ডুগ্ ডুগ্ ডুগ্ ডুম্বৰু । Dug dug dug dambaru
1. (ব্ৰহ্মপুত্ৰৰ পাৰতে সৰু সৰু পুখুৰীও থাকে তাৰ সৰু পুঠি মাছবোৰো
সাহসী হৈছে সিহঁতে আজিকালি আকাশৰ বিজুলীকো গিলিব খোজে)
এ বিজুলী নাচে চিক্মিক্
অ’ ডম্বৰু বাজিলে ডুগ্ ডুগ্ ডুগ্
ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰু
মেঘে বজাই ডম্বৰু
এ চিক্মিক্ বিজুলী নাচে
হে চিক্মিক্ বিজুলী!
সৰু সৰু গাঁৱৰে
সৰুকণহঁতৰে
সৰু সৰু ঘৰবোৰ কঁপে
এ চিক্মিক্ বিজুলী
সৰু সৰু পুখুৰীৰ
সৰু সৰু পুঠিবোৰে
বিজুলীক গিলিব খোজে
এ চিক্মিক্ বিজুলী
সৰুদৈ আইদেউৰ কি হ’ল?
বোলো কি হ’ল?
সৰুকণত সোমাবৰ মন গ’ল
এ লেঠা হ’ল
সমাজে অনুমতি নদিলে
দুয়োৰে জাত-পাত নিমিলে।
সেই সৰু সৰু সমাজক
বিজুলীৰ পোহৰত
সৰুদৈ সৰুকণে এৰে।
এ চিক্মিক্ বিজুলী।
বন জুয়ে হোম দিলে
বিজুলীয়ে ৰভা দিলে
জিলিয়ে যে বিয়া নাম গায়
ধুমুহাই গগনা বাই
সাহসৰ বাতৰি বিলায়।
সৰু সৰু সমাজৰ
সৰু সৰু বিচাৰতে
ভেকুলীয়ে বৰ লাজ পায়,
এ চিক্মিক্ বিজুলী।
2. আহ্ আহ্ ওলাই আহ্ [Aah aah olai aah]
আহ্ আহ্ ওলাই আহ্
সজাগ জনতা,
আহ্ আহ্ ওলাই আহ্
পোহৰ আনোতা;
ৰামৰে দেশতে থকা ৰাৱণ বধোঁতে
যায় যদি যায় জীৱনটো যাক।
সমুখৰে সেনাপতি থমকি জিৰালে
কিনো হ’ব সেনানীয়ে ভাবিলে গুণিলে
ক’লা কাকতী-ফৰিং নাশোঁগৈ আহ্।।
শুন্ বুভুক্ষু শিশুৰে আৰ্ত্তনাদ
(সেয়ে) তিল তিল মৃত্যুৰ আনে সংবাদ,
সেই সংবাদ শুনিও বধিৰ কিয়?
তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ?
সংগ্ৰাম আন এটি নাম জীৱনৰে
ইতিহাসে চিঞৰে : ‘জয় জয়নতাৰে’
ত্ৰাস কৰি দানৱকে বধোঁগৈ আহ্।।
3. ৰাইজ আজি ভাৱৰীয়া । Raij aaji bhavareeya
(দেশেইআমাৰ নাটঘৰ, ৰাইজেই ভাৱৰীয়া : জ্যোতিপ্ৰসাদৰ কথা।
যেতিয়া সময় সময় আহে, তেতিয়া ৰাইজক চিঞৰি চিঞৰি,
বহু কথা ক’বলৈ মন যায়।)
ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ
কোনে কি ভাও ল’বা আহাঁ
সময় যে তাকৰ।।
আখৰা নেলাগে নেলাগে পোছাক
নঙঠা হৈয়েই আহাঁ
ভোকাতুৰ পেটতে গামোচা বান্ধি
উন্মাদ হৈয়েই আহাঁ
তেহে ৰহণ চৰিব নাটৰ!
কোনে কি ভাও ল’বা আহাঁ
সময় যে তাকৰ।
পৰিচালকক সুধিবৰ হ’ল
মুখাৰে কিমান ঠগিবা
টেক্নিক্ভৰা নাটেৰে কিমান
নাটনিৰ নাট মেলিবা?
সংলাপ নেলাগে মিঠা ভাষাৰ
আৰ্ত্তনাদেৰেই কোবাঁ
দুষ্টজনকে চেতনাৰে যুঁজি
বীৰৰ যোগ্য হোৱাঁ;
তেহে ৰহণ চৰিব নাটৰ!
কোনে কি ভাও ল’বা আহাঁ
সময় যে তাকৰ।।
Leave a comment