দিনে দিনে খসিয়া পৰিবে । Dine dine Khosiya Poribe – প্ৰতিমা বৰুৱা পান্ডে
1. দিনে দিনে খসিয়া পৰিবে
ৰংগিলা দালানেৰ মাটি,
গোঁসাইজী কোন ৰংগে।
বান্দিছেন ঘৰ মিছা,
মিছা দ্বন্দ্ব বাজে,
গোঁসাইজী কোন ৰংগে
আৰ হাড়েৰ ঘৰখনি চামেৰ ছাউনি
বান্দে বান্দে তাৰ জোড়া
আৰ তাহাৰি তলে ময়ূৰা ময়ূৰী
শূন্যে উৰায় তাৰা গোঁসাইজী কোন ৰংগে।
বাল্য না কাল গেল হাসিতে খেলিতে
যৌবন কাল গেল ৰংগে
আৰ বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে
গুৰু ভজিব কোন কালে,
গোঁসাইজী কোন ৰংগে।
2. আজি দাড়াও কালা তুই । Aaji darao kala tui
আজি দাড়াও কালা তুই
ঐ না ৰাজ পন্থেৰে
আজি জনমেৰ মতন দেখিয়া নেও
মোৰ প্ৰাণ কালা ৰে
ও ৰে আমাৰ কালা বাড়ী আইসে
পীৰা দিলে কালা মাটিত বইসে
মোৰ প্ৰাণ কালা ৰে
কাল হাতে হাতে গুৱা দিলে নাখায় ৰে
ও ৰে জনমেৰ মত দেখিয়া নেং
মোৰ প্ৰাণ কালাৰে
ও ৰে আমাৰ কালা মানুস ভালা
না বোঝা সানজ সকাল
মোৰ প্ৰাণ কাল ৰে
কালা না জানে যৌৱনেৰ পীৰিতি ৰে
ও ৰে জনমেৰ মতন দেখিয়া নেং
মোৰ প্ৰাণ কাল ৰে
ও ৰে চিকন কালাৰ কটুৰ হিয়া
মন বান্ধিছেন পাষান দিয়া
মোৰ প্ৰাণ কাল ৰে।
3. আই মুই বুজিনু বুজিনু । Aai mui bujinu bujinu
আই মুই বুজিনু বুজিনু
ৰঙ্গিলা জামাইৰ মনটা ৰে
জামাই জুনুকা গড়েয়া দে
জুনুকাৰ ভৰিতে হাটিবাৰ নাপাং জামাই
পিঠিত কৰিয়া নে মোকে
জামাই জুনুকা গড়েয়া দে
ঘৰেৰ পাছিলাত ভাঙা কোদাল জামাই
নোলোক বানেয়া দে মোকে
জামাই জুনুকা গড়েয়া দে
ৰাজবাৰীৰ হাতী বান্দা জিঁজৰি জামাই
গলাৰ হাৰ বানেয়া দে
জামাই জুনুকা গড়েয়া দে
কুঁৱাৰ পাৰেৰ ভাঙা বালতি জামাই
গলাৰ হাসুলি বানেয়া দে
জামাই জুনুকা বানেয়া দে।

Leave a comment