প্ৰত্যয় । প্ৰত্যয় ভাঙা আৰু পাতা
Pratyay Bhangya aru pata । 
Assamese Pratyay

প্ৰত্যয়ঃ-প্ৰাকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থত যিবোৰ বৰ্ণ বা বৰ্ণ সমিষ্ট যোগ হৈ নতুন নতুন শব্দ বা পদ ৰচিত হয় তাকেই প্ৰত্যয় (suffix) বোলে। শব্দ সাধনাৰ সৰ্গবোৰক প্ৰত্যয় বুলি কোৱা হয়। সেই পিনৰ পৰা অসমীয়া ভাষাত প্ৰত্যয়ক দুই প্ৰধান  ভাগত ভগাব পাৰি— (ক) পূৰ্ব প্ৰত্যয় আৰু (খ) পৰ প্ৰত্যয়
(ক) পূৰ্ব প্ৰত্যয়ঃ-উপসৰ্গবোৰেই পূৰ্ব প্ৰত্যয়। সংস্কৃতৰ কুৰিটা উপসৰ্গৰ ব্যৱহাৰ হোৱাৰ উপৰিও অসমীয়া ভাষাত আন কেইবাটাও উপসৰ্গ প্ৰয়োগ হয়। যেনে-
বে-: বেদখল, বেআইন, আও-: আওমৰণ, আওবাট
(খ) পৰ প্ৰত্যয়ঃ-অসমীয়া ভাষাত পৰসৰ্গ বা পৰ প্ৰত্যয় দুই প্ৰকাৰৰ— (i) কৃত্‍ ‌প্ৰত্যয় আৰু (ii) তদ্ধিত্‍ ‌প্ৰত্যয়‌।
(i) কৃত্‍ ‌প্ৰত্যয়ঃ-ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয়ে নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে, তেনে প্ৰত্যয়কে কৃত্‍ ‌প্ৰত্যয় বোলে। যেনে— বহ্‌+উৱা=বহুৱা, শো+অন=শোৱন
(ii) তদ্ধিত্‍‌ প্ৰত্যয়‌ঃ-নামশব্দ বা প্ৰাতিপদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত্‍‌ প্ৰত্যয়‌ বোলে। যেনে— ধান‌+অনি=ধাননি, ৰস+আল=ৰসাল।

অসমীয়াত প্ৰত্যয় শব্দ । Assamese suffix words

(1) খজুৱতি = খজুৱা+অতি (কৃৎ প্রত্যয়)
(2) লাগতিয়াল = লাগ+অতি+আল (কৃৎ প্রত্যয়)
(3) ক্ষীৰতী = ক্ষীৰ+অতী (কৃৎ প্রত্যয়)
(4) নাচন = নাচ+অন্ (কৃৎ প্রত্যয়)
(5) ভগন = ভগ+অন্ (কৃৎ প্রত্যয়)
(6) খাৱন = খা+অন (কৃৎ প্রত্যয়)
(7) ভঙন = ভাঙ+অন্ (কৃৎ প্রত্যয়)
(8) ফুৰণ = ফু+অন্ (কৃৎ প্রত্যয়)
(9) জপনা = জাপ+অনা (কৃৎ প্রত্যয়)
(10) বাজনা = বাজ+অনা (কৃৎ প্রত্যয়)
(11) জিৰণি = জিৰা+অনি (কৃৎ প্রত্যয়)
(12) কোপনি = কোপা+অনি (কৃৎ প্রত্যয়)
(13) শপনি = শাপ+অনি (কৃৎ প্রত্যয়)
(14) উজনি = উজা+অনি (কৃৎ প্রত্যয়)
(15) নাচনী = নাচ+অনী (কৃৎ প্রত্যয়)
(16) ৰোৱণী = ৰা+অনী (কৃৎ প্রত্যয়)
(17) জিৰণীয়া = জিৰা+অনীয়া (কৃৎ প্রত্যয়)
(18) বিলনীয়া = বিলা+অনীয়া (কৃৎ প্রত্যয়)
(19) পলৰীয়া = পল+অৰীয়া (কৃৎ প্রত্যয়)
(20) খাৱৰীয়া = খা + অৰীয়া (কৃৎ প্রত্যয়)
(21) পুৱতী = পু+অতী  (তদ্ধিৎ প্রত্যয়)
(22) হাঁহি = হাঁহ+ঈ (কৃৎ প্রত্যয়)
(23) ৰখীয়া = ৰাখ+ঈয়া (কৃৎ প্রত্যয়)
(24) কাহুৰা = কাহ+উৰা (কৃৎ প্রত্যয়)


(adsbygoogle = window.adsbygoogle || []).push({});
(25) সোণোৱালী = সোণ+ওৱালী (তদ্ধিৎ প্রত্যয়)
(26) ঘৰচীয়া = ঘৰচী+ঈয়া (কৃৎ প্রত্যয়)
(27) ফুলতী = ফুল+অতী (কৃৎ প্রত্যয়)
(28) আগতীয়া = আগ+অতীয়া (কৃৎ প্রত্যয়)
(29) দন্দুৰা = দন্দ+উৰা (তদ্ধিৎ প্রত্যয়)
(30) কাঠনি = কাঠ+অনি (তদ্ধিৎ প্রত্যয়)
(31) হালোৱা = হাল+উৱা (তদ্ধিৎ প্রত্যয়)
(32) ভাৱৰীয়া = ভাও+অৰীয়া (কৃৎ প্রত্যয়)
(33) নাৱৰীয়া = নাও+অৰীয়া (তদ্ধিৎ প্রত্যয়)
(34) আধৰুৱা = আধ+অৰুৱা (কৃৎ প্রত্যয়)
(35) বাটৰুৱা = বাট+অৰুৱা (তদ্ধিৎ প্রত্যয়)
(34) গাঁৱলীয়া=গাঁও+অলীয়া (তদ্ধিত্‍ প্ৰত্যয়)
(37) মজলীয়া = মাজ+অলীয়া (কৃৎ প্রত্যয়)
(38) মিছলীয়া = মিছা+অলীয়া (তদ্ধিত্‍ প্ৰত্যয়)
(39) পনীয়া = পানী+আ  (তদ্ধিত্‍ প্ৰত্যয়)
(40) মাছুৱৈ = মাছ+উৱৈ (তদ্ধিৎ প্রত্যয়)
(41) কপৰা = কপৰ+আ (কৃৎ প্রত্যয়)
(42) মিঠাই = মিঠা+ই (কৃৎ প্রত্যয়)
(43) জোনাক = জোন+আক  (তদ্ধিত্‍ প্ৰত্যয়)
(44) সাৰুৱা = সাৰ+উৱা (তদ্ধিৎ প্রত্যয়)
(45) ঠগামি = ঠগ+আমি (কৃৎ প্রত্যয়)
(46) পূঁজাৰী = পূজা+আৰী (কৃৎ প্রত্যয়)
(47) জুৱাৰী = জুৱা+আৰী (কৃৎ প্রত্যয়)
(48) গুৰিয়াল = গুৰি+আল (তদ্ধিত প্রত্যয়)
(49) তেজাল = তেজ+আল (তদ্ধিত প্রত্যয়)
(50) ওজালি = ওজা+আলি (তদ্ধিত প্রত্যয়)
(51) সোনালী = সোণ+আলী (তদ্ধিত প্রত্যয়)
(52) পাখি = পাখ+ই (তদ্ধিত প্রত্যয়)
(53) কুঁহি = কোঁহ+ই (তদ্ধিত প্রত্যয়)
(54) মাদুলি = মাদুল+ই (তদ্ধিত প্রত্যয়)
(55) মজিয়া = মাজ+ইয়া (তদ্ধিত প্রত্যয়)
(56) মৰমিয়াল = মৰম+ইয়াল (তদ্ধিত প্রত্যয়)
(57) ৰুগী = ৰোগ+ঈ (তদ্ধিত প্রত্যয়)
(58) খুলীয়া = খোল+ঈয়া (তদ্ধিত প্রত্যয়)
(59) জুলীয়া = জোল+ঈয়া (তদ্ধিত প্রত্যয়)
(60) ৰান্ধনী = ৰান্ধ+অনী (কৃৎ প্রত্যয়)
(61) গণক=গণ+অক (কৃত্‍ প্ৰত্যয়)  
(62) দয়ালু = দয়া+আলু (তদ্ধিৎ প্ৰত্যয়)
(63) বিদেশী = বিদেশ+ঈ
(64) হাতী = হাত+ঈ
(65) বিৱৰণী = বিৱৰণ+ঈ
(66) ভগনীয়া = ভাগ+অনীয়া (কৃত্‍ প্ৰত্যয়)
(67) নাৱিক = নৌ+ইক
(68) লিখাৰু = লিখ+আৰু (কৃৎ প্রত্যয়)
(69) কৰোতা = কৰ+ওতা (কৃৎ প্রত্যয়)
(70) ফুলনি = ফুল+অনি
(71) বিচনী = বিচ+অনি
(72) মগনীয়া = মাগ+অনীয়া (কৃৎ প্রত্যয়)
(73) অসমীয়া = অসম+ঈয়া
(74) লিখক = লিখ+অক (কৃৎ প্রত্যয়)
(75) ভোগালী = ভোগ+আলী
(76) শৰীৰিক = শৰীৰ+ইক
(77) বাল্মিকী = বল্ম+ইক+ঈ
(78) সামাজিক = সমাজ+ইক
(79) বাপতি = বাপ+অতি (তদ্ধিৎ প্রত্যয়)
(80) লাহতী = লাহ+অতী
(81) নামনি = নাম+অনি
(82) মজলীয়া = মাজ+অলীয়া
(83) খেতিয়ক = খেতি+অক (তদ্ধিৎ প্রত্যয়)
(84) খেলৱৈ = খেল+উৱৈ
(85) ৰান্ধন = ৰান্ধ+অন (কৃৎ প্রত্যয়)
(86) ৰান্ধনি = ৰান্ধ+অনি (কৃৎ প্রত্যয়)
(87) খুন্দনা = খুন্দ+অনা (কৃৎ প্রত্যয়)
(88) ভঙনীয়া = ভাঙ+অনীয়া (কৃৎ প্রত্যয়)
(89) জাননী = জান+অনী (কৃৎ প্রত্যয়)
(90) ভাগনীয়া = ভাগ+অনীয়া (কৃৎ প্রত্যয়)
(91) দেখনীয়াৰ = দেখ+অনীয়াৰ (কৃৎ প্রত্যয়)
(92) ভাগনীয়াৰ = ভাগ+অনীয়াৰ (কৃৎ প্রত্যয়)
(93) ক্ষীৰাতি = ক্ষী+অতী (কৃৎ প্রত্যয়)
(94) চলন্ত = চল+অন্ত (কৃৎ প্রত্যয়)
(95) জলন্ত = জল+অন্ত (কৃৎ প্রত্যয়)
(96) সাঁচতীয়া = সাঁচ+অতীয়া (কৃত্‍ প্ৰত্যয়)
(97) কৰতীয়া = কৰ+অতীয়া (কৃত্‍ প্ৰত্যয়)
(98) পলৰীয়া = পল+অৰীয়া (কৃৎ প্রত্যয়)
(99) যুঁজাৰু = যুঁজ+আৰু (কৃৎ প্রত্যয়)
(100) কাঁহুৰা = কাঁহ+উৰা (কৃৎ প্রত্যয়)
(101) লেহুকা = লেহ+উকা (কৃৎ প্রত্যয়)
(102) সৰাল = সৰ+আল (কৃৎ প্রত্যয়)
(103) ৰখীয়া = ৰখ+ঈয়া (কৃৎ প্রত্যয়)
(104) মাৰীয়া  = মাৰ+ঈয়া (কৃৎ প্রত্যয়)
(105) ধৰোতা = ধৰ+ওতা (কৃৎ প্রত্যয়)
(106) খাওঁতে = খা+ওঁতে (কৃৎ প্রত্যয়)
(107) লওঁতে = ল+ওতে (কৃৎ প্রত্যয়)
(108) কৰিলে = কৰ+ইলে (কৃৎ প্রত্যয়)
(109) ধৰিলে = ধৰ+ইলে (কৃৎ প্রত্যয়)
(110) খালত = খা+ইলত (কৃৎ প্রত্যয়)
(111) লিখা = লিখ+আ (কৃৎ প্রত্যয়)
(112) ধৰা = ধৰ+আ (কৃৎ প্রত্যয়)
(113) উঠি = উঠ+ই (কৃৎ প্রত্যয়)
(114) ধৰি = ধৰ+ই (কৃৎ প্রত্যয়)
(115) নামতি = নাম+অতি (তদ্ধিৎ প্রত্যয়)
(116) আগতীয়া = আগ+অতীয়া (তদ্ধিৎ প্রত্যয়)
(117) বননি = বন+অনি (তদ্ধিত্‍ প্ৰত্যয়)
(118) ফুলনি = ফুল+অনি (তদ্ধিত্‍ প্ৰত্যয়)
(119) বনৰীয়া = বন+অৰীয়া (তদ্ধিত্‍ প্ৰত্যয়)
(120) লগৰীয়া = লগ+অৰীয়া (তদ্ধিত্‍ প্ৰত্যয়)
(121) গাহৰী = গাহ+অৰী (তদ্ধিত্‍ প্ৰত্যয়)
(122) ভালৰী = ভাল+অৰী (তদ্ধিত্‍ প্ৰত্যয়)
(123) মিছলীয়া = মিছা+অলীয়া (তদ্ধিত্‍ প্ৰত্যয়)
(124) হাটৰুৱা = হাট+অৰুৱা (তদ্ধিৎ প্রত্যয়)
(125) নেজাল = নেজ+আল (তদ্ধিৎ প্রত্যয়)
(126) ৰসাল = ৰস+আল (তদ্ধিৎ প্রত্যয়)
(127) দুষ্টালি = দুষ্ট+আলি (তদ্ধিৎ প্রত্যয়)
(128) ঘটকালি = ঘটক+আলি (তদ্ধিৎ প্রত্যয়)
(129) ৰঙা = ৰঙ+আ (তদ্ধিৎ প্রত্যয়)
(130) শিলা = শিল+আ (তদ্ধিৎ প্রত্যয়)
(131) চোৰাং = চোৰ+আং (তদ্ধিৎ প্রত্যয়)
(132) খৰাং = খৰ+আং (তদ্ধিৎ প্রত্যয়)
(133) বিহুৱান = বিহু+আন (তদ্ধিৎ প্রত্যয়)
(134) ফুলাম = ফুল+আম (তদ্ধিৎ প্রত্যয়)
(135) কাঠাম = কাঠ+আম (তদ্ধিৎ প্রত্যয়)
(136) মুৰ্খামি = মুৰ্খ+আমি (তদ্ধিৎ প্রত্যয়)
(137) পাগলামি = পাগল+আমি (তদ্ধিৎ প্রত্যয়)
(138) মাষ্টৰী = মাষ্টৰ+ই (তদ্ধিৎ প্রত্যয়)
(139) চাকৰী = চাকৰ+ই (তদ্ধিৎ প্রত্যয়)
(140) বদমাচী = বদমাচ+ই (তদ্ধিৎ প্রত্যয়)
(141) চহৰীয়া = চহৰ+ঈয়া (তদ্ধিৎ প্রত্যয়)
(142) মাজীয়া = মাজ+ঈয়া (তদ্ধিৎ প্রত্যয়)
(143) ৰাগীয়াল = ৰাগ+ইয়াল (তদ্ধিৎ প্রত্যয়)
(144) পকীল = পক+ইল (তদ্ধিৎ প্রত্যয়)
(145) ৰঙীল = ৰঙ+ইল (তদ্ধিৎ প্রত্যয়)
(146) মাহেকীয়া = মাহ+একীয়া (তদ্ধিৎ প্রত্যয়)
(147) বছৰেয়া = বছৰ+একীয়া (তদ্ধিৎ প্রত্যয়)
(148) কামিলা = কাম+ইলি (তদ্ধিৎ প্রত্যয়)
(149) মাহিলি = মাহ+ইলি (তদ্ধিৎ প্রত্যয়)
(150) ধনী = ধন+ঈ (তদ্ধিৎ প্রত্যয়)
(151) গোলাপী = গোলাপ+ঈ (তদ্ধিৎ প্রত্যয়)
(152) জাপানী = জাপান+ঈ (তদ্ধিৎ প্রত্যয়)
(153) মথাউৰি = মাথা+উৰি (তদ্ধিৎ প্রত্যয়)
(154) হাতুৰি = হাত+উৰি (তদ্ধিৎ প্রত্যয়)
(155) হালোৱা = হাল+ওৱা (তদ্ধিৎ প্রত্যয়)
(156) জালোৱা = জাল+ওৱা (তদ্ধিৎ প্রত্যয়)
(157) দহকুৰি = দহ+কুৰি (তদ্ধিৎ প্রত্যয়)
(158) বাটকুৰি = বাট+কুৰি (তদ্ধিৎ প্রত্যয়)
(159) লাজকুৰীয়া = লাজ+কুৰীয়া (তদ্ধিৎ প্রত্যয়)
(160) বাটকুৰীয়া = বাট+কুৰীয়া (তদ্ধিৎ প্রত্যয়)
(161) বিহুতলী = বিহু+তলী (তদ্ধিৎ প্রত্যয়)
(162) মাহতলী = মাহ+তলী (তদ্ধিৎ প্রত্যয়)
(163) সোণতলী = সোণ+তলী (তদ্ধিৎ প্রত্যয়)
(164) সভাথলী = সভা+থলী (তদ্ধিৎ প্রত্যয়)
(165) পূজাথলী = পূজা+থলী (তদ্ধিৎ প্রত্যয়)
(166) পাণবাৰী = পাণ+বাৰী (তদ্ধিৎ প্রত্যয়)
(167) ঘৰবাৰী = ঘৰ+বাৰী (তদ্ধিৎ প্রত্যয়)
(168) আমবাৰী = আম+বাৰী (তদ্ধিৎ প্রত্যয়)
(169) ধোঁয়াময় = ধোঁয়া+ময় (তদ্ধিৎ প্রত্যয়)
(170) বোকাময় = বোকা+ময় (তদ্ধিৎ প্রত্যয়)
(171) ভাবুকি = ভাৱ+উকি (তদ্ধিৎ প্রত্যয়)
(172) ঢেঁকীশাল = ঢেঁকী+শাল (তদ্ধিৎ প্রত্যয়)
(173) হাতীশাল = হাতী+শাল (তদ্ধিৎ প্রত্যয়)
(174) ধৰ্মশালা = ধৰ্ম+শালা (তদ্ধিৎ প্রত্যয়)
(175) পাঠশালা = পাঠ+শালা (তদ্ধিৎ প্রত্যয়)
(176) পঢ়াশালী = পঢ়া+শালী (তদ্ধিৎ প্রত্যয়)
(177) মাৰাশালী = মাৰা+শালী (তদ্ধিৎ প্রত্যয়)
(178) বিদ্যাবন্ত = বিদ্যা+বন্ত (তদ্ধিৎ প্রত্যয়)
(179) চফলবন্ত = চফল+বন্ত (তদ্ধিৎ প্রত্যয়)
(180) হনুমন্ত = হনু+মন্ত (তদ্ধিৎ প্রত্যয়)
(181) শ্ৰীমন্ত = শ্ৰী+মন্ত (তদ্ধিৎ প্রত্যয়)
(182) পূজাভাগ = পূজা + ভাগ (তদ্ধিত্‍ প্ৰত্যয়)
(183) উতলা = উতল + আ (তদ্ধিত্‍ প্ৰত্যয়)
(184) সুমতি = সুম + অতি (তদ্ধিত্‍ প্ৰত্যয়)
(185) গৰখীয়া = গৰখী + ঈয়া কৃত্‍ প্ৰত্যয়)
(186) কহাঁৰ = কাঁহ + আৰ (তদ্ধিত্‍ প্ৰত্যয়)
(187) মানসিক = মানস + ঞ্চিক (তদ্ধিত্‍ প্ৰত্যয়)
(188) সম্বন্ধীয় = সম্বন্ধ + ঈয় (তদ্ধিত্‍ প্ৰত্যয়)
(189) সাহিত্যিক = সাহিত্য + ইক (ঞ্চিক) (তদ্ধিত্‍ প্ৰত্যয়)
(190) নিলাজী = নিলাজ + ঈ (তদ্ধিত্‍ প্ৰত্যয়)
(191) বহুৰূপী = বহু + ৰূপী (তদ্ধিত্‍ প্ৰত্যয়)
(192) সূৰ্যমুখী = সূৰ্য্য + মুখী (তদ্ধিত্‍ প্ৰত্যয়)
(193) সহপাঠী = সহপাঠ + ঈ (তদ্ধিত্‍ প্ৰত্যয়)
(194) বছৰেকীয়া = বছৰেক + ঈয়া (তদ্ধিত্‍ প্ৰত্যয়)
(195) মৃত্যুজয়ী = মৃত্যুজয় + ঈ (তদ্ধিত্‍ প্ৰত্যয়)
(196) সোণাৰী = সোণ + আৰী (তদ্ধিত্‍ প্ৰত্যয়)
(197) থলুৱা = থল + উৱা (তদ্ধিত্‍ প্ৰত্যয়)
(198) জালুক = জাল + উক (তদ্ধিত্‍ প্ৰত্যয়)
(199) নাচনিয়াৰ = নাচ + অনিয়াৰ (কৃত্‍ প্ৰত্যয়)
(200) পানীদিহিঙীয়া = পানীদিহিং + ঈয়া (তদ্ধিত্‍ প্ৰত্যয়)
(201) শাৰীৰিক = শৰীৰ + ইক (তদ্ধিত্‍ প্ৰত্যয়)
(202) ব্ৰহ্মপুত্ৰ = ব্ৰহ্ম + পুত্ৰ (তদ্বিত্‍ প্ৰত্যয়)
(203) খঙাল = খং + আল (তদ্ধিত্‍ প্রত্যয়)
(204) পিচলী = পিচ + অলী (কৃত্‍ প্রত্যয়)
(205) খুলীয়া = খোল + ঈয়া (তদ্ধিত্‍ প্ৰত্যয়)
(206) খুলীয়াল = খোল + ঈয়াল (তদ্ধিত্‍ প্ৰত্যয়)
(207) আধুনিক = অধুনা + ঞ্চিক (ইক) (তদ্ধিত্‍ প্ৰত্যয়)
                                         ঞ্চিক > ইক (অয়.) (সংস্কৃত প্ৰত্যয়)
(208) গভাইদ  = গৰ্ভ > গভ + আইদ (তদ্ধিত্‍ প্ৰত্যয়)
(209) সমতান = সম + তান (তদ্ধিত্‍ প্ৰত্যয়)

(210) বিজ্ঞানী = বিজ্ঞান + ঈ (তদ্ধিত্‍ প্রত্যয়)
(211) বৈদ্যুতিক = বিদ্যুত্‍ + ইক (তদ্ধিত্‍ প্রত্যয়)
(212) কাৰিকৰী = কাৰিকৰ + ঈ (তদ্ধিত্‍ প্রত্যয়)
(213) প্ৰায়োগিক = প্ৰয়োগ + ইক (তদ্ধিত্‍ প্রত্যয়)
(214) গানিতিক = গনিত + ইক (তদ্ধিত্‍ প্রত্যয়)
(215) সোণাৰী = সোণ + আৰী (তদ্ধিত্‍ প্রত্যয়)
(216) ঢুলীয়া = ঢোল + ঈয়া (তদ্ধিত্‍ প্রত্যয়)

(217) সেউজীয়া= সেউজ+ ঈয়া (তদ্ধিত্‍ প্ৰত্যয়)

(218) তলতীয়া= তল + অতীয়া (কৃত্‍ প্ৰত্যয়)

(219) প্ৰাকৃতিক = প্ৰকৃতি+ইক (তদ্ধিৎ প্রত্যয়)

(220) উল্লাস = উৎ+লাস (তদ্ধিৎ প্রত্যয়)

(221) বাণিজ্যিক = বাণিজ্য + ইক (তদ্ধিৎ প্রত্যয়)

(222) মৌখিক = মুখ + ইক (তদ্ধিৎ প্রত্যয়)

(223) ভদীয়া = ভাদ + ঈয়া (তদ্ধিৎ প্রত্যয়)

(224) প্ৰাথমিক = প্ৰথম + ইক (তদ্ধিৎ প্রত্যয়)

(225) আন্ধলী = অন্ধলা + ঈ (তদ্ধিৎ প্রত্যয়)

(226) নগৰীয়া = নগৰ + ইয়া (তদ্ধিৎ প্রত্যয়)

(227) সংসাৰী = সংসাৰ + ঈ (তদ্ধিৎ প্রত্যয়)

(228) মাছমৰীয়া = মাছ + মৰীয়া ((মাৰ্ +ঈয়া)) (তদ্ধিৎ প্রত্যয়)

(229) ত্যাগী = ত্যাগ + ঈ (তদ্ধিৎ প্রত্যয়)

(230) বাচনি = বাচ + অনা (কৃৎ প্রত্যয়)


HS Second year Assamese Grammar । অসমীয়া ব্যাকৰণ

1. অসমীয়াত প্ৰত্যয় শব্দ । Assamese suffix words

2. অসমীয়াত প্ৰত্যয়  ভাঙা । Pratyay Bhanga in Assamese

3. অসমীয়াত বাক্য ৰচনা কৰা । Make sentence in Assamese fully solved

5. বিশেষ শব্দৰ বাক্য ৰচনা । Make sentence of Assamese words

6. অসমীয়া জতুৱা খণ্ডবাক্য | Jatuwa Word in Assamese । Phrase & Idioms

7. অসমীয়াত প্ৰত্যয় মানে কি?

8. কৃত্‍ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কি?

9. পুৰুষবাচক প্ৰত্যয় কি?

10. স্ত্ৰী প্ৰত্যয় কি?

11. নিৰ্দিষ্টতাবাচক প্ৰত্যয় মানে কি?

12. বিভক্তি কাক বোলে?

13. সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি

14. অসমীয়া ৰচনা । ASSAMESE ESSAY

15. অসমীয়া ৰচনা । ASSAMESE ESSAY 2


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
contact us (whatsapp no 7020477396) For free notes of HS 2nd year on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Education, Economics, History.অসমীয়া ৰচনা । ASSAMESE ESSAY

72 responses to “প্ৰত্যয় ভাঙা আৰু পাতা | Pratyay Bhangya aru pata”

  1. প্ৰত্যয় ভাঙা:–বিজ্ঞানীবৈদ্যুতিককাৰিকৰীপ্ৰায়োগিক

    Like

  2. Most welcome my dear student.

    Like

  3. Sir aponar note val lagesa

    Like

  4. বিজ্ঞানী = বিজ্ঞান + ঈ (তদ্ধিত্‍ প্রত্যয়)বৈদ্যুতিক = বিদ্যুত্‍ + ইক (তদ্ধিত্‍ প্রত্যয়)কাৰিকৰী = কাৰিকৰ + ঈ (তদ্ধিত্‍ প্রত্যয়)প্ৰায়োগিক = প্ৰয়োগ + ইক (তদ্ধিত্‍ প্রত্যয়)

    Like

  5. Very helpful post sir

    Like

  6. This comment has been removed by the author.

    Like

  7. প্ৰত্যয় ভাঙা:–সোনাৰীবিহুৱান মৰমিয়াল

    Like

  8. সোণাৰী = সোণ + আৰী (তদ্ধিত্‍ প্রত্যয়)বিহুৱান = বিহু+আন (তদ্ধিৎ প্রত্যয়)মৰমিয়াল = মৰম+ইয়াল (তদ্ধিত প্রত্যয়)

    Like

  9. প্ৰত্যয় ভাঙা দুষ্টামিপালকবাপতীয়াভালৰি

    Like

  10. দুষ্টামি = দুষ্ট + আমি (তদ্ধিত্‍ প্ৰত্যয়)পালক = পাল + অক (কৃত্‍ প্ৰত্যয়)বাপতীয়া = বাপ + অতীয়া (তদ্ধিত্‍ প্ৰত্যয়)ভালৰি = ভাল + অৰি (তদ্ধিত্‍ প্ৰত্যয়)

    Like

  11. Thank you so much for your encouraging comment.

    Like

  12. Thank you so much sir

    Like

  13. Pratyay Bhanga -দীৰ্ঘতম

    Like

  14. দীৰ্ঘ+তম=দীৰ্ঘতম(তদ্ধিত্‍ প্ৰত্যয়)

    Like

  15. I always love to visit this webpage because of such a very helpful contents.Heartily thank you to dear admin and their all co-teachers.Best regardsMonhttps://youtube.com/channel/UCX4mzqR7L2WiQbnO51p_lXQ

    Like

  16. Wow 👌 valuable source, really appreciable….

    Like

  17. Helpful content for students.Thanks a lot,sir.

    Like

  18. very useful post for students

    Like

  19. “ধাৰুৱা” প্ৰত্যয় ভাঙা কি হ'ব ছৰ?

    Like

  20. “ধাৰুৱা” answer diok sir.

    Like

  21. Very helpful to learn assamese grammar.

    Like

  22. পিচালী‌ভাৰতীয়ধানতলী

    Like

  23. ছমহীয়া protyoy bonga ki hobo please.

    Like

  24. প্ৰত্যয় ভাঙা:–বিজ্ঞানীবৈদ্যুতিককাৰিকৰীপ্ৰায়োগিক

    Like

  25. Most welcome my dear student.

    Like

  26. Sir aponar note val lagesa

    Like

  27. বিজ্ঞানী = বিজ্ঞান + ঈ (তদ্ধিত্‍ প্রত্যয়)বৈদ্যুতিক = বিদ্যুত্‍ + ইক (তদ্ধিত্‍ প্রত্যয়)কাৰিকৰী = কাৰিকৰ + ঈ (তদ্ধিত্‍ প্রত্যয়)প্ৰায়োগিক = প্ৰয়োগ + ইক (তদ্ধিত্‍ প্রত্যয়)

    Like

  28. Very helpful post sir

    Like

Leave a comment

Trending