নৱম শ্ৰেণীৰ অসমীয়া

মানৱ বন্দনা । Manov Bandan

চন্দ্র কুমাৰ আগৰৱালা । Chandra Kumar Agarwala

1. চন্দ্ৰকুমাৰ আগৰৱালাৰ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালাৰ ১৮৬৭ চনত জন্ম হৈছিল। 


2. ৰোমাণ্টিক যুগৰ ত্রিমূর্তিৰ অন্যতম বুলি কাক কোৱা হয়? 

উত্তৰঃ- ৰোমাণ্টিক যুগৰ ত্রিমূর্তিৰ অন্যতম বুলি চন্দ্র কুমাৰ আগৰৱালাক কোৱা হয়। 

3. ‘ময়াপী’ শব্দৰ অর্থ কি?

উত্তৰঃ- ‘ময়াপী’ শব্দৰ অৰ্থ হৈছে— মায়া বা মোহ। 

4. চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ৰচিত দুখন কবিতা পুথিৰ নাম লিখা। 

উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ৰচিত দুখন কবিতা পুথি হ’ল– (১) প্রতিমা আৰু (২) বীণবৰগী। 

5. চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি?

উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালা ৰোমাণ্টিক যুগৰ কবি।

6. মানৱ বন্দনা কবিতাত কবিয়ে কাক শ্রেষ্ঠ বুলি কৈছে? 

উত্তৰঃ- মানৱ বন্দনা কবিতাত কবিয়ে মানুহক শ্রেষ্ঠ বুলি কৈছে।

7. মানুহক কিহতকৈ শ্রেষ্ঠ বুলি কৈছে? 

উত্তৰঃ- মানুহক দেৱতাতকৈ শ্রেষ্ঠ বুলি কৈছে। 

8. মানুহক দেৱতাৰ দৰে কিহেৰে পূজা কৰিবলৈ কৈছে? 

উত্তৰঃ- মানুহক দেৱতাৰ দৰে পাদ্য-অর্ঘ্য লৈ পূজা কৰিবলৈ কৈছে।

9. জোনাকী যুগৰ অন্যতম কবিগৰাকীৰ নাম কি? 

উত্তৰঃ- জোনাকী যুগৰ অন্যতম কবিগৰাকীৰ নাম হ’ল— চন্দ্ৰকুমাৰ আগৰৱালা।  

10. চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি আছিল? 

উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালা ৰোমাণ্টিক যুগৰ কবি আছিল। 

11. ‘পৰাৎপৰ’ শব্দৰ অৰ্থ কি? 

উত্তৰঃ- ‘পৰাৎপৰ’ শব্দৰ অৰ্থ হ’ল- শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠ, পৰম সত্য। 

12. কবিৰ মতে মানুহৰ নিজাপী ঘৰ কোনখন? 

উত্তৰঃ- কবিৰ মতে মানুহৰ নিজাপী ঘৰ হৈছে- পৃথিৱীখন। 

13. এই মৰতত কিহৰ সোঁত বৈ আছে? 

উত্তৰঃ- এই মৰতত মানুহৰ সোঁত বৈ আছে।

14. মানৱ জনম কেনেদৰে উটুৱাই দিব লাগে? 

উত্তৰঃ- মানুহৰ সৎ কর্মৰ জৰিয়তে মানৱ জনম উটুৱাই দিব লাগে। 

15. ‘মানৱী জনম’ কি কৰ্মৰ সোঁতত উটাই দিবলৈ কৈছে?

উত্তৰঃ- মানৱী বা মানৱ কৰ্মৰ সোঁতত উটাই দিবলৈ হৈছে।

16. মানৱ বন্দনা কবিতাটোৰ যোগেদি কবিৰ কি ভাৱ প্রকাশ পাইছে?

উত্তৰঃ- মানৱ বন্দনা কবিতাটোৰ যোগেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। 

17. নিজাপী মানে কি?

উত্তৰঃ- নিজাপী মানে হ’ল- সম্পূর্ণ নিজৰ। 

18. পাদ্য শব্দৰ অর্থ কি? 

উত্তৰঃ- পাদ্য শব্দৰ অৰ্থ হৈছে ভৰি ধবলৈ দিয়া পানী। 

19. ‘প্রতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয়? 

(নাইবা) 

প্রতিমাৰ কবি কোন? 

উত্তৰঃ- প্রতিমাৰ কবি/খনিকৰ হ’ল- চন্দ্ৰকুমাৰ আগৰৱালা। 

20. প্রতিমা পুথিখনি কোন চনত লিখা হৈছিল? 

উত্তৰঃ- প্রতিমা পুথিখনি ১৯১৪ চনত ৰচনা কৰা হৈছিল। 

21. মানুহৰ প্রধান কার্য কি? 

উত্তৰঃ- এই পৃথিৱীখনেই মানুহৰ নিজাঘৰ। এই নিজা ঘৰখনক সুন্দৰ কৰি লোৱাটো মানুহৰ প্রধান কর্তব্য। 

22. প্রতিমা কবিতা পুথিখন কোনে লিখিছিল?

উত্তৰঃ- প্রতিমা কবিতা পুথিখন চন্দ্র কুমাৰ আগৰৱালাদেৱে লিখিছিল। 

23. কেতিয়া এই পৃথিৱীখন স্বর্গত পৰিণত হ’ব? 

উত্তৰঃ- এই পৃথিৱীখনেই স্বর্গস্বৰূপ। মানুহৰ পাৰস্পাৰিক মৰম-স্নেহেৰে সকলোকে আকোৱালি ল’ব পাৰিলে এই পৃথিৱীখনেই স্বৰ্গত পৰিণত হ’ব। 

24. অর্ঘ মানে কি?

উত্তৰঃ- অর্ঘ মানে পূজাৰ উপকৰণ। 

25. এই পৃথিৱীখন কেতিয়া স্বর্গতকৈও অধিক সুখৰ ঠাই হ’ব পাৰে লিখা। 

উত্তৰঃ- মানুহে সৎ কর্ম আৰু মানৱ প্ৰেমৰ জৰিয়তে নিজৰ ঘৰ পৃথিৱীখনক শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠ ঠাই হিচাপে গঢ়ি তুলিব পাৰিলেই পৃথিৱীখন স্বর্গতকৈও অধিক সুখৰ ঠাই হ’ব পাৰে।

26. ‘মানুহেই পৰাৎপৰ’ বোলা কথাষাৰৰ অর্থ কি?

উত্তৰঃ- এই পৃথিৱীত মানুহেই হৈছে সকলো জীৱতকৈ শ্রেষ্ঠ আৰু ই পৰম সত্য। মানৱ জীৱন মানুহে বহু পূণ্যৰ ফলতহে লাভ কৰে বুলি ধৰা হয়। গতিকে জীৱ শ্রেষ্ঠ মানুহে মানুহৰ মৰম-চেনেহ বুজাটো উচিত। মানুহ সমাজ প্রিয় জীৱ। গতিকে সমাজত থাকি মানুহে সৎ কর্মৰ যোগেদি নিজৰ লগতে আনৰো মঙ্গল সাধন কৰিব লাগে।

27. ‘মানুহক ময়াপী জীৱ’ বোলাৰ অর্থ কি?

উত্তৰঃ- এই পৃথিৱীখন হৈছে মায়া-মোহেৰে পৰিপূর্ণ। মানুহৰ বাবে এই পৃথিৱীখনেই হৈছে নিজা ঘৰ। সেয়ে মায়া-মোহেৰে পৰিপূৰ্ণ নিজা ঘৰস্বৰূপ পৃথিৱীখনৰ প্রত্যেক জীৱ-জন্তুৰ প্রতি মানুহৰ মনত মৰম-চেনেহ, আদৰ-সাদৰ ভাৱ জাগ্রত হোৱা উচিত। মানুহৰ গাত থকা সৎ গুণবোৰেৰে মানুহে আনৰ মন জয় কৰিব পাৰে। পৃথিৱীখনক সুন্দৰকৈ সজাব পাৰে। মানুহে আনৰ প্ৰতি মৰম উপজাব পৰা গুণৰ অধিকাৰী হোৱা বাবে মানুহক ময়াপী জীৱ বুলি কোৱা হয়।

28. পাদ্য-অর্ঘ্য লৈ মানুহক পূজা কৰাৰ অর্থ কি?

উত্তৰঃ- সাধাৰণতে দেৱ-দেৱীক পাদ্য-অর্ঘ্য লৈ পূজা-অর্চনা কৰা হয়। মানুহ জীৱ শ্রেষ্ঠ আৰু মানৱ সেৱাই হৈছে শ্রেষ্ঠ পূজা। কবিৰ মতে মানুহ হৈছে দেৱতা সদৃশ। গতিকে মানুহক দেৱতা যেন জ্ঞান কৰি পাদ্য-অৰ্ঘ্য লৈ পূজা-অর্চনা কৰিব পাৰিলে এই পৃথিৱীখন স্বর্গতকৈয়ো অধিক সুন্দৰ আৰু সুখৰ ঠাই হ’ব বুলি কবিয়ে কৈছে। 

29. ‘এই যে পৃথিৱী স্বর্গতো অধিক মানুহৰ নিজাপী ঘৰ।’ –কথাষাৰৰ অৰ্থ বুজাই লিখা। 

উত্তৰঃ- ‘মানৱ বন্দনা’ কবিতাটোত ৰোমাণ্টিক কবি চন্দ্রকুমাৰ আগৰৱালাদেৰ মতে এই পৃথিৱীত মানুহে পৰস্পৰে পৰম্পৰক মৰম-চেনেহ কৰি এখন সুখৰ ঠাই হিচাপে গঢ়ি তুলিব পাৰে। মানুহৰ কল্পনাত স্বর্গখন এখন সুখৰ ঠাই। সৎ কৰ্মৰ যোগেদি মানুহে মৃত্যুৰ পাছত স্বর্গ লাভ হয় বুলি কল্পনা কৰে। সেইদৰে মানুহে যদি মৰম-চেনেহৰে মানুহক আকোৱালি ল’ব পাৰে, হিংসা-কপটতা ত্যাগ কৰিব পাৰে, তেনেহ’লে এই পৃথিৱীখনো এদিন স্বর্ণখনৰ দৰে সুখৰ ঠাই হ’ব। কবিৰ মতে এই পৃথিৱীখন মানুহৰ স্থায়ী ঘৰ। মানুহে সৎ কর্ম আৰু মানৱ প্ৰেমৰ জৰিয়তে নিজৰ ঘৰ পৃথিৱীখনক শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠ ঠাই হিচাপে গঢ়ি তুলি স্বৰ্গৰ সুখ লাভ কৰিব পাৰে। 

30. তাৎপর্য ব্যাখ্যা কৰা 

(ক) মানৱী জনম      দিয়া উটুৱাই

    মানৱী কৰম সোঁতে, 

মানুহৰ মৰম     বুজিবা মানুহে

    ধৰম যে মৰমতে। 

উত্তৰঃ- কবি চন্দ্র কুমাৰ আগৰৱালাদেৱৰ মতে কর্মই মানুহৰ ধর্ম। কৰ্মৰ বাহিৰে মানুহৰ আন কোনো ধর্ম নাই। মানুহৰ কৰণীয় কাম একমাত্র মানুহৰ বাবেই কৰিব লাগে। পৰস্পৰে পৰস্পৰৰ হকে কাম কৰি গ’লেই মানৱ-জীৱন সার্থক হয়। পাৰস্পৰিক সদ্ভাৱ-প্ৰীতি আৰু সৎ কর্মৰ দ্বাৰা মানুহৰ ধর্ম ৰক্ষা হয়। 

মানুহে পৃথিৱীৰ মায়াৰ বন্ধনৰ পৰা মুক্তি লাভ কৰি স্বৰ্গৰ কল্পনা কৰে। কিন্তু কবি আগৰৱালাদেৱৰ মতে মানৱ প্ৰেমৰ জৰিয়তে মানুহে পৃথিৱীখনকে স্বৰ্গৰূপে গঢ়ি তুলিব পাৰে। সেয়েহে তেওঁ জীৱশ্রেষ্ঠ মানুহক পাৰস্পৰিক মৰম চেনেহেৰে পৃথিৱীখন স্বৰ্গৰ দৰে সুখময় কৰি গঢ়িবলৈ আহ্বান জনাইছে। কাৰণ এই সুন্দৰ পৃথিৱীখনেই হৈছে মানুহৰ নিজৰ ঘৰ। গতিকে নিজ ঘৰখনক মৰমেৰে জীপাল কৰি ৰাখিলে তাৰ সমান আন একো ধৰ্ম হ’ব নোৱাৰে। কিন্তু বর্তমানৰ পৃথিৱীখন হিংসা-কপটতাৰে পৰিপুৰ্ণ। ইয়াৰ ফলত এই পৃথিৱীখন নৰককুণ্ডলৈ পৰিণত হৈ পৰিছে। গতিকে মানুহে নিজৰ মনৰ পাপবোৰ মৰমেৰে ধুই নিকা কৰি পৃথিৱীখনক স্বৰ্গতকৈয়ো মনোমোহা কৰি গঢ়িব পাৰে। 

31. ‘মানৱ বন্দনা’ কবিতাটোৰ সাৰাংশ লিখা। 

উত্তৰঃ- উদাৰ মানৱতাবাদ প্রকাশ পোৱা ‘মানৱ বন্দনা’ কবিতাটি কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ এটি অপূর্ব সৃষ্টি। ৰোমাণ্টিক ভাৱধাৰাৰে পৰিপুষ্ট কবিতাটোৰ জৰিয়তে কবিয়ে মানুহৰ জয়গুণ বর্ণনা কৰিছে। কবিয়ে নিভাজ দৃষ্টিৰে মানুহক ভাল পাইছিল। তেওঁৰ মানস পটত মানুহৰ মহত্ব আৰু দেৱত্ব ভাৱ সদায় বিৰাজ কৰিছিল। কবিতাটিত মানুহেই দেৱ, মানুহেই সেৱ, মানুহেই পৰাৎপৰ মাজেদি মানুহৰ মাজত স্বার্থপৰতা, নীচতা, হীনতা থাকিলেও মানুহ হিচাপে মানুহৰ মানৱ সত্বাক কোনেও অৱমাননা কৰিব নোৱাৰে। এই পৃথিৱীখন বিমল সুখৰ আলয়। ইয়াক মাথোন অসুন্দৰ কৰি তোলে দুখ, দ্বন্দ্ব, শোক আৰু কোঢ়ালে। এই উপসর্গ দূৰ হ’লেই পৃথিৱী হৈ পৰিব স্বৰ্গতকৈয়ো মনোৰম। মানুহ দেৱতাতকৈয়ো শ্রেষ্ঠ। মানুহৰ প্রীতি সাধিবৰ বাবেই বিশ্ব জগত নির্মিত হৈছে। সৃষ্টিৰ দিনৰে পৰা আৰম্ভ হোৱা মানৱ জীৱনৰ অনন্ত যাত্ৰাত কবিয়ে প্রত্যক্ষ কৰিছে চৰাচৰৰ মাজত পৰম শক্ৰিৰূপে জিলিকি থকা মানৱ সত্ত্বাক। যাৰ বাবে কবিয়ে পাদ্যঅর্ঘ্য লৈ মানুহৰ পজা কৰিবলৈ সকলোকে আহ্বান জনাইছে। 

32. সমার্থক শব্দ লিখাঃ-

সোঁত= প্রবাহ, 

স্বৰ্গ= দেৱলোক, 

দেৱ= দেৱতা, 

মানুহ= মনুষ্য,

সংগ= লগৰীয়, 

পৃথিৱী-ধৰণী। 

33. সংস্কৃত কর্ম, ধর্ম আদি শব্দৰপৰা কৰণ, ধৰম আদি শব্দৰ উৎপত্তি হৈছে।

এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ-

সংস্কৃত শব্দ উৎপত্তি হোৱা শব্দ 

ৰত্ন     –    ৰতন

স্বৰ্ণ     –    সোণ

ভক্তি     –    ভকতি

স্বৰ্গ     –    সৰগ

মৰ্ত     –    মৰত

গৰ্জন     –    গাজনি

যত্ন     –    যতন

মৰ্ম     –    মৰম

স্পৰ্শ    –    পৰশ।

 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Leave a comment

Trending