Class 11 History

Chapter 6
Changing Traditions
The Three Orders
পৰিৱৰ্তিত পৰম্পৰা
তিনিটা শ্ৰেণী
দ্বাদশ শ্ৰেণীৰ বুৰঞ্জীৰ
ষষ্ঠ অধ্যায়

  1. বহুবিকল্পী (MCQ) প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা :
    (i) লিঅ’ আপ্ৰিকানচ বুলি কাক কোৱা হৈছিল?
    (ক) কলম্বাছ (খ) ডনামেৰিনা
    (গ) ঈবনছিনা (ঘ) হাছান-উল-উজান
    উত্তৰঃ- (ঘ) হাছান-উল-উজান

(ii) সামন্ততান্ত্রিক শ্ৰেণীবিৱত শীৰ্ষত কোন আছিল?
(ক) নাইটসকল (খ) পুৰোহিতসকল
(ঘ) ব্যৱসায়ীক গোষ্ঠী (গ) কৃষকসকল
উত্তৰঃ- নাইটসকল*

(iii) সামন্ততান্ত্ৰিক ব্যৱস্থাত নাইটসকলৰ প্ৰধান দায়িত্ব কি আছিল?
(ক) কৰ সংগ্ৰহ কৰা (খ) খেতি কৰা
(গ) সামৰিক সেৱা প্ৰদান কৰা (ঘ) আইন বনোৱা
উত্তৰঃ- সামৰিক সেৱা প্ৰদান কৰা

(iv) কোনটো সাধাৰণতে মঠৰ ভিতৰত ভিক্ষু অথবা সন্ন্যাসীসকলৰ দ্বাৰা দায়িত্ব পালন কৰা নহয়?
(ক) প্ৰাৰ্থনা আৰু উপাসনা
(খ) ধৰ্মীয় গ্ৰন্থৰ অনুকৰণ
(গ) ৰাজনৈতিক বিষয় সমূহৰ প্ৰতি লক্ষ্য ৰখা
(ঘ) দুর্দশাগ্রস্তৰ যতন লোৱা
উত্তৰঃ- (গ) ৰাজনৈতিক বিষয় সমূহৰ প্ৰতি লক্ষ্য ৰখা

(v) “সামন্তবাদ” শব্দটো কোনটো ভাষাৰ পৰা আহিছে?
(ক) জার্মান (খ) গ্রীক
(গ) লেটিন (ঘ) ফৰাচী
উত্তৰঃ- (গ) লেটিন

(vi) কোনে প্রথম সামন্তবাদ সম্পৰ্কে গৱেষণা কৰিছিল?
(ক) এৰিষ্ট’টল (খ) মার্ক ব্লক
(গ) হিল্ডগার্ড (ঘ) চৌচৰে
উত্তৰঃ- (খ) মার্ক ব্লক

(vi) একাদশ লুই কোনখন দেশৰ শাসক আছিল?
(ক) ফ্রান্স (গ) স্পেইন
(খ) অষ্ট্ৰিয়া (ঘ) ইংলেণ্ড
উত্তৰঃ- ফ্রান্স

  1. মধ্য যুগত সমাজত প্ৰধানকৈ কেইটা শ্ৰেণী আছিল?
    উত্তৰঃ- মধ্য যুগত সমাজ ব্যৱস্থা প্ৰধানকৈ তিনিটা শ্ৰেণীত বিভক্ত আছি
  2. সামন্তবাদৰ ওপৰত প্ৰথম গৱেষণা কৰা ফ্ৰান্সৰ ব্যক্তিজন কোন আছিল?
    উত্তৰঃ- ফ্ৰান্সৰ এই গৱেষকজনৰ নাম আছিল মাৰ্কব্লক।
  3. সামন্তবাদ শব্দটো ক’ৰ পৰা আহিছে?
    উত্তৰঃ- জার্মান শব্দ ‘Feud’ৰ পৰা পৰা সামন্তবাদ শব্দটো আহিছে।
  4. ফ্ৰান্স নামটো কোনে দিছিল বা ক’ৰ পৰা পাইছিল?
    উত্তৰঃ- ফ্ৰেংকচ নামৰ এটা জাৰ্মান জাতিয়ে ফ্ৰান্স নামটো দিছিল।
  5. Abbey শব্দৰ অৰ্থ কি?
    উত্তৰঃ- Abbey শব্দৰ অৰ্থ হৈছে পিতা।
  6. ‘নাইট’ উপাধি কাক দিয়া হৈছিল?
    উত্তৰঃ- অশ্বাৰোহী বা সামৰিক পদমর্যাদা প্ৰাপ্ত সম্ভান্ত ব্যক্তিসকলক ‘নাইট’ উপাধি
    প্ৰদান কৰা হৈছিল।
  7. মধ্যযুগত ডাঙৰ ডাঙৰ জমিদাৰীবিলাকত কিমানটা পৰিয়ালে বাস কৰিব পাৰিছিল?
    উত্তৰঃ- এই জমিদাৰী বিলাকত পঞ্চাশৰ পৰা ষাঠিটা পৰিয়ালে বাস কৰিব পাৰিছিল।
  8. ‘খাত’ শব্দৰ অৰ্থ কি?
    উত্তৰঃ- ‘খাত’ শব্দৰ অৰ্থ হ’ল জমিদাৰ ব্যৱস্থা।
  9. ‘পাইকান মাটি’ বুলিলে কি বুজা?
    উত্তৰঃ- সামন্ত প্ৰভূসকলে নাইটসকলক এটকুৰা মাটি প্ৰদান কৰিছিল। এটি মাটিখিনিক

পাইকানা মাটি (Filf) বুলি কোৱা হৈছিল।

  1. তিথি (Tithi) বুলিলে কি বুজা?
    উত্তৰঃ- তিথি হ’ল গীৰ্জাক পৰিশোধ কৰিবলগীয়া এবিধ কৰ ব্যৱস্থা। ইয়াৰ অৰ্থ হ’ল দহ

ভাগৰ এভাগ। খেতিয়ক সকলে তেওঁলোকৰ বছৰি উৎপাদিত শস্যৰ দহ ভাগৰ এভাগ গীর্জাক

দান হিচাপে আগবঢ়াব লাগিছিল।

  1. মঠবাসী (Friars) সকল কোন আছিল?
    উত্তৰঃ- ত্ৰয়োদশ শতিকাৰ পৰা সৈন্ন্যাসী সকলৰ মাজৰ কিছুমানে মঠত নাথাকি দল বান্ধি

বিভিন্ন ঠাইত ঘূৰি ফুৰি জনসাধাৰণৰ সেৱাত ব্ৰতী হৈছিল। এই গোটবিলাককে মঠবাসী বুলি

কোৱা হৈছিল। তেওঁলোকে দান-দক্ষিণাৰ ওপৰত নিৰ্ভৰ কৰি জীৱন-নিৰ্বাহ কৰিছিল।

  1. টেইল (Taille) কি আছিল?
    উত্তৰঃ- ৰজাই প্ৰয়োজন অনুসৰি মাজে সময়ে কৃষকৰ ওপৰত এবিধ প্ৰত্যক্ষ কৰ আৰোপ

কৰিছিল। এই কৰ ব্যৱস্থাকে টেইল বুলি কোৱা হৈছিল। উল্লেখযোগ্য যে এই কৰৰ পৰা

পুৰোহিত আৰু সম্ভ্ৰান্ত ব্যক্তিসকলে ৰেহাই পাইছিল।

  1. সন্ন্যাসী সকলৰ (Monko) বিষয়ে আলোচনা কৰা?
    উত্তৰঃ- গীৰ্জাৰ বাহিৰেও খ্ৰীষ্টান ভক্তসকলৰ এনে এক সংগঠন আছিল। কিছুমান অতি

ধর্মীয় লোকে অকলশৰীয়াকৈ জীৱন কটোৱাটো পছন্দ কৰিছিল। পুৰোহিতসকলে নগৰ আৰু

গাঁৱত মানুহৰ মাজত কাম কৰাৰ বিপৰীতে তেওঁলোকে ধৰ্মীয় লোকসকল লগ হৈ

অকলশৰীয়াকৈ থকাটো বিচাৰিছিল। এনেদৰে ধৰ্মীয় মঠবিলাক গঠন হৈছিল এই বিলাক

বেছিভাগেই আছিল জনবসতিৰ পৰা বহু আঁতৰত। ধৰ্ম মঠবিলাকৰ ভিতৰত দুটা বিখ্যাত

মঠ হৈছে ৫২৯ খ্ৰীঃত চেণ্ট বেনেভিক্টে ইটালীত স্থাপন কৰা আৰু আনটো ৯১০ খ্ৰীঃত ক্লুনিয়ে

বুর্গাণ্ডিত স্থাপন কৰে।
প্ৰাৰ্থনা, অধ্যয়ন আৰু শাৰীৰিক শ্ৰম যেনে খেতি-বাতি কৰি জীৱনৰ বাকী

সময়ছোৱা ধর্ম মঠতে কটাৰ বুলি সন্ন্যাসীসকলে সংকল্প লৈছিল। পুৰোহিত সকলৰ বিপৰীতে

ধৰ্ম মঠৰ জীৱনটো পুৰুষ-মহিলা উভয়ৰে কাৰণে মুকলি আছিল। পুৰুষসকল সন্ন্যাসী আৰু

তিৰোতাসকল সন্ন্যাসিনী হৈছিল।

  1. সমাজৰ দ্বিতীয় শ্ৰেণী বা সম্ভ্ৰান্ত (Nobility) সকলৰ বিষয়ে চমুকৈ আলোচনা কৰা।
    উত্তৰঃ- সামন্তবাদ যুগত মজাৰ দ্বিতীয় শ্ৰেণীটো গঠন হৈছিল সমাজৰ সম্ভ্ৰান্ত ব্যক্তিসকল লৈ।

এই শ্ৰেণীটোৱে সমাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মাটিৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ

থকা কাৰণে তেওঁলোকে সমাজত এনে ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিল। মাটি বা ভূমিৰ

ওপৰত তেওঁলোকৰ অধিকাৰ প্ৰতিষ্ঠা হোৱা বিষয়টোক ‘অধীনতা’ (Varsalsge) বুলি

কোৱা হৈছিল।
ফ্ৰান্সৰ ৰজাসকলৰ মানুহৰ লগত এই ব্যৱস্থাৰ জৰিয়তে সম্পৰ্ক হৈছিল।

জার্মান জাতি ফ্ৰেংকছসকলৰ মাজত প্ৰচলিত ব্যৱস্থাৰ লগত ই একেই আছিল। মাটিৰ ডাঙৰ

গৰাকীসকল আৰু সম্ভ্ৰান্ত লোকসকল ৰজাৰ তলতীয়া আছিল। আনহাতে, কৃষকসকল মাটিৰ

গৰাকীৰ তলতীয়া বা অধীন আছিল। সম্ভ্ৰান্ত সকল ৰজাক জ্যেষ্ঠ হিচাপে সন্মান কৰিছিল।

এই নীতিৰ জৰিয়তে জ্যেষ্ঠসকলে বা লৰ্ড সকলে তেওঁলোকৰ অধীনতা স্বীকাৰ কৰা ব্যক্তি

সকলক সুৰক্ষা প্ৰদান কৰাৰ নিয়ম আছিল। কোনো ধৰ্মীয় উৎসৱত গীর্জা ঘৰত লোৱা

সংকল্পৰে এনে সম্পর্কতো মানি লোৱা হৈছিল। এই উৎসৱত অধীনতা মানি লোৱাজনে

গৰাকীৰ পৰা এখন চনদ, কাম কৰা মানুহ বা প্ৰতীক হিচাপে এটা ‘মাটিৰ চপৰা’ পাইছিল।
সমাজত সম্ভ্ৰান্ত লোকসকলৰ বিশেষ মর্যাদা আছিল। তেওঁৰ সম্পত্তিৰ ওপৰত

সম্পূর্ণ নিয়ন্ত্ৰণ আছিল। সম্পত্তিৰ অধিকাৰ বংশানুক্ৰমিক আছিল। তেওঁৰ নিজৰ লগত
সৈন্যদল ৰাখিব পাৰিছিল। এই ব্যৱস্থাটোক ‘সামন্ত সৈন্য’ বোলা হৈছিল। সামন্ত প্ৰভুসকলে

নিজে বিচাৰালয়ো পাতি ল’ব পাৰিছিল। আনিক তেওঁলোকে নিজৰ নামত মুদ্ৰাও তৈয়াৰ

কৰিছিল।

Mr. Jugajit Bora,

Post Graduate Teacher (History)

H.N. Seminary Model HS School, Bagribari, Dhubri, Assam

Email : jugajitbora@gmail.com
Mobile : 9954478581.

Leave a comment

Trending