Assamese Pratyay অসমীয়াত প্ৰত্যয় is very important lesson to learn. It is very important from class 9 to class 12.

Suffix in Assamese | অসমীয়াত প্ৰত্যয়

Assamese grammar pratyay | প্ৰত্যয় ভাঙা আৰু পাতা

প্ৰত্যয়ঃ-আমি জানো যে ধ্বনিৰ লিখিত ৰূপেই বৰ্ণ। সেইদৰে, এক বা একধিক বৰ্ণ লগ-লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে। আকৌ, এই শব্দৰ লগত যিবোৰ প্ৰাকৃতি যুক্ত হয় অৰ্থাত্‍ বৰ্ণ বা বৰ্ণসমষ্টি যু্ক্ত হয় তাকে সৰ্গ বোলে। এই সৰ্গবিলাক মূল শব্দৰ আগত আৰু পিছত যোগ হৈ শব্দ সাধন কৰে। মূল শব্দৰ আগত যোগ হোৱা সৰ্গক পূৰ্ব সৰ্গ বা উপসৰ্গ আৰু পিছত যোগ হোৱা সৰ্গক পৰ সৰ্গ বুলি কোৱা হয়। আকৌ শব্দ সাধনৰ এই সৰ্গবোৰক প্ৰত্যয় (suffix) বুলি কোৱা হয়। সেই ফালৰ ফৰা অসমীয়া প্ৰত্যয়ক পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয় হিচাপে ভাগ কৰা হয়। পূৰ্ব প্ৰত্যয়বোৰেই হ’ল উপসৰ্গ। সেইদৰে পৰ প্ৰত্যয় ২ (দুই) প্ৰকাৰৰ। (ক) কৃত্‍ প্ৰত্যয় আৰু (খ) তদ্ধিত্‍ প্ৰত্যয়। কিন্তু সংস্কৃত ভাষাৰ মতে প্ৰত্যয় চাৰি প্ৰকাৰৰ। যেনেঃ (ক) কৃত্‍ প্ৰত্যয়, (খ) তদ্ধিত্‍ প্ৰত্যয়, (গ) স্ত্ৰী প্ৰত্যয় আৰু (ঘ) বিভক্তি, আনহাতে অসমীয়া দুই প্ৰকাৰৰ। তলত সেইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।
(i) কৃত্‍ প্ৰত্যয় (Primary Suffix):- ধাতুৰ পিছত যিবোৰ প্ৰত্যয় যোগ কৰি নতুন অৰ্থবাচক শব্দ গঠন কৰে তাকেই কৃত্‍ প্ৰত্যয় বোলে। তলত কৃত্‍ প্ৰত্যয়বোৰৰ উদাহৰণ দিয়া হ’ল। যেনে— বহ্‌+উৱা=বহুৱা, শো+অন=শোৱন
(ii) তদ্ধিত্‍‌ প্ৰত্যয়‌ (Secondary Suffix):-নামশব্দ বা প্ৰাতিপদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত্‍‌ প্ৰত্যয়‌ বোলে। যেনে— ধান‌+অনি=ধাননি, ৰস+আল=ৰসাল। 


অসমীয়াত প্ৰত্যয় । Suffix in Assamese

 

HS Second Year 2025
পতিয়ন, ৰান্ধন, নদীয়াল, ৰূপালী, লেখাৰু, নগৰীয়া, খেলুৱৈ, বাছনি, তেলেতীয়া
পতিয়ন = পতিয়া + অন (কৃত্‍ প্ৰত্যয়)
ৰান্ধন = ৰান্ধ + অন (কৃত্‍ প্ৰত্যয়)
নদীয়াল = নদী + আল (তদ্ধিত প্ৰত্যয়)
ৰূপালী = ৰূপ + আলি (তদ্ধিত প্ৰত্যয়)
লেখাৰু = লেখ্‌ + আৰু (কৃত্‍ প্ৰত্যয়)
নগৰীয়া = নগৰ + ঈয়া (তদ্ধিত প্ৰত্যয়)
খেলুৱৈ = খেল + উৱৈ (কৃত্‍ প্ৰত্যয়)
বাছনি = বাছ + অনি (কৃত্‍ প্ৰত্যয়)
তেলেতীয়া = তেল + অতীয়া (তদ্ধিত প্ৰত্যয়)

 

HS second year 2024

পনীয়া, সমজুৱা, গল্পকাৰ, খাৱৰীয়া, লেখাৰু, সাহিয়াল, গুৰিয়াল, জোনাকী, পঢ়ুৱৈ

পনীয়া = পানী+আ / পানী+ঈয়া (তদ্ধিত্‍ প্ৰত্যয়)

সমজুৱা = সমাজ+উৱা (তদ্ধিত্‍ প্ৰত্যয়)

গল্পকাৰ = গল্প+কাৰ (তদ্ধিত্‍ প্ৰত্যয়)

খাৱৰীয়া= খা+অৰীয়া (কৃত্‍ প্ৰত্যয়)

লেখাৰু= লেখ+আৰু (কৃত্‍ প্ৰত্যয়)

সাহিয়াল= সাহ+ইয়াল (তদ্ধিত্‍ প্ৰত্যয়)

গুৰিয়াল = গুৰি+আল (তদ্ধিত্‍ প্ৰত্যয়)

জোনাকী = জোনাক+ঈ (তদ্ধিত্‍ প্ৰত্যয়)

পঢ়ুৱৈ = পঢ়+উৱৈ (কৃত্‍ প্ৰত্যয়)

 

HS second year 2023

ছমহীয়া, পলৰীয়া, ধানতলী, যুঁজাৰু, ৰসাল, শোৱন, পাগলী, দেখনিয়াৰ, সাৰুৱা

ছমহীয়া = ছমাহ+ঈয়া (তদ্ধিত্‍ প্ৰত্যয়)

পলৰীয়া = পল+অৰীয়া (কৃৎ প্রত্যয়)

ধানতলী= ধান+তলী (তদ্ধিত্‍ প্ৰত্যয়)

যুঁজাৰু= যুঁজ+আৰু (কৃৎ প্রত্যয়)

ৰসাল = ৰস+আল (তদ্ধিৎ প্রত্যয়)

শোৱন=শো+অন (কৃত্‍ প্ৰত্যয়)

পাগলী = পাগল+ঈ (তদ্ধিত্‍ প্ৰত্যয়)

দেখনিয়াৰ=দেখ+অনিয়াৰ (কৃত্‍ প্ৰত্যয়)

সাৰুৱা=সাৰ+উৱা (তদ্ধিত্‍ প্ৰত্যয়)

 

HS second year 2021/2022
খেতিয়ক, নদীয়াল, মগনিয়াৰ, খাৱন, দীৰ্ঘতম, বিহুৱা, যুঁজাৰু, বেগাই, কপহুৱা
খেতিয়ক = খেতি+অক (তদ্ধিৎ প্রত্যয়)
নদীয়াল = নদী+ইয়াল (তদ্ধিত্‍ প্ৰত্যয়)
মগনিয়াৰ=মগ+অনিয়াৰ (কৃত্‍ প্ৰত্যয়)
খাৱন = খা+অন (কৃৎ প্রত্যয়)
দীৰ্ঘতম = দীৰ্ঘ + তম (তদ্ধিত্‍ প্ৰত্যয়)
বিহুৱা=বিহু+উৱা (তদ্ধিত্‍ প্ৰত্যয়)
যুঁজাৰু= যুঁজ+আৰু (কৃৎ প্রত্যয়)
বেগাই=বেগ+আই (তদ্ধিত্‍ প্ৰত্যয়)
কপহুৱা=কপাহ+উৱা (তদ্ধিৎ প্ৰত্যয়)

HS second year 2021 (Spl.)
নদীয়াল = নদী+ইয়াল (তদ্ধিত্‍ প্ৰত্যয়)
খুন্দনা = খুন্দ+অনা (কৃৎ প্রত্যয়)
সাঁচতীয়া = সাঁচ+অতীয়া (কৃত্‍ প্ৰত্যয়)
উচ্চতৰ = উচ্চ+তৰ (কৃত্‍ প্ৰত্যয়)
লেখাৰু = লেখ+আৰু (তদ্ধিত্‍ প্ৰত্যয়)
নাৱৰীয়া = নাও+অৰীয়া (তদ্ধিত্‍ প্ৰত্যয়)
ফুলাম = ফুল+আম (তদ্ধিৎ প্রত্যয়)
যুঁজাৰু= যুঁজ+আৰু (কৃৎ প্রত্যয়)
কান্দুৰা= কান্দ্ +উৰা (কৃৎ প্রত্যয়)

HS second year 2020
ৰণুৱা=ৰণ+উৱা (তদ্ধিত্‍ প্ৰত্যয়)
জিৰণীয়া=জিৰা+অনীয়া (কৃত্‍ প্ৰত্যয়)
মগনিয়াৰ=মগ+অনিয়াৰ (কৃত্‍ প্ৰত্যয়
উজনি=উজা+অনি (কৃত্‍ প্ৰত্যয়)
পতিয়ন=পতি+অন ( তদ্ধিত্‍ প্ৰত্যয়)
বেগাই=বেগ+আই (তদ্ধিত্‍ প্ৰত্যয়)
সাধুতা=সাধু+তা (তদ্ধিত্‍ প্ৰত্যয়)
গাঁৱলীয়া=গাঁও+অলীয়া (তদ্ধিত্‍ প্ৰত্যয়)
খেতি=খেত+ই (কৃত্‍ প্ৰত্যয়)

(adsbygoogle = window.adsbygoogle || []).push({});

HS second year 2019
বিহুৱা=বিহু+উৱা (তদ্ধিত্‍ প্ৰত্যয়)
শোৱন=শো+অন (কৃত্‍ প্ৰত্যয়)
খলীয়া=খোল+ঈয়া (তদ্ধিত্‍ প্ৰত্যয়)
জুইকুৰা=জুই+কুৰা (নিৰ্দিষ্টবাচক প্ৰত্যয়)
নদীয়াল=নদী+ইয়াল (তদ্ধিত্‍ প্ৰত্যয়)
মগনিয়াৰ=মাগ্ +অনিয়াৰ (কৃত্‍ প্ৰত্যয়)
ৰোৱনী=ৰো+অনী (কৃত্‍ প্ৰত্যয়)

HS second year 2018
অনাহক=অনা+হক (কৃত্‍ প্ৰত্যয়)
আওবাট=আও+বাট (কৃত্‍ প্ৰত্যয়)
শোৱন=শো+অন (কৃত্‍ প্ৰত্যয়)
নাচনি=নাচ+অনী (কৃত্‍ প্ৰত্যয়)
কান্দুৰা=কান্দ+উৰা (তদ্ধিত্‍ প্ৰত্যয়)
ধৰুৱা=ধাৰ+উৱা (তদ্ধিত্‍ প্ৰত্যয়)
খেতি=খেত+ই (কৃত্‍ প্ৰত্যয়)

HS second year 2017
জিৰণীয়া=জিৰা+অনীয়া (কৃত্‍ প্ৰত্যয়)
ভঙনীয়া=ভাঙ+অনীয়া (কৃত্‍ প্ৰত্যয়)
জপনা=জাপ+অনা (কৃত্‍ প্ৰত্যয়)
গাঁৱলীয়া=গাওঁ+অলীয়া (তদ্ধিত্‍ প্ৰত্যয়)
ধাননি=ধান+অনি (তদ্ধিত্‍ প্ৰত্যয়)
কাহুৰা=কাহ+উৰা (কৃত্‍ প্ৰত্যয়)
বাঢ়নী=বাঢ়+অনী (কৃত্‍ প্ৰত্যয়)

HS second year 2016
মৰমিয়াল=মৰম+ইয়াল (তদ্ধিত্‍ প্ৰত্যয়)
নাচন=নাচ+অনী (কৃত্‍ প্ৰত্যয়)
খুলীয়া=খোল+ঈয়া (তদ্ধিত প্ৰত্যয়)
ৰোৱনী=ৰো+অনী (কৃত্‍ প্ৰত্যয়)
জপনা=জাপ+অনা (কৃত্‍ প্ৰত্যয়)
শাকনি=শাক+অনি (তদ্ধিত প্ৰত্যয়)
ভঙনীয়া=ভাঙ+অনীয়া (কৃত্‍ প্ৰত্যয়)

HS second year 2015
ফুলাম=ফুল+আম (তদ্ধিত্‍ প্ৰত্যয়)
লাগতিয়াল=লাগ+অতিয়াল (তদ্ধিত্‍ প্ৰত্যয়)
ক্ষীৰতী=ক্ষীৰ+অতী (তদ্ধিত্‍ প্ৰত্যয়)
জিৰণি=জিৰা+অনি(কৃত্‍ প্ৰত্যয়)
সাৰুৱা=সাৰ+উৱা (তদ্ধিত্‍ প্ৰত্যয়)
নাৱৰীয়া=নাও+অৰীয়া (তদ্ধিত্‍ প্ৰত্যয়)
ৰুগীয়া=ৰোগ+ঈয়া (তদ্ধিত্‍ প্ৰত্যয়)
গাঁৱলীয়া=গাঁও+অলীয়া (তদ্ধিত্‍ প্ৰত্যয়)

HS second year 2014
এলেহুৱা=এলাহ+উৱা (তদ্ধিত্‍ প্ৰত্যয়)
ভাৱৰীয়া=ভাও+অৰীয়া (তদ্ধিত্‍ প্ৰত্যয়)
খুলীয়া=খোল+ঈয়া (তাদ্ধিত্‍ প্ৰত্যয়)
ৰোৱনী=ৰো+অনী (কৃত্‍ প্ৰত্যয়)
জিৰণীয়া= জিৰা+অনীয়া (কৃত্‍ প্ৰত্যয়)
খজুৱতি=খজুৱা+অতি (কৃত্‍ প্ৰত্যয়)
ফঁপৰা=ফাঁপৰ+আ (তদ্ধিত্‍ প্ৰত্যয়)

HS second year 2013
শাকনি=শাক+অনি (তদ্ধিত্‍ প্ৰত্যয়)
লাগতিয়াল=লাগ+অতিয়াল (তদ্ধিত্‍ প্ৰত্যয়)
উজনি=উজা+অনি (কৃত্‍ প্ৰত্যয়)
মিছলীয়া=মিছা+অলীয়া (তদ্ধিত্‍ প্ৰত্যয়)
ওজালি=ওজা+আলি (তদ্ধিত্‍ প্ৰত্যয়)
কান্দুৰা=কান্দ+উৰা (কৃত্‍ প্ৰত্যয়)

HS second year 2012
ৰোৱনী=ৰো+অনী (কৃত্‍ প্ৰত্যয়)
মানুহজন=মানুহ+জন (নিৰ্দিষ্টতাবাচক প্ৰত্যয়)
নগৰীয়া=নগৰ+ঈয়া (তদ্ধিত্‍ প্ৰত্যয়)
দেখনিয়াৰ=দেখ+অনিয়াৰ (কৃত্‍ প্ৰত্যয়)
বুধিয়ক=বুধি+অক (তদ্ধিত্‍ প্ৰত্যয়)
শাকনি=শাক+অনি (তদ্ধিত্‍ প্ৰত্যয়)
ধাননি=ধান+অনি (তদ্ধিত্‍ প্ৰত্যয়)

HS second year 2009
উজনি=উজা+অনি (কৃত্‍ প্ৰত্যয়)
ফুলাম= ফুল+আম (কৃত্‍ প্ৰত্যয়)
বাঘিনী= বাঘ+ইনী (তদ্ধিত্‍ প্ৰত্যয়)
পলৰীয়া=পল+অৰীয়া (কৃৎ প্রত্যয়)

HS second year 2008
সাহিয়াল=সা+ইয়াল (তদ্ধিত্‍ প্ৰত্যয়)
নাৱৰীয়া=নাও+অৰীয়া(কৃত্‍ প্ৰত্যয়)
জোনাকী=জোনাক+ঈ (তদ্ধিত্‍ প্ৰত্যয়)

HS second year 2007
ভণ্ডামি=ভণ্ড+আমি (তদ্ধিত্‍ প্ৰত্যয়)
অঘাইত= অঘা+আইত (তদ্ধিত্‍ প্ৰত্যয়)
নদীয়াল=নদী+ইয়াল(তদ্ধিত্‍ প্ৰত্যয়)
বননি=বন+অনি (কৃত্‍ প্ৰত্যয়)

HS second year 2006
মগনিয়াৰ=মগ+অনিয়াৰ (কৃত্‍ প্ৰত্যয়)
ৰোৱতী=ৰোৱ+অতি (কৃত্‍ প্ৰত্যয়)
জুৰণি=জুৰ+অণি (কৃত্‍ প্ৰত্যয়)
শিকাৰু = শিক+আৰু (কৃৎ প্রত্যয়)
মটীয়া= মাটী+ঈয়া (তদ্ধিৎ প্রত্যয়)
কটাৰী= কটা+আৰী (কৃৎ প্রত্যয়)
বিহুৱা=বিহু+উৱা (তদ্ধিৎ প্ৰত্যয়)

HS second year 2005
প্ৰচাৰক=প্ৰচাৰ+অক (কৃৎ প্রত্যয়)
মাহেকীয়া=মাহেক+ঈয়া (তদ্ধিৎ প্ৰত্যয়)
কপহুৱা=কপাহ+উৱা (তদ্ধিৎ প্ৰত্যয়)
বাঘিনী= বাঘ+ইনী (তদ্ধিত্‍ প্ৰত্যয়)
গঞা = গাওঁ+ইয়া (তদ্ধিৎ প্ৰত্যয়)
দতুৱা=দাত+উৱা (তদ্ধিৎ প্ৰত্যয়)
জোনাকী=জোনাক+ঈ (তদ্ধিত্‍ প্ৰত্যয়)
দেখনিয়াৰ=দেখ+অনিয়াৰ (কৃত্‍ প্ৰত্যয়)

HS second year 2004
ভণ্ডামি=ভণ্ড+আমি (তদ্ধিত্‍ প্ৰত্যয়)
পষেকীয়া=পষেক+ঈয়া (তদ্ধিত্‍ প্ৰত্যয়)
সাঁচতীয়া=সাঁচ+অতীয়া (তদ্ধিত্‍ প্ৰত্যয়)
পূজাভাগ= পূজা + ভাগ (তদ্ধিত্‍ প্ৰত্যয়)
ভায়েৰা= ভায়+এৰা (তদ্ধিত্‍ প্ৰত্যয়)
জোনালী=জোন+আলি (তদ্ধিত্‍ প্ৰত্যয়)
টেঙৰী=টেঙৰ+ঈ (তদ্ধিত্‍ প্ৰত্যয়)

HS second year 2003
গৰু=গো+ৰূপ (নিৰ্দিষ্টতাবাচক প্ৰত্যয়)
টেঙেচী=টেঙা+চী (তদ্ধিত্‍ প্ৰত্যয়)
পাণখিলা=পাণ+খিলা (নিৰ্দিষ্টবাচক প্ৰত্যয়)
বাঘিনী= বাঘ+ইনী (তদ্ধিত্‍ প্ৰত্যয়)
বুধিয়ক=বুধি+অক (তদ্ধিত্‍ প্ৰত্যয়)
পতিয়ন=পতি+অন (কৃত্‍ প্ৰত্যয়)

HS second year 2002
ফঁপৰা=ফাঁপৰ+আ (কৃত্‍ প্ৰত্যয়)
দৰদী=দৰদ+ঈ (তদ্ধিত্‍ প্ৰত্যয়)
ৰণথলী=ৰণস্থল+ঈ (তদ্ধিত্‍ প্ৰত্যয়)
শেহতীয়া=শেহ+অতীয়া (তদ্ধিত্‍ প্ৰত্যয়)
হালচা=হাল+চা (তদ্ধিত্‍ প্ৰত্যয়)
গঞা = গাওঁ+ঈয়া (তদ্ধিৎ প্ৰত্যয়)
পৈয়েৰা= পৈয়ৰ+আ (তদ্ধিৎ প্ৰত্যয়)

HS second year 2001
গঞা = গাওঁ+ঈয়া (তদ্ধিৎ প্ৰত্যয়)
কথকী=কথক+ঈ (তদ্ধিৎ প্ৰত্যয়)
দেখনিয়াৰ=দেখ+অনিয়াৰ (কৃত্‍ প্ৰত্যয়)
মিছলীয়া=মিছা+অলীয়া (তদ্ধিত্‍ প্ৰত্যয়)
ঔৱা=ঔ+ৱা (তদ্ধিত্‍ প্ৰত্যয়
পতিয়ন=পতি+অন (কৃত্‍ প্ৰত্যয়)

HS second year 2000
অঘাইত= অঘা+আইত (তদ্ধিত্‍ প্ৰত্যয়)
খাৱন = খা+অন (কৃৎ প্রত্যয়)
কথকী=কথক+ঈ (তদ্ধিৎ প্ৰত্যয়)
ৰূপহ=ৰূপ+হ (তদ্ধিৎ প্রত্যয়)
পতিয়ন=পতি+অন (কৃত্‍ প্ৰত্যয়)
বিহুৱা=বিহু+উৱা (তদ্ধিত্‍ প্ৰত্যয়)
তলতীয়া=তল+অতীয়া (তদ্ধিৎ প্রত্যয়)

HS second year 1999
পনীয়া=পানী+আ (তদ্ধিৎ প্রত্যয়)
পলৰীয়া=পল+অৰীয়া (কৃৎ প্রত্যয়)
জোনাকী=জোনাক+ঈ (তদ্ধিত্‍ প্ৰত্যয়)
নদীয়াল=নদী+ইয়াল(তদ্ধিত্‍ প্ৰত্যয়)
বননি=বন+অনি (কৃত্‍ প্ৰত্যয়)
বুধিয়ক=বুধি+অক (তদ্ধিত্‍ প্ৰত্যয়)
পথিক=পথ+ইক (তদ্ধিত্‍ প্ৰত্যয়)


Extra Practices Pratyay Bhanga
প্ৰত্যয় ভাঙা গৰখীয়া = গৰখী + ঈয়া কৃত্‍ প্ৰত্যয়)
প্ৰত্যয় ভাঙা মানসিক = মানস + ঞ্চিক (তদ্ধিত্‍ প্ৰত্যয়)
কহাঁৰ প্ৰত্যয় ভাঙা = কাঁহ + আৰ (তদ্ধিত্‍ প্ৰত্যয়)
সম্বন্ধীয় প্ৰত্যয় ভাঙা = সম্বন্ধ + ঈয় (তদ্ধিত্‍ প্ৰত্যয়)
সাহিত্যিক প্ৰত্যয় ভাঙা = সাহিত্য + ইক (ঞ্চিক) (তদ্ধিত্‍ প্ৰত্যয়)
নিলাজী প্ৰত্যয় ভাঙা = নিলাজ + ঈ (তদ্ধিত্‍ প্ৰত্যয়)
প্ৰত্যয় ভাঙা বহুৰূপী = বহু + ৰূপী (তদ্ধিত্‍ প্ৰত্যয়)
প্ৰত্যয় ভাঙা সূৰ্যমুখী  = সূৰ্য্য + মুখী (তদ্ধিত্‍ প্ৰত্যয়)
প্ৰত্যয় ভাঙা সহপাঠী = সহপাঠ + ঈ
প্ৰত্যয় ভাঙা বছৰেকীয়া = বছৰেক + ঈয়া
প্ৰত্যয় ভাঙা মৃত্যুজয়ী = মৃত্যুজয় + ঈ
সোণাৰী = সোণ + আৰী (তদ্ধিত্‍ প্ৰত্যয়)
থলুৱা = থল + উৱা (তদ্ধিত্‍ প্ৰত্যয়)
জালুক = জাল + উক (তদ্ধিত্‍ প্ৰত্যয়)
নাচনিয়াৰ = নাচ + অনিয়াৰ (কৃত্‍ প্ৰত্যয়)
পানীদিহিঙীয়া = পানীদিহিং + ঈয়া (তদ্ধিত্‍ প্ৰত্যয়)
শাৰীৰিক = শৰীৰ + ইক (তদ্ধিত্‍ প্ৰত্যয়)

দুষ্টামি = দুষ্ট + আমি (তদ্ধিত্‍ প্ৰত্যয়)
পালক = পাল + অক (কৃত্‍ প্ৰত্যয়)
বাপতীয়া = বাপ + অতীয়া (তদ্ধিত্‍ প্ৰত্যয়)
ভালৰি = ভাল + অৰি (তদ্ধিত্‍ প্ৰত্যয়)
নগৰীয়া = নগ + অৰীয়া (তদ্ধিত্‍ প্ৰত্যয়)
বননি = বন + অনি (তদ্ধিত্‍ প্ৰত্যয়)
খাইছে = খা + ইছে (কৃত্‍ প্ৰত্যয়)

 

HS Second year Assamese Grammar । অসমীয়া ব্যাকৰণ

1. অসমীয়াত প্ৰত্যয় শব্দ । Assamese suffix words

2. অসমীয়াত প্ৰত্যয়  ভাঙা । Pratyay Bhanga in Assamese

3. অসমীয়াত বাক্য ৰচনা কৰা । Make sentence in Assamese fully solved

5. বিশেষ শব্দৰ বাক্য ৰচনা । Make sentence of Assamese words

6. অসমীয়া জতুৱা খণ্ডবাক্য | Jatuwa Word in Assamese । Phrase & Idioms

7. অসমীয়াত প্ৰত্যয় মানে কি?

8. কৃত্‍ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কি?

9. পুৰুষবাচক প্ৰত্যয় কি?

10. স্ত্ৰী প্ৰত্যয় কি?

11. নিৰ্দিষ্টতাবাচক প্ৰত্যয় মানে কি?

12. বিভক্তি কাক বোলে?

13. সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি

14. অসমীয়া ৰচনা । ASSAMESE ESSAY

15. অসমীয়া ৰচনা । ASSAMESE ESSAY 2


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
contact us (whatsapp no 7020477396) For free notes of HS 2nd year on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Education, Economics, History.অসমীয়া ৰচনা । ASSAMESE ESSAY

46 responses to “অসমীয়াত প্ৰত্যয় । Pratyay in Assamese”

  1. মগনিয়াৰ = মগ + অনিয়াৰ নেমাগ+অনিয়াৰ

    Like

  2. Sir your note is vary nice

    Like

  3. মগনিয়াৰ = মাগ+অনিয়াৰ

    Like

  4. Pleased to hear. Thank you so much.

    Like

  5. ছাত্ৰ ছাত্ৰীৰ উপকাৰত আহিব

    Like

  6. শিক্ষাৰ্থীৰ বাবে অতিকৈ প্ৰয়োজনীয়।

    Like

  7. প্ৰত্যয় ভাঙা:–গাণিতিকসোনাৰীঢুলীয়া

    Like

  8. গানিতিক = গনিত + ইক (তদ্ধিত্‍ প্রত্যয়)সোণাৰী = সোণ + আৰী (তদ্ধিত্‍ প্রত্যয়)ঢুলীয়া = ঢোল + ঈয়া (তদ্ধিত্‍ প্রত্যয়)

    Like

  9. বিদ্যাৰ্থী সকল উপকৃত হোৱাটো আমি আশা ৰাখিছোঁ

    Like

  10. খন্তেকীয়া, সামৰিক, বৈজ্ঞানিক, বহুমুখী

    Like

  11. Very good collection sir.

    Like

  12. Pratyay Bhangaবাপতিয়াশিলাময়Please answer

    Like

  13. খন্তেকীয়া = খন্তেক + ঈয়া (তদ্ধিৎ প্রত্যয়)সামৰিক = সমৰ + ইক (তদ্ধিৎ প্রত্যয়)বৈজ্ঞানিক = বিজ্ঞান + ইক (তদ্ধিৎ প্রত্যয়)বহুমুখী = বহুমুখ + ঈ (তদ্ধিৎ প্রত্যয়)

    Like

  14. বাপতিয়া = বাপ + অতীয়া (তদ্ধিৎ প্রত্যয়)শিলাময় = শিলা + ময় (তদ্ধিৎ প্রত্যয়)

    Like

  15. প্ৰত্যয় ভাঙা-গোৱাল

    Like

  16. গোৱাল = গো + আল (তদ্ধিৎ প্ৰত্যয়)

    Like

  17. দীৰ্ঘতম Pratyay Bhanga

    Like

  18. দীৰ্ঘতম = দীৰ্ঘ + তম (তদ্ধিত্‍ প্ৰত্যয়)

    Like

  19. “ধাৰুৱা” প্ৰত্যয় ভাঙা কি হ'ব ছৰ?

    Like

  20. আপোনাৰ নিঃস্বাৰ্থ সেৱাই প্ৰমাণ কৰিছে যে আপুনি অন্তঃকৰণেৰে শিক্ষাৰ্থীসকলৰ উন্নতি সাধিব বিচাৰিছে।বৰ্তমান শিক্ষাব্যৱস্থা ব্যৱসায়কেন্দ্ৰিক। এনে এক সময়ত আপোনালোকৰ বিনামূলীয়া সেৱাই মোৰ দৰে অনেক শিক্ষাৰ্থীক উপকৃত কৰিব।

    Like

  21. ভাল হৈছে । বাঘিনী—প্ৰত্যয়টো তদ্ধিত প্ৰত্যয় নেকি চাবছোন ।

    Like

  22. ভুল দেখুৱাই দিয়াৰ বাবে ধন্যবাদ। এইটো টাইপিং মিস্টেক হৈছে। বাঘিনী = বাঘ+ইনী (স্ত্ৰী প্ৰত্যয়) তদ্ধিৎ প্ৰত্যয় ভাগ।

    Like

  23. Wow very extensive collection. Thank you so much.

    Like

  24. Very helpful to the students of HS second year. Thank you❤

    Like

  25. প্ৰত্যয় ভাঙা-আওমৰণছমহীয়া

    Like

  26. Pratyay bhanga পাগলী

    Like

  27. Thank you so much sir

    Like

  28. Very helpful sir and thank you sir

    Like

  29. মগনিয়াৰ = মগ + অনিয়াৰ নেমাগ+অনিয়াৰ

    Like

  30. Sir your note is vary nice

    Like

  31. মগনিয়াৰ = মাগ+অনিয়াৰ

    Like

  32. Pleased to hear. Thank you so much.

    Like

  33. ছাত্ৰ ছাত্ৰীৰ উপকাৰত আহিব

    Like

  34. শিক্ষাৰ্থীৰ বাবে অতিকৈ প্ৰয়োজনীয়।

    Like

  35. প্ৰত্যয় ভাঙা:–গাণিতিকসোনাৰীঢুলীয়া

    Like

  36. গানিতিক = গনিত + ইক (তদ্ধিত্‍ প্রত্যয়)সোণাৰী = সোণ + আৰী (তদ্ধিত্‍ প্রত্যয়)ঢুলীয়া = ঢোল + ঈয়া (তদ্ধিত্‍ প্রত্যয়)

    Like

  37. বিদ্যাৰ্থী সকল উপকৃত হোৱাটো আমি আশা ৰাখিছোঁ

    Like

  38. খন্তেকীয়া, সামৰিক, বৈজ্ঞানিক, বহুমুখী

    Like

  39. Very good collection sir.

    Like

  40. Pratyay Bhangaবাপতিয়াশিলাময়Please answer

    Like

  41. খন্তেকীয়া = খন্তেক + ঈয়া (তদ্ধিৎ প্রত্যয়)সামৰিক = সমৰ + ইক (তদ্ধিৎ প্রত্যয়)বৈজ্ঞানিক = বিজ্ঞান + ইক (তদ্ধিৎ প্রত্যয়)বহুমুখী = বহুমুখ + ঈ (তদ্ধিৎ প্রত্যয়)

    Like

  42. বাপতিয়া = বাপ + অতীয়া (তদ্ধিৎ প্রত্যয়)শিলাময় = শিলা + ময় (তদ্ধিৎ প্রত্যয়)

    Like

Leave a comment

Trending