Class 12 History

Chapter 5
Nomadic Empires
অঘৰীসকলৰ সাম্ৰাজ্য

দ্বাদশ শ্ৰেণীৰ বুৰঞ্জীৰ
পঞ্চম অধ্যায়

  1. MCQ
    (i) কাক মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বুলি গণ্য কৰা হয়?
    (ক) কুবলাই খান               (খ) ভৈমুৰ
    (গ) জেৎগিজ খাঁ               (ঘ) ওগেদেই খান
    উত্তৰঃ-(গ) জেৎগিজ খাঁ

(ii) জেংগিছ খানৰ জন্মৰ সময়ৰ নাম কি আছিল?
(ক) তৈমূৰ           (খ) সুৱবুভাই
(গ) তেমুজিন                (ঘ) বাতু
উত্তৰঃ-(গ) তেমুজিন

(iii) মঙ্গোলসকলৰ প্ৰধান জীৱিকা আছিল—
(ক) কৃষি                       (খ) উদ্যোগ
(গ) পশুপালন               (ঘ) ওপৰৰ এটাও নহয়৷
উত্তৰঃ- (গ) পশুপালন

(iv) জেংগিছ খান নিজৰ বৃহৎ সাম্রাজ্য একত্ৰিত আৰু শাসন কৰিবলৈ কি কাৰ্যসূচী পালন কৰিছিল?
(ক) এক লিখিত সংবিধান
(খ) একাধিক চৰকাৰী ভাষা
(গ) এক ডাক ব্যৱস্থা
(ঘ) এক কঠোৰ সামন্তবাদী ব্যৱস্থা
উত্তৰঃ- (গ) এক ডাক ব্যৱস্থা

(v) মংগোল সাম্ৰাজ্যৰ সম্ৰাটসকলে কোনটো অঞ্চল জয় কৰা নাছিল?
(ক) চীন              (খ) পাৰ্ছিয়া
(গ) ভাৰত           (ঘ) ৰাছিয়া
উত্তৰঃ- (গ) ভাৰত

(vi) মংগোল সাম্ৰাজ্যৰ ইতিহাস চৰ্চাত বাধা প্ৰদান কৰা ৰুছ শাসকজনৰ নাম কি?
(ক) ফ্ৰছেত                        (খ) ষ্টেলিনৰ
(গ) ব্লাডিমিৰ পুটিন           (ঘ) ২য় আলেকজেণ্ডাৰ
উত্তৰঃ- (খ) ষ্টেলিনৰ

(vii) বাজ কি?
(ক) এবিধ কৰ
(গ) দ্রুতবেগী ডাক ব্যৱস্থা
(খ) এবিধ অনুমতি পত্র
(ঘ) ডিম্বাকৃতিৰ ঘৰ
উত্তৰঃ- এবিধ কৰ

  1. অঘৰীসকল কোন আছিল?
    উত্তৰঃ- যাযবৰী লোকসকলক অঘৰী বুলি কোৱা হয়।
  2. অঘৰীসকল ক’ৰ লোক আছিল?
    উত্তৰঃ- অঘৰীসকল মধ্য এছিয়াৰ লোক আছিল।
  3. জেংগিছ খাঁ কোন আছিল?
    উত্তৰঃ- জেংগিছ খাঁ মোগলসকলৰ নেতা আছিল।
  4. ‘ইউৰেছিয়া’ বুলিলে কি বুজা?
    উত্তৰঃ- ‘ইউৰেছিয়া’ আৰু ‘এছিয়া’ মহাদেশক ইউৰোছীয়া বুলি কোৱা হয়।
  5. বিশ্ব ইতিহাসত মোগল আৰু জেংগিছ খানৰ স্থান সম্পর্কে আলোচনা কৰা।
    উত্তৰঃ- জেংগিছ খানৰ নেতৃত্বত বৃহৎ মংগোলীয় সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা কাৰ্য বিশ্ব ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়। অৱশ্যে সামগ্ৰিক দৃষ্টিত জেংগিছ খাঁ আৰু মোগলসকল বিভীষিকা আছিল। কাৰণ জেংগিছ খাঁ এজন বিজেতা, চহৰ ধ্বংসকাৰী আৰু এজন ব্যক্তি যি হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ বাবে আছিল প্ৰধান দায়ী। ত্ৰয়োদশ শতিকাৰ চীন, ইৰান আৰু পূবইউৰোপৰ পৰা বহুতো বাসিন্দাই শুকান বৰি ভূমি অঞ্চলৰ পৰা দলে দলে অহা লোকক কেৱল ভয় আৰু বিৰক্তিৰে চাইছিল আৰু প্ৰধান শত্ৰুৰূপে গণ্য কৰিছিল।                                                                                                                     তথাপি মোগলসকলৰ বাবে জেংগিছ খাঁ আছিল সেই ফালৰ এজন বিখ্যাত নেতা। তেওঁ মোগলসকলক একত্ৰিত কৰি এখন বিশাল মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁ মোগলসকলক এফালে নিৰৱচ্ছিন্ন জনজাতীয় সংঘৰ্ষ আৰু আনফালে চৈনিক বা চীনা লোকৰ শোষণৰ পৰা মুক্তি দিছিল। তেওঁলোকক ঐশ্বর্যশালী কৰি তুলিছিল। এখন বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আনকি ভেনিচৰ মাৰ্কো প’লোৰ দৰে ভ্ৰমণকাৰীকো তেওঁ আকৰ্ষণ কৰিছিল।

                         মোগল শাসনকর্তাসকলে সকলোবোৰ জনগোষ্ঠী আৰু ধৰ্মীয় লোকৰ মাজৰ পৰা প্ৰশাসনিক আমোলা-বিষয়া আৰু সেনা বাহিনীৰ বাবে সৈনিক নিয়োগ কৰিছিল। তেওঁলোকৰ সমাজখনেই আছিল বহু জাতীয়, বহু ভাষিক আৰু বহু ধৰ্মীয় সমাজ। কিন্তু তেওঁলোক সকলো ধৰণৰ শংকাৰ পৰা মুক্ত আছিল। মোগলসকলেই প্ৰথমে এক সু-সংহত শাসন ব্যৱস্থা গঢ়ি তুলিছিল। পিছলৈ এনে শাসন ব্যৱস্থাৰ আঁত ধৰি ভাৰতত প্ৰসিদ্ধ মোগল শাসন ব্যৱস্থা গঢ় লৈছিল আৰু ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল। মংগোলীয়াৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত জেংগিছ খাঁ আকৌ এবাৰ মোগল জনসাধাৰণৰ বাবে জাতীয় পুৰুষৰূপে প্ৰতিভাত হৈছে। তেওঁৰ আদৰ্শক কেন্দ্ৰ কৰি সূচনা হোৱা মহান অতীতৰ স্মৃতিচাৰণে মংগোলীয়াত জাতীয় আত্মপৰিচয়ৰ উন্মোচন ঘটিছিল, যিয়ে ৰাষ্ট্ৰখনক ভৱিষ্যতৰ দিশলৈ লৈ গৈছিল।

Leave a comment

Trending