মগনিয়াৰ (কথা কবিতা)
-যতীন্দ্ৰনাথ দুৱৰা
(1) অসমীয়া সাহিত্যত কোনে প্ৰথমে কথা-কবিতা ৰচনা কৰে?
(2) অসমীয়া ভাষাৰ প্ৰথমগৰাকী ‘কথা-কবিতা’ৰ ৰচক কোন? HS-2016
উত্তৰঃ- যতীন্দ্ৰনাথ দুৱৰা।
(3) যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যপুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? HS-2015
উত্তৰঃ- বনফুল কবিতাপুথিৰ বাবে।
(4) যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম কি? HS-2017
উত্তৰঃ- কথা কবিতা
(5) কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? HS-2020
উত্তৰঃ- কথা কবিতা ঊনৈশ শতিকাৰ উল্লেখযোগ্য সৃষ্টি।
(6) যতীন্দ্ৰনাথ দুৱৰাই কোন চনত আৰু ক’ত জন্ম হয়?
উত্তৰঃ- ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হয়।
(7) যতীন্দ্ৰনাথ দুৱৰাৰ ‘মগনিয়াৰ’ কথা কবিতাটো কোনগৰাকী ৰুছ সাহিত্যিকৰ কোনটো কবিতাৰ লগত সাদৃশ্য আছে?
উত্তৰঃ- যতীন্দ্ৰনাথ দুৱৰাৰ ‘মগনিয়াৰ’ কথা কবিতাটো ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ “The Beggar” নামৰ কথা কবিতাটোৰ লগত সাদৃশ্য আছে।
(8) যতীন্দ্ৰ নাথ দুৱৰাই কাৰ কাৰ ৰচনাৰ আলমত কথা-কবিতা ৰচনা কৰিছিল?
উত্তৰঃ- টুৰ্গেনিভৰ ‘Poems in Prose’ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰ নাথ দুৱৰাই কথা-কবিতা ৰচনা কৰিছিল।
(9) ‘ওমৰ তীৰ্থ’ কাব্যপুথিৰ মূল কি? HS-2015
উত্তৰঃ- ‘ওমৰ তীৰ্থ’ কাব্যপুথিৰ মূল হ’ল- ফাৰ্চী ছুফী কবি ওমৰ খাযামৰ ৰুবায়ত।
(10) ‘ওমৰ তীৰ্থ’ পুথিখন কোন পুথিৰ ভাবানুবাদ? HS-2018
উত্তৰঃ- ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খাযামৰ ৰুবায়ত নামৰ পুথিখনৰ ভাবানুবাদ।
(11) ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।
উত্তৰঃ- ওমৰ খায়াম হ’ল ফাৰ্চী চুফী কবি। তেওঁৰ ৰচিত এখন বিখ্যাত পুথি হ’ল- ৰুবায়ত।
(12) কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে?
উত্তৰঃ- কবিতা আৰু কথা কবিতাৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল-
(ক) কবিতা ছন্দত লিখা হয়, আনহাতে কথা কবিতা গদ্যত লিখা হয়।
(খ) কবিতাত বিভিন্ন ভাবৰ সমাবেশ ঘটিব পাৰে, কিন্তু কথা কবিতাত এটা কেন্দ্ৰীয় ভাব থাকে।
(গ) কবিতা ৰূপাত্মক নহ’বও পাৰে, আনহাতে কথা কবিতা ৰূপক ধৰ্মীতা আৰু চিত্ৰধৰ্মীতা গুণৰ ওপৰত প্ৰতিষ্ঠিত।
(13) কথা-কবিতাৰ সংজ্ঞা আৰু বৈশিষ্ট্য লিখাঁ।
উত্তৰঃ- (ক) কথা-কবিতা ৰূপৰ সমাবেশ থাকে আৰু ই প্ৰায়েই ৰূপকাত্মক।
(খ) ই চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত।
(গ) ইয়াত ভাবেই প্ৰধান বস্তু আৰু এটি মাত্ৰ কেন্দ্ৰীয় ভাব থাকে।
(14) কথা কবিতা কোন শতিকাত সৃষ্টি হৈছিল? কোনগৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয়?
উত্তৰঃ- কথা কবিতা ঊনৈশ শতিকাত সৃষ্টি হৈছিল।
ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভক কথা কবিতাৰ জনক বুলি কোৱা হয়।
15.
কথা কবিতা বুলিলে কি বুজা? ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা। HS-2020, 2018, 2014(15) মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াৰ মাজত হোৱা কথোপকথন খিনি তোমাৰ ভাষাত লিখা।
উত্তৰঃ-
মগনিয়াৰ শীষক কথা কবিতাটিৰ যোগেদি কবি যতীন্দ্ৰ নাথ দুৱৰাৰ এদিনাখন বাটেৰে
গৈ থাঁকোতে এজন মগনিয়াৰক লগ পোৱাৰ পিছত তেওঁলোকৰ মাজত হোৱা কথোপকথনখিনিৰ
অতিজ্ঞতা বৰ্ণনা কৰিছে এনেদৰে-
বাটেদি গৈ থাকোতে এদিন কবিয়ে
মগনিয়াৰ এজনৰ মুখা-মুখী হয়। বুঢ়া বেমাৰী গাৰ হাড়-ছাল ওলোৱা, শেতাঁ ওঠ,
চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ পৰিধান কৰি মগনিয়াৰ জন দুহাত মেলি অতি কাতৰ
মনে কবিৰ পৰা অকন সহায় ভিক্ষা মাগিছিল। কিন্তু সেই সময়ত তেওঁক দিব পৰাকৈ
কবিৰ লগত একো নাছিল। এনেকি ৰুমাল এখনো নাছিল। সেয়ে কবিয়ে মানৱীয়
সহানুভূতিৰে মগনিয়াৰ দুখন সাবটি ধৰি নিজৰ অৱস্থাটো প্ৰকাশ কৰিছিল”ককাই মোৰ
ওপৰত খং নকৰিব মোৰ হাতত একোৱেই নাই” কবিৰ এনে মানৱীয় ভাৱ মগনিয়াৰ জনক আচৰিত
কৰি তুলিছিল। মগনিয়াৰ জনেও কবিৰ হাত দুখন ধৰি অতি কষ্টৰে কৈছিল যে “কি হ’ল
একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ হও যে এটা দান। কবিৰ পৰা পোৱা
আন্তৰিকতাখিনি পৰম দান বুলি গ্ৰহণ কৰি মগনিয়াৰ জনে কবিক ধন্যবাদ জ্ঞাপন
কৰিলে।
(16) শব্দ অৰ্থঃ-
উমাল- ৰুমাল
উখহা- গাৰ মঙহ ফুলি উঠা, ওফন্দি উঠা
মগনিয়াৰ- ভিক্ষাৰী
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Leave a comment