৱালি ল’বলৈ বাধ্য কৰোৱা হৈছিল।
স্পার্টাকাচৰ নেতৃত্বত দাস মুক্তি আন্দোলন : এনেদৰে দেখা যায় যে
ৰোমান যুগত দাস সকলক অতি কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰাৰ কাৰণে বাধ্য
কৰোৱা হৈছিল। বিশেষকৈ ইটালীত দাস সকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল৷
এনে অৱস্থাৰ পৰা মুক্তি পোৱা কাৰণে খ্ৰীষ্টীয় ৭৪ত স্পার্টাকাচৰ নেতৃত্বত
এটি দাস মুক্তি আন্দোলন আৰম্ভ হ’ল। এই আন্দোলনত অংশ লৈছিল যুদ্ধৰ
কলা-কৌশলত পাৰ্গত দাসসকলে। স্পার্টাকাচ এজন অতি সাহসী আৰু সুদক্ষ নেতা আছিল। উল্লেখযোগ্য যে স্পার্টাকাচো এজন বন্দী দাস আছিল। পিছত তেওঁ বল্কান অঞ্চলৰ পৰা পলাই আহি এনে দাস মুক্তি আন্দোলনৰ নেতৃত্ব লৈছিল।
স্পার্টাকাচৰ নেতৃত্বত দাস আন্দোলনে চূড়ান্ত ৰূপ লাভ কৰে। দাস সকলে
বেছিভাগ গৰাকীৰ কবলৰ পৰা শক্তি প্ৰদৰ্শনেৰে মুকলি হ’বলৈ সক্ষম হয়। চৰকাৰী
আক্ৰমণক দাস সকলে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হয়। অলপ সময়ৰ ভিতৰতে সমগ্ৰ
ইটালীৰ দাস সকলক একত্ৰিত কৰিবলৈ স্পার্টাকাচ সক্ষম হয়। দাস সকলৰ মাজত
ভাষাৰ মিল নাছিল। কিন্তু স্পার্টাকাচে দাস সকলৰ তেনে সমস্যা সমাধান কৰি
তেওঁলোকৰ মাজত কঠোৰ নিয়মানুৱৰ্তিতা পালন কৰিছিল। আনকি তেওঁ ৰোমান আর্হিত
এটি শক্তিশালী সৈন্য বাহিনীও গঠন কৰিছিল। অৱশ্যে স্পার্টাকাচৰ নেতৃত্বত সংগঠিত
হোৱা দাস মুক্তি আন্দোলনে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল খ্ৰীঃ পূঃ ৭১ত
হোৱা ৰাজকীয় আক্ৰমণত এই আন্দোলন স্তিমিত হৈ পৰিছিল।
Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Class 11 History
Chapter 3
An Empire Across the continent
তিনিখন মহাদেশ জুৰি বিস্তৃত সাম্ৰাজ্য
তৃতীয় অধ্যায়
একাদশ শ্ৰেণীৰ বুৰঞ্জী
1. বহুবিকল্পী (MCQ) প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) কোনটো সাগৰক ৰোমান সাম্ৰাজ্যৰ হৃদপিণ্ড বুলি কোৱা হয়?
(ক) আৰৱ সাগৰ
(খ) ভূমধ্য সাগৰ
(গ) বঙ্গোপাসাগৰ
(ঘ) লোহিত সাগৰ
উত্তৰঃ- (খ) ভূমধ্য সাগৰ
(ii) আলেকজেণ্ডাৰ কোনখন নগৰ ৰাষ্ট্ৰৰ ৰজা আছিল?
(ক) এথেন্স
(খ) স্পার্টা
(গ) মেচিডনিয়া
(ঘ) ওপৰৰ এটাও নহয়৷
উত্তৰঃ- (গ) মেচিডনিয়া
(iii) ৰোমান সাম্ৰাজত চুলিদুচ নামৰ সোণৰ মুদ্ৰা কোনে প্ৰচলন কৰিছিল?
(ক) আগাষ্টাছে
(খ) ডায়োকেটিয়ামে
(গ) কনষ্টানটাইনে
(ঘ) পালিয়েনাছে
উত্তৰঃ-
(iv) ৰোমান সাম্ৰাজ্যৰ পূৰ্বাংশৰ সম্ৰান্ত শ্ৰেণীৰ লোকসকলে কি ভাষা কৈছিল?
(ক) গ্রীক
(খ) লেটিন
(গ) পাচী
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ-
9. ‘Natural History’ৰ লেখক কোন?
উত্তৰঃ- জ্যেষ্ঠ প্লিনিয়ে ‘Natural History’ খন লিখিছিল।
10. ৰোমান সমাজ ব্যৱস্থা কেইটা ভাগত বিভক্ত আছিল?
উত্তৰঃ- ৰোমান সমাজ ব্যৱস্থা প্ৰধানকৈ ছয়টা ভাগত বিভক্ত আছিল।
11. ‘জুডাইজিম’ বুলিলে কি বুজা?
উত্তৰঃ- জুডাইজিম হ’ল ইহুদীসকলৰ উপাসনা বিধি।
12. আগাষ্টাছৰ পূৰ্বৰ নাম কি আছিল?
উত্তৰঃ- আক্টাভিয়ান আছিল আগষ্টাছৰ পূৰ্বৰ নাম।
13. ‘চুলিদুচ’ নামে মুদ্ৰাৰ প্ৰচলন কোনজন ৰোমান সম্ৰাটে কৰিছিল?
উত্তৰঃ- ডায়োক্লেটিয়ামে এনে মুদ্ৰাৰ প্ৰচলন কৰিছিল।
14. পাপিৰাছ কি?
উত্তৰঃ- পাপিৰাছ হ’ল ইজিপ্তৰ নীল নদী উপত্যকাত উৎপন্ন হোৱা এবিধ ইকৰা জাতীয় উদ্ভিদ।
15. ৬৩০ খ্ৰীঃলৈ উত্তৰ আফ্ৰিকা আৰু মধ্য প্ৰাচ্যৰ ভূখণ্ডত শাসন ব্যৱস্থা চলোৱা দুখন সাম্ৰাজ্য নাম লিখা।
উত্তৰঃ- ৰোমান সাম্ৰাজ্য আৰু ইৰাণী সাম্ৰাজ্য।
16. প্ৰাচীন বিশ্ব বুলি কাক কোৱা হয়?
উত্তৰঃ- ৰোমান সাম্ৰাজ্যকেই প্ৰাচীন বিশ্ব বুলি কোৱা হৈছিল।
17. কোনটো লেটিন শব্দৰ পৰা ইংৰাজী ‘City’ শব্দটো আহিছে?
উত্তৰঃ- লেটিন শব্দ ‘Civitas’ শব্দৰ পৰা ইংৰাজী শব্দ ‘City’ শব্দটো আহিছে।
18. কোনখন দেশত প্ৰথম নগৰৰ উৎপত্তি হৈছিল?
উত্তৰঃ- বৰ্তমান ইৰাকৰ এটা অংশ দক্ষিণে মেছোপটেমিয়াত বিশ্বৰ প্ৰথমখন নগৰৰ সূচনা ঘটিছিল।
19. কেতিয়া প্ৰথম নগৰৰ উৎপত্তি হৈছিল।
উত্তৰঃ- খ্ৰীঃ পূঃ ৩,৫০০ত মেছোপটেমিয়াত নগৰৰ উৎপত্তি হৈছিল।
20. কোন ঠাইত প্ৰথম নগৰৰ জন্ম হৈছিল?
উত্তৰঃ- নদী উপত্যকাত প্ৰথম নগৰৰ সূচনা ঘটিছিল।
21. যৌথ পৰিয়াল কাক বুজাইছিল?
উত্তৰঃ- পুৰুষ, পত্নী আৰু ল’ৰা-ছোৱালী আছিল যৌথ পৰিয়ালৰ বৈশিষ্ট্য।
22. জুলিয়াচ চিজাৰে কেনে ধৰণৰ কিতাপ লিখিছিল?
উত্তৰঃ- গল (ফ্ৰান্স) যুদ্ধৰ বিষয়ে জুলিয়াচ চিজাৰে কিতাপ লিখিছিল।
23. ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত কোন তিনিটা প্ৰধান চালিকা শক্তি আছিল?
অথবা
কোন কেইটা শ্ৰেণীক ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ প্ৰধান নির্ণায়ক বা ‘খেলুৱৈ’ বুলি কোৱা হৈছিল?
উত্তৰঃ- ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ প্ৰধান নির্ণায়ক বা খেলুৱৈ বুলি সাধাৰণতে সম্ৰাট, অভিজাত শ্ৰেণী আৰু সামৰিক বাহিনী-এই তিনিওটাকে কোৱা হৈছিল।
24. ৰোমান যুগৰ আইনী ব্যৱস্থা কেনে আছিল।
অথবা
ৰোমান যুগত শান্তিশৃংখলা কেনেদৰে ৰক্ষা কৰা হৈছিল?
উত্তৰঃ- ৰোমান যুগৰ আইনী ব্যৱস্থা অতি কঠোৰ আছিল। কাৰণ ৰাষ্ট্ৰ আছিল এক কৰ্তৃত্বশীল শাসনৰ প্ৰতিভূ। বিপৰীত মত কেতিয়াবাহে সহ্য কৰা হৈছিল। চৰকাৰৰ বিৰুদ্ধাচৰণ কৰা সকলক কঠোৰভাৱে দমন কৰা হৈছিল। উল্লেখ্য যে চতুর্থ শতাব্দীত ৰোমান আইনৰ এক শক্তিশালী পৰম্পৰা গঢ়ি উঠিছিল। আনকি এনে আইনে ভয়াৱহ বা স্বেচ্ছাচাৰী সম্ৰাটসকলকো নিয়ন্ত্ৰণ কৰিছিল। সেয়ে সেই সময়ৰ পৰাই ৰজা বা সম্ৰাটসকলে ইচ্ছা অনুযায়ী কাম কৰাত বাধা আহি পৰিছিল। এই কাৰণেই চতুৰ্থ শতাব্দীৰ শেষৰ পিনে স্বেচ্ছাচাৰী ধৰ্মগুৰু আৰু সম্ৰাটসকলৰ অনৈতিক আৰু নিষ্ঠুৰ কাৰ্যৰ বিৰুদ্ধে জনসাধাৰণে জনমত গঢ়ি তুলিবলৈ সক্ষম হৈছিল।
25. ৰোমান সাম্ৰাজ্যৰ সেনা বাহিনীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ- ক্ষমতাৰ পিনৰ পৰা সম্ৰাট আৰু চিনেটৰ পিছতেই স্থান লাভ কৰিছিল। দেশৰ সেনা বাহিনীয়ে ৰোমান সাম্ৰাজ্যৰ সেনা বাহিনী আছিল বেতনভোগী বৃত্তিজীৱিৰ লোক। গতিকে তেওঁলোকে অতি কমেও ২৫ বছৰ কাল দেশৰ সেৱাৰ বাবে কাম কৰিব লাগিছিল। অৱশ্যে সেনাবাহিনীৰ লোকসকলে উন্নত সা-সুবিধা আৰু উচ্চ বেতনৰ দাবীত সততে আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। মাজে মাজে সেনাধ্যক্ষ বা সম্ৰাটৰ দ্বাৰা অপমানিত হোৱাৰ বিষয়ক লৈ সেনা বাহিনীত সামৰিক বিদ্ৰোহো সংঘটিত হৈছিল।
চিনেট সভাৰ লগতো সামৰিক বাহিনীৰ সদভাব নাছিল। কাৰণ চিনেট সভাই সত্যত সামৰিক বাহিনীক ঘৃণা আৰু ভয় কৰিছিল। কাৰণ সেনা বাহিনী আছিল সাম্ৰাজ্যত সততে সংঘটিত আৰু অনাকাংক্ষিত হিংস্ৰতাৰ আধাৰ আৰু উৎস। আনহাতে, সেনা বাহিনীৰ ক্ৰমবৰ্ধমান খৰচৰ জোৰা মৰাৰ কাৰণে খ্ৰীষ্ট্ৰীয় তৃতীয় শতিকাত চৰকাৰে খাজনাৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি কৰিছিল। ফলত দেশত এক ভয়ানক পৰিস্থিতিৰ সূচনা হৈছিল। ৰজা আৰু সামৰিক বাহিনীৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপে মাজে সময়ে ৰোমান যুগত গৃহযুদ্ধৰ সূচনা হোৱাৰো উদাহৰণ দেখা যায়।
26. ৰোমান যুগৰ দাসত্ব প্ৰথা সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ- মানৱ সমাজৰ আদিম অৱস্থাৰ পৰাই সমাজত দাস প্ৰথাৰ প্ৰচলনৰ কথা জনা যায়। দার্শনিক প্লেটো, এৰিষ্টটল, মুণি আগাষ্টাইন আদিয়ে দাস প্ৰথাৰ সপক্ষে মত পোষণ কৰিছিল। এৰিষ্টটলে মত পোষণ কৰি কৈছিল যে যিহেতু সমাজত সকলোৱে সমানভাৱে বাস কৰিব নোৱাৰে তেনে অৱস্থাত স্থান ভেদে মানুহৰ মাজত দাসত্ব প্ৰথাটো হ’ল এটি প্ৰকৃতিগত নিয়ম। আগষ্টাইনে দাস প্ৰথা সম্পর্কে যুক্তি দাঙি কৈছিল যে সমাজৰ যিসকল লোক পাপত নিমজ্জিত তেনে লোকে দাস হিচাপে জীৱন নিৰ্বাহ কৰাটো সমাজৰ এটি সাধাৰণ নিয়ম। গতিকে দেখা যায় অতীত কালৰ পৰা ঊনৈশ শতিকাৰ শেষ ভাগলৈ দাস প্ৰথা চলি আহিছিল। ইয়াৰ ব্যতিক্ৰম ৰোমান সাম্ৰাজ্যতো হোৱা নাছিল।
ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্ৰাট আগষ্টাছৰ শাসন কালত ইটালীৰ বহু অঞ্চলত দাস প্ৰথা বহুলভাৱে প্ৰচলিত হৈ আছিল। উল্লেখ্য যে ইটালীৰ মুঠ জনসংখ্যাৰ ৭.৫ মিলিয়নৰ বিপৰীতে দাসৰ সংখ্যা আছিল তিনি মিলিয়ন।
দাস সকলৰ জীৱন ধাৰণৰ মানদণ্ড অতি শোচনীয় আছিল। এজন লোক দাস হিচাপে চিনাক্ত হোৱাৰ পিছৰে পৰা তেওঁৰ প্ৰকৃত নামটো হেৰাই যায়। ইয়াৰ পৰিৱৰ্তে তেওঁক এটি অসন্মানজনক নামেৰে নামকৰণ কৰা হয়। দাস সকলক কঠোৰ কষ্ট কৰিবলৈ দিয়া হৈছিল। দৈনিক তেওঁলোকে কমেও ওঠৰ ঘণ্টাকৈ মালিকৰ তলত কাম কৰিব লাগিছিল। ইয়াৰ বিপৰীতে তেওঁলোকক খোৱা আৰু পিন্ধা-উৰাত যথেষ্ট কষ্ট দিছিল। বহু দিন কাম কৰাৰ পিছত বা বয়স হোৱাৰ পিছত দাস সকল দুৰ্বল হৈ পৰিছিল। কিন্তু তেওঁলোকৰ ভৰণ-পোষণৰ দায়িত্বৰ পৰা মালিকসকল আঁতৰি আহিছিল। ইয়াৰ বিপৰীতে তেওঁলোকক কোনো নির্জন দ্বীপলৈ আনি তাতে অনাহাৰে মৃত্যুক আঁকোৱালি ল’বলৈ বাধ্য কৰোৱা হৈছিল।
স্পার্টাকাচৰ নেতৃত্বত দাস মুক্তি আন্দোলন : এনেদৰে দেখা যায় যে ৰোমান যুগত দাস সকলক অতি কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰাৰ কাৰণে বাধ্য কৰোৱা হৈছিল। বিশেষকৈ ইটালীত দাস সকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল৷
এনে অৱস্থাৰ পৰা মুক্তি পোৱা কাৰণে খ্ৰীষ্টীয় ৭৪ত স্পার্টাকাচৰ নেতৃত্বত এটি দাস মুক্তি আন্দোলন আৰম্ভ হ’ল। এই আন্দোলনত অংশ লৈছিল যুদ্ধৰ কলা-কৌশলত পাৰ্গত দাসসকলে। স্পার্টাকাচ এজন অতি সাহসী আৰু সুদক্ষ নেতা আছিল। উল্লেখযোগ্য যে স্পার্টাকাচো এজন বন্দী দাস আছিল। পিছত তেওঁ বল্কান অঞ্চলৰ পৰা পলাই আহি এনে দাস মুক্তি আন্দোলনৰ নেতৃত্ব লৈছিল।
স্পার্টাকাচৰ নেতৃত্বত দাস আন্দোলনে চূড়ান্ত ৰূপ লাভ কৰে। দাস সকলে বেছিভাগ গৰাকীৰ কবলৰ পৰা শক্তি প্ৰদৰ্শনেৰে মুকলি হ’বলৈ সক্ষম হয়। চৰকাৰী আক্ৰমণক দাস সকলে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হয়। অলপ সময়ৰ ভিতৰতে সমগ্ৰ ইটালীৰ দাস সকলক একত্ৰিত কৰিবলৈ স্পার্টাকাচ সক্ষম হয়। দাস সকলৰ মাজত ভাষাৰ মিল নাছিল। কিন্তু স্পার্টাকাচে দাস সকলৰ তেনে সমস্যা সমাধান কৰি তেওঁলোকৰ মাজত কঠোৰ নিয়মানুৱৰ্তিতা পালন কৰিছিল। আনকি তেওঁ ৰোমান আর্হিত এটি শক্তিশালী সৈন্য বাহিনীও গঠন কৰিছিল। অৱশ্যে স্পার্টাকাচৰ নেতৃত্বত সংগঠিত হোৱা দাস মুক্তি আন্দোলনে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল খ্ৰীঃ পূঃ ৭১ত হোৱা ৰাজকীয় আক্ৰমণত এই আন্দোলন স্তিমিত হৈ পৰিছিল।
Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Leave a comment