অ’ মোৰ আপোনাৰ দেশ । O mur apunar desh – অসমৰ জাতীয় সংগীত । National song of Assam
1. অ’ মোৰ আপোনাৰ দেশ!
অ’ মোৰ চিকুণি দেশ!
এনেখন শুৱলা,
এনেখন সুফলা
অনেখন মৰমৰ দেশ!!
অ’ মোৰ সুৰীয়া মাত!
অসমৰ সুৱদি মাত!
পৃথিৱীৰ ক’তো
বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত!!
অ’ মোৰ ওপজা ঠাই!
অ’ মোৰ অসমী আই!
চাই লওঁ এবাৰ
মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই।
2. পৰ্বতৰ ঢেঁকীয়া লিহিৰী । Parbotor dhenkiya lihiri – লক্ষ্মীনাথ বেজবৰুৱা । Lakshminath Bezbaruah
পৰ্বতৰ ঢেঁকীয়া লিহিৰী পতীয়া
বতাহতে হালে জালে।
ক’লা আকাশত বগে জাক পাতি
উৰা মাৰে ক’ৰবালে।
পখিলী উৰিলে উৰিব ডালিমী
লগৰে লগৰী পাই।
মনৰে ঘোঁৰাটি ছুটি মেলি যাব,
ক’লৈনো উৱা দিহ নাই।
3. সখী হে! কি কম দুখৰ কথা । Xokhi he! ki kom dukhor kotha – লক্ষ্মীনাথ বেজবৰুৱা । Lakshminath Bezbaruah
সখী হে! কি ক’ম দুখৰ কথা,
অমৃত মথোতে বিষ উপজিল,
মিঠা মৌ হ’ল তিতা।
মালতীৰ চাকি খোপাত পিন্ধিলো,
তাৰো গ’ল পাহি সৰি,
সোণৰ সঁজাতে পখীটি ৰাখিলোঁ,
সিও গুচি গ’ল উৰি।
সঁজাতে ফুলিল তগৰ ফুলপাহি
সন্ধিয়াৰে বা পাই,
কোনেও নেদেখোতে কোনেও নুশুঙোতে
সিয়ো যে লেৰেলি যায়।
Leave a comment